• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Nature

কানহাইয়ালাল মানেকলাল মুঞ্চী আৰু বন-বননিৰ বাবে এসপ্তাহ

মানস প্ৰতিম দত্ত

by Anjan Sarma
October 30, 2023
in Nature, Climate Change, Environment, Inspiration, Remembrance
Reading Time: 4 mins read
0
কানহাইয়ালাল মানেকলাল মুঞ্চী আৰু বন-বননিৰ বাবে এসপ্তাহ
Share on FacebookShare on TwitterShare on LinkedIn

কানহাইয়ালাল মানেকলাল মুঞ্চী আৰু বন-বননিৰ বাবে এসপ্তাহ

মানস প্ৰতিম দত্ত

Manas Pratim Dutta
মানস প্ৰতিম দত্ত

সেয়া ১৯৫০ চনৰ কথা। তেতিয়া ভাৰতবৰ্ষৰ কেন্দ্ৰীয় কৃষি আৰু খাদ্য বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছিল কানহাইয়ালাল মানেকলাল মুঞ্চী।

তেখেতৰ নেতৃত্বতে প্ৰকৃতিৰ বাবে, প্ৰকৃতিৰ হকে সপ্তাহজোৰা গছপুলি ৰোপণৰ এক উৎসৱমুখৰ সংৰক্ষণকামী অনুষ্ঠান আৰম্ভ কৰাৰ চিন্তা কৰা হয়। সেই উদ্দেশ্যে  ১৯৫০  চনত মুঞ্চীৰ হাতেৰে ৰাজঘাটত ৰোপণ কৰা এজোপা গছেৰে আৰম্ভ হয় এই সপ্তাহজোৰা গছপুলি ৰোপন উৎসৱৰ ।

প্ৰথম বৰ্ষৰ এই উৎসৱৰ বাবে ১০৮ টা গছপুলি প্ৰদান কৰিছিল দিল্লী গুজৰাটী সমাজে। ভাৰতবৰ্ষত প্ৰতি বছৰে জুলাই মাহৰ প্ৰথম সপ্তাহটো পালন কৰা হয় এই উৎসৱ। সমগ্ৰ সপ্তাহজোৰা এই অনুষ্ঠানৰ নাম ৰখা হয় বন মহোৎসৱ।

বিভিন্ন শৈক্ষিক অনুষ্ঠান, ৰাজহুৱা অনুষ্ঠান আদিত গছপুলি ৰোপণ আৰু বিতৰণৰ যোগেদি এই উৎসৱ উলহ-মালহেৰে আয়োজন কৰা হয়। পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰখা আৰু পৰিৱেশৰ স্থিৰতা নিশ্চিত কৰাৰ ক্ষেত্ৰত গছ আৰু বনাঞ্চলৰ গুৰুত্বসম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ লগতে খাদ্যসামগ্ৰীৰ উৎকৰ্ষ সাধন, শৈক্ষিক সংৰক্ষণ চেতনা বিকাশ, প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতা গুণৰ বিকাশ আদিক মূল লক্ষ্য হিচাপে লৈ আয়োজন কৰা হয় এই সপ্তাহজোৰা মহোৎসৱৰ।

বন মহোৎসৱৰ ইতিহাসঃ

ভাৰতবর্ষত প্রথম ৰাষ্ট্রীয় গছপুলি ৰোপণ সপ্তাহ আয়োজন কৰিছিল পঞ্জাৱৰ উদ্ভিদ বিজ্ঞানী মহিন্দৰ সিং ৰন্ধাৱাই 1947 চনৰ 20 ৰ পৰা 27 জুলাইলৈ । তেওঁ বিভিন্ন দেশত বন সপ্তাহৰ (গছৰ দিনৰ উৎসৱ) ধাৰণাবোৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই সপ্তাহ আয়োজন কৰিছিল।

তদানীন্তন দিল্লী আৰক্ষী আয়ুক্ত খুৰছিদ আহমেদ খানে ১৯৪৭ চনৰ ২০ জুলাইত ওগ-য়ক বা বাউহিনিয়া Bauhinia divaricata Plum. ex L. গছপুলি ৰোপণেৰে বন মহোৎসৱৰ প্ৰথম অনুষ্ঠান উদ্বোধন কৰিছিল।

পাছদিনা পণ্ডিত জৱাহৰলাল নেহৰুৰ সৈতে লেডী মাউণ্টবেটেনকে ধৰি আন বহু মহিলাই কুতুব মিনাৰত গছপুলিৰোপণ কৰা কৰিছিল। নেহৰুৱে ভাষণ প্রসংগত কৈছিল যে এতিয়ালৈকে গছপুলি ৰোপণৰ ক্ষেত্ৰত কোনো আগ্ৰহ নোলোৱা আশ্চর্যকৰ কথা । গছৰ মূল্য নুবুজাকৈ গছকটা অঞ্চলবোৰ ক্রমশ: মৰুভূমিত পৰিণতহয়। গতিকে এনে এক আইনৰ প্রয়োজন যাৰ জৰিয়তে থাকিব লাগে যে  প্ৰথমে কোনো এক ঠাইত ঠাইত নতুন গছ ৰোপণ নকৰালৈকে কোনেও গছ কাটিব নোৱাৰিব।

এই পৰম্পৰাক মুঞ্চীয়ে ১৯৫০ চনৰ পৰা গতিশীল কৰি তোলে আৰু প্রতি বছৰে ১জুলাইৰ পৰা ৭ জুলাইলৈ বন মহোৎসৱ আয়োজনৰ উদ্যোগ গ্রহণ কৰে।

কানহাইয়ালাল মানেকলাল মুঞ্চী আৰু বন-বননিৰ বাবে এসপ্তাহ
কানহাইয়ালাল মানেকলাল মুঞ্চী

বন মহোৎসৱক “গছৰ উৎসৱ” বুলিও জনা যায়। এই মহোৎসৱৰ মূল উদ্দেশ্যসমূহ হ’ল-

সেউজী আৱৰণৰ বিস্তৃতি বৃদ্ধি:

বন মহোৎসৱৰ লক্ষ্য হৈছে অধিক গছপুলি ৰোপণ কৰি আৰু বনানীকৰণৰ যোগেদি ভাৰত বর্ষত সেউজ আৱৰণৰ বিস্তৃতি বৃদ্ধি কৰা।

সজাগতা সৃষ্টি:

এই উৎসৱৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰা, গৰাখহনীয়া ৰোধ কৰা, নির্মল বায়ু আৰু পানী সম্পর্কে সজাগতা আৰু জীৱ বৈচিত্ৰ্যৰ সুৰক্ষা কৰাৰ ক্ষেত্রত গছ আৰু বনাঞ্চলৰ গুৰুত্বৰ সম্পর্কে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা।

বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰি আৰু অক্সিজেন মুকলি কৰি জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্ৰাস কৰাত গছবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অধিক গছপুলি ৰোপণ কৰি জলবায়ু পৰিৱৰ্তনৰ কু-প্ৰভাৱ হ্ৰাস কৰাত সহায় কৰিব পাৰে।  গছবোৰে মাটিক শিপাৰে খামুচি ধৰি আৰু পানী শোষণ কৰি গৰাখহনীয়া প্ৰতিহত কৰাত সহায় কৰে।

কানহাইয়ালাল মানেকলাল মুঞ্চী আৰু বন-বননিৰ বাবে এসপ্তাহ
কানহাইয়ালাল মানেকলাল মুঞ্চী

 জন স্বাস্থ্য উন্নীতকৰণ: 

পৰিষ্কাৰ বায়ু আৰু পানী সৃষ্টিত গছবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যিবোৰ মানুহৰ স্বাস্থ্যৰ বাবে অত্যাৱশ্যকীয়। অধিক গছপুলি ৰোপণ কৰি, আমি উশাহ লোৱা বায়ু আৰু আমি খোৱা পানীৰ মান উন্নত কৰিব পাৰোঁ।

উৎসাহ প্ৰদান:

বন মহোৎসৱৰ উদ্দেশ্য হৈছে সকলো বয়সৰ লোকক গছ ৰোপণ কাৰ্যত অংশগ্ৰহণৰ বাবে উৎসাহিত কৰা আৰু পৰিৱেশ সংৰক্ষণৰ সংস্কৃতিক প্ৰচাৰ আৰু প্রসাৰ কৰা।

বহনক্ষম পদ্ধতিৰ প্ৰচাৰ:

এই উৎসৱৰ উদ্দেশ্য হৈছে পৰিৱেশ-অনুকূল জীৱন যাপন, বহনক্ষম কৃষি, আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ গুৰুত্ব আৰু দায়িত্বৰ বিষয়ে প্ৰচাৰ কৰা আৰু বোধৰ বিকাশ ঘটোৱা।

কানহাইয়ালাল মানেকলাল মুঞ্চী আৰু বন-বননিৰ বাবে এসপ্তাহ

পৰিৱেশ সজাগতা:

বন মহোৎসৱ হৈছে মানুহক গছপুলি ৰোপণ কৰিবলৈ উৎসাহিত কৰি পৰিৱেশ সংৰক্ষণৰ প্ৰচাৰ কৰা আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰখাত গছৰ গুৰুত্বৰ বিষয়ে অধিক সজাগ হোৱাৰ এক সুযোগ।

বাসস্থানৰ গুৰুত্ব সম্পর্কে সজাগতা বৃদ্ধি

গছবোৰে বিভিন্ন বন্যপ্ৰাণীক বাসস্থান প্ৰদান কৰে। ই যি জৈৱ বৈচিত্ৰ্য বৃদ্ধি কৰাত আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।

 বন মহোৎসৱৰ সময়ছোৱাত ভাৰতবর্ষত বিভিন্ন কার্যসূচী লোৱা হয়। সেইবোৰ হ’ল-

গছপুলি ৰোপণ:কানহাইয়ালাল মানেকলাল মুঞ্চী

 বন মহোৎসৱত আয়োজন কৰা গছপুলি ৰোপণ কার্যসূচী হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ। চৰকাৰী প্ৰতিনিধি, বেচৰকাৰী সংগঠন, বিদ্যালয়, মহাবিদ্যালয়ৰ লগতে সকলো বয়সৰ স্বেচ্ছাসেৱকে একেলগে সমগ্ৰ দেশৰ বিভিন্ন স্থানত গছপুলি ৰোপণ কৰে।

কানহাইয়ালাল মানেকলাল মুঞ্চী আৰু বন-বননিৰ বাবে এসপ্তাহ
কানহাইয়ালাল মানেকলাল মুঞ্চী

সজাগতা অভিযান:

বন মহোৎসৱৰ সময়ত, জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধৰ ক্ষেত্ৰত বন আৰু গছৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই পদক্ষেপবোৰে গছৰ গুৰুত্ব, গৰাখহনীয়া, পানী আৰু বিশুদ্ধ বায়ু সম্পর্কে সজাগতা বৃদ্ধিৰ উদ্যোগ লয়।

কৰ্মশালা আৰু আলোচনাচক্ৰ:

পৰিৱেশ সজাগতা বৃদ্ধি কৰিবলৈ আৰু মানুহৰ মাজত বহনক্ষম অভ্যাস সৃষ্টিৰ বাবে বিভিন্ন কর্মশালা আৰু আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়। এই কৰ্মশালা আৰু আলোচনাচক্ৰত সংৰক্ষণ, পৰিৱেশ-অনুকূল জীৱন যাপন আৰু বহনক্ষম কৃষিৰ গুৰুত্ব আদিৰ বিষয়ে আলোচনা আৰু প্রশিক্ষণ প্রদান কৰা হয়।

প্ৰতিযোগিতা:

সজাগতা আৰু অংশগ্ৰহণ বৃদ্ধিৰ বাবে বন মহোৎসৰ সময়ছোৱাত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্রতিযোগিতাসমূহ হ’ল- চিত্ৰাংকন প্ৰতিযোগিতা, প্ৰবন্ধ লিখন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আদি। এই কাৰ্যকলাপবোৰে মানুহক পৰিৱেশ সুৰক্ষাৰ বিষয়ে অধিক শিকিবলৈ আৰু সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।

কানহাইয়ালাল মানেকলাল মুঞ্চী আৰু বন-বননিৰ বাবে এসপ্তাহ

   বন মহোৎসৱৰ অন্যতম উদ্যোগী কানহাইয়ালাল মানেকলাল মুঞ্চী আন এটা নাম কুলপতি কে এম মুঞ্চী নামেৰে বেছি জনপ্ৰিয় আছিল। ১৮৮৭ চনৰ ৩০ ডিচেম্বৰ তাৰিখে মুঞ্চীৰ জন্ম হৈছিল। একেধাৰে লেখক,সাংবাদিক, ৰাজনীতিবিদ, অধিবক্তা মুঞ্চীয়ে ঘনশ্যাম ব্যাস ছদ্মনামেৰে গুজৰাটী সাহিত্য চৰ্চা কৰিছিল। স্বাধীনতা পূৰ্বৰ ভাৰতীয় সমাজ ব্যৱস্থালৈ মুঞ্চীৰ অৱদান আছিল অপৰিসীম।

   তেখেতে সংবাদ  সেৱা আৰম্ভ কৰিছিল মাহেকীয়া ‘ভাৰ্গবা’ নামৰ গুজৰাটী আলোচনীখনৰ জৰিয়তে। ইয়াৰ উপৰিও তেখেতে ‘য়ং ইণ্ডিয়া’ৰ যুটীয়া সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। হিন্দী সাহিত্য সন্মিলন, গুজৰাটী সাহিত্য পৰিষদ আৰু সংস্কৃত বিশ্ব পৰিষদৰ সভাপতিৰ দায়িত্বও পালন কৰিছিল।

     তেখেত ১৯৪৭ চনত আমাৰ জাতীয় পতাকা নিৰ্বাচন সমিতি ‘এধক ফ্লেগ কমিটি’ৰ সৈতেও জড়িত আছিল। ইয়াৰ উপৰিও বি আৰ আম্বেদকাৰ নেতৃত্বাধীন ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সৈতেও জড়িত আছিল। এজন লেখক হিচাপেও মুঞ্চী এক উল্লেযোগ্য নাম । মুঞ্চীৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত ‘মাৰি কামালা’,  ‘ আই ফল’ দ্য মহাত্মা’, ‘ৰাজাধীৰাজ’, ‘গান্ধী: দ্য  মাষ্টাৰ’ আদিয়ে প্ৰদান।

বন-বননি আৰু পৰিৱেশৰ প্ৰতি মুঞ্চীয়ে আগবঢ়োৱা অৱদানৰ বাবে ভাৰতীয় ডাক বিভাগে ১৯৮৮ চনত মুঞ্চীৰ সোঁৱৰণত এটি ডাক-টিকটো মুকলি কৰিছিল।

কানহাইয়ালাল মানেকলাল মুঞ্চী আৰু বন-বননিৰ বাবে এসপ্তাহ

পৰিৱেশ প্ৰকৃতি সংৰক্ষণক মূল লক্ষ্য হিচাপে লোৱা মুঞ্চীৰ দেহাৱসান ঘটে ১৯৭১ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে।

তথ্যসূত্র:

১। https://www.agriculturewale.com/van-mahotsav/

 ২। Chatterjee, U.N. (1947). “Delhi celebrates tree plantation week”. Indian Farming. 8 (9): 466–468

৩। Randhawa, M.S. (1957). Flowering trees in India. New Delhi: Indian Council of Agricultural Research. pp. 130–142.

Images collected from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?
Climate Change

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

by PAHARI BARUAH
August 9, 2026
0

When Ancient Wisdom Meets a Changing Climate: How Assam's Indigenous Tribes Are Fighting the Battle ? How the Traditional Ecological...

Read moreDetails
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026
India Climate Cooling Summit Calls for National Strategy to Manage Escalating Climate Risks

India Climate Cooling Summit Calls for National Strategy to Manage Escalating Climate Risks

August 8, 2026
How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

August 7, 2026
তুষাৰ অদৃশ্য, বৰফ গলি আছে,  কিন্তু সুযোগ এতিয়াও আছে

Rivers at Risk: Climate-Induced Pressure, Conservation and Water Security in the Eastern Himalaya

August 7, 2026
India Climate Cooling Summit to Advance National Strategies

India Climate Cooling Summit to Advance National Strategies

August 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

August 9, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39075 shares
    Share 15630 Tweet 9769
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18144 shares
    Share 7258 Tweet 4536
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3316 shares
    Share 1326 Tweet 829
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4158 shares
    Share 1663 Tweet 1040
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    129 shares
    Share 52 Tweet 32
  • Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

    114 shares
    Share 46 Tweet 29
  • Adaptation Without Agency Is Not Resilience

    114 shares
    Share 46 Tweet 29
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    98 shares
    Share 39 Tweet 25
  • Cockroaches, Comedians, and Criminals

    97 shares
    Share 39 Tweet 24
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d