• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Entertainment Drama

কানীয়াৰ কীৰ্ত্তন

Assamese Section/ Assam

by Editor
January 20, 2026
in ASSAMESE SECTION, ASSAM
Reading Time: 19 mins read
0
কানীয়াৰ কীৰ্ত্তন
Share on FacebookShare on TwitterShare on LinkedIn

(১৮৬৮)

হেমচন্দ্ৰ বৰুৱা 

[ আৰম্ভণি ]

          কানীয়াৰ কীৰ্ত্তন

(A PLAY IN ASSAMESE ON THE EVILS OF OPIUM-EATING BY H. C. BARUA)

•তদীয় ভ্ৰাতুষ্পুত্ৰ শ্ৰীআনন্দৰাম বৰুৱাৰ দ্বাৰা প্ৰকাশিত।

শিৱসাগৰ

    “কানি, ভাং, মদ, ফটিকা আৰু ধুঁৱাপাত।

সকলোৰে মূৰত হৌক বৰ্জ্জপাত॥”

ইং চন ১৯৪৮

[ মুদ্ৰণ ]

৬৩ নং বিডন ষ্ট্ৰীট, কলিকতা

এলেম প্ৰেছত

শ্ৰীদেবপ্ৰসাদ মিত্ৰ দ্বাৰা ছপা হ’ল।

                      PREFACE

 This little painphlet, which was composed with the view of exposing the mischievous effects of opium-eating, which had long been praying upon the very vitals of Assam, was first published in 1861, with the pecuniary aid of Babu Ootsubananda Gossain, Deputy Inspector of Schools. The author then was far from entertaining a hope that it would meet with so good a reception from the public, and was therefore agreeably surprised to find that all the copies of the first impression were readily disposed of, which, if a warm acceptance of a book by the public at large, is any criterion of this inerits, spoke favourably of the work. But although desirous of publishing a second edition to meet the increasing demand for copies, the author, owing to certain unavoidable circumstances had not been able to accomplish his object, and almost abandoned the idea of doing so, when Mr. A. C. Campbell (Persunal Assistant to the Agent Governor General N. E. Frontier and Commissioner of Assam), one of those generous hearted English gentlemen, who take a lively interest in the Assamese language and the welfare of the Province, asked him to republish the book[ Preface ]

                             II

offering to defray the cost of printing, author has accordingly prepared this revised edition, in doing which some important addi­tions and alterations have been made, and the language slightly retouched throughout the work. It is therefore hoped that the present edition will be found a decided improvement upon its predecessor. It is however for the public, and not for the author, to judge of the merits of the work ; he therefore willingly leaves it for the reader to determine how far his endeavours have been crowned with success.

Gauhati,

March 10th, 1868.

                         •••••••

             পাঁচতম তাঙ্গৰণৰ জাননী।

 এই পাঁচতম তাঙ্গৰণ যুগুত কৰোতে এই পুথিৰ ভালেমান লৰচৰ কৰা, আৰু এক দৰ্শন নকৈ লিখা হৈছে; এতেকে ইয়াক যে পঢ়োতাবিলাকে আগতকৈও ভাল পাব, তাত সংশয় নাই। সকলােৱে এবাৰ পঢ়ি চালে লেখকৰ শ্ৰম সফল হব।

৭ম আহিন, ১৮১৩ শক।

লেখক।

                       ••••••••••

                 ছয়তম তাঙ্গৰণ।

 এই তাঙ্গৰণত ইয়াৰ অনেক উৎকৰ্ষ-সাধন কৰা হৈছে; এতেকে লেখকে ভাবে যে পঢ়োতাই ইয়াক পঢ়ি সন্তোষ পাব।

 লেখক।

                   •••••••••••

              আঠতম তাঙ্গৰণ।

 এই ক্ষুদ্র পুথিখনি অলপ দিনৰ ভিতৰত অনেকৰ আদৰণীয় হােৱাত ইয়াক আকৌ ছাপিব লগা হল, আগৰ দৰে এইবাৰৰ যদি সকলােৱে আদৰ কৰে, তেনে হলে স্বর্গীয় গ্রন্থকর্তাৰ নাম স্মৰণ আৰু এটী উত্তম বস্তু সুৰক্ষিত হয়।

শিৱসাগৰ,

২৩ আঘােণ, ১৮৩০ শক।

শ্ৰী আনন্দৰাম বৰুৱা

প্ৰকাশক।

                     •••••••••

                 নতম তাঙ্গৰণ।

 এই সৰু পুথিখনি বি. এ. শ্ৰেণীৰ দ্বিতীয় ভাষাৰ পাঠ্যৰূপে নিৰ্বাচিত হােৱাত কর্তৃপক্ষক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি ইয়াক পুনঃ ছপােৱা হল।

 আজি-কালি কাগজৰ মূল্য তিনি গুণ বৃদ্ধি আৰু ছাপা-খৰচ ৪৫ গুণ বৃদ্ধি হােৱাত এই পুথিৰ বেচো অগত্যা তিনি সিকি কৰিবলগীয়া হল।

শিৱসাগৰ,

২৮ জেঠ, ১৮ ৭০ শক।

শ্ৰী আনন্দৰাম বৰুৱা

প্ৰকাশক।

                 •••••••••••••••••

                   [ ১ ]

এই নাটকৰ ভাও লওঁতা বিলাক-

    ভদ্ৰেশ্বৰ বৰুৱা — এজন অসমীয়া ভদ্ৰলোক আৰু সোণাৰ গাওঁ মৌজাৰ মৌজাদাৰ।

    পদ্মপাণি — এজন মহাপুৰুষীয়া পথত প্ৰৱৰ্ত্তা মহাজন।

    মঙ্গলা — ভদ্ৰেশ্বৰ বৰুৱাৰ ঘৰ ওপজা-বন্দী।

    কীৰ্ত্তিকান্ত — ভদ্ৰেশ্বৰ বৰুৱাৰ চাকৰ।

    চিদাম — পদ্মপাণিৰ খাটনিয়াৰ।

    ৰতিকান্ত গগৈ — সন্দিকৈ ফৈদৰ এজন ডেকা ভদ্ৰলোক।

    মতিৰাম গোহাঁই — বৰ গোহাঁই ফৈদৰ ঐ।

    গদাধৰ — এজন নপতা বা আপুনি হোৱা ফুকন।

    পাণ — ৰজা পুৰন্দৰ সিংহৰ লিগিৰী, পণুৱা ডেকাসকলৰ আশ্ৰয়।

    হলধৰ কাকতী — কীৰ্ত্তিকান্তৰ লগৰীয়া।

    ললিতা — ভদ্ৰেশ্বৰ ভাৰ্য্যা, কীৰ্ত্তিৰ মাক।

    মঙ্গলতী বুঢ়ী — মঙ্গল চাই পইচা-অৰ্জা এজনী বুঢ়ী।

    বিহুৱা — ভদ্ৰেশ্বৰ বৰুৱাৰ মৌজাৰ টেকেলা।

    ৰাতীয়া — বিহুৱাৰ সঙ্গী।

    মোহনচন্দ্ৰ — কীৰ্ত্তিৰ দদায়েক।

    বিকা — কীৰ্ত্তিৰ চাকৰ।

    চন্দ্ৰপ্ৰভা — কীৰ্ত্তিৰ ভাৰ্য্যা।

                    [ ২ ]

শিৱকান্ত,

ৰামেশ্বৰ,

তোতাৰাম

কীৰ্ত্তিৰ লগৰীয়া।

    কিনাৰাম — গাৱঁৰ আনবিলাকতকৈ বয়সে ডাঙ্গৰ এজন মানুহ।

    বৃকোদৰ শইকীয়া — এজন গাঁৱৰ ভাল মানুহ।

    ৰমজান খাঁ — ফাটকৰ ডাক্তৰ।

     ১ জন সাধনী (মণ্ডল), ১ জন টেকেলা, ২ জন ৰায়ত, ১ জন নাজীৰৰ পিয়দা, ২ জন শিচ হোৱা মানুহ।

                     [ ৩ ]

             কানীয়াৰ কীৰ্ত্তন

                 প্ৰথম অঙ্ক।

                 প্ৰথম দৰ্শন।

ভদ্ৰেশ্বৰ বৰুৱাৰ চৰা-ঘৰ।

(যোৰ-পাটী-ঢৰাত বৰ গাঁৰু আৰু আগত তামোলৰ বঁটা লৈ ভদ্ৰশ্বৰ উপবিষ্ট।)

পদ্মপাণি মহন্তৰ প্ৰবেশ।

 ভদ্ৰেশ্বৰ। — গোসাঁই দেউ বহোক, ভালেমান দিন দেখোঁ দেখা নাই, কলৈ নো যোৱা হৈছিল?

 পদ্মপাণি। — কৃষ্ণ শঙ্কৰ, (থঙ্গাত উপবেশন) ডাঙ্গৰীয়া [ ৪ ]বাপু, আমি মহাজন মানুহ, আন কিবা বিৰ্ত্তি আছে নে? শিচ কেইঘৰৰ পৰা যি পাওঁহক সেয়ে হে। তাতে এতিয়া ভাদত দুজনা গুৰুৰ কীৰ্ত্তন, তাৰ পিচতে আতাৰ তিথিও পৰিব, এই দেখি শিচ-গাৱঁলৈ যোৱা হৈছিল।

 ভদ্ৰ। — শৰীৰ দেখো বৰ কৃশ, কি হৈছিল?

 পদ্ম। — এ! ডাঙ্গৰীয়া বাপু, আমাৰ শৰীৰৰ কথা সোধা নে যাব। “বাৰেটা মাহৰ তেৰেটা জগৰ, সদায় নুগুচে এটা লগৰ”। গৃহস্থজনৰ কিবা এফেৰি সেৱা চুৰ কৰিলোহঁক হবলা, সদায় গাৰ নৰিয়াই নুগুচে; তাতে আকৌ কালিৰপৰা পেটৰ কামোৰ, তেজ পৰিছে। মানুহ এগৰাকীয়ে বুধি দিলে, বোলে, ভালবাৰী-কানি এফেৰি খাই দিলেই তাল মাৰি ধৰিব। এতিয়ালৈকে জানিবা, গৃহস্থৰ চৰণে কানি, ভাং, ধঁপাত, এই কেইটা বস্তু নোখোৱাকৈ ৰাখিছে, এতিয়া টানত পৰি অষধৰ বাবে নেখালে নোৱৰা হৈছোঁহঁক; তাতে পোহাৰলৈ পঠালোঁ, তাতো ভাল কানি নেপালে, কিবা ফপুৱা এসোপা আনিলে, তাৰ একো গুণ নাই; এই দেখি এখেত কেনেবাকৈ বাৰীয়লীয়া কানি আছে বুলি ভু লবলৈ হে আহিছোঁহঁক।

 ভদ্ৰ। — (মনে মনে) মহাজন কি ভণ্ড। কানি খায়, তেও সৈ নেকাঢ়ে। আজি-কালি সন্ত, মহন্ত, একো চিনিব নোৱৰা হল। কানি সাত সুৰাৰ লগৰ এক সুৰা, তাকো আমাৰ মহন্তসকলে খাবলৈ ধৰিলে, এইবোৰ মহাজনে [ ৫ ]আৰু শিচক কি তাৰিব? (প্ৰকাশকৈ) গোসাঁই দেউ, আমি সেইটো বস্তুৰ ব্যৱহাৰ নকৰোঁ; তেও বাৰু পেৰাত চাওঁচোন। হেৰ মঙ্গলা অ, মঙ্গলা!

(ভিতৰৰপৰা) দেউতা!

  ভদ্ৰ — হেৰ, আইটী-মাকক খুজি মোৰ হাতনি-পেৰাটো লৈ আহ।

(ভিতৰৰপৰা) ভাল দেউতা।

[পেৰাৰ সৈতে মঙ্গলাৰ প্ৰবেশ আৰু পেৰা থৈ প্ৰস্থান]

 ভদ্ৰ। — (পেৰা মেলি) গোসাঁই দেউ, আপোনাৰ কপাল ভাল, ইয়াতে ভাল কানি এটা আছে, ধৰোক।

 পদ্ম — [কানি লৈ] ডাঙ্গৰীয়া বাপু, পেটৰ কামোৰত তত নাই, গাটোৱে টগবগাব লাগিছে। উপায় হোৱা হলে অলপমান ইয়াতে খাই যোৱা হলহঁতেন।

 ভদ্ৰ — ভাল গোসাঁই দেউ। হৈৰ বাপা অ! কীৰ্ত্তি।

(ভিতৰৰপৰা) দেউতা!

 ভদ্ৰ। — এখেলৈ আহ।

কীৰ্ত্তিকান্তৰ প্ৰবেশ।

 ভদ্ৰ। — আমাৰ গোসাঁই দেউক দৰব খাবলৈ উপায় কৰি দে গৈ।

 কীৰ্ত্তি। — ভাল। গোসাঁই দেউ অহা যাওক।

 পদ্ম। — বাৰু বাপা বলা। গাটো হে জানিবা বিধুতি; তেও দৰব খোৱাত দাই নাই। [ ৬ ] ভদ্ৰ। — (মনে-মনে) কানীয়াৰ এই অৱস্থা, এদিনমান কানি খাবলৈ নে পালেই ধৈৰ্য্য, মান, সকলো এৰে; এইবোৰ দেখিও যি কানি খাবলৈ শিকে, তাতকৈ অজ্ঞান কোন আছে?

(তিনিওৰো প্ৰস্থান)

                কানীয়াৰ কীৰ্ত্তন

                  দ্বিতীয় দৰ্শন।

ভদ্ৰেশ্বৰ বৰুৱাৰ গোসাঁই ঘৰ।

মহন্ত আৰু কীৰ্ত্তিৰ প্ৰবেশ।

 কীৰ্ত্তি। — (বাখনেজী-থঙ্গা লৈ আঙ্গুলিয়াই) গোসাঁই দেউ, তাতে বহোক।

 পদ্ম। — ভাল বাপা। মহা-পুৰুষ গুৰু, (উপবেশন।)

 কীৰ্ত্তি। — (এটা মলা আৰু পানী আগত থৈ) ইয়াতে দৰব-ফেৰি মেলি লওক।

 পদ্ম। — (পেটত হাত দি মুখ বিকটাই) উস! ৰাম! পেটৰ কামোৰত দেহ যায়।

 কীৰ্ত্তি। — সোনকালে দৰব খাওক, সকাহ পাব।

[মহাজনে কানি মোহাৰিবলৈ ধৰিলে।]

 কীৰ্ত্তি। — (মনে-মনে) আজি কালি দেখোঁ কানি-নোখোৱা কেও নাই; ইয়াত নো কি গুণটো আছে খাই চাব লগিছে।

 পদ্ম। — কানিৰ ৰস টোপা সোহা মাৰি মুখ বিকটাই, [তপালি, তপালি] বাপা! বৰ তিতা! গৰ্ভলৈকে তিতা কৰিলে। কি আছে আনা, তিতাটো মাৰোঁ। [ ৮ ] কীৰ্ত্তি। — (জল-পানৰ বস্তু আগত দি) ইয়াতে গাখীৰ-কল আছে, তাৰেই তিতা মাৰোক।

 পদ্ম। — (জলপান মুখত দি) ৰাম! ৰাম! এতিয়া হে তত পাইছোঁ। দৰব-ফেৰি বাৰু, খাই দিয়া মাত্ৰেই পেটৰ কামোৰটোৱে শাম কাটিলে।

 কীৰ্ত্তি। — মুখ ধুই গুৱা ভোজন কৰোক।

 পদ্ম। — বাপা! এতিয়া গুৱা-ভোজন কৰা নে যায়, ফুৰা গা। নোৱাৰাত থাকি জানিবা দৰবফেৰি খোৱা গল, তাতে বৰ তিতা লাগিল দেখি গাখীৰ-কলেৰে তিতাটো মাৰিলোঁহঁক; আকও গুৱাভোজন কৰিলে সদাচাৰ কৰিলে কত ৰব?

 কীৰ্ত্তি। — (মনে-মনে) কি ভণ্ড তপস্বী! বাহিৰত সদাচাৰ-সদাচাৰ কৰি মৰে, ভিতৰত যত অকৰ্ম্ম এটাইবোৰ কৰে। এইবিধ মানুহক চিনাই টান।

 পদ্ম। — বাপা! গৃহস্তৰ চৰণে কুশল কৰোক, আমি এতিয়া বিদায় লওঁহঁক।

 কীৰ্ত্তি। — ভাল গোসাঁই দেউ।

(দুইৰো প্ৰস্থান)

                    ••••••••••••••

                কানীয়াৰ কীৰ্ত্তন

                 তৃতীয় দৰ্শন।

পদ্মপাণি মহন্তৰ নাম-ঘৰৰ টুপ।

(পদ্মপাণি আৰু চিদাম খাটনিয়াৰৰ প্ৰবেশ)

 চিদা। — (সেৱা কৰি) পৰ্ভুঈশ্বৰ! সেই মণিৰ পিতেক ধনী আৰু অনুৰ পিতেক মনুৰ কথা যে দুখানি চৰণে কোৱা গৈছিল, সিহঁতক আজি অনা হৈছে। সিহঁত শিচ হব খুজিছে। এতিয়া সিহঁতক শৰণ-ভজনখিনি লগালে আমাৰ শ্ৰম সাম্ফল হয়।

 পদ্ম। — আমি মূৰত পানী এলোটা ঢালি দৰব এশোহা খাই কলা এটাৰে তিতাটো মাৰি অহা হৈছে মাথোন, গুৰু- সেৱা-ফেৰিও কৰা নাই, নাম-পৰ্সং যে হোৱাই নাই।

 চিদা। — ন হয় পৰ্ভু! সিবোৰ পাছত হব, ইটো কামত পলম কৰা ভাল ন হয়। পাণ-বৰীয়া গোসাঁইৰ ভকত সিহঁতৰ পাচে লাগিয়েই আছে। সিহঁতৰ চৈধ্য পুৰুষ ৺মহাপুৰুষৰ শুধ সেৱক আছিল, এতিয়া সিহঁত আন পন্থলৈ যোৱা অযুগুত, গলে জীৱৰ অসজ গতি হব, এই বুলি তত কৈ তুংতুঙ্গাই সিহঁতক অনা হৈছে, শৰণ লগোৱাত পলম হলে যদি কেনেবাকৈ সিহঁতৰ মন ফিৰে, তেনে হলে সকলো অসাৰ্থক হব। [ ১০ ] পদ্ম। — পাণ-বৰীয়া গোসাঁইৰ ইমান শিচ, ইমান ধন, তেও হেঁপাহেই ন পলায়, লোকৰ শিচৰ লোভ সামৰিব নোৱাৰে, আজি-কালি মহন্তসকলৰ আক্ৰোহ দেখিলেই ভয় লাগে। সিবিলাকে আৰু শিচক কি তৰাব? পাচে অৰিহণাৰ বাবে সিহঁতে কি দিছে?

 চিদা। — (মনে-মনে, —ছটকা ৰূপ পাইছোঁ, কেয়ো টকাৰ কথা ন কওঁ, কলে কানীয়া মহাজনে এটাইখিনি খুজিব পাৰে; ফুটাই) পৰ্ভু ঈষ্পৰ! দুইৰো মাজত পাঁচ টকি ৰূপ পোৱা হৈছে। এতিয়া অধিক বিচৰা ভাল নহয়। সিহঁত চহকী মানুহ; মাটি, বাৰী, মহ, গৰু সকলো আছে, শিচ হলে সিহঁত আমাৰ বাৰে-মহীয়া বেঙ্গেনা বাৰী হব।

 পদ্ম। — সজ, তিন টকা একাধলি ঈশ্বৰৰ থানলৈ দি এটকি নিজে লোৱা যাব, আৰু একাধলিৰ লোণ আনি ভকতসকলক বাঁটি দিব। সকলোৱে একোফেৰি পাব লাগে, তেহে ভাল। এতিয়া সোনকালে সিহঁতক অনা যাওক, পলম হলে কালইখন লাগিব, আমাৰ মহাপুৰুষ গুৰুৰ শুধ, সত ধৰমক কালইখনে ছুবনোৱাৰে হয়, তেও শুভ কাম শুভ খেণত হোৱা ভাল।

 চিদা। — পৰ্ভু ঈষ্পৰ! সিহঁতক গা ধুৱাই শুচি সংযম কৰি বহাত থৈ অহা হৈছে, এতিয়াই অনা যাব।

(খাটনিয়াৰৰ প্ৰস্থান)[ ১১ ] পদ্ম। — (থঙ্গাত বহি মনে-মনে) এই মানুহটি ভাল, দেহ-প্ৰাণ লগাই থানৰ হিত চিন্তে। আমাক দৰব-ফেৰি খোৱা দেখি জানিবা আমাত চৰ্ধাভক্তি-খিনি অলপ লৰফৰ হৈছিল। পাচত যেতিয়া আমি “সৰ্ব্বভইখ অগনি যেন সবাকো শোষে। মহন্তক কি কৰিব ইসব দোষে,” শাস্ত্ৰৰ এই বচন মাতি বুজাই দিলোঁ যে সন্ত মহন্তৰ ঘাইকৈ মহাপুৰুষ-গুৰুৰ শুধ, সত সেৱকক এনে ক্ষুদ্ৰ পাপে পৰ্শিব নোৱাৰে, এই কথা গুৰুজনে নিজ মুখে কহিছন্ত, তেতিয়াৰ পৰা তাৰ ভকতি-খিনি আগতকৈও দিৰিঢ় হল। আৰু এইবোৰ কামত তাৰ নিজৰ লাভ আছে, সি কাৰবাৰ ন কৰিব কিয়?

(দুজন মানুহেৰে সৈতে খাটনিয়াৰৰ প্ৰবেশ) [সকলোৰে প্ৰণাম]

 পদ্ম। — কুশল হোক।

 চিদা। — পৰ্ভু ঈষ্পৰ! এইটি মণি বৰাৰ পিতেক ধনী, আৰু এইটি অনু টেকেলাৰ পিতেক মনু, মহাপুৰুষ-গুৰুৰ শুধ, সত ধৰমৰ আশ্ৰয় লবলৈ দুখানি চৰণৰ কাষলৈ আহিছে।

 পদ্ম। — সজ কৰা গৈছে। নাম যেন বস্তুতকৈ বস্তু নাই, মহাপুৰুষ-গুৰুৰ ধৰমতকৈ ধৰম নাই। এই ধৰমত ভুকুতি, মুকুতি দুইকো পোৱা যায়, অইন পন্থত প্ৰবৰ্ত্তিলে [ ১২ ]জীৱটিৰ অসজ গতি হয়। খাটনিয়াৰ আতৈ! এতিয়া অলপ আঁতৰা যাওক, এওঁলোকক গুৰু-বাইকখিনি শুনাওঁহক।

 (খাটনিয়াৰৰ প্ৰস্থান)

 পদ্ম। তোমালোক এতিয়া দণ্ডৱতে পৰাঁ। (সিহঁত দীঘল হৈ পৰিলত, সিহঁতৰ ফাললৈ গা হ-লাই কাণৰ গুৰিলৈ মুখ নি অলপ পৰৰ পাচত আকৌ পোন হৈ) এইখিনি গুৰু-বাইক, ইয়াক মনত ৰাখিবা, আৰু নিতৌ ৰাতিপুৱা গা ধুই গুৰু-বাইক-খিনি সুমৰি গুৰু-সেৱা কৰিবা, তাকে নকৰাকৈ এটুপি পানীকো নে খাবা। নৰিয়া হলেও উঠিব-লৰিবলৈ শকতি থাকে মানে ৰাতিপুৰা গা-টি ধুবা, আৰু গুৰুসেৱা-খিনি কৰিবা, তাকে কৰিহে অষধকে খাবা। এই ৰূপে নাচৰিলে এই জনমত দুখ, পৰ জনমতো জীৱটিৰ অসজ গতি হয়। আৰু গুৰুজনে বুলিছন্ত “হৰি ৰাম, হৰি ৰাম, এই মূল মন্ত্ৰ। কলিত নাহী তপ, জপ, যইগোঁযন্ত্ৰ” আৰু “অইন দেৱী-দেউ, নকৰিবা সেউ, গৃহকো ন যাইবা, পৰ্সাদ ন খাইবা, ভকতি হুব বিভিচাৰ।” হৰিৰ নামৰ বাহিৰে আন একো ধৰ্ম্ম নাই। অইন দেৱী-দেউক পূজিলে জীৱটি নৰকী হয়, কেতিয়াও উধাৰ নে পায়। গুৰু-জনে আৰু কহিছন্ত, “প্ৰতিমাত কৰে দেৱতা বুধি, তীৰ্থ বুলি কৰে জলত শুধি, বৈষ্টৱত নাই ইসব বুধি।” এতেকে কোনো দেউ-দেৱীৰ [ ১৩ ]মূৰ্ত্তিক সেৱা-নমঃকাৰ ন কৰিবা, কেৱল দুজনা গুৰুৱে কৰা এখনি কীৰ্ত্তন, ঘোষা বা ৰত্নাবলৈ শাস্ত্ৰ এখনি ঠগিৰ ওপৰত থৈ থাপনি পাতিবা, ৰাতিপুৱা গুৰুসেৱাৰ অন্তত তালৈ মূৰ দোৱাঁই নমঃকাৰ কৰিবা; তেহে গুৰুসেৱাখিনি পূৰ হ’ব। ই গল ভকতিৰ কথা, এতিয়া সদাচাৰৰ কথা কওঁ, শুনাহঁক। যেনেকৈ খুঁটা ন হলে ঘৰ ন ৰয়, তেনেকৈ সদাচাৰ ন হলে ভকতি ন ৰয়। এতেকে সদাচাৰ খিনি নেৰিবা। ৰাতিপুৱা গা ধুই গুৰুসেৱাৰ অন্তত ভোজন নকৰামানে একো বিধুতি বস্তু নুছুবা; নসৰা, নমচা ঠাইলৈ নে যাবা। তাকে কৰিলে বিধুতি হবা। বিধুতি গাৰে একো খাব নে পায়; পিয়াহত অণ্ঠ-কণ্ঠ শুকাই গলেও বিধুতি গাৰে এটুপি পানীকো নে খাবা। আৰু ফুৰা হলে দুকুৰি-তিনিকুৰি বাৰমান হাতত মাটি-পানী ঘঁহি গা-টি ধুবা। তেহে শুচি হবা। আৰু কানি, ভাং, ধূঁৱাপাত, ফটিকা, এইবোৰ আমাৰ পন্থত বৰ বৰ্জ্জিত, সেইবোৰ ছুলেও জাতি যায়, ভকতিযে নে থাকেই, দেহ প্ৰাণ দুয়ো নৰকী হয়। গুৰুজনে বুলিছন্ত— “কানি, ভাং, মদ, ফটিকা আৰু ধূঁৱাপাত। সকলোৰে মূৰত হউক বৰ্জ্জপাত।” সেইবোৰ বস্তুত গুৰুজনৰ শাপ আছে; এতেকে ফটিকাৰ কথাকে ন কওঁ, সি হিন্দুৰ জাতি-ধৰমৰ বৰ-বিহ; কানি, ভাং, আৰু ধূঁৱাপাত এই কেইটা বস্তু, ঘাইকৈ কানি, বেজে অষধ বুলি দিলেও গৰ্হণ ন কৰিবা। [ ১৪ ]কানীয়া মানুহৰ ভকতি নিসিজে, কিয়নো কানীয়াই সকলোকে এৰি কানিকে হে মাথোন ভজে। তাকে কৰিলেই ইহকালত দুখ, পৰকালত জীৱটি নৰকী হয় আৰু তোমালোক দুয়ো একেলগে হৰি-সমুখ হৈছাহঁক, এতেকে এজন আন জনৰ হৰি-ভকত হলা, তোমালোকে দন্দ-খৰিয়াল ন কৰিবা, ই জনে সি জনৰ হিত হে চিন্তিবা। এতিয়া তৰিবৰ ঘাই উপায় কওঁ, শুনাহঁক। শাস্ত্ৰে বুলিছে, ‘গুৰু বৰ্হ্‌মা, গুৰু বিষ্টো, গুৰু মহেচৰ, চৰাচৰ জগতৰ গুৰু সে ঈচৰ।’ গুৰু এনে বস্তু, গুৰু যেন বস্তুত কৈ বস্তু নাই। গুৰু তুষ্ট হলেই ভুকুতি, মুকুতি, সমস্ত হয়। গুৰু ৰুষ্ট হলে সকলো নাশ হয়। এতেকে দেহ, প্ৰাণ, ধন, বস্তু, সকলোকে দিইও গুৰুক তুষ্ট কৰিবা। গুৰুতকৈ ডাঙ্গৰ একো নাই। ইয়াক নে পাহৰিবা।

শিচ। — পৰ্ভু ঈষ্পৰে যি জ্ঞান দিয়া গৈছে, তাক আমি দেহে-কেহে পালিমহঁক।

পদ্ম। — সজ কথা। গৃহস্ত-বস্তুৱে তোমালোকক কুশলে ৰাখিবন্ত; এতিয়া যোৱাঁহঁক, আমিও নাম-পৰ্সং কৰোঁহঁক গৈ।

(সকলোৰে প্ৰস্থান)

[ ১৫ ]

              ••••••••••••••

          কানীয়াৰ কীৰ্ত্তন

             দ্বিতীয় অঙ্ক।

             প্ৰথম দৰ্শন।

ঘৰ।

ডেকাসকলৰ পাণ-খোৱা সভা।

 ৰতিকান্ত গগৈ। — [পাণৰ টিকিৰাত হোঁপা মাৰি নাকে-মুখে ধোঁৱা উৰাই] আজি পাণ বৰ বাল ঐছে, এনে অলে এ কাই সুক লাগে।

 মতিৰাম গোহাঁই। — (চকু মুদি) আজিৰ কেইটা পাণৰ টিকিৰাৰ লগ কিহে পায়? ইয়াৰ এহোঁপা মাৰিবলৈ পালে ব্যাস-বশিষ্ঠৰো মন ভুলে।

 গদাধৰ ডেকা ফুকন। — (পাণৰ নলী মুখত লৈ) আজি [ ১৬ ]যেনে কোমল হাত লাগিছে, পাণ ভাল ন হব কিয়? অন্নপূৰ্ণাৰ পাক কেতিয়াবা বেয়া হয় নে?

  ৰতি। — (পাণৰ মুখলৈ চাই) প্ৰাণ! আজি পাণ তুমি কৰি ছিলা নে?

  পাণ — (মুচুকিয়াই হাঁহি) এৰা, তোমালোকে নিতৌ পাণ বেয়া হয় বুলি কোৱাঁ, সেই দেখি আজি আপুনি কৰিলোঁ।

  এতি। — তেন্তে পাণৰ টিকিৰাই-পতি একোটা চুমা (পাণৰ চাকিত চুমা)।

 মতি। — মানুহ জনম ধৰি এনে পাণৰ সোৱাদ যি নেপালে, তাৰ জীৱনেই অসাৰ্থক।

 হলধৰ কাকতী। — স্বৰূপ কথা, গুণীয়ে হে গুণ বুজে। পৃধিৱীৰ সমুদায় মিষ্ট বস্তুৱেও আজিৰ কেইটা পাণৰ টিকিৰাৰ লগ নে পায়।

 ৰতি। — গোহাঁই দেও, সিদিনা কিনাৰাম বহুৱাই কানিৰ গুণ বৰ্ণাই যে পদ কৰিছিল, তোমাৰ মনত আছে নে?

 মতি। — মই আওৰাইছিলোঁ, পাহৰিলোঁ হবলা, এবা, মাতোচোন; —

স্বৰগত আছিল বহি প্ৰভু চিৰী হৰি।

চাৰি হাতে শংখ-চক্ৰ-গদা-পদুম ধৰি॥

[ ১৭ ]

পদুমৰ পাহি সৰি মাটিত পৰিল।

তাৰ ভৰত স্বৰ্গ-মৰ্ত্ত্য-পাতাল লৰিল॥

পদুমলৈ চাই পাচে প্ৰভু চক্ৰপাণি।

মেঘৰ গম্ভীৰ-স্বৰে বুলিলন্ত বাণী।

মোৰ হাত হন্তে তই পৰিলি মাটিত।

বৈকোণ্ঠৰ যুগই তই নহ কদাচিত॥

পৃথিৱীত গৈ তই জনম ধৰিবি।

আফু নামে জগতত সদা খ্যাত হবি।

“আ” পদে আকাশ স্বৰগ নাম যাৰ।

“ফু” পদে ফুলক বোলে, এই অৰ্থ তাৰ॥

দুই শব্দৰ অৰ্থ হয় স্বৰ্গৰ ফুল।

এই হেতু হব তোৰ শকতি অতুল॥

নৰ, নাৰী, ৰজা, প্ৰজা, সাধু, মহাজন।

সকলোৱে তোক তাত কৰিব ভোজন॥

তোৰ ৰস যিটো লোকে ন কৰিব সেৱা।

সকলোৱে বুলিব তাক “অৰসিক ভেবা”॥

ঢোপৰ ভিতৰে তোৰ হব যত গুটি।

তোৰ ৰসৰ বশ মনিচ্‌ তত কুটি॥

পাণৰ লগত মিলাই তোৰ এঠা।

ধোঁৱা খাই পাহৰিব সংসাৰৰ লেঠা॥

যত কাল তই গাত কৰিবি নিবাস।

মানুহৰ নে থাকিব স্বৰ্গ অভিলাষ॥

[ ১৮ ]

তই এৰা মাত্ৰে গাত নে থাকিব তত্‌।

হামি-হাঁচি-কাহৈ ধৰি কৰিব বিতত্‌॥

অৰুচি, এলাহ আৰু কলা-ঘুমটীয়া।

চুৰ-কৰা, মিছা-কোৱা তোৰ লগৰীয়া॥

তোৰ ৰসৰ বশ যিবিলাক লোক।

সকলোকে এৰি ভজিব মাথোন তোক॥

ধন, ধান, পুত্ৰ, ভাৰ্য্যা এৰিব যদিও পাৰে।

তোক এৰি এখন্তেকো থাকিব নোৱাৰে॥

এই ৰূপে ৰাজ্য গৈ কৰ পৃথিৱীত।

নে জানিব কেৱে, তই হিত নে অহিত॥

 পাণ। — ভাল জোৰাতো খুৱাইছে!

 হলধৰ। — তাৰ বুধিটো বৰ চোকা, কথা কৈ যাওঁতেই পদ হৈ যায়।

 গদা। — বোলে, “অভ্যাসৰ নৰ, কৰ্ণৰ পথে কৰে শৰ”, সদায় তাৰ তাতে অভ্যাস, ন হব কিয়?

 মতি। — আজি দেখোঁ কীৰ্ত্তিকান্ত ইমান বেলিয়েই নাহিল, কিবা হৈছে নে কি?

 ৰতি। — কীৰ্ত্তিয়ে আগেয়ে পাণ একোৰূপে নে খায়, পাণ-খোৱা মানুহকো নিন্দা হে কৰিছিল; আমাতে শিকি এতিয়া আমাতে বিকিব খোজে।

 পাণ। — আজি কালি তেওঁৰ চেনেহৰ ঠাই লঙ্গৰ [ ১৯ ]ঘৰ হে হৈছে। কঁঠাল এঠাত মাখিৰ দৰে তেওঁ লাগি পৰিছে, এৰাবই নোৱাৰে।

(কীৰ্ত্তিৰ প্ৰবেশ।)

  ৰতি। — উস্‌! ডেকা বৰুৱা, তুমি ভালেমান দিন জীবা হে, নাও কওঁতেই ওলালাহি।

  পাণ। — গালি পৰা হলে শুনিলেইহেঁতেন।

  কীৰ্ত্তি। — কুটুমটী, এনে কোমল মুখৰ গালিয়েও জেঠ মহীয়া খৰত শুকাই থকা মাটিত বৰষুণ পৰাতকৈও গাটো শীতল কৰে।

  ৰতি। — এতেবেলি আমাৰ সভাখান বাঁজী হৈ আছিল, এতিয়া হে গুটি ধৰিব। আজি নো তুমি কলৈ গৈছিলা হে?

  কীৰ্ত্তি। — এহ! কি সোধাঁ দেও? বাটতে লৰি-গোহাঁই-দেওক পালোঁ। মই একোৰূপে নে যাওঁ, তেও তেওঁ চন্দ্ৰীৰ ঘৰলৈ ধৰি লৈ গল, তাতে পাণ খাই বহি থাকোঁতেই ইমান ৰাতি হল। একোৰূপে এৰিয়েই নি দিয়ে, বাহিৰলৈ যাওঁ বুলি হে সাৰি আহিছোঁ।

  পাণ। — আমি আকও লঙ্গৰ ঘৰত ৰাস হৈছিল বুলি হে ভাবিছিলোঁ। আজি-কালি তোমাৰ সেই ফাললৈ হে বৰ ধাউতি হৈছে।

  কীৰ্ত্তি। — (মিঢিকিয়াই হাঁহি) প্ৰাণ, ৰাধা-নোহো[ ২০ ] ৱাকৈ ৰাস হয় নে? ৰাসেশ্বৰী ৰাধা আছে ইয়াত, তাত ৰাস কেনেকৈ হব?

 ৰতি। — (হাঁহি হাঁহি) ন হয়, তেওঁ ৰাস কৰা নাই, চন্দ্ৰাৱলীৰ কুঞ্জত ৰাতি খপি হে আহিছে।

  পাণ। — (পাণ এচাকি কীৰ্ত্তিকান্তৰ হাতত দি) হোঁৱা, দুখে-ভাগৰে আহিছা, ইয়াকে খাই তেও ভাগৰ পলুওৱাঁ।

  কীৰ্ত্তি। — (পাণৰ চাকিত চুমা খাই) কি অনুগ্ৰহ, নৌখাওঁতেই মোৰ হেঁপাহ পলাল। [পাণৰ হাতত ধৰি] জীউটি! অলপ ওচৰ চাপি বহাঁ — বসন্ত নোহোৱা পৃথিৱী, আৰু তিৰোতা নোহোৱা মানুহৰ জীৱন, দুয়ো সমান। এনে সুখ এৰি যি উদাসীন হয়, সি উপজিয়েই ন মৰিল কিয়? [পাণ খোৱা নলী পাণৰ মুখত দি] পাণ, এহোঁপা খোৱাঁ। (পাণে এহোঁপা খালত আপুনি এহোঁপা খাই) এতিয়া হে পাণৰ স্বৰূপ সোৱাদ ওলাইছে। পায়সত চেনি মিহলালে যে তাৰ স্বৰূপ ওলায়।

  মতি। — ডেকা বৰুৱা, এটা বঙ্গলুৱা গীত গোৱাঁ হে।

  কীৰ্ত্তি। — গালোঁৱেই বা, তাল ধৰিব কোনে?

  ৰতি — মই তাল ধৰো, তুমি গোৱাঁ, (হলধৰৰ পিঠিত চপৰিয়াই) ধিন, ধিন, তাক, তাক, ধিন।

  কীৰ্ত্তি। — (বাওঁ হাতে ধোঁৱা-খোৱা ধৰি সোঁহাতে [ ২১ ]টিলিকিয়াই) ঋ-ই-ই-ই তু-উ-উ-উ-বস-অ-অ-অন্তকালে এ-এ-এ প্ৰাণনাথ কোথায় সকীৰে —

 হল। — ডেকা বৰুৱা, মনে-মনে থাকাঁ হে; তোমাৰ গীতত মোহ গৈ ভোগদৈ-নৈখান পাচে উভতি বব।

 কীৰ্ত্তি। — এ:! ইতিকিং কৰিলা যদি নে গাওঁ, যোৱাঁ।

 ৰতি। — [পাণৰ মুখলৈ চাই] প্ৰাণ! তোমাৰ অনুগ্ৰহত আজি সঁচাসচি পাণ খোৱা হল; এতিয়া অনুপান কি আছে আনা।

 পাণ। — [পায়সৰ থাল সকলোৰে মাজতে থৈ] ইয়াৰেই মুহুদি কৰাহঁক।

 কীৰ্ত্তি। — (হাঁহি-হাঁহি) লৈ আহাঁ, “অগ্ৰে ব্ৰাহ্মণং দদ্যাৎ।”

 মতি। — কি হে ডেকা বৰুৱা, পাহ দেখি কুলকো পাহৰিলা নে কি? বামুণ হৈ আহোমনীৰ পাহ খাব খোজানে? ৰাম! ৰাম!

 কীৰ্ত্তি। — [মিঢিকিয়াই হাঁহি] তোমাৰ কি ভ্ৰম! অকূল কাম-সাগৰত যি পাৰ কৰে, তাৰো আকৌ তুমি কূলৰ বিচাৰ কৰা!।

(পাহ খাই সকলোৰে প্ৰস্থান)

[ ২২ ]

                 দ্বিতীয় দৰ্শন।

ভদ্ৰেশ্বৰ বৰুৱাৰ মাৰলঘৰ।

ভদ্ৰেশ্বৰ, কীৰ্ত্তিকান্ত আৰু ললিতাৰ প্ৰবেশ।

 ললিতা। — আই ঐ! দেহি লৰাটিৰ নো কি হল? খিণাই দেখোন হাড় কেইডাল হে আছে গৈ। ভাত-পানীও খাব নোৱাৰে। হেৰ বাপা, তোৰ নো কি হৈছে? দিনেকেদিনে দেখোন খিণাই হে গৈছ, আৰু ভাত খাব নোৱাৰ কিয়?

 কীৰ্ত্তি। — জানো আই! ৰোগ-বেথো দেখোঁ একো নাই। তেও সদায় গা-টো বেয়া লাগি থাকে, হাত ভৰিবোৰে কুটকুটায়, একো খাবৰ মন নে যায়, মুখখান অৰুচি আৰু হামিবোৰ আহি থাকে। কি নো হৈছে কবই নোৱাৰো।

 ললিতা। — [গিৰীয়েকলৈ চাই] শুনিছ নে? আপুনি নো দেখা নাই নে? লৰাটোৰ দেখোন শুকাই হাড় কেইডাল হে আছে গৈ। আপুনি এফেৰিও কাণ নকৰে। একেটা লৰা, তাৰো এনে হব লাগিলে নো [ ২৩ ]জীৱনত সকাম কি? কত্‌বা কিবা লাগি্ছে হবলা, এখান মঙ্গল পাতিকেনো নো চোৱায় কিয়?

 ভদ্ৰ। — এৰা ময়ো দেখি বিবুদ্ধি হৈছোঁ, কি নো হৈছে লৰাটোৰ কবই নোৱাৰোঁ। কালি বৰ দলৈৰ হতুৱাই তাৰ সোঁৱৰণীখান চোৱালোঁ, তাতে তেওঁ কলে বোলে, তাৰ গোৰত শনি হৈছে, ভাল ন হয়, শনি-স্তও পাঠ কৰাব লাগে। তাতে কলাগোটাচেৰেক আনি অহা শনিবাৰে দু-ৰূমান শনি-স্তও পাঠ কৰাবলৈ মনতে আগকৰি থৈছোঁ। মই এতিয়া বেজ-বৰুৱাৰ ঘৰৰপৰা আহোঁ গৈ।

[ভদ্ৰেশ্বৰ আৰু কীৰ্ত্তিৰ প্ৰস্থান]

মঙ্গলতী বুঢ়ীৰ প্ৰবেশ।

  ললিতা।— মঙ্গলতী বাই নে? ভাল আহিলি আই, তোক মাতিবলৈ মানুহ পঠিয়াওঁ হে বুলিছিলোঁ।

  মঙ্গলতী। — কিবা হৈছে আইচু?

  ললিতা। — এ! কি শোদ আই? লৰাটোৰ দেখোন অস্তাই নাই, শুকাই হাড় কেইডাল হে আছে গৈ, তাতে কত্‌ নো কি লাগিছে, এখান মঙ্গল চোৱাব খুজিছোঁ। চাচোন আই, কড়ি-মুঠি আনিছ নে? [ ২৪ ] মঙ্গলতী। — আনিছোঁ, আইচু; কড়ি ন হলে ধানেৰেও চাব পাৰোঁ; মটিত আঁক দিওঁ চাওঁ। তেও জানিবা, কড়ি-মুঠি হলে ভাল, একো সংশয় নে থাকে। (জোলোঙ্গাৰপৰা কড়ি এমুঠি উলিয়াই) আইচু, শুদা মুখে মঙ্গল চালে মঙ্গল ন ফলিয়ায়। পইচা, তামোল-পাণ কি আছে আনক। (তামোল-পাণ আৰু পইচা দিলত, কড়িমুঠি মূৰৰ গুৰিলৈ তুলি) এ ৰাম, মাতৃ! সইত কবা, গো-বধ, তিৰী-বধ, গঙ্গা-তীৰত সাত কপিলা-বধ কৰাঁ, সইত কবা, (কড়ি মাটিত পৱলাই তালৈ আঙ্গুলিয়াই) আইচু! চাওক চোন, নে দেখিছে? সেইটো কড়ি ওপৰলৈ মু’কৈ পৰিছে, ওপৰৰ ভাগৰ দোষ হব পায়। হয়, শুকানী-অপেস্বৰাৰ দোষ।

 ললিতা। — আই ঐ! দেই ডুখৰি! ভালেটো লৰাটি শুকাই খিণাই গৈছে; চাচোন আই, কি কৰিলে নো ভাল হব। যিহকে লাগে মই তাকে কৰিম, তেও লৰাটো ভাল হোক মাথোন।

 মঙ্গলতী। — (কড়ি-মুঠি আকও মাটিত পেলাই) আইচু, আন একো কৰিব নে লাগে, শনিবাৰে বা মঙ্গলবাৰে দুপৰীয়া সাতুটী, নাই পাঁচুটী, নাইবা তিনটী এৱাঁ-ছোআলীৰ হতুৱাই চোঁতালত, শুকানী-অপেস্বৰাৰ নামে শুকুলা ফুল এৱাঁ-গাখীৰ আৰু কেঁচা পিঠাগুড়ি দি তুতি-তৰ্পনাকৈ মতাব; আৰু জলশাই-ডাঙ্গৰীৰ নামে পাঁচ [ ২৫ ]জন-মান ভকতক আমৰলীয়া হাঁহেৰে চাউল খুৱাব। ঘাইকৈ এফেৰি কানীয়া-সেৱা কৰিব।

 ললিতা। — কানীয়া-সেৱা কি?

 মঙ্গলতী। — এ! আই, কানীয়া-সেৱা নো কি, তাকো নে জানে!

 ললিতা। — সি নো কি বুজাই কচোন বাই।

 মঙ্গলতী। — গধূলি পাঁচ জন বা সাত জন কানীয়া ভকতক কানি-পাণ খুৱাই একে-ৰদীয়া ভাল কোমল-চাউল, মহৰ এঠা-গাখীৰ, মালভোগ-কল, গুড়, এই বিলাকেৰে তেওঁলোকক আকণ্ঠ পূৰাই জলপান কৰাব লাগে। ইয়াৰে নাম কানীয়া-সেৱা। ইয়াৰ সমান ডাঙ্গৰ কাম নাই। মিঠৈ-বন্ধা বৰ সবাহ, পাল-নাম, হীৰা-নাম, একো ইয়াৰ সমান ন হয়। এই কেইটা কাম কৰিলেই বাপা ভাল হব।

 ললিতা। — বাৰু আই, মই এতিয়াই এটাইখিনি কৰিবলৈ আগ কৰিলোঁ, মোৰ লৰা ভাল হোক মাথোন।

 মঙ্গলতী। — এতিয়া তামোল-ছালি কি আছে, দিয়ক, মই যাওঁ।

[দুইৰো প্ৰস্থান]

[ ২৬ ]

                   ••••••••••••••

                   তৃতীয় দৰ্শন

বিহুৱা একেলাৰ ঘৰ।

 (বিহুৱা আৰু চুবুৰিয়া কাতীয়াই পাণৰ টিকিৰা পুৰিছে)।

 (বাহিৰৰ পৰা) বিহুৱা’ কাই, ঘৰত আছ নে অ?

 বিহু। — কোন অ! সেইটো? সন্ধ্যাবেলিকা কন্ধৰ নিচিনাকৈ চিঞৰিবলৈ আহিছে?

 কাতীয়া। — ডাঙ্গৰীয়াৰ ঘৰত মঙ্গলাৰ মাত যেন শুনিছোঁ, মঙ্গলা কাই নে সেইটি?

 মঙ্গলা। — এৰা, বুপাই।

 কাতী। — আহ ককাই, ভিতৰলৈ আহ।

(মঙ্গলাৰ প্ৰবেশ)

 মঙ্গলা। — কি কৰিছ ককাই?

 বিহু। — এ! কি সোধ বুপাই? দিনৰ দিনটো টলৌ-টলৌকৈ খাজনা সাধি ভাগৰ লাগি আহিছে। তাতে কানিৰ টিকিৰা দুটামান পুৰিবলৈ ধৰিছোঁ, বোলোঁ, গা-টো অলপ লঘু লাগক।

 মঙ্গলা। — ময়ো বুপাই, কালি ভাৰ এখন আনিলোঁ, [ ২৭ ]তাৰেপৰা গাৰ বিখত দেহ গৈছে। ডাঙ্গৰীয়াৰ ঘৰত সৰুৰেপেৰা ধিতিঙ্গালিকৈ থাকি আমি মানুহ গুচিলোঁ।

 কাতী। — এ! ককাই, কানি-টিকিৰা দুটামান খাই দেচোন, এতিয়াই বিখ-কোপ কলবা যাব।

 মঙ্গ। — ঈহ! কানি-টিকিৰাই বিখ গুচাব খুজিছে, শুদাতে টিকিৰা এটা খাই কানীয়া হওঁ কেলেই।

 কাতী। — এ! তই মোৰ কথা ন পতিয়া! টেকেলা কাইক সোধচোন, সিদিনা মোৰ পানী লাগি নাকে-কাণে তাল মাৰি ধৰিছিল। টেকেলা কাইৰ এখেত আহি টিকিৰা দুটামান খালতেই ভাল হল। সেই দিনাৰেপেৰা মোৰ গা-মূৰ বেয়া কৰিলে টিকিৰা দুটামান খাই দিওঁ, ততালিকে ভাল হয়। আমাৰ চহাৰ মানত ই নগাজোনৰ বৰিত-কৈও বঢ়া।

 বিহু। — হয়, তই খাচোন, গাৰ বিখ নু গুচে যদি তেতিয়া মোক ধৰিবি।

 মঙ্গ। — হয় নে ককাই? তেন্তে বাৰু টিকিৰা দুটামান দেচোন, খাই চাওঁ। (টিকিৰাত হোঁপা মাৰি) ঈহ! মোৰ মূৰটো ঘূৰাইছে; ৰাম ৰাম। আজি যি খালোঁ, বুপাই, আজিৰপৰা ইয়াক নে খাওঁ, কেনেবাকৈ কানীয়া হৈ পৰিম পাচে।

 বিহু। — হ যদি হবি, কানিয়া হলে নো কি হব?

 মঙ্গ। — ৰ, কানীয়া হলে কি হয় দেখিবি। ৰংপুৰত [ ২৮ ]হনু কোনোবাই সবাহ পাতি আফুতলী-মাটিৰ পূৰাত পাঁচ টকা খাজনা লগাবলৈ আৰ্জী কৰিছে। সেয়ে হক মাথোন কানি-খোৱাৰ মূৰ মৰিব।

 বিহু আৰু কাতী। — কানি খাবলৈ নে পাই কেও ন মৰে। কানি যেন বস্তুত্‌কৈ বস্তু নাই। কানীয়া-ভকত্‌কৈ ভকত নাই। আমাৰ দেশৰ সন্তৰেপৰা মহন্তলৈকে কানি-নোখোৱা লোক কোন আছে? সেই সকলৰ শাও লাগি সেই আৰ্জী দিয়াবোৰ হে তেনেই তললৈ যাব।

 মঙ্গ। — ককাই, মই এতিয়া যাওঁ, গা-টো কেনেবা কৰিছে, অলপমান পৰি থাকোঁ গৈ। ডাঙ্গৰীয়াই বপাৰ হৈ কিবা কৰাব খুজিছে, কাইলৈ ৰাতি-পুৱাই পকা কল এথোকা লাগে, গাওঁত বিচাৰি সোনকালে লৈ যাবি, নিনিলে খং কৰিব।

 বিহু। — বাৰু, যা, গাওঁত পাওঁ যদি নিম, নে পালে কি কৰিম? সেই বাবে কাটি পেলাব নোৱাৰে।

(তিনিওৰো প্ৰস্থান)

[ ২৯ ]

                       চতুৰ্থ দৰ্শন

ভদ্ৰেশ্বৰ বৰুৱাৰ বৰ ঘৰ।

ভদ্ৰেশ্বৰ আৰু ললিতাৰ প্ৰবেশ।

 ভদ্ৰ। — শুনিছা নে আইটী-মাক! আমাৰ কাম আহিল, পোৱাঁ হনু পঢ়ি শুনি উঠিল, পাণৰ নলীৰপৰা মুখকে নু গুচায়। সিদিনা যে পেড়াৰপৰা ৰূপ কুৰি হেৰাল, তাক আনে নিয়া নাই, আমাৰ ডেকাই হে নিলে, তাৰেই কানি কিনি পাণ মাৰিলে গৈ।

 ললিতা। — কি? সঁচা নে? কোনে কলে?

 ভদ্ৰ। — সঁচা ন কৈ মই মিছা কৈছোঁ নে? মই এতিয়াই খাওন্দৰ ঘৰত শুনি আহিছোঁ, আগ-চকুতে দেখা মানুহে কৈছে। মানুহটোৰ বঠিটোলৈকে নো মন ন কৰাঁ কিয়? পাণ নে খালে তেনে হয় নে?

 ললিতা। — (হুমুনিয়াহ কাঢ়ি) হায় হায়! কি দুৰ্কপাল! শুদাতে লোকৰ বামুণৰ ছোৱালীজনীৰ নৰকত পৰিলোঁ।

 ভদ্ৰ। — [চকুৰ পানী মচি] একেটা লৰা, এই দেখি ইংৰাজী পঢ়িবলৈও নি দিলোঁ, বোলোঁ, কেনেবাকৈ তৰ্পণৰ পানী এচলু দিয়ে কি চিয়ে; এতিয়া পোৱে নৌ মৰোঁতেই শৰাধ চাই-থনীয়া কৰিবলৈ ধৰিছে। এইবোৰ দেখি-শুনি থকাত্‌কৈ আমি মৰাই ভাল। [ ৩০ ] ললিতা। — আই ঐ! মোৰ নো সোণাইক এনে কুবুধি কোনে শিকালে? তাক মাতি আনি সোধোঁচোন।

 ভদ্ৰ। — সুধিলে কি হব? তাৰ মই মুখকে নে চাওঁ, তুমি যি কৰাঁ, কৰাঁ; তেও তাক আজিৰপৰা গধূলি ফুৰিবলৈ যাব নি দিবাঁ। সেইটো মঙ্গহ খোৱা আহিছে, তুমি কিবা সুধিব খোজাঁ যদি সোধাঁ, মই আতৰোঁ।

ভদ্ৰেশ্বৰৰ প্ৰস্থান

কীৰ্ত্তিৰ প্ৰবেশ।

 ললিতা। — বাপা! তই হুনু কানি খাইছ, হয় নে? এই দৰে নো আমাৰ বুকত কেলেই কুঠাৰ মাৰিছ?

 কীৰ্ত্তি। — কোনে কৈছে আই? তোমাৰে শপত, তোমাৰে মূৰ খাওঁ, তোমাৰ গাৰ আঁৰ হবলৈ, মই কানি মুখতে দিয়া নাই; কোনোবা শত্ৰুৱে মিছাকৈ হ লগাইছে।

 ললিতা। — যদিও খাইছ, মোৰে শপত এৰি পেলা, মোৰ লাহৰি। তাকে ন কৰিলে আমাক নে পা। ডাঙ্গৰীয়াই খঙ্গত তোৰ মুখকে নে চাওঁ বুলিছে। আৰু আজিৰেপৰা গধূলি ফুৰিবলৈ যাবলৈ হাক দিছে।

 কীৰ্ত্তি। — (মনে-মনে) তোমালোকতকৈও পাণক এৰা টান। যি তাৰ ৰস বুজিছে সি সকলোকে এৰিব পাৰে, তেও তাক নোৱাৰে; খাই চালাহঁকহেঁতেন তেহে। (প্ৰকাশকৈ) বাৰু আই! নে যাওঁ!

(দুইৰো প্ৰস্থান)

⸻⸻

[ ৩১ ]

                  কানীয়াৰ কীৰ্ত্তন

                    তৃতীয় অঙ্ক।

                     প্ৰথম দৰ্শন

কীৰ্ত্তিকান্তৰ ভিতৰ-চৰা৷

 মোহন চন্দ্ৰ। — (বাহিৰৰপৰা) হেৰ বাপা, ঘৰত আছ নে অ?

 কীৰ্ত্তি। — (মনে-মনে) এস্‌! আহিল এইজন মিছা-মিছিকৈ কিছুমান বকিবলৈ৷ (প্ৰকাশকৈ) দদাই দেও! আছোঁ; আহোক।

[মোহনচন্দ্ৰৰ প্ৰবেশ]

 মোহন। — বাপা, কি কৰিছা?

 কীৰ্ত্তি। — দদাই দেও, আছোঁ হে ইয়াতে, খেতি[ ৩২ ] বাতিৰ এটা উপায় কৰিব লাগিল, তাৰে কি কৰিম ভাবিছোঁ।

 মোহন। — (ঢক-ধৰাত বহি) এৰা, বোপাই, এতিয়া আগৰ নিচিনাকৈ ধিতিঙ্গালি কৰি থাকিলে ভাল ন হয়; এতিয়া বৌ-দেও, ককাই দেও আছে নে? ঘৰৰ সকলো ভাৰ তোমাৰ ওপৰতে। সেইবোৰ যেই কি নহুক, মৌজাৰ খাজনা কেই টকা যেনেকৈ সোনকালে আদায় হয়, তাৰ নিমিত্তে চেষ্টা কৰাঁ, বাকী থকাটো ভাল ন হয়; আৰু বাপা, তুমি পাণ এৰি পেলোৱাঁ, পাণ সকলো অনৰ্থৰ মূল; তাক খালে শৰীৰৰ বল, বুদ্ধি, শ্ৰী, সকলোৱে নাশ পায়, আৰু তাত খৰচো অধিক। আজি-কালি তোমাৰ খৰচ দেখি-শুনিয়েই ভয় লাগে, এতেকে অলপ মলি খাবলৈ ধৰাঁ, সেয়ে ভাল।

 কীৰ্ত্তি। — [মনে-মনে] এওঁ বুধিৰ ফোঁপচুঙ্গা, পাণ বৰ-লোকৰ বস্তু, পাণ যি খায় সি ধুনীয়া; মলি খায় যি সি কানীয়া; এওঁ তাৰ কি বুজ পায়? মোৰ সৰ্ব্বস্ব যাওক সিও ভাল, তেও পাণ এৰিব নোৱাৰোঁ। [প্ৰকাশকৈ] হয়, দদাই দেও, ই বৰ বেয়া বস্তু, কানি এৰাৰ হুনু কিবা দৰব ওলাইছে, তাকে খাই ইয়াক একেবাৰেই এৰোঁ বুলিছোঁ।

 মোহন। — নিচেইকৈ এৰিব পাৰিলে ভালেই; কিন্তু ইয়াক এবেলি খালে এৰাটো টান। [ ৩৩ ] কীৰ্ত্তি। — দদাই দেও, আশীৰ্ব্বাদ কৰিব, এৰিব পাৰিম।

 মোহন। — বাৰু বাপা, মই এতিয়া চিৰস্তাদাৰৰ ঘৰলৈ যাওঁ।

 কীৰ্ত্তি। — [মনে-মনে] উস্‌ ৰাম! ৰক্ষা পৰিলো! (প্ৰকাশকৈ) ভাল, দদাই দেও!

(মোহন চন্দ্ৰৰ প্ৰস্থান)

 কীৰ্ত্তি। — (মনে-মনে) খাজনা কেইটকা বাকী থাকিল, এবাৰ মৌজাৰ ফাললৈও যাব লাগিছিল, কালি ৰাতি পাণ খাই বহি থাকোঁতেই ৰাতিটো গল, টোপনিয়েও ধৰিছে, অলপ শোওঁগৈ, গধূলি হলেই পাণ খাবলৈ বান্ধহঁত আহিব।

(কীৰ্ত্তিৰ চালপীৰাত শয়ন)

[চন্দ্ৰপ্ৰভাৰ প্ৰবেশ]

 চন্দ্ৰ। — আপোনাৰ নো কেনে স্বভাও? আদবয়স গল, তেও পৰ্কিতি নু গুচিল। ওৰে ৰাতি পাণ খাই এতিয়া দিনত শুবলৈ আহিছে। আজি ইমান দিনেও চৰকাৰী খাজনাৰ লেঠা ন মৰিল, যি কেইটকা উঠিছিল, সিও পাণ খাওঁতেই উৰিল। হজুৰৰপেৰা মাল কোৰোক কৰি থৈছে; কাইলৈ বা পৰ্শুইলৈ নাজীৰৰ টেকেলাই বেচিব হি; তালৈ কাণ-সাৰেই নাই। এইবোৰ নো ভাল [ ৩৪ ]কথা নে? আৰু বেলি খাজনা-বাকীৰ জহতে হাঁতী বেচা গ’ল, এই বেলি সোণৰ খাৰুও যাব।

 কীৰ্ত্তি। — থাক্‌ থাক্‌, মনে মনে থাক্‌, তোক দায়ে নেপায়।

 চন্দ্ৰ। — বাৰু মই মনে-মনে থাকিম, ইয়াৰ ধুন পাচেহে যাব।

[দুইৰো প্ৰস্থান]

                   দ্বিতীয় দৰ্শন

কীৰ্ত্তিকান্তৰ বাহিৰ-চৰা।

(এটা মানুহে পাণৰ কাঠী চাঁচিছে।)

[জনচাৰেক ৰায়তে সৈতে সাধনী-টেকেলাৰ প্ৰবেশ। ]

 সাধনী। — (বৰ খুঁটাৰ গুৰিতে বহি) ডাঙ্গৰীয়আই কি কৰিছে অ! বিকাৰাম।

 বিকা। — ডাঙ্গৰীয়াই কি কৰিছে সুধিছা হে? তোমালোকে জানা নে নেজানা? আমাৰ ডাঙ্গৰীয়াৰ ফালে মাজনিখা হে হৈছে। [ ৩৫ ] সাধনী। — কেতেবেলি-মানে উঠিব?

 বিকা। — আকও গধূলি যেতিয়া পাণ খাবৰ পৰ হব। আমাৰ ডাঙ্গৰীয়াৰ ৰাতিয়ে দিন, দিনে ৰাতি, তোমালোকে জানো ভু নো পোৱাঁ।

 সাধনী। — ওৰে-ৰাতি নো শোৱে নে?

 বিকা। — ইমান তো আকও সুধিছা হে? পাণৰ কঠীৰ মুঠা দেখা নাই নে? তেওঁবিলাকে জানিবা বৰ-লোকালি কৰে, টোপনিয়াওঁতে আমাৰ দেহ মৰে।

 সাধনী। — গধূলি হল, আমি যাওঁ গৈ, শুদাতে বহি থাকিলে কি হব? আজি তিন দিন মানুহ লৈ আহি ডাঙ্গৰীয়াৰ লগ নে পাই উলটি যাওঁ, এনেকৈ হ’লে কুম্পানিৰ খাজনা কেনেকৈ উঠিব?

[সাধনী-টেকেলাৰ প্ৰস্থান। ]

(বুকুত চাপৰাচ, আৰু মূৰত কলা টুপি-পিন্ধা এটা

পিয়দাৰ প্ৰবেশ)

 [বহিবলৈ এমুঠা বুৰলি খেৰ টানোতে এটা নাইপিয়া ওলাই লৰমৰা দেখি খেৰ এৰি পিয়দাৰ জাঁপ]

 পিয়দা। — আৰে! খেৰৰ তলমে নাইপিয়া লুকাই ৰাখ্‌তা, আদ্‌মি লোকক খুন কৰিবলৈ।

 বিকা। — নাইপিয়ালৈকে পিয়দা মোচাইৰ ইমান ভয়, বাঘ দেখা হলে কি হলহেঁতেন কবই নোৱাৰি। [ ৩৬ ] পিয়। — আৰে! হামি চুনিছে, নাইপিয়া খাইলে ৰাজাকা বেজ ভি চাইবাৰ নোৱাৰে।

 বিকা। — ভয় নাই! নাইপিয়া গল; এতিয়া সেই খুঁটাৰ গুৰিত বহাঁ।

 পি। — (এমুঠা খেৰৰ ওপৰত বৰ খুঁটাত আউজি বহি) ৰে, মানুহ মৌজাদাৰ কত গেল্‌ ৰে?

 বিকা। — কেলেই? শুই আছে, আমাৰ ডাঙ্গৰীয়া কিবা আমোলাবোৰৰ নিচিনা চাকৰ নে, বেলি থাকোঁতেই উঠিব? আমাৰ ডাঙ্গৰীয়াৰ কছাৰী ৰাতি হে বহে।

 পি। — বৰা মৌজাদাৰ হুৱা, ঘুমাই ঘুমাই থাক্‌তা, এত্‌না ঘুমাইবাৰ মজা আভি ওলাইব; যাও, জগাও যাইয়া, আৰ কহি দেও কি হজুৰৰ পৰণা লৈকে একঠো পিয়দা আহিছে; হজুৰকা হুকুম আভি মাতিছে।

 বিকা। — (একে ঠৰে তাৰ মুখলৈ চাই মনে-মনে) ই বেজ-বৰুৱাৰ মুকলি হোৱা বন্দী, এতিয়া বুকুত চাপ-ৰাচ এখান বান্ধিবলৈ পাই্ মাটিত ভৰি নিদিয়া হ’ল। (ফুটাই) তুমি বৰুৱাৰ ঘৰৰ ৰণু কাইৰ পিতেক ঘিণলগা নোহোৱাঁ নে?

 পি। — হাঁ, তব্‌ কিয়া?

 বিকা। — তোমাৰ মাত আৰু সাজ ইমান লৰিছে যে, তোমাক চিনাই টান হৈছে।

 পি। — হাঁ, হামিলোক হজুৰমে থাকে, হামিলোক [ ৩৭ ]বঙ্গালী বাবু হৈছে হামাৰ নাম হৈছে ঘিঁদাছ মজ্‌কুৰী পিয়দা বাবু।

 বিকা। — (মনে-মনে) কেৰেঙ্গীমখাও বাবু; ইস্কুল মেহতৰো বাবু; লোণ-বেচা কেঞাও বাবু, নাৱৰ গুৰি-দিয়া মাজীও বাবু, হায় হায়! কালৰ ঘটি! এতিয়া পিয়দাও হল বাবু। বাবু-বোলোৱাৰ ধিকাৰ! ই আকৌ এতিয়াও মজ্‌কুৰী হৈয়েই আছে, মকৰৰী হব পৰাই নাই; তাতেই ইমান গপ! [ফুটাই] বাৰু মই ডাঙ্গৰীয়াক জনাও গৈ।

[বিকাৰ প্ৰস্থান]

(চকু মোহাৰি মোহাৰি কীৰ্ত্তিৰ প্ৰবেশ।)

 পি। — (পৰণা এখান আগলৈ পেলাই দি) এই পৰণাৰ হুকুম আভি আমোলে আনিবাৰ লাগে; নাহিতো হামি পাকুৰি লৈ যাব।

 কীৰ্ত্তি। — [পৰণা চাই মনে-মেন] সৰ্ব্বনাশ! আমাৰ কাম আহিল, মৌজাটো যে গুচিলেই, এতিয়া মালো বেচা যায়। (প্ৰকাশকৈ) মাল বিক্ৰী কৰিব নে লাগে, মই কালিলৈ ধন শোধাম গৈ, তুমি এতিয়া যোৱাঁ।

 পি। — নাহি, এনেই এৰি যানেকো হুকুম নাহি, টকা দেও, নাহিতো মাল দেও। এক বিধ পাইলে হে হামিলোক যাবাৰ পাৰোঁ।

 কীৰ্ত্তি। — আচ্ছা, যদি ইমানলৈকে বাট নো চোৱাঁ [ ৩৮ ]তেন্তে মালকে নিয়া; (ওলগনীৰে সৈতে সোণৰ বাখৰ-পতা খাৰু এযোৰ দি) তুমি এখন যোৱাঁ।

 পি। — আচ্ছা, বচ্ মাল তো পাইলোঁ, আভি মিঠৈ খাবাৰ তো কিছু দেও।

 কীৰ্ত্তি। — এখন হাতত কিছু নাই।

 পি। — যদি মিঠৈ খাবাৰ নি মিলে, তব পাঁচ ৰূপিয়ামে এই মাল বেচিব, আৰু বচ্‌ দোচোৰা মাল কোৰোক কৰিব।

 কীৰ্ত্তি। — (মনে-মনে) কোনো মতে ইয়াৰ মুখ নেমাৰিলে ই সৰ্ব্বনাশ কৰিব। ইহঁতে ভাল কৰিব পাৰোক বা নোৱাৰোক, বেয়া কৰিবলৈ যম [দুটকা ৰূপ দি] এই লোৱাঁ।

 পি। — [মূৰ জোকাৰি] বহুত কম হৈছে। আচ্ছা বচ্‌, হামকু যি দিছে, এই বহুত; নাজীৰ চাহাবকা পাছ কুছ দেও।

 কীৰ্ত্তি। — [মনে-মনে] আৰু কিছু নি দিলেই নেৰে, নাজীৰৰ আগত লগাই দিব গে [আৰু এটকা ৰূপ দি] ইমানেই হে আছিল, ইয়াকে লোৱাঁ।

 পি। — কি এক ৰূপিয়া দেছে? আচ্ছা বচ্‌ দেও।

[পিয়াদাৰ প্ৰস্থান]

[চন্দ্ৰপ্ৰভাৰ প্ৰবেশ]

 চন্দ্ৰ। — মই এটা কথা আগতেই কৈছিলোঁ, পাণ খাই [ ৩৯ ]ধন উৰুৱাৰ লাভ এতিয়া হে ওলাইছে। ভাল হল তেও, আজিৰেপৰা ডাঙ্গৰীয়া বোলাবৰ মূৰ মৰিল।

 কীৰ্ত্তি। — [খঙ্গেৰে] টপ্‌টপাই নে থাকিবি দেই, তোক দায়ে নে পায়, গুচ্‌ ইয়াৰপৰা।

[চন্দ্ৰপ্ৰভাৰ প্ৰস্থান]

 কীৰ্ত্তি। — [গালত হাত দি মনে-মনে] মৰা পৰিলোঁ; মৌজা লবৰ যহত, ন-কৈ ঘটা থাওক, আগৰ কালৰ বস্তুও সাং হল।

(শিৱকান্ত কটকী আৰু ৰামেশ্বৰ দলৈৰ প্ৰবেশ)

 শিৱ। — কেনে বান্ধ! আজি দেখোঁ বৰ বিমন, কি হৈছে?

 কীৰ্ত্তি। — বান্ধ, কি সোধাঁ? বৃত্তি বুলিবলৈ মৌজাটো আছিল, আজি সিও গুচিল। পাঁচশ ৰূপ বাকী আছে, সেই বাবে নাজীৰৰ পিয়দাই সোণৰ খাৰু-এযোৰ কোৰোক কৰি লৈ গৈছে হি। কালি-মানলৈ ৰূপ কেই টকা আদায় কৰিব পাৰিলে তেও মালটোকে আনিব পাৰোঁ; তালৈ ধাৰ কৰিবলৈও পাবলৈ নাই। ৰায়তত ৰূপ চাৰি কুৰিমান হে বাকী থাকিব পায়; ৰূপবো্ৰেৰে নো কি কৰিলোঁ, কবই নোৱাৰোঁ।

 ৰাম। — কুম্পানিৰ ৰূপ বতাহৰ নিচিনা, তাত কিবা মায়া আছে হবলা, তাক কেৱেই ধৰি ৰাখিব নোৱাৰে, তাতে আজি-কালি জুইৰপৰা পানীলৈকে কিনা দিন পৰিছে, [ ৪০ ]ৰূপ আৰু কেনেকৈ থাকিব? আপুনি এটা কাম কৰোক; সোনকালে আফিল পঠিয়াই দিয়ক। আপোনাৰ মৌজা নু গুচে, আপোনাৰ বাপতিসাহন, দুটকা ৰূপ বাকী পৰিল বুলিয়েই কোনবাই গুচাব পাৰে নে?

 কীৰ্ত্তি। — তালৈকে আপুনি যাব নোৱাৰিলে আফিল কৰাৰ কৰাৰ কি সকাম?

 শিৱ। — বান্ধ! মই থকাত আপুনি কেলেই যাব লাগিছে? মোৰ নামে মুক্তিয়াৰনামা দি দিয়ক, মই মৌজা লৈ দিম, তালৈ ভয় কি? সোণৰ খাৰু এযোৰ-মান হে খৰচ কৰিব লাগিব, একে টিলিকতে মৌজা পাব।

 কীৰ্ত্তি। — [মনত ৰং হৈ] হেৰ বিকা অ!

[ভিতৰৰপৰা] দেউতা!

 কীৰ্ত্তি। — হেৰ, আমাৰ ভকত-সেৱাৰ সমল লৈ আহ।

[তিনটা ধোঁৱা খোৱা, তিনি চাকি পাণ আৰু একোছা কাঠীৰে সৈতে বিকাৰ প্ৰবেশ আৰু প্ৰস্থান। ]

(পাণ খোৱাৰ আৰম্ভ)

 ৰাম। — টোপনি পাণৰ সখিয়েক হবলা, মই দেখোঁ পাণৰ হোঁপা মাৰিলেই টোপনিয়ে চকু জপাই নিয়ে।

 শিৱ। — সখিয়েক ন হয়; পাণে টোপনিৰ বৰ লৈছিল; এই দেখি হে টোপনিয়ে পাণৰ লগ নেৰে।

[পাণৰ নলী মুখত লৈ ৰামেশ্বৰ দলৈৰ টোপনি। ]

[ ৪১ ] শিৱ। — দলৈৰ নাকৰ ঘোৰঘোৰণি শুনি বাঘে খেদি নাহিলেও ভাল, —

[তোতাৰাম ৰাজখোৱাৰ প্ৰবেশ। ]

 কীৰ্ত্তি। — আহক ৰাজখোৱা-দেও, আমাৰ আজি কি ভাগ্য!

 তোতা। — তোমাৰ ভাগ্য ন হয়, আমাৰ হে ভাগ্য।

(উপবেশন।)

 কীৰ্ত্তি। — হেৰ বিকা! আৰু এটা ধোঁৱাখোৱা লৈ আহ, আৰু দুচাকি-মান পাণ কৰ।

(ভিতৰৰপৰা) ভাল দেউতা।

[এটা ধোঁৱা-খোৱাৰে সৈতে বিকাৰ প্ৰবেশ, আৰু প্ৰস্থান, ৰাজখোৱাৰ পাণ খোৱা আৰম্ভ। ]

 শিৱকান্ত আৰু ৰামেশ্বৰ। — [শুনা-নুশুনাকৈ] আজিৰপৰা ইয়াৰ ঘৰত পাণ-খোৱাৰ মূৰ মৰিল, আজিয়েই যি খাওঁহঁক সেয়ে হে।

 তোতা। — শুনিছাহঁক নে? এটা কথা শুনি আজি যেনে বেজাৰ পাইছোঁ, তাক কি কম? পুত্ৰ-শোকো তাৰ সমান ন হয়। আমাৰ দেশত হুনু আফু-খেতি কৰিবলৈ মানা হৈছে, মৌজাইপতি বোলে ইস্তাহাৰ শুনাই দিছে। (কীৰ্ত্তিকান্তৰ মুখলৈ চাই) তোমাৰ এখেলৈ একো পৰণা হোৱা নাই নে?

 কীৰ্ত্তি। — পশু ই টেকেলা এটাই কিবা পৰণা এখান [ ৪২ ]আনিছিল, মই চোৱা হে নাই, চাওঁচোন, হেৰ বিকা অ! মোৰ কাকতৰ টোপোলাটো লৈ আহ।

[কাকতৰ টোপোলাৰে সৈতে বিকাৰ প্ৰবেশ আৰু টোপোলা থৈ প্ৰস্থান। ]

 শিৱ। — [টোপোলা মেলি] ৰাজখোৱা-দেও, এই খান পৰণা চাওক।

 তোতা। — (পৰণাখন চাকিৰ গুৰি লৈ নি চকু দুটা ঘোপাকৈ চাই) মই দেখোন মতিবই নোৱাৰোঁ, চকুত চলিহাই ধৰিলে নে কি? আ-আ-আ, ফত্‌ উকাৰে ফু, অ! আফু, আফু-খেতি কৰিবলৈ মানা কৰিছে হয়। অস্‌! অস্‌! এনে হে হ’ল কালৰ গতি! (হুমুনিয়াই) আকও শুনিছোঁ, বোলে, এইটো লাট-চাহাবৰ হুকুম; ইয়াক বিলাতৰ মহাৰাণীত বাজে আন কেৱে ভাঙ্গিব নোৱাৰে।

 ৰাম। — এইদৰে হলে দেখোন দেশ ভাগিব লগা হল, কি হব?

 তোতা। — মোৰ মনেৰে হলে কানীয়াই কানীয়াৰ মৰম ন পতিয়ালে পতিয়াওঁতা আন নাই, এতেকে আমি এটাইবোৰে গোট খাই বিলাতৰ মহাৰাণীৰ তলৈ এখান আৰ্জী পঠিয়াই দিওঁহঁক। তেওঁ আমাৰ, কানীয়াৰ মৰম বুজে, আপুনি কানি-খেতি কৰিবলৈ হুকুম দিব। [ ৪৩ ] শিৱ। — আপুনি যে কানীয়াৰ কানীয়াৰ মৰম বুজাৰ কথা কৈছে, মহাৰাণীয়ে জানো কানি খায়?

 তোতা। — এ! নেখায় নে?

 ৰাম। — কানি নো কেনে বস্তু, তাক জানিলে হে হয়।

 তোতা। — মই ভাবিছিলোঁ, বোলোঁ আমাৰ দেশৰ. দেখোন, ৰজাৰপৰা কুৱঁৰীলৈকে সকলোৱে কানি খায়; মহাৰাণী এই জম্বুদ্বীপৰ গৰাকিনী হৈছে, তেওঁ কানি নে খায় থাকিব কিয়? যদি নে খায়, তেনে হলে নো কি হব? আৰ্জী দিয়া শুদা; তেওঁ আমাৰ কি দুখ পতিয়াব?

(নলীচাৰ মূৰত পাণৰ টিকিৰা দি শিৱকান্তৰ টোপনি।)

 ৰাম। — (চকু মুদি মুদি আপোনাৰ পিঠি বুলি শিৱকান্তৰ পিঠি খজুৱাই) উঃ! খজুৱাওঁ হে খজুৱাওঁ, তেওঁ একো পোনে সুতেই নে লাগে, আজি কি নো হৈছে, পিঠিখানত কবই নোৱাৰোঁ। ৰ, বাপেৰে, তাড়কা-ৰাক্ষসীৰ দাঁত লগাও, তেহে তোৰ জুতি লাগিব, (পাণৰ কাঠীৰে ৰোকন)।

 শিৱ। — [গা জিকাৰ মাৰি] ঈহ্‌! মহে খাই ঢুকালে। (পিঠিত চাপৰ মাৰি, অলপকৈ চকু মেলি চাই) ঈহ্‌! চোৱাঁহঁকচোন, মহটোৱে কিমান তেজ খালে।

 তোতা। — ন হয়, জোকে খালে হবলা।

 শিৱ।— খাওক, কিমান নো খাব? [ ৪৪ ] কীৰ্ত্তি। — বিকা অঁ! জলপান কৰিবলৈ কি আছে, লৈ আহ।

(দৈ-গাখীৰ আৰি চিৰাৰে সৈতে বিকাৰ প্ৰবেশ, আৰু প্ৰস্থান।) (সকলোৰে ভোজন)

 শিৱ। — বান্ধ, মোৰ নামে মুক্তিয়াৰনামা দিয়ক, আৰু সোণৰ খাৰু এযোৰ দিয়ক, মই কৈছোঁ ন হয়, একে টিলিকতে মৌজা লৈ দিম। (টিলিকি) আপুনি নে জানে নে? হালবাট চাহাবে, খাজনা বাকী পৰাত দিহিঙ্গীয়া ফুকনৰ মৌজাটো গুচাইছিল, পাচে তেওঁ গুৱাহাটীলৈ গৈ সোণৰ বাখৰাম আঙ্গঠী এটা হে দিলে, তেতিয়াই মৌজা পাই উলটি আহিল।

 কীৰ্ত্তি। — বান্ধ, মই তাক জানো, খাৰু অৱশ্যে দিম।

(সকলোৰে প্ৰস্থান)

                       তৃতীয় দৰ্শন

কীৰ্ত্তিকান্তৰ শোৱনি-ঘৰ।

(কীৰ্ত্তি আৰু চন্দ্ৰপ্ৰভাৰ প্ৰবেশ।)

 কীৰ্ত্তি। — আজি কানি এফেৰিও নাই; কি হব? আগেয়ে চাকিয়ে-চাকিয়ে পান উৰাইছিলোঁ, এতিয়া দেখোঁ [ ৪৫ ]দুবেলা দোৰোজ মলি খাবলৈও পাবলৈ নাইকিয়া হল। মোৰ ঘৰত পাণ খাবলৈ পাই এটাইবোৰ মোৰ বন্ধু হৈছিল; এতিয়া সেইবোৰে উপাকৰ কৰা যাওক, বাটত দেখিলেও এফলীয়া হৈ হে যায়। আফিল কৰোঁগৈ বুলি শিৱকান্তে গাম-খাৰু-যোৰ লৈ গুৱাহাটীলৈ গল, আজি বছৰেক হল, তাৰো একো খবৰ নে পালোঁ; সি মনেৰে, ফাঁকি হে দিলে। সেয়ে থকা হলে তেও এতিয়া তাকে ভাঙ্গি খালোঁহেঁতেন। বাটি-লোটাকো বেচি খাই ঢুকালোঁ। তিৰোতাজনীৰ হাতত যি দুপদ কি এপদ অলঙ্কাৰ আছে, তাক কি বুলি খজিম? খুজিলোঁৱেই বা তাই নো দিব খুজিছে নে? তাই আগেয়ে পাণ খাই ধন উৰাবলৈ মোক সিমান মানা কৰিছিল, তেও মই তাইৰ হিত কথা নু শুনিলোঁ। এতিয়া তাই মোৰ কথা কেলেই শুনিব? তেও কি কৰিম? কানি খাবলৈ নে পাই মৰাত্‌কৈ, লাজ কাতিকৈ থৈ তাইকে এবেলি খুজি চাওঁ। (ঘৈণীয়েকক মাত লগাই লাহে-লাহে) শুনিছা নে? আজি কানি এফেৰি নাই, সমূলি মৰণ হৈছে। কি আছে কেৰু বা মণি এটাকে দিয়াঁ, তাকে বেচি কানি এফেৰা আনো গৈ।

 ঘৈণী। — (খং কৰি) এই খান মুখেৰেই আগেয়ে ন কৈছিলা, বোলা তোক দায়ে নে পায়? এতিয়া দেখোন এটাইবোৰ দাবে মোকেহে পাইছে হি, ধান-বনাৰপৰা পানী-অনালৈকে, সকলো বন ময়ে ন কৰিলে দুপৰীয়া [ ৪৬ ]ভাতো নোলায়। পানী-খোৱা লোটা আদি কৰি সকলো বস্তু বেচি খাইও সন্তোষ লগা নাই, আকও কেৰু-মণিও বেচি খাবলৈ লাগে। লাজ থকা মানুহে এনে কথা কেতিয়াও ন কয়।

 কীৰ্ত্তি। — (মনে-মনে) এইৰ মাত খোৱাত্‌কৈ কানি নে খাই মৰাই ভাল। হায় হায়! মই যদি কানীয়া নহলোঁহেঁতেন, এইৰ মাত সহিলোঁহেঁতেন কেলেই? একেষাৰ মান মাতোঁতেই গচকা মাৰি ধৰিলোঁহেঁতেন; এতিয়া একেষাৰ টান মাত মাতিবলৈও ভয় হে লাগে; তাই যদি মাক-বাপেকৰ ঘৰলৈ গুচি যায়, তেন্তে জীৱন্ততে মৰা হম। এই কানি খোৱা হলেও মোৰ ইমান দুখ ন হলহেঁতেন, তেতিয়া হাতৰ-কাণৰ বেচিও কানি আনিবলৈ দিলেহেঁতেন।

 ঘৈণী। — (মনে-মনে) ঈহ্‌! মই, চণ্ডালীয়ে কিয় জেঙ্গেৰাটো মাৰিলোঁ, দেহি, পৰোঁতে নো তেনে কৰিছে নে? আগেয়ে বৰবিহ খাইছে, এতিয়া নে খাই থাকিব নোৱাৰে, কি কৰিম? আঙ্গঠীকে এটা দিও, বেচি খাওক। (সোণৰ আঙ্গঠী এটা দি) হোৱাঁ, ইমানেই হে আছিল, তাৰো অন্ত পৰিল।

 কীৰ্ত্তি। — উস্‌ ৰাম! জীলোঁ; এতিয়া হাটলৈ যাওঁ।

(দুইৰো প্ৰস্থান।)

[ ৪৭ ]

                      চতুৰ্থ দৰ্শন

কীৰ্ত্তিকান্তৰ মাৰল-ঘৰ।

(কীৰ্ত্তিৰ প্ৰবেশ)

 কীৰ্ত্তি। — (কানি মলি সিটাটো মেলি চাই) এই ডোখৰ কি? চুটি-কাপোৰৰ পাতলি হবলা; ছিঃ ৰাম ৰাম! কানি-খোৱাৰ ধিকাৰ। কানিৰ লগত চুটি-কাপোৰৰ মলিও খাব লগা হলোঁ, (অলপ ভাবি চাই) হওক, কি কৰিবা, নেখাই পাৰি নে? আৰু ইয়াত দোষো নাই; কাৰণ কানি অণন্তবিষ্ণুৰ মুখৰপৰা হৈছে। সিদিনা অধ্যাপক দেউৱে কৈছিল ’বোলে কিবা ভাল বস্তু দেখি অনন্ত মহাপ্ৰভুৰ লোভ লাগিলত মুখৰ লাল আৰু ফেন পৰিল, তাৰেপৰা কানি হল, এই দেখি ইয়াক শাস্ত্ৰত “অহিফেন” বোলে আৰু এই কাৰণেই হে কানীমানুহবোৰ লুভীয়া হয়”! গঙ্গা বিষ্ণুৰ চৰণৰ পৰা হে হৈছিল তেও তা ৰপানী এছাটি গাত লাগিলেই মহাপাপ নষ্ট হয়, কানি সেই বিষ্ণুৰ মুখৰপৰা হৈছে, ইনো চুটি-কাপোৰৰ কানি এডোখৰো শুচি কৰিব নোৱাৰিব নে? ই কি কথা? (কানিৰ ৰসটোপা শোহা মাৰি) যেনে-তেনেকৈ তেও কানি-ফেৰা পোৱা হল, এতিয়া তিতাটো মৰোঁ কিহেৰে? সিদিনা ডাঙ্গৰীয়াৰ শৰাধলৈ যে [ ৪৮ ]কল-থোকা আনিছিলোঁ, পকিব পায়, তাৰে এটা নিলগে আনি তিতাটো মাৰোঁ। লৰাই আগেয়ে খালে মাক-বাপেকলৈ বস্তু অশুচি ন হয়; সৰুত আমাক আগেয়ে খুৱাই হে আই-বোপায়ে খাইছিল, এতিয়া ডাঙ্গৰ হলোঁ কি হল? আই-বোপাইৰ মনত তেও লৰা হে! (কলা ভক্ষণ) — কানিৰ ৰাগী এৰালত হামি আহিবলৈ ধৰিলে দেখি লৰালৰিকৈ কানি-ফেৰা খালোঁ, সন্ধ্যাটো কৰিবলৈও নহল, এতিয়া যাওঁ, শুধে-অশুধে সন্ধ্যাটো গাই ফোঁট এটা লৈ আহোঁ গৈ, কানি-ফেৰা খাই কলা দুটা হে খাইছোঁ, ইয়াত বৰ দোষ নাই, শস্ত্ৰতো তাৰ বিধি আছে।

(প্ৰস্থান)

(কিনাৰাম বৰগিৰীৰ প্ৰবেশ)

 কিনা। — আই, কি কৰিছে?

 (ভিতৰৰ পৰা) কোন, বৰগিৰী নে সেইটি?

 কিনা। — হয়, আই, আছে যদি ছালি-এখান দিয়ক, মুখ-খান গুচিল আৰু।

(ভিতৰৰ পৰা) বাৰু বহাঁ, মোৰ হাত আজৰি হক। (তামোলৰ বঁটা লৈ চন্দ্ৰপ্ৰভাৰ প্ৰবেশ)

 কিনা। — (মনে-মনে) ডেকা ডাঙ্গৰীয়াই বাপেকৰ শৰাধলৈ বুলি কলা পকাই পেট-পূজা হে কৰিলে হবলা। (প্ৰকাশকৈ) আই! সিদিনা যে বুঢ়া ডাঙ্গৰীয়াৰ শৰাধলৈ [ ৪৯ ]কলা পকাইছিল, এতিয়া দেখোন তাৰ বাকলি হৈ আছে গৈ।

 চন্দ্ৰ। — কানীয়া মানুহৰ গুৰু আছে নে গোঁসাই আছে? পেটটো তুষ্ট হলেই সকলো হয়। হোঁৱা, তামোল ধৰাঁ।

 কিনা। — (তামোল লৈ) আই? মই এতিয়া যাওঁ, বন আছে।

(দুইৰো প্ৰস্থান)

কীৰ্ত্তিৰ চৰাঘৰ।

(কীৰ্ত্তিৰ প্ৰবেশ।)

 কীৰ্ত্তি। — (মনে-মনে) গ্ৰহণীৰ দৰব বুলি তিৰোতাজনীক কানি খুৱালোঁ, এতিয়া তাইৰ ৰাগী বহিল, তাই তাক এৰিব নোৱাৰে। কানি খাবলৈ নে পালে এতিয়া হাতৰ-কাণৰ বেচিও কানি আনিবলৈ দিব; কানি-খোৱাৰ বাবে মোক কেটকেটাই থাকিবও নোৱাৰে।

(চন্দ্ৰপ্ৰভাৰ প্ৰবেশ। )

 চন্দ্ৰ। — (গিৰীয়েকক মাত লগাই) ভাল কামটো কৰিলা তেও, আপুনি যে মৰিলা, মোকো মাৰিলা, এনেটো টাঙ্গোন নে মাৰাঁ বুলি হে আছিলোঁ। কেলেই মোৰ নকৰত পৰিলা?

 কীৰ্ত্তি। — (লাহে-লাহে) কি কৰিম, মই নো তোমাক পাৰোঁতে বৰবিহ খুৱাইছোঁ নে? খৰে ধৰি তত্‌ নাই, [ ৫০ ]তাকে খাবৰপৰা তেও ভাল পাইছা। দেহত্‌কৈ আন কিবা ডাঙ্গৰ আছে নে? এক উপায়েৰে বেচি কিনি খাব লাগে।

 চন্দ্ৰ। — মোৰ মৰমত নৰিয়া ভাল কৰিবৰ মনেৰে তুমি মোক কানি খুওৱা নাই মোৰ অলঙ্কাৰ দুডাল-মান আছে, সেই কেইডাল বেচি খাবৰ মনেৰে হে ইয়াকে কৰিলা। অলঙ্কাৰ কেইডাল বেছি এঁটাই নো কি কৰাঁ চাম।[ ৫১ ]

                      •••••••••••••

                  কানীয়াৰ কীৰ্ত্তন

                       চতুৰ্থ অঙ্ক

                      প্ৰথম দৰ্শন

বৃকোদৰ শইকীয়াৰ ঘৰ।

 বৃকোদৰ। — (নাম-ঘৰৰপৰা ওলাই আহি মনে-মনে) পিণ্ডটো জানিবা দিয়া হল, এতিয়া ব্ৰাহ্মণ কেইজনক তুষ্ট কৰিব পাৰিলে সকলো সাম্ফল হয়?

 (বাজৰপৰা) শইকীয়া ঘৰত আছে নে?

 বৃকো। — আছোঁ, কোন সেইটি? সোমাই আহাঁ, বহাঁহি।

(কীৰ্ত্তিকান্তৰ প্ৰবেশ। )

 কীৰ্ত্তি— (মনে-মনে) শইকীয়াৰ বামুণ-বৈষ্ণৱত [ ৫২ ]বৰ ভক্তি। বাপেকৰ শৰাধটো বৰ শ্ৰদ্ধাৰে কৰে, নজনা ভাৱতে ইয়ালৈ আহিছোঁ, ভাল হৈছে, অৱশ্যে কানি দোৰোজ-মান পাম, আৰু দক্ষিণাৰ বাবে পইচাও অনা-চেৰেক পোৱা যাব। কিন্তু সি মোক মতা নাই, এতেকে শৰাধৰ বুজ নোপোৱা যেন দেখাওঁ। বুজ পাই নমতাকৈ অহাটো বৰ লাজৰ কথা। [ফুটাই] আজি দেখোঁ শইকীয়াৰ ঘৰত বৰ জঞ্জাল, কি নো হৈছে?

 বৃকো। — অ! আমাৰ ডেকা-বৰুৱা দেও! আহোক, বহোক হি, দেউতা, আজি মোৰ পৰম ভাইগ।

 কীৰ্ত্তি। — ন হয়, শইকীয়া, আজি তোমাৰ ঘৰত বৰ জঞ্জাল; মই ন বহোঁ, বিশেষ সকাম একো নাই, এনেই হে আহিছোঁ, এতিয়া যাওঁ, আন এদিন আহিম আকও।

 বৃকো। — [হাত-যোৰকৈ] ন হয়, দেউতা, আজি বোপাইৰ পিণ্ড এটা দিলোঁ, তাতে, আপোনাসকলক মাতিবৰ আমাৰ শক্তি নাই, তেও মোৰ ভাইগৰ গুণে আপুনি ধূলা পেলাবলৈ আহিছে, অলপ বহোক; শক্তিৰ ইছাৰে যি পাৰোঁ, অলপ সেৱা কৰোঁ, তেহে মোৰ মনটোত ভাল লাগিব।

 কীৰ্ত্তি। — (মনে-মনে) ময়ো তাকে হে বিচাৰি আহিছোঁ, [ফুটাই] আজি যে তোমাৰ ঘৰত শৰাধ, সেইটো কথাৰ মই বুজকে পোৱা নাই। বাৰু, তুমি যে বৰকৈ ধৰিছা, অলপ বহোঁ, তেও মোক সোনকালে বিদায় দিয়া। [ ৫৩ ] বৃকো। — নাম-ঘৰলৈ এবাৰ গৈ আহিলে ভাল হয়।

 কীৰ্ত্তি। — মোৰ ভিতৰলৈ যাবৰ মন নাই, বাহিৰৰেপৰা বিদায় দিয়া হলে ভাল আছিল, তেও ন গলে তুমি ভাল পাবা নে? বলা যাওঁ।

(দুইৰো প্ৰস্থান। )

                   দ্বিতীয় দৰ্শন।

বৃকোদৰ শইকীয়াৰ নাম-ঘৰ।

(কীৰ্ত্তিকান্ত আৰু বৃকোদৰৰ প্ৰবেশ)

 কীৰ্ত্তি। — শইকীয়া! জলপান কৰিবলৈ যে মাতিলা, সজ দৰব এফৰা আনা; কালিৰেপৰা বজাৰৰ আফিং খাই পেতৰ কামোৰে ধৰিছে।

 বৃকো। — [জঁপা কানি এচটা দি] এইয়া ধৰোক।

 কীৰ্ত্তি। — [মনে-মনে] জলপানটো ভালকৈ দিছে। আজি দুপৰীয়া ভাত-খোৱাও ভাল ন হল; ইয়াৰেই ভোক গুচিব। কানি-ফেৰাও ভাল, এতিয়া নে খালে কালিৰ দিনটো ইয়াৰেই যাব। এতিয়া যি হে লাগে, কিন্তু নিচেই নোখোৱাকৈ লৈ যোৱা দেখিলেও সি বেয়া বুলিব। [ ৫৪ ]এতেকে এটা বুধি কৰোঁ। (ফুটাই) শইকীয়া, দৰব মলিবলৈ মলা এটা দিয়াঁ।

 বৃকো। — ভাল, এই ধৰোক। (মলা-দান)

 কীৰ্ত্তি। — (বৃকোদৰে নেদেখাকৈ কানি-ফেৰা মেৰতলিত সুমুৱাই শুদা হাতটো মোহাৰি পানীটোপা খাই জলপান কৰি) শইকীয়া, জল-খোৱা হল, এতিয়া তামোল দিয়াঁ।

 বৃকো। — (আধলি এটাৰে সৈতে তামোলৰ বঁটা আগত থৈ সেৱা কৰি) মোৰ আজি বৰ ভাইগ।

 কীৰ্ত্তি। — (মনে-মনে) বামুণ হোৱাৰ অনেক গুণ। বামুণে ভিতৰত যিমান অকৰ্ম্ম কৰোক, বাহিৰত লোকক দেখুৱাই সন্ধ্যা-পূজা কৰি ফোঁটটো লৈ থাকিলেই সকলোৰে পৰা মান পায়। মই যিবোৰ কাম কৰিছোঁ, মোৰ ন-গুণৰ গোসাঁই কেতিয়াবাই পলাল; তেও বাহিৰত সঁচাই মিছাই সন্ধ্যাটো কৰি ফোঁটটো লৈ থাকো দেখি এটায়ে বামুণ বুলি মানে। কথাতে কয়, বোলে, “লুকাই বীৰয়া এটাই; দেখাই বীৰয়া কোনো নাই।” (ফুটাই) কুশল হওক। (তামোল আৰু দক্ষিণা লৈ) শইকীয়া, মই এতিয়া যাওঁ।

 বৃকো। — ভাল দেউতা।

(দুইৰো প্ৰস্থান। )

[ ৫৫ ]

                    তৃতীয় দৰ্শন

ফাটকৰ আস্পতাল।

কীৰ্ত্তিকান্তৰ চাৰপাইত শয়ন — ৰমজান খাঁ নেটিৰ

ডাক্তৰৰ প্ৰবেশ।

 ৰম। — (কীৰ্ত্তিৰ গাত হাত দি) ই ক্ৰানিক ডেচেণ্ট্ৰী, ইয়াক আৰাম কৰা মস্কিল; একিউট্‌ হোনেসে জলদি আৰাম হয়; তাতে ফেৰ পেশ্যেণ্টঠো আফিমখোৰ। আ্উৰ ভি একঠো পৰগেটিৰ দেনে হোগা— দেৰেচী! এক আওঞ্চ কেষ্টাৰাইল থোৰা গৰম পানীৰ লগত মিলাই ইস্‌কো পিলাই দে।

 কীৰ্ত্তি। — হায় হায়! মোৰ কি কপাল! মই কেলেই বৰ-বিহ খাইছিলোঁ? তাকে নোখোৱা হলে মোৰ এনে দশা হব কিয়? কানীয়াৰ অৱস্থা দেখিয়েই আছিলোঁ, তেও চকু থাকিও খালত পৰিলোঁ। আই-বোপাইয়ে কানি খাবলৈ হাক দিয়াত তেওঁবিলাকৰ হিত কথা মোৰ কাণত যাঠীৰ খোঁচ যেন হে লাগিছিল, এতিয়া হে তাৰ মোল বুজিছোঁ। কানিৰ লগতে ধন, বস্তু, মান, আবৰ, সকলো গল; শেহান্তৰত এপোৱা কানিৰ লোভত মিছা সাখী ওলাই এতিয়া ফাটকত প্ৰাণ যায়। শ-টও অজাতিয়ে চুবলগা হল। [ ৫৬ ]ইহকালত যে ইমান কষ্ট ভুগিছোঁ, পৰকালতো জীৱটোৰ অসজ গতি কৰিলোঁ, জল পিণ্ডৰো আশা নাই। মোৰ বেজাৰতে তিৰোতা জনীও মৰিল। সতী-তিৰোতাৰ গিৰীয়েকত্‌কৈ মৰমৰ বস্তু একো নাই, তাক এতিয়াহে জানিলোঁ। মোক কানি খাই ধন উৰুৱা দেখি কেটকেটাই থকাত কুটুমক বেয়া পাইছিলোঁ, আৰু নিচেই নিমৰমিয়াল বুলি ভাবিছিলোঁ। এতিয়া শুনিছোঁ, মই ফাটকত পৰাৰ কথা শুনিয়েই মোৰ ভৈয়াই মূছকঁছ গল, সেয়ে বনি হৈ দহ দিনৰ মূৰত প্ৰাণ এৰিলে। ইয়াত্‌কৈ আৰু মৰমৰ চিন আন কি লাগে? আই ঐ দেহি ডুখৰি! মোৰপৰা এদিনলৈও সুখ যে নে পালেই, শেহত ময়ে তাইৰ বধৰ ভাগী হলোঁ। মই কুকাম কৰি ফাটকত নপৰা হলে মোৰ ভৈয়াই তেনেকৈ কিয় মৰিব? মোৰ কুটুমে মোৰ ফাটকত পৰাৰ কথা শুনিয়েই দেহকে এৰিলে, মোৰ কেনে লেটেকা জীৱ, তেওঁ মৰা শুনিও মই মৰিব পৰা নাই। তেওঁক ৰোগে পীড়ি ললে, আৰু সৰহ বেলি এই সংসাৰত ললাট নাই, অলপতে মোৰ জীউটিৰে সৈতে লগ লাগিব পাৰিম গৈ। (অলপ ভাবি চাই) হায় হায়! কি আশা কৰিছোঁ? মোৰ কুটুমৰ শুধ জীৱ আছিল, পোনে-পোনে স্বৰ্গলৈ গল। মই পাপীয়ে যিবোৰ কাম কৰিছোঁ, স্বৰ্গৰ ফাললৈ মুখ কৰিবই নোৱাৰোঁ, ৰৌৰৌ-নৰকতহে মোৰ ঠাই হব। কানি, তো ভাল মহিমা! তই মানুহৰ ইহকাল, পৰকাল দুইকো নষ্ট কৰ। [ ৫৭ ]আমাৰ দেশৰপৰা এই কালকূট কেতিয়া দূৰ হব? সিদিনা যে ইস্কুল-পণ্ডিতে ফকৰাটো মাতিছিল, সি সঁচা,

“কেপা-কানি বিহৰ শেষ।

কানীয়াৰ নাই জ্ঞানৰ লেশ॥

হায় হায়! কি ঘোৰ ক্লেশ।

কানিয়েই খালে অসম দেশ॥”

 উস্‌! এই ঠেংটো দেখোন লৰাবই নোৱাৰোঁ, সেই ফালে মৰিল হবলা, (অলপ মান ৰৈ) হয়, ঠেঙ্গৰ ফাল মৰিল; গ্ৰহণী-ৰোগ দেখি হে জ্ঞানটো আছে। গ্ৰহণী-ৰোগত মৰিবৰ যোগীৰো বাঞ্ছা বুলি যে মানুহে কয়, তাৰ এয়েহে কাৰণ — মৰিবৰ সময়লৈকে জ্ঞান নুগুচে। এতিয়া সকলো কথা এৰি ঈশ্বৰৰ নামহে লব লাগে, ৰাম-কৃষ্ণ, ৰামকৃচ্‌ — (অমাত।)

(সকলোৰে প্ৰস্থান। )

•সম্পূৰ্ণ

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: কানীয়াৰ কীৰ্ত্তন
Editor

Editor

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 12, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 7, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

July 6, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

July 5, 2026
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 30, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
“Paromanawik Samay” !

“Paromanawik Samay” !

July 12, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37233 shares
    Share 14893 Tweet 9308
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16808 shares
    Share 6723 Tweet 4202
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2049 shares
    Share 820 Tweet 512
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    239 shares
    Share 96 Tweet 60
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    141 shares
    Share 56 Tweet 35
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6728 shares
    Share 2691 Tweet 1682
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3929 shares
    Share 1572 Tweet 982
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d