–তনয় চক্ৰৱৰ্তী |
কাবুলৰ পৰা প্ৰাপ্ত বাতৰি অনুসৰি আফগানিস্তানৰ পৰা আমেৰিকান সৈন্য অপসাৰণৰ ৭২ ঘন্টাৰ ভিতৰতে আফগানিস্তানত চৰকাৰ গঠনৰ প্ৰস্তুতি চলাইছে তালিবানে। ৩ ছেপ্টেম্বৰত জুম্মাৰ নামাজ সমাপ্ত কৰি আফগানিস্তানত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে তালিবান। আফগানিস্তানৰ পৰা আমেৰিকান সৈন্য প্ৰত্যাহাৰ কৰাৰ পিছতেই বিজয়ৰ ৰণভেৰী বজাইছিল তালিবানসকলে। এতিয়াৰে পৰা প্ৰতি বছৰে ৩১ আগষ্টত স্বাধীন দিৱস উদযাপন কৰা হ’ব বুলি তেওঁলোকে ঘোষণা কৰিছে। চৰকাৰ গঠনৰ প্ৰথম দিনটোতেই তালিবান নেতাসকলে কৈছে যে বিগত কেইটা দশকৰ যুদ্ধৰ পিছত দেশখনলৈ শান্তি আৰু নিৰাপত্তা ওভোতাই অনাটোৱেই হ’ব মুখ্য বিষয়।
তালিবানৰ শীৰ্ষ নেতা হায়বাতুল্লাহ আখুন্ডজাদাই নতুন গৱৰ্ণিং কাউন্সিলৰ চূড়ান্ত ক্ষমতা নিজৰ হাতত ৰাখিব আৰু তেওঁৰ অধীনত থাকিব ৰাষ্ট্ৰপতি। ইয়াৰ ফলত এয়া ষ্পষ্ট যে ৰাষ্ট্ৰপতি হ’ব জঙ্গি তালিবানী নেতা আখুন্ডজাদাৰ হাতৰ পুতলা। ইয়াৰোপৰি তালিবানে প্ৰতিশ্ৰুতি দিছে যে বিদেশী বা আফগানীসকলক দেশজুৰি নিৰাপত্তা প্ৰদান কৰা হ’ব। ইৰাণৰ দৰে মডেল তৈয়াৰ কৰিব পাৰে তালিবান চৰকাৰে। আফগানিস্তানৰ ৰাষ্ট্ৰপতি হ’ব পাৰে আব্দুল গণি বৰাদৰ। বৰাদৰে ২৪ জনক লৈ নতুন মন্ত্ৰীসভাৰ কাম আৰম্ভ কৰিব। কিন্তু চূড়ান্ত ক্ষমতা আখুন্ডজাদাৰ হাততেই থাকিব বুলি সুষ্পষ্ট হৈ পৰিছে।
কাবুল নহয়, কান্দাহাৰ হ’ব তালিবানসকলৰ নতুন ৰাজধানী। আফগানিস্তানৰ জাতীয় পতাকাৰ ৰং আৰু নক্সা সলনি কৰাৰো সম্ভাৱনা প্ৰৱল। একেলগে সলনি হ’ব পাৰে সংবিধান। নৱগঠিত চৰকাৰৰ সেনাবাহিনীত তালিবানী যোদ্ধাসকলক চামিল কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে। তালিবানৰ প্ৰিয় স্থান হ’ল কান্দাহাৰ। ইয়াৰ আগতে তালিবানে যেতিয়া শাসনকাৰ্য চলাইছিল, তেতিয়াও আফগানিস্তানৰ ৰাজধানী আছিল কান্দাহাৰ।
তালিবানৰ সৰ্বোচ্চ নেতা হায়বাতুল্লাহ আখুন্ডজাদাক এতিয়াও প্ৰকাশ্যে দেখা যোৱা নাই। তেওঁ হেনো কান্দাহাৰতেই বহি সামগ্ৰিক পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আছে। মোল্লা ওমৰৰ দৰে তেওঁ নেপথ্যত থাকিয়েই কাম কাজ কৰি আছে। ২০১৫ চনত তালিবানৰ প্ৰতিস্থাপক মোল্লা ওমৰৰ মৃত্যুৰ খবৰ প্ৰকাশ হোৱাৰ পিছত তালিবানৰ ভিতৰত ক্ষমতা দখলৰ বাবে ৰক্তাক্ত সংঘৰ্ষ হৈছিল আৰু মতভেদ হৈ এটা দল ফাটি ওলাই গৈছিল। তাৰপিছত নানা শাখাত বিভক্ত হৈ পৰে তালিবান। সেই শাখাবোৰক একত্ৰিত কৰি শক্তি বৃদ্ধি কৰা কামটো খুব উজু নাছিল।
এতিয়া আফগানিস্তানৰ প্ৰশাসনিক দায়িত্ত্ব বুজি লোৱাৰ সময়ত আখুন্ডজাদাক সন্মুখৰ শাৰীত দেখা পাব লাগিছিল যদিও তেওঁ দেখা দিয়া নাই। ২০১৬ চনৰ পৰা আখুন্ডজাদাক পাকিস্তানৰ গুপ্তচৰ সংস্থাৰ মাৰফৎ নিৰাপত্তা দি নিৰাপদে ৰখা হৈছিল। ইন্টাৰনেচনেল ক্ৰাইচিছ গ্ৰুপৰ সদস্য লৰেল মিলাৰৰ মতে মোল্লা আখতাৰ মনচুৰক যিদৰে ড্ৰোণেৰে আক্ৰমণ কৰি হত্যা কৰা হৈছিল, আখুন্ডজাদাৰ ক্ষেত্ৰত তেনে হোৱাটো তালিবানে বিচৰা নাই।
তালিবানৰ সূত্ৰৰ মতে সন্মুখত নাথাকিলেও কান্দাহাৰত বহি প্ৰতিটো বিষয়ৰ ওপৰত নজৰ ৰাখিছে আখুন্ডজাদাই। সৰু সুৰা বিষয়ৰ ক্ষেত্ৰতো আখুন্ডজাদাৰ কথাই চূড়ান্ত কথা। ঠিক এনে প্ৰতিপত্তি আছিল মোল্লা ওমৰৰো। ১৯৯০ চনত তালিবানে যেতিয়া প্ৰথমবাৰৰ বাবে আফগানিস্তানৰ ক্ষমতা দখল কৰিছিল, তেতিয়া মোল্লা ওমৰক খুব কমেইহে কাবুললৈ অহা দেখা গৈছিল। কান্দাহাৰৰ মাদ্ৰাছাত বহিয়েই তেওঁ সকলো নিয়ন্ত্ৰণ কৰিছিল। মোল্লা ওমৰৰ কথাই আছিল তালিবানৰ শাসনকালত আইন। বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে যে মোল্লা ওমৰৰ আৰ্হিৰেই আখুন্ডজাদাই অন্তৰালত থাকি আফগানিস্তান শাসন কৰিব আৰু সেইবাবে কাবুলৰ সলনি কান্দাহাৰক ৰাজধানী কৰিবলৈ বিচৰা হৈছে।
শ্বেখ আলহাদিত হিবাউল্লাহক সম্প্ৰতি যাৱতীয় ‘প্ৰেছ ব্ৰিফিং’-অৰ দায়িত্ব দিয়া হৈছে। তেওঁ একেলগে বিভিন্ন ৰাষ্ট্ৰনেতাৰ সৈতে যোগাযোগ চলাই গৈছে। আফগানিস্তান আন্তৰ্জাতিক সাহায্যৰ ওপৰত বহুত বেছি নিৰ্ভৰশীল। এতিয়া ভয়ংকৰ অৰ্থনৈতিক সংকটত ডুবি আছে আফগানিস্তান। গতিকে এইবাৰৰ পথ মুঠেও মসৃণ হৈ থকা নাই। দেখা যাওক, আখুন্ডজাদাই কি কি কৰে!!