কাব্য-ঋষি নীলমণি ফুকনৰ সশ্ৰদ্ধ সোঁৱৰণত
বিক্ৰমাদিত্য দত্ত কাকতি

থৰ লাগি তেওঁ আমাৰ মুখলৈ চাই আছে
“নীলমণি ফুকন আজীৱন যন্ত্ৰণাৰ সৈতে যুঁজি যুঁজি জুয়ে পোৰা সোণ হৈ জিলিকি উঠিছিল” – ডঃ মৃদুল শৰ্মা
এই এটা মাত্ৰ শব্দ —সেউজী
সাগৰৰ বুকুত জন্ম নগ্ন কোনো নাৰীৰ ওঁঠৰ পৰা
এদিন এজন কবিয়েই ছিঙি আনিছিল
এই শব্দটো
তেজ ৰঙা কৰা এই শব্দটোৰ মাজেৰে
সূৰ্যলৈ এটা বাট আছে
বতাহৰ মাজলৈ হৃদয়ক প্ৰসাৰিত কৰা
শব্দটো সেউজী
১৯ ফেব্ৰুৱাৰী আছিল দিনটো।
দেওবাৰ।

কাব্য ঋষি নীলমণি ফুকন কায়িকভাৱে আমাৰ মাজৰপৰা চিৰদিনৰ বাবে আঁতৰি যোৱাৰ সম্পূৰ্ণ এটা মাহত ভৰি দিছে। এই দিনটোতেই কবিগৰাকীৰ কবিতাৰে জীপাল হৈ উঠিছিল দুলীয়াজান ক্লাবৰ প্ৰেক্ষাগৃহ।
দুলীয়াজান সাহিত্য সভাৰ উদ্যোগত আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত আয়োজিত “থৰ লাগি তেওঁ আমাৰ মুখলৈ চাই আছে” শীৰ্ষক এক ব্যতিক্ৰমধৰ্মী অনুষ্ঠানৰ আয়োজনে ঋষিতুল্য কবিগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনোৱা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে কবিৰ “এই এটা মাত্ৰ শব্দ” কবিতাটো শিল্পী তৰুণ গগৈয়ে সুৰ কৰা তথা দুলীয়াজান সাহিত্য সভাৰ শিল্পীসকলে পৰিৱেশন কৰা সমবেত গীতটোৱে উপস্থিত প্ৰতিগৰাকী শ্ৰোতাৰ দুচকুৱেদি চকুলো বৈ অহা দেখিবলৈ পোৱা গৈছিল।
সঁচা অৰ্থত অনুষ্ঠানত উপস্থিত প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়ক প্ৰসাৰিত কৰি তুলিছিল —সৃষ্টিশীলতাৰ মাজলৈ, সুন্দৰৰ সন্ধানত।
বিশিষ্ট সমালোচক তথা গৱেষক ড০ মৃদুল শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই কাব্য -চৰ্চা অনুষ্ঠানটিত কবি নীলমণি ফুকনে অসমীয়া কাব্যধাৰাক কেনেদৰে সমৃদ্ধ কৰি তুলিছে বা কবিগৰাকীৰ নিজস্ব কাব্য-বৈভৱ কি এই দিশ সমূহৰ ওপৰত আলোচকমণ্ডলীয়ে বিস্তাৰিত ভাবে আলোকপাত কৰে।
কবিৰ কবিতাত অন্তৰ্লীন ভাবজগতৰ পৰিচয় কবিৰ নিৰ্বাচিত শব্দই কেনেদৰে ধৰি ৰাখিবলৈ সক্ষম হৈছে অথবা নীলমণি ফুকনৰ কবিতাই অসমীয়া কবিতাক এটা অত্যুচ্চ মাত্ৰা দান কৰাৰ সম্পৰ্কতো চৰ্চা কৰা হয়। কেৱল কবিতাইনে কবিৰ শিল্পকলাৰ প্ৰতি থকা গভীৰ অনুৰাগৰ কথাও ১৯ ফেব্ৰুৱাৰীৰ দিনা দুলীয়াজান ক্লাব প্ৰেক্ষাগৃহত অনুষ্ঠিত চৰ্চাত ঠাই পায়।

এক ব্যতিক্ৰমধৰ্মী অনুষ্ঠান এইবাবেই আছিল যে সচৰাচৰ আলোচকসকলে বক্তৃতা দিয়াৰ পৰিবৰ্তে সকলোৱে এক অন্তৰংগ আলাপত মিলিত হৈছিল। ইয়াৰ মাজে মাজে কবিৰ সৈতে লাভ কৰা উমাল সান্নিধ্যৰ তথা অন্তৰংগতাৰ কথাবোৰো ৰোমন্থন কৰা হয়।
অংকুৰ ডেকা,ড০ মৃণাল কুমাৰ গগৈ,ড০ চিত্ৰজিৎ শইকীয়া, কবিপুত্ৰ অমিতাভ ফুকনৰ লগতে সঞ্চালক মৃদুল শৰ্মাৰ আলোচনাত প্ৰতিফলিত হোৱা বক্তব্যত যেন বানে ধুই স্তব্ধ কৰা জয়াল পথাৰত উঁইচিৰিঙাৰ মাতৰ তীব্ৰতা আৰু সেই ধ্বনিৰ মাজতে ধৰা দিয়া অবাংময় কথকতাৰ গভীৰতা কিমান সেয়া প্ৰতিগৰাকী শ্ৰোতা দৰ্শকে উপলব্ধি কৰাৰ এক পৰিবেশৰ সূচনা হৈছিল ।,
অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক মুখ্য বিষয়া প্ৰশান্ত বৰকাকতিৰ কবিতা আবৃত্তি। তেখেতে কবিৰ বিখ্যাত কবিতা “হংসধ্বনি শুনিছোঁ ” শীৰ্ষক কবিতাটো অতি সাৱলীলভাৱে আবৃত্তি কৰি অনুষ্ঠানটি সোণত সুৱগা কৰি তোলে।

পুস্পাঞ্জলি পৰাশৰে “ওলমি থকা গোলাপী জামুৰ লগ্ন“,স্বপ্না দেৱী নাথে “সোণ হালধীয়া ফুলপাহ বাৰু তোমাক“,শোভামণি দত্ত তামুলীয়ে “ছাঁ“, পলী দাসে “সূৰ্য হেনো নামি আহে এই নদীয়েদি“, নিৰ্মালি শইকীয়াই “হে ভীষণ ঐশ্বৰ্য, তোমাৰ প্ৰেম‘ আৰু মনোজ কুমাৰ দত্তৰ “থৰ হৈ তেওঁ আমাৰ মুখলৈ চাই আছে“ৰ কবিতা আবৃত্তিয়ে অনুষ্ঠানটি গতিশীলতা প্ৰদান কৰে।
কথা -বাৰ্তাৰ পৰা ব্যক্তিগত সান্নিধ্যলৈ, নীলমণি ফুকনৰ যন্ত্ৰণাৰ পৰা কাব্য-ঋষিৰ নিৰ্মাণলৈ, জ্ঞানপীঠ বিজেতাগৰাকীৰ কৰ্ম, জীৱন তথা ব্যক্তিত্বৰ দুই ঘন্টাতকৈও অধিক সময়জোৰা অনুষ্ঠানক সঞ্চালক ডঃ মৃদুল শৰ্মাই অভিহিত কৰিছিল “নীলমণি উদযাপন” ।
আমাৰ লগত হোৱা কথা বতৰাত নিজৰ অভিমত প্ৰকাশ কৰি বিশিষ্ট সমালোচক, অনু্ষ্ঠানটোৰ সঞ্চালক ডঃ মৃদুল শৰ্মাই কৈছিল, “কবিৰত্ন নীলমণি ফুকনৰ ব্যক্তিত্ব আৰু প্ৰতিভাৰ মূল্যায়ন কৰাটো আমাৰ উদ্দেশ্য নহয়। আমাৰ উদ্দেশ্য তেখেতক উদযাপন কৰাহে। তেখেত আজীৱন যন্ত্ৰণাৰ সৈতে যুঁজি যুঁজি জুয়ে পোৰা সোণ হৈ জিলিকি উঠিছিল। কবিতা, কলা সমালোচনা আৰু আত্মজৈৱনিক গদ্যৰচনাৰ মাজত তেখেতৰ সাহিত্যিক প্ৰতিভাৰ স্ফূৰণ ঘটিছে। ঐতিহ্যপৰায়ণতা, লোকজীৱনৰ উপলব্ধি, নৈসৰ্গিক প্ৰকৃতিৰ মাজত আন্তৰিকতাপূৰ্ণ অৱগাহন, দৃষ্টিবেদ্য কলাসম্পদৰ ভাষাক কাব্যভাষালৈ কৰা ৰূপান্তৰ আদিয়ে তেখেতৰ কবিতাক অনন্য কৰি তুলিছে। ইতিহাসৰ বিশাল কেনভাছত তেখেতৰ মানৱতাবোধ কবিতাৰ ৰূপত প্ৰকাশ পাইছে। নিজৰ সৃষ্টিৰ মান সম্পৰ্কে সন্দিহান হৈ বাৰম্বাৰ সম্পাদনা আৰু পুনৰ্লিখনৰ অনুশীলনে কবি হিচাপে তেখেতক অতুলনীয় কৰি তুলিছে। দৃষ্টিবেদ্য শিল্পজগতৰ সৈতে থকা সুদীৰ্ঘকালৰ সম্পৰ্কই তেখেতৰ কাব্যভাষাৰ নিৰ্মাণত বিশেষ ভূমিকা পালন কৰিছে। বিমূৰ্তৰ ওপৰত মূৰ্তৰ বিশেষত্ব আৰোপ, বিশেষ বিশেষ বৰ্ণসূচনাৰ প্ৰয়োগ আদিৰে তেখেতৰ কবিতা সমসাময়িকসকলৰ মাজত একক হৈ জিলিকি ৰৈছে। অনুজসকলৰ পথ প্ৰদৰ্শক হিচাপে তেখেতে পালন কৰা দায়িত্বই সাম্প্ৰতিক সময়ৰ অসমীয়া কবিতাক তেখেতৰ ধাৰাটোৰে বিস্তাৰ হিচাপে প্ৰতীয়মাণ কৰিছে। তেখেতৰ কাব্যৰ পৰিমণ্ডলৰ বাহিৰ হ’বলৈ বৰ্তমানৰ কবিসকলে যত্ন কৰিব লাগিব। তাৰ কাৰণে লাগিব প্ৰচুৰ অধ্যয়ন আৰু অনুশীলন।”

অংকুৰ ডেকাই “থৰ লাগি তেওঁ আমাৰ মুখলৈ চাই আছে“ত নীলমণি ফুকনৰ কবিতাৰ পৰিমাৰ্জনাৰ প্ৰসংগ উত্থাপন কৰি কৈছিল, “ছাৰে প্ৰতিটো কবিতা কিমান বাৰ যে পৰিমাৰ্জনা কৰিছিল? ছাৰৰ দীঘল কবিতা বেছি নাই। ছাৰৰ চুটি কবিতাকেইটা কিন্তু বৰ দীঘল।”
ডঃ মৃণাল কুমাৰ গগৈয়ে ফঁহিয়াই দেখাইছিল কিদৰে সাম্প্ৰতিক কবিৰ সৃষ্টিৰাজীত নীলমণি ফুকনৰ কবিতাৰ ছাঁ পৰিছিল।
কবিপুত্ৰ অমিতাভে (অমিতাভ ফুকন) পিতৃৰ চকুত দেখা তীব্ৰ যন্ত্ৰণাৰ ছবিখন সোঁৱৰিছিল অনুষ্ঠানত।
কাব্য- ঋষিৰ অন্যতম সৃষ্টি “এজন কবিয়ে কৈছিল” শীৰ্ষক কবিতাটো আবৃত্তি কৰিছিল অমিতাভ ফুকনে।
“এজন কবিয়ে কৈছিল
যিসকলে কবিতা নপঢ়ে
কবিতা তেওঁলোকৰ কাৰণেই
তেওঁলোকৰ বুকুৰ ঘা আৰু কাঁইট সোমাই থকা
আঙুলিবোৰৰ কাৰণে…..” আবৃত্তি কৰি গৈছিল অমিতাভ ফুকনে।

” এটা জাতিৰ মহা দুৰ্দিনৰ দিনতো কবিতা জীয়াই থাকে। আগলৈকো জীয়াই থাকিব। আনকি কবিতা নপঢ়া মানুহৰ মাজতো। কবিতা যে আনন্দময় বেদনাময় হৃদয়ৰ নিভৃত ভাষা।” —সাহিত্য একাডেমী বঁটা গ্ৰহণ কৰি দিয়া ভাষণত কবিয়ে কোৱা এই কথাকেইষাৰ প্ৰতিধ্বনিত হৈছিল দুলীয়াজান ক্লাবৰ প্ৰেক্ষাগৃহত।
কাব্য – ঋষিৰ প্ৰয়াণৰ পাছত অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক মূখ্য বিষয়া প্ৰশান্ত বৰকাকতিৰ এটা সুকীয়া চিন্তাৰ আঁত ধৰি দুলীয়াজান সাহিত্য সভাৰ সভাপতি ৰঞ্জন মহন্ত, সম্পাদক লোহিত দত্তকে ধৰি প্ৰতিগৰাকী সদস্য তথা ১৯ ফেব্ৰুৱাৰীৰ দিনা অনুষ্ঠানত উপস্হিত প্ৰতিগৰাকী দৰ্শক – শ্ৰোতাই সোৱঁৰিলে কাব্য ঋষিক।
থৰ হৈ তেওঁ আমাৰ মুখলৈ চাই আছে।
কাব্য-ঋষিলৈ সশ্ৰদ্ধ প্ৰণাম।

20-02-2023
[Images from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)