• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, June 30, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Heritage

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো

নিৰ্মালি আৰ্য্য

by Admin
June 24, 2022
in Heritage, Special Report
Reading Time: 2 mins read
0
ইতিহাসপ্ৰসিদ্ধ কামাখ্যামন্দিৰ আৰু অম্বুবাচী মেলা
Share on FacebookShare on TwitterShare on LinkedIn

কামাখ্যা

নিৰ্মালি আৰ্য্য

১. ভুতাত্ত্বিক সকলৰ নিৰ্ণয় মতে নীলাচল পাহাৰ কমেও ৭০০ নিযুত বছৰ পুৰণি, মূলতঃ ৰূপান্তৰিত কোৱাৰ্টজাইট, বায়টাইট ছিছ/নিছ আৰু গ্ৰেণাইটেৰে গঠিত । সৰ্বোচ্চ শিখৰৰ উচ্চতা ২৫০ মিটাৰ ।

RelatedPosts

The Children Of Despair

The Children Of Despair

June 29, 2022
Bread as a weapon: why famine in Africa is beneficial for Russian mercenaries

Bread as a weapon: why famine in Africa is beneficial for Russian mercenaries

June 28, 2022
Middle East: Mounting violence leaving ‘scores of Palestinian and Israeli casualties’

Middle East: Mounting violence leaving ‘scores of Palestinian and Israeli casualties’

June 28, 2022

২. ইয়াত এটা প্ৰাকৃতিক পানীৰ উৎস থকাৰ ফলত প্ৰাগজ্যোতিষ বা তাৰো আগৰ ৰজাসমূহে ইয়াত ৰাজধানী দুৰ্গ সজাবলৈ সুবিধা পাইছিল আৰু নিৰৱধি পানীৰ ফোৱাৰাটোক (মনোভৱ গুহা) ঐশ্বৰিক সত্বাৰ স্বৰূপ দান কৰিছিল ।

৩. কামাখ্যাই মুলত ৪টা ধৰ্মীয় ধাৰাক সামৰি ৰাখিছে । অষ্ট্ৰিক সকলৰ মাতৃ পুজা । ভুমধ্যসাগৰীয় দ্ৰাবিড় আৰু আলপাইন সকলৰ প্ৰাকবৈদিক বৰাহ-কাত্যায়নী, কুমাৰী আৰু যৌনাংগপুজাৰ বিধি । বৌদ্ধ সকলৰ তান্ত্ৰিক বামাচাৰ আৰু বৈদিক সকলৰ শক্তিপুজা ।

৪. নীলাচলৰ গ্ৰেণাইটেৰে বন্ধোৱা “মনোভৱ গুহা” দেৱীৰ সৃষ্টিৰ মুল আৰু আজন্ম বাসস্থান যদিও কামাখ্যা কামেশ্বৰী ধৰ্মীয় ধাৰাতো খ্ৰীষ্টীয় একাদশ শতিকাতহে বৈদিক পৰিমণ্ডলৰ সতে সংযুক্ত হৈছিল অৰ্থাৎ তাৰ আগলৈকে দেৱী সনাতনী নাছিল । যোনীপুজা চিৰন্তনভাৱে অবৈদিক ।

৫. ভৌম বংশৰ ৰাজত্বকালত কামাখ্যাপীঠত বৰাহ-কাত্যায়নীৰ একোটা ভব্য মন্দিৰ আছিল যত বাসুদেৱ সকলৰ পুজা অৰ্চনা হৈছিল ফলত পঞ্চবাসুদেৱৰ মূৰ্তিৰ লগতে ভৌম বৰ্মন আৰু পাল বংশৰ ৰজাসকলৰ শিলামূৰ্তিৰ হাতত একদালকৈ বল (বলৰামৰ প্ৰতিক) দেৱালয়ৰ প্ৰাচীৰ ভাস্কৰ্য্যত অদ্যাপি বিদ্যমান । 

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো

নীলকুটৰ শৈলতোৰণত মুস্তিক বলভদ্ৰৰ নান্দনিক যুগলমূৰ্ত্তি এটা এতিয়াও আছে । উমাচল শিলালেখেও ইয়াৰ সত্যতাকে নিৰুপন কৰে । ভূমি কৰ্ষণকাৰী বলভদ্ৰ আৰু ভূদেৱীৰ সংযোগে শস্য উৎপাদনৰ ধাৰণাতো আজিও কামাখ্যাৰ কিংবদন্তিৰ লগত পৰোক্ষভাৱে সংযুক্ত ।

৬. সঞ্জয় জনকৰ পালিতপুত্ৰ বসুধানন্দন প্ৰথম নৰক, বিষ্ণু আৰু ভুমিদেৱীৰ উপাসক । আনহাতে দশম শতিকাত ৰচিত কালিকাপুৰাণত উল্লেখিত ২৯নং তথা শেষজন বজ্ৰধ্বজ নৰকহে আছিল কামাখ্যাপুজক । দুয়োজৰ ৰজাৰ মাজৰ ব্যৱধান এশ দশক । অৰ্থাৎ ভূদেৱী কাত্যায়নী, ষোড়শী কামাখ্যালৈ পৰ্য্যৱসিত হোৱাৰ সময় এশ দশক ।

“জন্ম আৰু বিবৰ্ত্তন খোজে খোজে কামাখ্যাই বহন কৰিছে কামৰূপৰ সৰ্বস্তৰৰ সংস্কৃতি তথা ইতিহাস । কামাখ্যাত যি নাই সেয়া অসমত নাই । তৎস্বত্বেও কামাখ্যা বিষয়ক গবেষণা তেনেই নগণ্য।”

৭. কালাপাহাৰে নীলকুট ধ্বংস কৰা প্ৰবাদটো এক প্ৰচলিত ভ্ৰান্তি । ঐতিহাসিক তথ্য মতে কালাপাহাৰে কোচ সাম্ৰাজ্য আক্ৰমণ কৰিছিল ১৫৬৮ খ্ৰীঃত আনহাতে চিলাৰায়ৰ দ্বাৰা কামাখ্যা পুনঃনিৰ্মিত হৈছিল ১৫৬৫ ত । ভুতত্ত্ববিদ তথা যোগিনীতন্ত্ৰৰ মতে নীলকুটৰ দেৱালয় প্ৰাকৃতিক কাৰণত ধ্বংস হৈছিল । কালাপাহাৰে ধ্বংস কৰা মন্দিৰটো আছিল কোছবেহাৰৰ কোনো এটা দেৱী মন্দিৰহে কাৰণ চিলাৰায়ে সজা নীলকুটৰ দেৱীধাম আজিও অক্ষত অবস্থাত আছে।

৮. দেৱীৰ কোনো প্ৰচলিত মূৰ্ত্তি নাছিল । আজিৰ অষ্টধাতুৰ ‘চলন্তা‘ মূৰ্ত্তিৰ সৃষ্টিকাৰ বংগীয় ব্ৰাহ্মিন কৃষ্ণৰাম ন্যাসবাগীশহে (দেৱীৰ গাত শাৰী) । 

বুৰঞ্জীৰ পৰ্বতীয়া গোসাঁই পাৰিবাৰিক পৰম্পৰা মতে কালী সাধক । কামাখ্যাৰ বিধি ব্যৱস্থাৰ লগত তেওঁৰ যুগ যুগান্তৰৰ পৰা কোনো পৰিচয় নাছিল । আহোম ৰজাৰ অজ্ঞতাৰ ফলত খহি পৰিছিল কামৰূপৰ সাতামপুৰুষীয়া স্বতন্ত্ৰ ধৰ্মধাৰা । তৎস্বত্তেও মনোভৱ গুহাস্থিত জলস্পৰ্শ, বছৰেকীয়া দ্বাৰবন্ধ আদি কিছু কিছু নৰকযুগীয় পৰম্পৰ‍া আজিও একেৰূপেই বৰ্ত্তি ৰৈছে । কাশ্মীৰ, নেপাল তথা দক্ষিন ভাৰতৰ কাঞ্চিৰ কামাক্ষী ধৰ্মধাৰাৰ লগত কামাখ্যাৰ ধৰ্মধাৰাৰ সাংঘাতিক মিল দেখা যায় ।

৯.কামাখ্যা দেৱালয় সৰ্বমুঠ পাচঁবাৰ পাচঁটা ভিন্ন ঐতিহাসিক কালত পাচটা পৃথক নিৰ্মাণ শৈলীৰে পৃথক পৃথক সামগ্ৰীৰে নিৰ্মিত তথা পুনঃনিৰ্মিত হৈছিল (ভৌম, বৰ্মণ, পাল,চিলাৰায় আৰু আহোম) । নিৰ্মান ব্যৱস্থাৰ খোজে খোজে হয়তো ধৰ্মধাৰাৰো পৰিবৰ্ত্তন হৈছিল স্বয়ংক্ৰিয় ভাৱে ।

প্ৰাগৈতিহাসিক দেৱালয়ৰ উন্নত কাৰিকৰী শিল্প-ভাস্কৰ্য্যৰ সৌন্দৰ্য্যৰ তুলনাত আজিৰ নৱনিৰ্মিত দেৱীধাম তেনেই নিঃকিন বুলি প্ৰাচীন মূৰ্ত্তিসমূহৰ শৈলীয়ে নিৰ্ধাৰণ কৰে । নৰকে এটা নহয় চাৰিটা খটখটি নিৰ্মান কৰিছিল দেৱীধামলৈ ।

১০.কামাখ্যাৰ দেৱালৰ আটাইতকৈ আকৰ্ষনীয় ভগমুদ্ৰা (যৌনাংগ) প্ৰদৰ্শিত মূৰ্তিতো বৌদ্ধ দেৱী বজ্ৰবৰাহীৰ ।

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো

বিষ্ণুশক্তি কাত্যায়নী কালক্ৰমত শিৱশক্তি মহামায়াৰ অংগীভূত হৈ বৌদ্ধ অনুত্তৰ তন্ত্ৰৰ জালিকাৰে সৰকি উত্তৰবংগৰ বৈদিক আচাৰৰ লেপনেৰে আজিৰ সৰ্বপুজ্যা দেৱী কামাখ্যালৈ পৰিবৰ্তন হ’ল । 

কামাখ্যা শব্দটো পালি ভাষাৰ ‘কম্ম-ক্ষয়া’ (যাৰ অৰ্থ পাপমোচন) শব্দৰ পৰা অহা বুলি কামাখ্যা-গবেষক ড° প্ৰণৱজ্যোতি ডেকাই মতপোষণ কৰে ।

                                জন্ম আৰু বিবৰ্ত্তন খোজে খোজে কামাখ্যাই বহন কৰিছে কামৰূপৰ সৰ্বস্তৰৰ সংস্কৃতি তথা ইতিহাস । কামাখ্যাত যি নাই সেয়া অসমত নাই । তৎস্বত্বেও কামাখ্যা বিষয়ক গবেষণা তেনেই নগণ্য । 

গ্ৰন্থ বুলিবলৈ বাণীকান্ত কাকতিৰ “Mother goddess“এ শশীভূষণ পালৰ বঙালী ‘কামাখ্যা তন্ত্ৰনাম‘ৰ সতে সনা পোটোকা হৈ তেনেই খেলিমেলি লগাই আছে ।

নীলাচলৰ বিবৰ্ত্তনৰ কুহকিনী ইতিহাস অত্যন্ত জতিল আৰু বিশাল । দেৱীধামৰ কুণ্ডলিনী পকোৱা ধুম্ৰমণ্ডলীৰ পৰা তুলি অনা সাধাৰণ ক্ষুদ্ৰকণা সদৃশ তথ্যখিনি ইয়াত সংৰক্ষণ কৰা হ’ল । তথ্যভ্ৰান্তি থাকিলে বিজ্ঞজনৰ পৰা উপদেশ কামনা কৰি দেৱীৰ চৰণকমলত ক্ষমা মাগি সমূহ অসমবাসীলৈ অম্বুবাচীৰ শুভকামনাৰে..

২৪-০৬-২০২২

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

The Children Of Despair
Special Report

The Children Of Despair

by Admin
June 29, 2022
0

The Children Of Despair Parismita Goswami A child could barely comprehend what being disadvantaged means and how it feels? But...

Read more
Bread as a weapon: why famine in Africa is beneficial for Russian mercenaries

Bread as a weapon: why famine in Africa is beneficial for Russian mercenaries

June 28, 2022
Middle East: Mounting violence leaving ‘scores of Palestinian and Israeli casualties’

Middle East: Mounting violence leaving ‘scores of Palestinian and Israeli casualties’

June 28, 2022
সংকটাপন্ন নাৰায়ণপুৰৰ মাঘনোৱা দ’ল

সংকটাপন্ন নাৰায়ণপুৰৰ মাঘনোৱা দ’ল

June 27, 2022
ইতিহাসপ্ৰসিদ্ধ কামাখ্যামন্দিৰ আৰু অম্বুবাচী মেলা

ইতিহাসপ্ৰসিদ্ধ কামাখ্যামন্দিৰ আৰু অম্বুবাচী মেলা

June 26, 2022
Afghanistan 

Afghanistan 

June 26, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
Kharkiv School Graduate In Her Graduation Dress!

Kharkiv School Graduate In Her Graduation Dress!

June 9, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
THE AGNIPATH SCHEME

THE AGNIPATH SCHEME

June 29, 2022
kid in the forest in red beanie looking up

সন্তানৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ প্ৰসংগত

June 29, 2022
The Children Of Despair

The Children Of Despair

June 29, 2022
Syria: Decade of brutal war left nearly 307,000 civilians dead

Syria: Decade of brutal war left nearly 307,000 civilians dead

June 29, 2022

Popular Stories

  • kid in the forest in red beanie looking up

    সন্তানৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ প্ৰসংগত

    26 shares
    Share 10 Tweet 7
  • কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো

    31 shares
    Share 12 Tweet 8
  • Emergence Of The KNF In Chittagong Hill Tracts

    338 shares
    Share 135 Tweet 85
  • Kharkiv School Graduate In Her Graduation Dress!

    128 shares
    Share 51 Tweet 32
  • চীনত কোটি কোটি ঘনচিৰিকা হত্যা কৰাটো ভুল আছিলঃ জিনপিং

    64 shares
    Share 26 Tweet 16
  • Theme@ UKRAINE: Gloomy Date; Sun, June 26, 2022

    6 shares
    Share 2 Tweet 2
  • ‘বিদ্ৰোহী’ৰ নৌটংকী চাই থকাতকৈ ‘বাপু’সকল মেধিকুছিৰ দৰে গাওঁলৈ যাওক

    18 shares
    Share 7 Tweet 5
  • The Children Of Despair

    5 shares
    Share 2 Tweet 1
  • THE AGNIPATH SCHEME

    5 shares
    Share 2 Tweet 1
  • বিপৰীত দৃশ্যপটঃ বানাক্ৰান্তৰ ‘আশ্ৰয় শিৱিৰ’ৰ আঁত ধৰি ‘শিৱসেনা’ৰ আশ্ৰয় শিৱিৰলৈ!

    19 shares
    Share 8 Tweet 5
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
loading Cancel
Post was not sent - check your email addresses!
Email check failed, please try again
Sorry, your blog cannot share posts by email.
%d bloggers like this: