• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Inspiration

কামেশ্বৰ দাস: অসম লোকসেৱা আয়োগৰ প্ৰথম অসমীয়া অধ্যক্ষ

১ ছেপ্টেম্বৰৰ স্মৃতি দিৱস উপলক্ষে

by Anjan Sarma
September 3, 2023
in Inspiration, Remembrance
Reading Time: 3 mins read
0
কামেশ্বৰ দাস: অসম লোকসেৱা আয়োগৰ প্ৰথম অসমীয়া অধ্যক্ষ
Share on FacebookShare on TwitterShare on LinkedIn

কামেশ্বৰ দাস: অসম লোকসেৱা আয়োগৰ প্ৰথম অসমীয়া অধ্যক্ষ

 পৰেশ বৈশ্য

Paresh Baishya
 পৰেশ বৈশ্য

কামেশ্বৰ দাস আছিল স্বাধীন অসমৰ  প্ৰথমগৰাকী অসম লোকসেৱা আয়োগৰ অসমীয়া অধ্যক্ষ।

  গণিতজ্ঞ,শিক্ষাবিদ, অসম বিধানসভাৰ প্ৰাক্তন সদস্য তথা এসময়ৰ বৰপেটাৰ যশস্বী অধিবক্তা কামেশ্বৰ দাসৰ জন্ম হৈছিল বৰ্তমানৰ বৰপেটা জিলাৰ পাঠশালাৰ ওচৰৰ বামাখাটা গাঁৱত ১৮৯৩ চনৰ পহিলা মাৰ্চত। তেওঁৰ পিতাকৰ নাম  বানেশ্বৰ দাস আৰু মাকৰ নাম আছিল ৰতিপ্ৰিয়া দাস।

সৰুতে পিতৃহাৰা হোৱা কামেশ্বৰ দাসে চৰম দৰিদ্ৰতাৰ মাজেৰে শৈশৱ কাল অতিবাহিত কৰিবলগীয়া হৈছিল। ছয় বছৰ বয়সতে তেওঁ মাহে দুটকা দৰমহাত মানুহৰ ঘৰত গৰু চৰোৱা বন্ধা হিচাপে থাকিবলগীয়া হৈছিল। বিধৱা মাতৃয়ে খুজি মাগি পৰিয়ালটোক ভৰণ পোষণৰ ব্যৱস্থা কৰিব লগা হৈছিল।

হাগুৰীগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সন্তোৰাম চৌধুৰীয়ে তেওঁক আনি নিজৰ বিদ্যালয়ত নাম লগাই দিয়ে। কামেশ্বৰ দাস বৰ তীক্ষ্ণ বুদ্ধিৰ ল’ৰা আছিল। তেওঁৰ প্ৰতিভা দেখি প্ৰধান শিক্ষকে মাজে মাজে তলৰ শ্ৰেণীত নপঢ়াকৈয়ে ওপৰৰ শ্ৰেণীলৈ প্ৰমোচন দিছিল।

১৯০৫ চনত তেওঁ বৃত্তিসহ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সাং কৰে। পাছত সন্তোৰাম চৌধুৰীয়ে তেওঁক চৌখুটী মধ্য ইংৰাজী বিদ্যালয়ত নাম লগাই দিয়ে। ১৯০৮ চনত প্ৰতিযোগিতামূলক বৃত্তি পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম হৈ তেওঁ এম ই স্কুলৰ শিক্ষা সাং কৰে। সেই সময়ত পাঠশালা বা বজালী অঞ্চলত হাইস্কুল নাছিল।কেৱল বৰপেটা বা নলবাৰীতহে হাইস্কুল পঢ়াৰ সুবিধা আছিল।

পাছত হাগুৰীগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সন্তোৰাম চৌধুৰী আৰু চৌখুটী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰমানন্দ দত্তচৌধুৰীৰ বিশেষ যত্নত তেওঁক মানৱদৰদী বিজনী মৌজাৰ মৌজাদাৰ পুষ্পৰাম চৌধুৰীক লগ ধৰি কামেশ্বৰ দাসৰ পঢ়া শুনাৰ ক্ষেত্ৰত সহায় কৰিবলৈ খাটনি ধৰে। মৌজাদাৰে কামেশ্বৰ দাসৰ পঢ়াৰ দায়িত্ব ল’বলৈ মান্তি হয়।

সেইমতে কামেশ্বৰ দাসক বৰপেটা বিদ্যাপীঠত নাম লগাই দিয়া হয়। তাতে হোষ্টেলত থাকি তেওঁ পঢ়া-শুনা আৰম্ভ কৰে। ১৯১১ চনত কামেশ্বৰ দাসে কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত প্ৰৱেশিকা পৰীক্ষাত বৰপেটা বিদ্যাপীঠৰ পৰা কেবাটাও বিষয়ত লেটাৰ নম্বৰ সহ অসম উপত্যকাৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰে। প্ৰৱেশিকা পৰীক্ষাত ভাল ফল হোৱা দেখি মৌজাদাৰ পুষ্পৰাম চৌধুৰীয়ে কামেশ্বৰ দাসক কটন কলেজত কলা শাখাত নাম লগাই দিয়ে। 

সেই সময়ত কটন কলেজৰ অধ্যক্ষ আছিল ফ্ৰেডাৰিক উইলিয়াম চুডমাৰ্চন। পাছত অধ্যক্ষই কামেশ্বৰ দাসৰ প্ৰৱেশিকা পৰীক্ষাৰ ভালৰ কথা জানিব পাৰি তেওঁক বিজ্ঞান শাখাত নাম লগাই দিয়ে। বিজ্ঞান শাখাত নাম লিখাৰ বাবে তেওঁৰ পৰা কোনো অতিৰিক্ত মাচুল লোৱা নাছিল। ১৯১৩ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ কটন কলেজৰ পৰা আইএছচি পৰীক্ষাত ষষ্ঠ স্থান লাভ কৰে।

কামেশ্বৰ দাস: অসম লোকসেৱা আয়োগৰ প্ৰথম অসমীয়া অধ্যক্ষ
কামেশ্বৰ দাস

১৯১৩ চনত কটন কলেজত বিএছচি পাঠ্যক্ৰম আৰম্ভ হয় যদিও মৌজাদাৰ চৌধুৰীয়ে তেওঁক ঢাকাৰ চৰকাৰী কলেজত বিএছচিত নামভৰ্তি কৰিবলৈ পৰামৰ্শ দিয়ে। সেই মতে তেওঁ গণিতত অনাৰ্ছ লৈ ঢাকা চৰকাৰী মহাবিদ্যালয়ত স্নাতক(বিএছচি )পাঠ্যক্ৰমত নামভৰ্তি কৰে। ১৯১৫ চনত তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ পৰা অংক শাস্ত্ৰত সন্মানসহ প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতক( বিএছচি) পৰীক্ষাত উত্তীৰ্ণ হয়। এই পৰীক্ষাত তেখেতে স্বৰ্ণ পদক লাভ কৰে।

১৯১৭ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ অংক শাস্ত্ৰত এমএছচি ডিগ্ৰী লাভ কৰে। এইবাৰো তেওঁ বিশ্ববিদ্যালয়ৰ পৰা স্বৰ্ণ পদক পায়। কামেশ্বৰ দাস হ’ল স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাত স্বৰ্ণ পদক পোৱা প্ৰথমজন অসমীয়া।

অৱশ্যে স্নাতকোত্তৰ পৰীক্ষাত ফল ঘোষণা কৰোঁতে প্ৰথমতে তেওঁ প্ৰথম শ্ৰেণীৰ দ্বিতীয় হৈ উত্তীৰ্ণ হৈছিল। পাছত উত্তৰ বহী পুনৰীক্ষণ কৰাতহে তেওঁ উক্ত পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম হয়।

কামেশ্বৰ দাস: অসম লোকসেৱা আয়োগৰ প্ৰথম অসমীয়া অধ্যক্ষ
আশুতোষ মুখাৰ্জী

কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত তেওঁ আশুতোষ মুখাৰ্জীৰ অতি প্ৰিয় ছাত্ৰ আছিল। তেওঁক ব্ৰিটিছ চৰকাৰে গৱেষণাৰ বাবে বৃত্তিও মঞ্জুৰ কৰিছিল। তেওঁ কিছুদিন Dr. C.E Cullis অধীনত গৱেষণা কৰে। কিন্তু পাছলৈ জলপানী বন্ধ কৰাত তেওঁ গৱেষণাৰ কাম আধৰুৱা হয়। ১৯২২ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ লৰ্ড ৰিপন ল কলেজৰ পৰা আইনৰ শিক্ষা লাভ কৰে।

      বিজনী মৌজাৰ মৌজাদাৰ পুষ্পৰাম চৌধুৰীয়ে হাইস্কুলৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লোৱালৈকে কামেশ্বৰ দাসৰ পঢ়াৰ সকলো খৰচ বহন কৰিছিল। মৌজাদাৰে কামেশ্বৰ দাসক নিজৰ পৰিয়ালৰ এজন বুলি সদায় গণ্য কৰিছিল। স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছত  কামেশ্বৰ দাসে পুষ্পৰাম চৌধুৰীৰ  একমাত্ৰ দুহিতা গায়ত্ৰী চৌধুৰীৰ লগত বিবাহ পাশত আবদ্ধ হয়। বিয়াৰ পাছতহে পত্নী গায়ত্ৰী চৌধুৰীৰ ইচ্ছানুসৰি কামেশ্বৰ দাসে আইনৰ শিক্ষা লাভৰ বাবে কলিকতালৈ যায়। 

কলিকতাত আইন পঢ়ি থাকোঁতে তেওঁ কেইদিনমানৰ বাবে টেক্সীৰ ব্যৱসায় কৰিছিল। তেওঁ তাত থাকোঁতে দিনত বেংকৰ চাকৰি কৰিছিল আৰু ৰাতি আইন কলেজত অধ্যয়ন কৰিছিল। আইন পঢ়ি থাকোঁতে তেওঁ পত্নী গায়ত্ৰীকো কলিকতালৈ লৈ গৈছিল। আইন বিষয়তো তেওঁ প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ উত্তীৰ্ণ হয়। 

কামেশ্বৰ দাসে কলিকতাত পঢ়ি থাকোঁতেই বৰপেটাৰ গুৰুপ্ৰসাদ দাসে কামেশ্বৰ দাসৰ সান্নিধ্য লাভ কৰে। কামেশ্বৰ দাসে তেওঁক এটা বৃটিছ কোম্পানীৰ ফেক্টৰীত কাম শিকিবলৈ ব্যৱস্থা কৰি দিছিল। তাতেই কাম শিকি গুৰুপ্ৰসাদ দাস এজন ভাল মেকানিক হয়।পাছত বিলাতলৈ যায়। এৱেঁই পোন প্ৰথমতে ৰে’লৰ ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰি খ্যাতি অৰ্জন কৰে।‌

       আইন পৰীক্ষাত উত্তীৰ্ণ হৈ কামেশ্বৰ দাসে বৰপেটাৰ আদালতত ওকালতি কৰিছিল। সেই সময়ত গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা হোৱা নাছিল। তেওঁ বৰপেটা আদালতৰ নামী উকীল আছিল। চৰকাৰে তেওঁক অবৈতনিক দণ্ডাধীশ হিচাপে নিযুক্তি দিছিল।‌তেতিয়া তেওঁ বহু গোচৰ অতি সোনকালে নিষ্পত্তি কৰি ৰাইজক সকাহ দিছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিবলৈও নিয়োগ পত্ৰ লাভ কৰিছিল। কিন্তু যোগদান কৰা নহ’ল। 

কামেশ্বৰ দাস: অসম লোকসেৱা আয়োগৰ প্ৰথম অসমীয়া অধ্যক্ষ

    কামেশ্বৰ দাসে দেশৰ স্বাধীনতা সংগ্ৰামতো অংশগ্ৰহণ কৰিছিল। ১৯১৩ চনত চৌখুটী মধ্য ইংৰাজী বিদ্যালয়ত পঢ়ি থাকোঁতেই  “ বজালী বান্ধৱ সন্মিলন” নামৰ এটি ছাত্ৰ সংগঠনৰ জন্ম দি তেওঁ তাৰ সভাপতি হয়। দেশৰ স্বাধীনতা সংগ্ৰাম এই অনুষ্ঠানটোৱে বজালী অঞ্চলত বিশেষ ভূমিকা লৈছিল।‌অসহযোগ আন্দোলনৰ সময়ত তেওঁ কলিকতাত আইন পঢ়ি থাকোঁতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য পদ লয়।

পাছত গান্ধীৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ বৰপেটা মহকুমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাম-কাজৰ তদাৰক কৰিছিল । আইন অমান্য আন্দোলনৰ সময়ত কানিংহাম চাৰ্কুলাৰ বিৰোধিতা কৰি কামেশ্বৰ দাসেও আদালত বৰ্জন কৰিছিল। বিয়াল্লিছৰ গণ আন্দোলনত বহু লোকক গ্ৰেপ্তাৰৰ প্ৰতিবাদত পাঠশালাৰ হৰি মন্দিৰ প্ৰাংগনত হোৱা সত্যাগ্ৰহ কাৰ্যসূচীৰ তেওঁ নেতৃত্ব লৈছিল।

    কামেশ্বৰ দাস আছিল এগৰাকী শিক্ষাসদী লোক। বৰপেটা জিলাত উচ্চ শিক্ষাৰ অনুষ্ঠান প্ৰতিষ্ঠাত তেখেতে আগভাগ লৈছিল। বজালী হাইস্কুল প্ৰতিষ্ঠাত তেওঁ অহোপুৰুষাৰ্থ কৰিছিল। তেওঁ বিদ্যালয়খনৰ নিৰ্মাণ সমিতিৰ সভাপতি আৰু পাছলৈ পৰিচালনা সমিতিৰো সভাপতি হৈছিল।‌

অসমৰ চতুৰ্থখন তথা  নামনি অসমৰ প্ৰথমখন( কটন কলেজক নধৰি) উচ্চ শিক্ষাৰ অনুষ্ঠান মাধৱ চৌধুৰী মহাবিদ্যালয়ত( যাক এম.চি কলেজ বুলি  জনাজাত) তেওঁ ১৯৩৯ ৰ পৰা ১৯৪৭ চনলৈকে অধ্যক্ষৰ পদ অলংকৃত কৰিছিল। মাজতে অৱশ্যে ব্ৰিটিছছে জেলত ৰখাত কিছু দিন চিদানন্দ দাসে অধ্যক্ষৰ দায়িত্ব ল’ব লগা হৈছিল।

কামেশ্বৰ দাস: অসম লোকসেৱা আয়োগৰ প্ৰথম অসমীয়া অধ্যক্ষ
মাধৱ চৌধুৰী মহাবিদ্যালয়

গিৰীশ বিদ্যাপীঠ প্ৰতিষ্ঠাতো তেওঁ অগ্ৰণী ভূমিকা লৈছিল। আনন্দ বজাৰ অঞ্চলত স্থাপিত এই বিদ্যালয়খনৰ বাবে ১৫০ বিঘা মাটি কামেশ্বৰ দাসৰ শহুৰেকৰ পৰিয়ালে দান দিছিল। ভবানীপুৰ হাইস্কুলৰো তেওঁ ১৯৫৪ ৰ পৰা ১৯৬০  চনলৈ সভাপতি আছিল। ১৯৫৫ চনৰ পৰা ১৯৬২চনলৈ তেওঁ বজালী কলেজৰ অধ্যক্ষ হিচাপে সেৱা আগবঢ়ায়। তেওঁ নিজে পঢ়া চৌখুটী মধ্য ইংৰাজী বিদ্যালয়ৰো সভাপতি হৈছিল। 

     কামেশ্বৰ দাসে The Assam  Industrial Cooperation Public Ltd স্থাপন কৰি তাৰ সঞ্চালক পদত অধিষ্ঠিত হৈছিল। পাছত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হোৱাত এই দায়িত্ব এৰে।

       ৰাজনীতিৰ ক্ষেত্ৰখনতো কামেশ্বৰ দাসে প্ৰৱেশ কৰিছিল। ভাৰত শাসন আইন অনুসৰি হোৱা নিৰ্বাচনত তেওঁ  বৰপেটা সমষ্টিৰ পৰা কংগ্ৰেছ- স্বৰাষ্ট্ৰ দলৰ পৰা দলীয় টিকট লৈ লোকেল বোৰ্ডৰ সদস্য  নিৰ্বাচিত হয়। ১৯৩০-৩৫ সময়চোৱাত তেওঁ লোকেল বোৰ্ডৰ অধ্যক্ষৰ পদত থাকে।

সেই সময়ত তেওঁ বহুতো জন হিতকৰ সেৱা আগবঢ়ায়। ১৯৩৭ চনত তেওঁ বৰপেটা উত্তৰ বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ- স্বৰাষ্ট্ৰ দলৰ টিকটত বিধানসভালৈ নিৰ্বাচিত হয়। ১৯৩৭ চনৰ পৰা ১৯৪৬ চনলৈ তেওঁ অসম বিধান সভাৰ সদস্য আছিল।

    দেশ স্বাধীনতাৰ পাছত ১৯৪৭ চনৰ ২০ নৱেম্বৰত তেওঁ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে যোগদান কৰে। তেওঁ আছিল স্বাধীন অসমৰ প্ৰথমজন অসম লোকসেৱা আয়োগৰ অসমীয়া অধ্যক্ষ। ১৯৫২ চনৰ ১৫ জুলাইলৈকে তেওঁ এই পদত থাকে।

তেওঁ শ্বিলঙত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকা সময়তেই পত্নী গায়ত্ৰী চৌধুৰীৰ দুৰাৰোগ্য বেমাৰত মৃত্যু হয়। কামেশ্বৰ দাসৰ ল’ৰা-    ছোৱালী পাঁচ গৰাকী আছিল। তেওঁলোক হ’ল: শৈলবালা দাস, ৰামেন্দ্ৰ নাথ দাস, হেমেন্দ্ৰ নাথ দাস, হৈমৱতী দাস পূৰ্ণেন্দু দাস।

     তেওঁ জীৱনৰ সৰহ ভাগ সময় বৰপেটা অঞ্চলত অতিবাহিত কৰে যদিও পাছলৈ তেওঁ গুৱাহাটীৰ ৰিহাবাৰীত নিগাজীকৈ থাকিবলৈ লয়। ১৯৬৬ চনৰ ১ ছেপ্টেম্বৰত তেওঁৰ তাতেই মৃত্যু হয়।

কামেশ্বৰ দাস: অসম লোকসেৱা আয়োগৰ প্ৰথম অসমীয়া অধ্যক্ষ

01-09-2023

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম
ASSAMESE SECTION

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

by Anjan Sarma
June 14, 2026
0

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম অঞ্জন শৰ্মা  ফেব্ৰুৱাৰী মাহৰ সময়, ১৮২৪ চন। অসম বিধ্বস্ত মানৰ আক্ৰমণত ! চৌদিশে...

Read moreDetails
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

June 10, 2026
ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

May 12, 2026
The Unforgettable Legacy of Hemchandra Baruah: Beyond the Dictionary

The Unforgettable Legacy of Hemchandra Baruah: Beyond the Dictionary

May 1, 2026
অপ্পো দিপো ভৱঃ শান্তিৰ দিশত…

Tathā-agata

May 1, 2026
Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

April 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d