• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা

ASSAMESE SECTION/ Special Report

by Kalyan Kalita
January 31, 2025
in ASSAMESE SECTION, Inspiration, Remembrance
Reading Time: 5 mins read
0
কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা
Share on FacebookShare on TwitterShare on LinkedIn

কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা

কল্যাণ কলিতা

Kalyan Kalita
কল্যাণ কলিতা

অসম লোকসেৱা আয়োগৰ প্ৰথম অসমীয়া অধ্যক্ষ তথা কলিকতা বিশ্ববিদ্যালয়ৰ  গণিতশাস্ত্ৰত সোণৰ পদকসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানপ্ৰাপ্ত প্ৰথম অসমীয়া স্নাতকোত্তৰ পণ্ডিত কামেশ্বৰ দাস !

সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা তেওঁৰ ৷

বহু কিংবদন্তিতকৈও অন্য ধৰণৰ ঘাত প্ৰতিঘাটেৰে পৰিপূৰ্ণ তেওঁৰ জীৱন কাহিনী শুনিলে অনেকেই হয়তো বিশ্বাস কৰিবলৈ টান পাব ৷ নাম তেওঁৰ কামেশ্বৰ দাস ৷

বজালী তথা অসমী আইৰ এগৰাকী সুযোগ্য সন্তান একেধাৰে বিশিষ্ট শিক্ষাবিদ, আইনজ্ঞ, গণিতজ্ঞ ৰাজনীতিবিদ, মুক্তি যুঁজাৰু, অসম লোকসেৱা আয়োগৰ প্ৰথম অসমীয়া তথা সপ্তম গৰাকী অধ্যক্ষ, অসমৰ দুখনকৈ আগশাৰীৰ শিক্ষানুষ্ঠান ক্ৰমে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয় আৰু বজালী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত কামেশ্বৰ দাসদেৱৰ ৫৭ সংখ্যক মৃত্যু দিৱস উপলক্ষ্যত তেওঁলৈ শ্ৰদ্ধাঞ্জলিৰে এক আলোকপাত৷


                কুৰি শতিকাৰ আৰম্ভনিৰ ঘটনা

বৃটিছ শাসনাধীস্থ ভাৰতবৰ্ষৰ অসমৰ এখন পিছপৰা গাওঁৰ এখনি পথাৰত এটি কণমানিয়ে দৈনিক গৰু চৰাবলৈ আহে। পথাৰৰ কাষতে এখন প্ৰাথমিক বিদ্যালয়৷ কণমানিটিয়ে গৰু চৰোৱাৰ সমান্তৰালকৈ বিদ্যালয় চৌহদত থকা গছৰ ছাঁত থিয় হৈ শিক্ষকে শিকাই থকা বিষয়সমূহ অতি মনোযোগেৰে শুনি থাকে ৷ যেন পঢ়িবলৈ তীব্ৰ হেপাহ৷

কিন্তু জীৱীকাৰ তাড়নাই সেই সুযোগ নিদিয়ে৷ শ্ৰেণীকোঠাৰ বেৰত গা লগাই বিদ্যালয়ৰ বিষয়সমূহ কাণ পাতি অতি মনোযোগেৰে শুনি থকা এই দৃশ্য ছাত্ৰসকলে দেখি সোধাত গৰু চৰাই ভাগৰুৱা হোৱাৰ বাবে গছৰ ছাঁত কিছু জিৰণি লবলৈ অহা বুলি গৰখীয়া শিশুটিয়ে কয়৷

তদানীন্তন কামৰূপ আৰু বৰ্তমানৰ বজালী জিলা সদৰ পাঠশালাৰ সমীপস্থ মুগুৰীয়াৰ হাগুৰী গাওঁত (সম্প্ৰতি হৰিহৰ গাওঁ) অৱস্থিত এই প্ৰাথমিক বিদ্যালয়ৰখনৰ সন্তৰাম চৌধুৰী নামৰ প্ৰধান শিক্ষকগৰাকীয়ে এদিনাখন স্কুলৰ ছাত্রগণক এটি প্রশ্ন সুধিলে। কিন্তু কোনেও উত্তৰ দিব নোৱাৰাত শ্ৰেণীকোঠাটো নীৰৱ হৈ পৰিল৷

হঠাৎ সেই নীৰৱতা ভংগ কৰি কোনোদিন শ্ৰেণীকোঠা গছকি নোপোৱা, বাহিৰত কাণ পাতি শুনি থকা গৰখীয়া শিশুটিয়ে শ্ৰেণীকোঠাৰ দুৱাৰমুখলৈ আহি সকলোকে আচৰিত কৰি শুদ্ধ উত্তৰটো দিলে। শ্ৰেণীকোঠাত শিক্ষকে পূৰ্বে শিকোৱা সেই প্ৰশ্নটিৰ উত্তৰ মনত ৰাখি শ্ৰেণীৰ বাহিৰৰ পৰাই শিক্ষা লাভ কৰা যেন আধুনিক যুগৰ একালব্য হে ৷

কিয়নো পথাৰত গৰু চৰাই থাকোতে কাষৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰা অহা পাঠদান শুনি শুনিয়েই যথেষ্ট পাঠ আয়ত্ত কৰিছিল গৰখীয়া শিশুটিয়ে৷ প্রধান শিক্ষক সন্তৰাম চৌধুৰীয়ে লগে লগে শিশুটিৰ ভিতৰত থকা প্ৰতিভাৰ উমান পালে৷ নাম সুধি জানিব পাৰিলে যে গৰখীয়া শিশুটিৰ নাম “কামো“৷ গৰু চৰাই ফুৰা শিশুটিৰ প্ৰতি শিক্ষকজনৰ মৰম ওপজি তেওঁৰ বিষয়ে জানিব বিচাৰি পিতৃহীন শিশুটিৰ গৃহলৈ গ’ল৷

কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা
কামেশ্বৰ দাস

শিক্ষকজনে গৰখীয়া কামোৰ ঘৰলৈ গৈ গম পালে যে লোকৰ গৰু চৰাই জীৱীকা উপাৰ্জন কৰা গৰখীয়া শিশুটিয়ে এদিন গৰু চৰাবলৈ নগ’লে পৰিয়ালটো লঘোনে থাকিব লগা অৱস্থা৷  তদানীন্তন কামৰূপ তথা বৰ্তমানৰ বজালী জিলাৰ এখন অতি পিছ পৰা গাওঁ বামাখাটাৰ গৰীৱ পৰিয়াল বাণহু দাস আৰু ৰতিপ্ৰিয়া দাসৰ তৃতীয় সন্তান আছিল কামো ৷

দিন হাজিৰা কৰি কোনোমতে পৰিয়ালৰ বাবে দুবেলা দুমুঠি যোগাৰ কৰা চাৰিটা সন্তান সহ ছয়জনীয়া পৰিয়ালটোৰ মুৰব্বী কামোৰ পিতৃ নৰিয়াত পৰি কামোৰ শৈশৱকালতে পৰিয়ালটোক দুৰ্ভগীয়া কৰি মৃত্যুক আকোৱালি লয় ৷ পিতৃ বাণহুৰ মৃত্যুৰ কেইমাহমান পিছতে ঘৰৰ ডাঙৰ ল’ৰা দুটাও টান নৰিয়াত পৰি মৃত্যুমুখত পৰাত কামো আৰু পানীকেঁচুৱা চতুৰ্থটি সন্তানক লৈ মাতৃ ৰতিপ্ৰিয়াই যেন দিক বিদিক হেৰুৱাই পেলায়৷

জীৱন নিৰ্বাহৰ বাবে দুখীয়া পৰিয়ালটিত আৰম্ভ হ’ল অন্য এক সংগ্ৰাম৷ ধন উপাৰ্জনৰ পথ বিচাৰি ৰতিপ্ৰিয়া দাসে আনৰ ঘৰত ধান বনা,তাঁত বোৱা, ভূঁই ৰোৱা, কাপোৰ ধোৱা, বাচন বৰ্তন ধোৱা ইত্যাদি কাম কৰাৰ লগতে কামোৱেও নূন্যতম পাৰিশ্ৰমিকৰ বিনিময়ত আনৰ ঘৰৰ গৰু-ম’হ চৰাবলৈ হাতত এচাৰি তুলি লবলৈ বাধ্য হ’ল৷ এনে এক প্ৰেক্ষাপটত মনত ইচ্চা থাকিলেও কামোৰ বাবে স্কুললৈ যোৱাটো অসম্ভৱ কথা৷

কিন্তু শিক্ষক চৌধুৰীয়ে কামোৰ ভিতৰত লুকাই থকা অসাধাৰণত্বক বুজি উঠিছিল। সেয়ে তেওঁ কামোৰ মাকক ল’ৰাটোক বিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ অনুৰোধ জনায় যদিও মাকৰ বাবে সেয়া কোনো পধ্যেই সম্ভৱ নাছিল৷ অৱশেষত বহু বুজনিৰ অন্তত মাকে এটা চৰ্তত সন্মতি দিয়ে যে ল’ৰাটোৰ পাৰিশ্ৰামিক খিনি পাই থাকিলে বিদ্যালয়লৈ পঢ়িবলৈ যাবলৈ দিব

এনেদৰেই শিক্ষক সন্তোৰাম চৌধুৰীৰ প্ৰচেষ্টাত ১৯০১ চনত কামোক বামখাটা প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্তি কৰোৱা হয়। জন্মৰ কোনো চন তাৰিখৰ হিচাব নথকা কামেশ্বৰ দাসক বিদ্যালয়খনৰ সমনীয়া ন-পুৰণি ছাত্ৰসকলৰ লগত বয়সৰ তুলনা কৰি জন্মদিন নিৰ্দ্ধাৰণ কৰা হ’ল ১৮৯৩ চনৰ ১ মার্চ ৷ আনহাতে ‘কামো‘ নামৰ ঠাইত কামেশ্বৰ দাস আৰু পিতৃৰ নাম ‘বাণহু‘ৰ ঠাইত বাণেশ্বৰ দাস কৰে।

ছাত্ৰ জীৱনৰ আৰম্ভনিৰ পৰাই কামেশ্বৰ দাসে এক সম্ভাৱনাময় মেধা শক্তিৰ প্ৰমাণ দিবলৈ আৰম্ভ কৰে আৰু ১৯০৪ চনত বৃত্তিসহ বামখাটা প্ৰাথমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ চৌখুটি এম ভি স্কুলত নামভৰ্তি কৰে। ইপিনে চৌখুটি এম ভি স্কুলৰ পৰা শিক্ষান্ত পৰীক্ষাত কামেশ্বৰ দাসে বৰপেটা মহকুমাৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় ৷

বামাখাটা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সন্তৰাম চৌধুৰী, চৌখুটি এম ভি স্কুলৰ প্ৰধান শিক্ষক পৰমানন্দ দত্তচৌধুৰী, বিজনী মৌজাৰ মৌজাদাৰ পুষ্পৰাম চৌধুৰী সমন্বতে একাংশ দয়াবান লোক আছিল কামেশ্বৰ দাসৰ শিক্ষাজীৱনৰ আৰ্থিক তথা মানসিক সাৰথি ইয়াৰ লগতে নিজৰ অপৰিসীম পৰিশ্ৰমৰ ফলত ১৯১১ চনত কামেশ্বৰ দাসে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সদৌ অসম উপত্যাকাৰ ভিতৰতে দ্বিতীয় স্থান অধিকাৰ কৰি প্ৰচুৰ মেধাৰ পৰিচয় দিয়ে ৷

উল্লেখ্য যে প্ৰথম স্থান অধিকাৰ কৰা ব্যক্তি জন আছিল বৰপেটাৰ সন্তান অসম গৌৰৱ ড০ বাণীকান্ত কাকতি৷

ইয়াৰ পিছত ১৯১৩ চনত গুৱাহাটীৰ কটন কলেজৰ পৰা ষষ্ঠদশ স্থানেৰে প্রথম বিভাগত আই এছ ছি পৰীক্ষাত বৃত্তিসহ উত্তীৰ্ণ হৈ সেই সময়ত কটন মহাবিদ্যালয়ত গণিত বিষয়ত অনাৰ্চ পাঠ্যক্ৰম নথকাত দাসে ঢাকাত বি এছ ছি পঢ়িবলৈ যায় আৰু  ১৯১৫ চনত গণিত বিষয়ত সোণৰ পদকসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰাৰ পিছতে স্নাতকোত্তৰ (বিজ্ঞান শাখা) উপাধি লাভ কৰা দাসে একেটা বছৰতে বি এল ডিগ্ৰীও লাভ কৰে।

এইখিনিতে উল্লেখ কৰিব লাগিব যে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গণিতশাস্ত্ৰত সোণৰ পদকসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানপ্ৰাপ্ত প্ৰথম অসমীয়া স্নাতকোত্তৰ হিচাপে স্বীকৃত হৈছিল কামেশ্বৰ দাস৷ কামেশ্বৰ দাসক কলিকতা বিশ্ববিদ্যালয়ে ফলাফল ঘোষণা কৰোঁতে হেনো প্ৰথমতে প্ৰথম স্থান দিয়া নাছিল৷

কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা
আশুতোষ মুখোপাধ্যায়

কিন্তু তেওঁৰ দৃঢ় বিশ্বাস আছিল যে তেওঁ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান পাবই আৰু শেষত ইংৰাজ অধ্যাপক এগৰাকীৰ সহায়ত প্ৰশ্নোত্তৰৰ বহী পুনৰ পৰীক্ষা কৰাই বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক সেও মনাই নিজৰ দৃঢ় বিশ্বাসক প্ৰতীয়মান কৰাইছিল৷ দাসৰ গণিত শাস্ত্ৰৰ প্ৰতি থকা অগাধ ধাউতি আৰু পাণ্ডিত্বৰ বলতে কলিকতা বিশ্ববিদ্যালয়ৰ গণিত শাস্ত্ৰৰ পণ্ডিত তথা বেংগল কেশৰী ছাৰ আশুতোষ মুখোপাধ্যায়ৰ প্ৰিয় ছাত্ৰ হৈ উঠিছিল।

মুখোপাধ্যায়ৰ অনুমোদন ক্ৰমে অসম চৰকাৰৰ পৰা এবছৰীয়া জলপানি লৈ দাসে চি ই কিউলিছ (C E Cullis) নামৰ এজন গণিতৰ অধ্যাপকৰ অধীনত গৱেষণা কৰিবলৈ লয় আৰু গৱেষণা কৰি থকা সময়তে তেখেতে নিৰ্ণায়ক তত্ত্ব বা Theory of determinants Vol.II নামৰ আলোচনী এখনত গৱেষণা পত্ৰ প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল। কিন্তু এবছৰীয়া জলপানি বন্ধ হোৱাত তেখেতৰ গৱেষণাৰ কাম সিমনতে বন্ধ হৈ পৰে৷

আনহাতে নʼবেল বঁটা বিজয়ী প্ৰখ্যাত পদাৰ্থ বিজ্ঞানী চি ভি ৰমণে ৰমণ প্ৰক্ৰিয়া তত্ত্ব আৱিষ্কাৰ কৰোঁতে তাত ব্যৱহৃত গাণিতিক গণনাসমূহত কামেশ্বৰ দাসৰ সহায় লৈছিল। যাৰ পৰিপ্ৰেক্ষিতত ৰমণে গৱেষণা পত্ৰৰ পাতনিত কামেশ্বৰ দাসৰ নাম বিশেষভাৱে উল্লেখ কৰিছে। সেই সুত্ৰেই ১৯৫১ চনত চি ভি ৰমণে কটন মহাবিদ্যালয়ৰ সোণালী জয়ন্তীত মুখ্য অতিথি হিচাপে যোগদান কৰিবলৈ আঁহোতে কামেশ্বৰ দাসৰ খবৰ লবলৈ পাহৰা নাছিল ৷

চি ভি ৰমণে কটন কলেজত উপস্থিত হৈয়েই সেই সময়ত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ পদত অধিস্থিত হৈ থকা দাসৰ খবৰ লোৱাৰ পৰিপ্ৰেক্ষিততে তেওঁৰ গুৰুত্ব উপলব্ধি কৰি কটন কলেজ কৰ্তৃপক্ষই কামেশ্বৰ দাসক সোণালী জয়ন্তীৰ মুকলি অধিৱেশনত ভাষণ দিবলৈ নিমন্ত্ৰণ কৰে।

কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা
চি ভি ৰমণ


           কলিকতাত থকা সময়ছোৱাত ১৯১৭ চনত কলিকতা গাণিতিক সমাজৰো এগৰাকী সদস্য হৈ পৰা দাসে পিছলৈ আইন পৰীক্ষাত উত্তীৰ্ণ হৈ বৰপেটালৈ আহি কিছুদিন ওকালতি কৰে। ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী সক্রিয় নেতা হিচাপে আন্দোলনত জড়িত হৈ কাৰাবাস খাটিবলগীয়া দাস আছিল এগৰাকী প্ৰকৃতাৰ্থত সমাজকৰ্মী আৰু শিক্ষাবিদ৷

এসময়ত ৰেঙ্গুন কলেজত অধ্যাপনাৰ বাবে আমন্ত্ৰণ লাভ কৰা পণ্ডিত কামেশ্বৰ দাসক মহীশূৰৰ ৰজাইয়ো মহীশূৰ কলেজত অধ্যাপনাৰ বাবে আমন্ত্ৰণ জনাইছিল৷ কিন্তু নিজৰ জন্মভুমিৰ হ’কে কাম কৰাৰ তাগিদাৰ বাবে দুয়োটা আমন্ত্ৰণে তেওঁ নাকচ কৰি তেওঁ ১৯৩৯ চনত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয় প্রতিষ্ঠা কৰাত সক্রিয় আৰু বিশেষ ভূমিকা গ্রহণ কৰি প্রথমগৰাকী অধ্যক্ষ হিচাপে অবৈতনিকভাবে কাম কৰে ৷

তাৰ পিছত ১৯৫৫ চনত নামনি অসমৰ আন এখন উচ্চ শিক্ষাৰ আগশাৰীপ প্রতিষ্ঠান পাঠশালাৰ বজালী কলেজ স্থাপনত দাসে মুখ্য ভূমিকা পালন কৰি  বজালী মহাবিদ্যালয়ৰো অবৈতনিক প্রতিষ্ঠাপক অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ৷

সম্প্ৰতি ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা বজালী মহাবিদ্যালয় স্থাপনত প্ৰয়োজনীয় ধন সংগ্ৰহৰ বাবে বজালী অঞ্চলৰ কেইগৰাকীমান আগৰণুৱা ব্যক্তিৰ সতে গাঁৱে-ভূঞে ঘুৰি, দেহে-কেহে খাটি অশেষ ত্যাগ স্বীকাৰ কৰি ধন সংগ্ৰহ কৰিছিল৷ কলিকতাৰ পৰা অহাৰ পিছত আইনৰ ডিগ্ৰীধাৰী দাসে বৰপেটাত অধিবক্তা হিচাপে কাম কৰাৰ লগতে আৰ্থিক অনাটন দুৰ কৰাৰ খাটিৰত কিছুদিন ব্যৱসায়ো কৰিছিল৷

আনহাতে কলিকতাত থাকোতে গণিতৰ অধ্যাপক আশুতোষ মুখোপাধ্যায়ৰ প্ৰিয় ছাত্ৰ আছিল বাবে মুখোপধ্যায়ে গণিত বিষয়ত অধ্যাপকৰ পদ খালী হওঁতে কামেশ্বৰ দাসলৈ ডাকযোগে নিযুক্তি পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু যোগাযোগৰ ব্যৱস্থা শোচনীয় হোৱা হেতুকে দুৰ্ভাগ্যজনকভাৱে দালে এই প্ৰাপ্তিৰ পৰা বঞ্চিত হয়৷

কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা


          নিজৰ প্ৰশাসনিক দক্ষতাৰ বলতেই অসম বিধানসভাৰ সদস্য হোৱাৰ উপৰি দাস আছিল অসম লোকসেৱা আয়োগৰ সপ্তমগৰাকী অধ্যক্ষ ৷ উল্লেখযোগ্য যে কামেশ্বৰ দাস অসম লোকসেৱা আয়োগৰ অধ্যক্ষ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া লোক ৷

 ১৯৩০ চনত বৰপেটা মহকুমাৰ লোকেল বোর্ডৰ চেয়াৰমেন পদত অধিস্থিত হোৱা দাসে ১৯২৯ চনত চাইমন আয়োগৰ বিৰুদ্ধে চলা আন্দোলন, ১৯৩০ চনত কানিংহাম চাকুলাৰৰ বিৰুদ্ধে হোৱা আন্দোলন, ১৯৩০-৩২ চনৰ আইন অমান্য আন্দোলন আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত সক্রিয় ভূমিকা গ্ৰহণ কৰি কাৰাবাসো খাটিবলগীয়া হৈছিল ৷

প্ৰণিধানযোগ্য যে কামেশ্বৰ দাস আছিল ১৯৪০ চনৰ সত্যাগ্রহ আন্দোলনৰ বৰপেটাৰ প্ৰথম সত্যাগ্ৰহীৰূপে বজালীত সত্যাগ্ৰহ কৰি কাৰাবাস খাটা ব্যক্তি৷ বহুমূখী প্ৰতিভাৰ আকৰ কামেশ্বৰ দাসে ১৯৩৭ ৰ পৰা ১৯৪৬ আৰু ১৯৪৬ ৰ পৰা ১৯৫২ চনলৈ দুটাকৈ কাৰ্যকালৰ বাবে বৰপেটা নৰ্থ সমষ্টিৰ পৰা বিধায়ক হিচাবে ৰাইজক সেৱা আগবঢ়াইছিল৷

শৈশৱ কালৰ পৰাই জীৱন যুদ্ধত অৱতীৰ্ণ হৈ বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা অতিক্ৰমী এক বটবৃক্ষ সদৃশ অনুষ্ঠানত পৰিণত হোৱা বিধগ্ধ পণ্ডিত কামেশ্বৰ দাসৰ ১৯৬৬ চনৰ ১ ছেপ্টেম্বৰত পৰলোকপ্ৰাপ্তি ঘটে ৷

M C College
মাধৱ চৌধুৰী মহাবিদ্যালয়

বজালীৰ প্ৰাণস্থল পাঠশালা আজি শিক্ষা নগৰীত পৰিণত হোৱাৰ মুল বীজ ৰোপনকাৰী তথা অসমৰ শৈক্ষিক সমাজৰ উত্তৰণত অন্যতম ভূমিকা গ্ৰহণ কৰা বিশিষ্ট শিক্ষাবিদ, আইনজ্ঞ, গণিতজ্ঞ ৰাজনীতিবিদ, মুক্তি যুঁজাৰু, প্ৰশাসক তথা ব্যৱসায়ী কামেশ্বৰ দাসৰ খলা-বমা জীৱন কাহিনী বহুলভাৱে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিলে হয়তো প্ৰেৰণাৰ উৎস হৈ পৰিব নতুন প্ৰজন্মৰ বাবে ৷

এক সংঘৰ্ষময় জীৱন নিৰ্বাহ কৰি সমাজৰ বাবে প্ৰভূত অৱদান আগবঢ়াই যোৱা এনেকুৱা এগৰাকী মহান ব্যক্তি আদৰ্শ হৈ ৰওক বৰ্তমান সমাজৰ বাবে৷

Images from different sources

কল্যাণ কলিতা, ফোন- ৯৯৫৭৩৪৮৬২৩

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Kalyan Kalita

Kalyan Kalita

Related Posts

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj
PEOPLE OF ASSAM

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

by Nilim Kashyap Barthakur
June 10, 2026
0

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj Nilim Kashyap Barthakur Imagine waking up in a...

Read moreDetails
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

June 9, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

June 4, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

May 24, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Who Really Controls the World? Legacy Wealth vs. Big Tech

Who Really Controls the World? Legacy Wealth vs. Big Tech

June 12, 2026
Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

June 12, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

June 12, 2026
Could Earth Turn into Venus If CO2 Keeps Rising?

Could Earth Turn into Venus If CO2 Keeps Rising?

June 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    34367 shares
    Share 13746 Tweet 8592
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15402 shares
    Share 6161 Tweet 3851
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    736 shares
    Share 294 Tweet 184
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    661 shares
    Share 264 Tweet 165
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3519 shares
    Share 1408 Tweet 880
  • মাধৱদেৱৰ সাহিত্যকৃতি

    705 shares
    Share 282 Tweet 176
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1040 shares
    Share 416 Tweet 260
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3822 shares
    Share 1529 Tweet 956
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6615 shares
    Share 2646 Tweet 1654
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4391 shares
    Share 1756 Tweet 1098
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d