• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, September 25, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural Poetry

কালপুৰুষ, তোমাক অভিবাদন

অঞ্জন শৰ্মা

by Admin
April 24, 2023
in Poetry
Reading Time: 7 mins read
0
কালপুৰুষ, তোমাক অভিবাদন
Share on FacebookShare on TwitterShare on LinkedIn

কালপুৰুষ, তোমাক অভিবাদন

অঞ্জন শৰ্মা

কালপুৰুষ, তোমাক অভিবাদন

কালপুৰুষ!

ক্ষন্তেক অপেক্ষা কৰা, আৰু শুনা মোৰো কথা…….

শিষ্যসকলে বিয়াকুল হৈ ক্ৰন্দন কৰিছিল!

RelatedPosts

photo of man wearing hooded jacket in front of body of water

পুৰুষ হ’বলৈ আৰু বহুযুগ লাগিব আপোনাক..

September 9, 2023
BOUND BY HOPE

BOUND BY HOPE

September 4, 2023
Gerard Manley Hopkins on Nature and God

Gerard Manley Hopkins on Nature and God

August 6, 2023

উপলক্ষ: চক্ৰেটিছৰ বিদায়ৰ ক্ষণ!

নিস্পৃহ নিৰাসক্ত পৰম উদাসীন চক্ৰেটিছ..

প্ৰাচীন গ্ৰীক দাৰ্শনিক তেওঁ, কথাই সুকীয়া!

চক্ৰেটিছে কৈছিল- ‘তোমালোকে নাকান্দিবা,

মোক শান্তিৰে যাবলৈ দিয়া।’

কালপুৰুষ!

চক্ৰেটিছৰ শিষ্যসকলে কান্দিছিল

বিয়াকুল হৈ ইনাই বিনাই কান্দিছিল

দেশে-দেশে উপমহাদেশে-মহাদেশে সেই

কান্দোন প্ৰতিধ্বনিত হৈছিল, হিয়াভঙা

সেই কান্দোনৰ ধ্বনি এই অসমত ক’ত?

ধ্বনি? প্ৰতিধ্বনি?

কালপুৰুষ!

তুমি ক্ষন্তেক অপেক্ষা কৰা

যদিও মই কাৰো অপেক্ষা কৰা নাই কান্দিবলৈ আহিব বুলি

মই মাথো তোমাৰ হে অপেক্ষাত আছিলো ৰৈ

কিবা এটা সোধো বুলি বিদায়ক্ষণত!

কালপুৰুষ

অসমত এতিয়া কোনেও নাকান্দে

শিষ্য, প্ৰজা, ভোটাৰ, ক্ৰেতা, লক্ষাধিক নিবনুৱা

ভূমিহীন সৰ্বস্বান্ত, বেতনহীন শিক্ষক, আন্দোলনকাৰী

কোনেও নাকান্দে কাৰো বাবে, মোৰো বাবে

কোনেও নাকান্দে

কাৰ বাবে কোনেই বা কান্দিব

সকলোৱে কৰি আছে বিষপান!

কালপুৰুষ!

আচৰিত নহবা।

অসমৰ পানীত বিষ, পানীৰ পাইপত বিষ, পাচলিত

বিষ, ফলত বিষ, মছলাত বিষ, মাংস-মাছত বিষ,

কণী-গাখীৰত বিষ, অৰ্থনীতি-ৰাজনীতি-শিক্ষাত বিষ,

বিষ

বতাহত, বিষ ভৰলুৰ পানীত, দিখৌত, বেকীত

বিষ তেজত, বিষ, বিষ,….

চিন্তাত বিষ, সাহিত্য-সংস্কৃতিত বিষ, ঔষধত বিষ

চিকিৎসালয়ত বিষ, সাংবাদিকতাত বিষ, বিষত বিষ

লোকসেৱা আয়োগত বিষ, আদালতত বিষ, তদন্তত বিষ

বিষ সৰ্বত্ৰত, বিষত বিষ মিহলি হৈ

বিষাক্ত হৈ পৰিছে বিষ

বিষো বিশুদ্ধ নহয় এই অসমভূমিত

বিষৰ পাত্ৰ মুখত লৈ বিদায় লবলৈ সাজু

চক্ৰেটিছ, বিয়াকুল হবলৈ চক্ৰেটিছৰ বাবে

অসমত কোনো নাই

সকলোৱেই বিষপান কৰি বিষানন্দত মতলীয়া

‘তামাম হিন্দুস্থান’ৰ বিষ, বিষো ভেজাল

কালপুৰুষ, সেয়েহে আনন্দ

বিষৰ বাবেই এশ মিটাৰ দৌৰ, মাৰাথন, চুক্তি

পদব্ৰজে যাত্ৰা, ঠেলা-হেঁচা, টনা-আজোৰা

‘বাইট’, হত্যা, পৰচৰ্চা, নিন্দা, সমালোচনা

বিষ সৰ্বত্ৰত। অসমত নীলকন্ঠ আজি লক্ষ লক্ষ!

কালপুৰুষ!

আচৰিত নহবা বিদায়ক্ষণৰ এইবোৰ বাক্য  বা কাব্যক লৈ

তোমাক এটা প্ৰশ্ন সুধিম বাবেই এই অৱতাৰণা

নিৱেদনৰ ভুল-ত্ৰুটিৰ বাবে ক্ষমাপ্ৰাৰ্থী মই

অক্ষম কবি বা অকবি কিম্বা

গদ‍্যৰ গদাধাৰী মই

ক’ত জানো পঢ়িছিলো-‘বাক‍্য’ক লুটিয়াই দিলেই

সৃষ্টি হয় ‘কাব‍্য’!

তোমাক উদ্দেশ‍্যি এয়া ‘বাক্য’ নে ‘কাব‍্য’

কি হৈছে নাজানো মই অক্ষম লেখক

মাথো শব্দৰ যোজনাৰ প্ৰয়াস মাথো

উপলব্ধিৰ উদ্ভাসন

আমাৰ জীৱনৰ তীৰ্যক নিৰ্যাসৰ কিঞ্চিৎ নিৱেদন।

আমি মৃত, কালপুৰুষ, আমি অৰ্দ্ধমৃত, মৃত

আমাৰ ইতিহাস

আমাৰ চিন্তা-চেতনা মৃত, শোক!

শোকৰো বয়স বাঢ়ি বাঢ়ি অলৰ জৰাগ্ৰস্ত।

শোক বা মোহ, আনন্দ বা নিৰানন্দ

বাঁহীৰে নবজাও মই

এনে কোনো সুৰ যি বহন কৰে মাতৃভূমিৰ মোহ

বিদায়ক্ষণত।

শুনা, মোৰ সমস্ত শব্দ বিষাক্ত

সমস্ত বাক‍্য বা কাব্য বিষাক্ত

সকলো বিষাক্ত অসমভূমিত, ধোঁৱা-প্ৰদূষণ

কোনেও ইয়াত চকুৰেও নেদেখে

কাণেৰেও নুশুনে

মুখেৰেও নকয় একো

দেখি শুনি থকা নেতাসকলোতো বিষ।

উজীৰ-এ-আজমে অসমত নিক্ষেপ কৰা

বিষাক্ত গেচবোমা, চিন্তাহৰণকাৰী বোমা, আতচবাজী

ৰামলীলা, মহোৎসৱ, বল বোম, নৌটংকী, ঝুমলা

আনন্দ, মহানন্দ

খিলঞ্জীয়া অসমীয়াৰ মহানন্দ বিষানন্দ

তাতেই চমৎকাৰ উজীৰ-এ-আজমৰ

বিষতো বিষ মিহলি হৈ বিষো বিষাক্ত, অশুদ্ধ

সেই বিষে লগে লগে মৃত্যুক নামাতে, তোমাক

নামাতে কালপুৰুষ

দিল্লীৰ বিষ, মাৰিজুৱানা

সেয়েই আনন্দ, সৰ্বসুখানন্দ!

কেচু, ময়দা, বৰল, বিস্কুটৰ টুকুৰা

কিমান যে টোপ

ৰঙা নীলা হালধীয়া সোণোৱালী ৰূপালী

হ্ৰস্বম‍্যাদী দীৰ্ঘম্যাদী

‘হুইল’ বৰশীৰে লুইতত দলিওৱা, ভাৰতবৰ্ষৰ

টোপ গিলি ‘হুইল’ৰ টনাটনিৰে লেবেজান

কতজনক দিল্লীয়ে এতিয়ালৈ কেৰাহীত ভাজিলে

সাপ-লুডুৰ খেল অথবা পাশাৰে শকুনিৰ দৰে

কিমানক ঠগিলে

চুক্তি-আলোচনাৰ বা সমস্যা সমাধানৰ নামত

কিমান নতুন ৰায়চাহাব-ৰায়বাহাদুৰ জন্ম দিলে

সেইবোৰৰ কোনো হিচাব অথবা তথ্য…

মোৰ অকণো প্ৰয়োজন নাই

কোনো লাভো নাই, সকলোৱে মতলীয়া মাৰিজুৱানাৰ স্বাদত।

কালপুৰুষ!

ধন্যবাদ অপেক্ষাৰ বাবে,

আহো এতিয়া মূল কথালৈ।

কালপুৰুষ, ‘সংজ্ঞা’ই যদি ‘চেতনা’-‘চৈতন্য’ বুজায়

‘সজ্ঞানতা’ বা ‘জাগ্ৰত’ কিম্বা ‘সম্বিৎ’ বুজায়

আৰু

‘সংজ্ঞা’ই যদি কোনো বিশেষ মানুহ, গোষ্ঠী, বস্তু বুজায়

‘সংজ্ঞাহীন’ অসমীয়াৰ, অৰ্থাৎ

পৰিচয়বিহীন অসমীয়াৰ, বা

‘সংজ্ঞা’ নিৰ্দ্ধাৰণ নোহোৱা অসমীয়াৰ;

লগতে আকৌ

‘সংজ্ঞা’হীন অসমীয়াৰ, অৰ্থাৎ চৈতন‍্যহীন

সম্বিৎহীন-জ্ঞানহীন অসমীয়াৰ….

মই বুজাব পাৰিছোনে বাৰু মই যি বুজাব বিচাৰিছো

কালপুৰুষ

বুজোৱাৰ নামত মই বুজিব হে বিচাৰিছো মই

‘সংজ্ঞা'(চৈতন্য)হীন অসমীয়াৰ ‘সংজ্ঞা'(পৰিচয়) নো কি?

কালপুৰুষ!

সাধাৰণ প্ৰশ্ন?

মই জানো তুমি কালৰ প্ৰতিনিধি, তুমি

মৃত্যুৰ দেৱতা

জন্মৰে পৰাই এই ভূমিত বিষপান কৰা মইও

নীলকন্ঠ

তোমাক অভিবাদন আগমনৰ বাবে

মোৰ চূড়ান্ত মৃত্যুৰ বাবে, দেহত‍্যাগৰ বাবে

মাথো

বিদায়ৰ পূৰ্বে তোমাৰ পৰাও জানিব বিচাৰো

সংজ্ঞাহীন অসমীয়াৰ সংজ্ঞা নো কি?

কালপুৰুষ

(হে পাঠক, কালপুৰুষেও নাজানে

এই প্ৰশ্নৰ উত্তৰ কিমান জটিল

অসম বিধানসভা, সাহিত্য সভা, ছাত্ৰ সন্হা

সকলো লেবেজান হোৱা প্ৰশ্নৰে মই

আশা কৰিছো কালপুৰুষো হ’ক লেবেজান!)

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: কালপুৰুষতোমাক অভিবাদন
Admin

Admin

Related Posts

photo of man wearing hooded jacket in front of body of water
Poetry

পুৰুষ হ’বলৈ আৰু বহুযুগ লাগিব আপোনাক..

by Admin
September 9, 2023
0

পুৰুষহ'বলৈ আৰু বহুযুগ লাগিব আপোনাক.. নিৰ্মালী আৰ্য্য   পুৰুষ হবলৈ আৰু বহুযুগ লাগিব আপোনাক পুৰুষ হৈ উপজিহে বিচাৰি আহিব মোক.........

Read more
BOUND BY HOPE

BOUND BY HOPE

September 4, 2023
Gerard Manley Hopkins on Nature and God

Gerard Manley Hopkins on Nature and God

August 6, 2023
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ক’ত, আলাবৈ!!

August 5, 2023
বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত

বিষ্ণু ৰাভা, আজি জালিকটা ৰ’দ তোমাৰ ছবিত

June 19, 2023
মৃত্যুক সুধিলে নচিকেতাই ‘মৃত্যু’ কি?

মৃত্যুক সুধিলে নচিকেতাই ‘মৃত্যু’ কি?

June 17, 2023
  • Trending
  • Comments
  • Latest
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 16, 2023
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

July 27, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 25, 2022
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

3
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
সংক্ষেপে: সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সংক্ষেপে: সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

September 25, 2023
Men rights matter too

Men rights matter too

September 25, 2023
Rima Das’s Tora’s Husband : Extraordinary Portrayal of Ordinariness

Rima Das’s Tora’s Husband : Extraordinary Portrayal of Ordinariness

September 25, 2023
Has India-Canada relations Crumbled? Will Trudeau apologize to India?

India-Canada Relations Strain: Unraveling the Causes Behind Escalating Tensions

September 25, 2023

Popular Stories

  • FREEDOM FIGHTERS OF ASSAM

    FREEDOM FIGHTERS OF ASSAM

    2548 shares
    Share 1019 Tweet 637
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    1859 shares
    Share 744 Tweet 465
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    1528 shares
    Share 611 Tweet 382
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    1027 shares
    Share 411 Tweet 257
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    838 shares
    Share 335 Tweet 210
  • Wildlife Photos: An astonishing and sorrowful image!

    218 shares
    Share 87 Tweet 55
  • অসমৰ বুৰঞ্জী

    1280 shares
    Share 512 Tweet 320
  • ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান

    179 shares
    Share 72 Tweet 45
  • Does IIT always guarantee jobs, huge salary packages?

    1084 shares
    Share 434 Tweet 271
  • অসমত পৰিৱেশ পৰ্যটনৰ সম্ভাৱনা

    680 shares
    Share 272 Tweet 170
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: