• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Business

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

ASSAMESE SECTION / Timepass Economy / Social Media / Smartphone/ Business

by Anjan Sarma
August 13, 2026
in Business, ASSAMESE SECTION, Economy, Social Media, Special Report
Reading Time: 9 mins read
0
group of people in public toilet using smartphones

Photo by ROMAN ODINTSOV on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

ল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন

TIMEPASS ECONOMY

অঞ্জন শৰ্মা

Anjan Pic 1
অঞ্জন শৰ্মা

স্মাৰ্টফোন এতিয়া মাথো কেৱল যোগাযোগৰ সজুঁলি হৈ থকা নাই – ই হৈ পৰিছে ডিজিটেল সভ্যতা -সংস্কৃতিৰ অনিয়ন্ত্ৰিত চালিকা শক্তি; আৰু ১৪০ কোটি মানুহৰ উপমহাদেশ ভাৰতত, ৯০-১০০ কোটি ইন্টাৰনেট ব্যৱহাৰকাৰীৰ ভাৰতত, স্মাৰ্টফোন হৈ পৰিছে সহস্ৰবাহুৰে আগ্ৰাসী অপ্ৰতিৰোধ্য এক নতুন ভয়ংকৰ অৱতাৰ।

স্মাৰ্টফোনৰ সৰু পৰ্দাখনত হাতৰ আঙুলিৰে সামাজিক মাধ্যমৰ বিভিন্ন পণ্য প্ৰত্যক্ষ কৰিবলৈ তল-ওপৰ বা ইফাল -সিফাল কৰি ( স্ক্ৰ’ল কৰা), ভিডিঅ’ প্ৰত্যক্ষ কৰি কৰি, অন্যান্য অনলাইন কাৰ্যকলাপৰ সৈতে জড়িত হৈ থাকি ঘন্টাৰ পিছত ঘন্টা অতিবাহিত কৰা, অপচয় কৰা, সময় ব্যয় কৰা পৰিঘটনাই ভাৰত উপমহাদেশৰ সমাজ তথা অৰ্থনৈতিক গাঁঠনিক নতুন ৰূপ দিবলৈ ধৰিছে।

এয়া সত্য যে তেনে পৰিঘটনাই তথ্যৰ জোৱাৰ সৃষ্টি কৰিছে আৰু দেখাত গতিশীল পৰিৱেশৰ ভেটি স্থাপন কৰিছে, কিন্তু একেদৰে তথ্যৰ মহাসাগৰৰ বাসিন্দা হৈও অনুভূত হৈছে যে একেসময়তে যেন তথ্যৰ নিৰুদ্দেশ হোৱা এটা যুগতো আমি অৱগাহন কৰিছো, যেন অলসতা বৃদ্ধি হৈছে, নতুন প্ৰজন্মৰ মাজত বিপুল হাৰত উদ্বিগ্নতা সৃষ্টি কৰিছে, আৰু পূৰ্বৰ খেলপথাৰ নিৰ্ভৰ শৈশৱ -কৈশোৰক স্মাৰ্টফোনৰ সৰু পৰ্দাখনত নেত্ৰবন্দী বা কৰ্ণবন্দী কৰি ৰাখি গুগল, মেটা, আমাজন, ৱালমাৰ্ট, জিঅ’ আদিৰ দৰে দৈত্যসদৃশ কোম্পানীৰ একাউণ্টলৈ হাজাৰ হাজাৰ কোটি টকা প্ৰেৰণ কৰি আছে – অবিৰাম।
ল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন

এই সমগ্ৰ পৰিঘটনাকেই আমি ‘কাল-ব্যয়ৰ অৰ্থনীতি’ ( Timepass Economy) বুলি বা ‘কাল-হাৰক অৰ্থনীতি’ অভিহিত কৰিব পাৰো।

“ভাৰতত প্ৰায় ১.৫ লাখ পেশাদাৰী ‘কন্টেন্ট’ সৃষ্টিকৰ্তা আছে আৰু তেওঁলোকে আকৰ্ষণীয় ‘কন্টেন্ট’ উৎপাদন কৰি কোটি কোটি ব্যৱহাৰকাৰীক আকৰ্ষিত কৰি ৰাখে। ২০১৬ চনত ভাৰতত মাত্ৰ ২০ টা ইউটিউব চেনেল আছিল আৰু ২০১৯ চনত তেনে ইউটিউব চেনেল ৬০০ টা হৈছিল, আৰু এতিয়া ৪০০০০+ ৰৰো অধিক চেনেল সৃষ্টি হৈছে! এয়া হ’ল কল্পনাতীত উত্থানৰ অনন্য উদাহৰণ, যি উত্থানে গাঁও নগৰ এফালৰ পৰা ঢাহি- মুহি লৈ গৈছে।”

স্মাৰ্টফোন আৰু সামাজিক মাধ্যমৰ উত্থান

ভাৰত উপমহাদেশৰ ডিজিটেল জগতত স্মাৰ্টফোনৰ আধিপত্য অতি প্ৰৱল আৰু ৯৭.৪% ইন্টাৰনেট ব্যৱহাৰকাৰীয়ে কেৱলমাত্ৰ মোবাইল যন্ত্ৰ বা ভ্ৰাম্যমাণ আহিলাবিধেৰেই ‘ৱেব'( Web)ত প্ৰৱেশ কৰে। ভাৰত উপমহাদেশৰ এজন লোকে গড়ে ৬ ঘন্টা ২৩ মিনিটৰ পৰা ৬ ঘন্টা ৪৯ মিনিট সময় স্মাৰ্টফোনৰ জৰিয়তে পাৰ কৰে আৰু এবছৰত ইয়াৰ পৰিমাণ হয় ২৩৩০ ঘন্টাৰ পৰা ২৪৮৭ ঘন্টা।

“নগৰৰ লগতে গাওঁ অঞ্চলতো ইয়াৰ প্ৰতিক্ৰিয়া দেখা গৈছে শিপিনীবিহীন তাঁতশালবোৰত, দাৱনীবিহীন পথাৰবোৰত, নাঙলৰ মুঠিত ধৰা যুৱকবিহীন খেতিপথাৰত, দৈনন্দিন কাম-কাজত; অৰ্থাৎ উৎপাদনশীল কামৰ সময় হ্ৰাস পাইছে তথা স্মাৰ্টফোন ব্যৱহাৰকাৰী সকল নিষ্ক্ৰিয় হৈ পৰিছে, অলস হৈ পৰিছে। গাওঁ অঞ্চলত এনে স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সংখ্যা আনুমানিক ৪৮৮ নিযুত! যি ভাৰতত কোটি কোটি নিবনুৱা, চাকৰি এটাৰ বাবে দুৰন্ত প্ৰতিযোগিতা – তেনে এখন ভাৰতত সময়ৰ এনে অপচয় একেবাৰেই অবাঞ্চনীয়।”

এই দুই -সহস্ৰাধিক ঘন্টাৰো অধিক সময়ৰ এক বৃহৎ অংশ সামাজিক মাধ্যমে দখল কৰে – কাৰণ ব্যৱহাৰকাৰীয়ে দৈনিক ২ ঘন্টা ২০ মিনিটৰ পৰা ২ ঘন্টা ৫০ মিনিট ( বছৰেকত ৮৫২ – ১০৩৪ ঘন্টা) ৱাটছএপ, ইনষ্টাগ্ৰাম, ইউটিউব, ফেচবুকৰ দৰে প্লেটফৰ্মত অতিবাহিত কৰে। ভাৰত উপমহাদেশৰ ডিজিটেল নাগৰিক বা ব্যৱহাৰকাৰী সকলৰ প্ৰধান কাৰ্যকলাপ হ’ল:

(ক) মেছেজিং  বা বাৰ্তা প্ৰেৰণ : ৱাটছএপ (৫৩১.৪৬ নিযুত ব্যৱহাৰকাৰী) আৰু টেলিগ্ৰাম (৩৮৪.০৬ নিযুত ব্যৱহাৰকাৰী)অত ৮০-৯০% স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে ব্যক্তিগত, ব্যৱসায়িক আৰু গোট ( গ্ৰুপ)ৰ যোগাযোগৰ বাবে দৈনিক ১-২ ঘন্টা ( বছৰেকত ৩৬৫- ৭৩০ ঘন্টা) অতিবাহিত কৰে।

(খ) সামাজিক মাধ্যম : ইনষ্টাগ্ৰাম (৫১৬.৯২ নিযুত ব্যৱহাৰকাৰী), ফেচবুক (৪৯২.৭০ নিযুত ব্যৱহাৰকাৰী), ইউটিউব (৪৭৬ – ৪৯১ নিযুত ব্যৱহাৰকাৰীকে ধৰি ৪০০০০+ চেনেল) আদিয়ে জৰিয়তে দৈনিক ৬০-৭৫ % ব্যৱহাৰকাৰীক আকৰ্ষিত কৰে, আৰু ‘ৰীল’ৰ দৰে চুটি ভিডিঅ’ৰ দ্বাৰা আকৰ্ষণ তীব্ৰতৰ কৰে। এইসকল লোকে দৈনিক ৪৫ মিনিটকৈ আৰু বছৰেকত ২৭৪ ঘন্টা সময় এনেদৰে পাৰ কৰে।

(গ) মনোৰঞ্জন: ৬০-৮০% ব্যৱহাৰকাৰীয়ে ভিডিঅ’ ষ্ট্ৰীম কৰে, ইউটিউবে সংগীত, বিভিন্ন প্ৰশিক্ষণৰ নেতৃত্ব বহন কৰে, চলচ্চিত্ৰ দেখুৱায়, ইয়াৰোপৰি নেটফ্লিক্স, প্ৰাইম ভিডিঅ’ আদি আছেই; এইবোৰত সময় বা কাল-ব্যয় হয় দৈনিক ১-২ ঘন্টা ( বছৰেকত ৩৬৫-৭৩০ ঘন্টা)।

(ঘ) বাতৰি পঢ়া: ৩০-৫০% ব্যৱহাৰকাৰীয়ে সামাজিক মাধ্যম বা ‘এপ’ৰ দ্বাৰা বাতৰি পঢ়ে – দৈনিক ০.৫ -১ ঘন্টা ( বছৰেকত ১৮২ -৩৬৫ ঘন্টা)।

(ঙ) ভইচ কল: ৮০-৯০% ব্যৱহাৰকাৰীয়ে পৰম্পৰাগত নেটৱৰ্ক বা ‘VoIP’ ( Voice Over Internet Protocol) ‘এপ’ৰ দ্বাৰা ফোন কৰে – দৈনিক ০.৫ অৰ পৰা ১ ঘন্টাকৈ, অৰ্থাৎ বছৰেকত ১৮২ – ৩৬৫ ঘন্টা।

(চ) ইমেইল: ২০-৪০% ব্যৱহাৰকাৰীৰ সৰহভাগেই নগৰীয়া পেশাদাৰী ব্যক্তি, আৰু এওঁলোকে দৈনিক ০.২ -০.৫ ঘন্টা সময় ( বছৰেকত সৰ্বাধিক ১৮২ ঘন্টা) ব্যয় কৰে।

(ছ) ই-কমাৰ্চ : ৩০-৫০% ব্যৱহাৰকাৰীয়ে আমজন আৰু ফ্লিপকাৰ্টৰ দৰে প্লেটফৰ্মৰ জৰিয়তে কিনা-বেচা কৰে আৰু দৈনিক ০.৫ -১ ঘন্টাকৈ বছৰেকত ১৮২ ঘন্টাৰ পৰা ৩৬৫ ঘন্টা ব্যয় কৰে।

ল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন

এনে ডিজিটেল আসক্তি তথা উন্মাদনাৰ মূল আহিলা হ’ল স্মাৰ্টফোন আৰু সুলভ মূল্যৰ ডাটা ( যেনে – প্ৰতি জি.বি. ০.০৯ – ০.১৬ ডলাৰ, বিশ্বৰ ভিতৰতে ভাৰতত বহু সুলভ) আৰু ব্যাপক আন্তৰ্জাল সৃষ্টি কৰা ৪জি /৫ জি ইন্টাৰনেট।

ভাৰতৰ ৯৩২.২ নিযুত স্বতন্ত্ৰ মোবাইল ফোন বা স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ প্ৰায় ৫৫% হ’ল গাওঁ অঞ্চলৰ আৰু তাৰে  ৬০%ৰ বয়স হ’ল ১২-২৯ বছৰৰ ভিতৰত,‌ আৰু সেয়েহে ই হৈ পৰিছে যুৱক-যুৱতীৰ বাবে এক মহা-উন্মাদনা, মহা-আসক্তি, আৰু তাকেই ভিত্তি কৰি কাল-ব্যয়ৰ অৰ্থনীতি দোপতদোপে লোদোৰ-পোদোৰ হৈ পৰিছে।

অসমত প্ৰায় ১৫-১৮ নিযুত ইন্টাৰনেট ব্যৱহাৰকাৰী আছে আৰু উত্তৰ – পূৰ্বাঞ্চল বা সপ্তাঞ্চলত মুঠ ২৪-২৯ নিযুত ব্যৱহাৰকাৰী আছে। সমগ্ৰ উপমহাদেশত ৯৬-৯৭% স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে দিনটোত ৫/৬ ঘন্টা সেই সৰু আহিলাবিধৰ সৈতে পাৰ কৰে।

কাল-ব্যয়ৰ অৰ্থনীতি: স্মাৰ্টফোনভিত্তিক অলসতা, উদ্বিগ্নতা

ইতিপূৰ্বে শিৰোনামত উল্লেখ কৰা ‘কাল-ব্যয়ৰ অৰ্থনীতি’ বা Timepass Economy ওপৰত উল্লেখিত বিষয়সমূহৰ ভেটিতেই গজালি মেলিছে। এই কাল-ব্যয়ৰ অৰ্থনীতিয়ে স্মাৰ্টফোনৰ জৰিয়তে অ-উৎপাদনশীল, অৱসৰমুখী অলসতাৰ বাবে সময় কটোৱাৰ ব্যাপক ডিজিটেল কৰ্মাৱলীক সাৱটি লয় – যেনে “ষ্ক্ৰ’ল” কৰা ( স্মাৰ্টফোনৰ পৰ্দা ইফাল সিফাল কৰা বা তল ওপৰ কৰি সময় অতিবাহিত কৰা), অত্যাধিক ভিডিঅ’ চোৱা, বা অবিৰত স্মাৰ্টফোনৰ সৰু পৰ্দাখনত চকুহাল নিৱদ্ধ কৰি ৰখা, ইত্যাদি। আসক্তি এনে হৈছে যে কোনো পৰিৱেশত ব্যৱহাৰকাৰীৰ মনটো শূণ্য বা চিন্তাহীন হৈ থকা এক পৰিস্থিতিতো স্মাৰ্টফোনটো কাষত থাকিলে আঙুলিৰ পেশীত সঞ্চিত স্মৃতিয়ে বা অভ্যাসে আঙুলিবোৰকো চুম্বকীয় আকৰ্ষণ কৰি লৈ যায় সৰু পৰ্দাখনলৈ আৰু আঙুলিবোৰে স্বত:স্ফূৰ্তভাৱে স্মাৰ্টফোনৰ পৰ্দাত সঞ্চালন কৰিবলৈ আৰম্ভ কৰে – মনটোৱে হয়তো গমকেই নাপায়।

ভাৰতত প্ৰায় ১.৫ লাখ পেশাদাৰী ‘কন্টেন্ট’ সৃষ্টিকৰ্তা আছে আৰু তেওঁলোকে আকৰ্ষণীয় ‘কন্টেন্ট’ উৎপাদন কৰি কোটি কোটি ব্যৱহাৰকাৰীক আকৰ্ষিত কৰি ৰাখে। ২০১৬ চনত ভাৰতত মাত্ৰ ২০ টা ইউটিউব চেনেল আছিল আৰু ২০১৯ চনত তেনে ইউটিউব চেনেল ৬০০ টা হৈছিল, আৰু এতিয়া ৪০০০০+ ৰৰো অধিক চেনেল সৃষ্টি হৈছে! এয়া হ’ল কল্পনাতীত উত্থানৰ অনন্য উদাহৰণ, যি উত্থানে গাঁও নগৰ এফালৰ পৰা ঢাহি- মুহি লৈ গৈছে।

ভাৰতৰ সামাজিক – অৰ্থনৈতিক পটভূমিৰ সকলোতে শিপাই পৰা এই কাল-ব্যয়ৰ অৰ্থনীতি সমৃদ্ধ হৈ উঠিছে কোটি কোটি ব্যৱহাৰকাৰীৰ এক অকল্পনীয় আসক্তিৰ বাবে। বৃহৎ বৃহৎ বহুজাতিক কোম্পানীবোৰে খুচুৰা হিচাপে বছৰেকত ৩৪৫-৩৬০ বিলিয়ন ডলাৰ আৰু টেলিকম ব্যৱস্থাপনাৰ দ্বাৰা বছৰেকত ২৪-৩০ বিলিয়ন ডলাৰ আহৰণ কৰি আছে – যাৰ মুঠ পৰিমাণ হ’ল ১.৩৮ – ১.৪৪ ত্ৰিলিয়ন ডলাৰ; আৰু বিভিন্ন কৌশল প্ৰয়োগ কৰি ব্যৱহাৰকাৰীৰ আসক্তিক মহা-আসক্তিলৈ ৰূপান্তৰিত কৰি ডিজিটেল প্লেটফৰ্মৰ প্ৰয়োজনীয়তাক মানৱ জীৱনৰ অপৰিহাৰ্য অংগ কৰি তুলিছে।

কোটি কোটি নিবনুৱাৰ ভাৰতভূমিত আৰু শৈক্ষিক হেঁচাৰ বাবে কান্ধ বেকা হৈ পৰা ছাত্ৰ-ছাত্ৰীৰ ভাৰতভূমিত, কম খৰছত প্ৰাপ্ত ডাটাৰ সহায়ত ব্যৱহাৰকাৰীয়ে প্ৰতিমাহে গড়ে ১৯.৫ জি.বি. ডাটা খৰছ কৰি কোম্পানীবোৰক অভাৱনীয় লাভৰ সুযোগ প্ৰদান কৰাৰ লগতে নিজেও নুন্যতম খৰছত সকলো জ্বালা – যন্ত্ৰণা পাহৰি , কঠিনতম কৰ্তব্য – দায়িত্ব পাহৰি, কাঁইটিয়া জীৱনৰ পৰা পলায়ন কৰাৰ পথ বিচাৰি পাইছে।

নগৰৰ লগতে গাওঁ অঞ্চলতো ইয়াৰ প্ৰতিক্ৰিয়া দেখা গৈছে শিপিনীবিহীন তাঁতশালবোৰত, দাৱনীবিহীন পথাৰবোৰত, নাঙলৰ মুঠিত ধৰা যুৱকবিহীন খেতিপথাৰত, দৈনন্দিন কাম-কাজত; অৰ্থাৎ উৎপাদনশীল কামৰ সময় হ্ৰাস পাইছে তথা স্মাৰ্টফোন ব্যৱহাৰকাৰী সকল নিষ্ক্ৰিয় হৈ পৰিছে, অলস হৈ পৰিছে। গাওঁ অঞ্চলত এনে স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সংখ্যা আনুমানিক ৪৮৮ নিযুত! যি ভাৰতত কোটি কোটি নিবনুৱা, চাকৰি এটাৰ বাবে দুৰন্ত প্ৰতিযোগিতা – তেনে এখন ভাৰতত সময়ৰ এনে অপচয় একেবাৰেই অবাঞ্চনীয়।

ল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন
Photo by Pixabay on Pexels.com

সংযোগৰ মূল্য: বিশ্বব্যাপী মোবাইল ডাটাৰ মূল্যৰ পৰিপ্ৰেক্ষিতত (২০২৩–২০২৫)

মোবাইল ডাটাৰ মূল্য হৈছে ডিজিটেল বিশ্বত সংযোগৰ এক গুৰুত্বপূৰ্ণ নিৰ্ধাৰক। ২০২৪ৰ জানুৱাৰীলৈকে, বিশ্বৰ ৫৬০ কোটি মানুহে (৬৯.৪%) মোবাইল ফোন ব্যৱহাৰ কৰিছে, আৰু ইয়াৰে  ৫৩৫ কোটি মানুহেই অনলাইনত সংযুক্ত। ১ জিবি মোবাইল ডাটাৰ গড় মূল্য হৈছে ২.৫৯ ডলাৰ, যি ২০২২ত আছিল ৩.১২ ডলাৰ।

কিন্তু, মূল্যৰ ব্যৱধান এতিয়াও তীব্ৰ—ইজৰাইলত ০.০২ ডলাৰৰ পৰা জিম্বাবুৱেত ৪৩.৭৫ ডলাৰলৈ।

মোবাইল ডাটাৰ মূল্য হ্ৰাসৰ কাৰণসমূহ হৈছে:

•পৰিকাঠামো বা আন্তঃগাথনিৰ উন্নতি: ৪জি আৰু ৫জি নেটৱৰ্কৰ বিস্তাৰ, তথা ফাইবাৰ অপটিক কেবলৰ বিনিয়োগে খৰচ হ্ৰাস কৰিছে। কুৱেইট আৰু ফিনলেণ্ডৰ দৰে দেশে উন্নত পৰিকাঠামোৰ সুবিধা লাভ কৰিছে।

• বজাৰত প্ৰতিযোগিতা: ভাৰতত ৰিলায়েন্স জিঅ’ৰ প্ৰৱেশে মূল্য যুদ্ধৰ সৃষ্টি কৰি ডাটা সুলভ কৰিছে।

• অৰ্থনৈতিক কাৰণ: ধনী দেশ যেনে ছুইজাৰলেণ্ডত ($৭.২৯/জিবি) ক্ৰয় ক্ষমতাৰ কাৰণে মূল্য উচ্চ, কিন্তু উন্নয়নশীল দেশত সুলভ মূল্যৰ ওপৰত গুৰুত্ব দিয়া হয়।

কিন্তু, উপ-চাহাৰা আফ্ৰিকাত গড় মূল্য ৩.৩১ ডলাৰ/জিবি, যিহেতু পৰিকাঠামো সীমিত আৰু কৰ বেছি। উত্তৰ আফ্ৰিকাত মূল্য ০.৮৬ ডলাৰ/জিবি। ‘এক্স’ত দিয়া পোষ্টসমূহে ভাৰতৰ সুলভ মূল্য ($০.০৯–০.১৫/জিবি)ক বিশ্বৰ বাবে এক আদৰ্শ হিচাপে উল্লেখ কৰিছে।

তলত নিৰ্বাচিত দেশত ১ জিবি ডাটাৰ গড় মূল্য (২০২৩–২০২৪, ২০২৫ৰ পূৰ্বাভাসৰ সৈতে), যি ২০২৩–২০২৪ৰ তথ্যৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে (Cable.co.uk, Visual Capitalist, আৰু এক্স পোষ্টৰ পৰা), ২০২৫ৰ পূৰ্বাভাসৰ সৈতে। মূল্য আমেৰিকান ডলাৰত আৰু প্ৰিপেইড-পোষ্টপেইড প্লেনৰ গড়।

Screenshot 20250505 091507 Grok Beta

ভাৰতীয় গ্ৰাহকৰ ব্যয়ৰ শীৰ্ষ কোম্পানীসমূহ (২০২৪–২০২৫):

খুচুৰা, ই-কমাৰ্চ, টেলিকম, আৰু বিত্তীয় সেৱাত আধিপত্য

ভাৰতৰ গ্ৰাহকৰ বজাৰ, ২০২৪ত ২.৪ ট্ৰিলিয়ন ডলাৰৰ, ২০৩০লৈ ৪৬% বৃদ্ধি পাই ৪.৩ ট্ৰিলিয়ন ডলাৰ হ’ব বুলি প্ৰক্ষেপণ কৰা হৈছে, যাৰ মূল চালিকা শক্তি হৈছে ক্ৰমবৰ্ধমান আয়, নগৰীকৰণ, আৰু ডিজিটেল ৰূপান্তৰ। ৯৪৪.৭ নিযুত বেতাৰ বা অনাতাৰ ইণ্টাৰনেট গ্ৰাহক আৰু FY25ৰ ভিতৰত ১১০ কোটি স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সৈতে, গ্ৰাহকৰ ব্যয় খুচুৰা, ই-কমাৰ্চ, টেলিকম, আৰু বিত্তীয় সেৱালৈ কেন্দ্ৰীভূত হৈছে।

দেশীয় দৈত্য যেনে ৰিলায়েন্স জিঅ’ আৰু ফোনপেৰ লগতে বহুজাতিক কোম্পানী যেনে আমাজন আৰু ফ্লিপকাৰ্টে এই খণ্ডসমূহত আধিপত্য বিস্তাৰ কৰিছে, ভাৰতৰ যুৱ জনসংখ্যা (গড় বয়স: ২৮) আৰু ক্ৰমবৰ্ধমান মধ্যবিত্ত শ্ৰেণীৰ সুবিধা গ্ৰহণ কৰি।

২০২৪ত ভাৰতীয় গ্ৰাহকৰ ব্যয়ৰ পৰা লাভান্বিত শীৰ্ষ কোম্পানীসমূহ, তেওঁলোকৰ ৰাজহ আৰু বজাৰৰ অংশ, আৰু ২০২৫ৰ পূৰ্বাভাসৰ বিষয়ে আলোচনা কৰা হৈছে, অসমতো তেওঁলোকৰ প্ৰভাৱ আৰু তেওঁলোকৰ আধিপত্যৰ বৃহত্তৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব দি আমি আগবাঢ়িব বিচাৰিছো।

ভাৰতীয় গ্ৰাহকৰ ব্যয়ৰ এক পৰিদৰ্শন ২০২৪ত ভাৰতৰ গ্ৰাহকৰ ব্যয় **২০৮.৫১ লাখ কোটি টকা (২.৪ ট্ৰিলিয়ন ডলাৰ)**ত উপনীত হৈছে, য’ত জিডিপিৰ ৬০% ব্যয়ৰ দ্বাৰা চালিত, আমেৰিকাৰ দৰেই।

social media

মূল খণ্ডসমূহ হ’ল:

খুচুৰা: ২০২৩ত ৮৮৩ বিলিয়ন ডলাৰৰ, ২০৩০লৈ ১.৬ ট্ৰিলিয়ন ডলাৰ হ’ব বুলি প্ৰক্ষেপণ, সংগঠিত খুচুৰা ৯% CAGR ( Compound Annual Growth Rate)ত বৃদ্ধি পাইছে।

ই-কমাৰ্চ: ২০২৪ত ১২৫ বিলিয়ন ডলাৰৰ, ২০৩০লৈ ৪০০ বিলিয়ন ডলাৰ হ’ব, ২৭০ নিযুত অনলাইন ক্ৰেতাৰ দ্বাৰা চালিত।

টেলিকম: ১১৪ কোটি মোবাইল সংযোগৰ সৈতে, জিঅ’ৰ দৰে টেলিকম দৈত্যই ডিজিটেল সংযোগ বৃদ্ধি কৰিছে, ০.০৯–০.১৫ ডলাৰ/জিবিত ডাটা প্ৰদান কৰি, যি বিশ্বত সৰ্বনিম্ন।

বিত্তীয় সেৱা: ইউপিআই-য়ে ২০২৫ৰ জানুৱাৰীত ১৬,৯৯৬ কোটি লেনদেন সম্পন্ন কৰিছে, যাৰ মূল্য ২৩.৪৮ লাখ কোটি টকা (২৭০.৩ বিলিয়ন ডলাৰ)।

এই খণ্ডসমূহ নগৰীকৰণ (২০৩০লৈ ভাৰতৰ ৪০% জনসংখ্যা), ক্ৰমবৰ্ধমান ডিচপ’জেবল আয় (২০২৩ত ২.৫৪ হাজাৰ ডলাৰৰ পৰা ২০২৯ত ৪.৩৪ হাজাৰ ডলাৰ), আৰু ডিজিটেল গ্ৰহণৰ দ্বাৰা গঢ় লৈ উঠিছে, বিশেষকৈ টায়াৰ-২+ চহৰ আৰু গ্ৰাম্য অঞ্চলত।

গ্ৰাহকৰ ব্যয়ত আধিপত্য বিস্তাৰ কৰা শীৰ্ষ কোম্পানীসমূহ

তলত ২০২৪ত শীৰ্ষ কোম্পানীসমূহ, তেওঁলোকৰ প্ৰাক্কলিত ৰাজহ, বজাৰৰ অংশ, আৰু গ্ৰাহকৰ ব্যয়ৰ অৱদানৰ বিষয়ে উল্লেখ কৰা হৈছে, ২০২৫ৰ পূৰ্বাভাসৰ সৈতে

JiO

১. ৰিলায়েন্স জিঅ’ (টেলিকম, খুচুৰা, ই-কমাৰ্চ)২০২৪ সম্পৰ্কে:

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ এটা শাখা জিঅ’ই টেলিকমত ৩৯.৭% বজাৰৰ অংশ ধৰি ৰাখিছে, ৪৮৯.৭ নিযুত গ্ৰাহকৰ সৈতে (নৱেম্বৰ ২০২৪)। ইয়াৰ সুলভ ডাটা প্লেনে ($০.০৯–০.১৫/জিবি) ভাৰতক এখন ডিজিটেলভিত্তিক শক্তিশালী দেশলৈ ৰূপান্তৰিত কৰিছে, ৯৩২.২ নিযুত মোবাইল ব্যৱহাৰকাৰীক অনলাইন সেৱাৰ সুবিধা প্ৰদান কৰি। জিঅ’মাৰ্ট, ইয়াৰ ই-কমাৰ্চ শাখা, আৰু ৰিলায়েন্স ৰিটেইল (গ্ৰাহক সামগ্ৰীৰ বিক্ৰীৰ ১২–১৫%)ই খুচুৰা আৰু কুইক কমাৰ্চত ব্যয় ধৰি ৰাখিছে।

প্ৰাক্কলিত ৰাজহ: ২০–২৫ বিলিয়ন ডলাৰ (টেলিকম আৰু খুচুৰা মিলিতভাৱে)।

গ্ৰাহকৰ আকৰ্ষণ: সুলভ ডাটা আৰু বাণ্ডলড সেৱা (যেনে জিঅ’ চিনেমা)ই ব্যয় বৃদ্ধি কৰিছে, বিশেষকৈ গ্ৰাম্য আৰু টায়াৰ-২+ গ্ৰাহকৰ মাজত। অসমত, জিঅ’ৰ ৯৬–৯৭% মোবাইল প্ৰৱেশে  ১৫–১৮ নিযুত ইণ্টাৰনেট ব্যৱহাৰকাৰীক সংযোগ কৰিছে, যিসকলে দৈনিক ৫–৬ ঘণ্টা অনলাইনত কটায়।

২০২৫ৰ পূৰ্বাভাস: জিঅ’ই ৫জিৰ কভাৰেজ বৃদ্ধি কৰি ৪৫% টেলিকম বজাৰৰ অংশ দখল কৰিব বুলি আশা কৰা হৈছে, জিঅ’মাৰ্টৰ কুইক কমাৰ্চৰ উপস্থিতি বৃদ্ধি কৰি। ইয়াৰ ফলত ৰাজহ ১০–১২% বৃদ্ধি পাব পাৰে গ্ৰাম্য বিস্তাৰ আৰু প্ৰিমিয়াম সেৱাৰ জৰিয়তে।

Amazon

২. আমাজন ইণ্ডিয়া (ই-কমাৰ্চ, খুচুৰা)২০২৪ সম্পৰ্কে:

আমাজনে ফ্লিপকাৰ্টৰ সৈতে ই-কমাৰ্চত নেতৃত্ব দিছে, ৩০–৩৫% বজাৰৰ অংশ আৰু ৮ বিলিয়ন ডলাৰৰ ৰপ্তানিৰে। ই ৬২ লাখ MSMEক ডিজিটেলাইজ কৰিছে, ১৩ লাখ চাকৰি সৃষ্টি কৰিছে, আৰু ১০–১২ বিলিয়ন ডলাৰ ৰাজহৰ প্ৰতিবেদন দিছে। ইয়াৰ প্ৰাইম ছাবস্ক্ৰিপচন আৰু কুইক কমাৰ্চ (২০২৫ৰ প্ৰথম তিনিমাহত পৰিকল্পিত)ই গ্ৰাহকৰ ব্যয় বৃদ্ধি কৰিছে, বিশেষকৈ ইলেক্ট্ৰনিক্স আৰু পোছাকত।

গ্ৰাহকৰ আকৰ্ষণ: ৰেহাই, দ্ৰুত ডেলিভাৰী, আৰু বিস্তৃত উৎপাদৰ পৰিসৰে গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেলৰ দৰে ইভেণ্টত ৮০% ক্ৰেতাক টায়াৰ-২+ চহৰৰ পৰা আকৰ্ষণ কৰে। অসমত, ৪০–৫০% ব্যৱহাৰকাৰীয়ে আমাজনৰ ওপৰত নিৰ্ভৰ কৰে, ৪৮% হাইপাৰল’কেল শ্বপিংৰ ধাৰাৰ দ্বাৰা চালিত।

২০২৫ৰ পূৰ্বাভাস: আমাজনে ১০০ লাখ MSME ডিজিটেলাইজ কৰাৰ লক্ষ্যৰে ২০ বিলিয়ন ডলাৰৰ ৰপ্তানি লাভ কৰিব, কুইক কমাৰ্চৰ বিস্তাৰৰ সৈতে ৰাজহ ১৫–২০% বৃদ্ধি পাব।

৩. ফ্লিপকাৰ্ট (ই-কমাৰ্চ, কুইক কমাৰ্চ)২০২৪ সম্পৰ্কে:

ৱালমাৰ্টৰ মালিকানাধীন ফ্লিপকাৰ্টে ৩০–৩৫% ই-কমাৰ্চ বজাৰৰ অংশ ধৰি ৰাখিছে, ৮–১০ বিলিয়ন ডলাৰ ৰাজহৰ সৈতে। ইয়াৰ সহযোগী প্ৰতিষ্ঠান—মিন্ত্ৰা (ফেশ্বন), ক্লিয়াৰট্ৰিপ (ভ্ৰমণ), আৰু ফ্লিপকাৰ্ট মিনিটছ (কুইক কমাৰ্চ)—এইবোৰে বিভিন্ন প্ৰয়োজন পূৰণ কৰে। মাহিলী ৩৪০ কোটি টকাৰ লোকচান সত্ত্বেও, ফ্লিপকাৰ্টে ৮০% ক্ৰেতাক টায়াৰ-২+ চহৰৰ পৰা সেৱা আগবঢ়ায়।

গ্ৰাহকৰ আকৰ্ষণ: জেন জেড (ই-ৰিটেইলৰ ৪০% ক্ৰেতা) ফ্লিপকাৰ্টৰ স্পয়ল আৰু মিন্ত্ৰা ফৰৱাৰ্ডৰ ফেশ্বনৰ প্ৰতি আকৰ্ষিত, আনহাতে ফ্লিপকাৰ্ট মিনিটছে জেপট’ আৰু ব্লিংকিটৰ সৈতে প্ৰতিযোগিতা কৰে। অসমত, ফ্লিপকাৰ্টৰ অসমীয়া ভাষাৰ প্ৰচাৰে ৭৩% ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ আঞ্চলিক বিষয়বস্তুৰ পছন্দক লক্ষ্য কৰে।

২০২৫ৰ পূৰ্বাভাস: ফ্লিপকাৰ্টৰ ৰাজহ ১২–১৫% বৃদ্ধি পাব কুইক কমাৰ্চৰ বিস্তাৰ আৰু ONDCৰ সংযোজনৰ জৰিয়তে, যদিও আক্ৰমণাত্মক বিনিয়োগৰ বাবে লোকচান থাকিব পাৰে।

৪. ফোনপে (বিত্তীয় সেৱা, ই-কমাৰ্চ)২০২৪ সম্পৰ্কে:

ফ্লিপকাৰ্টৰ সহযোগী ফোনপে ইউপিআইত ৪৬% বজাৰৰ অংশৰ সৈতে নেতৃত্ব দিছে, ২০২৫ৰ জানুৱাৰীত ২৭০.৩ বিলিয়ন ডলাৰৰ লেনদেন প্ৰক্ৰিয়াকৰণ কৰিছে। ইয়াৰ ছুপাৰএপে পেমেণ্ট, বীমা, আৰু ই-কমাৰ্চ সংযোজন কৰি ১–২ বিলিয়ন ডলাৰ ৰাজহ উৎপন্ন কৰিছে।

গ্ৰাহকৰ আকৰ্ষণ: সুবিধাজনক ইউপিআই লেনদেন আৰু কেছবেক অফাৰে ব্যয় বৃদ্ধি কৰিছে, বিশেষকৈ অসমৰ ১৫–১৮ নিযুত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত, য’ত ৯০% ডিজিটেল পেমেণ্ট ইউপিআই-ভিত্তিক।

২০২৫ৰ পূৰ্বাভাস: ফোনপেৰ ৰাজহ ২০–২৫% বৃদ্ধি পাব, ইউপিআই লেনদেন ২০৩০লৈ ৩.১ ট্ৰিলিয়ন ডলাৰত উপনীত হ’ব, গ্ৰাম্য বজাৰ আৰু সম্পদ ব্যৱস্থাপনাৰ বিস্তাৰৰ সৈতে।

৫. চুইগী (কুইক কমাৰ্চ, ফুড টেক)২০২৪ সম্পৰ্কে:

চুইগীৰ ইনষ্টামাৰ্টে ব্লিংকিটৰ সৈতে কুইক কমাৰ্চত নেতৃত্ব দিছে, ৬.১ বিলিয়ন ডলাৰৰ বজাৰ মূল্যৰ সৈতে। কুইক কমাৰ্চৰ GMV ২০২২–২০২৩ত ৭৭% বৃদ্ধি পাইছে, ৪৮% ই-কমাৰ্চ গ্ৰাহকক আকৰ্ষণ কৰি। প্ৰাক্কলিত ৰাজহ: ২–৩ বিলিয়ন ডলাৰ।

গ্ৰাহকৰ আকৰ্ষণ: অতি দ্ৰুত ডেলিভাৰী (১০–১৫ মিনিট) নগৰীয়া আৰু আধা-নগৰীয়া গ্ৰাহকৰ বাবে আকৰ্ষণীয়। অসমত, চুইগীৰ অসমীয়া ভাষাৰ প্ৰচাৰ আৰু ONDC সংযোজনে ৪০,০০০+ হাইপাৰল’কেল ক্ৰেতাৰ মাজত গ্ৰহণযোগ্যতা বৃদ্ধি কৰিছে।

২০২৫ৰ পূৰ্বাভাস: কুইক কমাৰ্চ ২০৩০লৈ ৪০ বিলিয়ন ডলাৰত উপনীত হ’ব, চুইগীৰ ৰাজহ ২৫–৩০% বৃদ্ধি পাব টায়াৰ-৩ চহৰলৈ বিস্তাৰৰ সৈতে।

আঞ্চলিক প্ৰভাৱ: অসমৰ গ্ৰাহকৰ পৰিদৃশ্য

অসমত, ১৫–১৮ নিযুত ইণ্টাৰনেট ব্যৱহাৰকাৰী (৯৬–৯৭% মোবাইল-ভিত্তিক)য়ে গ্ৰাহকৰ ব্যয় ত্বৰান্বিত কৰিছে, দৈনিক ৫–৬ ঘণ্টা অনলাইনত কটোৱাৰ সৈতে।

মূল ধাৰাসমূহ হ’ল:

টেলিকম: জিঅ’ৰ সুলভ ডাটাই ৪০–৫০% ব্যৱহাৰকাৰীক ৱাটছএপ আৰু ইউটিউবৰ জৰিয়তে বাতৰি আৰু মনোৰঞ্জনৰ সুবিধা প্ৰদান কৰিছে, ডিজিটেল নিৰ্ভৰশীলতা শক্তিশালী কৰি।

ই-কমাৰ্চ: আমাজন আৰু ফ্লিপকাৰ্টৰ আধিপত্য, ৪৮% গ্ৰাহকেই  চুইগী ইনষ্টামাৰ্টৰ দৰে হাইপাৰল’কেল প্লেটফৰ্ম পছন্দ কৰে।

বিত্তীয় সেৱা: ফোনপেৰ ইউপিআই লেনদেনে ৯০% ডিজিটেল পেমেণ্টৰ হিচাপ, সৰু ব্যৱসায় আৰু গ্ৰাহকক ক্ষমতাসম্পন্ন কৰে।

সাংস্কৃতিক প্ৰভাৱ: প্ৰযুক্তিৰ দৈত্যৰ আঞ্চলিক বিষয়বস্তু (যেনে ফ্লিপকাৰ্ট, চুইগীৰ অসমীয়া প্ৰচাৰ)ই প্ৰৱেশ বৃদ্ধি তথা সুচল কৰিছে, কিন্তু সাংস্কৃতিক ক্ষেত্ৰখনত অৱক্ষয় হ’ব পাৰে বুলি উদ্বেগো প্ৰকাশ কৰিছে।

খণ্ডৰ আধিপত্যৰ প্ৰভাৱ

অৰ্থনৈতিক সুবিধা: এই কোম্পানীসমূহে MSMEক ডিজিটেলাইজ কৰে, লাখ লাখ চাকৰি সৃষ্টি কৰে, আৰু ১২৫ বিলিয়ন ডলাৰৰ ই-কমাৰ্চ ৰাজহৰ জৰিয়তে ভাৰতৰ জিডিপি বৃদ্ধি কৰে।

প্ৰত্যাহ্বান: জিঅ’, আমাজন, আৰু ফ্লিপকাৰ্টৰ বজাৰ আধিপত্যই একচেটিয়াৰ আশংকা সৃষ্টি কৰে, ৯০% ব্যৱহাৰকাৰী গোপনীয়তাৰ বিষয়ে অজ্ঞাত। ভাৰতৰ পৰা তেওঁলোকৰ ১০০–১৫০ বিলিয়ন ডলাৰৰ ৰাজহ প্ৰায়ে স্থানীয় ব্যৱসায়ক উপেক্ষা কৰে, নতুন ডিজিটেল সাম্ৰাজ্যবাদৰ সাদৃশ্য বহন কৰে।

২০২৫ৰ দৃষ্টিকোণ: কুইক কমাৰ্চ (১৪.৪% CAGR) আৰু গ্ৰাম্য ই-কমাৰ্চৰ বৃদ্ধি (ONDC/ Open Network for Digital Commerce ৰ জৰিয়তে) প্ৰতিযোগিতা তীব্ৰ কৰিব, কিন্তু ন্যায্যতা নিশ্চিত কৰিবলৈ নিয়ন্ত্ৰণমূলক ব্যৱস্থা (যেনে গ্ৰাহক সুৰক্ষা নিয়ম ২০২০) প্ৰয়োজনীয়।

২০২৪ত ভাৰতৰ গ্ৰাহকৰ ব্যয় ৰিলায়েন্স জিঅ’, আমাজন, ফ্লিপকাৰ্ট, ফোনপে, আৰু চুইগীলৈ প্ৰবাহিত হৈছে, যিয়ে টেলিকম, ই-কমাৰ্চ, আৰু বিত্তীয় সেৱাত আধিপত্য বিস্তাৰ কৰিছে। এই কোম্পানীসমূহে সুলভ ডাটা, ডিজিটেল পেমেণ্ট, আৰু কুইক কমাৰ্চৰ সুবিধা লৈ ২.৪ ট্ৰিলিয়ন ডলাৰৰ ব্যয় ধৰি কৰায়ত্ব কৰিছে, ২০৩০লৈ ৪.৩ ট্ৰিলিয়ন ডলাৰ প্ৰক্ষেপিত।

অসমত, তেওঁলোকৰ প্ৰভাৱে গ্ৰাহকক ক্ষমতাসম্পন্ন কৰিছে, কিন্তু সাংস্কৃতিক আৰু অৰ্থনৈতিক নিৰ্ভৰশীলতাৰ আশংকা সৃষ্টি কৰিছে। ২০২৫লৈ, তেওঁলোকৰ ৰাজহ আৰু বজাৰৰ অংশ বৃদ্ধি পাব, কিন্তু উদ্ভাৱন আৰু নিয়ন্ত্ৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰা একচেটিয়া নিয়ন্ত্ৰণ ৰোধ আৰু স্থানীয় স্বাৰ্থ সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব।

নতুন প্ৰজন্মৰ মাজত দেখা দিয়া উদ্বেগ

সামাজিক মাধ্যমৰ আৰু সামাজিক মাধ্যমত অবিৰত সক্ৰিয়তাই উদ্বেগ বৃদ্ধি কৰে, বিশেষকৈ নতুন প্ৰজন্মৰ মাজত। তাৰে প্ৰধান কাৰণসমূহ হ’ল –

(ক) সামাজিক তুলনা: হয়, ৫১৬.৯২ নিযুত ব্যৱহাৰকাৰীৰ অপ্ৰতিৰোধ্য প্লেটফৰ্ম ইনষ্টাগ্ৰামে ধনবান বা অতি চহকী, আদৰ্শৰে ভৰপুৰ, ব্যতিক্ৰমী জীৱনশৈলী অনুসৰণ কৰা ব্যক্তিৰ বিষয়ে প্ৰচাৰ কৰে আৰু স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সৰহসংখ্যকেই অপ্ৰাপ্তি তথা অপৰ্যাপ্ততাৰ ভাবসাগৰত ডুবি ককবকাই থাকে। গৱেষণাই ডাঙি ধৰিছে যে ‘ইনফ্লুৱেন্সাৰ’ বা একে বয়সৰ সফল সকলৰ সৈতে নিজকে তুলনা কৰা ৩০ – ৪০% যুৱ ব্যৱহাৰকাৰীয়ে উদ্বেগ অনুভৱ কৰে।

(খ) তথ্যৰ অত্যাধিকতা: সামাজিক মাধ্যমৰ জৰিয়তে বাতৰি পঢ়া বা শুনা বা প্ৰত্যক্ষ কৰা ৩০ – ৫০% ব্যৱহাৰকাৰীয়ে সংবেদনশীল ‘কন্টেন্ট’ৰ গধূৰ বোমাৰ সন্মুখীন হোৱাৰ ফলত তেওঁলোকৰ মানসিক চাপ বৃদ্ধি পায়।

(গ) বৈধকৰণৰ আসক্তি: ‘লাইক'( Like),  ‘মন্তব্য’ ( Comment) আৰু অইনলৈ প্ৰেৰণ ( Share)ৰ ড’পামিন – চালিত ( ড’পামিন হ’ল মগজুৰ এক নিউৰোট্ৰেন্সমিটাৰ – যি দুটা স্নায়ুকোষৰ মাজত ৰাসায়নিক বাৰ্তাবাহক হিচাপে কাম কৰে তথা মগজুৰ স্নায়ুকোষৰ লগত শৰীৰৰ স্নায়ু আৰু পেশী কোষবোৰৰ মাজত বাৰ্তা – যোগাযোগ কৰোতে সহায় কৰে। ই শৰীৰৰ নিয়ন্ত্ৰণ, সমন্বয়, মেজাজ, স্মৃতি, মনোযোগ, অনুপ্ৰেৰণা আদি নিয়ন্ত্ৰিত কৰিব পাৰে) চক্ৰই , বিশেষকৈ চুটি ভিডিঅ’ত (দৈনিক গড়ে ৪৫ মিনিট) মনোনিবেশ কৰিবলৈ গভীৰ নিৰ্ভৰশীলতা সৃষ্টি কৰে আৰু ৬০% যুৱ ব্যৱহাৰকাৰীয়ে সামাজিক মাধ্যমৰ পৰা বিচ্ছিন্ন হোৱাৰ লগে লগে উদ্বেগ অনুভৱ কৰে।

(ঘ) নিদ্ৰাৰ বিঘিনি: ৭০% নগৰীয়া ( গাওঁৰ ক্ষেত্ৰতো প্ৰায় একেই) যুৱকৰ মাজত গভীৰ নিশালৈ ষ্ক্ৰ’লিঙৰ তীব্ৰ আকুলতাই স্বাভাৱিক নিদ্ৰাৰ সময় হ্ৰাস কৰি মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ অৱনতি ঘটায়।

এনেবোৰ কাৰকে মানসিক স্বাস্থ্যৰ বিঘিনি ঘটায় আৰু ভাৰতৰ প্ৰতি ৭ জন যুৱক-যুৱতীৰ মাজৰ ১ জনে গভীৰ উদ্বেগ তথা হতাশাৰ সন্মুখীন হয় তথা কাল-ব্যয়ৰ অৰ্থনীতিৰ আসক্তিপূৰ্ণ আকৰ্ষণে ইয়াক জাতিষ্কাৰ কৰি তোলে।

বহুজাতিক কোম্পানীৰ লাভ

কাল-ব্যয়ৰ অৰ্থনীতিৰ ভৰাললৈ অভূতপূৰ্ব বৰঙণি যোগোৱা কোটি কোটি স্মাৰ্টফোন আদি ব্যৱহাৰকাৰীয়ে এনেদৰে আসক্তিৰ নাগপাশত সোমাই পৰিছে যেন আফিম, হিৰোইন, মাৰিজুৱানা আদি ড্ৰাগৰ দ্বাৰা আসক্ত হৈছে । এই আসক্তিয়ে বা ডিজিটেল সক্ৰিয়তাই বছৰেকত ১০০-১৫০ বিলিয়ন ডলাৰ সেই কোম্পানীবোৰৰ ভৰাললৈ প্ৰেৰণ কৰিছে !

এই বিশাল কোম্পানীবোৰে বা আজিৰ যুগৰ ডিজিটেল সাম্ৰাজ্যবাদীসকলে বিজ্ঞাপন, ই-কমাৰ্চ, আৰু লেনদেনৰ বাবদ ভাৰত উপমহাদেশৰ বিশাল ক্ষেত্ৰত তথা সৰ্বাধিক জনসংখ্যাৰ ভূমিভাগত কম কাৰ্যকৰী খৰছৰ সুবিধা লৈ ব্যৱহাৰকাৰীৰ ‘কাল’ বা সময়ক মুদ্ৰালৈ ৰূপান্তৰ কৰে। এনেদৰে প্ৰচুৰ লাভ কৰা কোম্পানীবোৰ হ’ল –

(ক) গুগল ( এলফাবেটৰ অধীনস্থ):

গুগলৰ নিজৰ চাৰ্চ-ইঞ্জিন আৰু অন্যান্য সেৱাৰ কথা বাদ দিও গুগলৰ অধীনস্থ ইউটিউবত ৪৯১ নিযুত ব্যৱহাৰকাৰী আৰু ৪০০০০+ চেনেলৰ জৰিয়তে ইউটিউবে ই-বিজ্ঞাপন আৰু গ্ৰাহকভুক্তিৰ জৰিয়তে দৈনিক ১-২ ঘন্টাৰ ভিডিঅ’ আদি চোৱাৰ সময়ৰ মুদ্ৰাকৰণ কৰি কোটি কোটি ডলাৰ উপাৰ্জন কৰে। উল্লেখযোগ্য যে বিশ্বৰ ভিতৰতে সৰ্বাধিক ইউটিউব দৰ্শক ভাৰতত আছে – যাক উদ্দেশ্য কৰি হাজাৰ হাজাৰ বিজ্ঞাপন প্ৰদৰ্শনৰ বাবে প্ৰস্তুত কৰা হয়।

গুগল পে‘ : ইউ.পি.আই.( Unified Payments Interface) লেনদেনৰ ৩৭% (বছৰেকত ৪০০ বিলিয়ন ডলাৰ) পৰিচালনাৰ যোগেদি মাচুল আৰু বিজ্ঞাপনৰ বাবদ বিশাল ৰাজহ আহৰণ কৰে। ভাৰতত গুগলৰ বছৰেকত আনুমানিক উপাৰ্জন হ’ল ৩-৫ বিলিয়ন ডলাৰ।

(খ) মেটা:

মেটাৰ অধীনস্থ ফেচবুকৰ ৪৯২.৭০ নিযুত ব্যৱহাৰকাৰী আৰু ইনষ্টাগ্ৰামৰ ৫১৬.৯২ নিযুত ব্যৱহাৰকাৰীয়ে দৈনিক গড়ে ব্যয় কৰা ২.৫ ঘন্টা ‘কাল’ বা সময়ৰ সক্ৰিয়তাৰ সুযোগ লৈ লক্ষ্যভিত্তিক বিজ্ঞাপনৰ দ্বাৰা কাল-ব্যয়ৰ অৰ্থনীতিৰ অংশ হিচাপে বিশাল পৰিমাণৰ ধন উপাৰ্জন কৰে।

মেটাৰ অধীনস্থ ৱাটছএপৰ ৫৩১.৪৬ নিযুত ব্যৱহাৰকাৰীৰ সময় বা কাল ব্যয়ৰ দ্বাৰা প্ৰত্যক্ষভাবে সময়ৰ মুদ্ৰাকৰণ নহলেও ‘মেটা’ৰ ভিত্তি সৱলীকৰণৰ বাবদ মেটাৰ প্লেটফৰ্মবোৰ শক্তিশালী হোৱাত ৰাজহ বৃদ্ধি পায়। মেটাৰ বছৰেকত ভাৰতত উপাৰ্জন ১০-১৫ বিলিয়ন ডলাৰ।

(গ) আমাজন ইন্ডিয়া

৫০ – ৬০ বিলিয়ন ডলাৰৰ গ্ৰাহক – ব্যয়ৰ দ্বাৰা আমাজনৰ প্ৰতিমাহে ৪০৭.৭ নিযুত গ্ৰাহকৰ সৈতে সংযোগকৰণৰ ফলত ভাৰতৰ ৭৩% মোবাইল- পৰিচালিত ই-কমাৰ্চৰ বজাৰখনত আমাজনৰ আধিপত্য প্ৰতিফলিত কৰে আৰু সামাজিক মাধ্যমত প্ৰকাশ কৰা বিজ্ঞাপনৰ জৰিয়তে অপ্ৰয়োজনীয় পণ্যৰ প্ৰতিও আসক্তি হঠাৎ সৃষ্টি কৰাই হঠাৎ ক্ৰয় কৰা প্ৰৱণতা বৃদ্ধি কৰে। কেতিয়াবা এনেও দেখা যায় যে আসক্তি আৰু বিজ্ঞাপনৰ কৱলত পৰি গ্ৰাহকে অপ্ৰয়োজনীয় পণ্যও ক্ৰয় কৰাৰ নামত ধন খৰছ কৰে।

ভাৰতৰ ৯০-১১০ বিলিয়ন ডলাৰৰ ই-কমাৰ্চৰ বজাৰখনত আমাজনৰ প্ৰধান প্ৰতিদ্বন্দ্বী হ’ল ফ্লিপকাৰ্ট।

(ঘ) ৱালমাৰ্ট

বৃহৎ অংশ থকা হেতুকে ৱালমাৰ্টৰ অধীনস্থ তথা ২০৩.৩ নিযুত গ্ৰাহকৰ সৈতে সংযোগ সাধন কৰা ফ্লিপকাৰ্ট -এ সামাজিক মাধ্যমৰ জৰিয়তে আসক্তিৰ সৃষ্টি কৰি গ্ৰাহকক পণ্য ক্ৰয়ৰ বাবে আকৰ্ষিত কৰি বছৰেকত ৪০ – ৫০ বিলিয়ন ডলাৰ আহৰণ কৰে।

ফ্লিপকাৰ্টৰ লগতে ‘ফোন- পে’ (Phone Pe) হ’ল অইন এক উপাৰ্জন। ফোন-পে’ হ’ল ইউ.পি.আই. লেনদেনৰ ৪৭% নিয়ন্ত্ৰণ কৰি ডিজিটেল ক্ৰয়ৰ দ্বাৰা ৫-১০ বিলিয়ন ডলাৰ মূল্যৰ মাচুল অৰ্জন কৰে।

অসমকে ধৰি সপ্তাঞ্চল

অসমত প্ৰায় ১৫-১৮ নিযুত ইন্টাৰনেট ব্যৱহাৰকাৰী আছে আৰু উত্তৰ-পূৰ্বাঞ্চল বা সপ্তাঞ্চলত ২৪-২৯ নিযুত ইন্টাৰনেট ব্যৱহাৰকাৰী আছে, আৰু এই বৃহৎ সংখ্যক ব্যৱহাৰকাৰীৰ আসক্তিৰ বাবেই কাল-ব্যয়ৰ অৰ্থনীতিয়ে ফলে ফুলে জাতিষ্কাৰ হৈ পৰিছে। এই ব্যৱহাৰকাৰীসকল ৯৬-৯৭% স্মাৰ্টফোনৰ ওপৰত নিৰ্ভৰশীল তথা প্ৰতিদিনে ৫-৬ ঘন্টাকৈ (বছৰেকত ১৮২৫-২১৯০ ঘন্টা) ব্যয় কৰে আৰু ইয়াৰে ২ ঘন্টা ব্যয় কৰে সামাজিক মাধ্যমত।

সামাজিক মাধ্যম এতিয়া ভক্ত প্ৰহ্লাদৰ শ্ৰীহৰিৰ দৰে সৰ্বব্যাপ্ত। সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ ৪০-৫০% ব্যৱহাৰকাৰীয়ে বাতৰি আৰু মনোৰঞ্জনত সময় ব্যয় কৰে আৰু কাল-ব্যয়ৰ অৰ্থনীতিৰ তথা কাল-ব্যয়ৰ সংস্কৃতিৰ শ্ৰীবৃদ্ধি কৰে। লাখ লাখ নিবনুৱাৰে ভৰা অসমত যুৱকচামে দৈনিক ৪-৫ ঘন্টা মনোৰঞ্জনত মগ্ন হৈ উৎপাদনশীল সময় হ্ৰাস কৰাৰ লগতে সামাজিক মাধ্যমৰ হেঁচা বা চাপৰ ফলত উদ্বেগৰ দ্বাৰা আক্ৰান্ত হয়। অসম আৰু সপ্তাঞ্চলৰ পৰা গুগল আৰু মেটাই বছৰত ১-২ বিলিয়ন ডলাৰ উপাৰ্জন কৰে। ভাগ্যবশত বা দুৰ্ভাগ্যবশতঃ সপ্তাঞ্চলৰ ৮৬২১ খন গাঁওত এতিয়াও মোবাইল নেটৱৰ্ক নাই।

সংক্ষেপে বিশ্বৰ পটভূমিত

ভাৰতত কাল-ব্যয়ৰ অৰ্থনীতি তথা কাল-ব্যয়ৰ সংস্কৃতি ইমানেই প্ৰৱল আৰু শক্তিশালী যে উন্নত দেশবোৰতকৈও ভাৰতৰ নাম অধিক উচ্ছাৰিত হয়। ভাৰতত ‘ডাটা’ৰ খৰছ তুলনামূলকভাৱে কম বাবেই আৰু কোটি কোটি যুৱক-যুৱতীৰে ভৰপুৰ পৰিৱেশ আছে বাবেই ভাৰতক বিশ্বব্যাপী প্ৰকট হোৱা কাল-ব্যয়ৰ অৰ্থনীতিৰ মূল কেন্দ্ৰস্থল কৰি তুলিছে।

ভাৰতৰ ব্যৱহাৰকাৰীয়ে বহুজাতিক কোম্পানীৰ বাবে ১০০-১৫০ বিলিয়ন ডলাৰৰ ৰাজহ উপাৰ্জনৰ পথ মুকলি কৰি দিলেও স্থানীয় সৃষ্টিকৰ্তা আৰু ব্যৱসায়ে ইয়াৰে এক নগণ্য অংশহে লাভ কৰে – বিদেশী প্লেটফৰ্মৰ ওপৰত নিৰ্ভৰশীলতা অধিক শক্তিশালী কৰি।

ইয়াৰোপৰি বহুজাতিক কোম্পানীবোৰে বিশাল সংখ্যক ব্যৱহাৰকাৰীৰ নাম-ঠিকনাকে ধৰি বিভিন্ন তথ্য সংগ্ৰহ কৰে আৰু ৯০% ব্যৱহাৰকাৰীয়ে সেই সম্পৰ্কে বা ডাটা-ব্যৱহাৰ নীতিৰ বিষয়েও অজ্ঞাত। ইয়াৰ লগতে সামাজিক মাধ্যমৰ দ্বাৰা ৩০-৪০% যুৱকৰ উদ্বেগৰ অভিজ্ঞতাই ক্ৰমবৰ্দ্ধমান মানসিক স্বাস্থ্যৰ জটিলতম সমস্যাৰো ইংগিত বহন কৰে।

যিহেতু ভাৰত বিশ্বজুৰি বিস্তাৰিত ডিজিটেল আসক্তিৰ মূল হোতা, কাল-ব্যয়ৰ অৰ্থনীতিৰ তথা কাল-ব্যয়ৰ সংস্কৃতিৰ আকৰ্ষণক তথা এৰাব নোৱৰা আসক্তিক, আধুনিক কালৰ সেই শুভবুদ্ধিসম্পন্ন সকলে – যিসকলৰ মুখমণ্ডলৰ ছবি বাতৰি-কাকতত কিছুবছৰ আগতে প্ৰকাশিত হৈছিল কৃতী ছাত্ৰ-ছাত্ৰী হিচাপে আৰু অসমৰ আৰু উপমহাদেশৰ বিভিন্ন অঞ্চলৰ নাম উজলাই তুলিব বুলি পৰম আশাৰে যিসকলৰ বাবে ৰাজপথত হিলৈ ফুটোৱা হৈছিল আৰু যিসকলে এতিয়া বহুজাতিক কোম্পানীৰ গোলামী কৰি আছে তথা কাল-ব্যয়ৰ অৰ্থনীতিৰ পৰোক্ষভাৱে সহায়ক হৈ নিজৰ ভাতৃ -ভগ্নীক লুণ্ঠন কৰি আছে – সেই সকলেই পৰিকল্পনা কৰিব লাগিব উদ্দেশ্যপূৰ্ণ সক্ৰিয়তাৰ সৈতে ভাৰসাম্য ৰক্ষা কৰা ব্যৱস্থা গ্ৰহণৰ পন্হা; কাৰণ তেনে কাৰ্যই হে নিৰ্দ্ধাৰণ কৰিব যে ভাৰত উপমহাদেশৰ কোটি কোটি যুৱক-যুৱতীক এনে ডিজিটেল সাম্ৰাজ্যবাদৰ দ্বাৰা সৃষ্ট কাল-হাৰক অৰ্থনীতিৰ জাল ফালি উলিয়াই নিব পৰা যাবনে উৎপাদনৰ ক্ষেত্ৰবোৰলৈ, মৌলিক ষ্টাৰ্টআপৰ জগতখনলৈ, শিপাৰ সন্ধান দিবলৈ আৰু ডিজিটেল সাম্ৰাজ্যবাদৰ আগ্ৰাসনক বাধা দিবলৈ!

সূত্ৰ:IAMAI -KANTAR INTERNET IN INDIA REPORT 2024; STATISTA, DATA REPORT; PHONE PE PULSE REPORT; FORTUNE GLOBAL 500; FORBES INDIA; PEW RESEARCH CENTRE; CAMBRIDGE HISTORY OF INDIA; ECONOMIC HISTORY REVIEW ; AND MANY MORE.

SocialMedia

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy
Opinion

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

by Kakali Das
September 9, 2026
0

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy KAKALI DAS Is India’s economy in...

Read moreDetails
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Soliloquy of a Song: The birth of Buku hom hom kore…

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

September 6, 2026
সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন

ভূপেন হাজৰিকা আৰু লুইত

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d