• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, January 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Kashmiri Pandits

কাশ্মীৰত বাঢ়িছে ‘টাৰ্গেট কিলিং’ – প্ৰচন্ড উদ্বেগ মোডী চৰকাৰৰ

অৰবিন্দ ৰাভা

by Anjan Sarma
June 8, 2022
in Kashmiri Pandits, Kashmir, Politics
Reading Time: 2 mins read
0
কাশ্মীৰত বাঢ়িছে ‘টাৰ্গেট কিলিং’ – প্ৰচন্ড উদ্বেগ মোডী চৰকাৰৰ
Share on FacebookShare on TwitterShare on LinkedIn

কাশ্মীৰত বাঢ়িছে টাৰ্গেট কিলিং

অৰবিন্দ ৰাভা

এতিয়া ভূ-স্বৰ্গ কাশ্মীৰৰ পৰিস্থিতিক লৈ উদ্বেগ বৃদ্ধি হোৱাৰ লগে লগে আইন-শৃঙ্খলাৰ ইমানেই অৱনতি হ’বলৈ ধৰিছে যে ক্ৰমাৎ একপ্ৰকাৰ বিতত হৈ পৰিছে মোডী চৰকাৰ। এজনৰ পিছত এজনকৈ কাশ্মীৰি পন্ডিত, বেলেগ প্ৰদেশৰ পৰা কাশ্মীৰলৈ কাম কৰিবলৈ অহা বহিৰাগত সম্প্ৰদায়ৰ হিন্দু লোকক টাৰ্গেট কৰি হত্যা কৰিবলৈ ধৰিছে হত্যাকাৰীয়ে। অথচ মোডী চৰকাৰে কোনো সু-ব্যৱস্থা ল’বলৈ সক্ষম হোৱা নাই। 

RelatedPosts

U.S. strikes in Nigeria

U.S. strikes in Nigeria

January 2, 2026
Karbi Anglong on the Brink: Land, Identity, and the Deepening Fault Lines in Assam’s Tribal Heartland

Karbi Anglong on the Brink: Land, Identity, and the Deepening Fault Lines in Assam’s Tribal Heartland

December 24, 2025
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

December 18, 2025

বিগত কেইটামান দিনৰ ভিতৰত কেতিয়াবা চৰকাৰী কৰ্মী ৰাহুল ভাট, টিভি সঞ্চালিকা আমৰিনা ভাট, স্কুল শিক্ষক ৰজনী বালাক হত্যা কৰাৰ উপৰিও যোৱা বৃহস্পতিবাৰে, ২ জুন তাৰিখে, বেংক মেনেজাৰ বিজয় কুমাৰক ‘পইন্ট ব্লেংক ৰেঞ্জ’ৰ পৰা গুলিয়াই হত্যা কৰিছে। যোৱা বছৰৰ অক্টোবৰ মাহৰ পৰা, বিশেষকৈ কাশ্মীৰি পন্ডিত সকলক বাচি বাচি হত্যা কৰা হৈছে আৰু সম্প্ৰতি সেই নৃশংসতাৰ প্ৰৱণতা বৃদ্ধি পাইছে।

“অইন নালাগে, যোৱাকালি কাশ্মীৰৰ হত্যালীলাক কেন্দ্ৰ কৰি বিজেপিৰ সাংসদ স্বয়ং সুব্ৰহ্মনিয়াম স্বামীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ ‌পৰ্যন্ত দাবী কৰিছে!! গতিকে, কাশ্মীৰ এতিয়া মোডী চৰকাৰৰ বাবে হৈ পৰিছে প্ৰচন্ড মূৰৰ বিষৰ কাৰণ!”

মোডী চৰকাৰৰ দিনত হুৰমূৰকৈ লোৱা কেতবোৰ ৰাজনৈতিক সিদ্ধান্তৰ বাবেই, তথা কিছুমান চিনেমা নিৰ্মাতাক মূৰত তুলি ঊৰ্দ্ধবাহু নৃত্য কৰাৰ পিছত, এতিয়া কাশ্মীৰি পন্ডিতসকল অসম আন্দোলনৰ আন্দোলনকাৰীৰ দৰেই উপেক্ষিত হোৱাৰ পটভূমিত সমগ্ৰ কাশ্মীৰত তীব্ৰ আতংকই বিৰাজ কৰিছে। কাশ্মীৰি পন্ডিতসকলে এতিয়া কাশ্মীৰৰ পৰা নতুন দিল্লী পৰ্যন্ত হত্যালীলাৰ বিৰুদ্ধে আৰু সঁচা অৰ্থত নিৰাপত্তাৰ দাবীত ৰাজপথত নামি আন্দোলন আৰু বিক্ষোভ কৰিবলৈ ধৰিছে। তুমুল ক্ষোভ প্ৰদৰ্শন কৰা হৈছে মোডী চৰকাৰৰ বিৰুদ্ধে।

  • 20220604 202041
  • Screenshot 20220604 202124 Twitter

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যোৱাৰ আশংকা কৰি অমিত শ্বাহৰ গৃহ বিভাগে ঘনে ঘনে বৈঠক কৰিব লগীয়া হৈছে। এনে হত্যালীলা যে কেৱল সৈন্যবাহিনী বা অৰ্দ্ধ-সামৰিক বাহিনী কাশ্মীৰত‌ নমাই বন্ধ কৰিব পৰা নাযাব – সেয়া স্পষ্ট বাবেই বিপাঙত পৰিছে মোডী চৰকাৰ। কাৰণ সম্পূৰ্ণ নিৰল প্ৰান্তীয় এলেকাত কোনো এক চৰকাৰী কাৰ্যালয়ত বা বেংকত বা বিদ্যালয়ত এজন বা দুজন হত্যাকাৰীয়ে প্ৰৱেশ কৰি কাৰোবাক টাৰ্গেট কৰি হত্যা কৰি আয়াসেৰে পলায়ন কৰিবলৈ সক্ষম হৈছে।

অৰ্থাৎ, আগৰ দৰে গণহত্যা বা বিস্ফোৰণ হোৱা নাই। গতিকে সমগ্ৰ কাশ্মীৰ সৈন্যৰে ভৰাই দিলেও এনেধৰণৰ বিক্ষিপ্ত আক্ৰমণৰ ঘটনা ঘটিয়েই থাকিব বুলি সকলোৱে প্ৰায় নিশ্চিত। তেনেহ’লে কি কৰা উচিত?

কাশ্মীৰত বাঢ়িছে 'টাৰ্গেট কিলিং'
ভূ-স্বৰ্গ কাশ্মীৰ Image credit: News18

সেই প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱাটোৱেই এতিয়া অতি জটিল হৈ পৰিছে। এপিনে চৰকাৰৰ ভাবমূৰ্তি মলিন হৈছে, আনপিনে বিব্ৰত হৈছে। কাৰণ বিৰোধী দলবোৰে অবিৰাম অভিযোগ উত্থাপিত কৰিছে – নব্বৈৰ দশকৰ পৰাই বিজেপিয়ে এনেদৰে কৈ আহিছিল যে ভাৰত চৰকাৰৰ ভুল নীতিৰ বাবে কাশ্মীৰি পন্ডিতসকল নিৰ্বাসিত হ’ব লগা হৈছে; সেয়ে বিজেপিয়ে ২০১৪ চনত ক্ষমতালৈ অহাৰ পিছত কাশ্মীৰি পণ্ডিতসকল নিশ্চিত হৈ আছিল – এইবাৰ তেওঁলোকৰ সুৰক্ষা অনিবাৰ্য আৰু তেওঁলোকে স্ব-গৃহলৈ উভতি যাব পাৰিব।

“এনে হত্যালীলা যে কেৱল সৈন্যবাহিনী বা অৰ্দ্ধ-সামৰিক বাহিনী কাশ্মীৰত‌ নমাই বন্ধ কৰিব পৰা নাযাব – সেয়া স্পষ্ট বাবেই বিপাঙত পৰিছে মোডী চৰকাৰ। কাৰণ সম্পূৰ্ণ নিৰল প্ৰান্তীয় এলেকাত কোনো এক চৰকাৰী কাৰ্যালয়ত বা বেংকত বা বিদ্যালয়ত এজন বা দুজন হত্যাকাৰীয়ে প্ৰৱেশ কৰি কাৰোবাক টাৰ্গেট কৰি হত্যা কৰি আয়াসেৰে পলায়ন কৰিবলৈ সক্ষম হৈছে।”

কিন্তু কাৰ্যতঃ মোডী চৰকাৰেও তেওঁলোকৰ বাবে একো নকৰিলে। বৰং হিংসাৰ অগনিৰ শিখা অধিক প্ৰজ্বলিত হ’বলৈ কিছুমান অবিবেচক কান্ড কৰিলে। তাৰোপৰি ‘কাশ্মীৰ ফাইল’ আদিৰ দৰে চিনেমা নিৰ্মাণ কৰি শত শত কোটি টকা উপাৰ্জন কৰা নিৰ্মাতাক কৰৰ পৰা ৰেহাই দিয়া, চিনেমা চাবলৈ চৰকাৰী ছুটি দিয়াৰ দৰে নাভূত- নাশ্ৰুত কান্ডই হিংসা- প্ৰতিহিংসাৰ মাত্ৰা অধিক বৃদ্ধি কৰা বুলি আন্দোলনকাৰী কাশ্মীৰি পন্ডিতসকলে পতিয়ন গৈছে। 

kashmir
ভূ-স্বৰ্গ কাশ্মীৰ

কেৱল কাশ্মীৰি পন্ডিতসকল নহয়, বেলেগ প্ৰদেশৰ পৰা কাশ্মীৰলৈ নানান চৰকাৰী সাধাৰণ কামৰ বাবে লৈ অহা চৰকাৰী কৰ্মীসকলো টাৰ্গেট হৈছে, এটাৰ পিছত এটাকৈ হত্যাকাণ্ড হৈছে। কংগ্ৰেছ দলে এতিয়া কৈছে, কাশ্মীৰি পন্ডিতসকলে এতিয়া কিয় কাশ্মীৰ এৰি পলায়ন কৰিছে? এতিয়া দেখোন শাসনত বহি আছে মোডী চৰকাৰ? অইন নালাগে, যোৱাকালি কাশ্মীৰৰ হত্যালীলাক কেন্দ্ৰ কৰি বিজেপিৰ সাংসদ স্বয়ং সুব্ৰহ্মনিয়াম স্বামীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ ‌পৰ্যন্ত দাবী কৰিছে!! গতিকে, কাশ্মীৰ এতিয়া মোডী চৰকাৰৰ বাবে হৈ পৰিছে প্ৰচন্ড মূৰৰ বিষৰ কাৰণ!

০৪-০৬-২০২২

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

U.S. strikes in Nigeria
News

U.S. strikes in Nigeria

by Jeffrey Owens
January 2, 2026
0

U.S. strikes in Nigeria Jeffrey Owens More than a dozen Tomahawk cruise missiles deployed from a U.S. warship operating in...

Read moreDetails
Karbi Anglong on the Brink: Land, Identity, and the Deepening Fault Lines in Assam’s Tribal Heartland

Karbi Anglong on the Brink: Land, Identity, and the Deepening Fault Lines in Assam’s Tribal Heartland

December 24, 2025
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

December 18, 2025
Putin visits India: Moscow seeks lifeline beyond the West

Putin visits India: Moscow seeks lifeline beyond the West

December 4, 2025
How is India defeating Naxalism?

How is India defeating Naxalism?

December 3, 2025
What Happened at COP30?

What Happened at COP30?

December 2, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
person holding vinyl record

Music: Not Just An Art Form But A Therapy For Life

January 18, 2026
selective focus photography of magazines

Ignorance is the real drug!

January 18, 2026
শুদ্ধ মৌ!

শুদ্ধ মৌ!

January 18, 2026
person holding clear plastic bottle

Media and its influence on issues related to climate change

January 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    20525 shares
    Share 8210 Tweet 5131
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    9734 shares
    Share 3894 Tweet 2434
  • Latest COVID data confirm infections have risen globally

    1760 shares
    Share 704 Tweet 440
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    3045 shares
    Share 1218 Tweet 761
  • কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা

    224 shares
    Share 90 Tweet 56
  • Jesus Christ: Looking through the Lens of History

    102 shares
    Share 41 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3369 shares
    Share 1348 Tweet 842
  • Dr Purnima Devi Barman Among Mad Over Marketing’s Most Impactful Women of 2025

    90 shares
    Share 36 Tweet 23
  • Deliceto: a village as a living being

    84 shares
    Share 34 Tweet 21
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3462 shares
    Share 1385 Tweet 866
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d