• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

কাশ্মীৰৰ পেহেলগাম : সন্ত্ৰাসবাদীয়ে পৰ্যটকক নিৰ্মম ভাবে হত্যা কৰা ঘটনা !

ASSAMESE SECTION / Kashmir / Pahalgam / India

by Rezaul Karim
April 25, 2025
in ASSAMESE SECTION, Kashmir, Special Report
Reading Time: 3 mins read
0
Pahalgam Terror Attack: 26 Killed, Global Leaders Condemn Barbaric Act
Share on FacebookShare on TwitterShare on LinkedIn

কাশ্মীৰৰ পেহেলগাম : সন্ত্ৰাসবাদীয়ে পৰ্যটকক নিৰ্মম ভাবে হত্যা কৰা ঘটনা !

Kashmir 1

ৰেজাউল কৰিম

Rezaul Karim
ৰেজাউল কৰিম

কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে পৰ্যটকক নিৰ্মম ভাবে হত্যা কৰা ঘটনাৰ তীব্ৰ নিন্দা কৰাৰ লগতে সন্ত্ৰাসবাদীসকলক সমূলঞ্চে উৎখাত কৰিবলৈ চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনালো।

এই বৰ্বৰ কাণ্ড কিদৰে সংঘটিত হবলৈ পালে দুদিন পলমকৈ হলেও নিশ্চয় প্ৰকাশ পাব। উচ্চ নিৰাপত্তা ক্ষেত্ৰসমূহৰ ভিতৰত পেহেলগামো অন্যতম। পৰ্যটনেই কাশ্মীৰৰ উপাৰ্জনৰ মূল উৎস। তথাপি পৰ্যটকৰ নিৰাপত্তা নিশ্চিত নোহোৱাটো চিন্তাৰ কথা।

ইতিমধ্যে বিষয়টো লৈ নাগৰিক আৰু সংবাদ মাধ্যমৰ মন্তব্যৰ সংঘাত হোৱাৰ উমান পোৱা গৈছে।

আমি আমাৰ ক্ষুদ্ৰ অভিজ্ঞতাৰ ভিত্তিত তলৰ কথাখিনি লিখিলো। সকলোৱে ইয়াত একমত হ’ব লাগিব বুলি কোনো কথা নাই।

Kashmir 4

দুবছৰ মান আগতে আমি সপৰিয়ালে কাশ্মীৰলৈ গৈছিলো। আমি যিহেতু কোনো conducted tour programme ৰ অংশীদাৰ নাছিলো গতিকে মুকলিকৈ বিভিন্ন মানুহৰ লগত কথা পাতিবলৈ আৰু গাৱঁৰ ভিতৰলৈ গৈ সাধাৰণ মানুহৰ লগত কথা পতাৰ ভাল সুযোগ পাইছিলো। কাশ্মীৰত থকা আমাৰ অনা কাশ্মীৰী বন্ধু এজনে এই সুবিধা কৰি দিছিল।

আমি পৰ্যটকক ঘোঁৰাত উঠাই জীৱিকা নিৰ্বাহ কৰা লোক এজনৰ ঘৰলৈ গৈছিলো। তেওঁলোকে পৰ্যটকক দেৱদূতৰ দৰে সন্মান কৰে। কাৰণ বছৰেকৰ মাত্ৰ ছয় সাত মাহমান উপাৰ্জন কৰি গোটেই বছৰটো চলিব লাগে। বৰফ পৰিলে তেওঁলোকৰ উপাৰ্জন বন্ধ হৈ যায়। তেওঁলোকে মুকলি কৈ সন্ত্ৰাসবাদৰ বিৰোধিতা কৰে । কিন্তু চৰকাৰী কামত দালাল আৰু দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোকৰ ক্ষোভ আছে ।

RelatedPosts

How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 12, 2026
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

March 8, 2026

আমি গাওঁত গৈ এগৰাকী খেতিয়ক আৰু সৰু সুৰা ব্যৱসায় কৰা লোক এজনৰ ঘৰত এদিন দীঘলীয়া সময় কটাইছিলো। তেওঁৰ সৰুকৈ আপেল, বাদাম আৰু নাচপতিৰ বাগান আছে। লৰা ছোৱালী স্কুলত পঢ়ি আছিল। সন্ত্ৰাসবাদীৰ বাবে কিদৰে তেওঁলোকৰ সাধাৰণ জীৱন ব্যহত হৈছিল সেই কথা তেওঁ কৈছিল। তেঁৱো চৰকাৰী দুৰ্নীতি আৰু সন্ত্ৰাসবাদে সাধাৰণ মানুহৰ জীৱন কি দৰে জটিল কৰি পেলাইছে তাকেই কৈছিল।

উৎপাদিত শস্যৰ উপযুক্ত বজাৰ নাই, চেফ্ৰনৰ উৎপাদন হ্ৰাস আদি কথাৰ প্ৰতি চৰকাৰৰ ভ্ৰূক্ষেপ নাই। উল্লেখযোগ্য যে সন্ত্ৰাসবাদীক বিৰোধ কৰিও এবাৰ দুই এক নিহত তথাকথিত ‘সন্ত্ৰাসবাদী’ক নিৰ্দোষী বুলিও মত প্ৰকাশ কৰিছিল।

আমি কেবাজনো শিক্ষিত নিবনুৱা যুবকৰ সৈতে কথা পাতিছিলো। তেওঁলোকৰ মূল সমস্যা আছিল উচ্চ শিক্ষিত হৈয়ো কোনো কৰ্ম সংস্থাপন নোপোৱা। তেওঁলোক চৰকাৰৰ কঠোৰ সমালোচক আছিল।

গুৰেজ ভেলিত লগ পোৱা নিবনুৱা যুৱকসকলৰ সৈতে কথা পাতি উপলব্ধি কৰিছিলো যে কাশ্মীৰৰ নিবনুৱা যুৱক সকল সবাতোকৈ বেছি হতাশাগ্ৰস্ত আৰু উগ্ৰপন্থী সমস্যাৰ চিকাৰ। প্ৰথম কাৰণ তেওঁলোকৰ কৰ্মসংস্থাপন নাই, দ্বিতীয় কাৰণ যেতিয়াই তেতিয়াই তেওঁলোকক নিৰাপত্তাৰক্ষীয়ে কোনো কাৰণ নোহোৱাকৈ হাৰাশাস্তি কৰে, আটক কৰে। এচাম সংবাদ মাধ্যমে সন্ত্ৰাবাদৰ নামত অতিৰঞ্জিত বাতৰি পৰিবেশন কৰি আন এক ধৰণৰ সন্ত্ৰাস সৃষ্টি কৰে বুলিও কৈছিল।

আন এটা বিশেষ কাৰণ হৈছে গুৰেজ ভেলিত এবছৰ আগলৈ বাহিৰা লোকৰ প্ৰৱেশ নিষিদ্ধ আছিল। এই অঞ্চলটো সম্পূৰ্ণৰূপে সেনা বাহিনীৰ নিয়ন্ত্ৰণত থাকে। POK ৰ একেবাৰে কাষত থকা এই অঞ্চলটোত সময়ে সময়ে সীমান্তৰ সিপাৰৰ পৰাও গুলি বৰ্ষণ হৈছিল আৰু ইয়াৰ লোকসকলক সন্দেহৰ বলি কৰি সেনাই অকস্মাত গাওঁখন আগুৰি লৈ মানুহক নিৰ্মম অত্যাচাৰ কৰিছিল।

গতিকে ধৰ্ম তেওঁলোকৰ বাবে কোনো নিৰাপত্তাৰ বিষয় নহয়। নহয় ভাতৃত্ববোধৰ আহিলা। বৰং ইয়াৰ ওলোটা ধাৰণা এটাহে তেওঁলোকৰ পৰা শুনিছিলো।

দীৰ্ঘদিন গুৰেজ ভেলিক বাহিৰা মানুহৰ পৰা বিচ্ছিন্ন কৰি ৰখাৰ পাছত সেনা বিষয়া এজনে স্থানীয় যুৱক সকলক বিশ্বাসত লৈ সহযোগিতাৰে কাম কৰিবলৈ নতুন আঁচনি লৈছিল। সেই মৰ্মে গুৰেজ ভেলি পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয় আৰু স্থানীয় যুৱকসকলক পৰ্যটনৰ ক্ষেত্ৰৰ জৰিয়তে উপাৰ্জনৰ পথ উলিয়াই দিয়া হয়। ইয়াত প্ৰৱেশ কৰা প্ৰতিজন পৰ্যটকৰ নথিপত্ৰৰ মূল কপি সেনা বাহিনীয়ে ৰাখি দিয়ে।

Pahalgam 1

প্ৰতিজন পৰ্যটকক এজন এজনকৈ ফটোৰে সৈতে মিলাই নথি ভুক্ত কৰে। আমি থকা ঠাইখনত আজিলৈকে গাওঁখনৰ বাহিৰৰ পৰা যোৱা কোনো আত্মীয় স্বজনৰো ৰাতি থকাৰ অনুমতি নাই। ইমানেই কটকটীয়া নিৰাপত্তা ব্যৱস্থা। পৰ্যটকক সেনাৰ লোকে নিৰ্ভয় দি কয় যে, ‘আপোনালোকে নিশ্চিন্ত মনে থাকিব। আমি ওৰে ৰাতি আপোনালোকক পহৰা দিম।’

এই ঠাইখনত প্ৰথমবাৰৰ বাবে পৰ্যটনৰ ব্যৱস্থা কৰা হৈছিল। ইয়াত হোটেল বা হোমষ্টে স্থাপনৰ অনুমতি তেতিয়াও দিয়া নাছিল। কবলৈ গ’লে ঠাইখন আছিল ভাৰ্জিন ষ্পট। পাহাৰৰ নামনিৰ য’ত আমি তম্বু তৰি আছিলো তাৰ কাষেৰেই গৈছিল কাইটীয়া তাঁৰৰ বেষ্টনি। এচাম উদ্যমী নিবনুৱা যুৱকে একেবাৰে নতুনত্ব দিবলৈ এই ঠাইখন সেনাৰ অনুমতি লৈ পৰ্যটকৰ থলিলৈ ৰূপান্তৰৰ সপোন দেখিছিল।

এনেদৰে উপাৰ্জনৰ পথৰ সন্ধান পোৱা এদল স্থানীয় শিক্ষিত নিবনুৱা যুৱকৰ দল এটাৰ আমি দ্বিতীয়টো আলহী হবলৈ সুযোগ পাইছিলো।

তেওঁলোকৰ সৈতে এদিন এৰাতি কটাই উপলব্ধি কৰিছিলো যে তেওঁলোকৰ বাবে কোনে ক’ত কি চৰকাৰ গঠন কৰিছে সেইটো আলোচ্য বিষয় নহয়। আলোচ্য বিষয়টো হৈছে কৰ্মসংস্থাপন আৰু উন্নয়ন। কোনো মূল্যৰ বিনিময়ত তেওঁলোকে সন্ত্ৰাসবাদীক সমৰ্থন নকৰে। বহুজাতিক কোম্পানীক চৰকাৰে মাটি গতাই দি উদ্যোগ গঢ়িবলৈ আগবাঢ়িছে বুলি দিয়া আশ্বাসত তেওঁলোক আশ্বস্ত। আনকি ৩৭০ ধাৰা গুচাই দিয়া বিষয়টোৰ বাবেও তেওঁলোকৰ কোনো মূৰ কামোৰণি দেখা নাছিলো।

কাৰণ সেইবোৰে যুগ যুগ ধৰি তেওঁলোকৰ কোনো সমস্যাৰ সমাধান কৰা নাছিল। পৰ্যটন উদ্যোগটোৰ ক্ষতি হ’ব পৰা কোনো কামকেই এওঁলোকে সমৰ্থন নকৰে।
কোনো কাশ্মীৰীয়ে পৰ্যটন উদ্যোগৰ ক্ষতি হোৱাটো নিবিচাৰে। সেই যুৱকসকলে ওৰে নিশা উজাগৰে থাকি আমাৰ টেণ্ট পহৰা দিছিল।

এনেক্ষেত্ৰত কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ সমস্যাটো উপলব্ধি কৰিবলৈ ধৈৰ্য্য আৰু আবেগহীন চিন্তাৰ প্ৰয়োজন। অসমৰ আলফাৰ সন্ত্ৰাসৰ সময়ত সেনা আৰু আলফাৰ নিৰ্বিচাৰ অত্যাচাৰত সাধাৰণ নাগৰিক কেঁকোৰা চেপাত পৰি শ্বাসৰুদ্ধ জীৱন কটাইছিল। ভাৰতৰ বিভিন্ন ৰাজ্যৰ লোকৰ অসম সম্পৰ্কে গঢ়ি উঠা তেতিয়াৰ নেতিবাচক মনোভাব আজিও বৰ্তি আছে।

কাশ্মীৰৰ সন্ত্ৰাসবাদৰ সৈতে সন্ত্ৰাসবাদীৰ ধৰ্ম সাঙোৰ খাই যোৱা কাৰণে ইয়াৰ প্ৰতিক্ৰিয়াও ধৰ্মৰ লগত সাঙোৰ খাই গৈছে। এইটো আন এক নতুন ধৰণৰ সন্ত্ৰাস বুলিয়েই মই উপলব্ধি কৰো। কাশ্মীৰী সন্ত্ৰাসবাদীৰ সৈতে পাকিস্তান জড়িত হৈ থকা কথাটো আমি সকলোৱে বিশ্বাস কৰো।

এনে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কাশ্মীৰৰ মুছলমান আথবা দেশৰ মুছলমানে বিৰোধ কৰিলেহে আমি সন্তুষ্ট হব লাগিব কিয় ? এইটো এটা আন্তৰাষ্ট্ৰীয় সমস্যা। দেশৰ সকলো নাগৰিকে একেলগে একে সময়তে ইয়াৰ বিৰোধ কৰিব লাগিব। আমি সকলোৱে এক হৈ থকা সময় সমাগত।

আনহাতে সন্ত্ৰাসবাদ দমন কৰিবলৈ সেনা বা আৰক্ষীয়ে যদি সকলো নাগৰিকৰ সহযোগিতা অবিহনে হকে বিহকে অত্যাচাৰ আৰম্ভ কৰে তেনেহলে সেইটোও আন এক সন্ত্ৰাসৰ নামান্তৰ নহব জানো? অসমত উগ্ৰপন্থী নিয়ন্ত্ৰণৰ নামত চলা চৰকাৰী সন্ত্ৰাসৰ অভিজ্ঞতা অসমৰ নাগৰিকে আজিও পাহৰা নাই। আমি ব্যক্তিগত ভাবে সকলো প্ৰকাৰৰ সন্ত্ৰাসৰ বিৰোধিতা কৰো।

ধৰ্মৰ লগত সাঙোৰ খাই পৰা বিষয়বোৰ লৈ আজিকালি ৰাজনীতি পৰিচালিত হয়। এইটো এটা ভয়ঙ্কৰ অৱস্থা। এচামে এই অৱস্থাটো বাহাল ৰাখিব খোজে। এই দিশটোও নীৰিক্ষণ কৰিব লাগিব। ধৰ্মৰ দ্বাৰা বিভাজন কৰি নাগৰিকৰ মাজত ভাতৃত্ববোধ কটকটীয়া কৰি ৰাখিব পৰাটো সম্ভৱ নহয়।

এইখিনি কৈ উঠি মুছলমান লোক সকললৈ মোৰ এটা আহ্বান যে আমাৰ দেশখনত অনেক সমস্যা আছে। মুছলমান সকলৰো সুকীয়া সমস্যা আছে। কিন্তু মুছলমান সকলৰ কঠিন সময়ত দেশখনৰ হিন্দু নাগৰিকসকলেই কিন্তু মুছলমানৰ সবাতোকৈ বেছি কাষত থিয় দিছে।

এটা কথা নিশ্চিতভাৱে মনত ৰখা দৰকাৰ যে হিন্দু লোকৰ সহায়, সহানুভুতি আৰু বিশ্বাস অবিহনে দেশৰ মুছলমানে এখোজো আগবাঢ়িব নোৱাৰে। আপুনি খোজ দিয়াৰ সময়ত কাষৰ হিন্দুজনৰ আঙুলিত ধৰিয়েই খোজ দিবলৈ শিকিছে। কথাষাৰ মুখেৰে নহয় অন্তৰেৰে উপলব্ধি কৰক।

কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা লোকৰ পৰিয়ালৰ প্ৰতিজন সদস্যলৈ পুনৰবাৰ আমাৰ সমবেদনা জনালো। চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰা স্থিতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো।

সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদ সমূলি নিৰ্মূল হওক তাকেই কামনা কৰিলো। মানুহক মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ সুনিশ্চিত কৰিব লাগে। কোনো লোকৰ কৰুণ মৃত্যু কোনো স্বাৰ্থান্বেষীৰ হাথিয়াৰ হ’ব নালাগে।

Kashmir 2

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Rezaul Karim

Rezaul Karim

Related Posts

How the Iran Conflict is Triggering an LPG Shortage in India?
Special Report

How the Iran Conflict is Triggering an LPG Shortage in India?

by Nilim Kashyap Barthakur
March 12, 2026
0

How the Iran Conflict is Triggering an LPG Shortage in India? Nilim Kashyap Barthakur The escalating conflict involving the United...

Read moreDetails
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

March 8, 2026
সাগৰ দেখিলোঁ—মন্দাৰমণি!

সাগৰ দেখিলোঁ—মন্দাৰমণি!

March 8, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

March 8, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d