• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, May 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

কাৰ্বিসকলৰ পাঁচটা মূল গোত্ৰৰ উৎপত্তিৰ লোক-কাহিনী

-সুৰেন ক্ৰামছা

by Anjan Sarma
July 6, 2021
in Special Report
Reading Time: 1 min read
0
কাৰ্বিসকলৰ পাঁচটা মূল গোত্ৰৰ উৎপত্তিৰ লোক-কাহিনী
Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
man in black shorts sitting on floor

Mental Flexibility: Working on the Core of it

May 16, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 16, 2026

-সুৰেন ক্ৰামছা |

অসমৰ অন্যান্য গোষ্ঠী-জনগোষ্ঠীসমূহৰ দৰে কাৰ্বিসকলো গোত্ৰ-উপগোত্ৰত বিভক্ত। কাৰ্বিসকলৰ মূল গোত্ৰ বা ফৈদ পাঁচটা। সেয়া হৈছে— টেৰণ, তেৰাং, তিমুং, ইংহি আৰু ইংতি। প্ৰতিটো মূল গোত্ৰ বা ফৈদ আকৌ কিছুমান উপগোত্ৰত বিভক্ত। টেৰণৰ উপগোত্ৰ হৈছে টেৰণ, মিলিক, কংকাত, লাংনে আদি। তেৰাঙৰ উপগোত্ৰ হৈছে তেৰাং, বে’, ক্ৰ’ আদি। ইংতিৰ উপগোত্ৰ হৈছে ইংতি, ইংলেং, কাথাৰ আদি। ইংহিৰ উপগোত্ৰ ৰংপি, তিছ’, হাঞ্চে, লেকথে, কেআপ, বংৰুং, ক্ৰামছা আদি। তিমুঙৰ উপগোত্ৰ তিমুং, চিংনাৰ, টকবি, ৰংফাৰ আদি। ইংহি আৰু তিমুং মূল গোত্ৰত ত্ৰিছটাকৈ আৰু আন তিনিটা মূল গোত্ৰত একাধিকটা উপগোত্ৰ আছে।

          প্ৰতিটো মূল গোত্ৰক উপনামেৰেও নামকৰণ কৰা দেখা যায়। যেনে— টেৰণক ক্ৰনএ, ক্ৰনজাং, তেৰাঙক হানজাং, তিমুঙক তুংএ, তুংজাং, ইংতিক লিএ, লিজাং, ইংহিক এজাং আদি। উপনামবোৰ বিশেষকৈ কাৰ্বি লোক-গীতসমূহত বেছিকৈ ব্যৱহাৰ কৰা দেখা যায়। এইবোৰক কাব্যিক ভাষা বুলিব পাৰি। তেৰাং গোত্ৰৰ বাহিৰে আন চাৰিটা গোত্ৰ বা ফৈদক উপনামেৰে অকল এটা শব্দতে সামৰি লোৱা হয় গোত্ৰত থকা সকলো উপগোত্ৰক। উদাহৰণস্বৰূপে, ইংহি গোত্ৰকে ধৰা হওক। এই গোত্ৰ ত্ৰিছটা উপগোত্ৰত বিভক্ত। যেনে— ৰংপি, ৰংহাং, তিছ’, হাঞ্চে, লেকথে, কেআপ, বংৰুং, ক্ৰামছা ইত্যাদি। ইংহি গোত্ৰত থকা এই সকলো উপগোত্ৰকে উপনামেৰে অকল এজাং বুলিয়ে ধৰি লোৱা হয়। কিন্তু তেৰাং গোত্ৰত ইয়াৰ ব্যতিক্ৰম আছে। এই গোত্ৰৰ প্ৰতিটো উপগোত্ৰত উপনামেৰে নামকৰণ কৰা দেখা যায়। যেনে— তেৰাং-হানজাং, বে’-দিংএ, দিংজাং, ক্ৰ’-ল’ এ, ল’জাং।

          এই প্ৰবন্ধত কাৰ্বিসকলৰ এই পাঁচটা মূল গোত্ৰৰ উৎপত্তিৰ লোক-কাহিনী থূলমূলকৈ বৰ্ণনা কৰিবলৈ প্ৰয়াস কৰা হৈছে। ঠাই বিশেষে অৱশ্যে ইয়াৰ কিছু কিছু অমিল হ’ব পাৰে।

          আদিম কালত কপিলী নদীৰ পাৰৰ কোনোবা এখন ৰাজ্যত কং নামৰ এজন ৰজা আছিল। তেওঁৰ ছজন পুত্ৰ সন্তান আছিল। ৰজাৰ সন্তানকেইজন ডাঙৰ-দীঘল হৈ এসময়ত প্ৰত্যেকে নিজৰ নিজৰ বাবে ভূমিখণ্ড বিচাৰিলে। তেতিয়া কংৰেচ’ অৰ্থাৎ কং ৰজাই সন্তানসকলক ক’লে— তোমালোকে থাকিবৰ বাবে প্ৰতিজনে একোডোখৰকৈ ঠাই পাবা। কিন্তু মই যি উপদেশ দিম সেইমতেহে কৰি যাবা। তোমালোকে প্ৰত্যেকে একোখনকৈ সৰু আকাৰৰ সোণৰ নাও পাবা। সেই নাও একেলগে কপিলী নদীৰ সোঁতত এৰি দিবা। নাও নোৰোৱালৈকে গৈ থাকিবা। তোমালোকৰ নিজৰ নিজৰ নাও য’ত গৈ ৰ’ব সেই ভূখণ্ডই হ’ব প্ৰত্যেকৰে নিজৰ নিজৰ ভূমি। তাত তোমালোকে মোক স্মৰণ কৰাৰ লগে লগে তোমালোকৰ জীৱন আৰু জীৱিকাৰ বাবে প্ৰয়োজনীয় সকলো বয়-বস্তু, সুন্দৰ ঘৰ-বাৰী আদি পাবা, অপায়-অমংগলৰপৰা হাত সাৰিব পাৰিবা। নাওখন ৰৈ যোৱা ঠাইৰ যিজোপা গছৰ সহায়ত পাৰলৈ উঠিবা সেইজোপাৰ নামেৰেহে তোমালোকৰ গোত্ৰৰ নামকৰণ কৰা হ’ব।

          ৰাজপুত্ৰসকলে দেউতাকৰ উপদেশ আখৰে আখৰে পালন কৰি যাব বুলি প্ৰতিশ্ৰুতি দিলে। তাৰ পিছত প্ৰত্যেকে সৰু সৰু আৰু সুন্দৰ সুন্দৰ সোণৰ নাও লৈ কপিলী নদীত একে সময়তে এৰি দিলে। কপিলীৰ সোঁতত অবিৰাম গতিত নাওবোৰ চলি গৈ থাকিল।

          বহুদূৰ যোৱাৰ পিছত নদীৰ পাৰতে লাগি থকা ‘ইংচুম’ (শিৰীষ) নামৰ গছজোপাত প্ৰথমখন নাও ৰৈ গ’ল। নিজৰ গন্তব্যস্থল পোৱা বুলি উপলব্ধি কৰি ৰাজপুত্ৰজনে ইংচুম গছৰ আশ্ৰয় লৈ পাৰলৈ উঠি আহিল। ইংচুম গছৰ আশ্ৰয় লোৱাৰ বাবে তেওঁক ইংতি গোত্ৰ (লিজাং) বুলি নামকৰণ কৰা হ’ল। আনহাতে আন পাঁচজন পুত্ৰ নিজৰ নাও ৰৈ নোযোৱাত আগবাঢ়ি গৈ থাকিল। কিছুদূৰ যোৱাৰ পিছত দ্বিতীয়জনৰ নাওখন নদী-কাষৰীয়া ‘আৰ্হি’ গছ এজোপাৰ তলতে ৰৈ গ’ল। নিজৰ গন্তব্যস্থল পোৱা বুলি ভাবি দ্বিতীয়জন পুত্ৰ আৰ্হি গছৰ আশ্ৰয় লৈ পাৰলৈ উঠি আহিল। আশ্ৰয় লোৱা গছজোপাৰ নামেৰে তেওঁৰ গোত্ৰৰ নাম হ’ল ইংতি গোত্ৰ। কিছুদূৰ যোৱাৰ পিছত তৃতীয়জনৰ নাওখনো পাৰত লাগিল। ‘থে মুমুম’ গছৰ কাষত ৰোৱাত তেওঁ তিমুং গোত্ৰ বুলি পৰিচিত হ’ল। চতুৰ্থজনৰ ‘লংটেৰণ’ নামৰ গছজোপাৰ কাষত নাও লাগি ধৰাত তেওঁক টেৰণ গোত্ৰ আৰু পঞ্চমজনৰ নাওখন ‘অকহি আতেহাং’ (কচুজাতীয় পাহাৰীয়া শাক) গছৰ দাঁতিত ৰোৱাত তেওঁক তেৰাং গোত্ৰ বুলি নামকৰণ কৰা হ’ল।

          আনহাতে ৱ’তেৰাং (ধনেশ পক্ষী) নামৰ পক্ষীৰপৰা তেৰাং গোত্ৰৰ উৎপত্তি হয় বুলিও বহুতে কয়।

          আনহাতে শেষৰজন অৰ্থাৎ ষষ্ঠজন পুত্ৰৰ নাওখন কিছুদূৰ যোৱাৰ পিছত তেওঁ নাৱৰপৰা পিছলি পানীত পৰি যায়। কপিলীৰ প্ৰবল সোঁতে তেওঁক উটুৱাই নিয়ে। ফলত স্থলভাগলৈ ওলাই আহিব নোৱৰাত পিছলৈ ‘ৱচেৰলি’ (শিশু) লৈ ৰূপান্তৰিত হৈ পৰে। ইয়াক শিশু জন্মৰ বৃত্তান্ত বুলি বিশ্বাস কৰা হয়। আনহাতে কাৰ্বি সমাজত আজিও ছজনীয়া ভাতৃ থাকিব নাপায় বুলি এক লোকবিশ্বাস আছে। কথিত আছে যে নিজৰ সন্তানসকলক ৰজাই একোগৰাকীকৈ সৰগৰ অপেশ্বৰী বিয়া কৰোৱাই দিছিল।

          বহুতে আকৌ ৰজাজনৰ নাম কংৰেচ’ৰ পৰিৱৰ্তে হিমৰেচ’ (হিম ৰজা) বুলিহে ক’ব বিচাৰে। হিমালয় পৰ্বতৰপৰা অহাৰ বাবে ৰজাৰ নাম হেনো হিমৰেচ’। অৱশ্যে কংৰেচ’তকৈ হিমৰেচ’হে সত্য বুলি ভবাৰ থল নথকা নহয়। খুব সম্ভৱ পিছলৈ কাৰ্বি সমাজত হিমৰেচ’ক ৰজা হিচাপে গ্ৰহণ নকৰি উপাস্য দেৱতা হিচাপে পূজা-পাতল কৰা হয়। যিকোনো অপায়-অমংগল আৰু বেমাৰ-আজাৰৰপৰা হাত সাৰিবৰ বাবে হিম দেৱতাক স্মৰণ কৰা হয় আৰু তেওঁৰ নামত পূজা আগবঢ়াই বয়বস্তু নতুবা কুকুৰা, গাহৰি, ছাগলী, খাদ্য-শস্য আদি উছৰ্গা কৰা হয় যাতে দেৱতাই সন্তুষ্টি লভে।

          কাৰ্বিসকলে দেৱতাক ‘আৰ্নাম’ বুলি কোৱা বাবে হিম দেৱতাক ‘হিম আৰ্নাম’ বুলি কোৱা হৈছিল। পিছলৈ হিম আৰ্নাম পৰিৱৰ্তন হৈ ‘হেম আৰ্নাম’ হয়। সেয়েহে কাৰ্বিসকলে আজিও যিকোনো উৎসৱ-পাৰ্বণ, পূজা-পাতলত মন্ত্ৰপাঠ কৰোতে আদ্যশব্দ হিচাপে ‘হেম হেম আৰ্নাম’ উচ্চাৰণ কৰে।

          মানুহৰ মৌলিক প্ৰয়োজনৰ ভিতৰত এটা হৈছে বাসস্থান। নিজৰ সন্তানসকলক অলৌকিক শক্তিৰে একো একোখন নসুন্দৰ ঘৰ নিৰ্মাণ কৰি দিছিল হিমৰেচ’ৱে। সেয়েহে সেই বাসস্থানসমূহক নিজৰ পিতৃৰ স্মৃতি ৰক্ষাৰ বাবে ‘হিম’ নামে নামকৰণ কৰা হৈছিল। হিম শব্দটি পিছলৈ মুখ বাগৰি ‘হেম’ হ’ল বুলি ভাবিৱৰ থল আছে। আজিও কাৰ্বিসকলে ঘৰখনক হেম বুলি কয়।

          কাৰ্বিসকলৰ যিকোনো পূজা-পাতলত মূল বেদীত পিঠাগুড়ি আৰু পানী মিহলাই ছটিয়াই দিয়াটো নিয়ম। পিঠাগুড়িক কাৰ্বিসকলে ‘হিম’ বুলি কয়। হিমালয় পৰ্বতৰ শুভ্ৰ বৰফৰ প্ৰতীক হিচাপে ইয়াক ব্যৱহাৰ কৰা হৈছে বুলি ভাবিব পাৰি। হিম দেৱতা হিমালয়ৰপৰা অহা বুলি কাৰ্বিসকলৰ বিশ্বাস।

          এইবোৰৰপৰা অনুমান কৰা যায় যে দৰাচলতে ৰজাজনৰ নাম কংৰেচ’ নহৈ হিমৰেচ’হে হ’ব। প্ৰথম তথ্যত হিলং ৰেচ’ অৰ্থাৎ কেঁচু ৰজা বুলি উল্লেখ কৰা হৈছে। ইয়াকো হিম ৰজাৰ অপভ্ৰংশ যেন অনুমান হয়, যিহেতু কেঁচুৰপৰা মানুহ কেতিয়াও জন্ম হ’ব নোৱাৰে।

          সুদূৰ অতীতত একমাত্ৰ জলপথেই আছিল যাতায়াত ব্যৱস্থা। সেয়েহে তেতিয়া কাৰবিসকলে খুব সম্ভৱ উপযুক্ত ভূমিখণ্ড বিচাৰিবলৈ নদীয়ে নদীয়ে আহিছিল।

(খিলঞ্জীয়াৰ সৌজন্যত)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: কাৰ্বিসকল
Anjan Sarma

Anjan Sarma

Related Posts

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM
History

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

by Diganta Kumar Gogoi
May 16, 2026
0

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

Read moreDetails
man in black shorts sitting on floor

Mental Flexibility: Working on the Core of it

May 16, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 16, 2026
ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

May 12, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 10, 2026
Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

May 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
The fountain of youth

The fountain of youth

May 16, 2026
man in black shorts sitting on floor

Mental Flexibility: Working on the Core of it

May 16, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    32265 shares
    Share 12906 Tweet 8066
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    13962 shares
    Share 5585 Tweet 3491
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    269 shares
    Share 108 Tweet 67
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3712 shares
    Share 1485 Tweet 928
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6522 shares
    Share 2609 Tweet 1631
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    927 shares
    Share 371 Tweet 232
  • Love in the Age of Ghosting and Situationships

    83 shares
    Share 33 Tweet 21
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    78 shares
    Share 31 Tweet 20
  • Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Threatening Indigenous Communities

    74 shares
    Share 30 Tweet 19
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    218 shares
    Share 87 Tweet 55
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d