• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, April 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

কাৰ্বি পাহাৰৰ সৌন্দৰ্য কাকচাং জলপ্ৰপাত

গৌতম শৰ্মা

by Anjan Sarma
May 12, 2022
in Special Report
Reading Time: 1 min read
0
কাৰ্বি পাহাৰৰ সৌন্দৰ্য কাকচাং জলপ্ৰপাত
Share on FacebookShare on TwitterShare on LinkedIn

কাকচাং জলপ্ৰপাত

গৌতম শৰ্মা

কাৰ্বি পাহাৰৰ সৌন্দৰ্য:

অজস্ৰ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ উত্তৰ-পূব তথা অসমখনত প্ৰকৃতিগতভাবে সৃষ্ট সম্পদসমূহে নিতৌ মানুহৰ মন-প্ৰাণ আকৰ্ষিত, পুলকিত আৰু ৰোমাঞ্চিত কৰি আহিছে। এইক্ষেত্ৰত শেহতীয়াকৈ প্ৰবল চৰ্চালৈ অহা কাৰ্বি পাহাৰত অৱস্থিত কাকচাং জলপ্ৰপাতটোৰ কথা হয়তো বহুতেই শুনিছে। বহুদিন ধৰি জনচক্ষুৰ আঁৰতে থকা এই কাকচাং জলপ্ৰপাতটোক বিগত দুটা বৰ্ষত ইয়াৰ স্থানীয় লোকসকলে আৱিষ্কৃত আৰু সুপ্ৰতিষ্ঠিত কৰি আজি দর্শনাৰ্থীৰ বাবে মুকলি কৰি দিছে। যাৰ পৰিপ্ৰেক্ষিতত আজি এই কাকচাং জলপ্ৰপাতে ৰাজ্যখনৰ লগতে দেশী-বিদেশী বহু প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটকসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নিতৌ অগণন লোকৰ আগমন ঘটা কাকচাং আজি সেয়েহে অসমৰ এখন জাকতজিলিকা পৰ্যটনথলী হিচাপে চিহ্নিত হৈ পৰিছে।

উজনি অসমৰ গোলাঘাট জিলাৰ অতি ব্যস্ত তথা পেৰা আৰু পুৰিৰ বাবে সৰ্বসমাদৃত বোকাখাত চহৰৰ পৰা দক্ষিণে চৈধ্য কিলোমিটাৰ দূৰত্বত গোলাঘাট আৰু কাৰ্বিআংলং জিলাৰ সীমান্তৰ কাৰ্বি পাহাৰৰ দাঁতিত অৱস্থিত এই মনোৰম কাকচাং জলপ্ৰপাতটো। উল্লেখ্য যে, জলপ্ৰপাতটোৰ চৌদিশে থকা পাহাৰটো সম্পূৰ্ণ কাক বাঁহেৰে আবৃত বাবেই এই জলপ্ৰপাতটোৰ নাম কাকচাং হ’ল বুলি বহু লোকে কয়। আচলতে কাৰ্বি ভাষাত এই কাকচাং জলপ্ৰপাতটোক ‘কাইফ’লাংচু’ বুলি কোৱা হয়।

প্ৰায় এশ ফুট উচ্চতাৰ পৰা জলপ্ৰবাহ হোৱা কাকচাং জলপ্ৰপাতৰ আশে-পাশে আৰু কেইবাটাও সৰু সৰু জলপ্ৰপাত থকাৰ উমান পোৱা গৈছে। যিসমূহে এই ঠাইখনৰ প্ৰাকৃতিক পৰিৱেশক সমৃদ্ধ কৰি ইয়াক নৈসৰ্গিকতাৰ ৰম্যভূমিলৈ পৰিণত কৰিছে। এই বিশেষ ঠাইখনত বনভোজ খোৱাৰো আনন্দ সুকীয়া; কাৰ্বি পাহাৰৰ দাঁতিত কাকচাং জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰি বছৰৰ একোটা নিৰ্দিষ্ট সময়ত ইয়াত সমবেত হোৱা বনভোজ প্ৰেমীসকলে এই অঞ্চলটোক লোকে লোকাৰণ্য কৰি গঢ়ি তোলে। বিশেষকৈ ইংৰাজী নতুন বছৰৰ আৰম্ভণিত কাকচাঙৰ বুকু বনভোজ প্ৰেমীয়ে জনসমুদ্ৰত পৰিণত কৰে।

kako 1
Image: Facebook

কাকচাং জলপ্ৰপাতৰ সৌন্দৰ্য অনন্য, অনন্য ইয়াৰ চৌপাশৰ পৰিৱেশ। য’ত উহ্য আছে সম্ভাৱনাৰ এখন অপূৰ্ব ন-দুৱাৰ। কিন্তু এই সম্ভাৱনাৰ বিপৰীতে বহু সমস্যাই আজি এই জলপ্ৰপাতটোক আমাৰপৰা বহু নিলগাই ৰাখিছে। বিশেষকৈ দুৰ্গম যাতায়ত ব্যৱস্থা তথা উপযুক্ত আন্তঃগাঁথনিৰ অভাৱেই ইয়াৰ মূলতে দায়ী। অসমৰ যিকোনো এখন ঠাইৰপৰা কাকচাং জলপ্ৰপাত চাবলৈ যোৱা দর্শনাৰ্থীসকলে আচল সমস্যাটো বোকাখাতৰ পৰাহে সন্মূখীন হ’ব লগা হয়। নিজৰ বাহন নহ’লে ইয়াৰ পৰা কাকচাঙলৈ যাবলৈ গাড়ী-মটৰ পোৱাটো বহুত কঠিন, পালেও দুৰ্গম বাট-পথৰ পৰা এটুকুৰা নিৰ্দিষ্ট ঠাইৰপৰা সেইসমূহ আৰু আগলৈ যাব নোৱাৰে। য’ৰ পৰা জলপ্ৰপাতটো থকা ঠাইলৈ প্ৰায় তিনি কিলোমিটাৰমান দুৰ্গম পাহাৰীয়া পথেৰে খোজ কাঢ়ি যাব লাগে।

অৱশ্যে বহু অৱসাদেৰে ভৰা দুৰ্গম এই পাহাৰীয়া পথেৰে কৰা ট্ৰেকিঙৰ আনন্দও বহু সুকীয়া। যি অৱসাদ কাকচাঙত উপস্থিত হোৱাৰ লগে লগে পলাই ফাট মেলে। স্থানীয় এলেকাবাসীয়ে আজি কাকচাঙৰ উন্নতি তথা চোৱাচিতাৰ বাবে দর্শনাৰ্থীৰ পৰা ক্ষুদ্ৰতম এক ৰাজহ লৈ নিজাববীয়াকৈ বহুখিনি কাম কৰি ইয়াক অধিকৰূপত আকৰ্ষণীয় কৰি দর্শনাৰ্থী তথা দেশী বিদেশী পৰ্যটকসকলক আকৰ্ষণৰ প্ৰয়াস অব্যাহত ৰাখিছে।

শেহতীয়াকৈ তেওঁলোকে ওপৰৰ পৰা বৈ অহা কাকচাং জলপ্ৰপাতৰ জলধাৰাক কৃত্ৰিম কেতবোৰ কৌশল প্ৰয়োগ কৰি কেতবোৰ কাক বাঁহৰ চুঙা বনাই পানী পাম্পৰ দৰে ব্যৱহাৰ কৰি এইসমূহ পৰিবেশন কৰিবলৈ যত্ন কৰিছে। অলেখ ভ্ৰমণকাৰীৰ দেহ, মন, প্ৰাণলৈ সতেজতা আনি নৈসৰ্গিকতাৰ সোৱাদ যোগোৱা বহুসময়ত কাকচাং আকৌ অশান্ত হৈ পৰে, যাৰফলত ইয়াৰ সৌন্দৰ্য বহুখিনি ম্লান পৰে। বিশেষকৈ বহুসময়ত কাৰ্বি পাহাৰত হোৱা নেৰানেপেৰা বৰষুণ আৰু ভূমিস্খলনৰ ফলত কাকচাঙৰ বুকুৱে অতিমাত্ৰা আৰু অপৰিষ্কাৰ পানী পৰিবহণ কৰিব লগা হয়। ফলত ঠাইখন পৰিভ্ৰমণৰ প্ৰতিকূল হৈ পৰে।

kakochang
Image: In.Pinterest.com

সেয়েহে পৰাপক্ষত দৰ্শনাৰ্থীসকলে বাৰিষা আৰু অধিক বৰষুণৰ সময়ত কাকচাং দর্শনৰ বাবে যোৱাটো অনুচিত। যদিও যোৱা হয় তেন্তে ইয়াৰ আচল সৌন্দৰ্যক উপভোগ কৰিব পৰা নাযাব। সি যি কি নহওক, নানান প্ৰতিকূল পৰিস্থিতিত অৱস্থিত এই কাকচাং জলপ্ৰপাতক যদি আমি কেতবোৰ ন-ন কৌশল খটুৱাই সুন্দৰৰূপত সজাই-পৰাই ইয়াৰ প্ৰচাৰৰ ব্যৱস্থা লওঁ আৰু ইয়াৰ লগতে বাট-পথসমূহৰ উন্নতি কৰি ইয়াৰ অন্যান্য আন্তঃগাঁথনিসমূহৰ উন্নতি সাধন কৰোঁ তেন্তে অচিৰেই কাৰ্বি পাহাৰত অৱস্থিত এই কাকচাং জলপ্ৰপাতটোক লৈ বহুবোৰ নতুন সম্ভাৱনাই নকৈ গজি উঠিব।

মাত্ৰ ইয়াৰ বাবে প্ৰয়োজন আজি আমাৰ চৰকাৰ আৰু পৰ্যটন বিভাগৰ অলপ সুসদিচ্ছা।

[ Headline Image: Google]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

.

 

RelatedPosts

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

April 10, 2026
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

April 10, 2026
ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে?

INDIGENOUS PEOPLE OF ASSAM: THE NEXUS BETWEEN LAND RIGHTS AND THE RIGHT TO SELF-DETERMINATION!

April 8, 2026

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: কাকচাং জলপ্ৰপাতকাৰ্বি পাহাৰ
Anjan Sarma

Anjan Sarma

Related Posts

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves
Special Report

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

by Kakali Das
April 10, 2026
0

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves Ancient seas,...

Read moreDetails
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

April 10, 2026
ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে?

INDIGENOUS PEOPLE OF ASSAM: THE NEXUS BETWEEN LAND RIGHTS AND THE RIGHT TO SELF-DETERMINATION!

April 8, 2026
Why Did So Many People Die in the Middle Ages? Plague, Famine, War, and the Struggle to Survive

Why Did So Many People Die in the Middle Ages? Plague, Famine, War, and the Struggle to Survive

April 7, 2026
UN Warns of Catastrophic 3.1°C Climate Warming !

How Climate Change Is Affecting Everyday Life in India: Stories from Delhi, Assam, Pune, and Odisha

April 6, 2026
What Does ‘No Ethical Consumption Under Capitalism’ Really Mean? Overconsumption, Fast Fashion Explained

What Does ‘No Ethical Consumption Under Capitalism’ Really Mean? Overconsumption, Fast Fashion Explained

April 5, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d