–তনয় চক্ৰৱৰ্তী
কেলিফ’ৰ্ণিয়াত এক সাধাৰণতে নঘটা এক ঘটনা সংঘটিত হৈছে আৰু সেই ঘটনাই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। চিকিৎসালয়ৰ বিচনাৰ পৰা শিশু নিৰুদ্দেশ হয়, শিশু সাল-সলনিও হয়, কিন্তু ‘টেষ্টটিউব’ বা ‘আই-ভি-এফ'( ইন ভিট্ৰ’ ফাৰ্টিলাইজেশ্যন) পদ্ধতি ব্যৱহাৰৰ দ্বাৰা জন্মগ্ৰহণ কৰা শিশুৰ ক্ষেত্ৰত এক নাভুত-নাশ্ৰুত ঘটনা সংঘটিত হৈছে; অৰ্থাৎ, এনেধৰণৰ পদ্ধতিৰ দ্বাৰা জন্মগ্ৰহণ কৰা শিশুৰ ক্ষেত্ৰত এইবাৰ সালসলনি হৈছে! ওলট-পালট হৈ গৈছে সন্তান, তাকো জন্মগ্ৰহণ কৰাৰ পিছত নহয়! টেষ্টটিউবত যেতিয়া শুক্ৰাণুৰ সৈতে ডিম্বাণুৰ ক্ৰিয়া-বিক্ৰিয়া চলিছিল, তেতিয়াই কান্ডটো হৈছে। আৰু সেই ঘটনাই এতিয়া আদালতৰ মজিয়া পাইছে। ই এক অদ্ভুত ঘটনা! সন্তান জন্ম দিয়াৰ পিছত এহাল দম্পতীয়ে বুজিব পাৰিছে যে তেওঁলোকে জন্ম দিয়া সন্তানটো তেওঁলোকৰ নহয়! নিজে জন্ম দিয়া সন্তানটোৰ বিষয়ে মাতৃয়ে কৈছে যে সেই সন্তানটো তেওঁৰ নহয়! মূলতঃ, সন্তানটোৰ চেহেৰা দম্পতীৰ এজনৰ সৈতেও কোনো মিল নথকা হেতুকে সন্দেহৰ সূত্ৰপাত হয়। তাৰপিছত তেওঁলোকে সন্তানৰ ডি-এন-এ পৰীক্ষা কৰাইও গম পায় যে শিশূটোৰ জিনৰ সৈতে পিতৃ-মাতৃৰ জিনৰ মিল নাই! যিয়ে সন্তান গৰ্ভত ধাৰণ কৰি শিশুটোৰ জন্ম দিছে, সেই মহিলা ড্যাফনা আলেকজেণ্ডাৰৰ সৈতেও শিশুৰ জিনৰ মিল নাই!
আই-ভি-এফ হ’ল মানৱদেহৰ বাহিৰত শুক্ৰাণুৰ দ্বাৰা ডিম্বাণু নিষিক্ত কৰা এক পদ্ধতি। এই পদ্ধতিৰে এটা টেষ্টটিউবত নিষেক বা নিষিক্ত কৰা হয়। কিন্তু ভ্ৰুণ টেষ্টটিউবত বাঢ়ি নুঠে, মাতৃৰ জৰায়ুত বাঢ়ি উঠে বা গৰ্ভধাৰিণীৰ গৰ্ভত বৃদ্ধি পায় – যিদৰে অইনবোৰ শিশু মাতৃগৰ্ভত বাঢ়ি উঠে। কিন্তু কেলিফ’ৰ্ণিয়াৰ এই কান্ডত একেবাৰে আৰম্ভণিতেই গন্ডগোল হৈছিল। ড্যাফনাৰ ক্ষেত্ৰত গৰ্ভধাৰণৰ সমস্যা থাকিলেও নিষিক্ত ভ্ৰুণ ধাৰণৰ ক্ষেত্ৰত কোনো শাৰীৰিক সমস্যা নাছিল। ড্যাফনাৰ গৰ্ভত সন্তান বাঢ়ি থাকিলেও দৰাচলতে নিষিক্ত ভ্ৰুণ সলনি হৈ পৰিছিল। মূলতঃ টেষ্টটিউবত নিষেক কৰাৰ পিছত গৰ্ভত ভ্ৰুণ প্ৰতিস্থাপন কৰাৰ সময়ত সালসলনি হৈছিল। এনে ঘটনাৰ বাবে সম্পূৰ্ণ বিতত হৈ পৰা ড্যাফনা আৰু তেওঁৰ স্বামী কাৰ্ডিনাল আলেকজেণ্ডাৰে চিকিৎসালয়ৰ বিৰুদ্ধে অভিযোগ কৰি কৈছে যে ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত তেওঁলোকে এটা শিশুৰ জন্ম দিয়ে, কিন্তু তেওঁলোকৰ সৈতে শিশুৰ চেহেৰাৰ সামান্যতম মিল বা সাদৃশ্য নাই। তেতিয়াই সন্দেহ হ’বলৈ আৰম্ভ কৰে আৰু ডি-এন-এ পৰীক্ষা কৰাৰ পিছত সকলোবোৰ পোহৰলৈ আহে।
ডি-এন-এ পৰীক্ষাৰ দ্বাৰা ধৰা পৰিছে যে শিশুটোৰ জিনৰ প্ৰতিলিপিৰ সৈতে ড্যাফনা বা কাৰ্ডিনাল – এজনৰো কোনো মিল নাই। এনে ঘটনা সংঘটিত কিদৰে হ’ব পাৰে সেই সম্পৰ্কে আদালতে আমেৰিকাৰ প্ৰথম শাৰীৰ চিকিৎসক সকলৰ পৰা জানিবলৈ বিচাৰে। তেতিয়া চিকিৎসক সকলে কয় যে যিটো ক্লিনিকে কাৰ্ডিনালৰ শুক্ৰাণু সংগ্ৰহ কৰি তাৰে লগত ড্যাফনাৰ ডিম্বাণুৰ সংমিশ্ৰণ কৰা প্ৰক্ৰিয়া চলাইছিল, তেওঁলোকেই ভুলটো কৰিছে। অৰ্থাৎ, কাৰ্ডিনালৰ শুক্ৰাণুৰ সৈতে ড্যাফনাৰ ডিম্বাণুৰ মিলন ঘটাই ড্যাফনাৰ গৰ্ভত সংস্থাপন নকৰি ইতিমধ্যে নিষিক্ত কৰা অইন কোনোবাৰ ডিম্বাণু ড্যাফনাৰ গৰ্ভত সংস্থাপন কৰা হৈছিল!
ইতিমধ্যে, যাৰ সৈতে সন্তান সালসলনি হোৱা বুলি সন্দেহ কৰা হৈছিল, সেই দম্পতীৰো সন্ধান পোৱা গৈছে বুলি আমেৰিকাৰ প্ৰথম শাৰীৰ সংবাদপত্ৰই দাবী কৰিছে। কেলিফ’ৰ্ণিয়াৰ অইন এক দম্পতীৰ ক্ষেত্ৰতো একেধৰণৰ সন্দেহে গা কৰি উঠাৰ পিছত তেওঁলোকেও ডি-এন-এ পৰীক্ষা কৰায় আৰু একেধৰণৰ ঘটনাৰ সাক্ষী হয়। সন্তানৰ সৈতে পিতৃ-মাতৃৰ জিনৰ প্ৰতিলিপিৰ কোনো মিল নাই! অৱশেষত উভয় দম্পতীয়ে সন্তান সালসলনি কৰিবলৈ সন্মত হৈছে বুলি জানিব পৰা গৈছে। ‘দ্যা ৱাশ্বিংটন পোষ্ট’-অৰ বাতৰি অনুসৰিও কেলিফ’ৰ্ণিয়াৰ আলেকজেণ্ডাৰ দম্পতীৰ সৈতে লছ-এঞ্জেলছ-অত বাস কৰা এক দম্পতীৰ শিশু সালসলনি হৈ পৰিছে আৰু সেইবাবে আদালতত গোচৰ তৰি অভিযোগৰ আঙুলি টোওৱা হৈছে লছ-এঞ্জেলছ-অৰ ‘ফাৰ্টিলিটি চেন্টাৰ’, কেলিফ’ৰ্ণিয়াৰ ‘দ্যা চেন্টাৰ ফৰ ৰিপ্ৰোক্টিভ হেল্থ’ আৰু ‘ভিট্ৰোটেক লেব’লৈ। এই গোচৰত আমেৰিকাৰ স্বাস্থ্য বিধি সংক্ৰান্তীয় অনিয়ম, অৱহেলা আৰু প্ৰতাৰণাৰ অভিযোগ উত্থাপিত কৰিছে দুয়ো দম্পতীয়ে!