‘কা’ আৰু অসম চুক্তি
ৰবীন তালুকদাৰ
‘কা’ৰ সমান্তৰালভাৱে আমাৰ অসমভূমিত সমানেই চৰ্চিত বিষয়টো কি? অসম চুক্তি নহয় নে!
হয়, ‘কা’ মানে অসম চুক্তি নহয়, নহয় অসম চুক্তি মানে ‘কা’। বৰং অসম চুক্তিক যদি দিন বুলি গণ্য কৰে, ‘কা’ক নিৰ্বিধাই ৰাতি বুলি আপোনালোকে ধৰি ল’ব পাৰে।
হওক-নহওক চুক্তিখনৰ মূল উদ্দেশ্যটো হ’ল বিদেশী খেদা আৰু ‘কা’ৰ বিদেশী অনা। দুয়োটাই পাৰস্পৰিক বিপৰীত যদিও বিদেশীক লৈ ওতপ্ৰোত সম্পৰ্ক এটা থকাৰ হেতুকেই ‘কা’ৰ বতৰত অসম চুক্তিখনো আমাৰ চৰ্চাৰ মাজলৈ স্বতঃসিদ্ধভাৱে আহি যায়।
কেৱল আমাৰ ক্ষেত্ৰতেই নহয় দেই , ‘কা’ৰ আগে-পিছে দিল্লীৰ প্ৰভূসৱ আৰু তেওঁলোকৰ অসমীয়া অনুচৰবৰ্গৰ মুখতো ‘কা’ৰ সমানেই উচ্চাৰিত হৈ আছে অসম চুক্তিৰ কথা। তদুপৰি আমি যদি ‘কা’ৰ কথা কওঁ, লগে লগেই তেওঁলোকে অসম চুক্তিখন আধৰুৱাকৈ কীৰ্ত্তন কৰি আমাক সান্ত্বনা দিয়াৰ চেষ্টা এটা চলায়।
দৰাচলতে তেওঁলোকে ‘কা’ আৰু অসম চুক্তিক এটা বিন্দুত মিলন ঘটাই জ্যামিতিক অংক এটা কৰাৰ প্ৰচেষ্টা চলায়। আৰু এনেকৈয়ে তেওঁলোকে অসম চুক্তিখনক লৈ সৃষ্টি কৰিছে এখন মায়াজালৰ। এইটো চিন্তনীয় নহয় যে আমাৰ মাজৰ কিছুমান জনা-বুজা ব্যক্তিয়ে ক্ষমতাৰ খঁকত বা কোনো স্বাৰ্থ পূৰাবলৈ গৈ দিল্লীৰ প্ৰভূসৱৰ পালিৰ ভুমিকাত অৱতীৰ্ণ হৈছে। তেনেকুৱা চৰিত্ৰ সমাজ এখনত থাকেই।
কিন্তু আমাৰ বাবে দূৰ্ভাগ্যজনক যে বহুতো সাধাৰণ মানুহো অজ্ঞাতে সেই মায়াজালত পৰি বৰ বেয়াকৈ বান্ধ খাইছেগৈ। গতিকে ‘কা’ক ওফৰাবলৈ আমি আন্দোলন কৰাৰ লগতে সেই নজনা-নুবুজা সহজ-সৰল মানুহখিনিকো সেই বন্ধনৰ পৰা মুক্ত কৰিবই লাগিব। তেওঁলোকক ‘কা’ সন্দৰ্ভত সচেতন কৰি তুলিব লাগিব। সেই উদ্দেশ্যে মোৰ তৰফৰ পৰা এটা সামান্য প্ৰচেষ্টা চলোৱাৰ প্ৰয়োজনবোধ কৰিলোঁ।
বন্ধুসকল, অসমক সমগ্ৰ বিশ্বত পৰিচয় কৰি দিয়া সেই ছবছৰীয়া আন্দোলনটোৰ মূখ্য উদ্দেশ্যটো কি আছিল? পূৱ পাকিস্থান, অৰ্থাৎ এতিয়াৰ বাংলাদেশৰ পৰা অবাধ গতিত অবৈধভাৱে অনুপ্ৰৱেশ কৰা লক্ষ লক্ষ লোকসকলক অসমৰ পৰা খেদাটোৱে নহয় জানো! গতিকে আন্দোলনটোৰ ফলশ্ৰুতি অসম চুক্তিৰ কোনটো দফাক মূলতঃ অন্যতম বুলি ক’ব পাৰি? নিশ্চয় ৫ নং দফাটোৱে অন্যতম যিহেতু দফাটোত অবৈধ বাংলাদেশীসকলক অসমৰ পৰা খেদা সন্দৰ্ভত বিতং বাখ্যা আছে। কিন্তু সেই ৫নং দফাটোৰ বাবেই আহি পৰিল অসম চুক্তিৰ ৬ নং দফাটো যিটো অসমীয়াৰ বাবে সমানেই অন্যতম।
থোৰতে ক’বলৈ গ’লে ৫ নং দফাৰ জৰিয়তে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিচত অহা বাংলাদেশীসকলক খেদাৰ কথা কোৱা হৈছে আৰু ৬ নং দফাৰ জৰিয়তে সেই তাৰিখৰ আগৰ ২০ বছৰৰ বাংলাদেশীসকলক অসমত ৰখাৰ বাবে অসমীয়া মানুহক বিভিন্ন ব্যৱস্থাৰে সুৰক্ষিত কৰা হ’ব বুলি কোৱা হৈছে। এই লেখাত কেৱল অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভতহে মোৰ মনোভাৱ চমুকৈ বস্তুনিষ্ঠ ৰূপত আগবঢ়াম। সহযোগ কৰিব কিন্তু দেই।
১৯৮৫ চনৰ ১৪ জানুৱাৰীৰ মাজনিশা অসম চুক্তি ভুমিস্থ হোৱাৰ দিন ধৰি যোৱা সুদীৰ্ঘ ৩৭ বছৰে অসম চুক্তিৰ ৬ নং দফাক লৈ নিৰৱচ্চিন্নভাৱে নানা চৰ্চা চলিছে। কামৰ বেলিকা চাবলৈ গ’লে কিন্তু দেখা পাব এটা ‘বিগ্ জিৰো‘হে।
কিন্তু তাৰ পিছত কি হ’ব! আপোনালোকে কি ভাবে ? আপোনালোকে ভাৱে নেকি যে কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ ৬ নং দফা অনুসৰি অসমীয়া মানুহক, অৰ্থাৎ অসমীয়া জাতিটোক সুৰক্ষা দিবলৈ কিবা ব্যৱস্থা গ্ৰহণ কৰিব?
আকৌ, গ্ৰহণ কৰিলেই যেনিবা আপোনালোকে ভাৱে নেকি যে ‘কা’য়ে ৰাজ্যখনক ধাই-ধুই নিয়াৰ পিচত সেই ব্যৱস্থাৱলীয়ে জাতিটোক সুৰক্ষিত কৰিব পাৰিব? দুটা ডাঙৰ প্ৰশ্ন! সম্প্ৰতি ৬ নং দফাক লৈ মোৰ মনগহনত দৃঢ়কৈ খোপনি পুতি লোৱা সন্দেহ মূলতঃ সেই দুটাই।
কিয় এই সন্দেহ! কৈ আছো বন্ধুসকল, কৈছো যেতিয়া ক’বই লাগিব। আপোনালোকেও জানে সেইবোৰ কথা। দিল্লীৰ ষড়যন্ত্ৰক যেন-তেন-প্ৰকাৰেণ প্ৰতিহত কৰিবই লাগিব। জানেই দেখোন, সময়ৰ শৰ সময়ত মৰাৰ ক্ষেত্ৰত আমি খুউব বেছি পাকৈত নহয়। তদুপৰি আমি আৰু এটা কাম কৰিব লাগিব দেই। সুযোগ-সুবিধা পালেই কথাবোৰ আমাৰ নজনা-নুবুজা সহজ-সৰল মানুহখিনিক ক’ব লাগিব। আমাৰ বহুত মানুহে এনেধৰণৰ জটিল কথাক লৈ বৰ বেছি সজাগ নহয়। আৰু কিছুমানে সৰু-সুৰা স্বাৰ্থৰ বাবে জাতীয় বিষয়বোৰকো এৰাই চলে। তাৰে সুযোগ লৈয়েতো এচামে ক্ষমতাৰ খঁকত যি খুচি তাকেই কৰিবলৈ ধৰিছে! সেইবাবেইতো কোনো সমস্যাই আমাক নেৰা হৈছে! নহয়নে?
বন্ধুসকল, এতিয়া আহক মোৰ প্ৰথম সন্দেহটোলৈকে। পাহৰিলেই চাগে! কথা নাই বাৰু, আকৌ এবাৰ ক’ম। এটা কথা কিন্তু, মই সভা এখনৰ আঁত ধৰোঁতাৰ দৰে ইয়াতো আঁত ধৰিহে যাম। শাহ থকা কথাখিনি ধৰি-বান্ধি বাহিৰ কৰি উলিয়াই আনি ৰং-ৰূপেৰে সজাই-পৰাই নজনা-নুবুজা সাধাৰণ মানুহৰ ওচৰলৈ লৈ নিয়াৰ দায়িত্ব আপোনালোকৰ হাতত অৰ্পণ কৰিলোঁ। আকৌ কৈছো, এইবাৰ হয় গুৱাহাটী নহয় ৰঙামাটি। কিবা এটা হেস্ত-নেস্ত কৰিবই লাগিব।
মোৰ প্ৰথম সন্দেহ এয়ে যে কেন্দ্ৰীয় চৰকাৰখনে যিয়েই নকওক বা নকৰক কিয়, অসম চুক্তিৰ ৬ নং দফা অনুসৰি অসমীয়াক চিৰদিনলৈ সুৰক্ষিত কৰিবলৈ সাংবিধানিক ৰক্ষাকৱচৰ নামত কোনো ব্যৱস্থা নলয়, নলয় আৰু নলয়।
কিয় এই সন্দেহ! কৈ আছো বন্ধুসকল। এটা ডাঙৰ অংক নিহিত হৈ আছে ইয়াত। শেষলৈকে কিন্তু আপোনালোকে সময় দিব লাগিব দেই। হয়, মোৰ এই সন্দেহৰ ভিত্তি আছে আৰু সেই ভিত্তিও অকাট্য ভিত্তিৰ ওপৰত প্ৰতিস্থিত।
মনত পৰেনে বন্ধুসকল, বৃহৎ নদীবান্ধ হ’বলৈ নিদিও বুলি কৈছিল আৰু শাসনলৈ আহি পাভলুতি মাৰি নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পুৰ্ন কৰিবলৈ উঠিপৰিহে লাগিল। একেদৰে সীমান্তলৈ গৈ বাংলাদেশক অসমৰ মাটি নিদিও বুলি কৈ পিচত দি দিলে। তদুপৰি অবৈধ বাংলাদেশীসকলক টালি-টোপোলা বান্ধিবলৈ দিয়া সেই হুংকাৰৰ কথা কোন অসমীয়াই পাহৰিব পাৰে! আৰু বহুত আছে, মই মাত্ৰ অসমৰ লগত জড়িত গুৰু কথাকেইটামানহে চুই গলোঁ। মন কৰিছেনে, সাধাৰণতে চৰকাৰকলৈ আমি অভিযোগ কৰোঁ যে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি শাসনলৈ অহাৰ পিচত পালন নকৰে। এইখন চৰকাৰে আকৌ কোৱা কথা নকৰাকৈ নথকাৰ সলনি ওলোটাটোহে কৰি এক অনামী মজা লাভ কৰে!
স্থান, কাল, পাত্ৰ চাইহে কথা ক’ব লাগে দেই। ভুল নুবুজিব বন্ধুসকল, আপোনালোকক কোৱা নাই। প্ৰসঙ্গক্ৰমেহে সৰুতে শিকা নীতিকথাফাঁকি ইয়ালৈ টানি আনিলোঁ। হয়, মোৰ প্ৰথমটো সন্দেহ কাল, অৰ্থাৎ সময়ক লৈয়ে। ৬নং দফাক লৈ কেন্দ্ৰৰ এইখন চৰকাৰে প্ৰথমটো খোজ পেলাইছিল কেতিয়া! প্ৰথম কাৰ্যকাল শেষ হ’বলৈ এসপ্তাহমান বাকী থকা সময়ত নহয় জানো? সেইটোৱে কথা!
ইমান চমু কালত এনে বিষয়কলৈ কোনো বিশেষ পদক্ষেপ ল’বলৈ হয়তো হাতী মাৰি ভুৰুকাত ভৰোৱা আমাৰ গুৰুজনাৰ পক্ষেও সম্ভৱ নহ’লহেঁতেন। আকৌ, কিয় ল’লে তেতিয়া! দ্বিধাহীন উত্তৰ নিশ্চয় লোকসভাৰ নিৰ্বাচনেই হ’ব। সেই সময়ত অসমভুমিৰ মানুহবোৰো ‘কেব’ক লৈ খং-ক্ষোভত জ্বলি-পকি থকা নাছিল জানো? গতিকে বহুত ভাবি-গুণিহে লোকক দেখুৱাবলৈ পৰামৰ্শ সমিতি এখন গঠনেৰে বিষয়টো তাতেই থাপি-থুপি থোৱাৰ পাং পাতিলে। ইয়াক দুষ্টবুদ্ধি বুলি নকৈ কি বুলি ক’ব কওক? চৰকাৰৰ এই প্ৰচেষ্টাক নিৰ্বাচনৰ প্ৰাক্ মূহূৰ্তত অসমবাসীলৈ ‘ললিপপ’ বুলি নকৈ কি বুলি আখ্যা দিব পাৰি আপোনালোকেই কওক?
হয়, সেইখন চৰকাৰে ভবামতে কামটো কৰিব নোৱাৰিলে। পিচে ‘ললিপপ’ চুহি মাদকতা লভা আমি অসমীয়াবোৰো জানো কম! সেই চৰকাৰখনেই আকৌ ক্ষমতালৈ আহিল আৰু কেইদিনমানৰ পিচত সমিতিখন নতুনকৈ গঠন কৰি দিলে। ঠিকে আছে বাৰু! কিন্তু তাৰ পিচত তেওঁলোকৰ আচৰণ তথা উচ্চবাচ্যবোৰলৈকে মন কৰিছেনে? সমিতিখন গঠন কৰি তেওঁলোকে এনেকুৱা আচৰণ কৰিবলৈ ধৰিলে যেন ৬ নং দফা অনুসৰি অসমীয়াই ৰক্ষাকৱচ পালেই। অথচ সমিতি গঠনৰ কামটো প্ৰকৃত প্ৰক্ৰিয়াৰ ভিতৰতেই নপৰে।
সেই গতিকে কৈছো বন্ধুসকল, তাত অংক আছে। মূখ্যতঃ এইবোৰ কাৰণতে দিল্লীৱালা প্ৰভুবৃন্দ আৰু অসমীয়া অনুচৰবৰ্গই নিজৰ অভীষ্ট সিদ্ধি সাধিবলৈ গৈ ৬ নং দফাটোক তুলি আনি একেবাৰে ‘কা’ৰ কোলাতে বহুৱাই দিলে। আমি ‘কা’ৰ কথা ক’লেই তেওঁলোকে কয় ৬ নং দফাৰ কথা। ইতিমধ্যে আমাৰ বহুতো নজনা-নুবুজা সৰল-সৰল মানুহো তেওঁলোকৰ চলাহী কথাত পতিয়নো গৈছে। ‘কা’ৰ লগত ৬ নং দফাৰ যে কোনো সম্পৰ্ক নাই সেই মানুহবোৰে নাজানে! পাৰিলে বুজাবচোন যে ১৯৫১ চনৰ পৰৱৰ্তী ২০ বছৰৰ অবৈধ অনুপ্ৰৱেশকাৰীসকলক অসমে গ্ৰহণ কৰাৰ বাবেহে অসম চুক্তিত ৬ নং দফাক সন্নিবিষ্ট কৰা হৈছিল। আৰু ক’ব, ‘কা’ৰ যোগেদি পৰৱৰ্তী ৪৩ বছৰৰ লক্ষ লক্ষ হিন্দু বাংলাদেশীৰ অতিৰিক্ত বোজাহে আকৌ জাপি দিব খুজিছে অসমত।
কিন্তু ‘কা’খন আনিবলৈ গৈ আকৌ কিখন কৰিলে দেখিলেনে? চাওক, চকিদাৰ বুলি নকওঁ বাৰু, ৬ নং দফা অনুসৰি অসমীয়াক দিবলগীয়া ৰক্ষাকৱচ নিঃসন্দেহে আমাৰ বাবে হ’ব প্ৰহৰীস্বৰূপ। গতিকে পৰামৰ্শ দিবলৈ সমিতি এখন গঠন কৰিছে ঠিকেই কৰিছে। কিন্তু, সন্ত্ৰাসবাদীস্বৰূপ বুলি নকওঁ বাৰু (ক’লে আকৌ দোষে চুব পাৰে!), ‘কা’খনতো অসমীয়া জাতীয় জীৱনৰ প্ৰাণঘাতীস্বৰূপ। তেন্তে কিয় অসমৰ জনতাৰ আৰ্তনাদক অকণো গুৰুত্ব দিয়া ন’হল! গতিকে আইনখন অনাৰ ক্ষেত্ৰত যে কোনো উদ্দেশ্য নিহিত হৈ আছে সেইটো শতাংশই খাটাং। এতিয়া কওক, ৬ নং দফাক লৈ চৰকাৰে কৰি থকা কৰ্ম-কাণ্ডক সন্দেহ নকৰি কি বিশ্বাস কৰিম?
চাওক, ‘কা’ অনাৰ মূল উদ্দেশ্যটো কি! ই ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত, অৰ্থাৎ সংশ্লিষ্ট দলটোৰ এক স্থায়ী ভোটবেংক সৃষ্টি কৰা নহয়নে? গতিকে ৬ নং দফা অনুসৰি চৰকাৰে যদি অসমীয়াক ৰক্ষাকৱচখন পিন্ধাই দিয়ে অসমৰ লক্ষ লক্ষ নতুন নাগৰিকসকল অসন্তুষ্ট নহ’বনে? তেতিয়া দেখোন ‘কা’ অনাৰ মূল উদ্দেশ্যটোৱে নৰ’বগৈ। নতুন নাগৰিকসকলে নিৰ্বাচনবোৰত সংশ্লিষ্ট দলটোক কি যুক্তিত ভোট দিব! এতিয়া কওক, ৬ নং দফা অনুসৰি চৰকাৰখনে যে কোনো ব্যৱস্থা ল’বই তাক মই সন্দহ নকৰাকৈ থাকো কেনেকৈ!
আমাৰহে সৰু সৰু মগজুত কিছুমান কথা নেখেলে! ভাবিছে নেকি সেয়া হ’লে দেখোন উল্টা কথাটো আকৌ পালটা দিশেৰেহে গতি কৰিব! মানে, অসমীয়া মানুহে সংশ্লিষ্ট দলক বিধানসভাৰ নিৰ্বাচনত ভোটেই নিদিব? নহয় বন্ধুসকল, নিদিয়াকৈ কেনেকৈ থাকিব। আমাৰ দৰে তেওঁলোক সৰু মগজু থকা বিধৰ নহয়। এইবাৰ লাঠি নভঙাকৈ সাপ মৰা ধৰণৰ দিহা প্ৰস্তুত কৰিছে। অনুমান কৰিব পৰা নাই নেকি? মোৰ মনত ধৰা দিয়ামতে ঘটনাটো কেনেকুৱা হ’ব কৈ থওঁ। অজুহাত উলিয়াই সমগ্ৰ বিষয়টোক ওলমাই থৈ দিয়াৰহে ব্যৱস্থা কৰা হ’ব। ধৰিব পাৰিছেনে অজুহাতটো কি হ’ব পাৰে? অজুহাতো অজুহাত একেবাৰে সাংঘাতিক অজুহাত! আমাৰ সকলোকে মন্ত্ৰ মাৰি বশ কৰিব পৰা ধৰণৰ অজুহাত এইবাৰ তেওঁলোকে মজুত কৰি ৰাখিছে। সময়ত উলিয়াই দিলেই হ’ল।
বন্ধুসকল, ৬ নং দফাত থকা ধৰণে অসমীয়ামখাক যদি বিচাৰি উলিয়াই দিবলৈ কয়, আপোনালোকে বিচাৰি উলিয়াব পাৰিবনে? কাষৰ দুই-চাৰিজনক টানি আনি দেখুৱাই দিলে কিন্তু নহ’ব দেই, লগত প্ৰমাণ গাঁঠি দিব লাগিব। চাওক, আমি নিজকে অসমীয়া বুলি কৈহে থাকোঁ, তাৰ প্ৰমাণ বিচাৰিলে ক’বলৈ বা দেখুৱাবলৈ আমাৰ মুখত বা হাতত একোৱে নাই! হয়, মই অসমীয়াৰ সংজ্ঞাৰ কথা ক’বলৈ লৈছো। গতিকে চিন্তা নাই, আমি টলকিব নোৱাৰাকৈয়ে অজুহাত আহি সময়ত সোঁশৰীৰে হাজিৰ হৈ যাব। চৰকাৰে মূৰকত ৰক্ষাকৱচ ‘ৰেডি’ কৰা বুলি কৈ ফুটবলটো আমাৰ ক’ৰ্টলৈকেহে ঠেলি দিব।
আপোনালোকে ভাবে নেকি যে বিধানসভা নিৰ্বাচনৰ আগে আগে ৰাজ্য চৰকাৰে অসমীয়াৰ সংজ্ঞাও নিৰুপণ কৰিব আৰু কটকটীয়া সুৰক্ষা বেষ্টনীৰে জাতিটোক নিশ্চিহ্ন হোৱাৰ পৰা ৰক্ষাৰ ব্যৱস্থাও কৰিব? নহয় বন্ধুসকল, কথাটো তেনেকুৱাও নহয়। অসমীয়াক সংজ্ঞায়িত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ বা ৰাজ্য চৰকাৰে নিজাববীয়াকৈ একো কৰিব নোৱাৰে, উদ্যোগহে ল’ব পাৰিব। এই দায়িত্ব ল’ব লাগিব বৃহত্তৰ অসমীয়া সমাজখনে।
পিচে হিমালয় বগোৱা ধৰণৰ এনে কাম কৰিব পৰাকৈ আজিৰ অসমীয়া সমাজখন স্বাস্থ্যৱান হৈ আছেনে! ভাষা, ধৰ্ম, জাতি-জনগোষ্ঠী ইত্যাদিক লৈ আজিৰ অসমীয়া সমাজখন বিভিন্ন শিবিৰত বিভক্ত। কোনো কোনো জনগোষ্ঠীয়ে এতিয়া নিজকে অসমীয়া বুলিও ক’ব নোখোজে। অসম চুক্তি স্বাক্ষৰিত হোৱাৰ দিনধৰি সাংবিধানিক ৰক্ষাকৱচৰ কথা ওলালেই ই গেঁঠেলা-গেঁঠেলিকৈ অলপমান অগবাঢ়ি এটা বিন্দুত ৰৈ যায়। কাৰণ অসমীয়াৰ সংজ্ঞা নাই। কেনে দুখজনক কথা! কেনে পৰিস্থিতিৰ সন্মুখীন হৈছেো আমি!
সুদূৰ ১২২৮ চনৰ ২ ডিচেম্বৰত আধাৰশিলা স্থাপন হোৱা জাতিটোৰ আজি একবিংশ শতিকাতো এটা সংজ্ঞা নাই! আৰু সংজ্ঞা দিবলৈ অসমীয়াবোৰৰ নিজা শক্তি নাই! ঘতিকে মই ভাবিবলৈ দেখোন সুৰুঙাই বিচাৰি পোৱা নাই যে সুদূৰ ভৱিষ্যতেও এদিন অসমীয়া সংজ্ঞায়িত হ’ব! সেয়েহে ৬ নং দফাক লৈ চলা কাৰবাৰ যে খেলা খতম পইচা হজমৰ দৰে হ’ব সেয়া মোৰ মনত নৰ বেয়াকৈ সোমাই গৈছে।
এইখিনিতে আৰু এটা কথা কৈ থওঁ, অসমীয়াক যথোচিত সাজ্ঞায়িত কৰা কাৰবাৰটো কোনো যাদুৰে তৎকালে সম্ভৱ হ’লেও এইটো কিন্তু নাভাবিব যে অসমীয়াক কেন্দ্ৰীয় চৰকাৰে লগে লগে সাংবিধানিক ৰক্ষাকৱচটো পিন্ধাই দিব পাৰিব। চৰকাৰে দিও বুলিয়ে লগে লগে দিব পৰা বস্তু নহয় এয়া। আইনসভাত গৃহীত হৈ সুকলমে ওলাই আহিবলৈকে বিষয়টোৱে এক বিশেষ সংসদীয় প্ৰক্ৰিযাৰ মাজৰে যাত্ৰা কৰিব লাগিব, যিটো সহজ বুলি ক’ব পৰা বিধৰো নহয়।
আকৌ, কোোৰ দৰে চৰকাৰখনে যদি শয়নে-সপোনে অসমীয়াৰ কথাকেই বনাবে, তেন্তে ‘কা’ অনাৰ আগতে মণিপুৰক দিয়াৰ দৰে ৰাতা-ৰাতি আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাটোকে দিব পাৰিলেহেঁতেন! বৃটিশ যুগতে কৰা আইন এখনৰ জৰিয়তে তাৰ বাট প্ৰশস্তও হৈ আছিল। এতিয়া বোলে আকৌ তাৰো মুদা মাৰি থ’লে! গতিকে আপোনালোকে মানে নে নামানে নাজানো, মই কিন্তু মানি ল’বলৈ টান পাইছোঁ যে ৬ নং দফা অনুসৰি অসমীয়া সুৰক্ষিত হ’বই!
নিৰ্বাচনৰ পিচততো আৰু এখন মজাৰ খেল আছে! চাওক, কেন্দ্ৰ-ৰাজ্য দুই চৰকৰে পৰবৰ্ত্তী নিৰ্বাচনলৈকে পৰ্যাপ্ত সময় পাব। সেই সময়ৰ অন্তত অসমীয়া জাতিৰ স্বাস্থ্য অটুট থাগিবগৈনে! তেতিয়ালৈকে আমি ইমানেই নিশকতীয়া হ’ম যে ৰক্ষাকৱচৰ দৰে ব্যৱস্থা এটা দাবী কৰাৰ জোখাৰে আমাৰ শক্তিয়ে নাথাকিব। আৰু শক্তিহীন লোকৰ কথা শুনিবলৈ কেন্দ্ৰৰ চৰকাৰখনৰ কিনো গৰজ পৰিব! আৱশ্যে এটা কাম কৰিব পাৰে দেই! অসমীয়া জাতিক স্বায়ত্বশাসিত পৰিষদ এখন প্ৰদান কৰি নিচুকনি গীত এটা গাই সভা সামৰিব পাৰে।
তেও কিন্তু ‘কা’ নামানো দেই।
[First published: 15-08-2022]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)