কিংবদন্তি বড়তালা
মূল : আয়নাল হক (বাংলা)
অসমীয়া অনুবাদ: মইনুল হক
(ৰচনা কাল-১৯৯০-৯১ ইং)
ওৱাদাকগ্ৰী- মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাৰ পশ্চিম দিশত পাহাৰৰ দাঁতিত জিঞ্জীৰাম নৈৰ পূব প্ৰান্তত অৱস্থিত কালু-মালু পৰগনাৰ ৬ নং মৌজাৰ অন্তৰ্ভুক্ত অখ্যাত এটি সৰু গাঁও নাম ভাইটবাৰী। বহুযুগ ধৰি এই অঞ্চল খন আছিল প্ৰায় পৰিত্যক্ত।কৰবাত দুই চাৰি ঘৰ গাৰো বা কোচ মানুহৰ বসতি। এনে এটি অঞ্চলত বহু শতাব্দী পূৰ্বৰ এক ৰজাৰ ৰাজধানী মাটিৰ তলত লুকাই আছে সেই কথা কোনোৱে কল্পনা কৰা নাছিল।
সেই ওৱাদাকগ্ৰী গাঁওৰ নিচেই কাষতে অতি প্ৰাচীন কালৰ পৰাই বড়তালা নামেৰে এখন “ তালাব” মানে জলাশয় বা পুখুৰী আছিল যাৰ ভগ্নাৱশেষ আজিও বিদ্যমান। সেই হিন্দী শব্দ তালাবৰ পৰাই চাগে তালা শব্দটো আহিছে। প্ৰাচীন কালৰ পৰাই সেই পুখুৰীৰ চাৰিদিশ দিশ শিলৰ ভাস্কৰ্য আৰু শিলত খোদিত বহু মূৰ্তি হাবি জঙ্গলেৰে আবৃত ভূমিত সিঁচৰতি হৈ থকা পোৱা গৈছে। শিলৰ দ্বাৰা নিৰ্মিত যৌনি আৰু শিৱ লিঙ্গৰ কৃতি সমূহ আজিও অক্ষত অৱস্থাত উদ্ধাৰ কৰি সংৰক্ষিত কৰা আছে। পোৰা ইটৰ টুকুৰা বোৰ সেই অঞ্চলৰ বিস্তৰ ভূমিত বহু যুগৰ পৰাই আছিল।আজিও আছে।
বড়তালাৰ আশে-পাশে আৰু প্ৰায় বাৰটা সৰু সৰু পুখুৰী আছিল বুলিও চিহ্ন পোৱা যায় পিছে যত্ন আৰু সংৰক্ষণ অভাৱত সেইবোৰ ওপৰত ঘাঁহৰ চামনি পৰি ঢকা পৰিছে কিয়নো পুখুৰীৰ পাৰৰ হাজাৰ হাজাৰ বিঘা মাটিৰ বন জংঘল কাটি খেতিৰ বাবে উপযোগী কৰি তোলা হৈছে। কিন্ত্ত সেই অঞ্চলৰ যিকোনো ঠাইত খনন কৰিলে পোঢ়া ইটৰ খোলা ওলায় আনকি অসংখ্য খুটি পোতা গাঁতৰ চিহ্ন পোৱা যায়। বৰ্তমান তাত অনেক মানুহৰ বাসস্থান।
বড়তালাক কেন্দ্ৰ কৰি সেই অঞ্চলৰ লোক কথাত অনেক বিস্ময়কৰ কিংবদন্তিৰ বংশ পৰিচয়ৰ কথা প্ৰচলিত হৈ আহিছে। সেইবোৰৰ সত্যতা ঐতিহাসিক ভিত্তিত চিন্তাশীল গৱেষকৰ বাবে গৱেষণাৰ বিষয় আছিল আৰু থাকিব।
অবিভক্ত ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ কৰ্মীগণ ইয়াত খনন কাৰ্যত লিপ্ত আছিল।নতুনকৈ ১৯৯১ চনৰ ২২ ডিচেম্বৰৰ পৰা ইয়াতে খনন কাৰ্য্য আৰম্ভ হয় ফলত হয়তো বড়তালাৰ আচল ইতিহাস এদিন উদঘটান হব। খনন কাৰ্য ক্ৰমান্বয়ে চলি থাকিল আৰু এটি স্বল্প উচ্চ টিলাৰ খনন কৰি তাত প্রাচীন যুগৰ এটি বৌদ্ধ স্তূপৰ সন্ধান পোৱা গৈছে। প্ৰতত্নবিধৰ মতে সপ্তম নাইবা অষ্টম শতিকাত এই স্তূপটি নিৰ্মিত বুলি ধাৰণা কৰে কিয়নো পাহাৰ টিলাৰ কাষেৰে উচ্চ উচ্চ দেৱাল আবিষ্কাৰ হৈছিল। এই দেৱাল বোৰ প্ৰায় ১৫ কি:মি দৈৰ্ঘ্য আৰু 7 ফুটতকৈ উচ্চ আৰু এনে উচ্চ দেৱালেৰে সম্পূৰ্ণ বড়তালা পৰিবেষ্টিত আছিল। সেই দেৱাল বা প্রাচীৰ মাত্ৰ কিছু অংশহে খনন কৰা হৈছে।
বড়তালাৰ নাতিদূৰতে থকা স্বল্প উচ্চ পাহাৰ খনন কৰি এটি অষ্টভূজী শিৱ মন্দিৰ আবিষ্কাৰ হয় যত বৃত্তাকাৰ আঠটো শিৱলিংগ আৰু মাজত এটি সৰ্বমুঠ ন’টা শিৱলিংগ দেখিবলৈ পোৱা গৈছিল আৰু সেই শিৱ লিংগ সমূহ এতিয়াও অক্ষত অৱস্থাত আছে। ন’ টা শিৱ লিঙ্গ থকা বাবে সেই মন্দিৰ টোক নৱগ্ৰহ মন্দিৰ বুলিও কৈছিল।সেই মন্দিৰৰ অষ্টম কোণত আঠটা কোঠা আছিল মন্দিৰৰ পূজাৰী আৰু দেৱদাসী সকলৰ বাবে তাৰোপৰি ইট বোৰত মানুহৰ পদচিহ্ন আৰু গৰুৰ খুৰাৰ আছিল আৰু বিস্ময়কৰ কথা এই যে বহুযুগ মাটিৰ তলত থকাৰ পিছতো সেই চিহ্ন বোৰ নিচিহ্ন হোৱা নাই। মন্দিৰৰ দেৱালৰ ইট সমূহ এতিয়াও গাথি থোৱা আবস্তাতে আছে আনকি সাৰনাথ মন্দিৰৰ চুড়া সাদৃশ্য এটি পাথৰ খনন কার্যত পোৱা হৈছে। সেইবোৰ হেনো প্রাচীন কামৰূপ ৰজা ভাস্কৰ বৰ্মণৰ নিৰ্মান বুলি
পুৰাতত্ত্ব বিধ সকলৰ ধাৰণা। ৭ম নতুবা ৮ম শতিকাত প্ৰাচীন কামৰূপৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ সতে বড়তালাৰ ওতঃপ্ৰোত সম্পৰ্ক আছিল বুলি অনুমান কৰা হয়। চীনা পৰিব্ৰাজক হিউয়েনচাং ভাস্কৰ বৰ্মাৰ ৰাজ্য পৰিদৰ্শন কৰিবলৈ আহিছিল বুলি ইতিহাসে কয়। আৰু তাৰ বিৱৰণ ভাৰতৰ অন্যান্য ৰাজ্যৰ সামাজিক আৰু ৰাজনৈতিক জীৱন বৰ্ণনাত পোৱা যায়। কিন্ত্ত বড়তালা সম্পৰ্কে তেনে বিৱৰণ বিচাৰি পোৱা নাযায়। কোন প্ৰভাৱশালী ভূ-স্বামী বড়তালাত ৰাজত্ব কৰিছিল তাৰ কোনো নিৰ্দিষ্ট লিখিত দলিল নাই।
সেই ঠাইতে এটা কালি মন্দিৰৰো আৱিষ্কাৰ হৈছে। আনহাতে পঞ্চকোণ বিশিষ্ট মন্দিৰটোক পঞ্চৰত্ন মন্দিৰ বুলিও কৈছিল। সেই মন্দিৰৰ দেৱালত অসংখ্য দেৱ- দেৱীৰ মূৰ্ত্তিৰ অংকন কৰা চিত্ৰৰ সন্ধান পোৱা হৈছে সম্ভৱত সেইবোৰ মন্দিৰৰ গাত খচিত আছিল। চিত্ৰ বোৰৰ ভিতৰত আছিল ধ্যানস্থ মহাদেৱ, দেৱী পাৰ্বতী, সৰস্বতী, গণেশ, লক্ষ্মী, হনুমান, মহাত্মা বৌদ্ধ , নৃত্যৰতা নৰ্তকী, ঢোল বাদক আৰু সীতাৰ সয়ম্বৰৰ ধনু ভঙাৰ ভঙ্গীমাত ৰামৰ চিত্ৰ আদি বিশেষ উল্লেখযোগ্য।
বলিৰ কাঠ গঢ়াত তলৰ অংশত স্থাপিত পাথৰ খণ্ডও আছে অক্ষত অৱস্তাত। বহুতৰে ধাৰণা যে সেই যুগত সম্ভৱত নৰবলিৰ প্ৰথাও আছিল। উক্ত মন্দিৰৰ পাথৰ সমূহত কুকুৰ আনকি শিয়ালৰ পদচিহ্ন দেখা পোৱা যায়।
খনন কাৰ্যৰ কেৱল প্ৰাথমিক পৰ্যায়তে মাটিৰ তলৰ পৰা মাটিৰ হাৰি আৰু অনান্য মৃন্ময় বস্তু পোৱা গৈছে। কিন্ত্ত এতিয়ালৈকে ধাতু নিৰ্মিত কোনো বস্তু পোৱা নাই। খনন কাৰ্য্যৰ অগ্ৰগতি হলে হয়তো আৰু বহু কিবা আবিষ্কাৰ হব যিয়ে ঐতিহাসিক বা নৃতাত্ত্বিক সকলৰ বাবে এক সমল তথ্য হিচাবেও অভিহিত হব।
আচলতে বড়তালা বিশাল এক পুখুৰী। আনুমানিক ২০-২৫ মাটি জুৰি নিৰ্মিত আছিল চাৰি দিক পাৰ আজিও বেচ ওখ আৰু বহল যি আছিল পোৰা আৰু ভঙা ইটাৰ দ্বাৰা নিৰ্মিত, পুখুৰীৰ মাজ ভাগত আজিও বোকা আৰু পানী দেখা যায় যদিও এতিয়া পুখুৰীৰ গোটেই ওপৰভাগত ঘাঁহৰ আচ্ছাদনে আৱৰি আছে, পুখুৰীৰ মাজত গোল আৰু মসৃণ কাঠৰ এটি দণ্ড আছে। কিংবদন্তি মতে সেয়া হেনো বিসন্তদৈ ৰজাৰ নাওঁৰ মাস্থূল আছিল। সেই নিৰ্মিত মাস্থূল খনে প্ৰাচীন যুগৰ সাক্ষ্য বহন কৰে।
কিছুদিন আগেও মাস্থূলৰ প্ৰায় ৩-৪ ফুট উপৰি ভাগ পানীৰ ওপৰত দেখা পোৱা গৈছিল। পিছে সেয়া কোনো এক ব্যক্তিয়ে কাটি লৈ যায় যদিও বাকী অংশ এতিয়াও পানীৰ তলত আছে বুলি ধাৰণা ।
মাস্থূলটিৰ এক বিশেষত্ব এই যে সেয়া জোকাৰি দিলে সহজে কঁপি উঠিছিল যদিও টানি উঠাব পৰা নগৈছিল।পিছে সেয়া কি কাঠৰ তৈয়াৰী সেয়া চিনাক্ত কৰিব পৰা নাই।
কথিত আছে যে প্ৰাচীন কালত বিসন্ত নামৰ এজন পৰাক্ৰমী , ধাৰ্মিক ৰজাই বড়তালাত শাসন কৰিছিল। এখেত অতি ন্যায় পৰায়ন মহানুভৱা সম্পন্ন ৰজা আছিল।
এখেতে প্ৰজাৰ পৰা সদায় মাত্ৰ এক কড়ি (পইচা) কৰি ৰাজহ লৈছিল, খুবেই ধৰ্মপৰায়ন হেতু এখেত আছিল দৈৱ গুণৰ অধিকাৰি কথিত আছে যে *এখেতে গা ধোৱাৰ পিছত গাৰ তিতা কাপোৰ অকাশলৈ দলি মাৰি দিছিল আৰু সেই কাপোৰ শূন্যতে ওলমি আছিল আকৌ শুকুৱাৰ পিছত হাতখন মেলি দিলেই হাতত আহি পৰিছিল, পিছে কিছু দুষ্ট কৰ্মচাৰীৰ অপকর্মৰ ফলত তাৰ সেই গুণ নষ্ট হৈছিল
মানে এবাৰ এবাৰ এজন কৰ্মচাৰীয়ে পিছদিনা জিৰণি লোৱাৰ উদ্দেশ্য ৰজাক নজনোৱাকৈ একেদিনাই দুদিনৰ ৰাজহ সংগ্ৰহ কৰি আনিছিল যিটো আছিল ৰজাৰ নীতিৰ বহিৰ্ভূত ফলত এদিন সৈন্য-সামন্ত, হাতী ঘোঁৰা আৰু বিশালকায় ৰাজপ্ৰসাদৰ সতে বড় তালাৰ গভীৰ পানীত নিচিহ্ন হৈ যায়।
বিসন্ত ৰজাই নীতিভ্ৰষ্ট কৰ্মচাৰী বোৰক প্ৰাণদণ্ড দিয়াৰ উদ্দেশ্য হাতীৰ ভৰিৰ লগত বান্ধি বড়তালাৰ কিছু দূৰৰ (বৰ্তমানৰ নলবাৰী গাঁওত) এখন মন্দিৰত লৈ যায়। যোৱাৰ সময়ত অসহায় কৰ্মচাৰী বোৰে পথৰ দাঁতিত থকা বিৰিণা (বিন্যে) গছ বোৰ খামুচি ধৰি প্ৰাণ প্ৰাণ বচোৱাৰ চেষ্টা কৰে পিছে বিৰিণা গছ কোমল হোৱা হেতু গছ বোৰ মোচৰ খাই ছিঙি হাততে লাগি গৈছিল আৰু পাতৰ ধাৰত হাত কাটি তেজ ওলাই পৰিছিল। তেতিয়াৰ দিনত বহুতেই দেখিবলৈ পাইছিল সেই তেজ লগা বিৰিণাৰ গছ বোৰ আনকি পৰৱৰ্তী কালত তাত যিবোৰ বিৰিণা গজিছিল সেইবোৰ গছৰ আগফালটো বিশেষ ভঙ্গীমাত মোচৰ খোৱা আছিল। আজি কালি বিৰিণাবোৰ নাই, খেতিয়কে সেইবোৰ কাটি-কুটি তাত কৃষি কৰ্ম আৰম্ভ কৰে।
বড় তালা সম্পৰ্কীয় আৰু এটি চমকপ্ৰদ এতিয়াও লোক শ্ৰুতি আছে, ইয়াৰে স্থানীও এক গাৰো সম্প্ৰদায়ৰ ব্যক্তি এজন সপোনত দেখিলে যে বিসন্ত ৰজাই স্বয়ং আবিৰ্ভাৱ হৈ আদেশ দিলে – *”তুমি পথাৰত থকা কঁহুৱা বনৰ দ্বাৰা এটি ৰচি পকাই শনি নাইবা মঙ্গল বাৰে সেই ৰচীৰ এটা মূৰ সেই পুখুৰীত ডুবাই দি আনটো মূৰ তোমাৰ কঁকালত বান্ধি লৈ পিছফালে নোচোৱাকৈ সম্মুখৰ ফালে খুব জোৰে টানিবা তেতিয়া মোৰ ৰাজ কাৰেং সৈন্য-সামন্ত হাতী ঘোঁৰা আদি আকৌ ভাঁহি উঠিব।”তুমি কিন্তু আমাক সেই ৰচি টানি টানি জিঞ্জীৰাম নৈ লৈকে আগুৱাই যাবা কিন্তু সাৱধান !*
*কাৰণ আমাৰ নাওঁ ভাঁহি উঠাৰ পিছে পিছে দৌৰি থকা ঘোঁৰাৰ খুড়াৰ শব্দ , হাতীৰ উচ্চস্বৰত আৱাজ আৰু মানুহৰ কোলাহলত মুখৰিত হৈ উঠিব বড়তালা পিছে সেই শব্দ পাই ভুলতেও পাছফালে ঘূৰি নাচাবা, চালে কিন্তু তোমাৰ বিপদ হব।”
সপোনত পোৱা নিৰ্দেশ মৰ্মে ৰচি পকাই সেই গাৰো সম্প্ৰদায়ৰ লোকজনে এদিন বড় তালাৰ পুখুৰীৰ পাৰত আহি ৰচীৰ এটা মূৰ পানীত দি আনটো মূৰ কঁকালত বান্ধি টনা আৰম্ভ কৰি দিলে, নিৰ্জন ঠাই আৰু সময় আদি ভৰ দুপৰীয়া, টনা আৰম্ভ কৰিছে মাথো তেনেতে আৰম্ভ হল পানীৰ ডাঙৰ ডাঙৰ ঢেউ শব্দ আৰু ভীষণ ভূমিকম্প অহাৰ দৰে কঁপি উঠিল সমগ্ৰ বড় তালা আনফালে আৰম্ভ হল হাতী, ঘোঁৰাৰ চিৎকাৰ আৰু জনতাৰ কাণ ভেদি যোৱা প্ৰচণ্ড চিৎকাৰ, শিশুৰ ক্ৰন্দন আৰু বড়তালাৰ গভীৰ জলাশয়ৰ পৰা ভাঁহি উঠিল এক জাহাজ সদৃশ নাওঁ সেইবোৰ শব্দ শুনি লোকজনে ভয়ে- আতংকে পেঁপুৱা লাগি চেতন হেৰুৱাব লগা অৱস্থা কি হৈছে এইবোৰ তাকে ভাবি সপোনৰ কথা পাহৰি প্ৰাণৰ ভয়ত পাছফালে ঘূৰি চাওঁতেই নিমিষতে আকৌ সকলো জাহ গল সেই জলাশয়ত কথিত আছে যে তাৰ পিছত মানুহ জন জীয়াই নাথাকিল।
আজি হল চৰম বিজ্ঞানৰ যুগ,উন্নতিৰ যুগ যত যুক্তি আৰু তথ্য বিহীন ইতিহাস সৃষ্টি নহয়।কিংবদন্তিত বিশ্বাস নকৰে পিছে লোকমুখে প্ৰচলিত কিংবদন্তি কাহিনী সমূহ বিচাৰ কৰি সেই মৰ্মে অধ্যয়ন আৰু চৰ্চ্চা কৰিলে কিবা সত্যৰ যে আবিষ্কাৰ হব বুলি আমাৰ ধাৰণা। বড় তালাৰ তেনে লিখিত ইতিহাস নাই সঁচা পিছে চৰকাৰ দ্বাৰা খনন আৰু পূৰাতত্বৰ বাহিনী তৎপৰতা দেখুৱালে বড় তালাৰ বাকী ইতিহাস উদ্ঘাটন হব।
এতিয়া জানো আহক বড় তালাৰ পৰা তিন কিলোমিটাৰ দূৰত অৱস্থিত নলবাৰী গাওঁৰ বিষয়ে, নলবাৰী মূলত মুছলমান অধ্যুষিত এটি গাঁও, সেই গাঁওত ওচৰা-ওচৰি দুখন মন্দিৰ আছিল আৰু এতিয়াও আছে সেয়ে আগৰ দিনত মানুহে নলবাৰীক যোৰ মন্দিৰৰ গাঁও বুলি কৈছিল, বড় তালাৰ পৰা যোৰ মন্দিৰ লৈকে ইট-পাথৰ দ্বাৰা তৈয়াৰী এক বহল পথ আছিল, কথিত আছে যে সেই যোৰ মন্দিৰত ৰাজকন্যাই স্বয়ং নিয়মিত পূজা কৰিছিল। *মন্দিৰৰ পশ্চিম ফালে জিঞ্জীৰামৰ পাৰত সুন্দৰ এটি ঘাট বন্ধোৱা আছিল সেয়ে তাহানিতে সেই ঘাটক ৰাজঘাট বুলি কৈছিল আৰু মন্দিৰৰ পশ্চিম ফালে এটা পুখুৰী আছিল এতিয়াও তাৰ চিহ্ন বিদ্যমান, পুখুৰীটো ইমান গভীৰ আছিল যে তাতে শিলগুটি পেলালে পেলালে বহু সময় পিছত হে শিলগুটি পুখুৰীৰ তলি পাইছিলগৈ এই দৃশ্য মই নিজ চকুৰে প্ৰত্যক্ষ কৰিছো।
আনকি পুখুৰীৰ চাৰিওফালে প্ৰাচীন যুগৰ মাটিৰ কলহ আছিল বৰ্তমান সেইবোৰ নাই লোকশ্ৰুতি মতে কোনো উৎসৱ বা পূজা পাৰ্বনৰ নিমিত্তে বাচনৰ বাবে সেই মন্দিৰত প্ৰাৰ্থনা জনালে পিতলৰ হাড়ি,থালী, বাটি, কেৰাহী…আদি নিজে নিজে আবিৰ্ভাৱ হৈছিল। ব্যৱহাৰ অন্তত সেইবোৰ আকৌ যথা স্থানত থৈ দিয়া হৈছিল । একেবাৰ এক লোভী ব্যক্তি এটা বাটি ফেৰত নিদিয়া বাবে মন্দিৰৰ সেই বাচন যোগান প্ৰক্ৰিয়া পিছৰকালত বন্ধ হৈ যায়। যোৰ মন্দিৰৰ আশে-পাশে হাল বাওতে বা খনন কৰোঁতে তেনে পাত্ৰৰ ভগ্নাৱশেষ পোৱা যায়। লোক মুখৰ মতে সেই গাঁওত হেনো কুমাৰ আৰু কমাৰৰ বসতি আছিল।
যোৰ মন্দিৰৰ দক্ষিণ ফালে শিঙিমাৰী ফুলেৰ চৰ হৈ বৰ্তমান বাংলাদেশৰ চিলমাৰী লৈকে ইটাৰে সজোৱা এটা পথ বহুকাল বিদ্যমান আছিল যি কথা আমাৰ ককা দেউত তাৰ ককাৰ লগত সেই পথেদি কেবাবাৰো চিলমাৰী বন্দৰ লৈকে যাতায়ত কৰা বুলি শুনিছোঁ। পিছে বৰ্তমান সেই পথৰ তিলমানো চিন-চাব নাই জিঞ্জীৰামৰ গৰ্ভত বিলীন হৈ গৈছে অৱশ্যে কিছুদিন পূৰ্বে বাংলাদেশৰ মায়নামতী গাঁওত বড় তালা সাদৃশ্য এটি মন্দিৰ আবিষ্কাৰ হৈছিল।
এইবাৰ আপোনালোকক অলপ সময়ৰ বাবে বড় তালাৰ পৰা প্ৰায় ৫কি:মি: দক্ষিণে থকা ৰাজাবালা লৈ লৈ গৈছো,যত প্ৰতি শনি বাৰে সাপ্তাহিক হাট বহে ,সেই ৰাজাবালাক ঘেৰি জড়িত বহুল ভাৱে জড়িত আছে আন এক কাহিনী, বিসন্ত ৰজাৰ কন্যাই ভৰ যৌৱন কালত অবৈধ প্ৰণয়ত অন্ত:সত্বা হয় সেইকথা ন্যয়পৰায়ন ৰজাই সেই কলংকৰ কথা গম পাই মনত বহুত দুখঃ পালে আৰু খঙতে নিজ কণ্যাক ৰাজাবালাৰ এক ঘন জঙ্গলত নির্বাসন দিয়ে। রাজকণ্যা সেই জঙ্গলতে কোনো এক কুটিৰত জীৱন যাপন কৰিবলৈ লয় তাৰ পৰাই সেই ঠাইৰ নাম ৰাজাবালা হয় বুলি লোকে কয়। সেই কুটিৰৰ ৰাজাবালাৰ কাষেদি এটা সৰু জুৰি (ঝৰ্ণা) বব ধৰে, যিখন জুৰিতে রাজকণ্যাই সদায় গা ধুইছিল বুলি আজিও মুখে মুখে প্ৰচলিত। ৰাজকুমাৰী কলংকিতা আছিল বাবেই সেই জুৰিটিৰ নাম কলংকিনী ,তাহানিৰ জুৰিটি আজিও প্ৰবাহিত।
বড় তালাক কেন্দ্ৰ কৰি অলেখ কিংবদন্তি আৰু কাহিনী আছে। বিসন্ত ৰজা এজন ধৰ্মপৰায়ন আৰু প্ৰজাৰ হিতকাৰী আছিল বুলি ধাৰণা কৰিব পাৰি। এখেতৰ ৰাজধানীত থকা বৌদ্ধ মন্দিৰ আৰু দেৱ মন্দিৰ বোৰে এই কথাৰ সাক্ষী বহন কৰে যে সকলো ধর্মৰ প্ৰতি তেখেতৰ আছিল সমদৃষ্ট।
শেষত মেঘালয় তথা ভাৰত চৰকাৰলৈ অনুৰোধ যে সেই ঠাই খিনিৰ বাকী থকা অতীতৰ গুণ গৰিমা সমূহ উদ্ঘাটন কৰি সংৰক্ষণ কৰিলে উত্তৰ পুৰুষে বহু কথাই জানিব পাৰিব লগতে এ এক আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ হব।
অনুবাদকৰ ঠিকনা: ফুলবাৰী, পশ্চিম গাৰো পাহাৰ,মেঘালয়
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.