-ডাঃ মনোজ কুমাৰ শইকীয়া |
আয়ুৰ্বেদ শাস্ত্ৰত কিডনী-ষ্ট’ন বা পাথৰক মূত্ৰ অশ্মৰী বোলা হৈছে। এই ৰোগৰ বিষয়ে সুন্দৰ বৰ্ণনা চৰক আৰু সুশ্ৰূত সংহিতাত পোৱা যায়। একমাত্ৰ আয়ুৰ্বেদিক ঔষধেহে কিডনীৰ পাথৰ ভাঙি পেচাপৰ লগত বাহিৰ কৰিব পাৰে বাবে আয়ুৰ্বেদিক চিকিৎসাত ইয়াক সাধাৰণ ৰোগ হিচাপে গণ্য কৰা হয়।
পূৰ্ব সঞ্চিত কাৰণ
(১) কমকৈ পানী খোৱাৰ কাৰণে কিডনীত পাথৰ হয়। আমাৰ শৰীৰ তথা কিডনী ভালদৰে পৰিষ্কাৰ হ’বলৈ গড়ে এজন বয়সস্থ ব্যক্তিয়ে প্ৰায় চাৰি লিটাৰ পানী খাব লাগে। কিন্তু পানী কমকৈ খোৱা বাবে কিডনীৰ শ্ৰোণীত সঞ্চিত হোৱা খনিজ পদাৰ্থ আৰু লৱণ সঠিকভাৱে নিৰ্গত হ’ব নোৱাৰে। পিছত এই গেদ গোট মাৰি টান হৈ পাথৰলৈ ৰূপান্তৰ হয় ।
(২) গাখীৰ আৰু গাখীৰৰপৰা উৎপাদন হোৱা খাদ্যত কেলছিয়াম যথেষ্ট পৰিমাণে থাকে। এই ধৰণৰ খাদ্য বেছিকৈ খালে তেজত কেলছিয়াম বৃদ্ধি হোৱাৰ বাবে কিডনী-ষ্ট’ন হয়।
(৩) গ্ৰীষ্মপ্ৰধান অঞ্চলত বসবাস কৰিলে পেচাপ কমকৈ হয় আৰু কিডনীৰ শ্ৰোণীত সঞ্চিত হোৱা গেদ সঠিক পৰিমাণে নিৰ্গত নহয়; ফলস্বৰূপে এই গেদ পাথৰলৈ ৰূপান্তৰ হয়।
(৪) সৰু মাছ, চূণ, চীনাবাদাম, বিলাহী, বীট, ফুলকবি, কণীৰ কুহুম, ক’লা আঙুৰ, তিয়ঁহ আদিত কেলছিয়াম আৰু মেগনেছিয়াম বেছি থাকে। সেয়েহে কেলছিয়াম আৰু মেগনেছিয়াম থকা খাদ্য বেছিকৈ খালে তেজত কেলছিয়াম আৰু মেগনেছিয়ামৰ পৰিমাণ বৃদ্ধি হৈ কিডনী-পাথৰ হয়।
(৫) সঞ্চিত কিডনী ফেইলাৰ, হাইড্ৰোনেফ্ৰছিছ আৰু নেফ্ৰাইটিছ আদি ৰোগত বহুত দিন আক্ৰান্ত হৈ থাকিলেও কিডনী-পাথৰ হ’ব পাৰে।
ৰোগৰ লক্ষণসমূহ
কঁকালৰ ওপৰ অংশত দুকাষে দুটা কিডনী অৱস্থিত। সেয়েহে প্ৰায়েই কঁকালৰ ওপৰত দুয়োকাষে বিষ হয়। মাজে-সময়ে তলপেট, বুকু, কৰঙণ আৰু কঁকালৰ বিষ হয়। পুৰুষৰ অণ্ডকোষ বিষায়। পাথৰটো লৰচৰ হ’লে বিষ বাঢ়ে, বেজিয়ে বিন্ধাৰ দৰে বিষ হয়, বিষৰ কাৰণে জ্বৰ উঠে আৰু অস্থিৰতা আহে। পুৱাবেলা বিষ প্ৰায়েই নাথাকে বা কমকৈ থাকে। পিছবেলাৰপৰা ক্ৰমে বিষ বাঢ়িবলৈ ধৰে আৰু ৰাতি অত্যন্ত বিষ হয়। মূত্ৰবাহী নলীৰে পাথৰটো নামি আহোতে ঘঁহনি খাই কেতিয়াবা ৰক্ত-পেচাপ হয়। গেছৰ কাৰণে বুকু জ্বলা-পোৰা কৰে, মুখলৈ টেঙা পানী আহে, ওকালি বা বমি হয়।
কিডনী-পাথৰৰ উপসৰ্গ
কিডনী-পাথৰ ৰোগত বহুত দিন আক্ৰান্ত হৈ থকাৰ ফলত নেফ্ৰাইটিছ, কিডনী ফেইলাৰ, ইউৰেমিয়া, শোথ আদি হ’ব পাৰে। কিন্তু আয়ুৰ্বেদিক ঔষধ খালে এনে ধৰণৰ উপসৰ্গ হ’ব নোৱাৰে।
কিডনী-পাথৰৰ প্ৰকাৰ
(১) কেলছিয়াঅ অক্জেলেটৰেৰে গঠিত পাথৰ টান, সৰু আৰু ক’লা বৰণীয়া। এই প্ৰকাৰৰ পাথৰ মূত্ৰবাহী নলীৰে তললৈ নামি আহোতে ঘঁহনি খোৱাৰ ফলত ৰক্তক্ষৰণ হয়।
(২) কেলছিয়াম ফছফেটেৰে গঠিত পাথৰৰ লগত কেতিয়াবা এমোনিয়াম, মেগনেছিয়াম ফছফেট আদিও উপাদান হিচাপে থাকে। এইবিধ পাথৰক ‘ষ্টেগহৰ্ণ’ পাথৰ বুলিও কোৱা হয়।
(৩) ইউৰিক এচিড আৰু ইউৰেটৰেৰে গঠিত পাথৰ কঠিন, মিহি আৰু একেটা সময়তে কে’বাটাও হয়। সচৰাচৰ শিশু আৰু যুৱক অধিক আক্ৰান্ত হয়।
(৪) চিষ্টিনেৰে গঠিত পাথৰ সাধাৰণতে যুৱতীৰ হয়। এই প্ৰকাৰ পাথৰ একেটা সময়তে কে’বাটাও হয়। পেচাপৰ লগত প্ৰায়েই চিষ্টিন নিৰ্গত হয়।
(৫) জেনথিনেৰে গঠিত পাথৰ সচৰাচৰ দেখা পোৱা নাযায়। কাচিৎহে এই ধৰণৰ পাথৰ গঠন হয়।
(৬) নীলা পাথৰ ইণ্ডিকানেৰে গঠিত আৰু আমাৰ দেশত এই ধৰণৰ কিডনী-পাথৰ হোৱা ৰোগী পোৱা নাযায়।
ৰোগ নিৰ্ণয়
(১) আলট্ৰা ছ’ন’গ্ৰাফি কৰিলে ৭০% কিডনী-পাথৰ ধৰা পৰে। কিছুমান ৰোগীৰ ক্ষেত্ৰত ৩-৪ খন আলট্ৰা ছ’ন’গ্ৰাফি কৰিলেও এই ৰোগ ধৰা নপৰে।
(২) এক্সৰে কৰিলে ৮০% মানুহৰ কিডনীত পাথৰ ধৰা পৰে। কাৰ্বনেট, ফছফেট, ইউৰেট আৰু অক্জেলেট পাথৰ এক্সৰে কৰিলে ধৰা পৰে। ইউৰিক এচিড আৰু চিষ্টিনেৰে গঠিত পাথৰ এক্সৰে কৰিলে ধৰা নপৰে।
(৩) আই ভি পি কৰিলেও কিডনী-পাথৰ ধৰা পৰে। সচৰাচৰ আলট্ৰা ছ’ন’গ্ৰাফি আৰু এক্সৰেত ধৰা নপৰা ৰোগীৰ ক্ষেত্ৰত আই ভি পি কৰা হয়।
(৪) চি টি স্কেন কৰিলেও কিডনী-পাথৰ ধৰা পৰে।
(৫) পেচাপ পৰীক্ষা কৰিলে কিডনী-পাথৰ ধৰা পৰে। এইবিধ পৰীক্ষা কৰিলে স্বাস্থ্যৰ ক্ষতি নহয়। এক্সৰে, আলট্ৰা চ’ন’গ্ৰাফী আৰু চি টি স্কেন কৰিলে শৰীৰৰ কোষৰ যথেষ্ট ক্ষতি সাধন হয়।
আহাৰ-বিহাৰ
(১) কিডনীত পাথৰ হোৱা ৰোগীয়ে দৈনিক অন্ততঃ ৪ লিটাৰ পানী খাব লাগে। ঔষধে গলোৱা আৰু ভঙা পাথৰৰ গুৰিবোৰ পেচাপৰ লগত বাহিৰ হয়। তদুপৰি পানী বেছিকৈ খালে কিডনী পৰিষ্কাৰ হোৱা বাবে ভৱিষ্যতে পাথৰ হোৱাৰ সম্ভাৱনা নাথাকে।
(২) নাৰিকলৰ পানী, কুঁহিয়াৰৰ ৰস আৰু ভীমকলৰ চর্পত খাব। ভীমকলৰ চর্পতত যথেষ্ট পৰিমাণে ভিটামিন-বি থাকে আৰু ই তেজত থকা অতিৰিক্ত কেলছিয়াম, মেগনেছিয়াম, ফছফেট আদি পেচাপৰ জৰিয়তে বাহিৰ কৰি কিডনী-পাথৰ গঠনত বাধা দিয়ে।
(৩) দুপৰটেঙা পাতৰ ৰস ৩-৪ চামুচকৈ দিনে ৩ বাৰ মিছিৰিৰ লগত মিহলাই খালে পাথৰ সহজে বাহিৰ হয়।
(৪) নেমুৰ চর্পত প্ৰচুৰ পৰিমাণে খাব। নেমুৰ ৰসত থকা এছকৰ্বিক এচিডে কেলছিয়াম অক্জেলেট আৰু ফছফেট গলোৱাত সহায় কৰাৰ উপৰি কিডনীত পাথৰ জমা হোৱাত বাধা দিয়ে। নেমুৰ চর্পত খালে কিডনীত পাথৰ হ’ব নোৱাৰে।
(৫) বেঙেনা, বিলাহী, ফুলকবি, পালেং, তিয়ঁহ আৰু ৰঙালাও নাখাব।
(৬) তিতাকেৰেলা, কল, গাজৰ, মাটিমাহৰ দাইল, আনাৰস আদি খোৱাটো উপকাৰী।
(৭) সদায় স্কিপিং কৰিব। স্কিপিং কৰিলে পাথৰ মূত্ৰনলীৰ ভিতৰত লৰচৰ কৰি তললৈ সহজেই নামি আহে। স্কিপিং কৰোতে বিষ বাঢ়িলে নকৰিব, বিষ কমিলে পুনৰ স্কিপিং কৰিব।
(৮) মূলাপাতৰ ৰস ৬ চামূচকৈ দিনে ৩ বাৰ খালে পাথৰ গলি পেচাপৰ লগত নিৰ্গত হয়।
(৯) বুটমাহ তিওৱা পানী আৰু বুটমাহ খালেও পাথৰ বাহিৰ হোৱাত সহায় কৰে।
(১০) বৰুণ গছৰ বাকলিৰে তৈয়াৰী ক্বাথ ৪-৬ চামুচকৈ দিনে ৩ বাৰ খালে কিডনী-পাথৰ ওলোৱাত সহায় হয়।
চিকিৎসা
(১) Cystone, Calcury, Niree – যি কোনো এবিধ টেবলেট দুটাকৈ তিনিবাৰ খাব।
(২) Varunadya lauha – দুটাকৈ দিনে তিনিবাৰ খাব ।
(৩) Chandraprabha vati- দুটাকৈ দিনে তিনিবাৰ খাব ।
(৪) Punarnawarista, Chandanasav, Gokhuradi gugulu, Punarnawa mandur ইত্যাদি কৰি বহুত ফলপ্ৰসূ আয়ুৰ্বেদিক ঔষধ আছে। এই ঔষধ প্ৰয়োগ কৰিলে কিডনী-পাথৰ ভাঙি পেচাপৰ সৈতে নিৰ্গত হয়।