• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, March 5, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

কিডনী-ষ্ট’নৰ ফলপ্ৰসূ চিকিৎসা

Assamese Section / Health / Medical

by Editor
September 7, 2025
in ASSAMESE SECTION, Health, Medical
Reading Time: 3 mins read
0
fashion man love people

Photo by Kindel Media on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

কিডনী-ষ্ট’নৰ ফলপ্ৰসূ চিকিৎসা

ডাঃ মনোজ কুমাৰ শইকীয়া

Dr Monoj Saikia
ডাঃ মনোজ কুমাৰ শইকীয়া

আয়ুৰ্বেদ শাস্ত্ৰত কিডনী-ষ্ট’ন বা পাথৰক মূত্ৰ অশ্মৰী বোলা হৈছে। এই ৰোগৰ বিষয়ে সুন্দৰ বৰ্ণনা চৰক আৰু সুশ্ৰূত সংহিতাত পোৱা যায়। একমাত্ৰ আয়ুৰ্বেদিক ঔষধেহে কিডনীৰ পাথৰ ভাঙি পেচাপৰ লগত বাহিৰ কৰিব পাৰে বাবে আয়ুৰ্বেদিক চিকিৎসাত ইয়াক সাধাৰণ ৰোগ হিচাপে গণ্য কৰা হয়।

পূৰ্ব সঞ্চিত কাৰণ

  (১) কমকৈ পানী খোৱাৰ কাৰণে কিডনীত পাথৰ হয়। আমাৰ শৰীৰ তথা কিডনী ভালদৰে পৰিষ্কাৰ হ’বলৈ গড়ে এজন বয়সস্থ ব্যক্তিয়ে প্ৰায় চাৰি লিটাৰ পানী খাব লাগে। কিন্তু পানী কমকৈ খোৱা বাবে কিডনীৰ শ্ৰোণীত সঞ্চিত হোৱা খনিজ পদাৰ্থ আৰু লৱণ সঠিকভাৱে নিৰ্গত হ’ব নোৱাৰে। পিছত এই গেদ গোট মাৰি টান হৈ পাথৰলৈ ৰূপান্তৰ হয় ।

RelatedPosts

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

March 4, 2026
Holi in Barpeta,  Assam: A Symphony of Colors, Culture, and Devotion

অসমত উদযাপিত দৌলোৎসৱৰ তাৎপৰ্য

March 3, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

মানস প্ৰতিম দত্তৰ প্ৰকৃতি সাহিত্যঃ এক অৱলোকন

February 28, 2026

(২) গাখীৰ আৰু গাখীৰৰপৰা উৎপাদন হোৱা খাদ্যত কেলছিয়াম যথেষ্ট পৰিমাণে থাকে। এই ধৰণৰ খাদ্য বেছিকৈ খালে তেজত কেলছিয়াম বৃদ্ধি হোৱাৰ বাবে কিডনী-ষ্ট’ন হয়।

 (৩) গ্ৰীষ্মপ্ৰধান অঞ্চলত বসবাস কৰিলে পেচাপ কমকৈ হয় আৰু কিডনীৰ শ্ৰোণীত সঞ্চিত হোৱা গেদ সঠিক পৰিমাণে নিৰ্গত নহয়; ফলস্বৰূপে এই গেদ পাথৰলৈ ৰূপান্তৰ হয়।

(৪) সৰু মাছ, চূণ, চীনাবাদাম, বিলাহী, বীট, ফুলকবি, কণীৰ কুহুম, ক’লা আঙুৰ, তিয়ঁহ আদিত কেলছিয়াম আৰু মেগনেছিয়াম বেছি থাকে। সেয়েহে কেলছিয়াম আৰু মেগনেছিয়াম থকা খাদ্য বেছিকৈ খালে তেজত কেলছিয়াম আৰু মেগনেছিয়ামৰ পৰিমাণ বৃদ্ধি হৈ কিডনী-পাথৰ হয়।

(৫) সঞ্চিত কিডনী ফেইলাৰ, হাইড্ৰোনেফ্ৰছিছ আৰু নেফ্ৰাইটিছ আদি ৰোগত বহুত দিন আক্ৰান্ত হৈ থাকিলেও কিডনী-পাথৰ হ’ব পাৰে।

কিডনী-ষ্ট’নৰ ফলপ্ৰসূ চিকিৎসা

ৰোগৰ লক্ষণসমূহ

 কঁকালৰ ওপৰ অংশত দুকাষে দুটা কিডনী অৱস্থিত। সেয়েহে প্ৰায়েই কঁকালৰ ওপৰত দুয়োকাষে বিষ হয়। মাজে-সময়ে তলপেট, বুকু, কৰঙণ আৰু কঁকালৰ বিষ হয়। পুৰুষৰ অণ্ডকোষ বিষায়। পাথৰটো লৰচৰ হ’লে বিষ বাঢ়ে, বেজিয়ে বিন্ধাৰ দৰে বিষ হয়, বিষৰ কাৰণে জ্বৰ উঠে আৰু অস্থিৰতা আহে। পুৱাবেলা বিষ প্ৰায়েই নাথাকে বা কমকৈ থাকে। পিছবেলাৰপৰা ক্ৰমে বিষ বাঢ়িবলৈ ধৰে আৰু ৰাতি অত্যন্ত বিষ হয়। মূত্ৰবাহী নলীৰে পাথৰটো নামি আহোতে ঘঁহনি খাই কেতিয়াবা ৰক্ত-পেচাপ হয়। গেছৰ কাৰণে বুকু জ্বলা-পোৰা কৰে, মুখলৈ টেঙা পানী আহে, ওকালি বা বমি হয়।

কিডনী-পাথৰৰ উপসৰ্গ

 কিডনী-পাথৰ ৰোগত বহুত দিন আক্ৰান্ত হৈ থকাৰ ফলত নেফ্ৰাইটিছ, কিডনী ফেইলাৰ, ইউৰেমিয়া, শোথ আদি হ’ব পাৰে। কিন্তু আয়ুৰ্বেদিক ঔষধ খালে এনে ধৰণৰ উপসৰ্গ হ’ব নোৱাৰে।

Kidney stone 1

কিডনী-পাথৰৰ প্ৰকাৰ

(১) কেলছিয়াঅ অক্জেলেটৰেৰে গঠিত পাথৰ টান, সৰু আৰু ক’লা বৰণীয়া। এই প্ৰকাৰৰ পাথৰ মূত্ৰবাহী নলীৰে তললৈ নামি আহোতে ঘঁহনি খোৱাৰ ফলত ৰক্তক্ষৰণ হয়।

(২)  কেলছিয়াম ফছফেটেৰে গঠিত পাথৰৰ লগত কেতিয়াবা এমোনিয়াম, মেগনেছিয়াম ফছফেট আদিও উপাদান হিচাপে থাকে। এইবিধ পাথৰক ‍‘ষ্টেগহৰ্ণ’ পাথৰ বুলিও কোৱা হয়।

(৩) ইউৰিক এচিড আৰু ইউৰেটৰেৰে গঠিত পাথৰ কঠিন, মিহি আৰু একেটা সময়তে কে’বাটাও হয়। সচৰাচৰ শিশু আৰু যুৱক অধিক আক্ৰান্ত হয়।

(৪) চিষ্টিনেৰে গঠিত পাথৰ সাধাৰণতে যুৱতীৰ হয়। এই প্ৰকাৰ পাথৰ একেটা সময়তে কে’বাটাও হয়। পেচাপৰ লগত প্ৰায়েই চিষ্টিন নিৰ্গত হয়।

(৫) জেনথিনেৰে গঠিত পাথৰ সচৰাচৰ দেখা পোৱা নাযায়। কাচিৎহে এই ধৰণৰ পাথৰ গঠন হয়।

(৬) নীলা পাথৰ ইণ্ডিকানেৰে গঠিত আৰু আমাৰ দেশত এই ধৰণৰ কিডনী-পাথৰ হোৱা ৰোগী পোৱা নাযায়।

ৰোগ নিৰ্ণয়

(১) আলট্ৰা ছ’ন’গ্ৰাফি কৰিলে ৭০% কিডনী-পাথৰ ধৰা পৰে। কিছুমান ৰোগীৰ ক্ষেত্ৰত ৩-৪ খন আলট্ৰা ছ’ন’গ্ৰাফি কৰিলেও এই ৰোগ ধৰা নপৰে।

(২) এক্সৰে কৰিলে ৮০% মানুহৰ কিডনীত পাথৰ ধৰা পৰে। কাৰ্বনেট, ফছফেট, ইউৰেট আৰু অক্জেলেট পাথৰ এক্সৰে কৰিলে ধৰা পৰে। ইউৰিক এচিড আৰু চিষ্টিনেৰে গঠিত পাথৰ এক্সৰে কৰিলে ধৰা নপৰে‌।

(৩) আই ভি পি কৰিলেও কিডনী-পাথৰ ধৰা পৰে। সচৰাচৰ আলট্ৰা ছ’ন’গ্ৰাফি আৰু এক্সৰেত ধৰা নপৰা ৰোগীৰ ক্ষেত্ৰত আই ভি পি কৰা হয়।

(৪) চি টি স্কেন কৰিলেও কিডনী-পাথৰ ধৰা পৰে।

(৫) পেচাপ পৰীক্ষা কৰিলে কিডনী-পাথৰ ধৰা পৰে। এইবিধ পৰীক্ষা কৰিলে স্বাস্থ্যৰ ক্ষতি নহয়। এক্সৰে, আলট্ৰা চ’ন’গ্ৰাফী আৰু চি টি স্কেন কৰিলে শৰীৰৰ কোষৰ যথেষ্ট ক্ষতি সাধন হয়।

আহাৰ-বিহাৰ

(১) কিডনীত পাথৰ হোৱা ৰোগীয়ে দৈনিক অন্ততঃ ৪ লিটাৰ পানী খাব লাগে। ঔষধে গলোৱা আৰু ভঙা পাথৰৰ গুৰিবোৰ পেচাপৰ লগত বাহিৰ হয়। তদুপৰি পানী বেছিকৈ খালে কিডনী পৰিষ্কাৰ হোৱা বাবে ভৱিষ্যতে পাথৰ হোৱাৰ সম্ভাৱনা নাথাকে।

(২)‌ নাৰিকলৰ পানী, কুঁহিয়াৰৰ ৰস আৰু ভীমকলৰ চর্পত খাব। ভীমকলৰ চর্পতত যথেষ্ট পৰিমাণে ভিটামিন-বি থাকে আৰু ই তেজত থকা অতিৰিক্ত কেলছিয়াম, মেগনেছিয়াম, ফছফেট আদি পেচাপৰ জৰিয়তে বাহিৰ কৰি কিডনী-পাথৰ গঠনত বাধা দিয়ে।

(৩) দুপৰটেঙা পাতৰ ৰস ৩-৪ চামুচকৈ দিনে ৩ বাৰ মিছিৰিৰ লগত মিহলাই খালে পাথৰ সহজে বাহিৰ হয়।

(৪) নেমুৰ চর্পত প্ৰচুৰ পৰিমাণে খাব। নেমুৰ ৰসত থকা এছকৰ্বিক এচিডে কেলছিয়াম অক্জেলেট আৰু ফছফেট গলোৱাত সহায় কৰাৰ উপৰি কিডনীত পাথৰ জমা হোৱাত বাধা দিয়ে। নেমুৰ চর্পত খালে কিডনীত পাথৰ হ’ব নোৱাৰে।

(৫) বেঙেনা, বিলাহী, ফুলকবি, পালেং, তিয়ঁহ আৰু ৰঙালাও নাখাব।

(৬) তিতাকেৰেলা, কল, গাজৰ, মাটিমাহৰ দাইল, আনাৰস আদি খোৱাটো উপকাৰী।

(৭) সদায় স্কিপিং কৰিব। স্কিপিং কৰিলে পাথৰ মূত্ৰনলীৰ ভিতৰত লৰচৰ কৰি তললৈ সহজেই নামি আহে। স্কিপিং কৰোতে বিষ বাঢ়িলে নকৰিব, বিষ কমিলে পুনৰ স্কিপিং কৰিব।

(৮) মূলাপাতৰ ৰস ৬ চামূচকৈ দিনে ৩ বাৰ খালে পাথৰ গলি পেচাপৰ লগত নিৰ্গত হয়।

(৯) বুটমাহ তিওৱা পানী আৰু বুটমাহ খালেও পাথৰ বাহিৰ হোৱাত সহায় কৰে।

(১০) বৰুণ গছৰ বাকলিৰে তৈয়াৰী ক্বাথ ৪-৬ চামুচকৈ দিনে ৩ বাৰ খালে কিডনী-পাথৰ ওলোৱাত সহায় হয়।

কিডনী-ষ্ট’নৰ ফলপ্ৰসূ চিকিৎসা

চিকিৎসা

(১) Cystone, Calcury, Niree – যি কোনো এবিধ টেবলেট দুটাকৈ তিনিবাৰ খাব।

(২) Varunadya lauha – দুটাকৈ দিনে তিনিবাৰ খাব ।

(৩) Chandraprabha vati- দুটাকৈ দিনে তিনিবাৰ খাব ।

(৪) Punarnawarista, Chandanasav, Gokhuradi  gugulu, Punarnawa mandur ইত্যাদি কৰি বহুত ফলপ্ৰসূ আয়ুৰ্বেদিক ঔষধ আছে। এই ঔষধ প্ৰয়োগ কৰিলে কিডনী-পাথৰ ভাঙি পেচাপৰ সৈতে নিৰ্গত হয়।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: কিডনী-ষ্ট’নৰ ফলপ্ৰসূ চিকিৎসা
Editor

Editor

Related Posts

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!
ASSAMESE SECTION

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

by Anjan Sarma
March 4, 2026
0

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম! অঞ্জন শৰ্মা  এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰকৈ ফোন আহিল নাগা...

Read moreDetails
Holi in Barpeta,  Assam: A Symphony of Colors, Culture, and Devotion

অসমত উদযাপিত দৌলোৎসৱৰ তাৎপৰ্য

March 3, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

মানস প্ৰতিম দত্তৰ প্ৰকৃতি সাহিত্যঃ এক অৱলোকন

February 28, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

February 24, 2026
বুৰঞ্জীবোধ

অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

February 24, 2026
সাগৰ দেখিলোঁ—মন্দাৰমণি!

সাগৰ দেখিলোঁ—মন্দাৰমণি!

February 22, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Sanctuary to Prison: Women’s Rights Under Taliban Rule!

Women in Afghanistan: A Squirrel Has More Rights than a Woman in Afghanistan

March 4, 2026
HCI Climate Impact Tour 2026 – Part 2 : Mumbai

HCI Climate Impact Tour 2026 – Part 2 : Mumbai

March 4, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

March 4, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d