• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, June 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

কিডনী-ৰোগৰপৰা ৰক্ষা পোৱাৰ কিটিপ

কিডনী-ৰোগ

by Anjan Sarma
April 5, 2022
in Health, Lifestyle, World
Reading Time: 3 mins read
0
কিডনী-ৰোগৰপৰা ৰক্ষা পোৱাৰ কিটিপ
Share on FacebookShare on TwitterShare on LinkedIn

কিডনী-ৰোগ

ডাঃ মনোজ কুমাৰ শইকীয়া

কঁকালৰ ওপৰ অংশত দুয়োকাষে দুটা কিডনী অৱস্থিত। কিডনী দেখাত উৰহি-গুটিটোৰ দৰে। সোঁফালৰ কিডনী বাঁওফালৰ কিডনীতকৈ সামান্য তলত, ডাঠ আৰু সৰু। তন্তুকোষেৰে গঠিত খোলাৰ ভিতৰত কিডনী আবদ্ধ হৈ থাকে। এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ কিডনীৰ ওজন প্ৰায় ১৩০-১৫০ গ্ৰাম, ১০-১৩ ছে:মি: দীঘল আৰু প্ৰস্থ ৩-৪ ছে:মি:। তেজ শোধন কৰাৰ বাবে কিডনীৰ ভিতৰত প্ৰায় ১০ লাখ নেফ্ৰণ থাকে। অতি সূক্ষ্ম কেশিকাৰে গঠন হোৱা জালিকাসদৃশ নলিকাবোৰক গ্লমেৰুলাৰ নেফ্ৰণ বোলা হয়। গ্লমেৰুলাৰ নেফ্ৰণ প্ৰকৃতাৰ্থত এখন ছাকনি।

কিডনীৰ মুখ্য কাম

আমাৰ শৰীৰৰত থকা কিডনী দুটাৰ মুখ্য কাম তেজ শোধন কৰি শৰীৰৰ বিষাক্ত আৰু অলাগতিয়াল পদাৰ্থসমূহ পেচাপৰ সৈতে বাহিৰ কৰি শৰীৰ সুস্থ-সবল আৰু নিৰোগী কৰি ৰখা। আমাৰ শৰীৰত দুই-তৃতীয়াংশ পানী থাকে আৰু এই পানীৰ ভৰসমতা কিডনীয়ে নিয়ন্ত্ৰণ কৰে। তদুপৰি তেজ শোধন কৰি তেজত থকা লোণৰ গাঢ়তা নিয়ন্ত্ৰণ কৰি ৰাখে। শৰীৰৰ বৰ্জিত পদাৰ্থ আৰু অতিৰিক্ত লোণ পেচাপৰ লগত বাহিৰ কৰে। তেজত থকা ক্ষাৰ আৰু অম্লৰ মাজত বিক্ৰিয়া ঘটাই ক্ষাৰ আৰ অম্লৰ সমতুল্যতা নিয়ন্ত্ৰণ কৰে। প্ৰতিমিনিটত গ্লমেৰুলাৰ মাজেৰে এক লিটাৰ তেজ প্ৰবাহিত হয়। এই প্ৰবাহিত এক লিটাৰ তেজৰ আধা অংশ (৫০০ মি:লি:) প্লাজমা। নানা প্ৰকাৰৰ লৱণ, গ্লুক’জ আৰু সূক্ষ্ম কণিকাৰে প্লাজমা গঠিত হয়।

Kid1
source: cdc.gov

প্ৰতিমিনিটত নেফ্ৰণৰ মাজেৰে প্ৰবাহিত এক লিটাৰ তেজৰ প্ৰায় ১০০ মি:লি: তেজহে শোধন হয়। এইদৰে কিডনীয়ে প্ৰতিমুহূৰ্তত তেজ শোধন কৰি থকা বাবে আমি জীয়াই থাকিবলৈ সক্ষম হৈছো। সেয়েহে আমি সদায় কিডনীক সুস্থ-সবল কৰি ৰাখিব লাগিব। অন্যথা তেজ তথা শৰীৰত দূষিত পদাৰ্থ বৃদ্ধি হ’লে মৃত্যু অনিবাৰ্য। কিডনীক সুস্থ-সবল কৰি ৰখাৰ কেইটামান উপায় তলত উল্লেখ কৰা হ’ল –

 (১) জধেমধে বিষনাশক ঔষধ নাখাব। বিষনাশক ঔষধে কিডনীৰ ক্ষতি সাধন কৰে। গেষ্ট্ৰিকৰ PPI ঔষধ, যেনে- পেন্টোপ্ৰাজল আৰু ৰবিপ্ৰাজল বেছি দিন খালেও ‍‘কিডনী ফেইলাৰ’কে আদি কৰি কিডনীৰ বিভিন্ন ৰোগ হয়। ফাৰ্মাচীৰ ঔষধ বিক্ৰেতাৰ পৰামৰ্শ অনুসৰি ঔষধ নাখাব।

(২) মাদক দ্ৰব্য বৰ্জন কৰিব। আজিকালি ভেজাল মাদক দ্ৰব্যৰ কাৰণেও কিডনী বিকল হয়।

(৩) চালানী মাছ ফৰ্মেল ডিহাইড দি সং‌ৰক্ষণ কৰা হয়। সেয়েহে চালানী মাছ খালে কিডনীৰ অপকাৰ

 হোৱাৰ উপৰি কেন্সাৰ পৰ্যন্ত হয়।

(৪) বিলাহী, ফুলকবি, উৰহি, বেঙেনা আদি পাচলিত বহুত বেছি ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা হয়। এই ধৰণৰ পাচলি খালে কিডনীৰ ক্ষতি হয়। অৱশ্যে নিমখ পানীত কে’বাঘন্টা ডুবাই ৰাখি খালে অপকাৰ কমকৈ হয়।

(৫) চীনা বাদাম, ক’লা আঙুৰ, বীট, তিয়ঁহ, পালেং শাকত কেলচিয়াম থাকে বাবে বেছিকৈ নাখাব‌। ৰঙালাওত পিউৰিণৰ পৰিমাণ বেছি থাকে বাবে কমকৈ খাব, অন্যথা পিউৰিণৰ কাৰণে বাতৰক্ত বা গাউট নামৰ বিষ-বেমাৰৰ উপৰি কিডনীৰ ৰোগ হ’ব পাৰে।

(৬) গাখীৰ আৰু গাখীৰৰপৰা উৎপাদিত খাদ্যত কেলছিয়াম বেছিকৈ থকা বাবে কমকৈ খাব। অন্যথা কিডনী-ষ্ট’ন হোৱাৰ সম্ভাৱনা‌।

(৭) আজিকালি ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ প্ৰয়োগ কৰা খাদ্যৰ বাবেও কিডনীৰ নানানটা ৰোগ হয়।

 (৮) ডায়েবেটিচ, তেজত ইউৰিক এচিড বঢ়া আদি ৰোগত কিডনী আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা। সেয়েহে মাজে-সময়ে ইউৰিক এচিড, ব্লাড ছুগাৰ, ইউৰীয়া, ক্ৰিয়েটিনিন আদি পৰীক্ষা কৰিব লাগে। ব্যতিক্ৰম দেখা পালে চিকিৎসা গ্ৰহণ কৰিব‌।

 (৯) তেঁতেলি খালে তেজত থকা বিষাক্ত পদাৰ্থ পেচাপৰ লগত বাহিৰ হয় আৰু কিডনী সুৰক্ষিত হৈ থাকে‌। তেঁতেলিত টার্টাৰিক এচিড থাকে‌।

kidn2
source: https://www.kidney.org/atoz/

(১০) কলত যথেষ্ট পৰিমাণে ভিটামিন বি-কমপ্লেক্স থাকে। ই তেজত থকা অতিৰিক্ত কেলছিয়াম, মেগনেছিয়াম, ফছফেট, অক্জেলেট পেচাপৰ সৈতে বাহিৰ কৰি কিডনীক সুৰক্ষিত কৰি ৰাখে‌।

(১১) নেমুটেঙাত ছাইট্ৰিক এচিড থকা বাবে নেমুটেঙা বা নেমুৰ চর্পত খাব। নেমুটেঙাৰ ৰসে কিডনীত জমা হোৱা কেলছিয়াম অক্জেলেট, ফছফেট আদি গেদবোৰ গলাই পেচাপৰ সৈতে বাহিৰ কৰি কিডনী পৰিষ্কাৰ কৰে। সেয়েহে নেমুটেঙা খালে কিডনী ৰোগৰ পৰা হাত সাৰিব পাৰি।

(১২) অসমীয়াত এষাৰ কথা আছে – ‍‘পানীয়েই প্ৰাণ, পানী বিনে নাই আন।’ কিমান বিজ্ঞানসন্মত এই বাক্যশাৰী ভাবি চাইছেনে? আমাৰ শৰীৰটো দুই-তৃতীয়াংশ পানীৰে পৰিপূৰ্ণ। শৰীৰটোৰ ভালদৰে শোধন হোৱাৰ বাবে চাৰি-পাঁচ লিটাৰ পানীৰ প্ৰয়োজন। কিডনীক ৰোগমুক্ত কৰি ৰাখিবলৈ সেয়েহে প্ৰতিদিনে চাৰি লিটাৰ পানী খাওক।

(১৩) পনৌনৌৱা শাকৰ আঞ্জা খালে যি কোনো ধৰণৰ কিডনীৰ ৰোগ হ’ব নোৱাৰে।

(১৪) পুনর্নৱাৰ ৰস, ভাজি বা তৰকাৰি খালে কিডনীৰ ৰোগ সহজে হ’ব নোৱাৰে।

(১৫) দুচামুচ দুপৰটেঙা পাতৰ ৰসৰ লগত অলপ মিছিৰি মিহলাই দিনে তিনিবাৰ খালে সকলো প্ৰকাৰ কিডনী ষ্ট’ন পেচাপৰ লগত বাহিৰ হয়। তদুপৰি আন কিডনী-ৰোগসমূহ ভাল হয়।

(১৬) এক কিলোগ্ৰাম বৰুণ গছৰ বাকলি চাৰি-পাঁচ লিটাৰ পানীত সিজাব। পানীৰ পৰিমাণ এক-ডেৰ লিটাৰ থকা অৱস্থাত নমাই ঠাণ্ডা হ’বলৈ দিব। পিছত ভালদৰে ছাকি পানীখিনি ৰাখিব। ইয়াক ক্বাথ বোলা হয়। এই বৰুণৰ ক্বাথ চাৰি চামুচকৈ দিনে তিনিবাৰ খালে কিডনী ষ্ট’ন বাহিৰ হোৱাৰ উপৰি সকলো প্ৰকাৰৰ কিডনী-ৰোগ ভাল হয়।

(১৭) মূলাপাতৰ ৰস খালে কিডনী-ষ্ট’ন পেচাপৰ লগত বাহিৰ হয়। সেয়েহে মূলাপাত খাব লাগে।

(১৮) সকলো ধৰণৰ কিডনী-ৰোগৰপৰা ৰক্ষা পাবলৈ মাজে-সময়ে পুনর্নৱাৰিষ্ট চাৰি চামুচকৈ দিনে তিনিবাৰ আৰু চন্দ্ৰপ্ৰভা বটী দুটাকৈ দিনে তিনিবাৰ খাব লাগে।

(১৯) চন্দনাসৱ নামৰ আয়ুৰ্বেদিক ঔষধ চাৰি চামুচকৈ দিনে তিনিবাৰ মাজে-সময়ে খাই থাকিলে কিডনী-ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে।

(২০) কিডনী-ৰোগ উপশমৰ বাবে শাস্ত্ৰীয় আয়ুৰ্বেদিক ঔষধসমূহ – চন্দনাসৱ, পুনর্নৱাৰিষ্ট, গোক্ষুৰাদি গুগুলু, বৰুনাদ্য লৌহ, এলাদি চূৰ্ণ, গোক্ষুৰ চূৰ্ণ, বংগেশ্বৰ ৰস, বৃহৎ বংগেশ্বৰ, পুনর্নৱা মণ্ডুৰ, স্বেতপৰ্পটী ইত্যাদি।

(২১) আয়ুৰ্বেদিক পেটেণ্ট ঔষধসমূহ – Cystone, Calcury, Niree, U flow, Nilstone, Green Punarnawa ইত্যাদি।

আমি এই উপদেশ মানিব পাৰিলে কমেও ৮০% কিডনী-ৰোগ অসমত কমিব। বাকী ২০% ৰোগীৰ বাবে আয়ুৰ্বেদিক চিকিৎসাৰ প্ৰয়োজন হ’ব। প্ৰয়োজন নহ’ব ডায়েলাইছিছ। ধনৰ টোপোলা লৈ ঢাপলি মেলিব নালাগিব চেন্নাই, ভেলোৰ কিম্বা দিল্লীলৈ উন্নত চিকিৎসাৰ বাবে। মন কৰিবলগীয়া যে কিডনী বেয়া কৰিব পৰা আয়ুৰ্বেদিক ঔষধ এটাও নাই, বৰং কিডনী-ৰোগ ভাল কৰিব পৰা আয়ুৰ্বেদিক ঔষধ বহুত আছে।

আমাৰ গ্ৰুপত সদস্যৰ মন্তব্য ভালদৰে পঢ়ক

ৰুমা কাকতি

গ্ৰন্থাগাৰিক, এ ই চি

তাৰিখ – ১৭-৮-১৭

Swasthya-the Health Solution-অক মই  অশেষ ধন্যবাদ জনাইছো। ইয়াৰ যোগেদি আমি বহুত বেমাৰৰ সু-পৰামৰ্শ পাইছো। প্ৰথমতেই অশেষ ধন্যবাদ জনাইছো ডাক্তৰ মনোজ শইকীয়া দাক, আজি প্ৰায় ১৫ বছৰমান আগতে মোৰ দেউতাৰ প্ৰস্ৰাৱত তেজ গৈ থকাত অসম মেডিকেল কলেজত দেখুওৱাত কিডনীৰ অসুখ বুলি কোৱাত আমি দিল্লীৰ এইমছলৈ নিলো। তাত দেউতাৰ কিডনীৰ নহয়, প্ৰষ্টেট গ্লেণ্ডৰহে অসুখ আৰু অপাৰেছনৰ কথা কোৱাত আমি ডাঃ  মনোজ শইকীয়া দাৰ লগত আলোচনা কৰিলো। তেখেত তেতিয়া যোৰহাট জিলাৰ টীয়ক চৰকাৰী হাস্পতালত আছিল। তেখেতে দেউতাক অপাৰেছন নকৰাকৈ ঘূৰাই আনিবলৈ পৰামৰ্শ  দিলে আৰু দেউতাৰ চিকিৎসা আৰম্ভ কৰিলে। তেখেত গুৱাহাটীৰপৰা নিজে ঔষধ আনি দেউতাক খুৱাই এমাহৰ ভিতৰত সুস্থ কৰি তুলিলে। এই দৰবকেইটা সকলোৰে সহায়ৰ বাবে তলত উল্লেখ কৰিলো –

১) Kanchanar.  Guggulu.                                                                                           ২) RoudraRas.

৩) Nityananda Ras.

তেখেতৰ সু-পৰামৰ্শৰ বাবেই আমি আমাৰ দেউতাক সুস্থ শৰীৰেৰে আমাৰ মাজত আঠ বছৰ পালো। আজি বহুত বছৰৰ পিছত হ’লেও ডাঃ মনোজ শইকীয়া দা আৰু আয়ুর্বেদ শাস্ত্ৰৰ ওচৰত আমি চিৰঋণী হৈ আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিলো।

মণি আহমেদ

৩ আগষ্ট, ২০১৭

ডাঃ মনোজ কুমাৰ শইকীয়াৰ কিডনী-ষ্ট’ন চিকিৎসাৰ সন্দৰ্ভত –

আজি কিছুদিনৰ আগতে মোৰ ওচৰৰে ল’ৰা এজনৰ কিডনী-ষ্ট’ন হোৱাত আয়ুৰ্বেদিক চিকিৎসাৰ বাবে নগাঁৱৰ ডাঃ মনোজ কুমাৰ শইকীয়াৰ ওচৰলৈ পঠালো। পৰীক্ষাৰ অন্তত ধৰা পৰিল ৭টা পাথৰ আছে। সেইমতে চিকিৎসা আৰম্ভ হল আৰু এটা সময়ত ল’ৰাজন সম্পূৰ্ণ আৰোগ্য হ’ল আয়ুৰ্বেদিক চিকিৎসাৰদ্বাৰা। বৰ্তমান ল’ৰাজন সম্পূৰ্ণ সুস্থ আৰু কৰ্মৰত‌।

দেখা যায় যে বহুক্ষেত্ৰত আয়ুৰ্বেদিক চিকিৎসাৰদ্বাৰা বহুতো জটিল ৰোগ ভাল হয় আৰু ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: কিডনী-ৰোগৰপৰা ৰক্ষা পোৱাৰ কিটিপ
Anjan Sarma

Anjan Sarma

Related Posts

Who Really Controls the World? Legacy Wealth vs. Big Tech
World

Who Really Controls the World? Legacy Wealth vs. Big Tech

by PAHARI BARUAH
June 12, 2026
0

Who Really Controls the World? Legacy Wealth vs. Big Tech From the shadowy banking dynasties of the 1800s to today’s...

Read moreDetails
ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

June 11, 2026
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 11, 2026
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

June 10, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 9, 2026
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 9, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Who Really Controls the World? Legacy Wealth vs. Big Tech

Who Really Controls the World? Legacy Wealth vs. Big Tech

June 12, 2026
Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

June 12, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

June 12, 2026
Could Earth Turn into Venus If CO2 Keeps Rising?

Could Earth Turn into Venus If CO2 Keeps Rising?

June 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    34367 shares
    Share 13746 Tweet 8592
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15402 shares
    Share 6161 Tweet 3851
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    736 shares
    Share 294 Tweet 184
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    661 shares
    Share 264 Tweet 165
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3519 shares
    Share 1408 Tweet 880
  • মাধৱদেৱৰ সাহিত্যকৃতি

    705 shares
    Share 282 Tweet 176
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1040 shares
    Share 416 Tweet 260
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3822 shares
    Share 1529 Tweet 956
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6615 shares
    Share 2646 Tweet 1654
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4391 shares
    Share 1756 Tweet 1098
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d