• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, February 4, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

কিডনী-ৰোগৰপৰা ৰক্ষা পোৱাৰ কিটিপ

কিডনী-ৰোগ

by Admin
April 5, 2022
in Health, Lifestyle, World
Reading Time: 3 mins read
0
কিডনী-ৰোগৰপৰা ৰক্ষা পোৱাৰ কিটিপ
Share on FacebookShare on TwitterShare on LinkedIn

কিডনী-ৰোগ

ডাঃ মনোজ কুমাৰ শইকীয়া

RelatedPosts

person holding clear plastic bottle

Media and its influence on issues related to climate change

February 2, 2023
Two years on from Myanmar military coup!

Deny legitimacy of Myanmar’s military junta

February 1, 2023
Korean Beauty Hydrating Sheet Mask !

Korean Beauty Hydrating Sheet Mask !

January 31, 2023

কঁকালৰ ওপৰ অংশত দুয়োকাষে দুটা কিডনী অৱস্থিত। কিডনী দেখাত উৰহি-গুটিটোৰ দৰে। সোঁফালৰ কিডনী বাঁওফালৰ কিডনীতকৈ সামান্য তলত, ডাঠ আৰু সৰু। তন্তুকোষেৰে গঠিত খোলাৰ ভিতৰত কিডনী আবদ্ধ হৈ থাকে। এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ কিডনীৰ ওজন প্ৰায় ১৩০-১৫০ গ্ৰাম, ১০-১৩ ছে:মি: দীঘল আৰু প্ৰস্থ ৩-৪ ছে:মি:। তেজ শোধন কৰাৰ বাবে কিডনীৰ ভিতৰত প্ৰায় ১০ লাখ নেফ্ৰণ থাকে। অতি সূক্ষ্ম কেশিকাৰে গঠন হোৱা জালিকাসদৃশ নলিকাবোৰক গ্লমেৰুলাৰ নেফ্ৰণ বোলা হয়। গ্লমেৰুলাৰ নেফ্ৰণ প্ৰকৃতাৰ্থত এখন ছাকনি।

কিডনীৰ মুখ্য কাম

আমাৰ শৰীৰৰত থকা কিডনী দুটাৰ মুখ্য কাম তেজ শোধন কৰি শৰীৰৰ বিষাক্ত আৰু অলাগতিয়াল পদাৰ্থসমূহ পেচাপৰ সৈতে বাহিৰ কৰি শৰীৰ সুস্থ-সবল আৰু নিৰোগী কৰি ৰখা। আমাৰ শৰীৰত দুই-তৃতীয়াংশ পানী থাকে আৰু এই পানীৰ ভৰসমতা কিডনীয়ে নিয়ন্ত্ৰণ কৰে। তদুপৰি তেজ শোধন কৰি তেজত থকা লোণৰ গাঢ়তা নিয়ন্ত্ৰণ কৰি ৰাখে। শৰীৰৰ বৰ্জিত পদাৰ্থ আৰু অতিৰিক্ত লোণ পেচাপৰ লগত বাহিৰ কৰে। তেজত থকা ক্ষাৰ আৰু অম্লৰ মাজত বিক্ৰিয়া ঘটাই ক্ষাৰ আৰ অম্লৰ সমতুল্যতা নিয়ন্ত্ৰণ কৰে। প্ৰতিমিনিটত গ্লমেৰুলাৰ মাজেৰে এক লিটাৰ তেজ প্ৰবাহিত হয়। এই প্ৰবাহিত এক লিটাৰ তেজৰ আধা অংশ (৫০০ মি:লি:) প্লাজমা। নানা প্ৰকাৰৰ লৱণ, গ্লুক’জ আৰু সূক্ষ্ম কণিকাৰে প্লাজমা গঠিত হয়।

Kid1
source: cdc.gov

প্ৰতিমিনিটত নেফ্ৰণৰ মাজেৰে প্ৰবাহিত এক লিটাৰ তেজৰ প্ৰায় ১০০ মি:লি: তেজহে শোধন হয়। এইদৰে কিডনীয়ে প্ৰতিমুহূৰ্তত তেজ শোধন কৰি থকা বাবে আমি জীয়াই থাকিবলৈ সক্ষম হৈছো। সেয়েহে আমি সদায় কিডনীক সুস্থ-সবল কৰি ৰাখিব লাগিব। অন্যথা তেজ তথা শৰীৰত দূষিত পদাৰ্থ বৃদ্ধি হ’লে মৃত্যু অনিবাৰ্য। কিডনীক সুস্থ-সবল কৰি ৰখাৰ কেইটামান উপায় তলত উল্লেখ কৰা হ’ল –

 (১) জধেমধে বিষনাশক ঔষধ নাখাব। বিষনাশক ঔষধে কিডনীৰ ক্ষতি সাধন কৰে। গেষ্ট্ৰিকৰ PPI ঔষধ, যেনে- পেন্টোপ্ৰাজল আৰু ৰবিপ্ৰাজল বেছি দিন খালেও ‍‘কিডনী ফেইলাৰ’কে আদি কৰি কিডনীৰ বিভিন্ন ৰোগ হয়। ফাৰ্মাচীৰ ঔষধ বিক্ৰেতাৰ পৰামৰ্শ অনুসৰি ঔষধ নাখাব।

(২) মাদক দ্ৰব্য বৰ্জন কৰিব। আজিকালি ভেজাল মাদক দ্ৰব্যৰ কাৰণেও কিডনী বিকল হয়।

(৩) চালানী মাছ ফৰ্মেল ডিহাইড দি সং‌ৰক্ষণ কৰা হয়। সেয়েহে চালানী মাছ খালে কিডনীৰ অপকাৰ

 হোৱাৰ উপৰি কেন্সাৰ পৰ্যন্ত হয়।

(৪) বিলাহী, ফুলকবি, উৰহি, বেঙেনা আদি পাচলিত বহুত বেছি ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা হয়। এই ধৰণৰ পাচলি খালে কিডনীৰ ক্ষতি হয়। অৱশ্যে নিমখ পানীত কে’বাঘন্টা ডুবাই ৰাখি খালে অপকাৰ কমকৈ হয়।

(৫) চীনা বাদাম, ক’লা আঙুৰ, বীট, তিয়ঁহ, পালেং শাকত কেলচিয়াম থাকে বাবে বেছিকৈ নাখাব‌। ৰঙালাওত পিউৰিণৰ পৰিমাণ বেছি থাকে বাবে কমকৈ খাব, অন্যথা পিউৰিণৰ কাৰণে বাতৰক্ত বা গাউট নামৰ বিষ-বেমাৰৰ উপৰি কিডনীৰ ৰোগ হ’ব পাৰে।

(৬) গাখীৰ আৰু গাখীৰৰপৰা উৎপাদিত খাদ্যত কেলছিয়াম বেছিকৈ থকা বাবে কমকৈ খাব। অন্যথা কিডনী-ষ্ট’ন হোৱাৰ সম্ভাৱনা‌।

(৭) আজিকালি ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ প্ৰয়োগ কৰা খাদ্যৰ বাবেও কিডনীৰ নানানটা ৰোগ হয়।

 (৮) ডায়েবেটিচ, তেজত ইউৰিক এচিড বঢ়া আদি ৰোগত কিডনী আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা। সেয়েহে মাজে-সময়ে ইউৰিক এচিড, ব্লাড ছুগাৰ, ইউৰীয়া, ক্ৰিয়েটিনিন আদি পৰীক্ষা কৰিব লাগে। ব্যতিক্ৰম দেখা পালে চিকিৎসা গ্ৰহণ কৰিব‌।

 (৯) তেঁতেলি খালে তেজত থকা বিষাক্ত পদাৰ্থ পেচাপৰ লগত বাহিৰ হয় আৰু কিডনী সুৰক্ষিত হৈ থাকে‌। তেঁতেলিত টার্টাৰিক এচিড থাকে‌।

kidn2
source: https://www.kidney.org/atoz/

(১০) কলত যথেষ্ট পৰিমাণে ভিটামিন বি-কমপ্লেক্স থাকে। ই তেজত থকা অতিৰিক্ত কেলছিয়াম, মেগনেছিয়াম, ফছফেট, অক্জেলেট পেচাপৰ সৈতে বাহিৰ কৰি কিডনীক সুৰক্ষিত কৰি ৰাখে‌।

(১১) নেমুটেঙাত ছাইট্ৰিক এচিড থকা বাবে নেমুটেঙা বা নেমুৰ চর্পত খাব। নেমুটেঙাৰ ৰসে কিডনীত জমা হোৱা কেলছিয়াম অক্জেলেট, ফছফেট আদি গেদবোৰ গলাই পেচাপৰ সৈতে বাহিৰ কৰি কিডনী পৰিষ্কাৰ কৰে। সেয়েহে নেমুটেঙা খালে কিডনী ৰোগৰ পৰা হাত সাৰিব পাৰি।

(১২) অসমীয়াত এষাৰ কথা আছে – ‍‘পানীয়েই প্ৰাণ, পানী বিনে নাই আন।’ কিমান বিজ্ঞানসন্মত এই বাক্যশাৰী ভাবি চাইছেনে? আমাৰ শৰীৰটো দুই-তৃতীয়াংশ পানীৰে পৰিপূৰ্ণ। শৰীৰটোৰ ভালদৰে শোধন হোৱাৰ বাবে চাৰি-পাঁচ লিটাৰ পানীৰ প্ৰয়োজন। কিডনীক ৰোগমুক্ত কৰি ৰাখিবলৈ সেয়েহে প্ৰতিদিনে চাৰি লিটাৰ পানী খাওক।

(১৩) পনৌনৌৱা শাকৰ আঞ্জা খালে যি কোনো ধৰণৰ কিডনীৰ ৰোগ হ’ব নোৱাৰে।

(১৪) পুনর্নৱাৰ ৰস, ভাজি বা তৰকাৰি খালে কিডনীৰ ৰোগ সহজে হ’ব নোৱাৰে।

(১৫) দুচামুচ দুপৰটেঙা পাতৰ ৰসৰ লগত অলপ মিছিৰি মিহলাই দিনে তিনিবাৰ খালে সকলো প্ৰকাৰ কিডনী ষ্ট’ন পেচাপৰ লগত বাহিৰ হয়। তদুপৰি আন কিডনী-ৰোগসমূহ ভাল হয়।

(১৬) এক কিলোগ্ৰাম বৰুণ গছৰ বাকলি চাৰি-পাঁচ লিটাৰ পানীত সিজাব। পানীৰ পৰিমাণ এক-ডেৰ লিটাৰ থকা অৱস্থাত নমাই ঠাণ্ডা হ’বলৈ দিব। পিছত ভালদৰে ছাকি পানীখিনি ৰাখিব। ইয়াক ক্বাথ বোলা হয়। এই বৰুণৰ ক্বাথ চাৰি চামুচকৈ দিনে তিনিবাৰ খালে কিডনী ষ্ট’ন বাহিৰ হোৱাৰ উপৰি সকলো প্ৰকাৰৰ কিডনী-ৰোগ ভাল হয়।

(১৭) মূলাপাতৰ ৰস খালে কিডনী-ষ্ট’ন পেচাপৰ লগত বাহিৰ হয়। সেয়েহে মূলাপাত খাব লাগে।

(১৮) সকলো ধৰণৰ কিডনী-ৰোগৰপৰা ৰক্ষা পাবলৈ মাজে-সময়ে পুনর্নৱাৰিষ্ট চাৰি চামুচকৈ দিনে তিনিবাৰ আৰু চন্দ্ৰপ্ৰভা বটী দুটাকৈ দিনে তিনিবাৰ খাব লাগে।

(১৯) চন্দনাসৱ নামৰ আয়ুৰ্বেদিক ঔষধ চাৰি চামুচকৈ দিনে তিনিবাৰ মাজে-সময়ে খাই থাকিলে কিডনী-ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে।

(২০) কিডনী-ৰোগ উপশমৰ বাবে শাস্ত্ৰীয় আয়ুৰ্বেদিক ঔষধসমূহ – চন্দনাসৱ, পুনর্নৱাৰিষ্ট, গোক্ষুৰাদি গুগুলু, বৰুনাদ্য লৌহ, এলাদি চূৰ্ণ, গোক্ষুৰ চূৰ্ণ, বংগেশ্বৰ ৰস, বৃহৎ বংগেশ্বৰ, পুনর্নৱা মণ্ডুৰ, স্বেতপৰ্পটী ইত্যাদি।

(২১) আয়ুৰ্বেদিক পেটেণ্ট ঔষধসমূহ – Cystone, Calcury, Niree, U flow, Nilstone, Green Punarnawa ইত্যাদি।

আমি এই উপদেশ মানিব পাৰিলে কমেও ৮০% কিডনী-ৰোগ অসমত কমিব। বাকী ২০% ৰোগীৰ বাবে আয়ুৰ্বেদিক চিকিৎসাৰ প্ৰয়োজন হ’ব। প্ৰয়োজন নহ’ব ডায়েলাইছিছ। ধনৰ টোপোলা লৈ ঢাপলি মেলিব নালাগিব চেন্নাই, ভেলোৰ কিম্বা দিল্লীলৈ উন্নত চিকিৎসাৰ বাবে। মন কৰিবলগীয়া যে কিডনী বেয়া কৰিব পৰা আয়ুৰ্বেদিক ঔষধ এটাও নাই, বৰং কিডনী-ৰোগ ভাল কৰিব পৰা আয়ুৰ্বেদিক ঔষধ বহুত আছে।

আমাৰ গ্ৰুপত সদস্যৰ মন্তব্য ভালদৰে পঢ়ক

ৰুমা কাকতি

গ্ৰন্থাগাৰিক, এ ই চি

তাৰিখ – ১৭-৮-১৭

Swasthya-the Health Solution-অক মই  অশেষ ধন্যবাদ জনাইছো। ইয়াৰ যোগেদি আমি বহুত বেমাৰৰ সু-পৰামৰ্শ পাইছো। প্ৰথমতেই অশেষ ধন্যবাদ জনাইছো ডাক্তৰ মনোজ শইকীয়া দাক, আজি প্ৰায় ১৫ বছৰমান আগতে মোৰ দেউতাৰ প্ৰস্ৰাৱত তেজ গৈ থকাত অসম মেডিকেল কলেজত দেখুওৱাত কিডনীৰ অসুখ বুলি কোৱাত আমি দিল্লীৰ এইমছলৈ নিলো। তাত দেউতাৰ কিডনীৰ নহয়, প্ৰষ্টেট গ্লেণ্ডৰহে অসুখ আৰু অপাৰেছনৰ কথা কোৱাত আমি ডাঃ  মনোজ শইকীয়া দাৰ লগত আলোচনা কৰিলো। তেখেত তেতিয়া যোৰহাট জিলাৰ টীয়ক চৰকাৰী হাস্পতালত আছিল। তেখেতে দেউতাক অপাৰেছন নকৰাকৈ ঘূৰাই আনিবলৈ পৰামৰ্শ  দিলে আৰু দেউতাৰ চিকিৎসা আৰম্ভ কৰিলে। তেখেত গুৱাহাটীৰপৰা নিজে ঔষধ আনি দেউতাক খুৱাই এমাহৰ ভিতৰত সুস্থ কৰি তুলিলে। এই দৰবকেইটা সকলোৰে সহায়ৰ বাবে তলত উল্লেখ কৰিলো –

১) Kanchanar.  Guggulu.                                                                                           ২) RoudraRas.

৩) Nityananda Ras.

তেখেতৰ সু-পৰামৰ্শৰ বাবেই আমি আমাৰ দেউতাক সুস্থ শৰীৰেৰে আমাৰ মাজত আঠ বছৰ পালো। আজি বহুত বছৰৰ পিছত হ’লেও ডাঃ মনোজ শইকীয়া দা আৰু আয়ুর্বেদ শাস্ত্ৰৰ ওচৰত আমি চিৰঋণী হৈ আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিলো।

মণি আহমেদ

৩ আগষ্ট, ২০১৭

ডাঃ মনোজ কুমাৰ শইকীয়াৰ কিডনী-ষ্ট’ন চিকিৎসাৰ সন্দৰ্ভত –

আজি কিছুদিনৰ আগতে মোৰ ওচৰৰে ল’ৰা এজনৰ কিডনী-ষ্ট’ন হোৱাত আয়ুৰ্বেদিক চিকিৎসাৰ বাবে নগাঁৱৰ ডাঃ মনোজ কুমাৰ শইকীয়াৰ ওচৰলৈ পঠালো। পৰীক্ষাৰ অন্তত ধৰা পৰিল ৭টা পাথৰ আছে। সেইমতে চিকিৎসা আৰম্ভ হল আৰু এটা সময়ত ল’ৰাজন সম্পূৰ্ণ আৰোগ্য হ’ল আয়ুৰ্বেদিক চিকিৎসাৰদ্বাৰা। বৰ্তমান ল’ৰাজন সম্পূৰ্ণ সুস্থ আৰু কৰ্মৰত‌।

দেখা যায় যে বহুক্ষেত্ৰত আয়ুৰ্বেদিক চিকিৎসাৰদ্বাৰা বহুতো জটিল ৰোগ ভাল হয় আৰু ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: কিডনী-ৰোগৰপৰা ৰক্ষা পোৱাৰ কিটিপ
Admin

Admin

Related Posts

person holding clear plastic bottle
Media

Media and its influence on issues related to climate change

by Admin
February 2, 2023
0

Media & Climate Change PADMAZA TALUKDAR Padmaza Talukda Since its very inception, mass media has been working as a forerunner...

Read more
Two years on from Myanmar military coup!

Deny legitimacy of Myanmar’s military junta

February 1, 2023
Korean Beauty Hydrating Sheet Mask !

Korean Beauty Hydrating Sheet Mask !

January 31, 2023
Two years on from Myanmar military coup!

Two years on from Myanmar military coup!

January 31, 2023
বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

January 30, 2023
group of people in public toilet using smartphones

The Psychological Effects of Social Media!

January 30, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
close up photography of cherry blossom tree

“তানকা’’—জীৱনসম্পৃক্ত জাপানি কবিতা

February 4, 2023
Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

February 4, 2023
হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

February 4, 2023
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

February 4, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    449 shares
    Share 180 Tweet 112
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    236 shares
    Share 94 Tweet 59
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    83 shares
    Share 33 Tweet 21
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    68 shares
    Share 27 Tweet 17
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    59 shares
    Share 24 Tweet 15
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    89 shares
    Share 36 Tweet 22
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • কমতাপুৰ ধ্বংস কাব্য

    75 shares
    Share 30 Tweet 19
  • “মে ডাম মে ফী “– এটি দৃষ্টি …

    51 shares
    Share 20 Tweet 13
  • সাম্প্ৰতিক অসমীয়া সংবাদ মাধ্যম

    48 shares
    Share 19 Tweet 12
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: