• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Climate Change

কিতনে আদমী থেঃ শগুনৰ সংৰক্ষণ আৰু এখন অভয়াৰণ্য

CLIMATE CHANGE / Nature / Environment

by Manas Pratim Dutta
June 11, 2025
in Climate Change, Environment, Nature
Reading Time: 3 mins read
0
কিতনে আদমী থেঃ শগুনৰ সংৰক্ষণ আৰু এখন অভয়াৰণ্য
Share on FacebookShare on TwitterShare on LinkedIn

কিতনে আদমী থেঃ শগুনৰ সংৰক্ষণ আৰু এখন অভয়াৰণ্য

মানস প্ৰতিম দত্ত

Manas Pratim Dutta
মানস প্ৰতিম দত্ত

  প্ৰকৃতিৰ জীৱ বৈচিত্ৰ্যৰ অনুপম বাসভূমি আমাৰ দেশ ভাৰতবৰ্ষ। প্ৰকৃতিৰ অপূৰ্ব জীৱ জন্তুবোৰ মানুহৰ আগ্ৰহ আৰু অন্বেষণৰ অমল উৎস।  ভাৰতত বাস কৰা প্ৰকৃতিৰ বৈচিত্ৰ্যশালী জীৱজগতৰ মাজত শগুণৰ এক সুকীয়া আৰু গুৰুত্বপূৰ্ণ স্থান আছে।

শগুন মূলতঃ এবিধ মাংসহাৰী চৰাই।  ইহঁতে গেলা-পচা জীৱ, মৰাশ আদি খাই নিজৰ জীৱন নিৰ্বাহ কৰাৰ লগতে প্ৰকৃতিক প্ৰদূষণৰ পৰা মুক্ত কৰে। ভাৰতবৰ্ষত পোৱা মুঠ ৯টা প্রজাতিৰ শগুন পোৱা যায়।

শগুন হৈছে জাকপাতি থকা চৰাই আৰু ইয়াৰ গোটবোৰে খাদ্য গ্ৰহণ কৰা ঠাইৰ চাৰিওফালে বহুসময় ধৰি বহি থাকে। উৰি গৈ মৃতদেহৰ সন্ধান কৰি ইহঁতে মৃতদেহটো খাদ্য হিচাপে গ্রহণ কৰে।

Vulture2

শগুনৰ জাকে এটা মৰা ম’হৰ মৃতদেহ খাবলৈ প্রায় ৩০ৰ পৰা ৪০ মিনিট সময় লয়। মৃতদেহ ভক্ষণৰ জৰিয়তে শগুনে মৃতদেহৰ দুৰ্গন্ধৰ পৰা হোৱা বিপদৰ পৰা ওচৰ-চুবুৰীয়া অঞ্চলক সুৰক্ষিত কৰি ৰাখে।

       মহকাব্য ৰামায়ণৰ পাতৰ পৰাই পৰিচিত শগুন সম্প্ৰতি বিলুপ্তিপ্ৰায় জীৱ হিচাপে পৰিগণিত হৈছে। মহাকবি বাল্মিকীৰ কাব্যগ্ৰন্থ ৰামায়ণত উল্লেখ থকামতে ৰাৱনে লংকালৈ সীতাক হৰণ কৰি নিয়াৰ পাছত সীতাক উদ্ধাৰৰ নিমিত্তে বান্দৰ সেনাই সন্ধান চলায়ো কোনোধৰণৰ উৱাদিহ লাভ নকৰাত নিৰাশ হৈ পৰিছিল।

তেতিয়াই  সম্পাতি নামৰ এটা বুঢ়া শগুনে সীতাক বন্দী কৰি থোৱা স্থানৰ সম্ভেদ দি সহায় কৰিছিল। সম্পাতি আছিল ৰাৱণে সীতাক হৰণ কৰি আনোতে বাধা প্ৰদান কৰি প্ৰাণ হেৰুওৱা জঁটায়ুৰ ভ্ৰাতৃ। 

       শশুন আমাৰ সকলোৰে বাবে উপকাৰী প্রাণী। কিয়নো ই জীব-জন্তুৰ মাংস খাই জীয়াই থাকে যদিও সিবিলাকক জীবিত অবস্থাত ভক্ষণ নকৰে। শগুনে বিভিন্ন মৃত জীৱ-জন্তুৰ মাংস ভক্ষণ কৰাৰ বাবে আমি নিকা তথা দুর্গন্ধহীন পৰিবেশ এটাত বসবাস কৰিব পাৰোঁ।

শগুন নোহোৱা হ’লে আমি ডাঙৰ ডাঙৰ প্রাণী একোটাৰ মৃত্যুৰ পাছত গেলি-পচি নিঃশেষ হ’বলৈ লগা সময়খিনি অতিক্রম কৰিবলৈ যাওঁতে কিমান যে অসুবিধাৰ সন্মুখীন হ’লোহেঁতেন। কিন্তু আমাৰ বিনা আমন্ত্রণত শগুনে আহি সিবিলাক খাই নিশ্চিহ্ন কৰি আমাক পৰম উপকাৰ সাধন কৰে। সেয়েহে শগুনক প্ৰকৃতিৰ জমাদাৰ বুলি কোৱা হয়।

      পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এই পক্ষীবিধৰ সংখ্যা শেহতীয়া কেইটামান দশকত ভয়াৱহভাৱে হ্ৰাস পাইছে। ইয়াৰ সংখ্যা কৰ্ণাটকতো সাংঘাতিকভাৱে হ্ৰাস হোৱাৰ ফলত কৰ্ণাটকৰ ৰামনগৰ জিলাত গ্ৰহণ কৰা হৈছে এক অভিনৱ আৰু সময়োচিত পদক্ষেপ। সেই বাস্তৱসন্মত পদক্ষেপটিৰ বিষয়ে জানিবকৈ আপোনাৰ বাবে মন নাযায়নে? নিশ্চয়কৈ, সেই পদক্ষেপটিৰ বিষয়ে জনাবলৈয়ো আজি আমি আপোনালোকক চিনাকি কৰি দিছোঁ।ৰামনগৰ জিলাৰ সৈতে। 

  অতপৰে কৈ থকা সুপৰিকল্পিত পদক্ষেপটিয়েই হ’ল শগুন সুৰক্ষা আৰু সংৰক্ষণৰ হেতু গঢ়ি তোলা ভাৰতৰ প্ৰথম আৰু একমাত্ৰ শগুনৰ অভয়াৰণ্য ৰামদেৱৰাবেট্টা শগুণৰ অভয়াৰণ্য। কৰ্ণাটকৰ ৰামনগৰ জিলাত অৱস্থিত ৰামদেৱৰাবেট্টা শগুন অভয়াৰণ্য ৰামদেৱৰা পাহাৰত অৱস্থিত। ৰামদেৱৰ বেত্তা পাহাৰত কেইবাটাও প্ৰাচীন মন্দিৰ, ধ্বংসাৱশেষ আৰু শিলালিপিৰে সজ্জিত হৈ আছে।

অঞ্চলটোৰ সৈতে লগত জড়িত বিভিন্ন কাহিনীৰ ভিতৰত এটা অন্যতম লোককাহিনী হ’ল এনেধৰণৰ- সীতাক অশান্তি দিয়াৰ বাবে ভগৱান ৰামে কাকাসুৰক (কাউৰী অসুৰ, যি ভগৱান ইন্দ্ৰৰ পুত্ৰও) ঘাঁহৰে সজা কাঁড় ‘ধৰ্ভে হুল্লু’ৰে  হত্যা কৰিবলৈ উদ্যত হয়। কাকাসুৰে সকলো দেৱ-দেৱীৰ ওচৰত আশ্ৰয় বিচাৰি বিমুখ হৈ অৱশেষত ভগৱান ৰামৰ ওচৰত ক্ষমা বিচাৰিলে।  ভগৱান ৰামে ককাসুৰক ক্ষমা কৰি দিলে। ককাসুৰ অভিশপ্ত অসুৰহে আছিল। ককাসুৰে অভিশপ্ত ৰূপৰ পৰা মুক্তি লাভ কৰাৰ পাছৰে পৰা অঞ্চলটোৰ আশে-পাশে কেতিয়াও কোনো কাউৰী দেখা পোৱা নাই।

    এই পাহাৰখন আপোনাৰ এখন চিনাকি পাহাৰ। কেনেকৈ জানানে? আপোনালোকে।নিশ্চয় ‘শ্বোলে’ নামৰ বিখ্যাত ছিনেমাখন চাইছে নহয়নে? যদিহে চাইছে তেন্তে ছিনেমাখনত গব্বৰ সিঙে এখন পাহাৰত থাকি কালিয়াহঁতক কোৱা জনপ্ৰিয় ডায়ল’গ 

‘কিতনে আদমী থে?’ক পাহৰি যোৱা নাই নিশ্চয়। বলীউডৰ বিখ্যাত ছিনেমাখনত দেখা বহুকেইটা দৃশ্যৰ শ্বুটিঙ হৈছিল ৰামদেৱৰা পাহাৰত।

       বেংগালুৰুৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত পাহাৰৰ শিলাময় ভূখণ্ড আৰু প্ৰাকৃতিক সৌন্দৰ্যই মন প্ৰাণ পুলকিত কৰা  এই স্থান প্ৰকৃতিকৰ্মী, গৱেষক আৰু পৰ্যটকৰ বাবে এক আকৰ্ষণীয় পৰ্যটনস্থল।  ৩৪৬ হেক্টৰ এলেকা আগুৰি থকা এই অভয়াৰণ্যখনেই হৈছে ভাৰতৰ প্ৰথম আৰু একমাত্ৰ শগুন অভয়াৰণ্য। পাহাৰখনৰ চৌপাশে আৱৰি থকা  শিলৰ গাঁথনি আৰু সেউজ পৰিৱেশে শগুনে বসবাস কৰিব পৰা অনুকুল পৰিৱেশ সৃষ্টি কৰা এক আদৰ্শ স্থান গঢ়ি তুলিছে। 

Vulture

      এইখিনিতে, হয়তো আপোনালোকৰ মনলৈ আহিছে যে, ৰামদেৱৰাত কিয় শগুন অভয়াৰণ্য ঘোষণা কৰা হ’ল।

    ক্ৰমাগতভাৱে শগুণৰ সংখ্যা হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত কৰ্ণাটকত শগুন সুৰক্ষাৰ চিন্তা-চৰ্চা আৰম্ভ হয়। বিংশ শতিকাৰ আৰম্ভণিলৈকে গৰু-ম’হৰ চিকিৎসাত ব্যৱহৃত ডাইক্লোফেনাক নামৰ ঔষধৰ অৱশিষ্টাংশ শগুণৰ মৃত্যুৰ অন্যতম কাৰণ হৈ পৰিছিল। ১৯৮০ চনত ভাৰতবৰ্ষৰ বজাৰত পশুধনৰ বিষ নাশক হিচাপে মুকলি হোৱা এই ঔষধবিধ ২০০৬ চনত ভাৰত চৰকাৰে নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়।

      বর্তমান সময়ত অবাধ হাৰত গ্ৰাম্যাঞ্চলত বৃদ্ধি পোৱা কুকুৰে কৃষক পৰিয়ালৰ পশুধন (বিশেষকৈ গৰু আৰু ছাগলীৰ পোৱালি) ভক্ষণ কৰাৰ ফলত কিছু লোকে কুকুৰ হত্যাৰ বাবে মৃত গৰু আৰু ছাগলীৰ দেহত ফুৰাডন দিয়া খবৰ বাতৰি কাকতত পঢ়িবলৈ পাওঁ। তাৰ ফলত উক্ত ফুৰাডনযুক্ত মৃতদেহৰ মাংস ভক্ষণ কৰি শগুনৰ মৃত্যু হোৱা দেখা যায়।

     কৃষি ক্ষেত্ৰৰ সম্প্ৰসাৰণ, নগৰীকৰণ, অত্যাধিক জনসংখ্যা বৃদ্ধিৰ ফলত খৰি, জুই আৰু চৰণীয়া পথাৰ কাটি পেলোৱাৰ ফলত শগুনৰ বাসস্থানৰ অভাৱ হৈছে। ইয়াৰ উপৰিও দ্রুত জনসংখ্যা বৃদ্ধিৰ ফলত যাতায়তৰ সুবিধা প্রদানৰ বাবে পথ উন্নীতকৰণৰ বাবে পথৰ কাষত থকা শগুনৰ বাহৰ উপযোগী গছ-গছনি কটাৰ ফলত বাসস্থান হ্রাস পাই আহিছে। বান্দৰ জাতীয় প্রাণীবোৰেও শশুন আৰু ইহঁতৰ বাহ ভাঙি নষ্ট কৰাটো আন এক চিন্তাৰ কাৰণ হৈ পৰিছে।

     বর্তমান সময়ত মৃতদেহ মুকলি ঠাইত পেলোৱাৰ প্ৰথা প্রায় নাইকীয়া হোৱাৰ ফলত শগুনৰ বাবে খাদ্যৰ অভাৱৰ দৰে সমস্যাৰ সৃষ্টি হৈছে।

      এই পৰিস্থিতিত পৰিৱেশবিদ আৰু পক্ষী প্ৰেমীসকলে ৰামনগৰৰ পাহাৰীয়া অঞ্চলত শগুণৰ সংৰক্ষণৰ বাবে এক অভয়াৰণ্য গঢ়ি তোলাৰ প্ৰস্তাৱ আগবঢ়ায়। তেওঁলোকৰ আপ্ৰাণ প্ৰচেষ্টাৰ ফলত ২০১২ চনৰ ৩১ জানুৱাৰীত কৰ্ণাটক চৰকাৰে অঞ্চলটোক ভাৰতৰ প্ৰথম শগুণৰ অভয়াৰণ্য হিচাপে ঘোষণা কৰে।

২০১৮ চনত ভাৰত চৰকাৰে অভয়াৰণ্যৰ সীমাৰ ১.৩০ মিটাৰৰ পৰা ১.৮০ কিলোমিটাৰ পৰ্যন্ত অঞ্চলক পৰিৱেশ-সংবেদনশীল অঞ্চল (Eco-Sensitive Zone) হিচাপে চিহ্নিত কৰে, যাৰ মুঠ পৰিসীমা হ’ল ৭.০৮ বৰ্গ কিলোমিটাৰ।

      ভাৰতবৰ্ষত পোৱা নটা শগুণৰ প্ৰজাতিৰ ভিতৰত তিনিটা প্ৰজাতি—দীঘল ঠোঁটীয়া শগুণ (Gyps indicus), ইজিপ্তীয় শগুণ (Neophron percnopterus), আৰু বগা পিঠীয়া শগুণ (Gyps bengalensis) নামৰ প্ৰজাতি তিনিটা ৰামদেৱৰাবেট্টা অভয়াৰণ্যত দেখা পোৱা যায়। বিপন্ন প্ৰজাতিকেইটাৰ ওপৰত চলোৱা অধ্যয়ন অনুসৰি ২০২০ চনলৈকে অভয়াৰণ্যখনত মাত্ৰ পাঁচটা দীঘল ঠোঁটীয়া শগুণ আৰু ২৫ টা ইজিপ্তীয় শগুণ আছে।

     অঞ্চলটো কেৱল শগুণৰে আৱাসভূমি নহয়। ইয়াত ভিন্ন প্ৰকৃতিৰ চৰাই, পখিলা, মৌমাখি, বাদুলি, মকৰা, আৰু সৰীসৃপ জীৱৰ  বৈচিত্ৰ্য দেখা পোৱা যায়। 

      ৰামদেৱৰাবেট্টাত শগুণৰ সংৰক্ষণৰ বাবে বন বিভাগে এক শগুণ প্ৰজনন কেন্দ্ৰ স্থাপন কৰিছে। শেহতীয়াকৈ ২০২১-২২ চনৰ পৰা ২০২৩-২৪ লৈ তিনিবছৰ ধৰি শগুণৰ প্ৰজননত সফলতা লাভ কৰা বুলি জানিব পৰা গৈছে। প্ৰজনন কেন্দ্ৰটোত ২০২২ চনত এটা শগুণৰ পোৱালিৰ জন্ম হৈছিল।

Vulture1

কৰ্ণাটক বন বিভাগ আৰু কৰ্ণাটক শগুণ সংৰক্ষণ ট্ৰাষ্টে একেলগে জনসচেতনতামূলন কাৰ্যসূচী হাতত লোৱাৰ লগতে গৱেষণামূলক কাম-কাজৰ জৰিয়তে শগুণৰ জনসংখ্যা বৃদ্ধিৰ উদ্যোগ লৈ আহিছে। ইয়াৰ উপৰিও কেমেৰা ট্ৰেপৰ জৰিয়তে শগুণৰ গতিবিধি নিৰীক্ষণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে।

        ২০১৯ চনত মাইচোৰ-বেংগালুৰু পথ নিৰ্মাণ কাৰ্য্যই শগুণৰ বাসস্থানত প্ৰভাৱ পেলাইছিল। নিৰ্মাণৰ সময়ত শিল ভাঙি পেলোৱাৰ বাবে ব্যৱহৃত বিস্ফোৰকৰ শব্দই শগুণৰ প্ৰজনন আৰু জীৱনশৈলীত ব্যাঘাত সৃষ্টি কৰিছিল। ইয়াৰ উপৰিও অভয়াৰণ্যৰ ওচৰৰ গাঁওবোৰত গৰু-ম’হৰ সংখ্যা কমি যোৱাৰ লগতে প্ৰাকৃতিকভাৱে মৃত প্ৰাণীৰ অভাৱৰ ফলত শগুনবোৰে খাদ্যৰ অভাৱৰ সন্মুখীন হৈছে। 

মানস প্ৰতিম দত্ত, ফোনঃ ৮৮১২০৯৭৭১৬ 

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Manas Pratim Dutta

Manas Pratim Dutta

Related Posts

Mahabahu Climate Forum Experience: Seven Days of Climate Learning
Climate Change

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

by Astha Bharadwaj
July 11, 2026
0

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins ASTHA BHARADWAJ Some journeys leave behind...

Read moreDetails
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 10, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

July 10, 2026
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

July 10, 2026
Human-Wildlife Conflict in Ganderbal, Kashmir: Causes, Impacts, and Sustainable Solutions

Human-Wildlife Conflict in Ganderbal, Kashmir: Causes, Impacts, and Sustainable Solutions

July 9, 2026
Extreme Heatwave Continue to Cripple Lives, Peaks at 50 degrees C

The Human Cost of Climate Change: Pollution, Heatwaves, Hunger, and Survival Stories

July 8, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
“Paromanawik Samay” !

“Paromanawik Samay” !

July 12, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37233 shares
    Share 14893 Tweet 9308
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16808 shares
    Share 6723 Tweet 4202
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2049 shares
    Share 820 Tweet 512
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    239 shares
    Share 96 Tweet 60
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    141 shares
    Share 56 Tweet 35
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6728 shares
    Share 2691 Tweet 1682
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3929 shares
    Share 1572 Tweet 982
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d