• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

কিতাপ, ছপাশাল, বাতৰিকাকত, কাগজ কলঃ‌ ভয়ংকৰ সংকট সমগ্ৰ বিশ্বত

ASSAMESE SECTION / Books / Printing Industry / Paper Mill

by Anjan Sarma
October 8, 2025
in ASSAMESE SECTION, Book, Media, Newspaper, Printing
Reading Time: 7 mins read
0
কিতাপ, ছপাশাল, বাতৰিকাকত, কাগজ কলঃ‌ ভয়ংকৰ সংকট সমগ্ৰ বিশ্বত
Share on FacebookShare on TwitterShare on LinkedIn

কিতাপ, ছপাশাল, বাতৰিকাকত, কাগজ কলঃ‌ ভয়ংকৰ সংকট সমগ্ৰ বিশ্বত

Printing Press

অঞ্জন শৰ্মা

Anjan Sarma Pic
অঞ্জন শৰ্মা

ইতিমধ্যে শতবৰ্ষ গৰকা গ্ৰন্থ প্ৰকাশন প্ৰতিষ্ঠান এখনৰ বৰ্তমানৰ উত্তৰাধিকাৰী তথা স্বত্বাধিকাৰী দুগৰাকীক নৱেম্বৰ মাহৰ (২০২১) দ্বিতীয় সপ্তাহত লগ পাই বৰ্তমান তেওঁলোকৰ গ্ৰন্থ বিক্ৰীৰ বিষয়ে আৰু ভৱিষ্যতে হ’বলগীয়া গ্ৰন্থ প্ৰকাশ সম্পৰ্কে সোধাত তেওঁলোকৰ পৰা যি উত্তৰ পালো – সেই উত্তৰে বৰ্তমানৰ সৰহসংখ্যক প্ৰকাশক প্ৰতিষ্ঠানৰেই মতামত প্ৰতিফলিত কৰে।

দেখিলোঁ, তেওঁলোকৰ পূৰ্বৰ গ্ৰন্থসমূহ তেওঁলোকৰ দোকানত, তেওঁলোকৰ গুদামত দম দম হৈ পৰি আছে, গ্ৰন্হৰ সুৱাস দূৰৈৰ কথা – ভেকুৰিবলৈ ধৰিছে, এক অদ্ভুত দুৰ্গন্ধই সম্পূৰ্ণ পৰিৱেশ বিষাক্ত কৰি তুলিছে! কিতাপৰ দমবোৰ দেখি মন সেমেকি গ’ল।

তেওঁলোকৰ মতে ‘ইয়াৰ বাবে কৰ’না, দীৰ্ঘকালীন  লক-ডাউনেই মাথো দায়ী নহয়, গ্ৰাহক/পাঠকৰো অৱদান অসামান্য! কৰ’নাৰ পূৰ্বৰ দিনবোৰতো প্ৰায় একেধৰণৰ অৱস্থা বিৰাজ কৰিছিল- বিশেষকৈ বিমুদ্ৰাকৰণ/নোটবন্দীৰ ভেকোভাওণাৰ পিছৰে পৰাই। গতিকে এতিয়া নতুন গ্ৰন্হ প্ৰকাশ কৰাৰ বিষয়ে চিন্তা কৰাৰ প্ৰশ্নই নাহে, কিদৰে চলি আছো সেয়া নেদেখাজনেহে জানে, জীৱন ধাৰণৰ বাবে বেলেগ ব্যৱসায়েই হয়তো কৰিব লাগিব, তাতেই কাগজৰ দাম পেট্ৰ’লতকৈও বাঢ়িছে ( পাঠকেও নাজানে এনে মূল্যবৃদ্ধিৰ বিষয়ে)!’

কিতাপ, ছপাশাল, বাতৰিকাকত, কাগজ কলঃ‌ ভয়ংকৰ সংকট সমগ্ৰ বিশ্বত
Bhabani Books, Panbazar, Guwahati ( File Pic)

একেদিনাই অসমৰ বিখ্যাত ছপাশালৰ পৰিচালন সঞ্চালক এগৰাকীয়ে ব্যক্ত কৰিছিল যে আগন্তুক দুই বছৰলৈ হয়তো এতিয়াৰ দৰেই পৰিৱেশ বিৰাজ কৰি থাকিব হেতুকে পৰ্যায়ক্ৰমে ব্যৱসায় সলনি কৰাৰ সময় সমাগত। তেওঁ যুক্তি সহকাৰে কৈ গৈছিল যে কৰ’নাৰ অকল্পনীয় প্ৰসাৰ, অপৰিকল্পিত দীৰ্ঘকালীন লক-ডাউনৰ সুদূৰপ্ৰসাৰী প্ৰভাৱে যিদৰে প্ৰায় সকলোবোৰ ব্যৱসায়কেই সামগ্ৰিকভাৱে ক্ষতিগ্ৰস্ত কৰিছে – তাৰপৰা ছপাশালো মুক্ত নহয়; কিন্তু ছপাশালৰ ব্যৱসায়ৰ ভাটা আৰম্ভ হৈছিল বিমুদ্ৰাকৰণৰ সময়ৰ পৰাই।

এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত। গ্ৰাহক নাই, কাগজৰ দাম কল্পনাতীত, এতিয়া কাগজৰ নিৰিখ ( ফাচীবজাৰৰ পাইকাৰী বিক্ৰেতাই দিয়া বা কাগজ কলৰ প্ৰতিনিধিয়ে দিয়া) মাত্ৰ ৩ দিনলৈ বাহাল হৈ থাকে, ৩ দিনৰ পিছত নিৰিখ সলনি হয় – যেন ডিজেল বা পেট্ৰ’ল।

তাৰোপৰি চৰকাৰে পূৰ্বৰ ১২% জি-এছ-টিৰ সলনি এতিয়া ১৮% জি-এছ-টি জাপি দি সমগ্ৰ মুদ্ৰণজগতক অন্ধকাৰলৈ ঠেলি দিয়াৰ ফলত ভয়ানক দুৰ্যোগ কিতাপ প্ৰকাশকৰ ক্ষেত্ৰতো নামি আহিছে। আগৰ চাৰি শতাধিক কৰ্মচাৰীৰ এতিয়া ১৫% কৰ্মচাৰী আধা দৰমহাৰে কৰ্মৰত – ৮৫% কৰ্মচাৰী নিজৰ নিজৰ গৃহলৈ গুচি গৈছে বা বেলেগ কামত নিজকে নিয়োগ কৰিছে, ইয়াৰোপৰি বিদ্যুতৰ ভয়ংকৰ বিল, ….কি হয় নাজানো, একো আশা দেখা নাই!

আগতে এনে সময়তে কেলেণ্ডাৰ, ডায়েৰী, গ্ৰন্থ, আলোচনী,… তিনিটাকৈ শ্বিফ্টত কাম চলিছিল, এতিয়া ১৫% কৰ্মচাৰীৰে সম্পূৰ্ণ এটা শ্বিফ্টৰো কাম নাই।….

কিতাপ, ছপাশাল, বাতৰিকাকত, কাগজ কলঃ‌ ভয়ংকৰ সংকট সমগ্ৰ বিশ্বত

কেৱল গ্ৰন্থ প্ৰকাশন প্ৰতিষ্ঠান বা ছপাশালেই নহয়, প্ৰায় সমানেই ক্ষতিগ্ৰস্ত হৈছে বাতৰিকাকত প্ৰতিষ্ঠানসমূহো। বাতৰিকাকত প্ৰতিষ্ঠানবোৰৰ মেচিনমেন আৰু তেওঁলোকৰ সহায়কাৰীক সুধিলেই বা নিউজপ্ৰিন্ট ক্ৰয় কৰা বিল/দেয়ক প্ৰত্যক্ষ কৰিলেই গম পোৱা যায় – পৰিস্থিতি কেনে ভয়ংকৰ হৈ পৰিছে!

ইয়াৰে লগতে সাঙোৰ খাই আছে কৰ’না পৰিস্থিতিৰ পটভূমিত বাতৰিকাকত বিতৰণ কৰাসকলৰ বিভিন্ন সমস্যা (তাৰে এটাঃ কৰ’নাৰ পটভূমিত হকাৰ-বৰ্জন), বিজুলীৰ অবিশ্বাস্য বিল, আৰু নিউজপ্ৰিন্টৰ অকল্পনীয় মূল্যবৃদ্ধি, ইত্যাদি।

কেৱল আমাৰ এই মুলুকতেই নহয়, সমগ্ৰ বিশ্বতেই ইয়াৰ প্ৰতিফলন দেখিবলৈ পোৱা গৈছে। নিউজপ্ৰিন্টৰ মূল্য কেইমাহমানৰ ভিতৰতে ৫০% বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বৃটেইনৰ এখন বিখ্যাত বাতৰিকাকতৰ স্বত্ত্বাধিকাৰীয়ে ক’বলৈ বাধ্য হৈছে, ‘নিউজপ্ৰিন্টৰ এনে মূল্য বৃদ্ধি সম্পৰ্কে ক’বলৈ গ’লে ই আমাৰ বাবে পেচমেকাৰ লগোৱা ব্যক্তিৰ বুকুত শ্বক্ দিয়া বা প্ৰচন্ড জোৰে ভুকুওৱাৰ দৰে হৈছে।’

কিতাপ, মুদ্ৰণ প্ৰতিষ্ঠান, বাতৰিকাকত – এই সকলোৰে মূল ইন্ধন হ’ল কাগজ। এতিয়া এই কাগজৰেই প্ৰচন্ড নাটনি হৈছে সমগ্ৰ বিশ্বত, হু হু কৈ বাঢ়িছে কাগজৰ দাম। গতিকে ক্ষতিগ্ৰস্ত হৈছে পাঠক, লেখক, গ্ৰন্হ প্ৰকাশক, বিতৰক, গ্ৰন্হ বিপনী, মুদ্ৰণ প্ৰতিষ্ঠান, বাতৰিকাকতৰ প্ৰকাশক, সংবাদদাতা, ইত্যাদি সকলো। গুৱাহাটীৰ পৰা মুম্বাই, কলকাতাৰ পৰা ছিডনী, নিউয়ৰ্কৰ পৰা লন্ডন, বেইজিঙৰ পৰা ডাবলিন – সকলোতে পৰিছে ভয়াবহ প্ৰভাৱ।

কৰ’নাৰ প্ৰভাৱে সমগ্ৰ বিশ্বক আক্ৰান্ত কৰাৰ আগতে, বিজ্ঞাপনসমূহৰ বহুলাংশ ‘অনলাইন’লৈ গতি কৰাৰ আগতে, বাতৰিকাকতৰ আৰু বৃহৎ বৃহৎ প্ৰকাশক গোষ্ঠীৰ বাবে সময় যেতিয়া অনুকুল হৈ আছিল, তেতিয়া বাতৰিকাকতৰ সৈতে তথা প্ৰকাশক গোষ্ঠীৰ সৈতে আৰু বৃহৎ বৃহৎ মুদ্ৰণ প্ৰতিষ্ঠান সমূহৰ সৈতে কাগজ কলবোৰৰ আৰু কাগজৰ ব্যৱসায় কৰা পাইকাৰী বিক্ৰেতা সকলৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছিল।

কিন্তু ধীৰে ধীৰে গণিতৰ অংক, জ্যামিতিৰ উপপাদ্য সলনি হ’বলৈ ধৰিলে। কৰ’নাই অযুতবাহুৰে আক্ৰমণ কৰি লক্ষ লক্ষ মানুহক ধৰাশায়ী কৰাৰ পিছত, কোটি কোটি মানুহক আক্ৰান্ত কৰাৰ পিছত, সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক পৰিস্থিতি ধ্বংস কৰাৰ পিছত, লকডাউনৰ বাবে কোটি কোটি মানুহ গৃহবন্দী হৈ থকাৰ পিছত – পৰিস্থিতি সলনি হৈ পৰিল, বিজ্ঞাপনেও অনিবাৰ্যভাবে ‘অনলাইন’ অভিমুখে, টেলিভিছনৰ চেনেল অভিমুখে যাত্ৰা কৰিলে ( যদিও বিজ্ঞাপনৰ মাত্ৰাও হৈ পৰিল বহুত কম, কাৰণ বিক্ৰী কৰাৰ উপায় নাই – কৰ’না, লকডাউন,..)।

ক্ষতিগ্ৰস্ত হ’ল বাতৰিকাকত প্ৰতিষ্ঠান। তাতে বাঢ়িবলৈ ধৰিলে কাগজৰ মূল্য। বাঢ়িবলৈ ধৰিলে বিজুলীৰ মূল্য। কিতাপৰ প্ৰকাশক সকলৰ অৱস্থা হৈ পৰিল তথৈবচ, কাৰণ গ্ৰন্হ বা কিতাপ ‘অত্যাৱশ্যকীয় সামগ্ৰী’ৰ আওতাত নপৰে! মুদ্ৰণ প্ৰতিষ্ঠানো ‘অত্যাৱশ্যকীয় সামগ্ৰী’ৰ আওতাত নপৰে। গতিকে ছপাশাল বন্ধ হৈ পৰিল, কিতাপৰ দোকানত তথা প্ৰকাশকৰ কাৰ্যালয়ত তলা লাগিল, মাথো মুকলি হৈ ৰ’ল বাতৰিকাকত প্ৰতিষ্ঠান ( অত্যাৱশ্যকীয় সেৱা/ সামগ্ৰী)।

কিন্তু বাতৰিকাকত প্ৰতিষ্ঠান সমূহৰ বাবেও আগৰ দৰে নাই বিজ্ঞাপনৰ সোঁত, যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠানে নিয়মীয়াকৈ বিজ্ঞাপনৰ সোঁত বোৱাইছিল – সেইবোৰতো তলা ওলমিছিল লকডাউনৰ বাবে ( উল্লেখযোগ্য যে অসম মুলুকত কিন্তু কৰ’নাৰ বিজ্ঞাপন, প্ৰধানমন্ত্ৰীৰ ছৱি সহকাৰে বিজ্ঞাপন, মুখ্যমন্ত্ৰীৰ ছৱি থকা বিজ্ঞাপন, স্বাস্থ্য মন্ত্ৰীৰ ছৱি সহকাৰে বিজ্ঞাপন বাতৰিকাকত প্ৰতিষ্ঠান সমূহে বাৰুকৈয়ে পাইছিল)! ‘অত্যাৱশ্যকীয় সামগ্ৰী’ৰ আওতাত পৰা বাতৰিকাকত চলি থাকিল যদিও পৃষ্ঠা সংখ্যা কমাবলগীয়া হ’ল, কৰ্মচাৰী হ্ৰাস কৰিবলগীয়া হ’ল, দৰমহা হ্ৰাস কৰিবলগীয়া হ’ল।

এই ঘটনাৰ সময়তে সমান্তৰাল ভাৱে কাগজ কলবোৰেও নীৰৱে নীৰৱে ক্ষতিগ্ৰস্ত হৈ উচুপি থাকিবলৈ বাধ্য হ’ল, দেশে দেশে বহুত কাগজ কল বন্ধ হৈ পৰিল, বহু কাগজ কলে নিজৰ নিজৰ মহা মূল্যবান মেচিনবোৰলৈ লক্ষ্য কৰি কাগজ কল বোৰ বন্ধ নকৰাকৈ কিবাকৈ টিকি থাকিল!

কিতাপ, ছপাশাল, বাতৰিকাকত, কাগজ কলঃ‌ ভয়ংকৰ সংকট সমগ্ৰ বিশ্বত

এইকথা সকলোৱেই জানে যে সময় সলনি হ’ল। গতিকে কিছুমান সামৰ্থ্য থকা কাগজ কলে কেৱল কাগজ/নিউজপ্ৰিন্ট উৎপাদনত ব্যস্ত হৈ নাথাকি ব্যৱসায়ত বৈচিত্ৰতা বা বিবিধতা (diversification) আনিবলৈ প্ৰচেষ্টা আৰম্ভ কৰিলে আৰু কিছুমানে একেবাৰে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।

ইতিমধ্যে নৰৱেৰ ‘নৰ্স্কে স্কগ’ ( Norske Skog) নামৰ কাগজ আৰু কাগজৰ মন্ড উৎপাদন কৰা কাগজ কলটোৱে জনাইছে যে তেওঁলোকে তেওঁলোকৰ ৬৬ বছৰ পুৰণি, নিউজিলেণ্ডত থকা ‘টাশ্বমান কল'( Tasman Mill) টো একেবাৰে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।

বৈচিত্ৰতা বা বিবিধতা আনিবলৈ ফিনলেণ্ডৰ ‘ইউ-পি-এম'(UPM) নামৰ প্ৰতিষ্ঠানটোৱে জনাইছে যে তেওঁলোকৰ ৱেলচ্-অত থকা ‘শ্ব’টন নিউজপ্ৰিন্ট মিল'(Shotton Newsprint Mill)টো তুৰ্কীৰ ‘কন্টেইনাৰবোৰ্ড এন্ড পেকেজিঙ’-অক বিক্ৰী কৰিছে।

ৰাছিয়াৰ ‘জে-চি-এছ ভল্গা’ নামৰ নিউজপ্ৰিন্ট উৎপাদনত ব্যস্ত হৈ থকা কাগজ কলটোৱে তেওঁলোকৰ উৎপাদন ক্ষমতাৰ ৫০% উৎপাদন এতিয়া পেকেজিঙ উদ্যোগৰ বাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা লৈ অগ্ৰসৰ হৈছে( বিবিধতা/বৈচিত্ৰতা)। ‘ইন্ডাষ্ট্ৰি  এড্জ'(Industry Edge) নামৰ এক প্ৰতিষ্ঠানৰ হৈ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ অৰণ্য তথা কাগজ উদ্যোগ সম্পৰ্কে গৱেষণা কৰি থকা টিম উডচ্-এ সদৰি কৰিছে যে একেবাৰে দুৰ্বল হৈ পৰা বজাৰ এখনত এসময়ত প্ৰতিপত্তিৰে দপদপাই থকা কাগজ কলবোৰে অনাহুতভাবে বেদনাদায়ক প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলগীয়া হৈছে।

কৰ’নাৰ ভৰপকৰ সময়ত সমগ্ৰ বিশ্বত যেতিয়া কোটি কোটি মানুহ গৃহবন্দী হৈ পৰিল আৰু বহুতে গৃহৰ পৰাই নিজস্ব কাম-কাজত (work from home) লিপ্ত হৈ পৰিল, হকাৰ বা বাতৰিকাকত বিতৰকক যেতিয়া লক্ষ্মণৰেখা টানি দিয়া হ’ল, সমগ্ৰ বিশ্বত নিউজপ্ৰিন্টৰ চাহিদা নিম্নমুখী হৈ পৰিল; তেনে পটভূমিত কাগজ কলবোৰে নিজৰ নিউজপ্ৰিন্ট উৎপাদন ক্ষমতা দ্বিতীয়-পঞ্চমাংশ হ্ৰাস কৰিছে বুলি বৃটেইনৰ বাতৰিকাকতৰ হৈ কাগজ ক্ৰয় কৰা ব্যৱসায়ীয়ে সংবাদ মাধ্যমক জনাইছে।

বিশ্বত কাগজ উৎপাদন কৰা কেইখনমান প্ৰধান দেশ হ’ল আমেৰিকা, চীন, জাপান, জাৰ্মানী, ৰিপাব্লিক অফ কোৰিয়া, ব্ৰাজিল, ফিনলেণ্ড, কানাডা, চুইডেন, ইত্যাদি। সমগ্ৰ পৃথিৱীত কাগজ উৎপাদন কৰা উল্লেখযোগ্য বৃহৎ বৃহৎ কাগজ কল কেইটামান হ’ল – (১) আমেৰিকাৰ  ‘ইন্টাৰনেছনেল পেপাৰ’, এই কলটোৱে বিগত ২০২০ চনত ২০.৫৮০ বিলিয়ন ডলাৰ ৰাজহ অৰ্জন কৰিছে, সংস্থাপন দিছে ৫৫০০০ মানুহক, ২৪ খন‌ দেশত নিজৰ অস্তিত্ব বজাই ৰাখিছে; (২) আমেৰিকাৰ ‘জৰ্জিয়া-পেচিফিক কৰ্পোৰেশ্যন’; (৩) আমেৰিকাৰ ‘ৱেইৰহেউশ্বেইৰ কৰ্পোৰেশ‌্যন'(Weyerhaeuser Corporation); (৪) ফিনলেণ্ডৰ ‘ষ্টৰা এনশ্ব’, এই‌কাগজ কলৰ কৰ্মীৰ সংখ্যা ২৫০০০, ৩৫ খন দেশত এই কাগজ কলটোৱে অস্তিত্ব বজাই ৰাখিছে; (৫) আমেৰিকাৰ ‘কিম্বাৰলি-ক্লাৰ্ক কৰ্পোৰেশ্যন’; (৬) ফিনলেণ্ডৰ ‘ ইউ-পি-এম –ক্যিমেনে ওয়েজ'( UPM- Kymmene Oye), এওঁলোকৰো ১৯৩০০ কৰ্মচাৰী আছে আৰু ১৩ খন দেশত এওঁলোকৰ কাগজ বিক্ৰী হয়; (৭) চুইডেনৰ ‘ছ্ভেন্সকা চেলুলজা একিটাইব’লাগ-এট’; (৮) জাপানৰ ‘ওজি পেপাৰ’;(৯) জাপানৰ ‘নিপ্পন ইউনিপেক হোল্ডিং’; (১০) আমেৰিকাৰ ‘পোক্তাৰ এন্ড গেম্বল’; (১১) চীনৰ ‘নাইন ড্ৰেগন পেপাৰ হোল্ডিং’; (১২) আমেৰিকাৰ ‘ৱেষ্ট ৰিঅ’; (১৩) দক্ষিণ আফ্ৰিকাৰ ‘ছাপ্পি’; (১৪) আয়াৰলেণ্ডৰ ‘স্মুৰ্ফিট পেপাৰ’; (১৫) ইংলেণ্ডৰ ‘ডি-এছ- স্মিথ’; ইত্যাদি।

ITC Paper board
কিতাপ, ছপাশাল, বাতৰিকাকত, কাগজ কলঃ‌ ভয়ংকৰ সংকট সমগ্ৰ বিশ্বত
Georgia Pacific 1

পৃথিৱীৰ কাগজৰ বজাৰ নিয়ন্ত্ৰণ কৰিব পৰা কিছু বৃহৎ বৃহৎ কাগজ কলৰ যিদৰে নাম উল্লেখ কৰিলো, একেদৰে ক্ষুদ্ৰ-মজলীয়া-বৃহৎ শতাধিক কাগজ কল থকা ভাৰতৰ কেইটামান উল্লেখযোগ্য কাগজ কল হ’ল- (১) ‘আই-টি-চি পেপাৰ বোৰ্ড এন্ড স্পেচিয়েলিটি পেপাৰ ডিভিজন’; (২) বালাৰপুৰ ইন্ডাষ্ট্ৰিজ লিমিটেড;(৩) অভিষেক ইন্ডাষ্ট্ৰিজ লিমিটেড; (৪) জে-কে পেপাৰ লিমিটেড; (৫) তামিলনাডু নিউজপ্ৰিন্ট এন্ড পেপাৰ লিমিটেড; (৬) চেন্সুৰী পাৰ্টি এন্ড পেপাৰ ; (৭) দ্যা অন্ধ্ৰ প্ৰদেশ পেপাৰ মিলচ্ লিমিটেড ;(৮) ৱেষ্ট কোস্ট পেপাৰ মিলচ্ লিমিটেড ; (৯) মুৰুলী ইন্ডাষ্ট্ৰিজ লিমিটেড ; (১০) ইমামী পেপাৰ মিলচ্ লিমিটেড ; (১১) ৰেইনবো পেপাৰ লিমিটেড ; (১২) এ-বি-চি পেপাৰ লিমিটেড ; (১৩) ওৰিয়েন্ট পেপাৰ এন্ড ইন্ডাষ্ট্ৰিজ লিমিটেড ; (১৪) যশ পেপাৰ লিমিটেড ; (১৫) চেছাছায়ী পেপাৰ এন্ড বোৰ্ড লিমিটেড; ইত্যাদি।

কিতাপ, ছপাশাল, বাতৰিকাকত, কাগজ কলঃ‌ ভয়ংকৰ সংকট সমগ্ৰ বিশ্বত
Bhabani Books, Guwahati, Assam (File Pic)

যি কি নহওঁক, সম্প্ৰতি লকডাউন আৰু কৰ’নাৰ ভয়াবহ দিনবোৰ অতিক্ৰম কৰি অৰ্থনীতিৰ ৰথখনৰ চকা মন্হৰ গতিৰে হ’লেও পুনৰ ঘুৰিবলৈ আৰম্ভ কৰিছে আৰু নিউজপ্ৰিন্ট তথা কিতাপৰ মুদ্ৰণৰ বাবেও চাহিদা বৃদ্ধি পাবলৈ ধৰিছে। কিন্তু কাগজ কলবোৰৰ উৎপাদন ক্ষমতা হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত আৰু ইন্ধনৰ বাবে অত্যাধিক ব্যয় বহন কৰিবলগীয়া হেতুকে তথা কন্টেইনাৰৰ নাটনিৰ বাবে কাগজৰ দাম হু হু কৈ বৃদ্ধি পাইছে।

কাগজ কলবোৰৰ সৈতে পূৰ্বৰ চুক্তি থকা স্বত্বেও কাগজ কলবোৰে বাতৰিকাকত প্ৰতিষ্ঠান আৰু প্ৰকাশক তথা কাগজৰ পাইকাৰী বিক্ৰেতাক জনাই দিছে যে চুক্তি অনুসৰি কাগজ দিয়া সম্ভৱ নহয়। সেইবাবে  ইউৰোপত ২০২২ চনত কাগজৰ দাম এবছৰৰ পূৰ্বৰ দামতকৈ ৫০% অৰ ‌পৰা ৭০% লৈ‌ বৃদ্ধি পাব বুলি ইতিমধ্যে ঠাৱৰ কৰা হৈছে।

আগতে প্ৰতি টনত $ ৬০০ কৈ ক্ৰয় কৰা কেনিয়াৰ ‘নেচন মেডিয়া গ্ৰুপ’-এ সম্প্ৰতি প্ৰতি টনত একেই কাগজ $৮৪০ কৈ কিনিবলগীয়া হৈছে বুলি জনাইছে ‘পাৰচেজ মেনেজাৰ’ হৰিন ওগোলোই ব্যক্ত কৰিছে। আগতে উত্তৰ আমেৰিকাৰ বাতৰিকাকত প্ৰতিষ্ঠান সমূহে আৰু প্ৰকাশন প্ৰতিষ্ঠান সমূহে কাগজ কলৰ সৈতে ছমহীয়া চুক্তি সম্পাদিত কৰিছিল, সেয়াই আছিল পৰম্পৰা; কিন্তু এতিয়া ২০২০ চনৰ দামতকৈ ২০%-অৰ পৰা ৩০% মূল্য বৃদ্ধি কৰা হৈছে আৰু ছমহীয়া চুক্তিৰ পৰিৱৰ্তে মাহেকীয়া চুক্তি সম্পাদিত হ’বলৈ আৰম্ভ কৰিছে।

এই সম্পৰ্কে উত্তৰ আমেৰিকাৰ এটা কাগজ কলৰ এজন কৰ্মকৰ্তাই কৈছে যে নিজৰ ক্ষতিসাধন কৰি প্ৰকাশক সকলক ৰক্ষা কৰিবলৈ আমি নাযাও (‘we are not going to save the publishing industry by being unprofitable ourselves’)।

কিছুদিন আগতে অষ্ট্ৰেলিয়াৰ ‘দ্যা ছিডনী মৰ্ণিং হেৰাল্ড’ত প্ৰকাশ পাইছে যে অষ্ট্ৰেলিয়াৰ প্ৰকাশক সকলৰ ভাগ্য পৃথিৱীৰ বৃহৎ কাগজ যোগনিয়াৰ সকলৰ মাজৰ এজনৰ হাতত আৱদ্ধ হৈ পৰিছে – কাগজৰ মূল্য পূৰ্বতকৈ ৩০% ৰো অধিক বৃদ্ধি কৰা হ’ব বুলি কৰা ঘোষণাৰ পিছত (The fate of Australia’s regional publishers could be in the hands of one of the world’s biggest suppliers of paper after it announced plans to increase its costs by more than 30%)!

নৰৱেৰ ‘নৰ্স্কে স্কগ'(Norske Skog) নামৰ কাগজ কলটোৱেও অষ্ট্ৰেলিয়াৰ বাতৰিকাকত প্ৰতিষ্ঠান আৰু প্ৰকাশক সকলক জনাইছে যে ইন্ধনৰ ব্যয় সাংঘাটিক ভাবে বৃদ্ধি হোৱা হেতুকে আৰু পৰিবহন ব্যয় হু হু কৈ বঢ়া হেতুকে আগৰ দামত কাগজ যোগান ধৰা সম্ভৱ নহয়, দাম ৩০%-অৰ পৰা ৪০% বৃদ্ধি হ’ব। কাগজ কলৰ এনে সিদ্ধান্তৰ পিছত বিতত হৈ পৰিছে বহু‌ বাতৰিকাকত প্ৰতিষ্ঠান আৰু প্ৰকাশক সকল, এইসকলৰ ভিতৰত উল্লেখযোগ্যভাবে অন্যতম হ’ল ‘দ্যা অষ্ট্ৰেলিয়ান’, ‘দ্যা ডেইলি টেলিগ্ৰাফ’, ‘দ্যা হেৰাল্ড ছান’ আদিৰ দৰে বাতৰিকাকত প্ৰকাশ কৰি অহা প্ৰতিষ্ঠান ‘নিউজ কৰ্পোৰেশ্যন’!

নৰ্স্কে স্কগ নামৰ কাগজ কলটোৰ ওপৰতেই অষ্ট্ৰেলিয়াৰ ভালেমান বাতৰিকাকত প্ৰতিষ্ঠান আৰু বহু প্ৰকাশক নিৰ্ভৰশীল; নৰ্স্কে স্কগ-অৰ তাছমেনিয়াত এটা কাগজ কল আছে আৰু অইন এটা আছে নিউজিলেণ্ডত। নৰ্স্কে স্কগ-অৰ মতে কয়লাৰ অকল্পনীয় মূল্যবৃদ্ধি আৰু পৰিবহন ব্যয়ৰ বাবে তেনে সিদ্ধান্ত লবলগীয়া হৈছে। সমগ্ৰ বিশ্বতে আৰম্ভ হোৱা এনে ঘটনা এই সম্পৰ্কে দুই – একে কৈছে যে কেৱল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এনেদৰে কাগজৰ নাটনি হৈছিল।

কিতাপ, ছপাশাল, বাতৰিকাকত, কাগজ কলঃ‌ ভয়ংকৰ সংকট সমগ্ৰ বিশ্বত

লন্ডনৰ ‘প্ৰিন্টউইক’-অত প্ৰকাশ পাইছে যে ‘কাগজ কলবোৰৰ বাবে অপৰিহাৰ্য ইন্ধন কয়লাৰ প্ৰতি টনৰ মূল্য ৫০০০ টকাৰ পৰা ১৫০০০ টকালৈ বৃদ্ধি পাইছে হেতুকে প্ৰতিটন কাগজৰো মূল্য বৃদ্ধি ৩০০০ টকাৰ পৰা ৫০০০ টকা পৰ্যন্ত বৃদ্ধি কৰিবলৈ বাধ্য ‌হৈছে।’

আজি কিছুদিন আগতে পঢ়িছিলো যে বিগত বৰ্ষত দক্ষিণ আফ্ৰিকাৰ কয়লাৰ মূল্য আছিল প্ৰতি টনত ৪৮ ডলাৰৰ পৰা ৫০ ডলাৰ, কিন্তু এতিয়া সেই কয়লাৰ দাম হৈছে প্ৰতি টনত ২০০ ডলাৰ। কয়লাৰ এনেদৰে দাম বৃদ্ধি হোৱা কোনেও ইতিপূৰ্বে দেখা নাছিল।

সকলো স্তম্ভিত!

ইয়াৰ লগতে ডিজেলৰ মূল্যবৃদ্ধিয়ে অত্যাধিক বৃদ্ধি কৰিছে পৰিবহনৰ ব্যয়। গতিকে, কিতাপ প্ৰকাশক, বাতৰিকাকত, ছপাশালৰ বাবে কেনে এক পৰিস্থিতি সৃষ্টি হৈছে সেয়া বুজিবলৈ আহুকাল নহয়। আৰু কেৱল কাগজ নহয়, প্ৰায় সকলো সামগ্ৰীৰে দাম ঘোঁৰাৰ কৰ্মত ছুটি মেলাদি বৃদ্ধি পাইছে হেতুকে এইবোৰ প্ৰতিষ্ঠানত কৰ্মৰত সকলৰো দৈনিক ব্যয় দিনে দিনে বাঢ়ি গৈছে – কিন্তু ট্ৰেজেদী এয়াই যে কাগজে নিদ্ৰাহৰণ কৰাৰ পটভূমিত পাবলগীয়া কামো নাইকিয়া হৈ পৰিছে, আৰু কৰ্মচাৰীক দৰমহাৰ আধা অংশ দিবলৈও বহুত প্ৰতিষ্ঠান অসমৰ্থ হৈ পৰিছে।

এক ধোঁৱাময় পৰিৱেশৰ মাজত সকলো সোমাই পৰিছে। উল্লেখযোগ্য যে কেৱল কয়লা বা পৰিবহন ব্যয় নহয়, কাগজ কলবোৰে আগতে কাগজ উৎপাদন কৰিবলৈ যি মন্ড প্ৰতিটনত ৭০০$ -অৰ পৰা ৭৫০$ দামত কিনিছিল, এতিয়া সেই মন্ড কিনিবলগীয়া হৈছে প্ৰতি টনত ১২০০$ মূল্যত! পৰিৱেশ সম্পৰ্কীয় বিষয়ৰ বাবে ইতিমধ্যে চীনত ২৭৯ টা‌ কাগজ তথা মন্ড উৎপাদন কৰা উদ্যোগ বন্ধ কৰি দিয়া হৈছে আৰু তাৰফলতো মন্ডৰ নাটনি তথা মূল্যবৃদ্ধি হৈছে।

ইতিমধ্যে সময় সলনি হৈছে হেতুকে লক্ষ লক্ষ মানুহে প্লাষ্টিকৰ ব্যৱহাৰৰ পৰা নিজকে আতৰাই ৰাখিবলৈ কৰা প্ৰয়াসৰ ফলত পেকেজিঙৰ বাবে কাৰ্ডবোৰ্ড, ইত্যাদিৰ চাহিদা সাংঘাটিক ভাবে বৃদ্ধি পাইছে বাবে বিবিধতা/বৈচিত্ৰতা আনিবলৈ প্ৰয়াস কৰা কাগজ কলবোৰে সেইবোৰত মনোনিবেশ কৰি চাহিদা পূৰণত ব্যস্ত হৈছে; ফলত বাতৰিকাকতৰ বাবে প্ৰয়োজনীয় নিউজপ্ৰিন্ট, কিতাপৰ বাবে প্ৰয়োজনীয় কাগজ, ছপাশালৰ বাবে প্ৰয়োজনীয় কাগজৰ অৱস্থা দুষ্প্ৰাপ্য সামগ্ৰীৰ দৰে হৈ পৰিছে।

অৰ্থাৎ, কাগজৰ নাটনিও হৈছে, মূল্যবৃদ্ধিও প্ৰায় ৬০%-৭০% বৃদ্ধি পাইছে, কিন্তু সেই অনুসৰি দাম দিলেও কাগজ পাবলৈ নাই। গতিকে, কিতাপৰ অৱস্থা কি হ’ব? বাতৰিকাকতৰ? ছপাশালৰ? অৰ্থনৈতিক কাৰণত আৰু প্ৰযুক্তিগত কাৰণত বিবিধতা আনিবলৈ সক্ষম নোহোৱা কাগজ কলৰ?

বহুকাল ধৰি আমেৰিকাত বহুৰঙী গ্ৰন্হ বিশাল পৰিমাণে প্ৰকাশ হয় আৰু সেই গ্ৰন্হবোৰৰ অধিকাংশই চীনলৈ পঠোৱা হয় – মুদ্ৰণৰ বাবে। কিন্তু পৰিবহন ব্যয় অত্যাধিক হৈ পৰা হেতুকে চীনত ছপা নকৰি আমেৰিকাত ঘৰুৱা ভাবে সেইসমুহ ছপা কৰিবলৈ প্ৰয়াস কৰা হ’ল যদিও সেইবিষয়ে আমেৰিকাত কুশলী ব্যক্তিৰ অভাৱৰ বাবে সমগ্ৰ কাৰ্যব্যৱস্থা ‘মেনেজ’ বা পৰিচালনা কৰিবলৈ প্ৰকাশন প্ৰতিষ্ঠানবোৰ ভীষণ অসুবিধাৰ সন্মূখীন হ’বলগীয়া হ’ল!

আমেৰিকাৰ ছপাশালো এই সংকটৰ পৰা মুক্ত নহয়। ২০১৮ চনলৈ আমেৰিকাৰ ৩টা বৃহৎ ছপাশালৰ অন্যতম এটা আছিল ১২৫ বছৰ গৰকা ‘এডোৱাৰ্ডছ ব্ৰাদাৰ্ছ মালয়'(Edwards Brothers Malloy); সেইহেন বিখ্যাত আৰু বৃহৎ ছপাশাল ইতিমধ্যে বন্ধ কৰা হ’ল। অইন দুটা বৃহৎ ছপাশাল ‘কোৱাড'(Quad) আৰু ‘এল-এছ-চি'( LSC) – দুয়োটাৰে একত্ৰীকৰণৰ প্ৰচেষ্টা চলি আছিল আৰু ২০২০-২১ বৰ্ষত চামিল হোৱাৰ কথা আছিল।

কিন্তু আমেৰিকাৰ ‘জাষ্টিছ ডিপাৰ্টমেন্ট’-এ ‘এন্টিট্ৰাস্ট ল-চ্যুট'( Antitrust Lawsuit) কৰাৰ পৰিপ্ৰেক্ষিতত চামিল কৰণ নহ’ল আৰু ‘কোৱাড’-এ গ্ৰন্থৰ বাণিজ্যৰ পৰা চিৰদিনৰ বাবে প্ৰস্থান কৰিলে! এল-এছ-চি নামৰ প্ৰতিস্থানটোৱেও ‘দেউলীয়া’ ঘোষণাৰ বাবে আবেদন কৰিলে তথা ইতিমধ্যে তেওঁলোকৰ বহুকেইটা মুদ্ৰণ যন্ত্ৰ বিক্ৰী কৰি দিলে। কিন্তু কিয় এনেকুৱা পৰিস্থিতি হ’ল? কিতাপৰ জগতত, ছপাশালৰ জগতত, বাতৰিকাকতৰ জগতখনত কিয় এনে ঘূৰ্ণিবায়ু আৰম্ভ হ’ল – তাকো আমেৰিকাত? এ

ই প্ৰশ্নবোৰৰ কিছুমান প্ৰশ্নৰ উত্তৰ ইতিমধ্যে আমি পাইছো; কিন্তু কাগজৰ নাটনি, হু হু কৈ মূল্যবৃদ্ধি, ইন্ধনৰ ব্যয়, ইত্যাদিৰ বাহিৰেও কিতাপ ছপা কৰি জাহাজেৰে প্ৰেৰণ কৰাৰ ক্ষেত্ৰতো ৰাহু-কেতুৰ পূৰ্ণ দৃষ্টি পৰা হেতুকে আগতে ‘ৱেৰহাউচ’ বা পণ্যাগাৰৰ যি নিৰিখ আছিল, সেয়াও ঊৰ্দ্ধমুখী হৈ পৰিল তথা প্ৰতিটো কন্টেইনাৰৰ আগৰ নিৰিখ ৩০০০$ -অৰ‌ পৰিৱৰ্তে হৈ পৰিল $ ২০০০০ !!

তাকো পাবলৈ নাই, কাৰণ কৰ’নাৰ পটভূমিত ট্ৰাকচালকৰ প্ৰচন্ড অভাৱ, বন্দৰত নাই ঠাই! পণ্যাগাৰতো কৰ্মী নাই – কৰ’না, লকডাউন; এক অভাৱনীয় পৰিস্থিতি! গতিকে ছপাশাল, বাতৰিকাকত, কিতাপৰ ব্যৱসায়, কাগজকল, সকলোক্ষেত্ৰতে ধোঁৱাময় পৰিৱেশ, অন্ধকাৰাচ্ছন্ন পৰিৱেশ। এই পৰিস্থিতি বিশ্বৰ দেশে দেশে সৃষ্টি হৈছে- মাত্ৰাৰ তাৰতম্যভেদে।

কিতাপ, ছপাশাল, বাতৰিকাকত, কাগজ কলঃ‌ ভয়ংকৰ সংকট সমগ্ৰ বিশ্বত

গ্ৰন্থ প্ৰকাশন, ছপাশাল, কাগজ কল, বাতৰিকাকত আদি কাগজ নিৰ্ভৰ ক্ষেত্ৰখন গভীৰভাৱে কৰ’নাই জোকাৰি পেলাইছে, অকল্পনীয়ভাবে আক্ৰান্ত হৈছে। প্ৰকাশক, লেখক, পাঠক, মুদ্ৰক, সাংবাদিক,  ইত্যাদি সকলোৰে অভ্যাস সামান্য পৰিমাণে হ’লেও সলনি হৈ পৰিছে এই পৰিস্থিতিত।

গ্ৰন্থৰ জগত, প্ৰকাশনৰ জগত, ছপাশালৰ জগত এতিয়া যেন নিমাওমাও, ৩০% ৰেহাইৰ পৰা ৫০% ৰেহাই ঘোষণা কৰিও( লগতে ‘সামাজিক দূৰত্ব বা শাৰীৰিক দূৰত্ব’ৰ ঘোষণাও অন্তৰ্গত) পাঠকক আকৰ্ষিত কৰিবলৈ সক্ষম হোৱা নাই কিতাপৰ ব্যৱসায়ীয়ে।

প্ৰকাশক সকল বাৰুকৈয়ে আক্ৰান্ত হৈ পৰিছে কৰ’নাৰ প্ৰভাৱত। ৰাজহ, কিতাপ বিক্ৰী, নতুন গ্ৰন্হ প্ৰকাশ কৰা পৰিকল্পনা, ৰয়েল্টি, জমা হৈ থকা কিতাপৰ স্তুপবোৰ কি কৰা যায় তেনেবোৰ চিন্তা কৰাৰো সময় নাই;  কাৰণ বহুতে বিদ্যুতৰ বিল পৰিশোধ কৰিব নোৱাৰি, ঘৰভাড়া দিব নোৱাৰি, দৰমহা দিব নোৱাৰি, নিজে নিজকে চলাব নোৱাৰি প্ৰতিষ্ঠান বন্ধ কৰি দিছে – এনে বক্তব্য সৰ্ববৃহৎ মালয়ালী গ্ৰন্থ প্ৰকাশন প্ৰতিষ্ঠান ‘ডি.চি.বুকচ’-অৰ মুখ্য কাৰ্যবাহী বিষয়া ৰবি ডিক্কাৰ।

‘পেংগুইন প্ৰেছ এন্ড পেংগুইন ৰেন্ডম হাউচ ইন্ডিয়া’ৰ প্ৰকাশক মেৰু গোখলেই কৈছে যে পৃথিৱীৰ সাংস্কৃতিক আৰু সামাজিক জীৱন যাত্ৰা আৰু কৰ্ম যিদৰে কিছুমান প্ৰলয় বা বিৰাট বিৰাট ঘটনাৱলীয়ে জোকাৰি পেলায় – একেধৰণৰ অৱস্থা কৰ’নাইও সংঘটিত কৰিছে হেতুকে আমি তীব্ৰতৰ জোকাৰণিৰ মাজত ভাৰসাম্য হেৰুৱাই পেলাইছো।

‘হেচ্চেট ইন্ডিয়া'(Hachette India) নামৰ প্ৰকাশন‌ প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক থমাছ আব্ৰাহামে  সংবাদ মাধ্যমক জনাইছে যে -” From March 15 the publishers has had ‘zero sales’ in all categories, since books are not an essential catagory.” চিমন & স্কুস্টাৰ ইন্ডিয়া( Simon & Schuster India) নামৰ প্ৰকাশন‌ প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক ৰাহুল শ্ৰীবাস্তৱে কৈছে যে “Sales are severely impacted with the lockdown and as a result bookstores are returning books…”!

চেজ্ ইন্ডিয়া (Sage India)ৰ সঞ্চালক আৰ্থিক ডেভিডেও কৈছে যে “The lockdown has halted sales…”! অসমৰো আগশাৰীৰ বহু প্ৰকাশন প্ৰতিষ্ঠান একেই পৰিস্থিতিৰ চিকাৰ হৈছে। শতবৰ্ষ গৰকা অসমৰ এক বিখ্যাত প্ৰকাশক প্ৰতিস্থানৰ দুগৰাকী স্বত্ত্বাধিকাৰীয়ে অলপতে ওলোটাই প্ৰশ্ন কৰিছে – ‘এতিয়া আমি কি কৰো?’ 

অইন এখন প্ৰতিষ্ঠানৰ পৰিচালকে কৈছে যে কৰ’না আৰু লকডাউনৰ কালৰ কৰা বা পৰৱৰ্তী কালৰ কৰা বাদেই দিলো, বিমুদ্ৰাকৰণৰ কথাও বাদেই দিলো, এনেবোৰ ঘটনাৰ আগতেও অসমত মুষ্টিমেয় তিনিজনমান লেখকৰ কিতাপৰ বাহিৰে অইন কিতাপৰ বিক্ৰীৰ কথা বা কিতাপৰ বিষয়ে পাঠকসকলৰ আগ্ৰহৰ বিষয়ে ক’বলৈ গ’লে লাজেই লাগে, এখন উপন্যাস ৩০০ কপি বিক্ৰী হ’বলৈ অসমত ৩ বছৰমান লাগে, আনকি হেম বৰুৱাৰ দৰে নমস্য ব্যক্তিৰ সংসদৰ ভাষণাৱলীৰ ৫০০ খন‌ বিক্ৰী হ’বলৈ ৫ বছৰ লাগিল!

এনে অলেখ উদাহৰণ দিব পাৰি, তাতে আকৌ কৰ’না, লকডাউন,… এতিয়া দোকানখনত কিতাপৰ সলনি কি কি সামগ্ৰী ৰাখি সংসাৰ চলাব পাৰো তাকেই চিন্তা ‌কৰি আছো!

ছপাশালৰো অৱস্থা সম্পৰ্কে লুধিয়ানাৰ কমল গুপ্তাই কৈছে (তেওঁ ‘অল ইন্ডিয়া ফেডাৰেশ্যন অফ মাষ্টাৰ প্ৰিন্টাৰ্ছ’ৰ সভাপতি)-” If there are 250000 printers in India today, I can say more than 85% of these are facing financial difficulties due to combination of lockdown and Covid.” ছপাশাল উদ্যোগ বিষয়ক গুৰুত্বপূৰ্ণ আলোচনী ‘প্ৰিন্টউইক’-এ ভাৰতৰ বৃহৎ , মজলীয়া, ক্ষুদ্ৰ ছপাশালক লৈ কৰা এক সমীক্ষা অনুসৰি ভাৰতৰ ২৭.৩% ছপাশাল চিৰদিনলৈ বন্ধ হৈ‌ পৰাৰ সন্মুখত, ৩৬.৪% ছপাশালে কিবাকৈ চলি আছে, ১৩.৬% ছপাশালে সংকটৰ মোকাবিলা কৰিবলৈ আকস্মিক যোজনা হাতত লৈ বৰ্তিবলৈ প্ৰয়াস কৰিছে, আৰু ২২.৭% ছপাশালে মোটামুটি সাংঘাটিক অসুবিধাৰ সন্মুখীন নোহোৱাকৈ চলি আছে।

কিতাপ, ছপাশাল, বাতৰিকাকত, কাগজ কলঃ‌ ভয়ংকৰ সংকট সমগ্ৰ বিশ্বত
Bhabani Books, Panbazar, Guwahati ( File Pic)

বিমুদ্ৰাকৰণ, লকডাউন, কৰ’না, কাগজৰ নাটনি আৰু দুৰ্মূল্য, অকল্পনীয় ‌হাৰত জি.এছ.টি., বজাৰৰ অবিশ্বাস্য পতন, ইত্যাদি বিভিন্ন সমস্যাৰ পটভূমিত কাগজনিৰ্ভৰ উদ্যোগবোৰ আজি এক অভাৱনীয় প্ৰৱল সংকটৰ সন্মুখীন হৈছে আৰু পৰিত্ৰাণ পাবলৈকে এতিয়ালৈ কোনো পক্ষৰ পৰাই কোনোধৰণৰ দীৰ্ঘকালীন পৰিকল্পনা কৰাৰ প্ৰয়াস চকুত পৰা নাই হেতুকে ই এক ভয়ংকৰ ভৱিষ্যতৰ ইংগিত বহন‌ কৰিছে।

কিছুমান স্বয়ম্ভূ বিশেষজ্ঞ ( বিশেষ+ অজ্ঞ)ই দুই এঠাইত কোৱা বুলি শুনা গৈছে যে আমি এতিয়া সকলোৱে মিলি কিতাপ পঢ়িলে, বাতৰিকাকত পঢ়িলে, অশোক কাগজ কল খুলি ল’লেই সমস্যাটোৰ সমাধান হ’ব ( যিদৰে জ্যেষ্ঠ অতুল বৰাই মিঠাতেলৰ ব্যৱহাৰ বন্ধ কৰি সিজোৱা খাদ্য খাবলৈ কৈছিল বা বাইকত তিনিজন কৈ আৰোহী উঠি পেট্ৰ’লৰ মূল্যবৃদ্ধিক প্ৰত্যাহ্বান জনাব পৰা যাব বুলি বিজেপিৰ অসম মুলুকৰ সভাপতিয়ে ঘোষণা কৰিছিল) !

এনেধৰণৰ কথা কোৱাটো‌ সহজ, কোনো‌ খৰছ নাই, পঢ়া-শুনা কৰাৰো দৰকাৰ নাই, জিভাখন লৰালেই হ’ল ( মানুহে কথা ক’লে স্বৰতন্ত্ৰত প্ৰতি ছেকেণ্ডত ১০০ বাৰ বা অধিকবাৰ কম্পন হয়, সিমানেই; উদাহৰণঃ @ টক-শ্ব’ !); কিন্তু এনেবোৰ কথাৰে এই বিশ্বজনীন ‌সমস্যাটোৰ সমাধান ফৎকৈ কৰিব পৰা নাযাব। দীৰ্ঘকালীন পৰিকল্পনা কি কৰিব পাৰি সেই বিষয়ে আলোচনা, গৱেষণা চলি থাকক, কিন্তু আমাৰ এই মুলুকত তৎকালীনভাৱে কিতাপ- বাতৰিকাকত প্ৰকাশক, ছপাশাল উদ্যোগ ( অসমৰ এই উদ্যোগসমূহৰ সিংহভাগ আজিও অসমৰ থলুৱা‌লোকৰ নিয়ন্ত্ৰণাধীন) সমূহৰ ‘বেলেঞ্চ শ্বিট’ত ভেকচিন প্ৰয়োগ কৰিবৰ এয়াই উপযুক্ত সময়।

গতিকে, সভা পতাৰ নামত বৃহৎ বৃহৎ পেন্ডেল আদিত যিদৰে কোটি কোটি টকা ব্যয় কৰা হৈ আছে, হেলিকপ্টাৰ/চাৰ্টাৰ্ড বিমানত যিদৰে কোটি কোটি টকা ব্যয় কৰা হৈ আছে, মেল-মিটিঙত অনুৎপাদনশীল ব্যয় যিবোৰ হৈ আছে – সেই ধনৰ কিয়দংশৰ ‘ভেকচিন’ পুথিভঁৰালৰ বাবে গ্ৰন্হ ক্ৰয়, মহাবিদ্যালয়ৰ/বিদ্যালয়ৰ পুথিভঁৰালৰ বাবে গ্ৰন্হক্ৰয়, আলোচনী ছপাবলৈ পুঁজি যোগান, জি.এছ.টি. হ্ৰাস, আৰু এনেবোৰ ( এনে‌ বিভিন্ন ভেকচিনৰ বিষয়ে বিশেষজ্ঞসকলে চিন্তা কৰক, টক-শ্ব’ আছেই – ইমান চেনেল!) কৰ্মৰ সমান্তৰালকৈ ‘মেক্ৰ- ইক’নমিক ভেকচিন’ৰ বাবেও পৰিকল্পনা চৰকাৰে তথা অসম সাহিত্য সভা, বড়ো সাহিত্য সভা আদি বেচৰকাৰী সংগঠনবোৰেও হাতত ল’লে সাময়িকভাৱে সকলোৱে কিছু সকাহ পাব, আৰু ভৱিষ্যতৰ সপোন দেখাত সহায় হ’ব।

আৰু, আজিৰ সময়ত হয়তো নতুন প্ৰযুক্তিৰে মজলীয়া আকাৰৰ উন্নত মানৰ পৰিৱেশ অনুকুল কাগজকল অসমত কোনোবাই স্থাপন কৰিলে হয়তো সাংঘাটিক সাফল্য লাভ কৰিবলৈ সক্ষম হৈ অইনকো উৎসাহিত কৰি অসমে পেকেজিং তথা কিতাপ, বাতৰিকাকতৰ প্ৰয়োজনীয় কাগজৰ ক্ষেত্ৰতো নেতৃত্ব বহন কৰিবলৈও সক্ষম হ’ব তথা বহুত সমস্যা হয়তো সমাধান হৈ পৰিব।

কিতাপ, ছপাশাল, বাতৰিকাকত, কাগজ কলঃ‌ ভয়ংকৰ সংকট সমগ্ৰ বিশ্বত

হয়, পৃথিৱী সলনি হৈছে, পৰিৱৰ্তনৰ জোৱাৰ আহিছে, আমি প্ৰস্তুত হ’ব লাগিব; কিন্তু ভুকুতে কলটোও নপকে ! পৰিৱৰ্তিত বিশ্বৰ নাগৰিক হ’ব পৰাকৈ প্ৰয়োজনীয় আন্তঃগাথঁনিৰ হয়তো দুই বা তিনি শতাংশও অসমত এতিয়াও নাই; চৰকাৰী বিজ্ঞাপনৰ ঘোষণাই সৰ্বস্ব নহয়।

আন্তঃগাথঁনি, মানসিক প্ৰস্তুতি, উদ্যম, আগ্ৰহ, বজাৰ, ইত্যাদিৰ সৈতে বিজ্ঞাপনৰ ফোঁপজহী ঘোষণা একে নহয়। গতিকে, সাম্প্ৰতিক কালৰ বিশ্বৰ এই এক বিশেষ সংকটৰ মোকাবিলা কৰিবলৈ অবিলম্বে এক পদক্ষেপ গ্ৰহণ নকৰিলে কাগজ নিৰ্ভৰ জগতখনৰ অৱস্থা জাগীৰোডৰ কাগজ কল‌ বা অশোক কাগজ‌ কলৰ দৰে হৈ পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি!

এইখিনিতে বিশেষজ্ঞ( বিশেষ+অজ্ঞ) কেইজনমানৰ জ্ঞাতাৰ্থে জনাও যে  তেওঁলোকে এতিয়া য’তে ত’তে ‘ই-বুকেই একমাত্ৰ ভৱিষ্যত’ বুলি কৈ‌‌ ফুৰিছে যদিও বিখ্যাত প্ৰকাশন গোষ্ঠীসমূহৰ মন্তব্য অনুসৰি -“Indian book market to be worth $ 6.7 billion – India has third-largest English language market in the world….e-books comprise 4-5% of total sales…e-books means rampant piracy..” (Nielson Books, etc).

অধিক দীঘল নকৰোঁ।

এই অভাজনৰো বাতৰিকাকত, ছপাশাল, কিতাপ আদিৰ সম্পৰ্ক তথা অভিজ্ঞতা দুকুৰি বছৰৰো অধিক হেতুকে এই সংকটক লৈ ব্যক্তিগত ভাবে গভীৰ উদ্বিগ্নতাৰে সংশ্লিষ্ট মহলক আবেদন জনাব বিচাৰো ( তথা সকলো শুভবুদ্ধিসম্পন্নৰ সমৰ্থন আৰু সহযোগিতা বিচাৰো, লেখক-পাঠক সকলোৰে সমৰ্থন আৰু সহযোগিতা বিচাৰো) যে মানসিক খাদ্য হিচাপে অতুলনীয় গুৰুত্বপূৰ্ণ সামগ্ৰী কিতাপৰ দোকানক, কিতাপৰ প্ৰকাশকৰ ব্যৱসায়ক, কিতাপ ছপোৱা তথা বহুত অপৰিহাৰ্য সেৱাৰ সৈতে যুক্ত আৰু সভ্যতাৰ অনন্য চকা ছপাশাল উদ্যোগক অবিলম্বে ”অত্যাৱশ্যকীয় সামগ্ৰী/সেৱা”( Essential Commodity/Service) বুলি ‌ঘোষণা কৰা হওক আৰু এই জগতখনৰ ভয়ংকৰ পৰিস্থিতি চম্ভালিবলৈ আন্তৰিকতাৰে প্ৰয়াস কৰা হওক।

15th November, 2021

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

দেশে দেশে ফুটবল
ASSAMESE SECTION

দেশে দেশে ফুটবল

by HANID R BHUYAN
July 19, 2026
0

দেশে দেশে ফুটবল HISTORY OF FOOTBALL হানিদ ৰঞ্জন ভূঞা বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক যোৱা শতকজুৰি সন্মোহিত  কৰি ৰখা খেলবিধেই হৈছে ফুটবল। পৃথিৱীৰ ...

Read moreDetails
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 18, 2026
নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

July 17, 2026
“Paromanawik Samay” !

“Paromanawik Samay” !

July 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
ukraine1 4

 Putin simply couldn’t care less about any peace talks!

July 19, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37661 shares
    Share 15064 Tweet 9415
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17089 shares
    Share 6836 Tweet 4272
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2321 shares
    Share 928 Tweet 580
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    242 shares
    Share 97 Tweet 61
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6754 shares
    Share 2702 Tweet 1689
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Mahabahu Climate Forum Experience: Seven Days of Climate Learning

    110 shares
    Share 44 Tweet 28
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d