• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural

কিম্বদন্তি আৰু জনশ্ৰুতিত তিৱা বা লালুং জাত্যাদিৰ অভিধা

-প্ৰহ্লাদ কুমাৰ মছৰং

by Anjan Sarma
July 6, 2021
in Cultural, Special Report
Reading Time: 2 mins read
0
কিম্বদন্তি আৰু জনশ্ৰুতিত তিৱা বা লালুং জাত্যাদিৰ অভিধা
Share on FacebookShare on TwitterShare on LinkedIn

-প্ৰহ্লাদ কুমাৰ মছৰং |

“নানা জাতি বৰ্ণৰে পৰিপূৰ্ণ বৰ্ণাঢ্য অসমৰ আমি আটায়ে অসমীয়া। অনৈক্যৰ মাজতো ঐক্য”। ঐক্য-সংহতি অসমীয়া জাতীয় সমাজ জীৱনৰ চহা আঢ্য গাথা। জাতি, মাটি, ভেটি আৰু স্বৰাজ স্বাভিমান-অহংকাৰ বদ্ধনকাৰী অসমীয়া সমাজত প্ৰভাৱ পেলোৱা চহকী ঐক্য-সংহতি, কৃষ্টি-সংহতি, ভাষা-সাহিত্য আৰু পৰম্পৰা-লোকাচাৰৰ অভিধা ঐতিহ্যয়ে সহৃদ স্পন্দন গাথা বান্ধি ৰাখিছে। তাতেই আমি অসমীয়াৰ অৱলেপ দৃষ্টিৰ নিৰ্জীৱ পৰিচয়। আমি অতি পুৰণি চহকী আভিজাত্য সম্পদেৰে অভিলেক্ষ এক ভাৰতীয় সভ্যতাৰ অন্য চানেকি। গৰ্বিত পৰিচয় অসমীয়া জাতীয় জীৱনৰ নিতুল আধাৰ। ভাৰতীয় তথা বিশ্বদৰবাৰত চহকী সম্পদৰ পৰিচয় বহন কৰা আমাৰ জাতিৰ দৰ্প এই অৱলেপ-অভিমানবোৰেই অসম আৰু অসমীয়া জাতিসত্তাৰ স্বাভিমান। প্ৰকৃতি আৰু মানুহৰ প্ৰভেদহীন সহাৱস্থানত গঢ় লোৱা অসমীয়া জাতিসত্তাৰ এক নিৰলা পৰম্পৰা। নিৰলা প্ৰকৃতিৰ বিনন্দীয়া সাজত ভাৰতীয় সভ্যতাত উত্তৰ-পূৰ্বাঞ্চল অন্যতম বৰ্ণিলতাৰ জীপাল পটভূমি। পৰ্বত-পাহাৰ, নদ-নদী, জান-জুৰি, বিল-খাল, শ্যামলা পথাৰৰ ৰম্য-বন্য ভূমিৰ বিশাল সৌন্দৰ্য সম্ভাৰ, স্ৰষ্টা অভিধাৰ দস্তাবেজ। প্ৰকৃতিৰ সুস্থল, নৈপাৰ, পাহাৰ, বন্যপীঠ আৰু জান-জুৰিৰ ভৈয়ামেই এইখন অসমভূমি নিৰ্ভয়ৰ ৰসাল বসবাসীৰ আশ্ৰয়ভেটি। প্ৰকৃতিৰ আশ্ৰয় আৰু প্ৰশ্ৰয়ক পিতৃ-মাতৃ জ্ঞানেৰে সমৃদ্ধ স্বীকাৰ এই দেশৰ জীৱশ্ৰেষ্ঠৰ অন্য এক বৈশিষ্ট্য। প্ৰকৃতিৰ জীপাল পৰিৱেশক সাৰোগত কৰি সৃষ্টি হোৱা জীৱন প্ৰণালীৰ সম্বল এক এৰাব নোৱৰা পাৰিবাৰিক তথা পাৰস্পৰিক সম্পৰ্ক। হয়তো তাতেই জড়িত হৈ আছে জীৱন, জীৱিকা আৰু নিৰাপদ ব্যৱস্থা। প্ৰকৃতিৰ পৰিৱেশ আৰু অৱস্থান-অৱস্থিতি অনুধাৱনেৰে বসবাসী জীৱন প্ৰণালীতেই গঢ় লৈছিল বৰ্ণগোষ্ঠীয় সভ্যতা, সংস্কৃতি আৰু পাৰস্পৰিক স্থায়িত্ব। সুকীয়া গোষ্ঠীয় জীৱন আৰু পৰিৱেশ প্ৰণালীয়েই আছিল এখন সমাজৰ উমৈহতীয়া ৰীতি-নীতি নাইবা পৰম্পৰা। ভৌগোলিক অৱস্থানেৰে জীৱন-জীৱিকাৰ উৎস বিচৰাৰ সন্ধানী কৰ্মপন্থা, বিশেষ সম্বল হিচাপে এখন এখন ঠাইৰ নিৰ্দিষ্ট জনবসতিৰ আৰু উৎসৰ উপাদানস্থলী হিচাপে নিৰূপিত কৰি গঢ় লৈছিল। নৈ-কাষৰীয়া অঞ্চল, পাহাৰৰ দাঁতি-কাষৰীয়া বা পাহাৰ নাইবা বনাঞ্চল, ভৈয়ামৰ অনুকূল-প্ৰতিকূল অৱস্থা-পৰিৱেশকো উপযোগী স্থান হিচাপে গণ্য হৈছিল। সেই তেনে অনুকূল-প্ৰতিকূল পৰিৱেশতে সুকীয়া জীৱনশৈলী সত্তাৰে গঢ় লোৱা জাতি-উপজাতিৰ এইখন বৰ্ণিল অসম আৰু অসমীয়া বৰস্তূপৰ বৰ্ণগাথা সত্তা হ’ল জনজাতি তিৱা (লালুং)সকল। ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ অসম তথা মেঘালয় তিৱা (লালুং) জনগোষ্ঠী জনজাতিসকলে নিজত্ব ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি, পৰম্পৰা-লোকাচাৰৰ অনৱদ্য চহকী চানেকিৰ অভিধা-সম্ভাৰে ভৌগোলিক অৱস্থিতিৰ প্ৰশ্ৰয়ত জীৱন নিৰ্বাহ কৰে। মেঘালয় ৰাজ্যৰ বিভিন্ন জিলা (ৰই-ভই), অসমৰ মৰিগাঁও, নগাঁও, কাৰ্বি-আংলং, হোজাই, কামৰূপ, ধেমাজি, শোণিতপুৰ, লখিমপুৰ, তিনিচুকীয়া জিলাত বিস্তৃত আৰু কম-বেছি জনগাঁথনিত বসবাস কৰে।

            অতি প্ৰাচীন প্ৰবাদ মতে মহাদেৱে পাৰ্বতীৰ কু-বাক্যত কৈলাসৰপৰা দক্ষিণ (জয়ন্তীয়া) ধ্যানত মগ্ন আছিল। ধ্যানৰ শেষত বিষ্ণুৰ নাম-জপি ঘূৰি ফুৰোতে য’ত ডম্বৰু সৰি পৰিছিল ত’ত নীল নামে এটি হ্ৰদৰ সৃষ্টি হৈছিল। সেই হ্ৰদৰ জল তেওঁৰ মুখত পৰাত মহাদেৱৰ জ্ঞান ফিৰি আহে আৰু হ্ৰদলৈ কটাক্ষ দৃষ্টি নিক্ষেপ কৰাত হ্ৰদৰপৰা ‘লালুং’ নামে এটি দেৱশিশুৰ আৱিৰ্ভাৱ হয়। শিৱই দেৱশিশুটি গংগা দেৱীক দায়িত্ব অৰ্পি কৈলাসলৈ গমন কৰিলে। ইয়াত ‘লুং’ আৰু ‘লা’ৰ অৰ্থ ক্ৰমে শিৱৰ (ফামহাদেউ) শৰীৰৰপৰা নিৰ্গত হোৱা এধাৰ ৰস, মাটি, পানী, বায়ুৰ মিশ্ৰিত এটি জীৱ বা দেৱতাশক্তি। এই লুংলাদেৱৰ ঔৰসত বুঢ়ী আৰি ভাগৱতীৰ অন্য ৰূপ জয়ন্তী দেৱীৰ গৰ্ভত ‘লেহী’, ‘হিলালী’ আৰু ‘লাই’ নামে তিনিগৰাকী কন্যা জন্ম হয়। এই তিনিগৰাকী কন্যাৰ কু-কৰ্মত পিতা লুংলাদেৱে অভিশাপ দিছিল যে, লেহীয়ে ‘লালুং’ হিলালীয়ে ‘বড়ো’ আৰু লাইয়ে ‘মিকিৰ’ জাতিৰ জন্ম দিব। সেই লুংলাদেৱৰ তিনিও কন্যা লাই, হিলালী আৰু লেহী বাই-ভনী সন্তানসকলৰ মাজত এক অংগাংগিক সম্বন্ধ জড়িত হৈ আছে। সেই ঘনিষ্ঠ আৰু পাৰস্পৰিক সম্বন্ধৰ এটি গীতত ফুটি উঠা কথাৰে জড়িত হৈ আছে।

“লালুঙৰ লেলেপাং (বড়ো) কছাৰী কেলেপাং মিকিৰৰ ঘনে ঘনে গাঁঠি।

ধৰিও নাৰাখো খেদিও নপঠাওঁ, ঢৌকে পুৱাই যাক ৰাতি।”

মহাদেৱৰ কটাক্ষ দৃষ্টিত নীল হ্ৰদত জন্ম লভা ‘লুংলা’দেৱৰ নাম অপভ্ৰংশ আৰু সৃষ্টি পিতৃ পৰিচয় ‘লালুং’ হয় বুলি কথিত আছে। মহাদেৱৰপৰা সৃষ্টি হোৱা লালুংসকলে নিজকে মহাদেৱৰ বংশোদ্ভৱ আৰু ‘ফা’ (পিতৃ) মহাদেউ বুলি গৌৰৱ পৰিচয় বহন কৰে।

লালুংসকলে নিজকে পৰিচয় দিওঁতে তিৱা-ছা’ বা তৱা পিছা’ বুলি কয়। লালুং তিৱাত ‘তি’ মানে পানী ‘ৱা’ মানে মাতৃ আৰু ‘ছা’ মানে সন্তানক বুজাইছে। তেনেদৰে ‘লালুং’-‘তিৱা’ (টিৱা) একে অৰ্থতে দুয়োটি শব্দ প্ৰয়োগ আৰু ব্যৱহাৰ হৈছে। ‘লা’ৰ অৰ্থ পানী (জল), লুঙৰ অৰ্থ মাতৃ-পিতৃক একে অৰ্থতে বুজাব। এই অৰ্থত ‘তিৱা’ (পানী) নৈ, জান-জুৰি, বিল প্ৰকৃতিক মাতৃ হিচাপে গণ্য কৰি নিজকে তাৰে সন্তানৰ পৰিচয় বহন কৰিছে। বহুজন লেখক, গৱেষকসকলৰ মতামতৰ সামঞ্জস্যলৈ আহিলে দেখিম ‘তি’ শব্দই পানী আৰু ‘ৱা’ শব্দই মানুহ বুজায়। গুৰুত্বপূৰ্ণ কথা যে, ‘লালুং’ শব্দৰ ‘লা’ আৰু ‘লুং’ আৰু ‘তিৱা’ শব্দৰ ‘ত’ আৰু ‘ৱা’ অৰ্থৰ সামঞ্জস্য সমিল আছে। অৰ্থাৎ দুয়োটা ‘পানী’ আৰু পানীৰপৰা উদ্ধাৰ হোৱা ‘মানুহ’ বা ‘পানীৰ মানুহ’ অৰ্থ বুজাইছে। আৰু সভ্যতাৰ জৰিয়তে প্ৰব্ৰজনৰ ইতিহাসক নদী সভ্যতাৰ সৈতে যুক্তিসংগতভাৱে প্ৰতিপন্ন কৰিব পাৰো। গতিকে আমি নিঃসন্দেহে ক’ব পাৰো ‘লালুং’ আৰু ‘তিৱা’ শব্দত কিম্বদন্তি, জনশ্ৰুতি, ঐতিহাসিক তথ্যসমূহেই তিৱা জাতিৰ অতীত পৰিচয় দাঙি ধৰিছে। তলত তাৰে কেইটামান যুক্তিগত মতামত আৰু ঐতিহাসিক তথ্য দাঙি ধৰিব খুজিছো।

যথা — লেখক অনিল কুমাৰ বৰুৱাই তেখেতৰ “The Lalungs (Tiwas)” গ্ৰন্থত উল্লেখ কৰিছে— “The original Tribal name of the lalung community was ‘Tiwa’. ‘Ti’ in Lalung dialect means Water, ‘Waa’ means great, noble, high elevated from this end their Coustant reference of water and river in their religious deities it is observed by the historians, that the lalungs were originally living on the bank of holly river.”

লেখক ড৹ গণেশ চন্দ্ৰ শৰ্মা ঠাকুৰে তেখেতৰ “The Lalungs (Tiwa)” গ্ৰন্থতো এনেদৰে মন্তব্য কৰিছে— “The Lalungs prefer to called themselves as Tiwa; the name Lalung, they opine, was given by non Lalungs, ‘Ti’ means water and ‘Wa’ means superior” খাচিয়া-জয়ন্তীয়াসকলে তিৱা ‘লালো’ আৰু কাৰ্বিয়ে (মিকিৰ) ‘লালুং’ বুলি কয়। ‘লাং’ আৰু ‘লো’ ল’ বা ‘পু’ বা ‘পু’ শব্দই ক্ৰমে পানী আৰু সন্তানক বুজায়। অৰ্থাৎ পানী ঠাইৰ সন্তান আৰু মানুহ।

মংগোলীয়ান গোষ্ঠীৰ অষ্ট্ৰিকসকল খ্ৰীষ্টপূৰ্ব ৪৫০০ ত ভাৰতৰ উত্তৰ-পূব কোণেদি চীন দেশৰপৰা কামৰূপলৈ প্ৰব্ৰজন হৈছিল। তেওঁলোকৰ ফৈদৰ এটি দল ব্ৰহ্মদেশৰপৰা আহি টিয়া নামে প্ৰদেশত বাস কৰে, যাক চিনাটিয়াং বা জিনাটিয়া—চিনটেং বা জিণ্টে—জয়ন্তীয়া নামহে অভিহিত হৈছিল। এই জয়ন্তীয়া শব্দৰ শেষৰ তীয়া আখৰ দুটিৰপৰা ‘তিৱা’ বুলি ধাৰণা কৰে। কাৰণ তিৱাসকল জয়ন্তীয়াসকলৰেই বৰ্তি বংশধৰ। কথিত আছে, তিৱাসকল জয়ন্তীয়াৰপৰা গুচি আহোতে বগা কোমোৰা কাটি শপত খাই আহিছিল এই বুলি আজিৰপৰা আমি তহঁতৰ মুখ নাচাওঁ, বগা কোমোৰা ভক্ষণ নকৰো। সেয়ে অদ্যপি হাজোৱালী তিৱাৰ কোনো কোনো ফৈদে বগা কোমোৰা ভক্ষণ নকৰে। তিৱা বা তিফ্ৰাসকল একে জাতি বৰ্ণৰ মানুহ। ত্ৰিবেগ ৰাজ্যৰ পঞ্চদশ ৰজা ত্ৰিপুৰে সুদৃঢ় ভাবত ৰাজশাসন কৰিব নোৱৰাত প্ৰজাসকলে চুবুৰীয়া ৰাজ্যত বাহৰ পাতে। ৰজা ত্ৰিপুৰক আততায়ীয়ে হত্যা কৰাত পুতেক ত্ৰিলোচন ৰজা হয়। ত্ৰিলোচনৰ মৃত্যুৰ পিছত দক্ষিণে ৰাজপাটত বহে। জ্যেষ্ঠ পুত্ৰ হিচাপে দিকপতিয়ে পিতৃৰাজ্যৰ অধিকাৰী হ’বলৈ দাবী জনায়। ফলত ভাতৃদ্বয়ৰ মাজত ঘোৰতৰ ৰণ হয়। যুদ্ধত দক্ষিণ হুঁহকি গ’লত প্ৰজাবৰ্গৰে সৈতে বৰাইল পৰ্বত পাৰ হৈ বৰাক উপত্যকাত ৰাজ্যপাতি বসবাস কৰিবলৈ লয়। সেই ৰাজ্যৰ ৰাজধানীৰ নাম ৰাখিছিল খলংমা। খলংমা বৰ্তমান শিলচৰ নগৰৰ পূবে নাতিদূৰৈত। পৰৱৰ্তী কালত এই তিফ্ৰা ফৈদেই তিপৰা-ত্ৰিপুৰা ৰাজ্য গঠন কৰে। ওপৰত উল্লিখিত দিকপতি দক্ষিণৰ যুদ্ধত ৰাজ্যৰপৰা ভগনীয়া লোকসকলে জয়ন্তীয়া আৰু নিজ ৰাজ্যত থকা কছাৰী ৰজাৰ তলতীয়া হ’ল। জয়ন্তীয়া ৰাজ্যলৈ গুচি অহা লোকসকলকেই শেহলৈ ‘তিৱা’ বুলি কোৱা হয়। ১৮৩৫ খ্ৰীষ্টাব্দত জয়ন্তীয়া ৰাজ্য ইংৰাজৰ অধীনলৈ যায়।

আগতে ‘তিৱা লিৱিং’ বা ‘তিৱা লিবুং’ বুলি পৰিচয় দিছিল। তিৱা ভাষাত ‘লিবং’ বা ‘লিবিং’ মানে মানুহ। কালক্ৰমত তিৱা শব্দ লুপ্ত হৈ ‘লিবং’ বা ‘লিবিং- লালুং শব্দৰ উৎপত্তি হয়। তিৱা বা লালুং জনজাতিৰ উৎপত্তি সংক্ৰান্তত শ্ৰীশ্ৰী আদিযামাল নামৰ ধৰ্মপুথিখনতো নিতান্ত চমুকৈ এটি তথ্য সন্নিৱিষ্ট হৈছে— ‘‘লালটিত হন্তে ভৈলা লালুং উৎপত্তি”। আকৌ লিখিছে— “মহাদেৱৰ লালটিৰপৰা জন্ম হোৱা বাবে পাঁচজন দেও মুনুচৰ ‘লালুং’ নামে অভিহিত হ’ল। লগতে তেওঁলোকৰ নাতি-পুতিসকলো লালুং বুলি জনাজাত হ’ল।’’ দীনকৰুণাময় হৰিপদ দেৱগোস্বামীৰ ‘ৰূপহীৰ পুৰাবৃত্ত’ গ্ৰন্থত উল্লিখিত তথ্য মতে, ‘লা’ মানে নদী পাৰ আৰু ‘লুং’ মানে গুচি অহা অৰ্থাৎ নদীৰ পাৰে পাৰে আহি বসবাস কৰাসকলেই ‘লালুং’ বুলি অভিহিত কৰাৰ কথা উল্লেখ কৰিছে। তেখেতৰ মতে, আমাৰ পূৰ্বপুৰুষসকলে হাতী ধৰাত বৰ পাকৈত আছিল আৰু বন্দী কৰা বনৰীয়া হাতীবোৰক অতি সহজে বশ বনাব পাৰিছিল। ধৰিব পৰা হাতীবোৰক লোঙত অৰ্থাৎ হাতী সোমাব পৰা ঠেক দ গাঁতত সুমুৱাই দাঁতৰ মুখত লাংমাৰি অৰ্থাৎ নঙলা বা শলখা মাৰি হাতীটো কোনোফালে যাব নোৱৰা কৰা আৰু পিছত নিজস্ব কায়দা আৰু পদ্ধতিৰে অতি সহজে বশ কৰোৱা হয়। কালক্ৰমত এই ‘লাং’ আৰু ‘লুং’ শব্দৰপৰাই লালুং শব্দৰ উৎপত্তি হ’ল আৰু লাং লুঙেৰে হাতী শিকোৱা মানুহবোৰকে লাংলুং বা লালুং আখ্যা দিয়া হয়। ‘The Lalung Society’ নামৰ গ্ৰন্থত উল্লেখ থকা তথ্য অনুসৰি লেখক গণেশ চন্দ্ৰ সেনাপতিয়ে লিখিছে— মান আক্ৰমণৰ সময়ত তিৱাসকলে প্ৰাণ বচাবলৈ পূবফালৰপৰা কলং নদী পাৰ হ’বলৈ যত্ন কৰোতে কলঙত ডুবি যায় আৰু তেতিয়া কাৰ্বি (মিকিৰ)সকলে তিৱাসকলক কলঙৰপৰা উদ্ধাৰ কৰিছিল। তেতিয়াৰপৰাই কাৰ্বিসকলে লালুং (পানীত ডুবা লোক) বুলি ক’বলৈ ধৰে। ‘তিৱা লিবিং’ বা ‘তিৱা লিবুং’ৰ অপভ্ৰংশ হৈ ‘লালুং’ হোৱা খাচিয়াসকলে তিৱাসকলক ‘লালুং’ বুলি কোৱা, টাই আহোম ভাষাত ‘লা’ শব্দই ভটিয়াই যোৱা আৰু ‘লুং’ শব্দই ডাঙৰ দল বুলি কোৱা তথ্যাদিবোৰ আন লেখকসকলৰ দৰে গণেশ সেনাপতিদেৱেও যথাস্থানত উল্লেখ কৰিছে। বীৰেন্দ্ৰ কুমাৰ গোহাঁইৰ “The Hill Laungs” গ্ৰন্থত লালুং আৰু তিৱা শব্দৰ উৎপত্তি সম্পৰ্কত উল্লেখ কৰিছে— “The Karbis used to call the people living on the south of the river Brahmaputra us Lalung. According to the Lalungs of the plains, the river Brahmaputra gave shelter to the wandering people who came to be known as Lalungs. According to the Hill Lalungs, the word Lalung is derived from the compound Lalung in Karbi which means ‘Light blue water’. Author version has it that the people came to known as Lalungs when they left their original home and took shelter beside the river nilalung howing through the present Karbi Anglong District. As the people lived on the bank of the river Nilalung, tributary of the river Dayang, they got the name Lalung”। এই তথ্য পাহাৰীয়া তিৱাসকলে গ্ৰহণ কৰিবলৈ আগ্ৰহী নহয়। তেখেতে পুনৰ উল্লেখ কৰিছে—“The Hill Lalung hold that the word Lalung is derived from the word ‘Libing’ or ‘Libung’ or ‘Libang’ which, over the years got phonetically changed to Lalung”। তিৱাসকলে ঐতিহাসিকভাৱে তিব্বতৰপৰা প্ৰব্ৰজিত হৈ আহি তিব্বতীয়া হিচাপে পৰিচিত হৈ পৰৱৰ্তী সময়ত ‘তিৱা’ হিচাপে জনাজাত হয় বুলি ড৹ গণেশ চন্দ্ৰ শৰ্মা ঠাকুৰৰ গ্ৰন্থ ‘The Lalungs (Tiwa)’ ত উল্লেখ কৰিছে— “probably ‘Tiwa’ derives its origin to the term ‘Tibbatia’ meaning people from Tibbet. In course of time this ‘Tibbatia might have changed to ‘Tiwa’. It is believed that in ancient times the three great divisions of the Bodos namely ‘Tifra’, ‘Tiwa’ and ‘Dimasa’ lived along the banks of a lake near Tibbet. In course of time they entered Assam through the north east passes. The local people could not pronounce ‘Tifra’ and thus in their tongu ‘Tifra’ become ‘Tippera’, Tiwas.” তিৱা নামৰ প্ৰচলন আৰু ইয়াৰ অন্তৰালত থকা ঐতিহাসিক প্ৰব্ৰজনৰ ঘটনাক্ৰমে তিৰ্ব্বতধৰ্মী ভাষা পৰিয়ালৰ লোকসকল এনেদৰে যুক্তি দাঙি ধৰিছে। লেখক বীৰেন্দ্ৰ কুমাৰ গোহাঁইৰ “The Hill Lalungs”ত এনেদৰে মত দাঙি ধৰিছে—“It also said that in ancient times, the three freat divisions of the Bodos namely Tifra, Tiwa and Dimasa, used to live along the bank of a lake near Tibet before migrating to Assam and the local people called Tifra as tipper and Tiwas as Lalung.” উল্লিখিত লেখকসকলৰ তথ্য আৰু মতামতসমূহৰ জৰিয়তে এই কথা স্পষ্ট যে, অতীতত তিৱাসকল চীন দেশৰপৰা যাক মংগোলীয়ান গোষ্ঠীমূলৰ বুলি কোৱা হয়, ক্ৰমান্বয়ে আহি তিব্বত পাদদেশত বসবাস কৰিছিল আৰু এটা সময়ত অসমলৈ প্ৰব্ৰজিত হৈছিল।

শেষত বহুকেইজন লেখক, গৱেষক, পৌৰাণিক ঐতিহাসিক প্ৰবাদ আৰু জনশ্ৰুতিৰ যুক্তি আৰু মতামতৰ সামঞ্জস্যত ‘তিৱা’— ‘লালুং’ শব্দৰ পৰিচয় বা অভিধানত উল্লেখ থকা তথ্যবোৰেই সত্যতাৰ সমৰ্থন যোগ্য বিচাৰ কঢ়িয়ায়। গতিকে আমি এই মতত উপনীত হ’ব পাৰো যে, লালুং আৰু তিৱা শব্দত থকা কিম্বদন্তি, জনশ্ৰুতিৰ ঐতিহাসিক তথ্যসমূহেই তিৱা জাতিৰ অতীত পৰিচয় দাঙি ধৰিছে। (খিলঞ্জীয়াৰ সৌজন্যত)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: তিৱা বা লালুং জাত্যাদি
Anjan Sarma

Anjan Sarma

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 12, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

July 5, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

July 4, 2026
India’s Progress Highlighted in SDG Report 2026

India’s Progress Highlighted in SDG Report 2026

July 2, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 30, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d