• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Reviews Book

কিয় ১০ লাখ শিক্ষাৰ্থীৰ পৰীক্ষা অনিৰ্দিষ্ট কাললৈ বন্ধ শ্ৰীলংকাত?

কাগজৰ সংকট: পৰীক্ষা অনিৰ্দিষ্ট কাললৈ বন্ধ শ্ৰীলংকাত

by Anjan Sarma
March 23, 2022
in Book, Economy, News, Newspaper, Printing, Special Report, Uncategorized, World
Reading Time: 1 min read
0
কিয় ১০ লাখ শিক্ষাৰ্থীৰ পৰীক্ষা অনিৰ্দিষ্ট কাললৈ বন্ধ শ্ৰীলংকাত?
Share on FacebookShare on TwitterShare on LinkedIn

পৰীক্ষা অনিৰ্দিষ্ট কাললৈ বন্ধ শ্ৰীলংকাত

• দিলীপ দৈমাৰী

RelatedPosts

How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

March 14, 2026

এক অকল্পনীয় অধ্যায় সমগ্ৰ বিশ্বতে আৰম্ভণি হ’বলৈ আৰম্ভ কৰিছে। সেয়া হ’ল কাগজৰ সংকট। সমগ্ৰ বিশ্বৰ কাগজ কলবোৰৰ উৎপাদন এতিয়া ক্ৰমান্বয়ে স্তিমিত হৈ পৰিবলৈ ধৰিছে। তাৰে প্ৰভাৱ অসমকে ধৰি ভাৰতবৰ্ষ উপমহাদেশৰ বিভিন্ন স্থানত যিদৰে পৰিবলৈ ধৰিছে, অষ্ট্ৰেলিয়াৰ পৰা আমেৰিকা পৰ্যন্ত সকলোতে সেই প্ৰভাৱৰ চিহ্ন প্ৰত্যক্ষ হৈছে। ইতিপূৰ্বে কিতাপ, ‘ছপাশাল, বাতৰিকাকত, কাগজ কলঃ ভয়ংকৰ সংকট সমগ্ৰ বিশ্বত’ শীৰ্ষক এক লেখা মহাবাহুত কিছু সপ্তাহ আগেয়ে প্ৰকাশ কৰা হৈছিল [ https://wp.me/p8cDQ4-1sc] আৰু সেই লেখাত কিছু গুৰুত্বপূৰ্ণ তথ্য ডাঙি ধৰা হৈছিল। যিসকল লোক ছপাশাল, বাতৰিকাকত, প্ৰকাশন সংস্থা আদিৰ সৈতে জড়িত – তেওঁলোকে প্ৰত্যক্ষ ভাবে গম পাইছে যে ‘কাগজ’ এতিয়া কেনে মহাৰ্ঘ হৈ পৰিছে। অসমত সম্প্ৰতি এটাও কাগজ কল সক্ৰিয় হৈ থকা নাই, আৰু অদূৰ ভৱিষ্যতে সক্ৰিয় হোৱাৰো কোনো ইঙ্গিত নাই। অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পটভূমিত ১৯৮৫ চনৰে পৰাই যোগীঘোপাৰ ‘অশোক কাগজ কল’ শব্দ তিনিটা বহু হাজাৰ বাৰ ব্যৱহাৰ হ’ল, কিন্তু ‘গালো, বালো, খোলাকুটিৰ তাল’! জাগীৰোডৰ কাগজ কলৰ বিষয়ে, কাছাৰৰ কাগজ কলৰ বিষয়ে চৰ্বিত- চৰ্বন কৰিও কোনো লাভ নাই। মূলতঃ, অসমত এতিয়া কাগজ উৎপাদন নহয় আৰু অসম এতিয়া কাগজৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে অইনৰ ওপৰত নিৰ্ভৰশীল। এনে এক পটভূমিত ছপাশালৰ, গ্ৰন্থ প্ৰকাশকৰ, বাতৰিকাকতৰ প্ৰকাশন গোষ্ঠীৰ যি জ্বালা – সেয়া সকলোৱে অনুভৱ কৰিব নোৱাৰে; তাতে আকৌ ছপাকামৰ ওপৰত জি.এছ.টি. লগোৱা হৈছে ১৮% ! ইয়াৰে লগতে, কাগজৰ দাম প্ৰতি কিলোত প্ৰায় ৫০ টকাকৈ বৃদ্ধি পাইছে ‘লক-ডাউন’ চলা সময়তকৈ। যি কাগজৰ দাম আছিল আগতে প্ৰতি কিলোত ৬০ টকা, এতিয়া সেই কাগজৰ দাম ১১০ টকা! এই মাহটোতেই ভাৰতত কাগজৰ দাম বৃদ্ধি হৈছে প্ৰতি কিলোত ২৬ টকা! সেয়েহে, আগন্তুক দিনবোৰত গ্ৰন্থ, আলোচনী, বাতৰিকাকত, পাঠ্যপুথি, প্ৰসঙ্গপুথি আদিৰ জগতখনত কি দেখা পোৱা যাব – ভাবিবলৈও শংকা হয়। ইয়াৰ লগতে বিদ্যুতৰ নিৰিখ বৃদ্ধি, পেট্ৰল- ডিজেলৰ মূল্যবৃদ্ধি আদিয়েও কাগজৰ জগতখনক অধিক সংকটত পেলাইছে।

অসমৰ ক্ষেত্ৰত কি হয় – বিজ্ঞসকলে চিন্তা কৰিব, কিন্তু এই লেখাত ভাৰত উপমহাদেশৰ চুবুৰীয়া শ্ৰীলংকাৰ সাম্প্ৰতিক পৰিস্থিতি আমি ডাঙি ধৰিবলৈ আগবাঢ়িছো।

cancelled
https://kiddaan.com

কৰ’না মহামাৰীৰ প্ৰকোপত সমগ্ৰ বিশ্বতে বহুমাহ ধৰি স্কুল – কলেজ – পৰীক্ষা আদি বন্ধ হৈ আছিল। কিন্তু ইমানদিনৰ পিছত স্কুল – কলেজ খুলিল যদিও শ্ৰীলংকাত পুনৰ অনিৰ্দিষ্ট কাললৈ পৰীক্ষা বাতিল কৰা হ’ল। এই ‘বাতিল’ কৰ’নাৰ বাবে নহয়, এই বাতিলৰ বাবে দায়ী কাগজৰ সংকট। কাগজৰ সংকটৰ বাবে সমগ্ৰ শ্ৰীলংকাৰ ১০,০০,০০০ শিক্ষাৰ্থীৰ বাবে হ’বলগীয়া পৰীক্ষা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হ’ল। ২১ মাৰ্চ, ২০২২, সোমবাৰৰ পৰা শ্ৰীলংকাৰ বিভিন্ন স্কুলত পৰীক্ষা হোৱা কথা আছিল। কিন্তু কাগজৰ সংকট হেতুকে শ্ৰীলংকাৰ চৰকাৰে এনে অকল্পনীয় সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে বুলি সংবাদ সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছে। কাৰণ শ্ৰীলংকাৰ চৰকাৰৰ শিক্ষা বিভাগৰ গুদামত কাগজ নাই, আৰু বিদেশৰ পৰা কাগজ আমদানি কৰিবলৈও শ্ৰীলংকাৰ চৰকাৰৰ হাতত প্ৰয়োজনীয় ধন নাই। বৰ্তমান শ্ৰীলংকা এক ভয়ংকৰ আৰ্থিক পৰিস্থিতিৰ মাজত ককবকাই আছে, আৰু শ্ৰীলংকা স্বাধীন হোৱাৰ পিছৰে পৰা এনে পৰিস্থিতি কেতিয়াও হোৱা নাছিল।

মূলতঃ শ্ৰীলংকাই কাগজ আমদানি কৰে। চিয়াঁহীও আমদানি কৰে শ্ৰীলংকাই। গতিকে পৰ্যাপ্ত পৰিমাণে বিদেশী মুদ্ৰা শ্ৰীলংকাৰ ৰাজকোষত নাই হেতুকে কাগজ, চিয়াঁহী আমদানি কৰিব পৰা নাই; গতিকে অনিৰ্দিষ্ট কাললৈ পৰীক্ষা বন্ধ কৰা হৈছে। প্ৰসঙ্গতে উল্লেখ কৰিব পাৰি যে আৰ্থিক সংকটৰ বাবে অসমতো পুৰণি প্ৰশ্নপত্ৰৰেই এইবাৰৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰা কাৰ্যক লৈ যথেষ্ট বিতৰ্ক সৃষ্টি হৈছে!

কেৱল কাগজেই নহয়, খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি পেট্ৰোলিয়াম সামগ্ৰী, ঔষধ – পাতি সকলোতে এতিয়া সংকট আৰম্ভ হৈছে শ্ৰীলংকাত। আৰ্থিক সংকট আৰু বৈদেশিক মুদ্ৰাৰ অভাৱৰ বাবে এনে পৰিস্থিতি সৃষ্টি হৈছে শ্ৰীলংকাত। যি কি নহওঁক, চৰকাৰৰ এনে সিদ্ধান্তৰ বাবে দ্বীপৰাষ্ট্ৰখনৰ লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰাচ্ছন্ন হৈ পৰিছে। কাৰণ, নতুনকৈ শ্ৰেণীত উঠিবলৈ হ’লে অপৰিহাৰ্য পৰীক্ষাই যদি অনুষ্ঠিত নহয়, এটাকৈ শিক্ষাবৰ্ষ নষ্ট নহ’ব নে? যদি পৰীক্ষাত নবহাকৈ সকলোকে উত্তীৰ্ণ কৰাই দিয়াও হয়, তেনে ক্ষেত্ৰত শিক্ষাৰ মানদণ্ড বা কেনে হ’ব? এইবোৰ ‌প্ৰশ্ন এতিয়া শ্ৰীলংকাৰ আকাশে বতাহে উৰি ফুৰিছে।

শ্ৰীলংকাৰ এতিয়া ঋণ পৰিশোধ কৰিবলৈ আছে‌ ৬৯০ কোটি ডলাৰ। নতুনকৈ ঋণ দিব পাৰি নে নোৱাৰি – সেয়া বিশ্ববেংক কৰ্তৃপক্ষই বিবেচনা কৰিব। গতিকে এতিয়া শ্ৰীলংকাৰ চৰকাৰে কেৱলমাত্ৰ চীনৰ মুখলৈ লক্ষ্য কৰাৰ বাহিৰে কোনো পথ যেন খোলা নাই – এনে এক পৰিস্থিতিৰ সন্মুখীন হৈছে শ্ৰীলংকা! ইচ্ছা থাকিলেও এতিয়া শ্ৰীলংকাৰ চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে।

কেৱল শ্ৰীলংকা নহয়, কাগজৰ সংকটৰ সন্মুখীন হৈছে এছিয়াৰ প্ৰায়বোৰ দেশ। ইউক্ৰেন-ৰাছিয়া যুদ্ধৰ প্ৰভাৱ পৰিছে কাগজ শিল্পতো। বিদেশৰ পৰা কাগজ উৎপাদনৰ মূল সামগ্ৰী ‘পাল্প’ বা কন্টেইনাৰ ভৰ্তি জঞ্জাল জাহাজত আহে। যুদ্ধৰ পটভূমিত জাহাজবোৰৰ চলাচল বন্ধ হৈ পৰিছে। ৰাছিয়াৰ কাগজ বহু দেশলৈ যায়, সেয়াও বন্ধ! ইউক্ৰেনেও বহু দেশক কাগজ যোগান ধৰে, সেয়াও বন্ধ। ইতিমধ্যে ইউৰোপ ভুক্তভোগী হৈছেই। কাগজ আৰু বোৰ্ড এতিয়া সমগ বিশ্বত হৈ পৰিছে অতি মহাৰ্ঘ! অসমত কি হয় – সেয়াও সময়ে ডাঙি ধৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

How the Iran Conflict is Triggering an LPG Shortage in India?
Special Report

How the Iran Conflict is Triggering an LPG Shortage in India?

by Nilim Kashyap Barthakur
March 14, 2026
0

How the Iran Conflict is Triggering an LPG Shortage in India? Nilim Kashyap Barthakur The escalating conflict involving the United...

Read moreDetails
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

March 14, 2026
How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

March 12, 2026
New Biodiversity Rules and the 2026 High-Seas Treaty: What Assam Must Do?

New Biodiversity Rules and the 2026 High-Seas Treaty: What Assam Must Do?

March 12, 2026
OIL Lakshya Football League Concludes at Duliajan

OIL Lakshya Football League Concludes at Duliajan

March 11, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

March 14, 2026
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28441 shares
    Share 11376 Tweet 7110
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11419 shares
    Share 4568 Tweet 2855
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    120 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3522 shares
    Share 1409 Tweet 881
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    237 shares
    Share 95 Tweet 59
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d