• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, February 8, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

কৃতজ্ঞতাবোধ

লিপিকা দাস

by Anjan Sarma
May 7, 2023
in Special Report
Reading Time: 3 mins read
0
কৃতজ্ঞতাবোধ
Share on FacebookShare on TwitterShare on LinkedIn

কৃতজ্ঞতাবোধ

লিপিকা দাস

Lipika Das
লিপিকা দাস

“কৃতজ্ঞতা” বা “Gratitude” শুনিবলৈ তেনেই সাধাৰণ এটা শব্দ ।

আমি সততে শুনি থাকো যদিও তাৰ প্ৰয়োগৰ ক্ষেত্ৰত বৰ বিশেষ গুৰুত্ব নিদিওঁ । জীৱন বাটত লাভ কৰা ভাল-বেয়া বিভিন্ন অভিজ্ঞতাৰ ক্ষেত্ৰত আমাক বিভিন্নজনে বিভিন্ন ধৰণে সহায় কৰি আহিছে কিন্তু আমি কিমানজনক আজিলৈকে হৃদয়ৰ পৰা নাইবা বাহ্যিক ভাৱে হ’লেও এটা ধন্যবাদ জ্ঞাপন কৰিছো?

সচাই ভাবিবলগীয়া কথা নহয়নে?

RelatedPosts

Phoolan Devi: How India created its Bandit Queen?

Phoolan Devi: How India created its Bandit Queen?

February 8, 2026
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

February 8, 2026
Are We Ready For Autonomous Vehicles?

Are We Ready For Autonomous Vehicles?

February 6, 2026

মনতে হয়তো হয় বুলিয়েই কৈছে আপোনালোকেও কিন্তু দুখৰ কথা এয়াই যে ব্যৱহাৰিক ক্ষেত্ৰখনত আমি খুব কমেইহে কৃতজ্ঞতা স্বীকাৰ কৰো । কৃতজ্ঞতা হৈছে এক ধৰণৰ ইতিবাচক মনোভাৱ । সাধাৰণ অৰ্থত কাৰোবাক ধন্যবাদ জ্ঞাপন কৰা নাইবা শলাগ লোৱা ।

ডঃ ৰবাৰ্ট ইমন্সৰ মতে ইয়াৰ সচৰাচৰ দুটা স্তৰ দেখিবলৈ পোৱা যায় । এটা হৈছে এই সুন্দৰ জীৱনটো লাভ কৰা বাবে প্ৰকৃত সত্বা তথা জীৱনৰ সমস্ত ভালখিনিৰ প্ৰতি প্ৰকাশ কৰা কৃতজ্ঞতা আৰু আনটো হৈছে সত্বাৰ বাহিৰৰ জগতখনক অৰ্থাৎ সৃষ্টিকর্তাকে আদি কৰি সমস্ত জগতখনৰ প্ৰতি কৃতজ্ঞ হোৱা ।


বৰ্তমান সময়ত যিমানেই এই পৃথিৱীখন স্বাৰ্থপৰ হৈ গৈ আছে, সিমানেই কৃতজ্ঞতাবোধৰ গুৰুত্ব মানৱ সমাজত বৃদ্ধি পাই গৈ আছে কিয়নো মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ তথা জগতত সন্তুষ্টি বজাই ৰাখিবলৈ আমি প্ৰত্যেকেই কৃতজ্ঞ হোৱাটো দৰকাৰ ।

থূলমূলকৈ কৃতজ্ঞতাবোধৰ গুৰুত্বও কিছু আলোচনা কৰা যাওক ।

জেঞ্চ বেকেনে  লিখিছিল— “The positive effects of experiencing and expressing gratitude are endless. Gratitude has been found to be beneficially associated with social wellbeing, emotional wellbeing, and psychological wellbeing (Jans-Beken et al., 2020).” “It is no surprise that trait gratitude is an important “predictor of wellbeing and other desirable life outcomes” (Portocarrero et al., 2020, p. 6).

কৃতজ্ঞতাবোধে আমাৰ শাৰীৰিক, মানসিক, ব্যক্তিগত তথা সামাজিক জীৱনৰ উন্নতি সাধন কৰে । ই আমাক জীৱনত সুখী আৰু অলপতে সন্তুষ্ট হ’বলৈ শিকায় । তাৰোপৰি আমাৰ পৰিয়াল, আত্মীয়-স্বজ্জন, প্ৰতিবেশী, সহকৰ্মী তথা অন্যান্য পৰিচিত লোকৰ সৈতেও মধুৰ সম্পৰ্ক এটা বজাই ৰখাত সহায় কৰে । কৃতজ্ঞতাবোধৰ সহায়ত আমাৰ ৰক্তচাপ নিয়ন্ত্ৰণত থকাই নহয়, কিছুমান বিষজনিত ব্যাধিও দূৰত থাকে ।

Gratitude

ই পৰমাত্মাৰ সৈতে সংযোগ স্থাপন কৰি আমাৰ আধ্যাত্মিক বিকাশত সহায় কৰে আৰু লগতে জীৱনৰ ইতিবাচক দিশবোৰৰ ওপৰত কাম কৰি আমাৰ লক্ষ্য পূৰণত সহায় কৰে । ইয়াৰ ফলত আমাৰ মন ইতিবাচক আশাৰে ভৰি পৰে আৰু কুচিন্তা, নিৰাশা আদিৰ দৰে নেতিবাচক দিশবোৰে আমাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে ।


এতিয়া কথা হ’ল আমি কাক ধন্যবাদ জনাম আৰু কিদৰে । কেইটামান উদাহৰণ দিলে সেয়া সহজ হৈ পৰিব । সচৰাচৰ আমি কোনো বিষয়ববীয়া নাইবা উচ্চ পদস্থ লোককহে Thank You বুলি কওঁ কিন্তু আমাৰ ঘৰত বন কৰিবলৈ অহা বাইজনী, বজাৰত পাচলি বিক্ৰী কৰিবলৈ অহা খুৰাজনক, ঘৰত মায়ে ধুনীয়াকৈ বনাই দিয়া ভাত সাঁজৰ বিনিময়ত কেতিয়াও ধন্যবাদ জনোৱা নাই ।

এইকেইটা কেৱল একো একোটা সৰু সৰু উদাহৰণ হে কিন্তু তেওঁলোকক যদি কেতিয়াবা প্ৰশংসাসূচক বাক্য কোৱা হয় তেন্তে তেওঁলোকেও নিশ্চয় সুখী অনুভৱ কৰিব ।

ধৰি লোৱা হ’ল, কেতিয়াবা যদি মাক এইদৰে কোৱা হয়– “তোমাক কি বুলি যে প্ৰশংসা কৰিম মা, আজিৰ ভাত-আঞ্জাখিনি খুবেই সোৱাদ হৈছিল ।”,

Gratitude3

নাইবা প্ৰচণ্ড গৰমত ঠেলাখনেৰে সাৱধানেৰে দৰকাৰী বস্তু কেইটা দি থৈ যোৱা মানুহজনক যদি আমি পানী এগিলাচ খাবলৈ আগবঢ়াই দি এইদৰে কওঁ- “আপোনাক যিমান ধন্যবাদ নিদিওঁ কিয় সিমানেই কম হ’ব । আপুনি যিখিনি যত্নেৰে বস্তুখিনি ইয়ালৈ আনি দি গ’লহি তাৰ বাবে মই সচাই আপোনাৰ ওচৰত কৃতজ্ঞ ।”

অথবা ব্যস্ততাপূৰ্ণ জীৱনত অকণমান সময় উলিয়াই নিজ হাতে বনোৱা একাপ চাহৰ সৈতে যদি কাম কৰা বাইজনীৰ সৈতে নিজৰ মনৰ ভাৱ দুই এটা ভাগ-বতৰা কৰা হয় তেন্তে তেৱোঁ নিশ্চয় আমাৰ সৈতে অধিক আন্তৰিকতা আৰু আত্মীয়তা অনুভৱ কৰিব পাৰিব ।

এনেকৈ ক’লে হয়তো আমাৰ একো লোকচান নহয় কিন্তু তাৰ বিনিময়ত তেওঁলোকে যি মানসিক প্ৰশান্তি লাভ কৰিব সেইখিনি ইখন অন্তৰৰ পৰা আনখনলৈ বিয়পি পৰিব অৰ্থাৎ উভয় পক্ষই সুখী অনুভৱ কৰিব । গতিকে কৃতজ্ঞ হ’বলৈ শিকাটো বৰ্তমান সময়ৰ দাবী আৰু ই আমাক মানসিক প্ৰশান্তি প্ৰদান কৰিব ।

Gratitude1

[Writer Lipika Das, Assistant Teacher, Goaltuli Girls’ M.E. School, Goalpara]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Phoolan Devi: How India created its Bandit Queen?
Women

Phoolan Devi: How India created its Bandit Queen?

by Kakali Das
February 8, 2026
0

Phoolan Devi: How India created its Bandit Queen? KAKALI DAS There are stories that refuse to die, stories that, even...

Read moreDetails
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

February 8, 2026
Are We Ready For Autonomous Vehicles?

Are We Ready For Autonomous Vehicles?

February 6, 2026
How is India defeating Naxalism?

How is India defeating Naxalism?

February 6, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

February 6, 2026
Yapung Ui; The Apatani ritual for the sky, soil and the regeneration of forests

Yapung Ui; The Apatani ritual for the sky, soil and the regeneration of forests

February 5, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d