কৃতজ্ঞতাৰ স্পৰ্শ
যুগান্ত বায়ন
সাম্প্ৰতিক সময়ত অতি সহজ পথেৰে অতি কম সময়ৰ ভিতৰতে নিজকে সামাজিক ভাৱে প্ৰতিষ্ঠা কৰাৰ বাবে যিকোনো পৰ্যায়লৈ যাবলৈ সমাজৰ এচাম লোকে সংকোচ নকৰা কাৰ্য ব্যৱস্থাই সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে।
এনে পৰ্যায়ৰ লোক সকলে পৰিয়াল বা সমাজ খনলৈ অগ্ৰজ সকলে আগবঢ়োৱা অৱদানক কৃতজ্ঞতাৰে সোঁৱৰা মানসিকতা যেন হেৰুৱাই পেলাইছে। এটা জাতি বা এখন সমাজ প্ৰতিষ্ঠা কৰা পুৰোধা ব্যক্তি সকলৰ অৱদানক স্বীকৃতি দিব নোখোজা মনোভাৱ সম্পন্ন ব্যক্তিয়ে কেৱল নিজৰ ব্যক্তিগত জীৱন পৰিক্ৰমাতে আৱদ্ধ থাকে।
কিন্তু এনে লোকৰ আৱৰ্তমানতো সমাজত আজিও এনে এচাম লোক আছে যিয়ে আজীৱন দেশ, সমাজ বা দহৰ হকে নিজৰ জীৱন সমৰ্পিত কৰিছে। ফলত সমাজৰ সামাজিক বন্ধন আজিও কটকটীয়া হৈ আছে। এই সকল লোকৰ অকৃত্ৰিম অৱদানে একো একোটা অঞ্চল, জাতি বা এখন দেশক প্ৰাণৱন্ত কৰি ৰাখিছে।
অতি সম্প্ৰতি সামাজিক মাধ্যমত প্ৰচাৰিত এক তথ্য অনুসৰি এনে এটা বেচৰকাৰী সংগঠনৰ জন্ম হৈছে যিটো সংগঠনে ৰুগীয়া আৰু বৃদ্ধ পিতৃ মাতৃৰ জীৱনৰ শেষ সময়চোৱাত পৰিচৰ্যা কৰাৰ পৰা আৰম্ভ কৰি মৃত্যুলৈ বা মৃত্যুৰ পিছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ দায়িত্ব গ্ৰহণ কৰি আবেদন বিচাৰিছে। প্ৰাপ্ত তথ্যমতে এই সংগঠনটোত নাম পঞ্জীয়নৰ বাবে ইতিমধ্যেই ৰাইজৰ হেতা-ওপৰা লাগিছে।
এতিয়া আমাৰ মনত চিন্তাৰ উদ্ৰেক হৈছে যে আমি বাৰু কলৈ গৈ আছো?
“অতি সম্প্ৰতি সামাজিক মাধ্যমত প্ৰচাৰিত এক তথ্য অনুসৰি এনে এটা বেচৰকাৰী সংগঠনৰ জন্ম হৈছে যিটো সংগঠনে ৰুগীয়া আৰু বৃদ্ধ পিতৃ মাতৃৰ জীৱনৰ শেষ সময়চোৱাত পৰিচৰ্যা কৰাৰ পৰা আৰম্ভ কৰি মৃত্যুলৈ বা মৃত্যুৰ পিছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ দায়িত্ব গ্ৰহণ কৰি আবেদন বিচাৰিছে। প্ৰাপ্ত তথ্যমতে এই সংগঠনটোত নাম পঞ্জীয়নৰ বাবে ইতিমধ্যেই ৰাইজৰ হেতা-ওপৰা লাগিছে। এতিয়া আমাৰ মনত চিন্তাৰ উদ্ৰেক হৈছে যে আমি বাৰু কলৈ গৈ আছো? তথাকথিত ব্যস্ততা আৰু বিশ্বায়নৰ অচিলাৰে নিজ জন্মদাতাকো জীৱনৰ বিয়লি বেলাত সংগ দিবলৈ আমাৰ যেন সময়ৰ অভাৱ। এনে ধৰণৰ অকৃতজ্ঞ ব্যক্তিৰ পৰা সমাজে আৰু কি আশা কৰিব পাৰে? সমাজত এনে এচাম লোকৰ আৱিৰ্ভাৱ হৈছে যিসকল লোকে এখন সমাজ বা অনুষ্ঠান গঢ় দিয়া পুৰোধা ব্যক্তি সকলৰ স্মৰণীয় অৱদানকো নস্যাৎ কৰিবলৈ কুণ্ঠাবোধ নকৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। এনে পৰিৱেশ-পৰিস্থিতিৰ লগত যেন আমি লাহে লাহে সহৱস্থান কৰাৰ দিশে আগবাঢ়িছো। “
তথাকথিত ব্যস্ততা আৰু বিশ্বায়নৰ অচিলাৰে নিজ জন্মদাতাকো জীৱনৰ বিয়লি বেলাত সংগ দিবলৈ আমাৰ যেন সময়ৰ অভাৱ। এনে ধৰণৰ অকৃতজ্ঞ ব্যক্তিৰ পৰা সমাজে আৰু কি আশা কৰিব পাৰে?
সমাজত এনে এচাম লোকৰ আৱিৰ্ভাৱ হৈছে যিসকল লোকে এখন সমাজ বা অনুষ্ঠান গঢ় দিয়া পুৰোধা ব্যক্তি সকলৰ স্মৰণীয় অৱদানকো নস্যাৎ কৰিবলৈ কুণ্ঠাবোধ নকৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। এনে পৰিৱেশ-পৰিস্থিতিৰ লগত যেন আমি লাহে লাহে সহৱস্থান কৰাৰ দিশে আগবাঢ়িছো।
আমি অত্যন্ত দুখেৰে যে লক্ষ্য কৰিছোঁ যে অনুভৱ কৰিছোঁ যে শেহতীয়াকৈ ৰাজ্যখনৰ কেইবা ঠাইতো নিজ পিতৃ মাতৃক সন্তানে বৃদ্ধ বয়সত পৰিচৰ্যা কৰাৰ সলনি নিৰ্মম ভাৱে অত্যাচাৰ , অনাচাৰ কৰাৰ ঘটনা সংঘটিত হোৱাৰ খবৰ বোৰে আমি যে এখন স্খলনমূখী সমাজৰ দিশে গতি কৰি আছোঁ সেয়া প্ৰমাণ কৰি দিছে।
যেতিয়া নিজৰ দুখুনী মাতৃয়ে নিজৰ কন্যাক অসামাজিক কাম কৰাৰ বাবে প্ৰৰোচিত কৰে তেতিয়া আমাৰ নিজৰ মনতে প্ৰশ্ন উদয় হয় যে আমি কোনখন সমাজত বসবাস কৰিছো!
অসম মাতৃৰ যিখন সমাজ শংকৰ, মাধৱ, আজান ফকীৰ, জ্যোতি, বিষ্ণু কিম্বা ভূপেন দাৰ মহিমাৰে মণ্ডিত, যিখন সমাজত সংস্কৃতিৰ পূজা কৰা হয় , যিখন সমাজত কোনো কালেই ধৰ্মৰ নামত উন্মাদনা সৃষ্টি হোৱাৰ নজিৰ নাই সেইখন সমাজে আজি তথাকথিত বিশ্বায়নৰ প্ৰভাৱত নিজৰ ঐতিহ্য পূৰ্ণ চহকী আচাৰ ব্যৱহাৰ, কৃষ্টি সংস্কৃতিক ভেঙুচালি কৰি জন্মদাতা পিতৃ মাতৃৰ ওপৰতো নিৰ্মম ভাৱে চলোৱা আতিশায্যই ভৱিষ্যত প্ৰজন্মৰ বাবে অমানিশা কঢ়িয়াই অনাৰ ইংগিত বহন কৰিছে।
পৰিস্থিতি এনে পৰ্য্যায় পাইছে যে মহানগৰীত নিশা যুৱক যুৱতীৰ খণ্ডযুদ্ধ, নিজৰ উপাস্য দেৱতাক সন্তুষ্ট কৰাৰ নামত উদ্দাম নৃত্য, মদ ভাং, ড্ৰাগছৰ অবাধ ব্যৱহাৰে অতি সুশৃংখল, সংস্কৃতিবান জাতি বুলি থকা অভিমানটোত কৰবাত নহয় কৰবাত আঘাত কৰিছে। আনফালে বৰ্তমানৰ সমাজৰ কিছু সংখ্যক উশৃঙ্খল, অসহিনষ্ণু লোকে নিজৰ জাতীয় উৎসৱকো বিজতৰিয়া আৰু ব্যৱসায় কৰি তুলিবলৈ পিছপৰি ৰোৱা নাই।
শেহতীয়াকৈ পশ্চিম বংগৰ মুৰ্চিদাবাদ জিলাৰ এটা কোম্পানীয়ে বিড়িৰ পেকেটত বিহু নৃত্য সন্নিবিষ্ট কৰাৰ সাহস কৰিছে। আজিৰ সামাজিক বাতাবৰণত পূৰ্বে কৃতজ্ঞ জাতি হিচাপে পৰিচিত অসমীয়া জাতিটোৱে যেন কৃতজ্ঞতাৰ ভাষা পাহৰি গৈছে।
আমাৰ মহান মণিষী সকলে দি যোৱা চহকী সংস্কৃতিক অৱজ্ঞা কৰি আনৰ সংস্কৃতিক আদৰি লোৱাৰ যি প্ৰতিযোগিতা চলিছে সেই প্ৰতিযোগীতাই আমাক কলৈ লৈ যাব সেয়া সময়েহে নিৰ্ধাৰণ কৰিব। আমি আনৰ সংস্কৃতিক অৱজ্ঞা কৰিবলৈ কোৱা নাই কিন্তু বহি বিশ্বৰ সাংস্কৃতিক উপাদান সমূহ সঠিক ৰূপত মূল্যাংকন কৰি নিজৰ জয়যাত্ৰা আমি অব্যাহত ৰাখিব লাগিব।
সেয়েহে ভূপেন দাৰ গীতৰ ভাষাতে কওঁ –
এতিয়া প্ৰশ্ন হয়, কিহৰ তাৰণাত আমি আজি অকৃতজ্ঞ? আমি যদি আমাৰ অগ্ৰজ সকলৰ অৱদানক মান্যতা দিব নোখোজো তেন্তে আমি সমাজ খনক নেতৃত্ব দিয়াৰ অধিকাৰ আমি নৈতিক ভাৱে দাবী কৰিব পাৰোঁ নে?
যুগান্ত বায়ন Mobile: ৮৮৭৬৪১৫০৮৯
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)