• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Tech

কৃত্ৰিম বুদ্ধিমত্তা আৰু আমি

ASSAMESE SECTION / Artificial Intelligence

by Editor
August 2, 2025
in ASSAMESE SECTION, Artificial Intelligence, Tech
Reading Time: 4 mins read
0
কৃত্ৰিম বুদ্ধিমত্তা আৰু আমি
Share on FacebookShare on TwitterShare on LinkedIn

কৃত্ৰিম বুদ্ধিমত্তা

দীপজ‍্যোতি গগৈ

AI 6

মানুহৰ হাবিয়াসৰ অন্ত নাই।

অন্য জীৱৰ পৰা মানুহক পৃথক কৰা অন্যতম বৈশিষ্ট্যটো হ’ল চিন্তা কৰিব পৰা ক্ষমতা।এই চিন্তাৰ কোনো পৰিসীমা নাই, ফলস্বৰূপে নতুন নতুন সৃষ্টিৰ সমাহাৰ।
আপুনি বুদ্ধিমান নে? যদি বুদ্ধিমান তেন্তে আপোনাৰ সমান এটা বুদ্ধিমান যন্ত্ৰ কল্পনা কৰকচোন। আপোনাৰ এই কল্পনাৰে পৰিণতি ‘কৃত্ৰিম বুদ্ধিমত্তা’।

‘কৃত্ৰিম বুদ্ধিমত্তা’ এক সংজ্ঞা নিৰ্ধাৰণ কৰা আগতে,’বুদ্ধিমত্তা‘নো কি জানিব লাগিব।বুদ্ধিমত্তা হ’ল এক বৰ্ণনাত্মক ধাৰণা(Descriptive Concept)। ই এজন ব্যক্তিৰ বা ব্যক্তিসমষ্টি নিৰ্দিষ্ট গুণক প্ৰতিনিধিত্ব কৰে। আৰ.পিন্টাৰ(R.Pinter)ৰ মতে,সামগ্ৰিকভাৱে জীৱনৰ নতুন অৱস্থাৰ সৈতে পৰ্যাপ্তভাৱে খাপ খাব পৰা ক্ষমতাই হ’ল বুদ্ধিমত্তা।

আন এগৰাকী দাৰ্শনিক বাৰ্ট(Burt)কৈছে, বুদ্ধিমত্তা হ’ল জন্মগত সাধাৰণ চেতনাত্মক ক্ষমতা।আটাইতকৈ মনোগ্ৰাহী তত্বটো টেছলাৰে(Tesler) আগবঢ়াইছিল এনেধৰণে, বুদ্ধিমত্তা হ’ল যিবোৰ মেচিনে আজিলৈকে কৰিব  পৰা নাই। কি সুন্দৰকৈ তেওঁ আধুনিক বিজ্ঞানৰ লগত সাঙুৰি দিলে! এতিয়া এই বুদ্ধিমত্তাকে ব্যৱহাৰিক(Pragmatic) যন্ত্ৰবিদ্যা দৃষ্টিকোণৰে ব্যাখ্যা কৰিলে ই কৃত্ৰিম বুদ্ধিমত্তাৰ ৰূপ পাব।

অৰ্থাৎ যন্ত্ৰৰ দ্বাৰা  প্ৰদৰ্শিত বুদ্ধিমত্তাকে কৃত্ৰিম বুদ্ধিমত্তা(Artificial Intelligence,AI)বুলিব পাৰি। ই কম্পিউটাৰ বিজ্ঞানৰ এক শাখা হ’লেও গণিত,পৰিসংখ্যা বিজ্ঞান,দৰ্শন,মনোবিজ্ঞান,অৰ্থনীতি,নেন’বিজ্ঞান,ভাষাবিজ্ঞান,জীৱবিজ্ঞান আদি একাধিক বিষয়ৰ সন্মিলিত ৰূপৰ ফলতে আধুনিক কৃত্ৰিম বুদ্ধিমত্তা আজি পৰ্যায় পাইছেহি। আধুনিক এই পৰ্যায়টো একেদিনাই পোৱাহি নাই।ইয়াৰ এক বিস্তৃত গৌৰৱময় ইতিহাস আছে।

এৰিষ্টটলে(384-322 BC) বিশ্লেষাণত্মক যুক্তিক(syllogism) যুক্তিবাদৰ চেতনাত্মক ভিত্তি বুলিছিল। ডেস্কাৰটেছ(Descartes) (1596-1650)যে মগজুক যান্ত্ৰিক দৃষ্টিৰে চোৱা আৰম্ভ কৰিছিল।মেৰী চেহল্টী(Mery Sheltey)ৰ ‘ফ্ৰেনকেলষ্টিন(Frankenstein)নামৰ গ্ৰন্থখনটো কৃত্ৰিম জীৱ নিৰ্মাণৰ চেষ্টা কৰা কথা উল্লেখ আছে।

কৃত্ৰিম বুদ্ধিমত্তা আৰু আমি
Image: www.bureau-fz.eu

1770 চনত উল্ফগাং ভ’ন কেম্পলাৰ(Wolflong Von Kempler) যে এটা মায়াবি সঞ্চালিত(automation) যন্ত্ৰ বনাই ৮০ বছৰ ধৰি ইউৰোপ আৰু আমেৰিকাত ডবা খেল প্ৰদৰ্শন কৰিছিল। আধুনিক ইতিহাসৰ কেইটামান উল্লেখযোগ্য সাফল্য নকৈ লোভ সামৰিব নোৱাৰিলোঁ।

1942 চনতে বিশ্বৰ প্ৰথম ৰব’ট ‘আই'(I) আইজাক আছিমভ(Isaac Asimov)ৰ দ্বাৰা উদ্ভাৱন, 1943ত জে. মেককুল্লোচ্(J. McCulloch) আৰু ডব্লিউ. পিত্তছ(W.Pitts)ৰ যুটীয়াকৈ কৃত্ৰিম নিউৰণৰ(Neuron) আৰ্হি, 1945ৰ বিশ্বৰ প্ৰথম ইলেকট্ৰনিক কম্পিউটাৰ ENIAC উদ্ভাৱন আদি ঘটনাই ভৱিষ্যতৰ কৃত্ৰিম বুদ্ধিমত্তাৰ জগতখনৰ নতুন আশাৰ সঞ্চাৰ কৰিছিল।

কিন্তু তেতিয়ালৈকে ‘কৃত্ৰিম বুদ্ধিমত্তা’ শব্দটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা অভিধানত ঠাই পোৱা নাছিল। সমগ্ৰ বিষয়টো ওপৰত আনুষ্ঠানিক চিন্তা চৰ্চা আমেৰিকাস্হিত  ডায়মাউথ  কলেজত বিজ্ঞান সন্মিলনতহে স্থান পাইছিল।

1956 চনৰ এই অভিবৰ্তনত 10 জন বৈজ্ঞানিক আৰু গৱেষকে প্ৰায় 2 মাহ ধৰি আলোচনা অন্তত এক নতুন গৱেষণা স্থল(research area) ‘কৃত্ৰিম বুদ্ধিমত্তা’ নামেৰে নামকৰণ কৰিছিল। জন মাকাৰ্থী(John McCarthy) আছিল অভিবৰ্তনৰ অন্যতম পুৰোধা বিজ্ঞানী,তেওঁ কৃত্ৰিম বুদ্ধিমত্তাক বুধিয়ক যন্ত্ৰ বনোৱা বিজ্ঞান ৰূপে অভিহিত কৰিছিল।

সন্মিলনখনৰ ঘাই সিদ্ধান্তৰ কিছু অংশ আছিল এনেধৰণৰ,”…লাৰ্নিং বা যিকোনো বুদ্ধিমত্তাৰ অন্যান্য বৈশিষ্ট্যৰ প্ৰতিটো দিশকে নীতিগতভাৱে(in principle) ইমান সৰলকৈ বৰ্ণনা কৰিব পাৰি যে যন্ত্ৰও ইয়াক অনুধাৱন কৰিব পাৰে” এই সূত্ৰৰ ওপৰতে ভিত্তি কৰি আজি অৱস্থা পালেহি।

ইয়াৰ ঠিক কিছুবছৰ আগতে 1950 চনত এলেন টুৰ্নিং(Alan Turning)ৰ গবেষণা গ্ৰন্থ ‘কম্পিউটিনং মেচিনেৰী এণ্ড ইন্টেলেজিয়েন্স’ত মেচিনে ভাৱিব পাৰেনে উত্তৰ দিবলৈ গৈ এটা নতুন পৰীক্ষা পদ্ধতি  আবিষ্কাৰ কৰিছিল। যিটোক টুৰ্নিং পৰীক্ষা(Turning Test) বোলা হয়, যিয়ে এক বিশেষ অনুকৰণ(imitation) খেলৰ যোগেদি মেচিনৰ বুদ্ধিমত্তা পৰীক্ষা কৰিব পাৰি। এই পৰীক্ষাৰ সফলতাই অন্য মাত্ৰা দিয়ে।

কৃত্ৰিম বুদ্ধিমত্তা আৰু আমি

 বিংশ শতিকাৰ শেষৰফালে আৰু এই শতিকাৰ প্ৰথমাৰ্ধত লাভ কৰা কিছুমান বিস্ময়কৰ পৰীক্ষাৰ ফলাফলে নতুন যুগৰ সূচনা কৰাই নহয়,ইয়াৰ সৈতে জড়িতসকলৰ উৎসাহ দুগুণে বঢ়ায়।1997 চনত আই বি এম(IBM)ৰ চুপাৰ কম্পিউটাৰৰ প্ৰ’গ্ৰাম ‘দীপ ব্লু(Deep Blue)যে বিশ্বৰ ডবা চেম্পিয়ন গেৰী কাছপাৰভ(Garry Kasparov)ক হৰুৱাই সকলোকে হতচকিত কৰিছিল।

কিয়নো প্ৰ’গ্ৰাম এটাৰ বাবে অতিকৈ কঠিন কাম আছিল। কেনেকৈ চাওঁ আহক, ডবা খেলত গড়ে সম্ভাৱনা থকা চাল-চলনৰ সংখ্যা হৈছে 35 টা, মাষ্টাৰ পৰ্যায় পাবলৈ আপুনি মুঠ 8 টা পৰ্যায় পাৰ হ’ব লাগিব, অৰ্থাৎ মুঠ সম্ভাব্য সাজোন হ’ব 35 ৰ সূচক 8 কৰিলে যিমান উত্তৰ ওলাব সিমান সংখ্যক।

এইটো কিমান ডাঙৰ সংখ্যা! ‘দীপ ব্লু’ জিকিবলৈ গোটেইবোৰ সম্ভাব্য পথ জানিব লাগিব, এইয়া গণনা কৰিবলৈ সাধাৰণ আমাৰ দৰে নৰ মনিচৰ বাবে কিমান লাগিব অনুমান কৰিব পাৰিবনে! সেন্নন(Shannon)যে 1950 চনত কষ্টৰে গণনা  কৰি পাইছিল যে সকলোবোৰ বৈধ অৱস্থান গন্তি কৰিবলৈ প্ৰায় 10 ওপৰত 90 সূচক বহালে যিমান ওলাব,সিমান বছৰ। ভাৱকচোন, এটা মেচিনে এজন গ্ৰেণ্ড মাষ্টাৰক হৰুৱাবলৈ কিমান বুদ্ধিমান হ’ব লাগিব।

কৃত্ৰিম বুদ্ধিমত্তা আৰু আমি
Image: futureskillsprime.in

2015 চনৰ অক্টোবৰত আলফা গ'(AlphaGo) নামৰ কম্পিউটাৰ প্ৰ’গ্ৰামটোৱে চাইনীজ খেল ‘go’ত ইউৰোপীয়ান মহাৰথী ফেন হুই(Fan Hui)ক 5:0 ছেটত পৰাস্ত কৰিবলৈ সক্ষম হয়। পুনৰ 2016 চনৰ মাৰ্চ মাহত বিশ্ব চেম্পিয়ন লী চেদল(lee Sedol)ক 4:1 পৰাস্ত কৰি, সমগ্ৰ বিজ্ঞানী সমাজক হতভম্ব কৰি তুলিছিল।

ইয়াৰ সম্পূৰ্ণ ভিডিঅ’ ইউ টিৱত(YouTube) উপলব্ধ।শেহতীয়াকৈ চীনত নিৰ্মিত এলিবাবা(Alibaba) আৰু মাইক্ৰ’ছফ্টৰ নিৰ্মিত এলগ’ৰিথিম বা কলনবিধি(algorithm) সহায়ত প্ৰস্তুত কৰা প্ৰ’গ্ৰামে স্টেনফৰ্ড পঢ়ন বোধশক্তি পৰীক্ষাত(Stanford reading comprehension test) সকলো মানৱ প্ৰতিযোগীক পৰাস্ত কৰি অপাৰ সম্ভাৱনীয়তা দাঙি ধৰিছে।

 কৃত্ৰিম বুদ্ধিমত্তা চাৰিটা কাৰ্যপ্ৰণালীৰ ওপৰত ভিত্তি কৰি আগবাঢ়ে, সেইকেইটা হৈছে- মানুহৰ দৰে চিন্তা কৰা, মানুহৰ দৰে কৰা,যুক্তিৰে চিন্তা কৰা, যুক্তিৰে কাৰ্য কৰা। গাণিতিক লজিক(mathematical logic) আৰু চেতনাত্মক বিজ্ঞান(cognitive science) সবল প্ৰয়োগৰ ফলতেই আধুনিক কৃত্ৰিম বুদ্ধিমত্তাই নতুন নতুন খোজৰ সন্ধান পাইছে।

জ্ঞাননিৰ্ভৰ(knowledge base),তথ্য সংশ্লেষণ(information processing), মেচিন লাৰ্নিং(machine learning),প্ৰাকৃতিক ভাষা সংশ্লেষণ(Natural language processing) ইত্যাদি বিষয় চেতনাত্মক বিজ্ঞানৰ অন্তৰ্গত। কৃত্ৰিম বুদ্ধিমত্তাক নতুন ধাৰণা সৃষ্টি কৰিবলৈ তিনিটা প্ৰকাৰে কৰিব পাৰি-

১) পুৰণি পৰিচিত ধাৰণাসমূহ নব্য সংযোজন কৰি

২) ধাৰণাগত স্থানসমূহৰ সম্ভাৱনীয়তা অনুসন্ধানৰ জৰিয়তে

৩)পূৰ্বতে অসম্ভৱযেন লগা ধাৰণাবোৰ  পৰীক্ষণৰ যোগেদি সম্ভৱলৈ পৰিণত কৰা।

tesla

এতিয়া আহোঁ বৰ্তমানে কেনেকৈ কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ সৈতে বিভিন্ন স্তৰত নিবিড় সম্পৰ্ক গঢ়ি তুলিছে। টেছলা(Tesla) হ’ল কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ জৰিয়তে স্বয়ংচালিত গাড়ী নিৰ্মাণ কৰা প্ৰথম অট’মোবাইল প্ৰতিষ্ঠান।অ’ডি, কেডিলাক,ভল্ভ আদি প্ৰতিষ্ঠানেও স্বয়ংচালিত গাড়ী নিৰ্মাণ আৰম্ভ কৰিছে।চীনত ইতিমধ্যে দীপ লাৰ্নিং আৰু ছবি চিনাক্তকৰণ প্ৰযুক্তি দ্বাৰা কেন্সাৰ ডাইগ’নিছ(diagnosis) সফলতাৰে সম্পাদন কৰিছে।

এতিয়া পৰা আপোনাৰ বিদেশী ভাষা(Foreign language) শিকাৰ প্ৰয়োজনীয়তা নাথাকিব,কিয়নো Voice Tra নামৰ এটা মেচিন অনুবাদক উদ্ভাৱন কৰিছে। য’ত কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগেৰে বিভিন্ন লিখিত(Text) আৰু কথিত(speech) বাৰ্তাসমূহ নিৰ্দিষ্ট ভাষালৈ আপোনা-আপুনি অনুবাদ হয়।

2020ৰ টকিঅ’ অলিম্পিকত দৰ্শকৰ সুবিধাৰ্থে জাপানে ব্যৱহাৰৰ কথা প্ৰকাশ পাইছে। নাছা(NASA)ই অন্য গ্ৰহত প্ৰাণী সন্ধানতো কৃত্ৰিম বুদ্ধিমত্তা ব্যাপক সহায় লৈছে। হেডজ ফিন্দে(Hedge Finde) নামৰ প্ৰতিষ্ঠানটোৱে ষ্ট’ক মাৰ্কেটত লাভৰ ক্ষেত্ৰতো কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰে।আমেৰিকান এক্সপ্ৰেছ কাকতে গ্ৰাহকক অনলাইন সেৱা প্ৰদানতো কৃত্ৰিম বুদ্ধিমত্তা বহল প্ৰয়োগ কৰে।

অতিকৈ বহুল ব্যৱহৃত চ’চিয়েল মিডিয়া ‘ফেচবুক’ কৃত্ৰিম বুদ্ধিমত্তাৰ বিভিন্ন ক্ষেত্ৰত সঘনাই প্ৰয়োগ কৰে যেনে মুখ চিনাক্তকৰণ(face recognisation)ত, আত্মহত্যা প্ৰৱণতামূলক প’ষ্ট নিৰ্ণয় কৰি যাৱতীয় ব্যৱস্থাৰে জীৱন ৰক্ষা কৰা আদিত। মাইক্ৰ’ছফ্টে জলবায়ু পৰিবৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ পোষকতা কৰি 50 মিলিয়ন ডলাৰ নিৰ্ধাৰণ কৰিছে।

এনেকৈ যদি আগবাঢ়ি গৈ থাকে তেন্তে এনে এটা দিন পাবলৈ বেছি দিন নাই য’ত আপোনাৰ মোৰ ঘৰত এটা চেন্সৰ(sensor) থাকিব যিয়ে আমাৰ উশাহ-নিশাহৰ একেলেথাৰী পৰীক্ষা কৰি বিভিন্ন ধৰণৰ জটিল ৰোগৰ আগতীয়া উমান দিব, আমাৰ দেহৰ তেজৰ সুঁতিত হয়তো নেন’নাও চলিব যিয়ে মগজুত হ’ব পৰা প্লেগৰ পৰা ৰক্ষা কৰিব, ষ্ট্ৰ’ক বা হাৰ্ট এটেক আদি পৰা আমাক বচাব। ই অসম্ভৱ নহয়,বহু ক্ষেত্ৰত সম্ভাৱনাহে আছে।

AI2

 যি কি নহওক ইমানবোৰ বিস্ময়কৰ উদ্ভাৱন বা আবিষ্কাৰ পিছতো আমি কৃত্ৰিম বুদ্ধিমত্তাৰ অপপ্ৰয়োগৰ পৰা সাৱধান থকাটো নিতান্তই বাঞ্চনীয়। ইয়াৰ বাবে এটা উদাহৰণ দিলে বুজিবলৈ সহজ হ’ব। 1983ত  ষ্টেনিচলেভ পেট্ৰভ (stanislav petrov) ছোভিয়েটৰ নিউক্লিয় আক্ৰমণৰ আগতীয়া তথ্য দিয়া চেণ্টাৰৰ দায়িত্ব দিয়া হৈছিল। হঠাৎ কৃত্ৰিম বুদ্ধিমত্তা যুক্ত কম্পিউটাৰে সংকেত প্ৰেৰণ কৰিলে যে আমেৰিকাৰ ফালৰ পৰা 5 টা মিছাইল ছোভিয়েটমুখি আহিছে।

কিন্তু পেট্ৰভ আচৰিত হ’ল কিয়নো আমেৰিকা দৰে এখন শক্তিশালী দেশে মাত্ৰ 5 টা মিছাইলেৰে আক্ৰমণ কৰিবনে! তেওঁ নিজৰ উপস্থিত বুদ্ধি আৰু সুস্থ চিন্তাৰে এইয়া কম্পিউটাৰ চিষ্টেমৰ ভুল বুলি ৰিপৰ্ট দিলে।

পিছত প্ৰমাণ হ’ল যে ৰ’দৰ পোহৰত ডাৱৰৰ প্ৰতিফলনকে চিষ্টেমযে ভুলকৈ মিছাইল বুলি সংকেত দিছিল। অৰ্থাৎ পেট্ৰভৰ দূৰদৰ্শীতা বাবেহে এক ভয়ংকৰ নিউক্লিয় যুদ্ধৰ পৰা সেইসময়ত বিশ্ব ৰক্ষা পৰিলে।ইয়াৰ পৰা আমি কি শিক্ষা পাওঁ?

আমি প্ৰযুক্তিতকৈ চতুৰ হ’ব লাগিব, প্ৰযুক্তিয়ে আমাক নিয়ন্ত্ৰণ কৰিবলৈ দিব নালাগিব। স্পৰ্শকাতৰ ইচ্ছু সমূহত ‘কৃত্ৰিম বুদ্ধিমত্তা’ ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন হোৱা উচিত।কৃত্ৰিম বুদ্ধিমত্তাকে যন্ত্ৰ নীতিশাস্ত্ৰ(Automation Ethicist)  দ্বাৰা পৰিচালন কৰি সামাজিক অপকৰ্ম কৰিব নোৱাৰাকৈ নিৰ্দিষ্ট মডেল সংযোজনৰ কৰি ৰোধ কৰা চেষ্টা কৰা উচিত।

কৃত্ৰিম বুদ্ধিমত্তা আগবাঢ়ি যোৱাৰ লগে লগে নতুন কৰ্মসংস্থাপন সৃষ্টি আৰু লোপ দুয়োটাই ঘটিব। এই ক্ষেত্ৰতো কিছু মনোযোগ দিয়াটো অতিকৈ কাম্য..

26-05-2022 [ Headline Image: www.cio.com]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: কৃত্ৰিম বুদ্ধিমত্তা
Editor

Editor

Related Posts

দেশে দেশে ফুটবল
ASSAMESE SECTION

দেশে দেশে ফুটবল

by HANID R BHUYAN
July 7, 2026
0

দেশে দেশে ফুটবল HISTORY OF FOOTBALL হানিদ ৰঞ্জন ভূঞা বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক যোৱা শতকজুৰি সন্মোহিত  কৰি ৰখা খেলবিধেই হৈছে ফুটবল। পৃথিৱীৰ ...

Read moreDetails
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
EMPOWERING SUB-SAHARAN AFRICA: COMMUNITY-BASED HYBRID MICROGRIDS FOR RENEWABLE ENERGY ACCESS

EMPOWERING SUB-SAHARAN AFRICA: COMMUNITY-BASED HYBRID MICROGRIDS FOR RENEWABLE ENERGY ACCESS

July 3, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

June 26, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
“Paromanawik Samay” !

“Paromanawik Samay” !

July 12, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37233 shares
    Share 14893 Tweet 9308
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16808 shares
    Share 6723 Tweet 4202
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2049 shares
    Share 820 Tweet 512
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    239 shares
    Share 96 Tweet 60
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    141 shares
    Share 56 Tweet 35
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6728 shares
    Share 2691 Tweet 1682
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3929 shares
    Share 1572 Tweet 982
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d