• দিলীপ দৈমাৰী
ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ-এ প্ৰতিবাদী কৃষক সকলৰ নেতৃত্বক ফোন কৰি তেওঁলোকৰ আন্দোলন প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ কৰিলে যদিও নিজৰ মতত অটল হৈ থকা কৃষকসকলে ষ্পষ্টভাৱে শ্বাহক জনাই দিলে যে চৰকাৰৰ লগত আলোচনা কৰিবলৈ তেওঁলোক ৰাজী যদিও তথা চৰকাৰে গঠন কৰিবলগীয়া কমিঠিত অন্তৰ্ভুক্ত হ’বলৈও ৰাজী যদিও যেতিয়ালৈ চৰকাৰৰ সৈতে আলোচনা ফলপ্ৰসু নহ’ব, তেতিয়ালৈ আন্দোলনৰ সমাপ্তি ঘোষণা কৰা সম্ভৱ নহয়। ভালেমান দাবী লৈ যি কৃষক আন্দোলন চলি আছে, সেই সম্পৰ্কে চৰকাৰে কি ভাবিছে – সেয়া কৃষকে জানিব লাগিব; তাৰ পিছতহে কৃষক আন্দোলনৰ গতিপথ সম্পৰ্কে সিদ্ধান্ত লোৱা হ’ব। ৪ ডিচেম্বৰ, ২০২১ তাৰিখে সংযুক্ত কৃষক মৰ্চাই বৈঠক অনুষ্ঠিত কৰিছিল পৰৱৰ্তী কাৰ্য্যসূচী সম্পৰ্কে আৰু সেই বৈঠকত ৫ জনীয়া এখন কমিটিও গঠন কৰা হৈছে। কেৱল সেই কমিটিৰ সদস্যসকলৰ সৈতেহে চৰকাৰে কথা হ’ব পাৰিব। কৃষকসকলৰ অভিযোগ এয়াও যে চৰকাৰে ইচ্ছাকৃতভাৱে কৃষক আন্দোলনৰ বিভাজন কৰিবলৈ সক্ৰিয় হৈ পৰিছে, আৰু সেইবাবে কৃষি মন্ত্ৰীয়ে সম্প্ৰতি যেতিয়া ফোন কৰিছিল – তেতিয়া বাচি বাচি কেইজনমান নেতাক হে ফোন কৰিছিল আৰু কথা পাতিবলৈ বিচাৰিছিল। তেনে আচৰণৰ পৰাই স্পষ্ট হৈছিল যে সমস্যা সমাধান কৰাতকৈ বিভাজনৰ বাবেহে চৰকাৰ অধিক আগ্ৰহী। সেইহেতুকে কৃষকসকলৰ পক্ষৰ পৰা ৫ জনীয়া এখন কমিটিও গঠন কৰা হ’ল। এতিয়া এই কমিটিয়ে সিদ্ধান্ত ল’ব – চৰকাৰৰ লগত কি আলোচনা হ’ব আৰু কেতিয়া হ’ব। যিবোৰ দাবী লৈ চৰকাৰক চাপ দিয়া হৈছে, সেইবোৰৰ অন্যতম হ’ল এম-এছ-পি গেৰান্টি আইন প্ৰৱৰ্তন কৰা, বিদ্যুৎ বিল প্ৰত্যাহাৰ কৰা, কৃষকসকলৰ বিৰুদ্ধে বিভিন্ন স্থানত যি এফ-আই-আৰ ৰজু কৰা হৈছে সেইবোৰ প্ৰত্যাহাৰ কৰা, ইত্যাদি। নিহত খেতিয়কসকলক ক্ষতিপূৰণ দিয়া, নিহত কৃষকসকলক শ্বহীদৰ মৰ্যদা দি স্মৃতিসৌধ দিল্লীৰ সীমান্তত নিৰ্মাণ কৰা, ইত্যাদি দাবীও আছে। কাৰণ দিল্লীৰ সীমান্তত কৃষকসকলে মাহৰ পিছত মাহ ধৰি আন্দোলন কৰিছে আৰু প্ৰাণ হেৰুৱাইছে। ৪ ডিচেম্বৰ তাৰিখে কৃষক মৰ্চাৰ তৰফৰ পৰা ৰাকেশ টিকায়েত-এ কৈছে যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ-এ ইতিমধ্যে ফোন কৰিছে যদিও তেওঁক জনাই দিয়া হৈছে যে আমাৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত আন্দোলন চলি থাকিব। কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ বিৰুদ্ধে এতিয়াও একো ব্যৱস্থা লোৱা নহ’ল আৰু তেওঁ নিজৰ পুত্ৰৰ ৰক্ষণাবেক্ষণ দিয়াতেই ব্যস্ত হৈ কৃষকসকললৈ কোনো বিবৃতি এটাও আগ নবঢ়ালে। দেখদেখকৈ এয়া কৃষকসকলক কৰা অপমান, অসন্মান। তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ’ল কিয় – কৃষকৰ প্ৰশ্ন! অহা ৭ ডিচেম্বৰ তাৰিখে পুনৰ সংযুক্ত কৃষক মৰ্চাই বৈঠক অনুষ্ঠিত কৰিব আৰু এইবোৰ বিষয় বিতংকৈ আলোচনা কৰা হ’ব। কৃষকসকলৰ এনে অটল সিদ্ধান্তই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে কেন্দ্ৰ চৰকাৰ আৰু বিজেপিক বাৰুকৈয়ে বিপাঙত পেলাইছে বুলি জানিব পৰা গৈছে।