•অৰবিন্দ ৰাভা
দিল্লীৰ সীমান্তত এবছৰৰো অধিক কাল নিজৰ দাবী পূৰণৰ বাবে অটল হৈ অৱস্থান কৰি থকা কৃষকসকলে ওভতনি যাত্ৰা আৰম্ভ কৰিলে। যোৱা শনিবাৰে, ১১-১২-২০২১ তাৰিখে তেওঁলোকে আৰম্ভ কৰা ওভতনি যাত্ৰা আছিল ঐতিহাসিক। ইমানদিনে আছিল আশঙ্কা, ভয়, অনিশ্চয়তা; কিন্তু অদমনীয় হৈ থকা কৃষকসকলে এতিয়া হাঁহিমুখে স্বস্তিৰ সঙ্গীতৰ তালে তালে ভাংৰা নৃত্য কৰি কৰি লাৰু বিলাই বিলাই বহুমাহৰ পিছত উন্মুখ আনন্দৰে, বিজয়ী বেশেৰে নিজৰ নিজৰ ঘৰলৈ উভতি যোৱাৰ সেই দৃশ্য আছিল নান্দনিক। কিমান দিন যে তেওঁলোকে দেখা নাই তেওঁলোকৰ সেউজ পথাৰ! নিজৰ ঘৰ-দুৱাৰ! কিমান দিন যে তেওঁলোকে ট্ৰেক্টৰত উঠি যোৱা নাই মান্ডিলৈ! আৰু এমাহ পিছতেই আহিব লোহৰি। মকৰ সংক্ৰান্তিৰ দৰেই সেই উৎসৱৰ দ্বাৰা পঞ্জাৱত আৰম্ভ হয় শইচৰ বন্দনা। শীতৰ তীব্ৰতা আৰু ফচলৰ সুঘ্ৰাণ মিহলি হৈ যায় সন্ধিয়াৰ অগ্নিত। এইবাৰৰ সেই উৎসৱত থাকিব বিজয়ৰ অনাবিল আস্বাদ। যোৱা বছৰ লোহৰিত নাছিল আনন্দৰ স্পৰ্শ। এবছৰ ধৰি সমগ্ৰ উৎসৱ হৈ আছিল মোলান পৰা। কাৰণ কৃষকৰ পৰিয়ালৰ পুৰুষসকল বহি আছিল দিল্লীৰ সীমান্তত। তেওঁলোকৰ বিক্ষোভ দমনৰ নামত চলিছিল ক্ৰুৰতা, ষড়যন্ত্ৰকাৰীৰ বিভিন্ন পৰিকল্পনা, পুলিচ প্ৰশাসনৰ দৃষ্টিত তেওঁলোক হৈ পৰিছিল শত্ৰুপক্ষ। কৃষকসকলৰ সেই আন্দোলনত বহুতেই দিলে জীৱন বিসৰ্জন আৰু বহুত মাতৃয়ে জন্ম দিলে বহু সন্তানৰো। আনকি উত্তৰপ্ৰদেশৰ লখিমপুৰত হোৱা দুৰ্ভাগ্যজনক ঘটনাত গাড়ীৰ চেপাত মৃত্যু হয় বিক্ষোভকাৰী কৃষকৰ। মোডী চৰকাৰে নতশিৰে নিজৰ ভুল স্বীকাৰ কৰি কৃষি আইন বাতিল কৰি কৃষকসকলৰ দাবী মানি লোৱাৰ পিছত, ঘোষণা কৰা হৈছিল যে আন্দোলনৰ সমাপ্তি হৈছে। শনিবাৰে সেইবাবেই ৰাতিপুৱাৰে পৰা আৰম্ভ হোৱা ওভতনি যাত্ৰাৰ গীত-মাত-নৃত্যৰেই সেয়ে সমাপ্তি হ’ল এক নজীৰবিহীন ঐতিহাসিক আন্দোলনৰ। হাৰিয়ানা, দিল্লী, উত্তৰপ্ৰদেশৰ সীমান্তত থকা শিৱিৰবোৰ এতিয়া নাইকিয়া হ’বলৈ ধৰিছে – যিবোৰত প্ৰচন্ড ৰ’দ, প্ৰচন্ড শীত, কৰ’নাকালীন আশংকা, ৰাজনৈতিক হেঁচা, সামাজিক চাপ, বৰষুণ, ধুমুহা সকলো উপেক্ষা কৰিও অলৰ-অচৰ হৈ তেওঁলোক আছিল নিজৰ বিক্ষোভ প্ৰদৰ্শন কৰি। সকলোৱে ভাবিছিল যে মোডী চৰকাৰে কোনোপধ্যেই কৃষি আইন প্ৰত্যাহাৰ নকৰে! একমাত্ৰ আশা এৰা নাছিল কৃষকসকলে। অটুত মনোবল লৈ তেওঁলোকে বহি আছিল সেই শিৱিৰবোৰত, তেওঁলোকৰ প্ৰতিবাদস্থলীত। অৱশেষত তেওঁলোকৰ জয় হ’ল। এতিয়া তেওঁলোকে বজাই আছে বিজয়ৰ গান, ভাংৰাৰ ছন্দৰ তালে তালে আগবাঢ়িছে ট্ৰেক্টৰৰ চকা। নিজৰ নিজৰ ঘৰলৈ আগবাঢ়িছে এতিয়া বীৰ বিক্ৰমেৰে বিজয়ী কৃষক।