• অৰবিন্দ ৰাভা
নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০২০ চনত ৩ খন কৃষি আইন প্ৰণয়ন কৰে; সেই ৩ খন আইন আছিলঃ
(এক) খেতিয়ক সকলৰ উৎপাদিত কৃষিপণ্য সংক্ৰান্তীয় ব্যৱসায় আৰু বাণিজ্য আইন, (দুই) অত্যাৱশ্যকীয় পণ্য আইন, (তিনি) কৃষি পণ্যৰ মূল্য নিৰ্ধাৰণ আৰু কৃষি পৰিসেৱা সংক্ৰান্তীয় কৃষক চুক্তি আইন। এই তিনিখন কৃষি আইন প্ৰণয়নৰ পিছতেই আইন কেইখনৰ তীব্ৰ প্ৰতিবাদ বিক্ষোভ আৰম্ভ কৰে খেতিয়ক সকলে। খেতিয়কৰ আপত্তিৰ কাৰণ আছিল – এনে কৃষি আইনে ভাৰতৰ কৃষকসকলৰ মেৰুদণ্ড ভাঙি পেলাব ( যদিও চৰকাৰে কৈছিল যে খেতিয়কৰ মেৰুদণ্ড শক্তিশালী কৰিব); বিশেষকৈ খেতিয়কসকল মধ্যভোগীৰ দ্বাৰা অধিকতৰ ভাবে শোষিত হ’ব। গতিকে আৰম্ভ হ’ল আন্দোলন, এক নজীৰবিহীন ঐতিহাসিক আন্দোলন। কেনেদৰে গতি কৰিলে খেতিয়কৰ সেই আন্দোলনে ? আহক, দিনপঞ্জীৰ গুৰুত্বপূৰ্ণ কেইটামান দিনলৈ উভতি যাওঁ —
৫ জুন, ২০২০ : মোডী চৰকাৰে ৩ খন নতুন কৃষি আইনৰ প্ৰস্তাৱ ডাঙি ধৰিলে। ৩ খন ‘বিল’ – যি কেইখনৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ আয়ত্বাধীন কৃষি ক্ষেত্ৰক বেচৰকাৰী কৰা হ’ব।
১৪ ছেপ্টেম্বৰ, ২০২০ : সংসদত অধ্যাদেশ অনা হ’ল।
১৭ ছেপ্টেম্বৰ, ২০২০ : লোকসভাত অধ্যাদেশ গৃহীত কৰা হ’ল।
২০ ছেপ্টেম্বৰ, ২০২০ : ৰাজ্যসভাত ধ্বনি ভোটত কৃষি ‘বিল’ গৃহীত হ’ল।
২৫ নৱেম্বৰ, ২০২০ : সমগ্ৰ ভাৰততে এই আইনৰ বিৰুদ্ধে কৃষকৰ তীব্ৰ প্ৰতিবাদ আৰম্ভ হ’ল আৰু দিল্লী যাত্ৰাৰ বাবে আহ্বান জনালে পঞ্জাৱ – হাৰিয়ানাৰ খেতিয়কসকলে। দিল্লী সীমান্তত কৰ’না অতিমাৰী/মহামাৰীৰ বাবে প্ৰযোজ্য হোৱা নিয়মৰ অজুহাতত দিল্লী পুলিচে প্ৰতিবাদকাৰীৰ যাত্ৰা ৰোধ কৰিলে। কিন্তু খেতিয়কসকল অলৰ অচৰ হৈ থকাত তেওঁলোকলৈ লক্ষ্য কৰি পানীহিলৈ, পানীকামান, কন্দুৱা গেছ নিক্ষেপ কৰা হ’ল।
২৭ নৱেম্বৰ, ২০২০ : ৰাষ্ট্ৰপতিয়ে অনুমোদন দিয়াৰ লগে লগে অধ্যাদেশ তিনিখন আইনত পৰিণত হ’ল।
২৮ নৱেম্বৰ, ২০২০ : গৃহমন্ত্ৰী অমিত শ্বাহ-এ খেতিয়কসকলৰ সৈতে আলোচনা কৰিবলৈ ইচ্ছুক বুলি জনালে যদিও খেতিয়কসকলে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে।
২৯ নৱেম্বৰ, ২০২০ : “মন কি বাত” অনুষ্ঠানৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ক’লে যে যিসকলে খেতিয়ক সকলক উচতনি দিছে, তেওঁলোকে খেতিয়কৰ বাবে একো কৰা নাই। কেৱল মোডীৰ চৰকাৰেহে খেতিয়কৰ বাবে কাম কৰিছে।
৩ ডিচেম্বৰ, ২০২০ : মুখামুখি বৈঠকত ভাগ ল’লে কেন্দ্ৰ চৰকাৰ আৰু খেতিয়ক। দুদিন পিছত হ’ল দ্বিতীয়খন বৈঠক। কিন্তু কোনো মীমাংসা নহ’ল বাবে প্ৰতিবাদ চলি থাকিল।
৮ ডিচেম্বৰ, ২০২০ : “ভাৰত বন্ধ”ৰ আহ্বান জনালে প্ৰতিবাদকাৰী খেতিয়কে। বন্ধ সফল হ’ল।
৯ ডিচেম্বৰ, ২০২০ : খেতিয়কৰ দ্বাৰা কৃষি আইন সংশোধনৰ প্ৰস্তাৱ প্ৰত্যাখ্যান।
১১ ডিচেম্বৰ, ২০২০ : উচ্চতম ন্যায়ালয়ৰ মজিয়াত বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে খেতিয়কৰ সংগঠন ‘ ভাৰতীয় কিষাণ ইউনিয়ন’।
৪ জানুৱাৰী, ২০২১ : কেন্দ্ৰ চৰকাৰ আৰু খেতিয়ক সকলৰ মাজত হোৱা সপ্তম লানি আলোচনাও ব্যৰ্থ হ’ল।
১২ জানুৱাৰী, ২০২১ : কৃষি আইন তিনিখন বলৱৎ কৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ। গঠন কৰা হ’ল ৪ জন সদস্যৰ কমিটি – যিখনে দুয়োপক্ষৰ বক্তব্য শুনি সমাধান-সূত্ৰ বাহিৰ কৰাৰ চেষ্টা কৰিব।
২৬ জানুৱাৰী, ২০২১ : কৃষি আইন প্ৰত্যাহাৰ কৰাৰ দাবীত খেতিয়কসকলৰ ‘ট্ৰেক্টৰ মিছিল’ত পুলিচৰ সৈতে আন্দোলনকাৰীৰ সংঘৰ্ষ। সিংঘু আৰু গাজীপুৰ সীমান্তৰ পৰা পথ পৰিৱৰ্তন কৰি বিক্ষোভকাৰীসকল দিল্লী মহানগৰত প্ৰৱেশ কৰে। লালকিল্লাৰ প্ৰাচীৰ বগাই বিক্ষোভকাৰীৰ একাংশই নিজে লৈ অহা পতাকা উত্তোলন কৰে। পুলিচৰ লাঠীচালনা, কন্দুৱা গেছ প্ৰয়োগ। এজন আন্দোলনকাৰীৰ মৃত্যু।
৪ ফেব্ৰুৱাৰী, ২০২১ : খেতিয়কসকলক সমৰ্থন কৰি বক্তব্য ডাঙি ধৰা বাবে ভাৰতৰ দিগ্বজ বুদ্ধিজীৱী, লেখক, চিন্তাবিদ সকলক কেন্দ্ৰীয় চৰকাৰে নিন্দা কৰিলে। কোৱা হ’ল যে সঠিক একো নাজানি চালে- বেৰে কোবোৱা কথা কৈ তেওঁলোকে দায়িত্বহীন কাম কৰিছে। আমেৰিকাৰ পপ্ তাৰকা ৰিহানা, আন্তৰ্জাতিক পৰিৱেশকৰ্মী গ্ৰেটা থুনবাৰ্গ, আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ আত্মীয় মীনা হেৰিছকো নিন্দা কৰা হ’ল – খেতিয়কসকলৰ পক্ষ লোৱা বাবে।
১৪ ফেব্ৰুৱাৰী, ২০২১ : ২১ বছৰ বয়সৰ পৰিৱেশ কৰ্মী দিশা ৰবিক দিল্লী পুলিচে গ্ৰেপ্তাৰ কৰিলে। গ্ৰেটা থুনবাৰ্গৰ কৃষক আন্দোলন সম্পৰ্কীয় ‘টুলকিট’ সম্পাদনাৰ অভিযোগ উত্থাপন কৰি তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
২৭ মে’, ২০২১ : আন্দোলনৰ ৬ মাহ অতিক্ৰম হোৱা উপলক্ষে খেতিয়কসকলৰ দ্বাৰা ‘ক’লা দিৱস’ উদযাপন। খেতিয়কৰ নেতৃত্বই জনাই দিলে যে দৰকাৰ হ’লে ২০২৪ চন পৰ্যন্ত, অৰ্থাৎ মোডীৰ কাৰ্যকাল শেষ নোহোৱালৈকে আন্দোলন চলাই থকা হ’ব।
৭ আগষ্ট, ২০২১ : ভাৰতৰ ১৪ টা বিৰোধী ৰাজনৈতিক দলৰ নেতাই যন্তৰ- মন্তৰত খেতিয়কৰ ‘কিষাণ সংসদ’ত যোগ দিয়াৰ সিদ্ধান্ত লয়।
২৮ আগষ্ট, ২০২১ : কাৰ্ণালত খেতিয়কৰ ওপৰত হাৰিয়ানা পুলিচৰ বৰ্বৰ লাঠীচালনা। বহুত আঘাতপ্ৰাপ্ত।
৩ অক্টোবৰ, ২০২১ : উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰৰ দ্ৰুতগামী গাড়ীৰ খুন্দা আৰু চেপাত পৰি ৪ জন খেতিয়কৰ অকাল মৃত্যু হয়। খেতিয়কসকলে সেই স্থানত বিক্ষোভ কৰি আছিল।
২৯ নৱেম্বৰ, ২০২১ : অৱশেষত নৰেন্দ্ৰ মোডীৰ পৰাজয়বৰণ। ৩ খন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰাৰ বিষয়ে ঘোষণা কৰে তেওঁ।