-মহাবাহুৰ মেজৰ পৰা… |
মিনিয়াপ’লিচত শ্বেতাংগ পুলিচৰ হাতত কৃষ্ণাংগ যুৱকৰ নিৰ্দয়ভাৱে মৃত্যু হোৱা ঘটনাই এতিয়া কৰ’নাই লক্ষাধিক আমেৰিকানৰ প্ৰাণ কাঢ়ি নিয়াৰ দৰে কৰুণ অধ্যায়কো যেন তল পেলাইছে! প্ৰতিবাদত উত্তাল হৈ পৰিছে সমগ্ৰ আমেৰিকা। বিক্ষোভ, অগ্নিসংযোগৰ লগতে নানা ঘটনা ঘটিবলৈ ধৰিছে আৰু স্থানীয় প্ৰশাসনৰ লগতে চীনক দোষাৰোপ কৰি কৰি, বিশ্ব স্বাস্থ্য সংস্থাক দোষাৰোপ কৰি কৰি নিজৰ ব্যৰ্থতা ঢাকিবলৈ প্ৰয়াস কৰি থকা ৰাষ্ট্ৰপতি ট্ৰাম্পৰো নিদ্ৰাহৰণ হৈছে। মিনিয়াপ’লিচ, লচ-এঞ্জেলছ, চিকাগো, আটলান্টা আদি চহৰ বিক্ষুব্ধ হৈ পৰিছে। মিনিয়াপ’লিচত যোৱা ৫ নিশাৰ হিংসা ৰোধ কৰিবলৈ পুলিচে কন্দুৱা গেছ আৰু গ্ৰেণেড বিক্ষোভকাৰীলৈ নিক্ষেপ কৰিবলগীয়া হৈছে। লচ-এঞ্জেলছ , চিকাগো আদিকে ধৰি আমেৰিকাৰ ১৩ খন চহৰত নিশা সান্ধ্য-আইন জাৰী কৰা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণাধীন কৰিবলৈ বহু চহৰত তলৱ কৰা হৈছে জাতীয় নিৰাপত্তাৰক্ষী। জৰ্জ ফ্লয়েড নামৰ এজন কৃষ্ণাংগ যুৱক পুলিচৰ নিৰ্দয়তাৰ ফলত মৃত্যু হোৱাত প্ৰতিবাদ বিয়পি পৰিছে নিউয়ৰ্কৰ পৰা চিয়াটেল পৰ্যন্ত, লাখ লাখ প্ৰতিবাদকাৰী পথত নামি পৰিছে। শনিবাৰে লচ-এঞ্জেলছত বিক্ষোভকাৰীসকলে পুলিচৰ গাড়ীত অগ্নিসংযোগ কৰে, পুলিচেও সমানেই লাঠীচালনা কৰে। তাৰপিছত ৰবৰৰ বুলেট নিক্ষেপ কৰে। বিক্ষোভকাৰীয়ে ফিলাডেলফিয়াত দোকান- পোহাৰ ভাঙে। চিকাগো আৰু নিউয়ৰ্কত পুলিচলৈ শিল, ইটা, জলকীয়াৰ গুড়ি নিক্ষেপ কৰা হয়। নিউয়ৰ্কৰ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত থকা বাৰ্কলে’ছ চেন্টাৰতো বিক্ষোভকাৰী প্ৰৱেশ কৰি পুলিচৰ সৈতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বিক্ষুব্ধ জনতাই। হোৱাইট হাউচৰ বাহিৰতো প্লে-কাৰ্ড হাতত লৈ ‘আমাৰ উশাহ বন্ধ হৈ পৰিছে’ বুলি লিখি ( কৃষ্ণাংগ যুৱকজনক বগৰাই লৈ গলত হেঁচা দি থাকোতে তেওঁ উশাহ ল’ব নোৱৰা হৈছো বুলি কৈ কাকুতি কৰিছিল শ্বেতাংগ পুলিচজনক, কিন্তু শ্বেতাংগ পুলিচে ভ্ৰুক্ষেপ নকৰি তেনেদৰে হেচি থাকোতেই কৃষ্ণাংগ যুৱকজনৰ মৃত্যু হয়) বিক্ষোভকাৰীয়ে প্ৰতিবাদ কৰে। লকডাউন, সান্ধ্য আইন ভঙ্গ কৰি নিউয়ৰ্ক, আটলান্টা, লাচ-ভেগাছৰ পথত চলিল আক্ৰমণ, দোকান ভঙা, লুটপাত, অগ্নিসংযোগৰ ঘটনা। নিহত কৃষ্ণাংগ যুৱকজনৰ পৰিয়ালৰ সৈতে ৰাষ্ট্ৰপতিয়ে কথা পাতি সমবেদনা জ্ঞাপন কৰিছে। অভিযুক্ত পুলিচ বিষয়াৰ বিৰুদ্ধে ‘থাৰ্ড ডিগ্ৰী’ হত্যাৰ অভিযোগো দাখিল হৈছে। তছনছ হৈ পৰিছে কৰ’নাৰ বিধি-বিধান। ২৫ মে’ তাৰিখে ভাইৰেল হৈ পৰা ভিডিঅ’ এটাত দেখা গৈছিল যে ‘মোৰ দম বন্ধ হৈ পৰিছে, মই আৰু নোৱৰা হৈছো। মই মৰি যাম।’ – এনেদৰে চীৎকাৰ কৰিছিল জালিয়াতিৰ অভিযোগত ধৃত ৪৪ বছৰীয়া কৃষ্ণাংগ যুৱক জৰ্জ ফ্লয়েডক। তেওঁৰ গলত আঠুৰে চেপি আছিল শ্বেতাংগ পুলিচ বিষয়া ডেৰেক শ্ব’ভিনে। তথাপিও শ্ব’ভিনৰ আক্ৰোশ কমা নাছিল। এনেদৰে থকাৰ ৫ মিনিট পিছত শ্বাসৰুদ্ধ হৈয়েই জৰ্জৰ মৃত্যু হয়। মোবাইলৰ ফুটেজ পৰীক্ষা কৰি সেই ঘটনাত জড়িত চাৰিজন পুলিচক বৰ্খাস্ত কৰা হয়। কিন্তু প্ৰতিবাদৰ অগ্নি দাউদাউকৈ জ্বলি উঠে আমেৰিকাৰ চহৰে নগৰে। এইসম্পৰ্কে একাংশৰ অভিযোগ হ’ল যে পৰিস্থিতি এনে হোৱাৰ মূলতেই হ’ল ট্ৰাম্প। কাৰণ জনতাক দোষ দি ট্ৰাম্পেই কৈছিল – লুটপাত হ’লে গুলীচালনা হ’বই। ‘হিংসাক প্ৰশ্ৰয় দিয়া’ বাবে ট্ৰাম্পৰ এটা টুইট ‘হাইড’ কৰিছিল টুইটাৰে – শুক্ৰবাৰে!শ শনিবাৰেট্ৰাম্পৰ সুৰ কিছু নৰম হৈছে। তেওঁ মৃতকৰ পৰিয়ালৰ সৈতে কথা পাতিছে।