• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, May 18, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Tech Science

কৃষ্ণ গহ্বৰ

- ড° ৰাস্না ৰাজখোৱা

by Anjan Sarma
June 25, 2021
in Science, Special Report
Reading Time: 1 min read
0
কৃষ্ণ গহ্বৰ
Share on FacebookShare on TwitterShare on LinkedIn

– ড° ৰাস্না ৰাজখোৱা |

এটা বৃহদাকাৰ কৃষ্ণ গহ্বৰৰ ঝৰণাৰ কণাসমূহৰ শক্তি সূৰ্যৰ শক্তিতকৈ ১২৫ বিলিয়ন গুণতকৈ অধিক

RelatedPosts

Hypertension the Silent Killer

Hypertension the Silent Killer

May 17, 2025
Is India’s Ceasefire a Sign of Defeat or Strategic Maturity?

Is India’s Ceasefire a Sign of Defeat or Strategic Maturity?

May 15, 2025
Is Artificial Intelligence a Friend or Foe to the Environment?

Is Artificial Intelligence a Friend or Foe to the Environment?

May 14, 2025

শেহতীয়াকৈ প্ৰথমবাৰৰ কাৰণে জ্যোতিৰ্বিদসকলে প্রত্যক্ষভাৱে বৃহদাকাৰ কৃষ্ণ গহ্বৰৰ ঝৰণা গঠন আৰু বিৱর্তনৰ ঘটনা প্রতিবিম্বিত কৰিবলৈ সক্ষম হ’ল। এই ফলাফলসমূহে জ্যোতিৰ্বিদসকলক নক্ষত্র ধ্বংস কৰা কৃষ্ণ গহ্বৰৰ বহুতো নতুন তথ্য আৱিষ্কাৰ কৰাত সহায় কৰিব। সূৰ্যৰ ভৰৰ মিলিয়নৰপৰা বিলিয়ন গুণ ভৰৰ বৃহদাকাৰ কৃষ্ণ গহ্বৰসমূহ সাধাৰণতে বৃহৎ তাৰকাৰাজ্যৰ কেন্দ্ৰ ভাগত থাকে। যদি তৰা এটা তেনেকুৱা এটা বৃহদাকাৰ কৃষ্ণ গহ্বৰৰ কাষেদি যায়, তেন্তে কৃষ্ণ গহ্বৰৰ শক্তিশালী মহাকর্ষণে তৰাটোক টানি কাষলৈ আনে আৰু জোৱাৰ-ভাটাৰ প্ৰভাৱৰ দৰে নক্ষত্ৰটোৰ ভিতৰভাগ বিশৃংখল কৰি তোলে। নক্ষত্ৰৰ ভিতৰভাগৰ উপাদানসমূহ কৃষ্ণ গহ্বৰৰ ফালে গতি কৰে।

উপাদানসমূহ কৃষ্ণ গহ্বৰত পৰাৰ আগতে কৃষ্ণ গহ্বৰৰ চাৰিওফালে এখন ঘূর্ণায়মান থালৰ সৃষ্টি কৰে আৰু উজলি উঠে। কণাসমূহৰ ঝৰণা প্রথম আৰম্ভ হয় অসাধাৰণ উচ্চ বেগযুক্ত বর্ধিত ঘূর্ণায়মান থালখনৰ মেৰুৰপৰা। এই অধ্যয়নটোৰ গৱেষকসকলে কয় যে বেছিভাগ সময়ত দেখা যায়, অতিশয় ভৰযুক্ত কৃষ্ণ গহ্বৰে সক্রিয়ভাৱে যিকোনো বস্তু গোগ্রাসে গ্রাস নকৰে। মহাকর্ষণিক বলৰ বাবে বিশৃংখলিত হোৱা বস্তুৰ ভিতৰত জ্যোতিৰ্বিদসকলে চিনাক্ত কৰা কমসংখ্যক বস্তুৰেই গৱেষকসকলে ঝৰণাবোৰৰ গঠন আৰু বিৱর্তনৰ বিষয়ে বেছিকৈ জানিবলৈ সুবিধা পাইছে।

গৱেষকসকলে প্রথমতে ঝৰণাটোৰ প্রমাণ পাইছিল ২০০৫ চনৰ ৩০ জানুৱাৰীত। ফিনলেণ্ডৰ টুৰ্কু বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিদ চেপ্প’ মলটিলায়ে কয় যে জ্যোতিৰ্বিদসকলে পৃথিৱীৰপৰা ১৫০ মিলিয়ন আলোকবর্ষ দূৰত্বৰ Arp 299 তাৰকাৰাজ্য এযোৰৰ সংঘাত বিশ্লেষণ কৰিবলৈ, কানাৰি আইলেণ্ডত থকা উইলিয়াম হাৰচেল টেলিস্ক’প ব্যৱহাৰ কৰিছিল। তেওঁলোকে দেখিছিল Arp 299 ৰ সংঘাত হোৱা তাৰকাৰাজ্য দুখনৰ এখনৰপৰা অহা উজ্জ্বল অৱলোহিত পোহৰৰ বহিঃপ্রকাশ হৈছিল।

কানাৰি আইলেণ্ডত, অতি দীঘল আধাৰৰেখা সজ্জাত (Very Long Baseline Array –VLBA) হাজাৰ মাইল বিয়পি থকা দহটা ৰেডিঅ’ টেলিস্ক’পৰ নেটৱর্কে একেলগে এটা বৃহৎ ৰেডিঅ’ টেলিস্ক’প হিচাপে কাম কৰিছে। ইয়াৰ সহায়ত ২০০৫ চনৰ ১৭ জুলাইত বিজ্ঞানীসকলে Arp 299 ৰ অৱস্থানতে এটা নতুন ৰেডিঅ’ নির্গমনৰ উৎস চিনাক্ত কৰিছে।

ৰেডিঅ’ নির্গমনৰ উৎসটো সময় যোৱাৰ লগে লগে, নতুন পদার্থ অৱলোহিত আৰু ৰেডিঅ’ তৰংগেৰে উজলি উঠে; কিন্তু দৃশ্য আৰু এক্স-ৰশ্মিৰে নহয়। মলটিলায়ে কয়, “খুব সম্ভৱতঃ ইয়াৰ কাৰণ হ’ল তাৰকাৰাজ্যৰ কেন্দ্ৰ কাষত থকা আন্তঃনক্ষত্রীয় গেছ আৰু ধূলিয়ে এক্স-ৰশ্মি আৰু দৃশ্য পোহৰ শোষণ কৰে আৰু তাৰ পিছত এইবোৰ অৱলোহিত ৰশ্মি হিচাপে নির্গত কৰে।”

গৱেষকসকলে প্ৰথমতে ভাবিছিল কণাৰ ঝৰণা বহিঃপ্রকাশ তৰাৰ ছুপাৰন’ভা বিস্ফোৰণৰ ফলত হৈছে, কিন্তু সেই ব্যাখ্যা তথ্যৰ লগত মিল নাই। একেৰাহে প্রায় দহ বছৰ কাল নিৰীক্ষণ কৰাৰ পিছত গম পোৱা গ’ল যে ৰেডিঅ’ নির্গমনৰ উৎস আন এটা একত্ৰীকৰণ Arp 299BATI, এটা দিশত প্ৰসাৰিত হৈ ঝৰণাৰ সৃষ্টি কৰে, কিন্তু ছুপাৰন’ভা বা অতিবিস্ফোৰণ নহয়। ৰেডিঅ’ তথ্যই কয় যে ঝৰণাৰ পদার্থসমূহ তীব্র বেগেৰে, প্রায় পোহৰৰ বেগৰ ২৫% বেগেৰে বাহিৰলৈ গতি কৰে। ইয়াৰ বিপৰীতে এটা ছুপাৰন’ভাৰ দহ বছৰৰ পিছত কণাবিলাকৰ গড় বেগ পোহৰৰ বেগৰ প্রায় ৫%হে আশা কৰা হয়। ইমান বেছি বেগত গতি কৰাৰ কাৰণে ঝৰণাৰ কণাসমূহৰ শক্তি অতি বেছি। নিবন্ধটোৰ অন্য এজন সহলেখক আৰু স্পেইনৰ গ্রেনেডাৰ এষ্ট্ৰ’ফিজিকেল ইন্সটিটিউট অৱ এণ্ডালোচনৰ জ্যোতিৰ্বিদ মিগোয়েল পার্য টৰেচে কয়, “আমি ধৈর্যসহকাৰে যিমান পাৰো সিমান বেছি তথ্য সংগ্রহ কৰিছিলো যাতে উৎসটোৰ প্রকৃত প্রকৃতি সঠিকভাৱে নির্ণয় কৰিব পাৰো আৰু আমাৰ ধৈর্যই ফল দিলে।’’ মলটিলায়ে কয়, “আমাৰ অৱলোহিত আৰু ৰেডিঅ’ নিৰীক্ষণৰ সংযোজন আৰু অতিশয় ভৰযুক্ত কৃষ্ণ গহ্বৰৰ চাৰিওফালে ধূলিময় অঞ্চলৰপৰা নির্গত অৱলোহিত বিকিৰণ আৰু ৰেডিঅ’ ঝৰণাৰ অধ্যয়নৰপৰা এটা যুক্তিপূর্ণ, বিশ্বাসযোগ্য ব্যাখ্যা আগবঢ়াবলৈ সক্ষম হৈছো—অৱলোহিত আৰু ৰেডিঅ’ নির্গমন হতভগীয়া নক্ষত্ৰৰ আভ্যন্তৰীণ বিশৃংখলতাৰপৰা আহে, যাক অতিশয় ভৰযুক্ত কৃষ্ণ গহ্বৰে গোগ্রাসে গিলিছিল, যেতিয়া সি এই মহাজাগতিক দানৱটোৰ (কৃষ্ণ গহ্বৰটোৰ) কাষৰে পাৰ হৈছিল।

গৱেষকসকলে গণনা কৰি নির্ণয় কৰিছে যে যিটো কৃষ্ণ গহ্বৰৰপৰা ঝৰণাটো নিৰ্গত হৈছে তাৰ ভৰ সূৰ্যৰ ভৰৰ প্রায় বিছ মিলিয়ন গুণ বেছি। অতিকায় কৃষ্ণ গহ্বৰটো, সংঘাতত কৰা তাৰকাৰাজ্য দুখনৰ যিকোনো এখনৰ কেন্দ্ৰভাগত অৱস্থিত আৰু ই সূৰ্যৰ ভৰৰ দুগুণ ভৰৰ নক্ষত্র এটাক টুকুৰা-টুকুৰকৈ খণ্ড-বিখণ্ড কৰাৰ দৰে কৰিব পাৰে। পার্য টৰেচে কয়, “ইয়াৰ আগতে কেতিয়াও আমি প্রত্যক্ষভাৱে ঝৰণা এটাৰ গঠন আৰু বিৱর্তন এনে ঘটনাৰপৰা দেখা নাছিলো।”

বিজ্ঞানীসকলে কয় যে নতুন ফলাফলসমূহে আচম্বিত কৰিছে। Arp 299BATI আৱিষ্কাৰ হৈছিল দুখন তাৰকাৰাজ্যৰ সংঘাতৰ ফলত সৃষ্টি হোৱা ছুপাৰন’ভাৰ সন্ধান কৰা প্ৰকল্পৰ অংশ হিচাপে। এই ঘটনা সংঘটিত হয় ২০১১ চনত, ঝৰণাৰ বহিঃপ্রকাশ আৱিষ্কাৰৰ ছবছৰৰ পিছত। Arp 299BATI য়ে দেখুওৱা দীঘলীয়া প্ৰসাৰণে প্ৰমাণ কৰিলে যে ই এটা ঝৰণাহে, ছুপাৰন’ভা নহয়।

এটা দশকত, ঝৰণাটোৱে অৱলোহিত আৰু ৰেডিঅ’ তৰংগ হিচাপে 1.5× 1052 আর্গ পৰিমাণৰ শক্তি বিকিৰণ কৰে। গৱেষকসকলে কয় যে এই শক্তিৰ পৰিমাণ সূর্যই প্রতি বছৰে বিকিৰণ কৰা শক্তিৰ প্রায় ১২৫ মিলিয়ন গুণ। পার্য টৰেচে কয়, “VLBA ৰ সহায়ত বর্তমান বিজ্ঞানীসকলে গৱেষণাৰ কাম আগবঢ়াই নি আছে। কেনেকৈ ৰেডিঅ’ উৎস বিভিন্ন উৎসলৈ বিভক্ত হয়, ঝৰণাই কেনেকৈ আৱৰি থকা মাধ্যমটোৰ লগত ক্রিয়া কৰে ইত্যাদি পৰিঘটনাবোৰ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে।”

ঝৰণাৰ কণাবোৰ পোহৰ বা এক্স-ৰশ্মিৰ তৰংগদৈর্ঘ্যৰে উজ্জ্বল নহয়। বিজ্ঞানীসকলে উল্লেখ কৰা মতে ইয়াৰ কাৰণ বোধকৰো গেছ আৰু ধূলি। মলটিলায়ে কয়, “আমি এনেকুৱা বহুত সদৃশ ঘটনা তাৰকাৰাজ্যৰ ধূলিময় কেন্দ্ৰত হেৰুৱাইছো অৰ্থাৎ নেদেখাকৈ বা চিনাক্ত নোহোৱাকৈ থাকিল যিবোৰ কেৱল অৱলোহিত আৰু ৰেডিঅ’ নিৰীক্ষণৰদ্বাৰাহে চিনাক্ত কৰিব পাৰি, কিন্তু আলোকীয় পোহৰৰ বাবে অদৃশ্য।” পার্য টৰেচে কয়, এই নতুন ফলাফলসমূহৰপৰা জানিব পৰা গ’ল যে দৃশ্য পোহৰৰদ্বাৰা চিনাক্ত কৰিব নোৱাৰা বহুতো ধুমুহাজাতীয় বিশৃংখল ঘটনা অৱলোহিত ৰশ্মি আৰু ৰেডিঅ’ টেলিস্ক’পে আৱিষ্কাৰ কৰিব পাৰে য’ৰপৰা নিৰ্গত বস্তুসমূহ চিনাক্ত কৰিব পাৰি। কাৰণ মহাজাগতিক ধূলিয়ে যিকোনো দৃশ্য পোহৰ শোষণ কৰিব পাৰে। তেনেকুৱা ঘটনা বোধহয় প্রাৰম্ভিক পৃথিৱীত যথেষ্ট ঘটিছিল। গতিকে সেইবোৰৰ অনুসন্ধানে আমাক নতুনকৈ জন্ম লভা ব্রহ্মাণ্ডৰ বিষয়ে জানিবলৈ সহায় কৰিব।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: কৃষ্ণ গহ্বৰ
Anjan Sarma

Anjan Sarma

Related Posts

Hypertension the Silent Killer
Health

Hypertension the Silent Killer

by Dr Pranab Bhattacharyya
May 17, 2025
0

Hypertension the silent killer Dr. Pranab Jyoti Bhattacharyya Dr. Pranab Jyoti Bhattacharyya Hypertension or high blood pressure (BP) is considered...

Read moreDetails
Is India’s Ceasefire a Sign of Defeat or Strategic Maturity?

Is India’s Ceasefire a Sign of Defeat or Strategic Maturity?

May 15, 2025
Is Artificial Intelligence a Friend or Foe to the Environment?

Is Artificial Intelligence a Friend or Foe to the Environment?

May 14, 2025
Linguistic Variety in the Northeast of India and Language Death: How Concerned Are We?

Linguistic Variety in the Northeast of India and Language Death: How Concerned Are We?

May 13, 2025
পৃথিৱীৰ নৰকৰ জুই : যুদ্ধৰ ছায়া, ভাৰত-পাকিস্তান, ইত্যাদি 

It’s Time to Burn Pakistan’s Terror Playbook

May 11, 2025
Are Internships the New Gateway to Employment for Graduates?

Are Internships the New Gateway to Employment for Graduates?

May 10, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Hypertension the Silent Killer

Hypertension the Silent Killer

May 17, 2025
Israel-Palestine: Gaza buckles under fuel shortage, healthcare in crisis

Who makes our heroes and enemies for us?

May 17, 2025
অসমীয়া চলচ্চিত্ৰৰ গতি ধাৰা…..

অসমীয়া চলচ্চিত্ৰৰ গতি ধাৰা…..

May 17, 2025
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

May 16, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    11265 shares
    Share 4506 Tweet 2816
  • দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

    718 shares
    Share 287 Tweet 180
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    6978 shares
    Share 2791 Tweet 1745
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    963 shares
    Share 385 Tweet 241
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5324 shares
    Share 2130 Tweet 1331
  • মিচিং সমাজ আৰু সংস্কৃতি

    2830 shares
    Share 1132 Tweet 708
  • চাহ জনগোষ্ঠীয় গীত মাত, উৎসৱ-পাৰ্ৱণ, এটি পৰ্যালোচনা

    2146 shares
    Share 858 Tweet 537
  • বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

    347 shares
    Share 139 Tweet 87
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3019 shares
    Share 1208 Tweet 755
  • তাই আহোম সমাজত  বিহুৰ আৰম্ভনিৰ কিছু আভাস

    455 shares
    Share 182 Tweet 114
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d