শংকৰদেৱৰ বাণীৰে কোচ বিহাৰত ৰাস উদযাপন
যুগান্ত বায়ন
কৃষ্ণ বন্দনাৰে মুখৰিত হাউলীৰ ৰাস
১৯২৮ চনৰ পৰা আৰম্ভ হোৱা হাউলী ৰাস উৎসৱ বৰ্তমান ৰাস মহোৎসৱ লৈ পৰিণত হৈছে।
ৰাস উৎসৱৰ প্ৰথম গৰাকী সভাপতি বিশিষ্ট নাগৰিক বিশ্বনাথ দাস আৰু সম্পাদক গৰ্জনচন্দ্ৰ সৰকাৰৰ সৱল নেতৃত্বত হাউলীত ৰাস উৎসৱৰ পাতনি মেলা হৈছিল। তাৰপিছৰ পৰাই হাউলী ৰাস উৎসৱে অবিৰতভাৱে বিভিন্ন ধৰ্ম, ভাষাৰ লোকৰ লগতে বিভিন্ন জনগোষ্ঠীৰ স্বকীয় ৰীতি-নীতি, পৰম্পৰা, সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ এক বিশাল মঞ্চ গঢ়ি তোলাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।
হাউলী ৰাস মহোৎসৱে ৯৫ বছৰ অতিক্ৰম কৰি সম্প্ৰতি ৯৬ বছৰত ভৰি দিছে।
হাউলী চহৰক কেন্দ্ৰ কৰি চাৰিওফালে অৱস্থিত খিলঞ্জীয়া অসমীয়া বড়ো, কছাৰী, কোচ-ৰাজবংশী, নেপালী, বঙালী আদি বিভিন্ন জনগোষ্ঠীৰ বসতিপূৰ্ণ ৰাইজৰ সন্মিলিত প্ৰচেষ্টাত হাউলী ৰাস মহোৎসৱে সম্বনয় আৰু সম্প্ৰীতিৰ বিৰল চানেকি গঢ়ি তুলিবলৈ সক্ষম হৈছে। আনকি হাউলীৰ আশে-পাশে থকা ইছলাম ধৰ্মী লোকসকলেও ৰাস মহোৎসৱ লৈ আগবঢ়োৱা অৱদান অতুলনীয়।
ধৰ্ম পৰায়ন সত্ত্যাশ্ৰয়ী শান্তিকামী ৰজা চণ্ডীনাৰায়ণ বৰুৱাৰ গৌৱোজ্জল ইতিহাস প্ৰসিদ্ধ হাউলী ৰাস মহোৎসৱ আজি মানৱ প্ৰেমৰ উৎপত্তি স্থলী হিচাপে বিবেচিত হৈছে। সমগ্ৰ অসমৰে এক জাতীয় উৎসৱত পৰিণত হোৱা ৰাসৰ সু-বিশাল মঞ্চত প্ৰতি নিশাই অনুষ্ঠিত হোৱা বিভিন্ন জাতি-জনগোষ্ঠীৰ বৰ্নিল আৰু চহকী কৃষ্টি-সংস্কৃতিয়ে সমগ্ৰ অঞ্চলটোকেই সংস্কৃতিৰ এক মহামিলনৰ থলী লৈ ৰূপান্তৰ কৰি আছে আৰু ভৱিষ্যতলৈও কৰি থাকিব।
প্ৰতিবছৰে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ পথিতযশা ব্যক্তিসকলৰ মাজৰ এজনক হাউলী বঁটাৰে সন্মানিত কৰি সাহিত্য ক্ৰীড়া আৰু মানৱ সম্পদ সৃষ্টিৰ ক্ষেত্ৰত নতুন প্ৰজন্মক উৎসাহিত কৰাৰ কাৰণে এক অভিলাসী কাৰ্য্যক্ৰম গ্ৰহণ কৰি অহা হৈছে। ৰাস মহোৎসৱে কেৱল ধৰ্মীয় সামাজিক আৰু সাংস্কৃতিক উত্তৰণৰ ক্ষেত্ৰতেই সীমাৱদ্ধ নাথাকি বৃহত্তৰ হাউলী এলেকাৰ অৰ্থনৈতিক দিশটো শক্তিশালী কৰাৰ কাৰণে বিভিন্ন পন্থা অৱলম্বন কৰি আহিছে।
এই মহোৎসৱৰ জৰিয়তে মহোৎসৱৰ এমাহ দুমাহ আগৰ পৰাই স্থানীয় যুৱকসকলৰ মাজত ব্যৱসায়-বাণিজ্য কৰাৰ পৰিৱেশ আৰু মানসিকতা গঢ়ি উঠাটো এক শুভ লক্ষণ। এই বৰ্ণিল ৰাস মহোৎসৱৰ প্ৰাক মূহুৰ্তত আমি সোৱৰণ কৰিছোঁ সেইসকলক যিসকলৰ আপ্ৰাণ পৰিকল্পনা আৰু প্ৰচেষ্টাৰ ফলত আহি হাউলী ৰাস মহোৎসৱে অসম তথা ভাৰতৰ উপৰিও বিদেশৰ লোককো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
এই মূহুৰ্তত মন লৈ আহিছে হাউলী ৰাস উৎসৱে ব্যাপকতা লাভ কৰাৰ ক্ষেত্ৰত অকৃত্ৰিমভাৱে অৰিহণা যোগোৱা প্ৰয়াত যাদৱচন্দ্ৰ দাস, ডা⁰ সুৰেন্দ্ৰনাথ দাস, সৰ্বানন্দ দাস, সত্যনাথ দাস, সুৰেন দাস, যোগেশ নাথ, কানাইলাল বোথ্ৰা, জমিদাৰ বড়ো, প্ৰফুল্লকুমাৰ সাহা, নিকুঞ্জ বিহাৰী সাহা, সূৰ্য্য চৌধুৰী, চণ্ডীচৰণ দাস, অকন কুমাৰ পাঠক, নিশিথ দাস, সতেন্দ্ৰ পাঠক, নিহাৰেন্দু চৌধুৰী, বিবেকানন্দ চৌধুৰী, ভৈৰৱ দাস, জনাৰ্দন দাস, নিপেন চৌধুৰী, প্ৰবীণ নাথ, ৰাজমোহন চৌধুৰী, বিবেক তালুকদাৰকে ধৰি অনেক অলেখ ৰাসৰ দুৰন্ত অশ্বাৰোহী নিৰ্ভীক লোকৰ অনবৈদ্য অৱদানক।
এইসকল মহান লোকৰ কৰ্মৰাজিক যথাযথ স্বীকৃতি আৰু সন্মান জনাই আমি ভৱিষ্যতৰ দিশত অগ্ৰসৰ হ’ব লাগিব। আজিৰ পৰিবৰ্দ্ধিত পৰিস্থিতিত ৰজা চন্দীনাৰায়ণ বৰুৱাৰ ঐতিহ্য ৰক্ষাৰ হেতু আমি প্ৰতিজনে ত্যাগৰ মন্ত্ৰেৰে দলা-দলি, বিভেদ পৰিহাৰ কৰি ঐক্যবদ্ধভাৱে একো একোখন মঞ্চ পৰিহাৰ কৰিব লাগিব নতুন চিন্তাধাৰা তথা পৰিকল্পনাৰে। ঠেক গণ্ডিৰ পৰা আঁতৰত থাকি এক স্বাধীন আৰু নতুন চিন্তাৰ নতুন হাউলী গঢ়ি তুলিব লাগিব।
আমি সকলোৱে মনত ৰখা দৰকাৰ যে বিনম্ৰ পৰোপকাৰী চণ্ডীনাৰায়ণ বৰুৱাক চুবুৰীয়া বৰুৱা হলকান্তই ব্যক্তিগত আশেজ পূৰণ কৰিবলৈ গৈ মানৰ সহায়ত ৰাজ হাউলী থানবান কৰি চণ্ডীনাৰায়ণ বৰুৱাক মানৰ হাতত তুলি দিছিল। মানৰ হাতত লুণ্ঠিত হৈছিল ৰাজ হাউলীৰ গৌৰৱময় অনুলনীয় ঐতিহ্য। সেয়েহে এই ঐতিহাসিক দৃষ্টান্তৰ মৰ্ম উপলব্ধি কৰি আমি সকলোৱে স্বদেশ প্ৰেম আৰু ঐক্যৰ বান্ধোন অধিক শক্তিশালী কৰাৰ শপত ল’ব লাগিব এই ৰাস মহোৎসৱৰ পবিত্ৰথলীত।
শংকৰদেৱৰ বাণীৰে কোচ বিহাৰত ৰাস
আনহাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত পুৰণি বৰ অসমৰ অভিন্ন অংগ কোচবিহাৰৰ ৰাসৰ মূল আধাৰ বিন্দু শ্রীকৃষ্ণ নহয়, ‘মদন মোহন’। বিষ্ণুৰূপী অদ্বৈত ৰূপ এই মদন মোহনৰ। মদন মোহন কোচবিহাবৰ ৰাজবংশৰ ইষ্ট দেৱতা। এই প্ৰসংগতে উল্লেখ কৰিব পাৰি শ্ৰীমন্ত শংকৰদেৱৰ নাম। মহাপুৰুষজনাই প্ৰৱৰ্তন কৰা বৈষ্ণৱ ধৰ্মৰ মূলমন্ত্রই হ’ল ‘এক শৰণ’।
ৰাধাবিহীন মদন মোহন (কৃষ্ণ)ৰ পূজা-অর্চনা তথা মাহাত্ম্য প্রচাৰে শংকৰদেৱৰদ্বাৰা প্ৰৱৰ্তিত বৈষ্ণৱ ধৰ্মৰ মূল কথা। অনেক ঘাত-প্রতিঘাতৰ মাজত শংকৰদেৱে কোচ মহাৰজা নৰনাৰায়ণৰ আশ্রয়ত থাকিবলৈ লয়। এই বিষয়ত মুখ্য ভূমিকা পালন কৰিছিল মহাৰাজৰ ভাতৃ সেনাপতি বীৰ চিলাৰায়ে। যিজনা বীৰ শুক্লধ্বজ হিচাপেও পৰিচিত।
ৰজা নৰনাৰায়ণে শংকৰদেৱক অকল ধর্মগুক হিচাপে মানি লোৱা নাছিল, ৰজাই শংকৰদেৱক কোচবিহাৰৰ উপকণ্ঠ অঞ্চলত সত্র স্থাপন কৰি ধৰ্ম প্ৰচাৰৰ কাৰণে সুবিধা কৰি দিছিল। ৰজা নৰনাৰায়ণে শংকৰদেৱৰ শিস্য হ’বলৈ ইচ্ছা প্রকাশ কৰিছিল যদিও মহাপুৰুষজনাই ৰজাৰ গুৰু হ’বলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পৰিৱৰ্তে ৰজা নৰনাৰায়ণক এটা বিষ্ণু মূর্তি স্থাপন কৰি অনন্ত কন্দলিক পূজা- অৰ্চনা কৰিবলৈ শংকৰদেৱে দায়িত্ব দিয়ে।
এই বিগ্রহকেই পৰৱৰ্তী কালত মদন মোহন-লক্ষ্মীনাৰায়ণ নামে জনা যায়। কোচবিহাৰৰ ৰাস মহাপুৰুষ শংকৰদেৱৰ বৃহত্তৰ ধ্যান-ধাৰণা আৰু সংস্কৃতিৰ এক নব্য ৰূপ। ৰাস চক্ৰৰ নিৰ্মাণ কার্যত মুছলিম পৰিয়ালো জড়িত হৈ পৰিছে। ৰাস চক্ৰৰ মাজত বিদ্যমান হিন্দু, বৌদ্ধ আৰু ইছলামীয় প্রভাব। অতীত কালত কোচবিহাৰ, পার্শ্ববর্তী বৃহত্তৰ পূৰ্বাঞ্চলত মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ ঘটিছিল।
এই প্রসংগত ‘দামোদৰ চৰিত’ত পোৱা যায়- ‘লক্ষ্মীনাৰায়ণ পুত্র-পত্নী/লৈলেক শৰণ দামোদৰ চৰণত।’ মহাৰাজ নৰনাৰায়ণ বৈষ্ণব ধর্মত দীক্ষিত হ’লেও তেওঁ শিৱৰ প্রতি সমানে অনুৰক্ত আছিল। লক্ষ্মীনাৰায়ণৰ পুত্র মহাৰজা বীৰ নৰনাৰায়ণৰ শাসন। কালত (১৬২১-১৬২৫ খ্রীঃ) বৈষ্ণৱ ধৰ্মৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ হয়। সেই সময়তেই শংকৰদেৱৰ প্রিয় শিষ্য মাধবদের কোচবিহাৰলৈ আহে।
অষ্টাদশ শতিকাৰ শেষ ভাগত মহাৰজা হৰেন্দ্ৰ নাৰায়ণৰ সময়ত শংকৰদেৱ প্রবর্তিত ‘একশৰণ’ বৈষ্ণৱ মত আৰু গৌড়ীয় বৈষ্ণৱ মত তথা আদৰ্শৰ অপূর্ব সমন্বয় ঘটে। অন্য দিশে অষ্টাদশ শতিকাৰ শেষ ভাগত গৌড়ীয় বৈষ্ণব আদৰ্শৰ প্রভাব বৃদ্ধি হোৱাত শংকৰদেৱৰ আদৰ্শৰ প্রভার স্তিমিত হ’বলৈ ধৰে।
কিন্তু মদন মোহন শংকৰী ধাৰাক সাৰথি কৰি একশবণ, আদর্শ, মত, বিশ্বাস আৰু ইতিহাস চেতনাক কেইবাদশক ধৰি আদর্শ হিচাপে গ্রহণ কৰি কোচবিহাৰৰ বৃহত্তৰ ৰাস উৎসবে আজিও মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰ বিজয় নিচান উৰুবাই আহিছে।
যুগান্ত বায়ন, লেখকৰ ফোন: ৮৮৭৬৪-১৫০৮৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)