-মহাবাহু |
মহাবাহু : এটা দাঁতৰ ওজন ৫০ কিলোগ্ৰামৰো অধিক। অতিকায় শৰীৰ। শৰীৰতকৈও আশ্চৰ্য এযোৰ ধাৰাল দাঁত—যিয়ে মনত পেলাই দিয়ে বহুবছৰ আগতেই বিলুপ্ত হৈ যোৱা মেমথৰ বিষয়ে। এনে প্ৰজাতিৰ হাতীবোৰক ‘বিগ টাস্কাৰ’ বোলা হয়। ইমানদিনে ধাৰণা কৰা হৈছিল যে মেমথৰ দৰেই হয়তো আফ্ৰিকাৰ বক্ষৰপৰা বিশাল দাঁতৰ অধিকাৰী ‘বিগ টাস্কাৰ’বোৰো বিলুপ্ত হৈ পৰিছে। প্ৰায় অৱলুপ্ত হ’বলৈ ওলোৱা এনে এক মাইকী টাস্কাৰৰ ছবি কেমেৰাত বন্দী কৰি সমগ্ৰ বিশ্বক স্তম্ভিত কৰি দিছে ব্ৰিটিছ চিত্ৰগ্ৰহণকাৰী উইল বুৰার্ড লুকাছে। অৱশ্যে প্ৰতিখন ছবিয়েই লুকাছে গ্ৰহণ কৰিছে বগা-ক’লা ফ্ৰেমত। এই দুৰ্লভ ছবি ইণ্টাৰনেটৰ মাধ্যমেৰে বিশ্বৰ বিভিন্ন মানুহে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে। পৃথিৱীৰপৰা প্ৰায় অৱলুপ্ত হৈ পৰা আফ্ৰিকাৰ এই প্ৰজাতিৰ হাতীক কিদৰে সংৰক্ষণ কৰিব পাৰি, লুকাছৰ ছবিবোৰ দেখাৰ পিছত বিজ্ঞানীসকলে তাকে কেন্দ্ৰ কৰি চিন্তা-চৰ্চা আৰম্ভ কৰিছে। সাম্প্ৰতিক কালৰ বিভিন্ন সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বত ‘বিগ টাস্কাৰ’ খুব বেছি আছে ৩০ টা। মূলতঃ পূব, মধ্য আৰু দক্ষিণ আফ্ৰিকাত সিঁচৰতি হৈ আছে ‘বিগ টাস্কাৰ’বোৰ। এই প্ৰজাতিক এতিয়া আৰু দলবদ্ধ অৱস্থাত দেখা নাযায়। সাধাৰণতে এইবোৰে এতিয়া অৰণ্যত অকলশৰীয়াকৈয়ে বিচৰণ কৰি থাকে। লুকাছে কৈছে যে কেনিয়াৰ ‘ছেণ্ডো ৰাষ্ট্ৰীয় উদ্যান’ত দীৰ্ঘদিন অপেক্ষা কৰাৰ অন্তত তেওঁৰ কেমেৰাত ‘বিগ টাস্কাৰ’ ধৰা পৰে। টাস্কাৰৰ মূল বিচৰণ অঞ্চললৈ লুকাছক যাবলৈ সহায় কৰে ‘ছেণ্ডো ৰাষ্ট্ৰীয় উদ্যান’ৰ কৰ্তৃপক্ষই। লুকাছে কৈছে—‘‘সেয়া আছিল এক অসাধাৰণ ক্ষণ, যেতিয়া মই ‘বিগ টাস্কাৰ’ দেখা পালো। বিশ্বৰ বিৰল প্ৰজাতিৰ এই হাতী একাধিক সংখ্যাত মোৰ সন্মুখত দেখি মই নিজৰ চকু দুটাকেই বিশ্বাস কৰিব পৰা নাছিলো!’’
লুকাছ ব্ৰিটিছ বংশোদ্ভূত হ’লেও তেওঁৰ জন্ম তথা জীৱনৰ বেছিভাগ সময় অতিবাহিত হৈছে আফ্ৰিকাৰ টাঞ্জানিয়াত। সৰুৰেপৰাই ‘ফটোগ্ৰাফী’ৰ চখ। পৃথিৱীৰ বিভিন্ন অৰণ্য, অভয়াৰণ্য তেওঁ ভ্ৰমণ কৰিছে কান্ধত কেমেৰা ওলমাই। কিন্তু তেওঁৰ ভাষাত—কেনিয়াৰ অৰণ্যত তেওঁৰ সাম্প্ৰতিক অভিজ্ঞতাৰ সৈতে অইন একোৰেই তুলনা নহয়। ‘বিগ টাস্কাৰ’ৰ বিভিন্ন ভংগীৰ ছবি তুলিছে তেওঁ, কিন্তু সকলোবোৰ বগা-ক’লা ফ্ৰেমত। কেতিয়াবা কেমেৰা ‘জুম’ কৰি, কেতিয়াবা দূৰণিৰপৰা। তেওঁ কৈছে যে ‘বিগ টাস্কাৰ’ মোৰ ‘প্ৰজেক্ট’ৰ অন্যতম বিষয় আছিল। বিভিন্ন কোণৰপৰা বহুদিন ধৰি অপেক্ষা কৰি কৰি ছবি তুলিবলৈ সক্ষম হৈছো। বিশ্ববাসীক দেখুওৱা প্ৰয়োজন আছিল সেই হাতীবোৰৰ আকাৰ আৰু বৈশিষ্ট্য।’’ লুকাছৰ বিশ্বাস যে তেওঁ গ্ৰহণ কৰা ছবিবোৰ চাই বিশ্বৰ বিভিন্ন সংগঠনে ‘বিগ টাস্কাৰ’বোৰক জীয়াই ৰাখিবলৈ আগবাঢ়ি আহিব। ‘বিগ টাস্কাৰ’ৰ ছবি তোলাৰ অভিজ্ঞতা বৰ্ণনা কৰি লুকাছে কয় যে প্ৰথমে যি ‘বিগ টাস্কাৰ’ৰ ছবি তুলিছিলো, সেয়া আছিল এজনী মাইকী ‘বিগ টাস্কাৰ’। কিন্তু ছবি তোলাৰ কিছু সময় পিছতেই সেইজনীৰ মৃত্যু হয়। প্ৰাকৃতিক কাৰণতেই সেই মাইকী ‘বিগ টাস্কাৰ’জনীৰ মৃত্যু হোৱা বুলি উদ্যান কৰ্তৃপক্ষই জনায়। সংশ্লিষ্ট মহলৰ ধাৰণা যে কেৱলমাত্ৰ চোৰাং চিকাৰীৰ বাবেই ‘বিগ টাস্কাৰ’বোৰ অৱলুপ্ত হ’বলৈ ওলাইছে। মধ্য আৰু দক্ষিণ আফ্ৰিকাৰ বিভিন্ন স্থানত চোৰাং চিকাৰীসকলে ‘বিগ টাস্কাৰ’ৰ সন্ধানত থাকে আৰু তেওঁলোকৰ মূল লক্ষ্য হ’ল বিশাল হাতীৰ বিশাল দাঁত। ২০০৭ চনৰপৰাই হাতীদাঁতৰ চোৰাং ব্যৱসায় তীব্ৰগতিত বাঢ়িবলৈ লয় আৰু আমেৰিকাৰ লগতে থাইলেণ্ড, ভিয়েটনাম, ফিলিপাইনছত নিৰ্বিচাৰে হাতী নিধন হ’বলৈ ধৰে। এনে পটভূমিত লুকাছে কয় যে—‘‘মই এয়া দেখি অভিভূত যে কেনিয়াৰ ছেণ্ডো ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষৰ পাৰদৰ্শিতাৰ বাবেই বিগ টাস্কাৰবোৰ এতিয়াও বাচি আছে।’’ লুকাছে কোৱামতে, ‘বিগ টাস্কাৰ’বোৰৰ ১৫০ খন ছবিৰে তেওঁ এখন গ্ৰন্থ প্ৰকাশ কৰিব আৰু সেইখনৰ নাম হ’ব—‘লেণ্ড অৱ জায়েণ্টচ্’। এই গ্ৰন্থখনেও বন্যপ্ৰাণী সংৰক্ষণত সহায় কৰিব বুলি লুকাছ আশাবাদী।