কেনে আছে বুৰে পতি শেলুক ?
মানস প্ৰতিম দত্ত
পূৰ্ণিমাৰ দিন। বাৰিষাৰ সময়। পাতল বতাহ বলি আছে। ঘৰৰ বাৰাণ্ডা অথবা চোতালত বহি জোনৰ পোহৰত ককা-আইতাৰ পৰা সাধু শুনাৰ বতৰ। এনে বতৰতে কোনোবা এদিন আমি শুনিছিলোঁ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সৰৱজান নামৰ বিখ্যাত সাধুটো।
সাধুৰ মাজত শেলুকৰ কথা শুনি আমি আইতাক কুটৰি কুটৰি কওঁ- কাইলৈ আমি শেলুক বিচাৰি যাম দেই আইতা। পাছ ফালৰ জানটোত ভেঁট ফুলে ভৰি আছে। মকুৱাও খাম।
আইতাই কয়– ক’ত পানীৰ তলত এতিয়া শেলুক হ’ব। দুদিনমান ৰ। পানী শুকালে তাত শেলুকে ভৰি পৰিব। কাইলৈ মকুৱা খাবলৈকে যাম দে!

আৰু আমি! জানত থকা ভূৰত উঠি মকুৱা খাবলৈ যোৱাৰ হেঁপাহ সাৱটি টোপনিৰ কোলাত লালকাল হৈ পৰোঁ।
জানৰ পানীত জিলিকি থাকে ভেঁট ফুল আৰু মকুৱা। কোনো কোনোৱে আকৌ মকুৱাক ভেঁটগুটি বুলিও কয়। মকুৱাবোৰ দেখাত সৰু প্লাষ্টিকৰ বলটোৰ দৰে। ইয়াৰ ভিতৰত অসংখ্য সৰু সৰু গুটি থাকে। গুটিবোৰত পাতলীয়া পাউদাৰৰ দৰে কিছুমান পদাৰ্থ থাকে আৰু খাবলৈ বিজলুৱা হয়।
বীজৰ ৰংবোৰ ৰঙা, ক’লা বা বগা হ’ব পাৰে। ভেঁটগছৰ পৰা মকুৱা চিঙি খাওঁতে মুখত সৰু সৰু গুটিবোৰ লাগি ধৰে। মৃদু বিজলুৱা গুটিবোৰ কেতিয়াবা নাকৰ কাষত লাগি ধৰে। তেতিয়া যে লগৰবোৰৰ কি চিঞৰ- ঐ মানস, তোৰ দাড়ি গজিলে চা চা! এৰা! এয়াই শৈশৱ-কৈশোৰৰ নষ্টালজিয়া।
লাহে লাহে জান-জুৰি, পথাৰৰ পৰা পানী শুকায়। আমি দেউতাহঁতৰ লগত পথাৰ পাওগৈ। পথাৰত হাল বাওঁতে নাঙলৰ ফালত লাগি ওপৰলৈ ওলায় আহে শেলুক। সেই শেলুক গুটাই বাকলি গুচাবলৈ আৰু সময় নাই, চিধাই দাঁতেৰে কামুৰি বাকলি এৰুৱাই মুখত কোনে আগত ভৰাব পাৰে তাৰহে প্ৰতিযোগিতা আৰম্ভ হয়। অৱশ্যে কেতিয়াবা দেউতাই শেলুক বুটলি আনি জুহালৰ কাষত ভাত ৰান্ধি থকা মাৰ হাতত দিয়েগৈ। মায়ে পকা অঙঠাত পুৰি আমাক শেলুক খাবলৈ দিয়ে। আহ! এই সোৱাদ আছিল অনন্য।
ভেঁট ফুল অসমৰ খাল-বিল, জান-জুৰি আৰু পথাৰৰ দেখা পোৱা এক জলজ উদ্ভিদ। ইংৰাজীত ইয়াক ৱাটাৰ লিলি নামেৰে জনা যায়। আমি শৈশৱত খোৱাৰ দৰে পুৰণি দিনৰে পৰা অসমৰ গাঁৱলীয়া সমাজত এই ফুলৰ সৌন্দৰ্যই কিমানৰ যে মন মোহিছিল তাৰ সীমা নাই! বহুতেই আকৌ ভেঁট ফুল চিঙি প্ৰিয়জনক নিভাঁজ প্ৰেমৰ উপহাৰ দিছিল। ইয়াৰ ফল (মকুৱা) আৰু আলু (শেলুক) গাঁৱৰ মানুহৰ খাদ্য তালিকাৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল। কিন্তু আধুনিক কৃষি পদ্ধতি, জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ প্ৰদূষণৰ ফলত এই উদ্ভিদৰ প্ৰাচুৰ্যতা হ্ৰাস পোৱাৰ লগতে ইয়াৰ সহজলভ্যতা ভয়ানকভাৱে কমি আহিছে।
মাটিত পোত খাই থকা ভেঁট ফুলৰ কাণ্ডৰ পৰা দীঘল ঠাৰিৰ সৈতে পাতবোৰ পানীত ওপঙি থাকে। ঠাৰিবোৰ ফোপোলা আৰু নলীকাৰ দৰে। পাতবোৰ বহল, চেপেটা, ডাঠ আৰু খাঁজকটা হয়। ইয়াৰ ৰাইজ’ম বা আলু অংশ পানীৰ তলৰ বোকাত পোত খাই থাকে। অসমত ৰঙা ভেঁট ফুল (Nymphaea rubra) আৰু বগা ভেঁট ফুল (Nymphaea alba) দেখা পোৱা যায়।
বাৰিষা শেষ হোৱা লগে লগে পানী শুকাবলৈ আৰম্ভ কৰে আৰু তেতিয়াই শেলুকবোৰ খান্দিব পৰা হয়। পুৰণি শেলুকবোৰত সৰু সৰু শিপা গজে। আমি খাবৰ বেলিকা সেই শিপাবোৰ আঁতৰাই লওঁ।
ল’ৰালিৰ দিনবোৰত আমি ইয়াক ‘দুখীয়াৰ আলু’ বুলিও কৈছিলোঁ। শেলুকত প্ৰচুৰ পুষ্টিগুণ থাকে, য’ত কাৰ্বহাইড্ৰেট, ফাইবাৰ, ভিটামিন (বিশেষকৈ ভিটামিন চি) আৰু খনিজ পদাৰ্থ যেনে পটাছিয়াম আৰু মেগনেছিয়াম পোৱা যায়।
ভেঁট ফুলে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ পাতবোৰে পানীৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাৰ লগতে শেলাইৰ বৃদ্ধি ৰোধ কৰাত সহায় কৰে। শেলুকবোৰে ভূমিক্ষয় ৰোধ কৰে। ই মাছ, কেঁকোৰাকে আদি কৰি অন্যান্য জলজ প্ৰাণীৰ আশ্ৰয়স্থলী।
আপুনি বাৰু কেতিয়াবা ভাবি চাইছেনে যে, মাত্ৰ কেইবছৰমান আগলৈকে বৰষুণৰ সময়ত অসমৰ জলাশয়ত উভেনদী হৈ থকা এই ভেঁটফুলবোৰ ক’লৈ গ’ল বাৰু!
জলবায়ু পৰিৱৰ্তনৰ ফলত পানীৰ অভাৱ, জলাশয়ৰ সংখ্যা হ্ৰাস আৰু খেতিমাটিত অত্যধিক ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰৰ ফলত এই জলজ উদ্ভিদবোৰৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিছে। সংৰক্ষণৰ উদ্যোগ গ্ৰিব লাগিব।
ভেঁট ফুল আৰু শেলুকৰ দৰে আমাৰ থলুৱা জলজ উদ্ভিদবোৰৰ সংৰক্ষণৰ বাবে স্থানীয় লোকৰ মাজত সচেতনতা সৃষ্টি কৰিব লাগিব। জৈৱিক সাৰৰ ব্যৱহাৰ বৃদ্ধি কৰি ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ হ্ৰাস কৰাত গুৰুত্ব দিব লাগিব।
ভেঁট ফুল আৰু শেলুক কেৱল অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ অংশই এই উদ্ভিদজোপা সংৰক্ষণ কৰি আমাৰ পৰৱৰ্তী প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ লগতে প্ৰাকৃতিক সম্পদ ৰক্ষা কৰাৰ উদ্যোগ লোৱাটো আমাৰ নৈতিক দায়িত্ব।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.


















