কেৰিয়াৰ নিৰ্বাচন
মৌচুমী ফুকন
কিছুসংখ্যক ল’ৰা ছোৱালী সৰু হৈ থাকোতেই কিছুমান বিশেষ কেৰিয়াৰৰ দিশৰ প্ৰতি আগ্ৰহী হৈ উঠে। আনহাতে কিছুসংখ্যকৰ বাবে কেৰিয়াৰ নিৰ্ণয় কৰাৰ ক্ষেত্ৰত বহু অসুবিধা হোৱা দেখা যায়।
কাৰণ তেওঁলোকৰ হাতত বহু options থাকে ফলত বিমোৰত পৰাৰ লগে লগে ভুল কেৰিয়াৰ নিৰ্ণয় হয় বুলি এটা ভয় তেওঁলোকৰ মাজত দেখা যায়।
তাৰ উপৰিও কিছু সংখ্যকৰ মতে চাকৰি এটা পোৱাটো বহু সহজ বা ইমান খৰচ কৰি পঢ়িছো যেতিয়া সফল হোৱাটো নিশ্চিত। কিন্তু সকলোৰে ক্ষেত্ৰত ই সঁচা হোৱা দেখা নাযায়।
কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত লোৱা এটা এটা সিদ্ধান্তই এজন লোকৰ পৰিচয়, জীৱনশৈলী, আয়, পৰিয়াল সকলো ক্ষেত্ৰত প্ৰভাৱ পেলাই। এই ক্ষেত্ৰত কেইটামান কথা বিশেষভাৱে মন কৰিবলগীয়া।
কেৰিয়াৰ নিৰ্ণয়ৰ ক্ষেত্ৰত প্ৰথম মন কৰিবলগীয়া কথাটো হৈছে নিজৰ ভাললগা নিজে বিচৰা, নিজৰ দক্ষতাৰ দিশটোৰ লগতে নিজৰ উচ্চাকাংক্ষাখিনিক জনা আৰু বুজা প্ৰয়োজন। নিজৰ ইচ্ছা আৰু সামৰ্থতা খিনি জনাটো কেৰিয়াৰ নিৰ্ণয়ৰ এক বৃহৎ খোজ।
লগতে অভিভাৱক, বন্ধু বান্ধৱী বা অন্য লোক যাৰ সেই বিষয়ক জ্ঞান থাকে তেওঁলোকক সোধা উচিত যিয়ে ছাত্ৰ ছাত্ৰী সকলে নজনা বহুখিনি কথা আঙুলিয়াই দিব পাৰে। ইয়াৰ উপৰিও নিজৰ দুৰ্বলতাখিনিক প্ৰকাশ কৰাৰ ক্ষেত্ৰত কেতিয়াও ভয় খাব বা বেয়া পাব নালাগে।
নিজৰ দক্ষতা, সামৰ্থতা আৰু ভাল লগা খিনিক ছাত্ৰ ছাত্ৰীসকলৰ ভাল লগা কেৰিয়াৰৰ দিশটোৰ লগত মিলাই চোৱাটো ভাল। সকলোখিনি একেলগে চালে সঠিক পথ নিৰ্ণয়ত সুবিধা হয়। এই ক্ষেত্ৰত কিছু সময়ত Career Counsellor ৰ সহায় ল’ব লগা হয়।

“কেৰিয়াৰ নিৰ্ণয়ৰ ক্ষেত্ৰত SWOT বিশ্লেষণ কৰাটো প্ৰয়োজন। ইয়াৰ মূলতেই হ’ল নিজৰ সবলতা, দুৰ্বলতা, সুবিধা আৰু ভাবুকিৰ বিশ্লেষণ । নিজৰ সবলতা খিনিক লৈ যোগাত্মক হোৱাৰ লগে লগে দুৰ্বল দিশবোৰ সবল কৰিবলৈ চেষ্টা কৰিব লাগে। সুবিধাবোৰৰ পৰীক্ষামূলক নিৰূপণ কৰিব পাৰিলে ভাল হয় যিয়ে সঠিক কেৰিয়াৰ গঢ়াত সহায় কৰে। একে সময়তে জীৱনৰ বাবে অহা ভাবুকিবোৰৰ পৰা সাৱধান হোৱা উচিত।”
সঠিকতা নিৰ্ণয় কৰাৰ আগত কেৰিয়াৰ নিৰ্ণয়ৰ তালিকাখন পুনঃনিৰিক্ষণ কৰা প্ৰয়োজন। প্ৰতিটো কেৰিয়াৰ দিশৰ ভাল বেয়া দিশ বোৰ এবাৰ চোৱাটো ভাল। প্ৰয়োজন হ’লে এই ক্ষেত্ৰত কাম কৰি থকা সকলৰ লগতও বিষয়বোৰ আলোচনা কৰিব পাৰিলে সুফল পাব পৰা যায়।

কেৰিয়াৰ নিৰ্ণয়ৰ ক্ষেত্ৰত SWOT বিশ্লেষণ কৰাটো প্ৰয়োজন। ইয়াৰ মূলতেই হ’ল নিজৰ সবলতা, দুৰ্বলতা, সুবিধা আৰু ভাবুকিৰ বিশ্লেয়ণ। নিজৰ সবলতা খিনিক লৈ যোগাত্মক হোৱাৰ লগে লগে দুৰ্বল দিশবোৰ সবল কৰিবলৈ চেষ্টা কৰিব লাগে। সুবিধাবোৰৰ পৰীক্ষামূলক নিৰূপণ কৰিব পাৰিলে ভাল হয় যিয়ে সঠিক কেৰিয়াৰ গঢ়াত সহায় কৰে। একে সময়তে জীৱনৰ বাবে অহা ভাবুকিবোৰৰ পৰা সাৱধান হোৱা উচিত।
সকলোবোৰৰ পৰীক্ষামূলক অধ্যয়নৰ পিছত নিৰ্ণয় কৰা কেৰিয়াৰক লৈ আশাবাদী হোৱাৰ লগতে পৰিকল্পনা ৰখাটো প্ৰয়োজন। লগতে কেৰিয়াৰৰ পথত আহিবলগা প্ৰতিটো উত্থান পতনৰ বাবে সাজু থকা উচিত আৰু নিজৰ লক্ষ্যৰ ক্ষেত্ৰত সদায় স্থিৰ থকাটো প্ৰয়োজন।
*Mousumi Phukan, Psychiatry Social Worker Department of Psychiatry, Central Referral Hospital, SMIMS, SMU,Tadong, East Sikkim
Headline image: www.biospace.com
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.


















