•অৰবিন্দ ৰাভা
ক্যানবেৰা (১৭ মে’) : ৩৭০০০০ টুথব্ৰাছ, দহ লাখ জোতা, কমেও ৪১ কোটি প্লাষ্টিক সামগ্ৰী ভাৰত মহাসাগৰৰ কোকোচ্ দ্বীপপুঞ্জৰ সমীপত জমা হৈছে। গৱেষণামূলক পত্ৰিকা ‘ছায়েণ্টিফিক ৰিপোৰ্টছ’-ত এই সম্পৰ্কে বাতৰি প্ৰকাশ পাইছে। দ্বীপপুঞ্জটোৰ ২৭টা দ্বীপত আছে প্ৰায় ৫০০ বাসিন্দা। পাৰ্থ (অষ্ট্ৰেলিয়া)ৰপৰা ২৭৫০ কিলোমিটাৰ দূৰৰ সেই দ্বীপপুঞ্জ পৰ্যটকসকলৰ বাবে খুব প্ৰিয় স্থান। কোকোচ্ দ্বীপপুঞ্জক কোৱা হয় অষ্ট্ৰেলিয়াৰ ‘লাষ্ট আনস্পয়েল্ট পেৰাডাইজ’। পৰ্যটকসকলেই যে সমুদ্ৰৰ পাৰত এইবোৰ পেলাই আৱৰ্জনাৰ পাহাৰ তৈয়াৰ কৰিছে, সেয়া স্পষ্ট হৈ পৰিছে। দ্বীপপুঞ্জটোত মানুহে সৃষ্টি কৰা এনে আৱৰ্জনাৰ স্তূপে সাগৰৰ স্বাস্থ্যৰ লগতে দ্বীপপুঞ্জটোত বাস কৰা বাসিন্দাসকলৰো স্বাস্থ্যৰ প্ৰতি ভীষণ ভাবুকি কঢ়িয়াই আনিছে। এই আৱৰ্জনাবোৰৰ সৈতে আছে ‘ৱান টাইম বটল’, গিলাছ, ডিছ ইত্যাদি। মেৰিন ইকোলজিষ্ট জেনিফাৰ লেভাৰ্ছে ‘টাছমেনিয়া বিশ্ববিদ্যালয়’ৰ গৱেষক দলটোৰ নেতৃত্ব বহন কৰি এই তথ্য বিশ্বৰ সন্মুখত দাঙি ধৰিছে।
