• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ASSAMESE SECTION/ Coochbehar

by Anjan Sarma
October 30, 2025
in ASSAMESE SECTION, History, Politics, Special Report
Reading Time: 6 mins read
0
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
Share on FacebookShare on TwitterShare on LinkedIn

কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!

অঞ্জন শৰ্মা

Kochbihar Palace

১৯৪৭ চনৰ ১৫ আগষ্টৰ তথাকথিত স্বাধীনতাৰ পিছতেই মাদ্ৰাজ প্ৰেছিডেন্সীৰ তেলেগুভাষীসকলে তেলেগু ভাষা-ভাষী অঞ্চলবোৰক লৈ এখন ভাষাভিত্তিক ৰাজ্য গঠন কৰিবলৈ আন্দোলন আৰম্ভ কৰিছিল।

সেই আন্দোলনৰ অন্যতম নেতা শ্ৰীৰামালুৱে দাবী পূৰণ কৰিবলৈ আৰম্ভ কৰিছিল আমৰণ অনশন। ৫৮ দিন অনশন কৰাৰ পিছত শ্ৰীৰামালুৰ মৃত্যু হয় আৰু আন্দোলনটো অতি হিংসাত্মক হৈ পৰে। তাৰেই পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে ভাষাভিত্তিক ৰাজ্য গঠনৰ দাবী মানি লৈ ‘The States Reorganization Commission‘ ১৯৫৩ চনত গঠন কৰে।

‘ৰাজ্য পুনৰ্গঠন আয়োগ‘ৰ সদস্য আছিল পন্ডিত এইচ. এন. কুঞ্জুৰু, বিচাৰপতি ফজল আলি, চৰ্দাৰ কে.এম. পান্নিকৰ। এই আয়োগে ভাৰতৰ বিভিন্ন স্থানলৈ গৈ স্হানীয় নেতৃত্ব, সংগঠন, ৰাইজৰ পৰা স্মাৰকপত্ৰ গ্ৰহণ কৰাৰ লগতে আলোচনা, সাক্ষ্য আদিও গ্ৰহণ কৰিছিল। এই আয়োগে দাৰ্জিলিঙলৈও গৈছিল।

আয়োগক প্ৰদান কৰা স্মাৰকপত্ৰত দাৰ্জিলিং গোৰ্খা লীগৰ সভাপতি দেওপ্ৰকাশ ৰায়ে লিখিছিল যে ইতিহাস, ভাষা, ভৌগোলিক অৱস্থান আৰু নৃতাত্ত্বিকভাৱে দাৰ্জিলিং কেতিয়াও বংগৰ অংগ নাছিল। সেইবাবেই পাৰ্বত্য অঞ্চলৰ এখন মহকুমাক লৈ এখন পাৰ্বত্য ৰাজ্য গঠন কৰিব লাগে।

ৰাজ্য পুনৰ্গঠন আয়োগৰ ওচৰত বিহাৰে পশ্চিম দিনাজপুৰ, জলপাইগুৰি, দাৰ্জিলিং আৰু কোচবিহাৰ দাবী কৰিছিল। বিহাৰে কৈছিল যে যদিহে এই অঞ্চলবোৰ বা জিলাবোৰ বিহাৰক দিয়া নহয়, তেনেহ’লে দাৰ্জিলিং-কোচবিহাৰক লৈ স্বতন্ত্ৰ অঞ্চল গঠন কৰি অসমৰ লগত সংলগ্ন কৰিব লাগে। বিহাৰৰ হৈ আয়োগক স্মাৰকপত্ৰ প্ৰদান কৰিছিল ডঃ সচ্ছিদানন্দ সিংহ আৰু মুৰলী মনোহৰে।

পশ্চিমবঙ্গ প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কোচবিহাৰ, জলপাইগুৰি ইত্যাদি বাদেই, অসমৰ গোৱালপাৰা আৰু গাৰোপাহাৰকো পশ্চিমবঙ্গৰ লগত চামিল কৰিব লাগে বুলি আয়োগক দাবী জনাইছিল।

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

‘West Bengal Gazeteers’-অত দুৰ্গাদাস মজুমদাৰে লিখিছে – ১৯৪৭ চনৰ ১৪ আগষ্টৰ পিছত “১৯৪৯ চনৰ ২৮ আগষ্ট পৰ্যন্ত কোচবিহাৰ কোচ মহাৰাজৰ দ্বাৰা (যি বৃটিছ চৰকাৰৰ অধীনস্থ এগৰাকী সামন্ত ৰজা হৈ পৰিছিল) শাসিত এখন দেশীয় ৰাজ্য আছিল।”

মজুমদাৰৰ সৈতে সংগতি ৰাখি এইখিনিতে উল্লেখ কৰিব বিচাৰো যে ১৯৪৮ চনৰ ২০ আগষ্টত ভাৰত চৰকাৰৰ সৈতে হোৱা এখন চুক্তি মৰ্মে তথা কোচবিহাৰক ‘C’ শ্ৰেণীৰ ৰাজ্যৰ মৰ্যদা দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছত ১৯৪৯ চনৰ ১২ ছেপ্টেম্বৰত কোচবিহাৰৰ মহাৰাজ জগদ্দীপেন্দ্ৰ নাৰায়ণে কোচবিহাৰক ভাৰতৰ সৈতে চামিল কৰে, আৰু ইয়াৰ লগে লগে মহাৰাজ বিশ্বসিংহই প্ৰতিষ্ঠা কৰা তথা মহাৰাজ নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়ে অনন্য মাত্ৰা প্ৰদান কৰা কোচবিহাৰ নামৰ ৰাজ্যখনৰ অস্তিত্ব একেবাৰে লুপ্ত হৈ গ’ল। মহাৰাজে কোচবিহাৰৰ জনসাধাৰণলে এনেদৰে অন্তিম বাৰ্তা প্ৰেৰণ কৰিলে —

‘আজিৰ এই বিশেষ উপলক্ষত – যি এক দীঘলীয়া তথা সুমধুৰ সহযোগিতাৰ সামৰণি হিচাপে চিহ্নিত হৈছে, মই আৰু মোৰ মাতৃদেৱীয়ে তাৰে পটভূমিত আমাৰ চেনেহৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। আমি কাহানিও আপোনালোকৰ আনুগত্য, শ্ৰদ্ধা, ভালপোৱা পাহৰিব নোৱাৰিম; আৰু আশা কৰো আপোনাসৱে সদায় শান্তি, সম্প্ৰীতি, একতা বজাই ৰাখিব আৰু সেয়াই আমাৰ ঐতিহ্য। আমিও সদায় আন্তৰিকতাৰে আপোনালোকৰ নৈতিক তথা পাৰ্থিৱ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি আপোনাসৱৰ সুখ-উন্নতিৰ বাবে প্ৰাৰ্থনা কৰিম। ঈশ্বৰে আপোনালোকক ভালে-কুশলে ৰাখক।

  জগদ্দীপেন্দ্ৰ নাৰায়ণ ভূপবাহাদুৰ
১২ ছেপ্তেম্বৰ, ১৯৪৯

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

       কোচবিহাৰৰ মহাৰাজে যিদিনাই ভাৰতৰ সৈতে কোচবিহাৰক চামিল কৰিবলৈ সন্মত হৈছিল, সেইদিনাই ঐতিহাসিক কোচ ৰাজত্বৰ বেলি মাৰ গৈছিল। মহাৰাজ নিৰুপায়, কাৰণ সাম্ৰাজ্যবাদী বৃটিছে এই ভূখন্ড এৰি যোৱাৰ ক্ষণতো ‘নতুন চাহাব’ তথা ভিন্নৰঙী সাম্ৰাজ্যবাদী নেহৰু-পেটেলৰ সৈতে চক্ৰান্ত কৰি চৰ্ত বান্ধি দিছিল যে উপনিৱেশখনৰ ৰাজ্যবোৰে ‘স্বাধীনতা’ পালে যদিও ভাৰত বা পাকিস্তান – যিকোনো এখনত চামিল হ’ব লাগিব। এয়া কেনেধৰণৰ ‘স্বাধীনতা’??

যি কি নহওক, মহাৰাজৰ সন্মতি লাভ কৰি নতুন সাম্ৰাজ্যবাদী জৱাহৰলাল নেহৰু-চৰ্দাৰ পেটেলৰ মুখত হাঁহি নধৰা হৈছিল।

কাৰণ বৃটিছ সংসদত গৃহীত ভাৰতৰ স্বাধীনতা আইনৰ ৭(১) ধাৰা অনুসৰি দেশীয় ৰাজ্যবোৰে বৃটিছ সম্ৰাটৰদ্বাৰা ৰাজত্ব অধিগ্ৰহণৰ পূৰ্বৰ অৱস্থা ঘূৰাই পোৱাৰ পটভূমিত যদিহে কোচবিহাৰৰ মহাৰাজে ডুৱাৰ্ছ অঞ্চল ওভোটাই পাবলৈ দাবী জনাই কোচবিহাৰক পাকিস্তানত চামিল কৰিলেহেঁতেন – আমাৰ এই মুলুকলৈ নেহৰু-পেটেল-গান্ধী-মোডী অহাৰ পথটোৱেই নাথাকিলহেঁতেন; আৰু আহোম স্বৰ্গদেউসকলৰ বংশধৰেও যদি পূৰ্বৰ অৱস্থা ওভোটাই পাবলৈ দাবী কৰিলেহেঁতেন – আজি আমি হয়তো কপালত চপৰিয়াই নাথাকি ব্ৰহ্মদেশৰ দৰেই থাকিব পাৰিলোহেঁতেন।

অসমো বিৰাট চক্ৰান্তৰ বলি হৈছিল, যিদৰে কোচবিহাৰ হৈছিল।

কোচবিহাৰৰ পৰা ভূটীয়া আক্ৰমণকাৰী খেদাৰ চেলু লৈ কোচবিহাৰত প্ৰৱেশ কৰি কোচবিহাৰ দখল কৰাৰ দৰেই অসমৰ পৰাও মানক খেদিম বুলি প্ৰৱেশ কৰি অসম দখল কৰা বৃটিছৰ সৈতে নেহৰু-পেটেলে গোপন বুজাবুজি কৰাৰ বাবেই ‘স্বাধীনতা’ৰ নামত ৰাজ্যসমূহক প্ৰচন্ড প্ৰতাৰণা কৰা হ’ল নেহৰু-পেটেলৰ লগতে ক্ষমতালুভীয়া সকলৰ স্বাৰ্থত। হয় ভাৰত, নহলে পাকিস্তান — যিকোনো এখনত চামিল হোৱা!! এয়া কেনেধৰণৰ স্বাধীনতা আছিল??

         ১৯৩০ চনত লন্ডনত অনুষ্ঠিত হোৱা ঘূৰণীয়া মেজমেলত ব্ৰহ্মদেশ আৰু অসমকক বিশেষ শাৰীত অৰ্ন্তভুক্ত কৰা হৈছিল –‘ other states’ হিচাপে।

অসমক প্ৰতিনিধিত্ব কৰিছিল চন্দ্ৰধৰ বৰুৱাই। তেখেতক কোনে নিৰ্বাচিত কৰিছিল, তেওঁ লন্ডনত কি কৈছিল বা কিদৰে নীৰৱতা অৱলম্বন কৰিছিল – সেইসম্পৰ্কে এতিয়া খুচৰিবলৈ নাযাও, কিন্তু অসমৰ সুকীয়া ইতিহাসৰ পটভূমিত অসমকো প্ৰতাৰণা কৰা হ’ল, প্ৰতাৰণা কৰা হ’ল নাগালেণ্ডকে ধৰি বহুতক। সেই অধ্যায় এতিয়া থাকক, কাৰণ পটভূমি হৈছে কোচবিহাৰ।

            ১৯৪৭ চনৰ ১৪ আগষ্টৰ পৰাই ১৭৭৩ চনত বৃটিছৰ সৈতে হোৱা কোচবিহাৰৰ চুক্তিখন বাতিল হৈ যায় আৰু বৃটিছ সংসদত গৃহীত হোৱা ভাৰতৰ স্বাধীনতা আইন অনুসৰি কোচবিহাৰখন পুনৰ স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰলৈ পৰিণত হয়। কিন্তু তাৰ মাজতে কেণা লাগি আছিল।

নামত ‘স্বাধীন’ হ’লেও কোচবিহাৰকে ধৰি ৫৬৫ খন দেশীয় ৰাজ্যই ভাৰত বা পাকিস্তান – যিকোনো এখনত যোগ দিয়াৰ স্বাধীনতা হে লাভ কৰিছিল, অৰ্থাৎ পুনৰ সেই একেই পৰাধীনতা নতুন সাম্ৰাজ্যবাদী নেহৰু-পেটেলহতৰ স্বাৰ্থত। এইখিনিতে মনলৈ আহে, সেই একেদিনাই ইয়ান্ডাবু সন্ধিও বাতিল হৈছিল, কিন্তু জগদ্দীপেন্দ্ৰ নাৰায়ণে সন্মতি দিয়াৰ দৰে অসমৰ কোনজনা স্বৰ্গদেউৰ বংশধৰে পেটেলক সন্মতিপত্ৰত স্বাক্ষৰ কৰি দিছিল?

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!


অৰ্থাৎ, অসম – কোচবিহাৰ কোনোখনেই প্ৰকৃততে স্বাধীনতা নাপালে, আৰু অসমৰ ৰাজনৈতিক নেতাসকলে সেইবিষয়টো সম্পৰ্কে সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰি কেৱল গ্ৰুপিং-সমস্যাক লৈ হে ব্যস্ত হৈথাকিল – যিদৰে এতিয়া বিদেশী বহিষ্কাৰ সম্পৰ্কে সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰি অসম চুক্তিৰ ৬ নং দফাৰ বিষয়ে হে কৈ আছে!! ভেজাল নাই, একেই গছৰ গুটি। ৬ নং যদি আছে, ৫ নং ক’লৈ গ’ল? আৰু “কা” গৃহীত হোৱাৰ লগে লগেই অসম চুক্তি খন প্ৰকৃততে বাতিল হৈ নগ’ল নে? তেনেস্থলত ৬ নং দফাৰ অস্তিত্ব থাকে কিদৰে! আহক, পুনৰ কোচবিহাৰলৈ ভুমুকি মাৰো।

       অৰ্থহীন স্বাধীনতা লাভ কৰি ১৯৪৯ চনৰ ২৮ আগষ্ট পৰ্যন্ত কোচবিহাৰখন মহাৰাজৰ অধীনস্থ দেশ হৈ থাকিল (কি এক ঐতিহাসিক কৌতুক!)- ভাৰতৰ ভিতৰতে! ১৯৪৯ চনৰ ২৮ আগষ্ট তাৰিখে মহাৰাজ আৰু ভাৰতৰ মাজত হোৱা এখন চুক্তি অনুসৰি কোচবিহাৰ ভাৰতৰ সৈতে চামিল হৈ পৰে। সেই সময়ত মহাৰাজে ভাৰতক প্ৰশ্ন কৰিছিল যে স্বাক্ষৰ কৰাৰ পিছত কোচবিহাৰৰ মৰ্যদা কেনে হ’ব?

তেতিয়া পেটেলে মহাৰাজক কৈছিল যে কোচবিহাৰ ৰাজ্যক ভাৰতৰ সংবিধানৰ আধাৰত ‘চি'(C) শ্ৰেণীৰ ৰাজ্য হিচাপে মৰ্য্যাদা দিয়া হ’ব। মহাৰাজে পেটেল-নেহৰুক বিশ্বাস কৰি স্বাক্ষৰ কৰাৰ সময়ত এবাৰো ভাবিব পৰা নাছিল যে তেওঁক নেহৰু-পেটেলে ঠগিব আৰু বিশ্বসিংহ, নৰনাৰায়ণ, চিলাৰায়ৰ কোচবিহাৰখন সংখ্যালঘু বঙালী হিন্দুসকলে পেটেলৰ সহযোগত বংগৰ এখন জিলালৈ ৰূপান্তৰিত কৰি পেলাব! মহাৰাজে গুজৰাটীৰ চক্ৰান্ত বুজি পোৱা নাছিল।

মহাৰাজে কোচবিহাৰক আনুষ্ঠানিকভাৱে ১৯৪৯ চনৰ ১২ ছেপ্টেম্বৰত ভাৰত চৰকাৰক এক নতুন আশাৰে সমৰ্পণ কৰে। সেইদিনাৰ পৰাই ভাৰত চৰকাৰে নিযুক্ত কৰা এগৰাকী চীফ কমিছনাৰৰ অধীনত ‘চীফ কমিছনাৰৰ প্ৰদেশ‘ হিচাপে কোচবিহাৰৰ শাসন আৰম্ভ কৰা হয় আৰু মহাৰাজক ‘চি'(C) শ্ৰেণীৰ ৰাজ্য গঠন কৰা হ’ব বুলি দিয়া প্ৰতিশ্ৰুতি সমূলি নস্যাৎ কৰি ১৯৩৫ চনৰ ভাৰত চৰকাৰৰ আইনৰ ২৯০(ক) ধাৰা অনুসৰি কোচবিহাৰক ১৯৫০ চনৰ ১ জানুৱাৰীত এখন মামুলি জিলা হিচাপে পশ্চিমবঙ্গৰ সৈতে চামিল কৰি দিয়া হয়।

ঘোষণা কৰা হয় -” Govt of India Ministry of Law notification No. S.O. 28, dated 31-12-1949 A.D. issed and by virtue of that notification the Cooch Behar state since centrally administered merged as a district in adjacent province (as it was then) of West Bengal from 2/1/1950.”

   কিন্তু সেই চামিলকৰণ প্ৰক্ৰিয়া মসৃণ নাছিল বাবেই প্ৰতাৰণাৰ নতুন জাল তৈয়াৰ কৰা হৈছিল। কোচবিহাৰৰ জনসাধাৰণৰ ইচ্ছাৰ বিৰুদ্ধে কোচবিহাৰক পশ্চিমবঙ্গৰ সৈতে সাঙুৰি দিয়া হৈছিল।

মহাৰাজ বিশ্বসিংহই প্ৰতিষ্ঠা কৰা আৰু মহাৰাজ নৰনাৰায়ণৰ সময়ত চূড়ান্ত সাফল্য লাভ কৰা স্বাধীন কোচবিহাৰে বিভিন্ন পৰ্যায়ৰ মাজে মাজে আহি এনে এক অৱস্হা লাভ কৰিলে যে ‘চি‘ শ্ৰেণীৰ ৰাজ্যৰ মৰ্যদা বাদেই, এখন সামান্য জিলা হৈ পৰিল, তাকো পশ্চিমবঙ্গৰ! কিদৰে? কিদৰে সংঘটিত হৈছিল সেই কাৰ্য?

         ধৰ্মৰ ভিত্তিত ভাৰত বিভাজনৰ পিছত পশ্চিমবঙ্গৰ কংগ্ৰেছ কমিটিয়ে উত্তৰবঙ্গ আৰু দেশীয় ৰাজ্য কোচবিহাৰক লৈ খুব তৎপৰ হৈ পৰিছিল, যিহেতু পূৰ্ববঙ্গ পাকিস্তানৰ অংশ হৈ পৰাত কলকাতাৰ মানুহবোৰ বিষাদগ্ৰস্ত আৰু দিশহাৰা হৈ পৰিছিল। সংকুচিত হৈ পৰিছিল জীৱিকাৰ স্থান। সংকুচিত হৈ পৰিছিল আয়তন। গতিকে কোচবিহাৰক লৈ যিসকলৰ সামান্যতম ধ্যান-ধাৰণাও নাছিল, তেওঁলোকৰ মুখতো হৰিনামৰ দৰে কোচবিহাৰৰ নাম আখৈ ফুটিবলৈ ধৰিছিল। সমস্যা আৰম্ভ হৈছিল কোচবিহাৰতো।

     ‌      মণিপুৰ আৰু ত্ৰিপুৰাতো সমস্যাৰ উদ্ভৱ হৈছিল। মণিপুৰত ভাৰত অন্তৰ্ভুক্তিক লৈ তীব্ৰ বিৰোধিতা আৰম্ভ হৈছিল আৰু এখন স্বাধীন ৰাষ্ট্ৰ গঠনৰ বাবে তীব্ৰ আন্দোলন আৰম্ভ হৈছিল। একেই সময়তে ত্ৰিপুৰাতো এচামৰ নেতৃত্বত আন্দোলন আৰম্ভ হৈছিল এখন স্বাধীন ৰাষ্ট্ৰৰ দাবীত তথা অইন এচামৰ নেতৃত্বত এখন সুকীয়া ৰাজ্যৰ দাবীত।

এইখিনিতে উল্লেখ কৰিব পাৰি যে ইংৰাজে ভাৰত ত্যাগ কৰাৰ পিছত ত্ৰিপুৰাৰ মহাৰাণীৰ সৈতে ভাৰত চৰকাৰৰ ভাৰতভুক্তি সম্পৰ্কীয় চুক্তি স্বাক্ষৰিত হয় আৰু চীফ কমিছনাৰৰ অধীনত ত্ৰিপুৰাক ৰখা হয়। ইয়াৰ পিছত ত্ৰিপুৰা ‘part – c state’, ‘Advisers Council’ শাসিত অঞ্চল, চেন্ট্ৰেল টেৰিটৰি, ইউনিয়ন টেৰিটৰি, প্ৰভৃতি বিভিন্ন স্তৰ অতিক্ৰমি ১৯৭২ চনৰ ২১ জানুৱাৰীত পূৰ্ণ ৰাজ্যৰ মৰ্যদা পায়। মণিপুৰক ভাৰতৰ সৈতে চামিল কৰা হয় ১৯৪৯ চনত; সেই অন্তৰ্ভুক্তিক লৈ হোৱা ক্ষোভ আজিও উপশম হোৱা নাই।

১৯৫৮ চনত ‘Armed Force Special Power Act’ প্ৰয়োগ কৰাৰ পিছৰে পৰা ক্ষোভ বহুগুণে বৃদ্ধি পায়। এইবোৰ এতিয়া থাকক বাৰু, কোচবিহাৰৰ মহাৰাজক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰি কোচবিহাৰক এখন ৰাজ্য নকৰি জিলা হিচাপে পশ্চিমবঙ্গৰ সৈতে চামিল কৰে পেটেলে। প্ৰকৃততে ভৌগোলিক অৱস্থানগত কাৰণতেই ভাৰতৰ বাবে কোচবিহাৰৰ গুৰুত্ব কাশ্মীৰতকৈও অধিক আছিল।

যদিহে কোচবিহাৰৰ মহাৰাজে ডুৱাৰ্ছ অঞ্চল ওভোটাই পাবলৈ দাবী কৰিলেহেঁতেন আৰু পাকিস্তানত যোগ দিলেহেঁতেন, তেনেহ’লে ভাৰতবৰ্ষৰ নতুন সাম্ৰাজ্যবাদীসকলে অসমকে ধৰি মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা আদিত প্ৰৱেশ কৰিবলৈ হয়তো সক্ষম নহ’লহেতেন; কাৰণ সমগ্ৰ অঞ্চলটো পৃথক হৈ পৰিলহেতেন। কিন্তু নতুন ইংৰাজ নেহৰু-পেটেলৰ মুখত হাঁহি বিৰিঙাই তোলা কোচবিহাৰৰ মহাৰাজকো পেটেল-নেহৰুই ভালদৰেই ঠগিলে!

          কোচবিহাৰৰ ৰাজনীতিয়ে ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ১ জানুৱাৰী পৰ্যন্ত আঢ়ৈ বছৰকাল বিভিন্ন পৰ্যায়ৰ মাজেৰে গতি কৰি এক জটিল পৰিস্থিতিৰ সৃষ্টি কৰে। কোচবিহাৰক ভাৰতৰ সৈতে চামিল কৰাৰ পিছত এনেধৰণৰ অৱস্হাৰ উদ্ভৱ হৈছিল–

   (১) কোচবিহাৰৰ থলুৱা ভূমিপুত্ৰ সকলৰ সৰহভাগেই বিচাৰিছিল (ক) মহাৰাজৰ অধীনত স্বাধীন কোচবিহাৰ বা (খ) কোচবিহাৰক কেন্দ্ৰীয় অঞ্চল হিচাপে ঘোষণা, অন্যথা (গ) কোচবিহাৰক অসমৰ সৈতে চামিল কৰা।

                                কিন্তু ইয়াৰ বিপৰীতে বঙালীভাষীসকলে পশ্চিমবঙ্গৰ পৰা ষড়যন্ত্ৰ আৰম্ভ কৰিছিল – (ক) কোচবিহাৰক পশ্চিমবঙ্গৰ সৈতে চামিল কৰি পশ্চিমবঙ্গৰ আয়তন বৃদ্ধি কৰিব লাগে , (খ) গোৱালপাৰা জিলাকো পশ্চিমবঙ্গৰ সৈতে চামিল কৰিব লাগে।

এই সময়ছোৱাত পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ কোচবিহাৰত উপস্হিত হোৱা অসমৰ ৰাজ্যপাল আকবৰ হাইদৰীয়ে চালি-জাৰি চাই ১৯৪৮ চনৰ ২৯ তাৰিখে ভাৰতৰ উপ-প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেললৈ লিখা চিঠিৰ কিছু অংশ আছিল এনেধৰণৰ – ” …out of the state’s population of Cooch Behar between 6 and 7 lacs, the Bengali members a mere 30000 ; yet the Bengali propaganda would make it, appear as if Bengalis constitute the greater portion of the population consists of Rajbanshis including Muslims between whom there is fair amity and free social intercourse… Any attempt to bring Cooch Behar under the wing of Bengal Provincial Congress Committee would be violently resisted in the present state of feeling the congress would find few Cooch Behari adherence. The best solution in the present circumstance would be to let Cooch Behar come under the wing of central congress, but if that is not possible the second best would be to let it be affiliated to Assam Provincial Congress Committee…”

            কিন্তু ৰাজ্যপাল হাইদৰীয়ে তেনেদৰে লিখাৰ পিছতো আৰু সেই সময়ৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যবাহী সমিতিৰ বৈঠকত সৰ্বসন্মতিক্ৰমে গৃহীত হোৱা’কোচবিহাৰ ৰাজ্যৰ অসমৰ সৈতে চামিলকৰণ’ৰ প্ৰস্তাৱটো কেন্দ্ৰীয় কংগ্ৰেছ কমিটিলৈ লগে লগে প্ৰেৰণ নকৰি ছমাহৰো অধিক সময় ষড়যন্ত্ৰমূলকভাৱে পেলাই ৰাখি  ডাঃ বিধানচন্দ্ৰ ৰায়, উপেন্দ্ৰনাথ বৰ্মন, পশ্চিমবঙ্গৰ কংগ্ৰেছ কমিটীৰ সভাপতি অতুল্য ঘোষ, পশ্চিমবঙ্গৰ শ্যামা প্ৰসাদ মুখাৰ্জী আদিক নেহৰু আৰু পেটেলে অতি আয়াসেৰে জয়লাভ কৰাৰ পথ খুলি দিবলৈ অসমৰ নেতাসকলৰ মুখত পিঠা ভৰাই দিছিল- আজি যিদৰে মোডী-শ্বাহে ভৰাই দিছে!

হাইদৰীৰ ভ্ৰমণক কেন্দ্ৰ কৰি কোচবিহাৰৰ খিলঞ্জীয়া লোকসকল উৎসাহিত হৈছিল এইবাবেই যে তেওঁলোকে ভাবিছিল – অন্ততঃ পশ্চিমবঙ্গৰ সৈতে চামিল কৰাৰ পৰা এখেতেই আমাক ৰক্ষা কৰিব! যিদৰে JPC অসমলৈ আহোতে বহুতেই ভাবিছিল যে এওঁলোকে অসমৰ খিলঞ্জীয়া লোকসকলৰ কথা হৃদয়াঙ্গম কৰিব আৰু ‘কেব’ অসমৰ বাবে প্ৰযোজ্য নহব!

এইসম্পৰ্কে এখন গ্ৰন্থত এনেদৰে লিখা হৈছিল -” he (হাইদৰী) was warmly welcomed by the Cooch Beharis not because of his personal qualities, but because they were relieved at seeing in him ‘the visible evidence that Cooch Behar was not tied to the apronstrings of West Bengal.”

     ৬০০০০০-৭০০০০০ জনসংখ্যাৰ ভিতৰত মাত্ৰ ৩০০০০ বঙালীভাষী বা বঙলাভাষী লোক আছিল কোচবিহাৰত। কোচবিহাৰৰ সংখ্যাগৰিষ্ঠ লোকে বিচাৰিছিল, ৰাজ্যপাল হাইদৰীয়ে বিচাৰিছিল, অসমৰ সচেতন ৰাইজে বিচাৰিছিল, কিন্তু পেটেলে – নেহৰুৱে সেই ৩০০০০ মানুহৰ স্বাৰ্থৰক্ষাৰ বাবে সমগ্ৰ কোচবিহাৰবাসীক প্ৰচন্ড প্ৰতাৰণা কৰিলে, প্ৰতাৰণা কৰিলে মহাৰাজক।

      সম্ভাব্য প্ৰতাৰণাক প্ৰত্যাহ্বান জনাবলৈ কোচবিহাৰত ‘কোচবিহাৰ হিতসাধনী সভা’ গঠন হৈছিল।‌কাৰণ কোচবিহাৰৰ সচেতন খিলঞ্জীয়া মানুহে বঙালীভাষীৰ ষড়যন্ত্ৰৰ বিষয়ে আগতেই উমান পাইছিল। ১৩৫৩ শকৰ ৪ জেঠ (১৯ মে’, ১৯৪৬ চন) তাৰিখে কোচবিহাৰৰ ৰাসমেলা ময়দানত ৬০০০০ মানুহৰ উপস্হিতিত অনুষ্ঠিত হোৱা বিশাল সমাৱেশত ‘হিতসাধনী’ সভা গঠন হৈছিল।

সেই বিশাল সমাৱেশলৈ খোজ কাঢ়ি, গৰু-গাড়ীত উঠি, ম’হৰ গাড়ীত উঠি, চাইকেলত উঠি মানুহ আহিছিল, ৰেলত উঠিও আহিছিল কোচবিহাৰৰ খিলঞ্জীয়া মানুহ। সেই বিৰাট সমাৱেশত গঠন হোৱা হিতসাধনী সভাৰ সৰ্বসন্মতিক্ৰমে সভাপতি নিৰ্বাচিত হৈছিল এক অসামান্য ঐতিহাসিক দস্তাবেজ ‘কোচবিহাৰেৰ ইতিহাস‘ৰ লেখক- পন্ডিত-কোচবিহাৰ ৰাজ্যৰ ৰাজহমন্ত্ৰী, সাহিত্যিক খাঁ চৌধুৰী আমানতউল্লা আহমদক, উপ-সভাপতি হিচাপে সতীশচন্দ্ৰ ৰায় সিংহ আৰু ধৰণী শংকৰ ভট্টাচাৰ্য্য, সম্পাদক হিচাপে জলধৰ সাহা, সহকাৰী সম্পাদক হিচাপে মাঝিৰউদ্দিন আহমেদ, অইন কিছু সদস্য আছিল মকবুল হুছেইন, জাফৰুদ্দিন বক্সী (দিনহাটা), বেঝলি ৰহমান (কোচবিহাৰ), সতীশচন্দ্ৰ ৰায় (খাগৰাবাৰী), সতীনাথ ৰায় (ভেটাগুৰি), অন্বেশ্বৰ ৰায় (ভেটাগুৰি), ডাঃ যোগেন্দ্ৰনাথ ৰায় (মেকলিগঞ্জ), একিন প্ৰধান, গজেন ৰায় বাসুনিয়া, কুমাৰ পূৰ্ণেন্দু নাৰায়ণ, কামিনী কুমাৰ বৰ্মন, ইত্যাদি।

Kochbiharor Itihash

    সেই বিশাল সমাৱেশত সিদ্ধান্ত হৈছিল যে কোনো কাৰণতেই কোচবিহাৰক পশ্চিমবঙ্গৰ সৈতে চামিল কৰা বিষয়টো কোচবিহাৰৰ খিলঞ্জীয়া লোকে মানি নলব; আৰু কোচবিহাৰৰ থলগিৰি ৰাইজে সভাত সিদ্ধান্ত লৈছিল–


(১) মহাৰাজৰ অধীনত এখন স্বাধীন ৰাজ্য হৈ থাকিব,

                     বা

      (২) কেন্দ্ৰীয় শাসিত হৈ ভাৰতত থাকিব

                     বা

       (৩) অসমৰ সৈতে চামিল হ’ব।

   সেই সমাৱেশত জনৈক কবি-গীতিকাৰে (নামবিহীন) এটি গীত লিখি ৰাইজৰ মাজত বিতৰণ কৰিছিল। খুব জনপ্ৰিয় হৈ পৰা সেই গীতটো আছিল এনেধৰণৰঃ

‘উঠ্-ৰে নেটিভ ভাই, জাগো ৰে নেটিভ
তাৰাও ভাটিয়া চব্,
গৰ্জি উঠিল সতীশ সিংহ
তুলি হুংকাৰ ৰব,
এসো দেশপ্ৰাণ জলধৰ এসো
সতীশ সংগে কৰি,
ধৰণীৰ চাথে এসো আনছাৰ
কৰি গলা ধৰাধৰি,
কোথায় মাঝিৰ মাঝিলা এদেশে
গেলো ভাটিয়াৰ হাতে,
গেলো কত বীৰ পূৰ্ণেন্দু এসো
খাঁ চৌধুৰীৰ সাথে।’

IMG 20190218 WA0021 1

        কিন্তু পেটেলে সকলোকে বুঢ়া আঙুলি দেখুৱাই দি ষড়যন্ত্ৰকাৰীসকলৰ পক্ষত থিয় দিলে আৰু কোচবিহাৰ হৈ পৰিল বংগৰ অংগ!! কোচবিহাৰ হৈ পৰিল বংগৰ এখন জিলা!! আজি অসমতো একেই পৰিৱেশ। কিন্তু অসমৰ বাবে অধিক দুৰ্ভাগ্য এয়েই যে বাংলাদেশী(হিন্দু-মুছলমান নিৰ্বিশেষে)ৰ পক্ষত থিয় দিয়া ৰাজনৈতিক নেতাসকলৰ সৰহভাগেই অসমৰ তথাকথিত ‘খিলঞ্জীয়া’!!

        সেইসময়ত ‘সাপ্তাহিক জনমত’ নামৰ এখন বঙালী কাকতৰ সম্পাদক আছিল ডাঃ চাৰুচন্দ্ৰ সান্যাল। মাত্ৰ ৩০০০০ বঙলাভাষীৰ বাবে তেওঁ ৬০০০০০/৭০০০০০ থলগিৰিৰ আশা-আকাংখ্যাক প্ৰত্যাহ্বান জনাই ‘সাপ্তাহিক জনমত’ৰ দ্বাৰা কোচবিহাৰক পশ্চিমবঙ্গৰ সৈতে চামিল কৰাৰ বাবে নিৰৱধি ষড়যন্ত্ৰ কৰি গৈছিল। হিতসাধনী সভাক তীব্ৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছিল ডাঃ সান্ন্যালে।

সাপ্তাহিক জনমত কাকতত ১৯৪৮ চনৰ ১২ জানুৱাৰীত তেওঁ ‘কোচবিহাৰ সংবাদ‘ শিৰোনামেৰে এনেদৰে লিখিছিল – ” ৪ জেঠ তাৰিখে কোচবিহাৰ ৰাজ্যত ‘কোচবিহাৰ হিতসাধনী’ নামেৰে সভা গঠন হৈছে। তাৰে কৰ্মকৰ্তা সকলৰ মাজত হিন্দু-মুছলমান আছে। …. যোৱা ২৮-১১-৪৭ তাৰিখে হিতসাধনীৰ এখন সভা মেকলিগঞ্জ চহৰত অনুষ্ঠিত হৈছে। তাত ৰাজ্যৰ শিক্ষামন্ত্ৰী শ্ৰী সতীশ চন্দ্ৰ ৰায় সিংহই বক্তৃতা দিছে। তেওঁৰ বক্তৃতাৰ মূল কথা আছিল ভাটিয়াসকলক কোচবিহাৰৰ পৰা বহিষ্কাৰ কৰিব লাগে। ভাটিয়া মানে তেওঁলোকে বুজি পায় কেৱলমাত্ৰ শিক্ষিত আৰু ব্যৱসায়ী হিন্দু।”

        ডাঃ চাৰুচন্দ্ৰ সান্ন্যালে সাপ্তাহিক জনমত কাকতত ১৩৫৫ শকৰ ২১ ভাদ তাৰিখে ‘কোচবিহাৰৰ ধূমায়িত বহ্নি’ শীৰ্ষক লেখাত এনেদৰে বিষবাষ্প নিৰ্গত কৰিলে – ” যোৱা ২৭ আগষ্ট তাৰিখে ৰাজ্যৰ ৰাজহমন্ত্ৰী আমানতউল্লা খান চৌধুৰী আৰু শিক্ষামন্ত্ৰী সতীশচন্দ্ৰ ৰায় সিংহই মেকলিগঞ্জৰ এক বিশাল সমাৱেশত বক্তৃতা প্ৰদান কৰে। তেওঁলোকে কৈছে যে কোচবিহাৰ ৰাজ্যক ভাৰতীয় ইউনিয়নৰ বাহিৰত ৰাখিব লাগিব আৰু কোচবিহাৰ ষ্টেট কংগ্ৰেছক ধ্বংস কৰিব লাগিব। তেওঁলোকৰ মতে বহিৰাগত লোকসকলেই কোচবিহাৰক পশ্চিমবঙ্গত চামিল কৰিবলৈ আন্দোলন কৰি আছে। শিক্ষামন্ত্ৰীয়ে এখোজ আগবাঢ়ি আহি কংগ্ৰেছক সন্মুখ সংগ্ৰাম কৰিবলৈ আহ্বান জনাইছে। কংগ্ৰেছক ৰাজদ্ৰোহী আৰু স্বাৰ্থান্বেষী আখ্যা দিছে।”

Kochbihar Palace

       এইবোৰ লিখিয়েই চাৰুচন্দ্ৰ ক্ষান্ত নাছিল। তেওঁ ১০০০০ ‘লিফলেট’ ছপাই বিতৰণ কৰিছিল দিল্লী, কলকাতা, কোচবিহাৰ, জলপাইগুৰি আদিত। তেওঁৰ দৰে বহুতেই ষড়যন্ত্ৰত লিপ্ত হৈছিল, যেনে – চুনীলাল মুখাৰ্জী, পুলকেশ দে সৰকাৰ, তাৰাপদ চক্ৰৱৰ্তী, সতীশ চন্দ্ৰ পাল, প্ৰেম নিহাৰ নন্দী, বাৰীন্দ্ৰ ঘোষ, বিধান চন্দ্ৰ ৰায়, ৰাজেন্দ্ৰ চেটাৰ্জী, ইত্যাদি।

বিধান চন্দ্ৰ ৰায়ৰ পৃষ্ঠপোষকতাত এওঁলোকে ‘Cooch Behar People Association’ কলকাতাত গঠন কৰি নেহৰুলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল – কোচবিহাৰক পশ্চিমবঙ্গত চামিল কৰিব লাগে বুলি। একেসময়তে শৰৎ চন্দ্ৰ বসুৱেও কোচবিহাৰক পশ্চিমবঙ্গৰ সৈতে চামিল কৰাৰ বাবে পেটেললৈ ভালেকেইখন পত্ৰ প্ৰেৰণ কৰিছিল।

        ১৯৪৯ চনৰ ৩০ অক্টোবৰ তাৰিখে দাৰ্জিলিং চহৰত কোচবিহাৰ, জলপাইগুৰি, ছিক্কিম, দাৰ্জিলিঙৰ প্ৰতিনিধিসকল  এখন সভাত মিলিত হৈ এখন পৃথক ৰাজ্যৰ দাবী জনায়। এই সভা সম্পৰ্কত কোচবিহাৰৰ চীফ কমিছনাৰ ভি. আই.নানজাপ্পাই ভাৰত চৰকাৰক লিখিছিল -” হিতসাধনী সভাই কোচবিহাৰক দাৰ্জিলিং বা অসমৰ সৈতে সংযুক্ত কৰাৰ বাবেই বিশেষ আগ্ৰহী।”

কিন্তু সকলো থলগিৰিৰ আশা -আকাংখ্যাক পদাঘাত কৰি পেটেলে বিধান চন্দ্ৰ ৰায়, চাৰুচন্দ্ৰ সান্ন্যাল আদিৰ দাবীকেই মানি লৈ কোচবিহাৰক পশ্চিমবঙ্গৰ এখন জিলা কৰি পেলালে। কোচবিহাৰৰ প্ৰাণপুৰুষস্বৰূপ খাঁ চৌধুৰী আমানতউল্লা আহমদ, মকবুল হুছেইন আদিক নিৰ্বাসন দিয়া হ’ল। নৰনাৰায়ণ- চিলাৰায় হৈ পৰিল বংগৰ মহানায়ক!

এক গৌৰৱোজ্জল ইতিহাস পশ্চিমবঙ্গৰ বঙালী সম্প্ৰসাৰণবাদীয়ে পুতি পেলালে ধূলিৰ তলত! ইয়াৰেই পটভূমিত, ত্ৰিপুৰাৰ পটভূমিত আজিৰ অসমৰ খিলঞ্জীয়াই “কা” ৰ বিৰুদ্ধে আৰ্তনাদ নকৰিব কিয়??

দুৰ্ভাগ্যবশতঃ সেইসময়তো অসমৰ তথাকথিত ৰাজনৈতিক নেতাসকলে পেটেল- নেহৰুৰ ভয়ত আৰূ নিজৰ নিজৰ গণিতৰ স্বাৰ্থত মুখত পিঠা ভৰাই কোচবিহাৰৰ থলগিৰিৰ আৰ্তনাদ যিদৰে শুনা নাছিল, এতিয়াও অসমৰ তথাকথিত ৰাজনৈতিক নেতাসকলে নিৰ্লজ্জভাৱে মোদী-শ্বাহৰ ভয়ত অসমৰ থলগিৰিৰ আৰ্তনাদ নুশুনি মুখত পিঠা ভৰাই ইংৰাজৰ দৰে ‘ডিভাইড এন্ড ৰুল’ৰ লুডু খেলি আছে! কিন্তু নতুন প্ৰজন্মইও যে ইতিহাস অধ্যয়ন কৰে, তেওঁলোকে সেয়া পাহৰি গৈছে!

নতুন প্ৰজন্মই শুনিছে কোচবিহাৰৰ থলগিৰিৰ কন্ঠৰ মৰ্মভেদী গীত..

        ” ও ভাই কুচবিহাৰী ৰে
কুচবিহাৰ সোণাৰ দেশ
ভাটিয়া আসি কৰিলেক শেষ!”

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: কোচবিহাৰ
Anjan Sarma

Anjan Sarma

Related Posts

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ
ASSAMESE SECTION

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

by Anjan Sarma
July 16, 2026
0

অসমখন হ'ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ ৰঙা নদ আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্জন শৰ্মা (এক) আমাৰ এই অসমখন এখন্ড ভূমি, সভ্যতাৰ...

Read moreDetails
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 7, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

July 5, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d