• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

কোচৰ প্ৰাচীনত্ব

ASSAMESE SECTION / Indigenous

by Editor
August 19, 2025
in ASSAMESE SECTION, ASSAM, Indigenous Peoples
Reading Time: 3 mins read
0
shallow focus photography of hourglass

Photo by Jordan Benton on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

কোচৰ প্ৰাচীনত্ব

বিপিন বৰ্মন

Kochbiharor Itihash

বেদ গ্ৰন্থসমূহ ভাৰতৰ সকলোতকৈ প্ৰাচীন লিখিত সাহিত্য। এইবোৰৰ ভিতৰত সকলোতকৈ প্ৰাচীন গ্ৰন্থ হৈছে ঋকবেদ। যিখন বেদত লিপিবদ্ধ হৈ আছে আজিৰ কোচ-ৰাজবংশী জাতিৰ পূৰ্বপুৰুষসকলৰ বংশধৰ পণি আৰু কৱচ জাতিৰ কথা।

এই সম্পৰ্কত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰীডাৰ ড৹ লীলা গগৈদেৱে তেওঁৰ পাণ্ডিত্যপূৰ্ণ গৱেষণা গ্ৰন্থ ‘অসমৰ সংস্কৃতি’ত অসমৰ বহু জাতি-জনগোষ্ঠীৰ লগতে কোচ-ৰাজবংশী জাতি সম্পৰ্কে বিজ্ঞানসন্মত ব্যাখ্যা আগবঢ়াইছে এনেদৰে— “শংকৰদেৱে ভাগৱত পুৰাণত দ্বিতীয় স্কন্ধত কিৰাত, কছাৰী, খাচি, গাৰো, মিৰি, যৱন, কংক, গোৱাল, অসম, মুলুক, ৰজক, তুৰুক, কুৱাচ, ম্লেচ্ছ, চণ্ডাল আদি জাতিৰ নাম উল্লেখ কৰিছে। যৱন আৰু তুৰুক শব্দ দুটা সমাৰ্থক। কুৱাচ শব্দটো বেদৰ কৱচ শব্দৰপৰা আহিছে আৰু বেদৰ পণি আৰু কৱচ শব্দৰ সমন্বয়ত পানী কোচা হোৱাই সম্ভৱ। পণি আৰু কৱচ দুয়োটাই প্ৰাক্-বৈদিক জাতি আৰু বৈদিক আৰ্যৰ সংস্পৰ্শলৈ আহিছিল। যোগিনীতন্ত্ৰতো কুৱাচট জাতিৰ উল্লেখ আছে আৰু তাৰদ্বাৰাই কোচসকলকে বুজাইছে।” (পৃষ্ঠা ২৪ পঞ্চম সংস্কৰণ, ১৯৯৪)।

          কোচ ৰাজবংশী লোকসকলো মংগোলীয় মূলৰপৰা অহা। আজিৰ আধুনিক কোচ ৰাজবংশী জনগোষ্ঠী, প্ৰাচীন কালত ‘কৱচ’ আৰু ‘পণি’ নামেৰে পৰিচিত লোকসকল ইণ্ডো মংগোলীয় মূলৰ। নিজৰ ভাষা-সংস্কৃতিৰে চহকী সুকীয়া জনগোষ্ঠীয় গোট। মধ্যযুগৰ প্ৰায়বোৰ সংস্কৃত গ্ৰন্থত ম্লেচ্ছৰূপে মুছলমান আৰু মংগোলীয় জনগোষ্ঠীৰ লোকক চিহ্নিত কৰা হৈছিল।

আলবেৰুণীয়ে তেওঁৰ ‘ভাৰত তত্ত্ব’ গ্ৰন্থত উল্লেখ কৰি গৈছে যে, ‘ম্লেচ্ছ’ শব্দটোৰ প্ৰতি উচ্চ বৰ্ণৰ হিন্দুসকলৰ কোনো ধৰণৰ আন্তৰিকতা নাই। তেওঁলোকৰ মনত ‘ম্লেচ্ছ’ অৰ্থই অস্পৃশ্য বস্তুৰ দৰে, ম্লেচ্ছ বুলি চিনাক্ত কৰা লোকৰ সৈতে বিবাহ, উঠা-বহা, আহাৰ গ্ৰহণ আদি নিষিদ্ধ আছিল। ‘ম্লেচ্ছ’সকল বৰ্ণ-হিন্দুৰ বাহিৰৰ লোক হোৱা বাবে ‘ম্লেচ্ছ’ শব্দ পাছলৈ তেওঁলোকৰ দৃষ্টিত অস্পৃশ্য জাতিক বুজোৱা অৰ্থত ব্যৱহাৰ কৰিছিল।

          ঋকবেদৰ ৰচনাকালেই নিৰ্ণয় কৰে কোচ জাতিৰ প্ৰাচীনত্ব। বিভিন্ন তথ্যই প্ৰমাণ কৰে কোচ-ৰাজবংশী জাতি খ্ৰীষ্টপূৰ্ব ৭৫০০ৰ পূৰ্বৰ প্ৰাক্-বৈদিক ভাৰতবাসী। একবিংশ শতিকাৰ ভাৰতৰ ৰাজনৈতিক পথাৰখনত দপদপাই থকা বহু জাতি-জনজাতি সেই সময়ৰ প্ৰাক্-বৈদিক ভাৰতত তথা অসমত প্ৰব্ৰজিত হোৱাই নাছিল।

আদিমতম ইণ্ডো-আৰ্যসকলৰ বৈদিক সাহিত্যৰ আদি গ্ৰন্থ ঋকবেদখনতেই লিপিবদ্ধ হৈ আছে আজিৰ কোচ-ৰাজবংশীসকলৰ প্ৰাচীন পূৰ্বপুৰুষসকলৰ বংশধৰ পণি আৰু কৱচ জাতিৰ অস্তিত্বৰ সাক্ষ্য প্ৰমাণ।

          কোচসকলৰ প্ৰথম উল্লেখ পোৱা যায় বিশ্বৰ আদিম গ্ৰন্থ ঋকবেদৰ ১-১৭৮-৭ সূক্তত।

          এই সূক্তত কোৱা হৈছে যে—

“কৰত্তিস্ৰো মঘবা দানুচিত্ৰা নি দুৰ্যোণে কুয়বাচং মৃধি শ্ৰেৎ।।

সনা তা ত ইন্দ্ৰ নব্যা আগুঃসহো নভোহৰিণায় পূৰ্বী।”

(অৰ্থাৎ ইয়াৰ অৰ্থ হ’ল— হে ইন্দ্ৰ) অৰ্চনীয় অন্ন লাভেৰ জন্য কবি তোমাৰ স্তৱ কৰছে, তুমি পৃথিৱীকে দাসেৰ শৰ্য্যা কৰে দিয়েছ। মঘবা তিন ভূমিকে দানদ্বা বিচিত্ৰ কৰেছেন এবং দুৰ্যোণি ৰাজাৰ জন্য কুয়াবাচকে হনন কৰেছ।) আৰ্যসকলে এই সূক্তত কোচসকলক ‘কুৱাচ’ বুলি উল্লেখ কৰিছে। কুৱাচ এটা যুগ্ম শব্দ।

যি শব্দৰ সন্ধি ছেদ কৰিলে দেখা যায় ‘কু’ৰ অৰ্থ বেয়া আৰু ‘ৱাচ’ৰ অৰ্থ ‘মাত’ বা ‘কথা’। সেয়ে শব্দটোৰ অৰ্থ হয় বেয়া ভাষী বা অবুজ ভাষা কওঁতা। ভাষাচাৰ্য সুনীতি কুমাৰ চেটাৰ্জীয়ে কুৱাচ শব্দৰ ইংৰাজী অনুবাদ কৰিছে এইবুলি ‘Evil speaker or bad speaker’। দেশী-বিদেশী পণ্ডিতসকলৰ মতে ঋকবেদৰ ৰচনাকাল খ্ৰীষ্টপূৰ্ব ৭৫০০ ৰ পূৰ্বৰ। ইয়াৰদ্বাৰা প্ৰমাণিত হয় কুৱাচ বা কোচসকল প্ৰাকবৈদিক জাতি।

বহুতে কয় যে কুৱাচ নাম কোচ শব্দৰ উচ্চাৰণ বিভ্ৰাটৰ বাবেহে হৈছে, কোচসকল হিংসা কৰি বা বেয়া পাই কুৱাচ কোৱা নাই নাইবা অপপ্ৰচাৰৰূপে শব্দটোক ব্যৱহাৰ কৰা নাই। এনে বক্তব্যৰ অন্তৰালত যুক্তি নাই বুলি ক’ব নোৱাৰি আৰু সেইটো গ্ৰহণযোগ্যও।

Cooch Bihar

কিন্তু আৰ্যসকলে কোচক কুৱাচ বা অবুজভাষী বুলি কৈয়ে এৰা নাই। আৰ্য পুৰাণকাৰসকলে কোচ সম্পৰ্কে পদ্মপুৰাণত তলত উল্লেখ কৰা ধৰণে ব্যাখ্যা আগবঢ়াইছে—

সৰ্ব্ব ৰাত মুধা ম্লেচ্ছ গো-ব্ৰাহ্মণ ঘাটকঃ

কুৱাচকঃ পৰে ম্লেচ্ছ এতেকূত যোনায়,

তোষাম পৈশাচিকি ভাষা, লোকাচাৰ ন বিদ্যতে।

ইয়াৰ অৰ্থ হ’ল— বৰ্বৰ ম্লেচ্ছসকলে বাছ-বিচাৰ নোহোৱাকৈ সকলো খায়। তেওঁলোক অঁকৰা, গো-বাহ্মণ হত্যাকাৰী। এই বৰ্বৰসকল কুৱাচ ম্লেচ্ছ। তেওঁলোক পৰ্বতৰ বাসিন্দা। তেওঁলোকৰ ভাষা পিশাচী আৰু তেওঁলোকৰ কোনো সামাজিক বিধি-বিধান নাই।

পদ্মপুৰাণৰ তথ্যই কয় কোচ ৰাজবংশীৰ ভাষা প্ৰাচীন কালত আৰ্যসকলে ‘পৈশাচী’ নামেৰে নামকৰণ কৰিছিল। ঠিক তেনেদৰে সাম্ৰাজ্যবাদী ইংৰাজ ৰাজত্ব কালত একেই নৱাগত আৰ্য গ্ৰিয়াৰ্চন চাহাবে কোচ ৰাজবংশী জাতিৰ ভাষাটোক নামকৰণ কৰিছে “ৰাজবংশী ভাষা” বুলি।

এই বিষয়ত ভাষাচাৰ্য সুনীতি কুমাৰ চেটাৰ্জী দেৱৰ অভিমত গ্ৰহণযোগ্য। তেওঁ লিখিছে— ‘Another Sanskritised form of the name Koca viz Kuvacaka (this of course gives good sense as Evil Speakers or Bad Speakers in Sanskrit) is found in the Padma Purana, where certain disparaging statements about the people are made, showing how they were held in disrepute by the orthodox Brahmans” (Page 113 Kirata Jana Kriti)।

ঐতিহাসিক ৰমেশ চন্দ্ৰ মজুমদাৰ দেৱৰ মতে নৱপ্ৰস্তৰ যুগৰপৰাই (খ্ৰীষ্টপূৰ্ব ৭০০০ বছৰ) মংগোলীয়সকল ভাৰতবৰ্ষত আছিল (Majumdar, R.C. An Advanced History of India, 13-14)। উত্তৰ-পশ্চিম ভাৰতবৰ্ষত সেই অতীতকালত কোচৰ বাহিৰে আন কোনো মংগোলীয় গোট থকাৰ প্ৰমাণ নাই।

পণ্ডিত ভাষাবিদসকলৰ অভিমত যে কোচ শব্দৰ সংস্কৃত ৰূপ কুৱাচ, কৱষ (কৱচ), কম্বোজ, পণি ইত্যাদি। এই নামবোৰৰ উল্লেখ আমি বৈদিক সাহিত্যত বিচাৰি পাওঁ। ঋকবেদত কুৱাচ, কৱচ আৰু পণি বিচাৰি পোৱাৰ উপৰি সামবেদৰ বংশ ব্ৰাহ্মণত কম্বোজৰ উল্লেখ আছে। আমি বিগত ৬/৭ হাজাৰ আগৰপৰা কুৱাচ বা কোচসকল ভাৰতবৰ্ষত থকাৰ প্ৰমাণ বিচাৰি পাওঁ।

ঋকবেদৰ মন্ত্ৰই কয় কৰতোৱা নদীৰ পূবত পাণি নামৰ এটা জাতি বাস কৰিছিল। ইহঁত অনাৰ্য আছিল। শতপথ ব্ৰাহ্মণত উল্লেখ কৰা আছে যে কোশল ৰাজ্যৰপৰা কৰতোৱা নদীৰ পশ্চিম পৰ্যন্ত আছিল আৰ্যসকলৰ বসতিস্থল। ইয়াৰদ্বাৰা এই কথাই প্ৰমাণ হয় যে, কৰতোৱা নদী আছিল ‘আৰ্য’ আৰু ‘অনাৰ্য’ বসতিৰ সীমাৰ নদী।

Cooch Behar4

ঋকবেদৰ মন্ত্ৰই আৰু এটা কথা প্ৰমাণ কৰে যে পাণি নামৰ জাতিটোৱে আৰ্য বসতি বিস্তাৰত বাধা দিছিল। ফলত পাণি আৰু আৰ্যসকলৰ মাজত সংঘৰ্ষ হৈছিল। যুদ্ধত তিষ্ঠিব নোৱাৰি কৰতোৱা নদীৰ উপকূলৰপৰা ক্ৰমান্বয়ে পূবফালে যাব ধৰে। পাণিসকল সুসংঘবদ্ধ, সুশাসিত, সংস্কৃতিসম্পন্ন, যুযুৎসু লোক আছিল। সিহঁতৰ ৰাজ্যখন আৰ্যসকলে পৰাভূত কৰিব পৰা বিধৰ নাছিল।

তেতিয়া গৰু আছিল এই জাতিৰ মুখ্য অৱলম্বন। গাখীৰ, দৈ, ঘি আছিল বেপাৰৰ প্ৰধান সামগ্ৰী। এই বেপাৰী জাতিটোৰ ধন সুত লৈ ধাৰে দি বেপাৰ কৰিছিল বুলিও জনা যায়। ইহঁতেই হৈছে পুৰণি কামৰূপৰ বাসিন্দা আৰু কোচ বা পানী কোচসকলৰ পূৰ্বপুৰুষ। এই অভিমতটো প্ৰাচাৰ্ণব পণ্ডিত নগেন্দ্ৰ নাথ বসুৰ।

মহাদেৱ বা সদাশিৱক পণ্ডিতসকলে অনাৰ্য দেৱতা বুলি মানি লৈছে। আৰ্য বসতি বিস্তাৰৰ বাধা প্ৰদান কৰা জাতিটোৱে অনাৰ্য। সেইফালৰপৰা সদাশিৱ কৰতোৱা নদীৰ পূবফালৰ দেশত বাস কৰা লোকৰ দেৱতা বুলি ধৰি ল’লে। হিমালয়ৰ পূৱফালৰ পৰ্বতমালাত বাস কৰা কালকেও নামৰ দানৱৰ দেৱতা। পুৰাণকেইখনত পাণিকৱচসকলক দানৱ বুলি কৈছে।

কামৰূপৰ দানৱ বংশৰ পাছত নৰক বংশৰ ৰাজত্ব চলিছিল। শ্ৰীমদ্ভাগৱত, মহাভাৰত আৰু ৰামায়ণতো কালকেও বা নিৱাত কৱচ নামৰ এক প্ৰাচীন জাতিয়ে কামৰূপত ৰাজত্ব কৰিছিল বুলি উল্লেখ কৰা আছে। বেদত ইহঁতক অসুৰ বুলিও কৈছে। পুৰাণবোৰত ইহঁতক পাণিকৱচ বুলি বৰ্ণনা কৰিছে। অসুৰ বা দৈত্য দানৱ শব্দবোৰ আৰ্যসকলে দিয়া বুলি পণ্ডিতসকলে অনুমান কৰে।

আৰ্যসকলে কোশল দেশৰপৰা কৰতোৱা আৰু পাছত কৰতোৱাৰ উত্তৰ- পূবফালে খেদি দিয়াত এই দানৱ বা অসুৰ বা পাণিকৱচসকলে বৈদিক যুগত কামৰূপৰ বাসিন্দা আছিল। পণ্ডিতসকলৰ মতে বৰ্তমানৰ কোচ ৰাজবংশী জাতিৰ মানুহসকলেই প্ৰাগ ঐতিহাসিক যুগৰ পাণিকৱচসকলৰ বংশধৰ।

‘ষষ্ঠ শতিকাৰপৰা কামৰূপৰ ধাৰাৱাহিক ইতিহাস’ত ইতিহাসবিদ কনকলাল বৰুৱায়ো এই ধৰণৰ অভিমতকেই ব্যক্ত কৰিছে। তেওঁৰ মতে এটা সময়ত মিথিলা কামৰূপৰ অধীন আছিল আৰু কামৰূপৰ ভাষা, মিথিলাৰ ভাষা জাতি, ধৰ্ম, বৰ্ণৰ লগত অভিন্ন আছিল। শাস্ত্ৰই কয় নৰক বংশৰ প্ৰতিষ্ঠাতা আদি নৰক মিথিলাৰ ৰজা জনকৰ পালিত পুত্ৰ আছিল। সেই সময়ৰ কামৰূপ দেশৰ আৰু মধ্যদেশৰ ভাষাৰ মাজত পাৰ্থক্য অতি সামান্য বুলি হিউৱেন চাঙে লিখি থৈ যোৱা ভাষাটো কোচ ৰাজবংশীৰ ভাষাই হ’ব।

আৰ্যসকলে প্ৰাচীন কামৰূপত বসতি বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল পাণিকৱচৰ হিমালয়ৰ পাহাৰৰ পাহাৰীয়া ৰাস্তাৰ সহায় লৈ। পাণিকৱচসকল বেপাৰী জাতি হোৱাত পূৰ্বাঞ্চলৰ অনাৰ্য ভূমিত বসতি বিস্তাৰ কৰাত সহজ হৈ পৰিছিল।

পানীকৱচসকলেই প্ৰাচীন কামৰূপৰ বাসিন্দা। সিহঁতৰ ধৰ্মীয় সংস্কৃতি সম্পৰ্কে অধ্যয়ন কৰিলে দেখা যায় যে সিহঁত শক্তিৰ উপাসক আছিল। প্ৰাচাৰ্ণব নগেন্দ্ৰ নাথ বসুৰ মতে, ভদ্ৰকালীৰ পূজা প্ৰথম পাণিকৱচসকলেই কৰিছিল। কালিকা পুৰাণে কয় মিথিলাৰ ৰজা নৰকে প্ৰাগজ্যোতিষ ৰাজ্যৰ নাম সলাই কামাখ্যাৰ দেশক কামৰূপ কৰিছিল।

নৰকক বিষ্ণুৱে কামৰূপত সংস্থাপিত কৰিছিল। বিষ্ণুৰ নৰৰূপী অৱতাৰ দ্বাপৰ যুগৰ। দ্বাপৰ যুগত কুৰুক্ষেত্ৰ মহাৰণ হৈছিল। অৰ্থাৎ মহাভাৰতৰ যুগৰ আগৰ প্ৰাগজ্যোতিষ ৰাজ্যৰ নাম কামৰূপ হ’ল। আধুনিক পণ্ডিতসকলে কুৰুক্ষেত্ৰ মহাৰণ খ্ৰীষ্টপূৰ্ব কমেও চাৰে তিনিহাজাৰ বছৰ বুলি ধৰে। সেই হিচাপে কামৰূপ ৰাজ্যৰ বয়স বৰ্তমান আনুমানিক চাৰে চাৰিহাজাৰ বছৰ পুৰণি বুলি ধৰিব পৰা যায়। প্ৰাগজ্যোতিষ ৰাজ্য ইয়াৰো আগৰ।

এসময়ৰ এই কামৰূপ ৰাজ্যই আজিৰ সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ বাহিৰেও বংগদেশৰ দিনাজপুৰ জিলাৰ একাংশও সামৰি আছিল। কোচ ৰজা নৰনাৰায়ণৰ ৰাজ্যৰ পশ্চিম সীমা কৰতোৱা নদীলৈকে থকাৰ কথা মোগল ঐতিহাসিক বিৱৰণীতো পোৱা যায়। ৰায়বাহাদুৰ কনকলাল বৰুৱাই অসম বুৰঞ্জীত লিখিছে যে ষষ্ঠ আৰু অষ্টম শতিকাৰ ভিতৰত গোটেই মিথিলা ৰাজ্য কামৰূপ ৰাজ্যৰ ভিতৰত আছিল। জাতি, ভাষা আৰু সংস্কৃতিৰ মিলৰ ওপৰত এই কথা কোৱা হৈছে।

ড০ বাণীকান্ত কাকতিয়ে কৈছে যে কামৰূপ বা প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ ভিতৰত বৰ্তমান যুগৰ কামৰূপ বা অসম ৰাজ্যই নহয় উত্তৰবংগ আৰু উত্তৰ বিহাৰৰ ভালেমান অংশও অন্তৰ্ভুক্ত আছিল। এইখিনিতে এটা কথা মন কৰিবলগীয়া যে ড০ বাণীকান্ত কাকতিয়ে লিখা সময়ত গোটেই উত্তৰ-পূব অঞ্চলেই অসম আছিল আৰু উত্তৰবংগই পশ্চিমবংগ আৰু বাংলাদেশৰ উত্তৰ খণ্ডক বুজাইছিল।

উক্ত ভূমিকাতেই ভট্টাচাৰ্যই আৰু উল্লেখ কৰে যে— “সাংস্কৃতিক দিশত প্ৰত্নতাত্ত্বিক নগেন্দ্ৰ নাথ বসুৰ মতে ঋকবেদৰ সময়ত কামৰূপত বাস কৰা জাতিটোৱে বৈদিক সভ্যতা বিস্তাৰত বাধা দিছিল। পাছলৈ তিষ্ঠিব নোৱাৰি তেওঁলোক আঁতৰি গ’ল আৰু কামৰূপত বৈদিক সভ্যতা বিস্তাৰ হ’ব ধৰিলে। বাধা দিয়াসকলৰ ভিতৰত যিসকল থাকি গ’ল, তেওঁলোক ‘পাণিকৱচ’ নামে জনাজাত হ’ল।”

Cooch Behar

আকৌ তেৱেঁই লিখিছে— ‘ছয় হাজাৰ বছৰ আগতে ‘পাণিকৱচ’ নামে এই জাতি হিমালয়ৰ দক্ষিণৰ পৰ্বতীয়া বাটেদি সিন্ধু উপত্যকাৰপৰা কামৰূপ ৰাজ্যলৈ আহিছিল। তেওঁলোকৰ ভিতৰত ভদ্ৰকালী পূজাৰ প্ৰচলন আছিল। পাছত আৰ্যসকলেও হয়তো সেই বাটেৰেই আহিছিল।”

ইয়াতে সিন্ধু উপত্যকাৰপৰা অহা ‘পাণিকৱচ’ আৰু বৈদিক সভ্যতাক বাধা দিয়াৰ পাছত ৰৈ যোৱা ‘পাণিকৱচ’ একেটা বুলি ধৰাত কোনো বিসংগতি নাই। ইয়াত আনটো কথা যে ইয়াত কোৱা ‘পাণিকৱচ’ আৰু বায়ু পুৰাণত কোৱা ‘উৎকচ’ জাতিও একেটাই হ’ব পাৰে। আকৌ এই নামৰপৰা ‘কোচ’ নামৰ উৎপত্তি হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি।

গতিকে দেখা যায় বায়ু পুৰাণ, শিৱ পুৰাণ আৰু কালিকা পুৰাণে আৰ্যৱৰ্তৰ উপৰি আন এক সভ্যতাৰ ৰাজ্য কামৰূপৰ সন্ধান দিয়ে। আনকি আধুনিক যুগৰ নথিয়েও তাকে সমৰ্থন কৰে। দৃষ্টান্তস্বৰূপে আকবৰ নামাৰ ৰচয়িতা আবুল ফজলৰ লিখাটো কামৰূপৰ পশ্চিমসীয়া ত্ৰিহুত আধুনিক দাৰভাঙা বুলি উল্লেখ কৰি গৈছে।

প্ৰাচীন কামৰূপৰ কৃষ্টিৰ কথা ক’বলৈ গৈ অলপমান ধৰ্মীয় কৃষ্টিৰ উল্লেখ কৰা হ’ল। প্ৰাচীন কামৰূপৰ ওপৰত সম্যক আলোচনাৰে বৰ্তমান কালত আলোচনাৰ তাৎপৰ্য টানি আনিব পাৰিলে ভৱিষ্যতৰ বাবে অৰ্থাৎ নতুন প্ৰজন্মৰ স্বাধিকাৰ প্ৰাপ্তিৰ আন্দোলনে নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’ব পাৰিব। কাৰণ খ্ৰীষ্টপূৰ্ব ৭৫০০ (সাত হাজাৰ পাঁচশ) চনৰ আগৰপৰা কোচ ৰাজবংশীসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰি থকাৰ প্ৰামাণিক তথ্য ঋকবেদখন।

অধ্যাপক যোগীৰাজ বসুৰ মতে ঋকবেদখনৰ ৰচনাকাল খ্ৰীষ্টপূৰ্ব সাত হাজাৰৰ আগৰ। ইয়াতে লিপিবদ্ধ হৈ আছে পাণি আৰু কৱচ জাতিৰ নাম। এই দুইটা জাতিৰ সমন্বয়ত পাণি কোচ নামৰ সৃষ্টি। ৯ (ন) হাজাৰ বছৰ আগৰ ১০ (দহ) হাজাৰ বৰ্ষ চলি থকা গৌৰৱোজ্জ্বল ইতিহাসৰ জীৱন্ত প্ৰতিনিধি আজিৰ কোচ ৰাজবংশী জাতি। যাৰ পূৰ্বৰ পৰিচিতি পণি, পাণি, কৱচ, কুৱাচ, কম্বোজ, দেশী ইত্যাদি।

(খিলঞ্জীয়াৰ সৌজন্যত)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: কোচৰ প্ৰাচীনত্ব
Editor

Editor

Related Posts

দেশে দেশে ফুটবল
ASSAMESE SECTION

দেশে দেশে ফুটবল

by HANID R BHUYAN
July 19, 2026
0

দেশে দেশে ফুটবল HISTORY OF FOOTBALL হানিদ ৰঞ্জন ভূঞা বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক যোৱা শতকজুৰি সন্মোহিত  কৰি ৰখা খেলবিধেই হৈছে ফুটবল। পৃথিৱীৰ ...

Read moreDetails
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 18, 2026
নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

July 17, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
ukraine1 4

 Putin simply couldn’t care less about any peace talks!

July 19, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37661 shares
    Share 15064 Tweet 9415
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17089 shares
    Share 6836 Tweet 4272
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2321 shares
    Share 928 Tweet 580
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    242 shares
    Share 97 Tweet 61
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6754 shares
    Share 2702 Tweet 1689
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Mahabahu Climate Forum Experience: Seven Days of Climate Learning

    110 shares
    Share 44 Tweet 28
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d