• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

কোচ জনগোষ্ঠীয় লোক-পৰম্পৰা: এক চমু আভাস

-নিৰ্মল কোচ, মানস প্ৰতিম দত্ত

by Anjan Sarma
June 25, 2021
in Special Report
Reading Time: 4 mins read
0
কোচ জনগোষ্ঠীয় লোক-পৰম্পৰা: এক চমু আভাস
Share on FacebookShare on TwitterShare on LinkedIn

-নিৰ্মল কোচ, মানস প্ৰতিম দত্ত |

কোচসকল আদিকালৰ পৰাই কৃষিজীৱি। আনহাতে জুমখেতিও কোচসকলৰ আন এক কৰ্মসংস্কৃতি বুলি কব পাৰি। পাহাৰৰ গছ কাটি জুই জ্বলোৱা আদি এক বিশেষ আনুষ্ঠানিকতা সমুহীয়াভাৱে অতি আড়ম্বৰেৰে পালন কৰা হৈছিল আৰু চকত(মদ),কান(মাংস),মায় আকক/মাছা মায়(বৰা চাউলৰ ভাত) খাইমেলি গীত গাই নাচি বাগি আত্মহাৰা হৈ পৰিছিল। এনেকি গছকটা গীতৰ উদাহৰণো কোচ সমাজত বিদ্যমান বুলি কব পাৰি। এই সংস্কৃতি বৰ্তমান বিপদগ্ৰস্থ বুলি কব লাগিব কাৰণ গছকটা, জুমখেতি আদিৰ ওপৰত চৰকাৰে বৰ্তমান প্ৰতিবন্ধকতা আৰোপ কৰা সৰ্বজনবিদিত। তলত এফাঁকি কোচসকলৰ গছকটা গীত তুলি ধৰিলোঁ যি গীতফাঁকি সোঁৱৰাই থাকিব আমাৰ পূৰ্বজ সকলৰ জীৱন ধাৰণৰ বৈশিষ্টৰ কিছু হেৰাই যাব ধৰা অতীতৰ ৰেঙণি।

RelatedPosts

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026

 গীতফাঁকি:-

অ পান বুৰা

অ পান মাতা

গছা ডাল্লাছি

শ ডাল্লা দংফায়নি

শ ডাল্লাছি

হাজাৰ ডাল্লা দংফায়নি

তানিয়া তাখাম

তা বগা তাখাম

নানাক’ গাব্লাং জুৰি লাখাহা

হি হু হু হুই। (তিনতিকিয়া গোটৰ)

অসমীয়া :- অ বুঢ়া গছ,অ ডাঙৰ গছ, এডালৰ পৰা শ ডাল হবা, শ ডালৰ পৰা হেজাৰ ডাল হবা। কাটিলে ভয় নাখাবা, ভয়ত শিয়ঁৰি নুঠিবা।

*কোচসকলৰ পৰম্পৰাগত বোৱাকটা,সাজপাৰ আৰু আ-অলংকাৰ*

কোচসকলৰ বস্ত্ৰ উৎপাদনৰ সজুলিটোক “গান্দি” বুলি কয়। কোচ তিৰোতাসকল পৈণত শিপিনী আৰু তাৰ যথেষ্ট উদাহৰণ পোৱা যায়। এসময়ত কাপোৰ বব নজনা কোচ গাভৰু ছোৱালীক বিবাহৰ বাবে অনুপযুক্ত বুলি গণ্য কৰা হৈছিল।  কোচ তিৰোতা সকলে নিজে বই উলিওৱা বস্ত্ৰবিধ হ’ল,- ১)লিফান(একপ্ৰকাৰ মেখেলা সদৃশ পিন্ধনৰ বহুৰঙী কাপোৰ। ২) ছকাথাৰায়-বিশেষ দিনত অৰ্থাৎ বিয়া-সবাহে,নৃত্য-গীত আদি অনুষ্ঠানৰ সময়ত ব্যৱহৃত ফুলবছা চাদৰ। ৩)গংগমাৰি-বুকুত মেথনি মৰা ফুলাম চাদৰ।৪) বাছেক- কেচুৱাক বোকোচাত বান্ধি লোৱা কাপোৰ।৫)কুকুতেনা বা ভিজাছকা- পুৰুষৰ বাবে আঠুমূৰীয়া ধুতি লেখিয়া বস্ত্ৰ।৬) আলগি-কম্বল।৭) দিফ্লাক-কেচুৱাৰ একপ্ৰকাৰ কৌপিন।৮) বিভিন্ন ধৰণৰ ৰুমাল আৰু মূৰত মেৰিয়াই লোৱা “পাগৌ” বা খতপ আদিয়ে প্ৰধান।

কোচ তিৰোতাসকলে বিশেষ দিনত ব্যৱহাৰ কৰা আ-অলংকাৰবোৰ, কানত কৰমপাৰ, ছনকৰেয়া,বেন্টা,মাতুকৰেয়া,পাছা আদি পোৱা যায়। অলংকাৰবোৰ প্ৰধানকৈ ৰূপৰ দ্বাৰা তৈয়াৰী। নাকত ঝিঙাঝুৰি নাকুংপাৰ,উৎসৱ আদিত নট, নলক পিন্ধা পৰিলক্ষিত হয়। গলত পিন্ধা অলংকাৰবিধ বিশেষকৈ হাচা, হাৰছৰা,চন্দ্ৰহাৰ আৰু দুগদুগি । বাহুত কাটাবাজু হাতত ছাংকুং। ভৰিত পিন্ধা অলংকাৰ বাকতাৰ আৰু গুজুৰুতি।কোমৰত কটিবন্ধন হিচাপে ব্যৱহাৰ কৰা আঠ দহশাৰীৰ মণিমালা(হাতীদাঁত বা কাঁচৰ) “লকবক” বুলি জনা যায়। খোপা সুলকি নপৰাকৈ ৰাখিবৰ বাবে কেটেলা পহুৰ কাঁইট গুজি লোৱা দেখা যায়। এসময়ত মুখমণ্ডলত শৰফোঁটা(Tattoo) আঁকি লোৱাৰ প্ৰথা আছিল যদিও বৰ্তমান সেই প্ৰথা নাই বুলি কব পাৰি। কোচ তিৰোতা সকলে বিশেষ প্ৰকাৰে বন্ধা খোপা “কচখোপা” নামেৰে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।

*কোচসকলৰ “বাণ্ঠায় নক'(ডেকাচাং) বা কাছাৰী নক:  এক যুৱ অনুষ্ঠান*

       কোচ ভাষাত বাণ্ঠায় মানে ডেকা আৰু নক মানে ঘৰ। গতিকে “বাণ্ঠায় নক” হ’ল ডেকাসকলৰ বাস কৰা ঘৰ। উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ মাজত এই সংস্কৃতিৰ প্ৰচলন পৰিলক্ষিত হয়। কোচ ডেকাসকলো তাৰ ব্যতিক্ৰম নাছিল।এখন গাঁৱত আদিতে হয়তো এখনেই বাণ্ঠায় নক সজাই লোৱাৰ ৰীতি আছিল আৰু তাৰ একমাত্ৰ কাৰণ বহিঃশত্ৰুক প্ৰতিহত কৰাৰ লক্ষ্যৰে এই অনুষ্ঠানবোৰ গঢ়লৈ উঠিছিল। সময়ে সময়ে সমাজত ডেকা শক্তিৰ প্ৰয়োজনীয়তাৰ কথা নুই কৰিব নোৱাৰি । সমাজৰ ৰাজহুৱা কামে কাজে বাণ্ঠায় সকলৰ ভূমিকা অত্যন্ত অপৰিহাৰ্য।প্ৰত্যেক বাণ্ঠায় নকত চিকাৰৰ অস্ত্ৰ-শস্ত্ৰ,থলুৱা বাদ্যবোৰ সুন্দৰকৈ শৃংখলিত ৰূপত ৰখা প্ৰত্যক্ষ কৰিছিলোঁ। গাঁওখনক বিপদমুক্ত কৰি ৰখাৰ ভূমিকা গ্ৰহণ কৰাৰ উপৰিও গীত-মাত চৰ্চা, কৃষ্টি-সংস্কৃতিৰ অনুশীলন আদিৰ ক্ষেত্ৰত “বাণ্ঠায় নক” অগ্ৰণী অনুষ্ঠানলৈ ৰূপান্তৰিত হৈ পৰিছিল। শিক্ষাৰ পোহৰ নপৰা কালীন জাতীয় বীৰ আৰু সংস্কৃতিৰ জন্ম-মৃত্যুৰ নিৰন্তৰ সাক্ষী এই বাণ্ঠায় নকৰ তাৎপৰ্য অনস্বীকাৰ্য। সময়ত স্কুলীয়া শিক্ষাৰ গতি প্ৰকৃতিয়ে সমাজত নতুনত্বৰ জোৱাৰ আনি দিলে আৰু বাণ্ঠায় নকৰ ভূমিকাও নিষ্ক্ৰিয় হৈ পৰাটো স্বাভাৱিক হৈ পৰিল কাৰণ প্ৰত্যেকেই অধ্যয়নৰ বাবে আছুতীয়া কোঠাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হ’ল। ক্ৰমশঃ বাণ্ঠায় নকৰ সমাদৰ লোপ পোৱাটো নিশ্চিত হৈ পৰিল।

          কোচ সমাজত এনে কিছুমান ঐতিহ্যমণ্ডিত বাণ্ঠায় নকৰ মৰ্মন্তক কাহিনী জীপাল হৈ আছে, যেন ঘটনাবোৰ সৌ সিদিনাহে ঘটি গৈছে। তুৰাৰ পৰা মানকাচৰলৈ গ’লে ২৫ কিলোমিটাৰ আঁতৰত এখন কোচ গাঁও নাম হাৰছং বা হাৰিগাঁৱ । কালোৰ পাৰত হাৰিগাঁৱৰ এখন সৰু টিলাটোৰ নাম “ছয়কুৰি বাণ্ঠায় তাৰি”। টিলাটোত ছয়কুৰি কোচ ডেকা একেলগে বাস কৰিছিল আৰু গাঁও তথা অঞ্চলৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰতো অগ্ৰণী দায়িত্ব বহন কৰিছিল। তেতিয়াৰ দিনত কোচ আৰু গাৰোৰ মাজত প্ৰায়েই সংঘৰ্ষ চলিছিল ।সেই তিক্ত অভিজ্ঞতা কোচ সকলে আজিও “মান্দায়ধুম” বুলি সোঁৱৰে কাৰণ ছয়কুৰি কোচ ডেকা ঘুমন্ত অৱস্থাত মান্দায়ধুমৰ বলি হব লগা হয়। সেই বেদনা বিধূৰ স্মৃতিত কোচ সমাজৰ লোকে আজিও গায়,-

          মঙায়াব’ বকজোক

                 তাউফা তাউৱা ছেপজোক

                         ছাৰায় ছাৰায় ছাৰায়।

 বহু মাতৃৰ সন্তান হেৰুৱাৰ কাতৰ ক্ৰন্দন। গীতফাঁকিৰ অৰ্থ ৰাতিটো পুৱাল,শেষ প্ৰহৰৰ কুকুৰাই ডাক দিলে, উঠা বাছাহঁত উঠা।

 *কোচ জনগোষ্ঠীৰ খেল ধেমালি আৰু নিচুকনি গীত*

জীৱশ্ৰেষ্ঠ মানৱ শিশু মাত্ৰেই খেল প্ৰিয়। কোচ জনগোষ্ঠীৰ শিশু সকলেও তাৰ ব্যতিক্ৰম নহয়। পৃথিৱীৰ অন্যান্য প্ৰান্তৰ শিশুসকলৰ দৰেই কোচ লৰা-ছোৱালীবোৰো পুৱা-গধূলি বিভিন্ন খেল খেলে,হাঁহে,নাচে, কান্দে,গীত গায়। তাৰেই দুফাঁকি খেল-ধেমালি আৰু নিচুকনি গীত তুলি ধৰিলোঁ।

            (১)

ফাই মানী বছানা

       আনি ছকা এৰা

ফাই মানী বছানা

        আনি কাৰাং এৰা।

অসমীয়া:- নাচো আহা মামীদেউ মোৰযে কাপোৰ নাই, নাচো আহা মামীদেউ মোৰযে পাখি নাই।

           (২)

ফাই লাম্পাৰ ফাই

আনি আনুং লিন্দি লাইতো

বাছেক খুকুৱাই।

অসমীয়া:আহ কোমল বতাহ আহ,আমাৰ ভনী টোপনিয়াইছে বোকোচাৰ ভিতৰতে।

               (৩)

ফাই মামা ফাই

নাংৰেত মামা ফাই

আনি আনাও হাবাকনা

তিনি ফাৰ দাপাংনা।

অসমীয়া:অ জোন মামা আহ, মোৰ ভন্টীয়ে মাতিছে তোমাক, তুমি আহিলেহে তোমাক সাৱটি টোপনি যাব।

       কোচসকলৰ প্ৰাকৃতিক পৰিৱেশত কিছু খেল-ধেমালি দেখিবলৈ পোৱা যায় যেনে- দাবেং হাংকাৰনি,বেলাও কালাংনি,মাছু মাখালনি, আৰু হবদব খেল। এই খেল-ধেমালিৰ গীতবোৰ জাতীয় জীৱনৰ অমূল্য সম্পদ। তাৰেই দুফাঁকি তুলি ধৰিলোঁ।

             (৪)

ফাই দাবেং ফাই

        ৱাৰৰেং চিংকুকুচ

ৱাৰেং দাবেং ফাই

মায়পান লায়ি ফাই

নিছামপান লায়ি ফাই

ফাই দাবেং ফাই।

অসমীয়া:দাবেং এবিধ নিশা উৰি ফুৰা পোক। এডাল গছ পুতি থৈ চাকি এগছি জ্বলাই দুডাল বাঁহৰ শলা বজাই বজাই দাবেং মতা হয়।

          (৫)

জগনা মগনা লুৰাপাত

নানি হংগ্ৰং মহাদেব ধুম।

অসমীয়া: লাউৰ পাত,কোমোৰাৰ পাত, তোমাৰ শ্বশুৰ মহাদেব ধুম।ইত্যাদি।

*কোচ জনগোষ্ঠীৰ পৰম্পৰাগত লোকবাদ্য*

১)দুদুমাৰি,হেমমাতা বা মাতাঢাকী। ইয়াৰ দৈৰ্ঘ্য তিনি/চাৰিফুট আৰু ব্যাস প্ৰায় চাৰি বা পাঁচ ফুটলৈকে দেখা যায়।

হেমমাতা বজোৱা তাল এইদৰে,

ক) দালায় গুমুদ গুমুদ।

খ) তাকু পাকু তাকু পাকু

      গুগু পাং গুগু পাং।

২)দুদুমাদুলি-পাখোৱাচ লেখিয়া ঢোল আৰু ইয়াৰ তালমাত্ৰা, তালুং পাকুং কুচিয়া মুক্ৰুং।

৩)মেয়াও হেম-মেকুৰীৰ ছালেৰে ছাউনি কৰা। বৰ্তমান ইয়াৰ ব্যৱহাৰ নাই ।ইয়াৰ তালমাত্ৰা, তক তাপ্লা,তক তাপ্লা।

ইয়াৰোপৰি হেম পিল্লাউ বা কোচ হেম,দাকগি,দিনদ্ৰাই হেম,ৱাগ তিল্লাউ,হেম দম্প বা খলপ হেম ইত্যাদি।উপৰিউক্ত বাদ্যবোৰ অনৱদ্য শ্ৰেণীৰ বুলি কব পাৰি।

সূষিৰ বাদ্য :-

                এইবিধ বাদ্যৰ শাৰীত ৱা-খান্দিং অতি অপৰিহাৰ্য। ইয়াৰ স্বৰলিপি,

গুৰদে গুৰুদে গুৰুলাউ গুৰু

গুৰুলাউ গুৰুলাউ গুৰুলাউ গুৰু।

হালাং বা বিয়া গীতসমূহত বজোৱা সুৰ,

তিলালাউ তিলালাউ

 লাউ লাউ লাউ।

কামমাতাৰ “হকো”বছানি বা নৃত্যৰ সময়ত- দে হে দে।

পবন লূপনিৰ সময়ত,-

তেৰ তেৰ ৰেত

তেৰ তেৰ ৰেত।

পাবুনি পূজাৰ সময়ত,-

তিৰিৰি ৰিত তিৰিৰি ৰিত

তিলালাউ তিলালাউ তিলালাউ।

তদুপৰি মুছিকৰং অৰ্থাৎ ম’হৰ শিং(হালাং অনুষ্ঠানত ইয়াৰ প্ৰতিবন্ধকতা দেখা যায়)।

মহৰি-হাড়গিলাৰ ঠেঙেৰে বনোৱা।বেগল,কালা বা কাল ইত্যাদি।

ঘনবাদ্য:-

তাকতাকা বা টোকাৰী, তালিং অৰ্থাৎ কৰতাল,চিনচ্লাউ, ছাৰক্লাপ।

তত বাদ্য:- গবেনা বা গগনা, গমান।

কোচসকলৰ নতুনকৈ বনোৱা বাদ্যবোৰ বছৰৰ “মায় পিদান ছানি” ন খোৱাৰ দিনা প্ৰথম বজোৱাৰ নিয়ম।

[ নিৰ্মল কোচ , সভাপতি, কোচ সাহিত্য সভা, তুৰা, মেঘালয়

মানস প্ৰতিম দত্ত, বৰপাক জিয়ামৰীয়া গাওঁ, মাছখোৱা, ধেমাজি, অসম।]

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: কোচ জনগোষ্ঠীয় লোক-পৰম্পৰা
Anjan Sarma

Anjan Sarma

Related Posts

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict
World

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

by Nariman ALLOUSH
March 7, 2026
0

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict NARIMAN ALLOUSH Lebanon is currently experiencing...

Read moreDetails
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Will the US-Israel-Iran War and Iran’s Gulf Attacks Trigger a Major Crisis for India’s Oil, Trade, and Economy?

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

March 1, 2026
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

March 1, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d