-মানস প্রতিম দত্ত , নির্মল কোচ |
প্রকৃতিৰ সুন্দৰতম সৃষ্টিসমূহৰ ভিতৰত অন্যতম – মানুহ। এই প্রকৃতিৰ সন্তান বাবেই প্রকৃতি-মানুহৰ এক সুদৃঢ় বান্ধোন আপোনা-আপুনি গঢ় লৈ উঠে। সেয়ে হয়তো প্রকৃতিৰ ভয়াবহ ৰূপ দেখা স্বত্বেও মানুহে প্রকৃতিক বেয়া পাব নোৱাৰে যিদৰে মানুহ নির্মমতা দেখিও প্রকৃতিয়ে চিঞৰি চিঞৰি কান্দিব নোৱাৰে । জনগোষ্ঠীয় সংস্কৃতিৰ সৈতে প্রকৃতিৰ সম্পর্ক অতি সুদৃঢ়। ভাষা-সংস্কৃতিৰ সৈতে প্রকৃতিৰ সম্পর্ক অতিকে নিবিড়। একোটা জাতি-জনগোষ্ঠীৰ আচাৰ-ব্যৱহাৰ, সাজ-সজ্জা, জীৱন-শৈলী, দর্শন আদিক প্রকৃতিয়ে সম্পূর্ণভাৱে প্রভাৱিত কৰে । জনজাতীয় জীৱন শৈলীত প্রকৃতিৰ ভূমিকা ইমানেই বিস্তাৰিত যে তেওঁলোকে প্রকৃতিক তেওঁলোকৰ সমাজ ব্যৱস্থাৰ এক অংশ হিচাপে গ্রহণ কৰে । পুৰণি সময়ৰে পৰা, মানুহে সবাতোকৈ প্রয়োজনীয় তিনিবিধ উপাদান খাদ্য, বস্ত্র আৰু অন্নৰ বাবে প্রকৃতি নির্ভৰ হৈ আহিছে । সেয়েহে জনগোষ্ঠীয় লোক-গীত , মৌখিক গীত মাত আদিত প্রকৃতিৰ নান্দনিক বর্ণনা পোৱা যায় । প্রকৃতিৰ সৈতে মানুহৰ সুপ্রাচীন অন্তৰংগতাৰ উপলব্ধিৰ দ্বাৰ মুকলি কৰে। তদুপৰি জনগোষ্ঠীয় লোক-পৰম্পৰাৰ পৰা আৰম্ভ কৰি অর্থনৈতিক দিশলৈকে মানু্হ প্রকৃতি নির্ভৰ হোৱা দেখা যায়।
ভাৰতবর্ষ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। ভাৰতবর্ষৰ অন্যান্য প্রান্তৰ লগতে উত্তৰ-পূৱ প্রান্ততো বিভিন্ন জাতি-জনগোষ্ঠীয়ে বসবাস কৰে, যাৰ ফলত এক সামাজিক-সাংস্কৃতিক বৈচিত্র গঢ় লৈ উঠিছে। উত্তৰ পূর্বাঞ্চলত বসবাস কৰা জনগোষ্ঠীসমূহৰ ভিতৰত কোচ জনগোষ্ঠী অন্যতম। মংগোলীয় গোষ্ঠীৰ অন্তর্ভুক্ত কোচ সকলৰ স্বকীয় ভাষা সংস্কৃতিয়ে গোষ্ঠীটোৰ সামাজিক সাংস্কৃতিক ঐতিহ্যক বৈচিত্র্যময় আৰু স্বকীয়তা প্রদান কৰিছে। সময়ৰ লগে লগে কোচ সকলৰ মাজত সাংস্কৃতিক আগ্রাসানো ঘটিছে । ভাষা-পৰম্পৰায়ো পট সলাইছে । তথাপিও পৰম্পৰা আৰু ঐতিহ্য এতিয়াও বিভিন্ন স্থানত প্রবাহমান হৈ কোচ সংস্কৃতিক জীয়াই ৰাখিছে । পৰিৱর্তনশীলতাই কোচ-সংস্কৃতিকো চুই গৈছে। সময়ৰ লগে লগে কোচ সকলৰ ভাষা সংস্কৃতিৰো পৰিৱর্তন ঘটিছে । ছাৰ এডৱার্ড গেইটে অসম বুৰঞ্জীত কোচ ভাষা সম্পর্কে লিখিছে – কোচ সকলৰ ভাষা বর্তমান মৃতপ্রায়। কিন্তু কোচ ভাষাৰ যি দুই এটা চানেকি পোৱা যায় তাৰ পৰা এই ভাষাৰ সৈতে গাৰো ভাষাৰ মিল দেখা যায়।
কোচসকলৰ দৈহিক অৱয়ব তথা শাৰীৰিক গঠন সম্পর্কে ১৬শ শতিকাত কোচ ৰাজ্য ভ্রমণলৈ অহা ৰালফ ফিটছ-এ কৈছিল – ‘ এই লোকসকলৰ কাণবোৰ অতি ডাঙৰ । সৰুকালতে কাণবোৰ ফুটা কৰি ইয়াক বিশেষ উপায়েৰে তেওঁলোকে দীঘল কৰি লৈছিল।’ অৱশ্যে এইদৰে কাণ দীঘল কৰা ৰীতি কোচ সকলে সম্প্রতি এৰিছে । (অসম বুৰঞ্জী, চাৰ এডৱার্ড গেইট , অনু: চেনেহী বেগম, পৃষ্ঠা : ৫৪) । উত্তৰ-পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্য, বিশেষকৈ মেঘালয় আৰু অসম তথা পশ্চিম বংগ, বিহাৰ আদিৰ উপৰিও চুবুৰীয়া নেপাল, বাংলাদেশ আদিৰ বিভিন্ন স্থানত কোচসকল সিঁচৰিত হৈ আছে। আমাৰ এই লেখাত মেঘালয়ত বসবাস কৰা কোচ সকলৰ সমাজ-সংস্কৃতিৰ সৈতে প্রকৃতিৰ সম্পর্কে বিষয়েহে আলোচনা কৰিব খোজা হৈছে।
কোচ জাতীয় উত্সৱ আৰু প্রকৃতি:
কোচ সকলৰজাতীয় উত্সৱ বা বসন্তোত্সৱৰ নাম হৈছে পাবুনি । এই উত্সৱৰ সময়ছোৱাত বিভিন্ন দেৱ দেৱতাক আৰাধানা কৰা হয়। এই দেৱ দেৱী সমূহ হিন্দু ধর্মৰ অন্যান্য দেৱ-দেৱীৰ সৈতে মিল দেখা নাযায় । এই দেৱ দেৱী সমূহ হ’ল –পাবুনি, বুৰা বাউছ, শীতুলি, কাটুলি, লখি আমে, চোৰা বুদি, বাৰো ৱায় আদি।
পাবুনি: পাবুনিক প্রেম আৰু প্রকৃতিৰ দেৱতা বুলি বিশ্বাস কৰা হয়। এজোপা আহত গছৰ তলত বাহেৰে সজাই ইয়াক স্থাপন কৰা হয়। কোচ সকলে পাবুনিক সূ্যোদয়, জোন , বতাহ আৰু অন্যান্য প্রাকৃতিক উপাদানৰ উত্স, যিয়ে মানুহৰ মনত প্রেমৰ নান্দনিক ভাৱ জাগ্রত কৰে বুলি বিশ্বাস কৰে।
বুৰা বাউছ: বয়সীয়াল দেৱতা যিয়ে সদায় ঘোঁৰা বা হাতীৰেহে পৰিভ্রমণ কৰে বুলি বিশ্বাস কৰা হয় ।
শীতুলি: শীতুলি দেৱীয়ে বিভিন্ন বেমাৰ – আজাৰৰ পৰা গাঁওবাসীক ৰক্ষা কৰে বুলি বিশ্বাস কৰা হয়।
কাটুলি: কাটুলিক জ্ঞানৰ দেৱী বুলি বিশ্বাস কৰা হয় ।
ইয়াৰ উপৰিও পাবুনিত লখি আমে, চোৰা বুদি, বাৰো ৱায় আদিৰ পূজা কৰা হয়। পাবুনিৰ সময়ছোৱাত কোনোধৰণৰ ব্রাহ্মনৰ সহায় লোৱা নহয়। পূজাৰ বাবে গাঁৱৰ পৰা এজন দেউছি বাচি দিয়া হয় আৰু তেওঁক সহায় কৰিবৰ বাবে এজন ছাথুং লৌণি আৰু এজন ছেলাকডাৰ বাচি দিয়া হয় । পূজাৰ শেষত পূজাৰ প্রসাদ গ্রহণ কৰি পূজাৰ শেষত আবেলিলৈ সকলোৱে লগে-ভাগে নৃত্য আৰু গীত-মাত গাই আনন্দ কৰে।পাবুনিৰ গীতসমূহ সাধাৰণতে প্রার্থনামূলক বা প্রেমমূলক হয়। এই উত্সৱৰ সময়ছোৱাত গোৱা হয় –
গুলি ভৰা মাছু দং, চাছাং ভৰা মায়
নক ভৰা মৰত দং
আমায়নি বলায়।
পাবুনিত ব্যৱহৃত বাদ্যযন্ত্রসমূহৰ ক্ষেত্রত প্রায় অন্যান্য জনগোষ্ঠীয় বাদ্যযন্ত্রৰ সৈতে অলপ-অচৰপ মিল দেখা যায়। পাবুনিত মূলত: তিনি প্রকাৰৰ বাদ্যযন্ত্র ব্যৱহাৰ কৰা হয়। সেইবোৰ হ’ল – ম”চি কাৰং (মহৰ শিঙৰ পেঁপা), বাঁহী আৰু মাতা ধাকি ( ডাঙৰ ঢোল) । ইয়াৰ সুৰীয়া মাতত প্রাণ পাই উঠে পাবুনি আৰু প্রকৃতিৰ সেউজীয়া ৰংবোৰ।
কোচ সকলৰ মন্ত্র সাহিত্যত প্রকৃতি
মন্ত্র সাইতভক মূলত: লিখিত আৰু কথিতভাৱে পোৱা যাব । সেয়েহ ইয়াক মৌখিক সাহিত্য বুলিবনে লিখিত বা লোক-সাহিত্য বুলিব সেইক্ষেত্রত মত-পার্থক্য দেখা যায়। কোচ সকলো মন্ত্র সাহিত্যত চহকী । বিভিন্ন উত্সৱ-পার্বন, পূজা, কৃষিকার্য আদিত এই মন্ত্র সমূহ আজিও ব্যৱহৃত হৈ আহিছে । বহুতো মন্ত্র উপযুক্ত শিষ্যৰ অভাৱত পৰৱর্তী প্রজন্মক শিকাবলৈ ভয় কৰাৰ ফলত হেৰাই যোৱাৰ উপক্রম হৈছে আৰু বহু মন্ত্র এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম অৱস্থাত আছে যদিও উপযুক্ত গণ সচেতনতাৰ অভাৱত লিপিবদ্ধ কৰিবলৈ যাওঁতে বহুতো পৰম্পৰাগত লোকাচাৰ আৰু বিশ্বাসৰ মুখামুখি হ’বলগীয়া হৈছে ।
ছংৱায় পূজাৰ মন্ত্রত প্রকৃতি:
কোচ সকল মূলত: কৃষীজীৱী । সাধাৰণতে শস্য চপোৱাৰ পূর্বে কাতি মাহত এই পূজা পতা হয় । সেয়েহে কৃষিজাত সামগ্রীৰ উত্পাদন আৰু সমৃদ্ধিৰ বাবে মায়ক পূজা কৰি গায় –
“মায় আমায় নাং, নাং পাঙান দং, নিনা ওক দুফুং তান”।
( আই লখিমী আমাৰ ভঁৰাল উপচি পৰক,আমাৰ পেট পূৰ্ণ কৰি ৰাখা”।)
বিভিন্ন প্রজাতিৰ খেতিৰ উপৰিও কোচ সকলে, বিশেষকৈ মেঘালয় বা অন্যান্য পাহাৰীয়া অঞ্চলত বসবাস কৰা কোচ সকলে জুম খেতিও কৰে । জুম খেতিৰ বেলিকা তেওঁলোকে গায়-
“ফাই মায়, ফাই হুন তালাকাই ফাইচানেং
ন্যায়াৱাই ফাই, ফাই মায় ফাই,ফাই হুন ফাই”
অর্থ– হে শস্যদেবী আহা, আমাৰ জুমখেতি উপচাই দিয়া। তোমাক কৰযোৰ কৰিছোঁ ।
কোচ সকলৰ মৌখিক সাহিত্যত প্রকৃতি
কোচ সকলৰ “হালাং” বা বিয়া নামত প্রকৃতি :
কোচ সকলে বিবাহক হালাং বুলিও কয় । হালাং শব্দটো দুটা শব্দ হা আৰু লাঙ-ৰ সমষ্টি। কোচ ভাষাত হা মানে হ’ল মাটি আৰু লাং মানে হ’ল অর্থ গ্রহণ কৰা । কোচ সকলৰ বিবাহ পদ্ধতি মূলত: চাৰিপ্রকাৰৰ । সেইবোৰ হ’ল মাতা হালাং বা শুভবিবাহ , দাঙুৱা বা অনুষ্টুপীয়াকৈ পতা হালাং, চাক লাউনি বা গন্ধর্ব বিবাহ পদ্ধতি আৰু নক হুৰা তকনি হালাং । কোচ সকলৰ বিবাহ পদ্ধতিত ব্রাহ্মণৰ সহায় লোৱা নহয় । গাঁৱৰ আজেংসকলৰ দ্বাৰা হালাং মন্ত্রোচ্চাৰণৰ যোগেদি বিবাহ কার্য সম্পন্ন কৰা হয়। এই বিবাহত গোৱা মন্ত্রবোৰ এনে ধৰণৰ –
অ আৱা সৃজি গুৰু বাল্লায়
অ আমায় জগৰিছি গুৰু নাং
চাই ফুই নাৰং তিনি
পেলেম দং হেচা দং
ঘুগুযোৰ ঘেনেক
পাইৰাযোৰ গান্দা
বাল্লায়া লামতো
তাউযোৰা,ঘয়যোৰা,
পান্চাকযোৰা তিনি
যোৰ হাতো,যোৰা হা, হাছা তিনি
হাচাইকুনেন চাই ফুই নাৰং তিনি।
অর্থ: আদিগুৰু, হে সৃষ্টিকর্তা , তোমালোক আহা আৰু চাই যোৱা , পবিত্র শুভ বিবাহ মণ্ডপত এই হালৰ (দৰা কইনা) কপৌহাল, পাৰহালৰ দৰে মিলনৰ ক্ষণ।এই মিলনৰ সাক্ষী স্বৰূপে এযোৰ কুকুৰা , এযোৰ তমোল পাণ অর্পণ কৰা হ’ল। এইহালক সুখ-শান্তিৰে থাকিবলৈ শুভাশীষ প্রদান কৰক ।
বাৰমাহী গীত: বাৰমাহি গীতসমূহত বিভিন্ন ঋতুৰ অনুপম নান্দনিক সৌন্দর্য্য আৰু সেই ঋতুসমূহৰ প্রাকৃতিক বৈশিষ্ট্যৰ স্বৰূপ সমূহৰ বর্ণনা পোৱা যায়।
“ তিকাঝাৰা কৰ’ বাকা আষাঢ় মাসায়
কৰ’ বাকা তালায়নি জনাৰ মাতাই
আশা তোৱা, কৰ’ এৰা আতা ৰেকনা থপ
বিছিং তংনা আপা আপা চানা ৰেকনা জপ।
জনাৰনাবৌন তোৱা জোৰা আনি আতা দংছি
মুকতৌঙ হেচা আনি আৱা আপাছা পাংছি
শাওননি পিদান ফাৰ শাওন মাসায় ফাইয়া
ৰান্ধি বামুণী ৰেক পূজা কায়ুৰৌংচা আগৌ
ৰেকনা আঙ ৱায় পূজা ফাইনৌঙ আনি জাগৌ ।”
অর্থ: নৈৰ ভাষা আছে , কথা কয় – আহাৰ মাহত। পশুৰো ভাষা আছে । তেনেদৰে মোৰ বহুত আশা আছে, ক’বলৈ ভাষা নাই । কাকনো ক’ম – এইখন ঘৰত মই অকলশৰীয়া । জন্তুৰ যোৰা আছে । মোৰ ভাগ্যহীনাৰ কিয় বন্ধু নাই । প্রিয়েৰ বাবে ব্রহ্মণ কণ্যাই পূজা পতাৰ দৰে ময়ো প্রিয়ে আহিলে পূজা পাতিম।
সাধু: জনগোষ্ঠীয় লোক সংস্কৃতিৰ এটি অন্যতম ৰূপ লোক-সাধু সমূহ । মুখ বাগৰি বাগৰি বিভিন্ন ৰূপ লাভ কৰি সাধুকথাবোৰে বর্তমানৰ অৱস্থা পাইছেহি। এই সাধুকথাবোৰৰ ৰূপক ধর্মী ৰূপবোৰৰ আঁৰ কাপোৰ আঁতৰাই দিলেই সমাজ ব্যৱস্থাৰ বাস্তৱিক চিত্র এখন ফুটি উঠে । লোক-সাহিত্যৰ এই আহিলা-স্বৰূপ সাধুসমূহৰ বৈশিষ্ট্য লক্ষ্য কৰিলে দেখা যায় যে ইয়াৰ মূল বা ঘাই শিপাডালেই হ’ল প্রকৃতি। কোচ জনগোষ্ঠীৰ সাধু আৰু অন্যান্য কিংবদন্তিসমূহতো প্রকৃতিৰ বর্ণনা পোৱা যায়। পৃথিৱীৱ সৃষ্টি সম্পর্কীয় কোচ কিংবদন্তিটো ইয়াৰ বর্ণনা দেখা যায় । কিংবদন্তি অনুসৰি পৃথিৱীৰ আদিতে সমগ্র ব্রহ্মাণ্ড পানীৰে ভৰপূৰ আছিল। সৃষ্টিকর্তা ‘বাল্লায়’ ডিম্বৰ ৰূপত আছিল। পৃথিৱী কেনেকৈ সৃষ্টি কৰিব তাকে ভাবি বাল্লায় চিন্তাত পৰিছিল। বহু ভাবি-চিন্তি বাল্লায়ে ‘গয়ৰং’ প্রাণীক সৃষ্টি কৰিলে । গয়ৰঙক সৃষ্টি কৰিবাল্লায়ে তাইক সাগৰৱ তলৰ পৰা মাটি আনিবলৈ পঠালে । আদেশ মতে তাই সাগৰ তলি পালেগৈ । সাগৰত মাটি বিচাৰি চলাথ কৰিও গয়ৰাং আমে-এ মাটি নাই পোৱা। বাল্লায়ে গয়ৰাঙৰ অপেক্ষাত সাত দিন, সাত ৰাতি অপেক্ষা কৰিলে । গয়ৰাং উভটি নহাত বাল্লায়ে দিব্যদৃষ্টিৰে দেখিবলৈ পালে যে হেনজং আমেহে তাইক বন্দী কৰি ৰাখিছে । সৃষ্টিকতা বাল্লায়ৰ ভীষণ খং উঠিল । খঙতে বাল্লায়ে অগ্নিদৃষ্টি নিক্ষেপ কৰিলে । সৌভাগ্যক্রমে হেনজেং আমেৰ নখত লাগি অহা মাটিৰেহে হেনো সৃষ্টিকর্তা বাল্লায়ে পৃথিৱী সৃষ্টি কৰিছিল ।
তলৰ গীতফাঁকিৰে এই কোচ কিংবদন্তিটো পৰিস্ফুট হৈছে-
হাৰাণনি হামাথাই তেছেবাৰ সাত তালা ৰুম্বাইনি
ঝিকিৰ ঝিকিৰ থাইয়া হাঅ’লা’ আয়না লিয়া ।
তেছেবাৰা কচো নকনি ৱেন কুনদি গয়ৰাং আমেউ’না
কৰ’ ভুতা ফুইয়া হেনজেং আমেজু হাআইমুঙ তনা
কৰ’ ভুতা ফুইনি বাদেন সাত দিন ছান ফাৰ
ৱেনকুনদি আইদি পূর্ব্ব সৃষ্টিয়ো ফুইয়া গয়ৰং আমেজু’না মুকচাই মুং
না নাগৰ, না সাগৰ দংনি বাদেন বাল্লায়াবা পাঙান দুখ মানা
ৱেন কুনদি বাল্লায়াবো তাউতি ৰূপো ৱেন কুনদি বাল্লায়াবো
লাৱিমুন তোৱা বাৰ হুম হুম হাৱা ।
হা অ’ বেকে সৃষ্টি ৰেকনা ৱাৰ হুম হুম হাউনি বাদেন
ৱানে বাদেন বাল্লাবাবো গয়ৰং আমে হেমজং আমে
পাঙান দুখ মান্নিমুঙ তোৱা পিছৌক ৰপৌ লাউৱা
তেছে বাৰা গয়ৰং আমেজু’না সৃষ্টিৰেকা তেছেবাৰা বসমাটি বাল্লায়াবো সৃষ্টিৰেকা
গয়ৰং আমেজুনা সৃষ্টি ৰেকিমুঙ, অ’ধন ৰাণীয়া আনে ছোনা আনে ।”
(অর্থ: জুম খেতিৰ বাবেই ভেকুৰি তিতাজোপা থোপা থোপে ফুলে । তেতিয়াহে কোচহঁতৰ কথাৰ আখৈ ফুটা বাবে, গীতৰ জোৱাৰ অহাৰ বাবেই আদি সৃষ্টিৰ কথা খুন্দা খাই পৰে। তাৰ পাছতে পৃথিৱী সৃষ্টিৰ ওপৰোক্ত কথাখিনি বর্ণিত হৈছে। )
হাঙায় গীত : কোচ সকলৰ এটি অন্যতম লোক নৃত্য হাঙায় নৃত্যত বাতাৰ(দা) ৱাচি (কোৰ) ৱাহু (কোদাল ) জাণ্ঠি ( বাহৰ চেকনি) আদি সঁজুলি ব্যৱহাৰ কৰা হয়। নৃত্যৰ তালে তালে গোৱা হাঙায় গীতত শ্রমজীৱি ৰাইজৰ ক্লান্তি আৰু জীৱন শৈলীৰ স্বৰূপ স্পষ্ট ৰূপত ফুটি উঠে :
ছংছাম ঝৰা লংঠায় চিকা অ জানাও দে
জানাও আম্বুনাছে নুকা ছোনা কুম্বাই লাআইমৌন
অ জানাওদে চিকা হাউনা নুকা। দে-হে-দে
আৰবেলা হাচুৰৱাং অ জানাওদে হাঙায় হাউনা নুকা। দে-হে-দে
দাম্বুৰ চালি কালাও চালিঅ জানাওদে নানিন কায়না নুকা। দে-হে-দে
মায় কায়নাফকৰা হুন কায়না অ জানাওদে, জগ ঋষি লুকনা
জগ ঋষি লুকাই মৌন অ জানাওদে মায়-হুন দঙনা। দে-হে-দে
অর্থ : ছংছাম নৈৰ শীতল পানীত গা তিয়াবৰ মন অ’ ভনীটি। সোণৱ কলহত পানী তুলিবৰ মন অ’ ভনীটি । আৰবেলা পাহাৰৰ টিঙত জুম খেতি কৰিবৰ মন , ধান-কপাহ খেতি কৰিবৰ মন।
কোচ সকলৰ পৰম্পৰাগত চিকিত্সা পদ্ধতি আৰু প্রকৃতি:
পৰম্পৰাগত চিকিত্সা পদ্ধতিসমূহ মূলত : প্রকৃতি নির্ভৰ হয়। কোচ সকলে সাধাৰণতে পৰম্পৰাগত ঔষধ হিচাপে বিভিন্ন প্রজাতিৰ উদ্ভিদ ব্যৱহাৰ কৰে । এই উদ্ভিদসমূহৰ ভিতৰত আম, নিম, মাটিকঠাল, ডালিম , দুবৰি বন , দুপৰ টেঙা আদি অন্যতম । ইয়াৰ উপৰিও বিভিন্ন প্রজাতিৰ মাছ আৰু জীৱ-জন্তুৰ বিভিন্ন অংশও পৰন্পৰাগত চিকিত্সা পদ্ধতিত ব্যৱহাৰ কৰা হৈছিল যদিও বন্যপ্রাণী সুৰক্ষা আইন প্রৱর্তন হোৱাৰ পাছৰে পৰা ইয়াৰ ব্যৱহাৰ প্রায় কমি আহিল । পৰম্পৰাগত ঔষধ হিচাপে উদ্ভিদ ব্যৱহাৰ কৰাৰ মূল কাৰণটোৱেই হ’ল যে ঈয়াৰ পার্শ্ব ক্রিয়া নাথাকে ।
প্রকৃতিৰ সংৰক্ষণ
কোচ লোক সংস্কৃতি অধ্যয়নৰ পৰা গম পোৱা গ’ল যে কোচসকলৰ প্রায়বোৰ গীত-মাত আৰু উত্সৱৰ সৈতে প্রকৃতিৰ ওত: প্রোত সম্পর্ক আছে । সেয়েহে ইয়াৰ সৈতে জড়িত প্রাকৃতিক উপাদানসমূহৰ সংৰক্ষণৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ প্রচেষ্টা প্রত্যক্ষ বা পৰোক্ষ ভাৱে লোৱা দেখা যায় ।
প্রত্যক্ষ-পৰোক্ষ সংৰক্ষণ : সাধাৰণতে জনগোষ্ঠীয় পৰম্পৰাত ব্যৱহৃত উপাদান সমূহৰ সংৰক্ষণ আৰু সংবর্ধনৰ কার্যটো অজ্ঞাতভাৱে বা পৰোক্ষভাৱেই হৈ থাকে । নিজ সুবিধা অনুযায়ী উত্সৱ পার্বনৰ বাবে প্রয়োজনীয় সমলসমূহ উত্পাদন বা সংৰক্ষণৰ এই ধাৰণাটো আওপুৰণি যদিও ইয়াৰ প্রভাৱ ইতিবাচক । উদাহৰণ স্বৰূপে, পাবুনীৰ বাবে সবাতোকৈ প্রয়োজনীয় উপাদান হ’ল বাহ আৰু আহত গছ । গতিকে জাতীব উত্সৱ আৰু জাতীয় দায়বদ্ধতাৰ প্রাণস্বৰূপ পাবুনিৰ বাবে কোচ সকলে আহত গছ আৰু বাহ গছ প্রত্যক্ষ বা পৰোক্ষভাৱে সংৰক্ষণ কৰি , সুৰক্ষিত কৰি আহিছে বুলি ক’ব পাৰি ।
প্রকৃতি আৰু মানু্হৰ এই মধুৰ সম্পর্ক চিৰস্থায়ী হ’লেহে প্মানুহ-প্রকৃতিৰ বান্ধোন আৰ সহৃদয়তা যুগমায়ী হ’ব । কিয়নো প্রকৃতি সাধাৰণতে সহনশীল হয় । প্রকৃতিয়ে বছৰ পাছত বছৰ সহ্য কৰিব পাৰে । সহ্য কৰে । কিন্তু প্রকৃতিৰ সেই ধৈয্যৰ বান্ধোন খোল খাই গ’লে প্রকৃতিৰ বিধ্বংসী ৰূপক প্রতিহত কৰিবলৈ কাৰোৱেই ওচৰত কোনো শক্তি নাথাকিব। ¬
পাদটীকা:
১/কোচ, শিবেন্দ্র নাৰায়ণ, কোচ জনগোষ্ঠীৰ অতীত সন্ধানত এটি খোজ
২/গেইট, ছাৰ এডৱার্দ, অসম বুৰঞ্জী
সমল ব্যক্তি:
১/উমেন্দ্র কোচ
২/উপেন্দ্র হাৰী কোচ