অঞ্জন শৰ্মা |
সময়ঃ ২০১৭ চনৰ ছেপ্টেম্বৰৰ ২৮ তাৰিখ
স্থানঃ ঝাৰখণ্ডৰ ছিমদেগাৰ কাৰিমতী গাওঁ
চৰিত্ৰঃ ১১ বছৰীয়া সন্তোষী কুমাৰী!
ক্ষুধাৰ তীব্ৰতম জ্বালাত ছটফটাই
চীৎকাৰ কৰি কৰি
সেইদিনা সেইখন গাওঁত সন্তোষী কুমাৰীৰ
মৃত্যু হৈছিল…
মৃত্যু!!
সন্তোষী কুমাৰীক হত্যা কৰা হৈছিল।
৮ দিন ধৰি সন্তোষীৰ পেটত এটা খুদচাউলো পৰা নাছিল!
খাদ্যৰ বাবে চিঞৰিবলৈও তাইৰ শক্তি নাছিল
মৃত্যুৰ যন্ত্ৰণা ভুগিবলৈও সন্তোষীৰ
চেতনা নাছিল
খালীপেটে থকাৰ পৰা অষ্টমদিনা সন্তোষীৰ
মৃত্যু হৈছিল
সন্তোষীক হত্যা কৰা হৈছিল
সন্তোষীক ৰাষ্ট্ৰযন্ত্ৰই হত্যা কৰিছিল!
কাৰণ?
কাৰণ সন্তোষীক ‘ৰেচন কাৰ্ড’ৰ খাদ্যৰ পৰা
বঞ্চিত কৰা হৈছিল!
কাৰণ?
কাৰণ সন্তোষীৰ ‘ৰেচন কাৰ্ড’ৰ সৈতে ‘আধাৰ কাৰ্ড’ সংলগ্ন কৰা হোৱা নাছিল!!
মৃত্যু নে হত্যা??
সেই প্ৰশ্ন যাতে কোনেও উত্থাপন নকৰে
সন্তোষী কুমাৰীৰ মৃত্যুই যাতে ‘অশান্তি’ সৃষ্টি নকৰে
কোনেও যাতে ৰাষ্ট্ৰযন্ত্ৰলৈ আঙুলি টোৱাব নোৱাৰে
সেইবাবেই “ৰাম মন্দিৰ”!
সেইবাবেই “বুলেট ট্ৰেইন”!
সেইবাবেই পেটেলৰ “গগনচুম্বী মূৰ্তি”!
# #
সময়ঃ নৱেম্বৰ,২০১৯
স্থানঃ ধন্য ধন্য ভাৰতবৰিষ:
চৰিত্ৰঃ নিবনুৱা
ভাৰতত নিবনুৱাৰ সংখ্যা বৃদ্ধিৰ হাৰ
অক্টোবৰত হ’লগৈ ৮.৫ শতাংশ
যি অকল্পনীয়, যি ভয়াবহ
যি সৰ্বাধিক, বহুবছৰৰ অন্তৰালত!
কোন দায়ী?
বিমুদ্ৰাকৰণ!?
জি-এছ-টি!?
নীৰৱ মোডী!?
কোনেও যাতে প্ৰশ্ন কৰিব নোৱাৰে
কোনেও যাতে আঙুলি টোৱাব নোৱাৰে
কোনেও যাতে অশান্তি সৃষ্টি কৰিব নোৱাৰে
সেইবাবেই কাশ্মীৰ!!
সেইবাবেই ৩৭০ নং ধাৰাক লৈ তৎপৰতা!!
# #
সময়: ২০১৮ চন
স্থানঃ ধন্য ধন্য ভাৰতবৰিষ:
চৰিত্ৰঃ ৫ বছৰৰ তলৰ শিশু
হয় সত্য, একেবাৰে সত্য
ইউনিচেফৰ তথ্য!
২০১৮ চনত ভাৰতৰ শিশুৰ মৃত্যুৰ সংখ্যা
অথবা পৰিসংখ্যা
৮৮২০০০ জন!!
অৰ্থাৎ, প্ৰতিদিনে ২৪১৬ জন!
ধৰি লওক, এখন বোয়িং বিমানে ৩০০ শিশু কঢ়িয়াব পাৰে…
অৰ্থাৎ, প্ৰতিদিনে তেনে ৮ খন বিমান ধ্বংস হৈ আছে
ভাৰতবৰ্ষত!!
কোনেও যাতে প্ৰশ্ন কৰিব নোৱাৰে
কোনেও যাতে আঙুলি টোৱাব নোৱাৰে
কোনেও যাতে অশান্তি সৃষ্টি কৰিব নোৱাৰে
সেইবাবেই “কেব”!
সেইবাবেই “কা”!
সেইবাবেই অৰ্থহীন বাগাড়ম্বৰ !!
# #
সময়ঃ সাম্প্ৰতিক কাল
স্থানঃ ধন্য ধন্য ভাৰতবৰিষ
চৰিত্ৰঃ অৰ্থনীতি
ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ সলনি হ’ল
ৰিজাৰ্ভ বেংকৰ ভৰালত সিন্ধি দিয়া হ’ল
তথাপিও অৰ্থনীতিৰ বেলুনটো নুফুলিল..!
‘জি-ডি-পি’ এতিয়া ‘আই-চি-ইউ’ত
অৰ্থনীতি এতিয়া তলিফুটা নাওঁ
ভয়াবহ পৰিস্থিতি সমগ্ৰ উপমহাদেশত
আদানি-আম্বানীহতৰ বাহিৰে
প্ৰায় সকলোৰে হাত মূৰ-কপালত!
কোনেও যাতে প্ৰশ্ন কৰিব নোৱাৰে
কোনেও যাতে আঙুলি টোৱাব নোৱাৰে
কোনেও যাতে অশান্তি সৃষ্টি কৰিব নোৱাৰে
সেইবাবেই “এন-আৰ-চি”!
সেইবাবেই “এন-পি-আৰ”!
সেইবাবেই “জে-এন-ইউ”!
সেইবাবেই “পাকিস্তান”!!