• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

কোনে কৈছে ধৰ্ষণকাৰীৰ ধৰ্ম নাই!

ASSAMESE SECTION / Rape

by PAHARI BARUAH
January 10, 2023
in ASSAMESE SECTION, Justice, Opinion
Reading Time: 3 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

কোনে কৈছে ধৰ্ষণকাৰীৰ ধৰ্ম নাই!

পাহাৰী বৰুৱা 

Pahari Baruah
পাহাৰী বৰুৱা

(১) মই জন্ম হোৱাৰে পৰা আমি যিঘৰ মানুহৰ ভাড়াঘৰত আছিলো তেওঁলোক মুছলমান আছিল। বৰমা, চাৰিজন দাদা আৰু বা এগৰাকীৰে সেইখন ঘৰ মোৰ দ্বিতীয় ঘৰ আছিল।

বৰমাৰ অপাৰ মৰম আৰু দাদাকেইটাৰ লগত হাঁহি-ধেমালি কৰিয়েই ডাঙৰ হোৱা মই। ‘বা’গৰাকীৰ বিয়াত মই একেবাৰে সৰু, মই ‘বা’ক যাবলৈ নিদো বুলি যিমান কান্দিছিলো তেওঁলোকৰ ঘৰৰ মানুহেই সিমান কন্দা নাছিল।

এতিয়াও ঘৰলৈ গ’লে বৰমাক এবাৰ লগ নকৰাকৈ নাহো, এতিয়াও কিবা সমস্যাত পৰিলে তেওঁলোকৰ দাদাকেইটাকে আগতে কওঁ।
বৰমাক যেতিয়া গুনা-পাৰিৰ শুদ্ধ বগা চাদৰ-মেখেলাযোৰত দেখো, ভাৱ হয় তেওঁতকৈ বেছি অসমীয়া কোন হ’ব পাৰে। ঈদত তেওঁলোকৰ ঘৰলৈ যোৱাটো নিয়ম। তেওঁলোক মুছ্লমান। তেওঁলোক অতিকৈ আপোন। তেওঁলোক নিজৰ। তেওঁলোক অসমীয়া।
monochrome photo of opened quran

(২) ডবকাৰ ঘটনাটো শুনাৰ লগে লগে ভগৱান যে নাই আকৌ এবাৰ উপলব্ধি কৰিছিলোঁ। পশুকেইটাৰ নামকেইটা চালোঁ। সেই একেধৰণৰ। বটদ্ৰবাৰ পঞ্চম শ্ৰেণীত পঢ়ি থকা কণমানিজনী, কামপুৰত স্বামীৰ লগত ট্ৰেইনত গৈ থকা মহিলাগৰাকী, সমাজ গঢ়ি পঞ্চাছ বছৰ গৰকা শিক্ষয়িত্ৰীগৰাকী, মৰিগাওঁ, বৰপেটা, হাইলাকান্দিৰ ঘটনাবোৰ পাহৰা নাই, নামবোৰো পাহৰা নাই।

বাতৰি কাকতত নিতৌ পোৱা সৰহসংখ্যক অপৰাধীৰ নামবোৰ (হয়তো মোৰ চকুৰ গণ্ডগোল হ’ব পাৰে) সদায় একেধৰণৰেই দেখোঁ।

(৩) অসমত ‘বাংলাদেশৰ পৰা অহা মুছলমান’ৰ (বাংলাদেশী মুছলমান বুলি ক’ব নোৱাৰি হেনো) মাজত অপৰাধ প্ৰবণতা বেছি। মই কোৱা কথা নহয়, ক্ৰাইম ৰিপোৰ্টচ্ (crime reports) বোৰৰ ওপৰত অলপ ধ্যান দিলে, সদায় বাতৰি কাকতবোৰ পঢ়িলে আৰু চকু মুদা কুলিৰ ভাও নুজুৰিলে যিকোনো মানুহেই গম পাব।

(৪) কেইদিনমান আগতে নগাৱঁৰ টেটৰ শিক্ষক এজনে বাতৰি কাকতত মোৰ অসমৰ শিক্ষাব্যৱস্থাৰ ওপৰত লেখা এটা পঢ়ি ফন কৰিছিল। তেওঁৰ কিদৰে এজন ভাল শিক্ষক হোৱাৰ সপোন আছিল আৰু কিদৰে তেওঁ কাম কৰা সংখ্যালঘূ অঞ্চলখনৰ ল’ৰা-ছোৱালীবোৰক স্কুললৈ নপঠাই ৰাতিপুৱা মাদ্ৰাছাত ধৰ্মীয় শিক্ষা ল’বলৈ পঠাইছিল আৰু কিদৰে দুপৰীয়া মাদ্ৰাছাৰ পৰা ভাগৰি স্কুল অহা ল’ৰা-ছোৱালীবোৰৰ পঢ়াত মন নবহিছিল, সকলো বিৱৰি কৈছিল।

এদিন তেওঁ ক্লাচত বিহু এফাঁকি গাওঁতে এজনী কনমানি আহি তেওঁক কিদৰে “ছাৰ বিহু নাগাব, আল্লাই পাপ ধৰিব” বুলি কৈছিল, কিদৰে সেইঠাইত তেওঁ ভয়ে ভয়ে দিন কটাইছিল, কিদৰে অসমৰে ঠাই হোৱাৰ স্বত্তেও তাত অসমীয়া ভাষা-সংস্কৃতিৰ একো নাম-গোন্ধেই নাছিল সকলো কৈ গৈছিল। নিৰ্বিকাৰ হৈ শুনি গৈছিলো, মোৰ ক’বলৈ একো নাছিল। মনত পৰিছিল কেইদিনমান আগত ধুবুৰীৰ সংখ্যালঘূ এলেকাত কৰ্মৰত টেটৰ শিক্ষকজনে আত্মহত্যা কৰাৰ আগত লিখি যোৱা চিঠিখনৰ কথাবোৰ।

(৫) কোনে কয় ধৰ্ষণকাৰীৰ ধৰ্ম নাথাকে।

যদি সিহঁতৰ এটা নাম আছে, ঠিকনা আছে, ঘৰ আছে, ধৰ্ষণ কৰিব পৰাকৈ মগজুকণ আছে, ধৰ্ম কিয় নাথাকিব সিহঁতৰ–ধৰ্ষণকাৰীৰ ধৰ্ম, জাতি সকলো আছে।

ধৰ্ষণৰ দৰে এটা জঘন্য অপৰাধৰ বহুতু কাৰণ আছে, তাৰ মাজত মানসিকতা এটা ডাঙৰ কাৰণ। ধৰ্ষণকাৰী কেনেকুৱা পৰিৱেশত, কেনেকুৱা শিক্ষা-দিক্ষাৰ মাজত ডাঙৰ হৈছে, সেইতো এটা ডাঙৰ বিষয়। আৰু এনেকুৱা এটা অপৰাধ ৰোধিবলৈ হ’লে তাৰ গুৰিলৈ যোৱাটো বৰ দৰকাৰী। যিবোৰ সমাজত মহিলাসকলক পুৰুষৰ অধীন, ভোগ্য আৰু প্ৰজনন সামগ্ৰী বুলিয়েই ধৰা হয়, নিশ্চিতৰুপে সেই সমাজত ডাঙৰ হোৱা পুৰুষৰ মহিলাৰ প্ৰতি কি মনোভাৱ থাকিব বুজিব পাৰি।

অপৰাধীৰ অপৰাধ প্ৰবণতা আৰু মানসিকতা অধ্যয়ন কৰোতে কোনোবাই সিহঁতক ধৰ্মৰ নামত বেলেগ ধৰ্মৰ ছোৱালীক ধৰ্ষণ কৰিবলৈ কৈছে নেকি অথবা যিকোনো ধৰ্মৰেই মহিলাক তেওঁলোকৰ ভোগ্য সামগ্ৰীৰ বাদে আন একো নহয় বুলি শিকাইছে নেকি এই গুৰুত্বপূৰ্ণ কথাটো বাদ দিলে কেনেকৈ হ’ব?

(৬)ইউ.পি., বিহাৰ আদি ৰাজ্যৰ কিছুমান ঘটনাত দেখা যায় যে বহুতু উচ্চ বৰ্ণৰ পুৰুষে তলৰ বৰ্ণৰ মহিলাসকলক নিজৰ অধীন, যি মন যায় তাকে কৰিব পাৰি বুলি ভাবে যাৰ বাবে বহুতু নিম্ন বৰ্ণৰ নাৰীসকল তথাকথিত উচ্চ বৰ্ণৰ পুৰুষৰ ধৰ্ষণৰ বলি হয়। নিম্ন বৰ্ণৰ কাৰণেই ধৰ্ষণ কৰিব পাৰি বুলি যদি এইচাম পিশাচে ভাৱে তেতিয়াহ’লে ইয়াত ধৰ্ম জাত-পাত বাদ দি কেনেকৈ বিষয়বোৰৰ গুৰিলৈ যাব?

সকলো বিষয় চালি-জাৰি চাবই লাগিব। ঠিক সেইদৰে অসমতো মুছলমান বুলি কথা কলেই ‘চেকুলাৰ’ টেগটো হেৰুওৱাৰ ভয়ত অপৰাধীৰ ধৰ্ম নাই বুলি কৈ হাত সাৰিলেই হ’ব নে?

ইংৰাজীত এষাৰ কথা আছে, “Character begins at home”। মানুহ এজনৰ চিন্তাধাৰা কেনেকুৱা হ’ব বহুতখিনি নিৰ্ভৰ কৰে তেওঁ কেনেকুৱা পৰিৱেশ-পৰিস্থিতিত ডাঙৰ হৈছে, কেনেকুৱা ধৰণৰ সামাজিক অথবা ধাৰ্মিক শিক্ষা লাভ কৰিছে। অসমৰ সংখ্যালঘূ এলেকাবোৰৰো পৰিৱেশ-পৰিস্থিতি, শিক্ষা-দিক্ষা, নিয়ম-কানুন, মানসিকতা আদিও ভালকৈ চকু দিয়াটো দৰকাৰ।(অসমীয়া সমাজে কিন্তু মহিলাসকলক পৰ্দাৰ আঁৰত নাৰাখে।)

(৭) ফেচবুক সকলোৰে হাতে হাতে হোৱাৰ পৰা দুইধৰণৰ মুছলমান লোক দেখিছো। এচামে মানি লয় যে বাংলাদেশৰ পৰা অহা মুছলমানৰ মাজত অপৰাধ প্ৰবণতা বেছি। তেওঁলোকে বুজি পায় যে শিক্ষা-দিক্ষাৰ অভাৱ, ধৰ্মীয় গোড়ামি আৰু বহু এনে বিষয় আছে যিবোৰৰ শুধৰণিৰ দৰকাৰ, যিবোৰৰ কাৰণে সিহঁতৰ মাজত অনিয়ন্ত্ৰিত ভাৱে জনস্ংখ্যা বৃদ্ধি আৰু অপৰাধ প্ৰবণতা বৃদ্ধি পাইছে।

তেওঁলোকে চেষ্টা কৰে যে এইবোৰ কুসংস্কাৰ দুৰ হওঁক, তেওঁলোকেও সঠিক শিক্ষা-দিক্ষা লাভ কৰি ভাল মানুহ হওঁক। কিছুমান তথাকথিত ধৰ্ম প্ৰচাৰক , ধৰ্মৰ বেপাৰীয়ে ধৰ্মৰ আহিলা লৈ মানুহবোৰৰ মনত বিষাক্ত বিজাণু ৰুপন কৰে, তেওঁলোকে জানে আৰু মানিও লয় ।

আৰু এটা চাম আছে। সেইচামে মানি নলয়। তেওঁলোকে লগে লগে হিন্দুসকলে কৰা অপৰাধৰ তালিকাখন দিয়ে, যেন বেলেগেও কৰে বুলি ক’লেই সিহঁতৰ অপৰাধবোৰ মাফ হৈ যাব। তাৰে ভিতৰত কেইজনমান শিক্ষিত লোক আছে যি সিহঁতৰ মাজত কাফিৰৰ প্ৰতি ঘৃণা বিয়পায়। তেওঁলোকৰ ফেচবুকৰ কথোপকথনবোৰ কিদৰে অসমক মিঞা প্ৰধান দেশ কৰিব লাগে, অসমীয়া বাদ দি মিঞা ভাষাৰ প্ৰচাৰ কৰিব লাগে এইবোৰতে সীমাবদ্ধ।

তেওঁলোকৰ ধৰ্মৰ নামতে যে গোটেই বিশ্বতে কিমানবোৰ সন্ত্ৰাসবাদী সংগঠন খোলা হৈছে, কিমানলোকক ‘ব্ৰেইনৱাছ’ কৰি ‘চুইচাইদ ব’ম্বাৰ’ বনোৱা হৈছে, সেইবোৰ আলোচনা কৰিবলগীয়া গুৰুত্বৰ বিষয় বুলি নাভাবে।

(৮) মোৰ টাইমলাইনত কোনোবাই ‘ছেয়াৰ’ কৰা কবিতা এটা দেখিলোঁ। কোনোবা এগৰাকীয়ে লিখিছে, কোন চিনি নাপাওঁ, হয়টো বাংলাদেশী মূলৰ হ’ব পাৰে। তেওঁ কৈছে যে মিঞাই পঢ়া-শুনা কৰি অসমীয়াৰ গোলামি নকৰাৰ বাবে অসমীয়া মানুহৰ চিন্তা হৈছে। তেওঁ ভুল ভাবিছে। মিঞাই পঢ়া-শুনা নকৰি, অনিয়ন্ত্ৰিত ভাৱে জনসংখ্যা বৃদ্ধি কৰি, ধৰ্ষণৰ, চুৰি-ডকাইতিৰ দৰে জঘন্য কাণ্ডবোৰ কৰাৰ বাবে হে অসমীয়াৰ চিন্তা হৈছে।

(৯) পৰিক্ষাত সদায়ে ভাল নম্বৰ পাই, ইমান পঢ়া-শুনা কৰিলো যদিও আমাৰ ‘চেকুলাৰ’সকলৰ ‘লজিক’বোৰ একেবাৰে মূৰৰ ওপৰেদি যায়। বিশ্বনাথৰ মুছলমানলোকজনৰ লগত বহুত অন্যায় কৰা হৈছিল। ভাল লাগিছিল যেতিয়া আমাৰ সকলোৱে সজোৰে প্ৰতিবাদ কৰিছিল। কিন্তু ডবকা কাণ্ডটো ছাগে সৰু কথা আছিল, কেইজনমানচোন একেবাৰে বোবা হৈ গ’ল।

কোনে কৈছে ধৰ্ষণকাৰীৰ ধৰ্ম নাই!
Photo by Debonair Nestory on Pexels.com

হিন্দু বাংলাদেশী অনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰধান নায়কজনে কাজিৰঙাত অবৈধ মুছলিম বাংলাদেশী উচ্ছেদ কৰিব নিদো বুলি কৰা ঘোৰ প্ৰতিবাদো টি. ভি. দেখিছিলোঁ।

(১০) মই অসমীয়া। অসমীয়া মানুহ কেনেকুৱা জানো।

কিন্তু আমি দেখিলেই অসমীয়া যেন নলগা, চাদৰ-মেখেলাৰ পৰিৱৰ্তে কলা আচহুৱা যেন লগা সাজেৰে নিজকে সম্পূৰ্ণকৈ ঢাকি ৰখা, অসমীয়াৰ পৰিৱৰ্তে আমি বুজি নোপোৱা ভাষা কোৱাসকলো হেনো অসমীয়া? আগৰ চৰকাৰে ভোট-বেংকৰ বাবে ব্যৱহাৰ কৰোতে দিয়া হাজাৰ নঠি-পত্ৰবোৰ দেখালেও, আমাৰ ক্ষুদ্ৰ মগজুৱে নুবুজা যুক্তি দৰ্শালেও, ভগৱানে দিয়া চকু-কাণ অলপ ব্যৱহাৰ কৰিয়েই কব পাৰো যে তেওঁলোক বেলেগ।

তেওঁলোকৰ মিল ভাৰতীয়সকলৰ লগত নাই, বাংলাদেশীসকলৰ লগতহে বেছি। তেওঁলোকে অসমীয়া মুছলমানৰ আদৰ্শ নামানে, middle east ৰ আদৰ্শহে মানে।

(১১) কিদৰে আমাৰ খিলঞ্জীয়া মুছলমানসকল আমাৰ দৰেই অসমীয়া কিন্তু অসমত বাস কৰা আন এচামৰ অসমীয়া ভাষা-স্ংস্কৃতিৰ লগত একো মিল নাই লিখিলো। তেওঁলোকৰ মাজত অপৰাধ প্ৰবণতা যে বেছি দৈনিক বাতৰিবোৰ পঢ়িলেই যে গম পোৱা যায়, এচামে কেনেকৈ সেইবোৰ গাপ দি থাকে আৰু তেওঁলোকৰ এনে মানসিকতাৰ গুৰি অধ্যয়ন কৰি শুধৰোৱাৰ চেষ্টা কৰাতকৈ কেনেকৈ ৰক্ষণাবেক্ষন দি থাকে লিখিছিলো।

হাস্যকৰ যে একাংশই লগে লগে প্ৰমাণো কৰি দিছিল।

(১২) ছয়গাৱঁৰ ঘটনা উদ্দেশ্যি এইটো লিখিব লৈছিলো। লিখা শেষেই ন’হল- আমিনগাৱঁত বলেৰ’ত হোৱা ধৰ্ষণকে আদি কৰি আৰু বহুকেইটা ঘটনাও হৈ গ’ল। প্ৰায়বোৰ ঘটনাতে অপৰাধীৰ নামবোৰ একেই।

ধৰ্ষণকাৰীক মাৰিব কাটিব লাগে বুলিও আনকি কোৱা নাছিলোঁ। সমাজখন ঠিক কৰিবলৈ হ’লে কিহৰ বাবে এচামৰ মাজত এইবোৰ অপৰাধৰ প্ৰবণতা ইমান বেছি অধ্যয়ন কৰি গুৰিলৈ যোৱাৰ দৰকাৰ বুলিহে কৈছিলো। এটাই মোকেই ধৰ্ষণকাৰি বুলি কৈ দিলে!((হেৰৌ ধৰ্ষণ মানে কি মগজুৱে ঢুকি পায় নে?

সেইটো গালি নহয়টো যে যাকে-তাকে মত নিমিলিলেই ধৰ্ষণকাৰি বুলি গালি দি দিব!)); দুজনমানে আশা কৰাৰ দৰেই হিন্দুৱে কৰাৰ ধৰ্ষণৰ তালিকাখন দি গ’ল (হেৰৌ, পষ্টটোত মই নিজেইছোন দিছিলো হিন্দুৱে কৰা ধৰ্ষণৰ উদাহৰণ), আৰু কিছুমানে কিনো যুক্তি দিলে একোৱেই আগ-গুৰি বুজি নাপালো- বুজাৰ প্ৰয়োজনবোধো নকৰিলো; মুঠতে সিহঁতৰ কথা এটাই-ধৰ্ষণ কৰাৰ লগে লগেই আমি সকলোৱে বাকি যি কৰো নকৰো, তাৰ ধৰ্ম নাই বুলি আগতে মানি ল’ব লাগে।

বচ! আৰে ভাই, ইমান দৰদ যেতিয়া ফেচবুকত সিহঁতৰ বিষয়ে একো নিলিখিব বুলি আমাক ধমকি দি থকাতকৈ এইবোৰ কাম নকৰিবি বুলি ভায়েৰহতঁকে যদি ধমকি দিলেহেঁতেন! আমি লিখা কথাবোৰৰ বিৰোধিতা কৰাতকৈ যদি সিহঁতৰ কামবোৰৰ বিৰোধিতা কৰিলেহেতেঁন!!!

(১৩) কেইদিনমান আগতে সাংবাদিক পৰাগমনি আদিত্য দাৰ এটা লেখা পঢ়ি গাৰ নোম শিয়ৰি গৈছিল। তেওঁ লিখিছিল কেনেকৈ সিহঁতৰ মবাইলত অশ্লীল ভিদিঅ’ৰ সমাহাৰ, ৰাতিপুৱা গাড়ীত গানৰ সলনি অশ্লীল কথোপকথন বাজে, কিদৰে অশ্লীল নৃত্যৰ অনুস্থান আয়োজন কৰে ইত্যাদি।

আশানুৰূপেই কেইজনমানে বিৰোধিতা কৰিছিল, কোনোৱে যদি ইমান গম্ভীৰ সমস্যা এটা তৰল কৰিবলৈ বলিউদটোচোন এইবোৰ হয় বুলি উৰুৱাই দিছিল, কোনোৱে আকৌ চিধা মিছা বুলিয়েই কৈ দিছিল। অথচ তথাপিও ঈদৰ দিনা দেখোন ছয়গাৱঁত পাশৱিকতাৰ নগ্ন প্ৰদৰ্শন!

rape

(১৪) ঘটনাবোৰ দেখি শুনি এইটো ঘটনা হওঁতে ইমানো আচৰিত হোৱা নাছিলো। পৰিস্থিতি যে ইয়াতকৈয়ো ভয়াবহ হ’বলৈ গৈ আছে আমি বহুতেই বুজি পাইছো। ঘটনাটোৰ ভয়াবহতা বুজিবলৈ বৰ বেছি উচ্চ শিক্ষিত হোৱাৰো প্ৰয়োজন নাই তথাপিও নিজকে বৰ হাই-ফাই পঢ়া-শুনা কৰি থকা বুলি জহাই থকালোকেও সেই বৰ্বৰ পশুকেইটাৰ কথা একো নোকোৱাকৈ দোষ আচলতে শিল্পীদলটোৰহে বুলি কৈ আকৌ ভায়েকহতঁৰ পাশৱিক মানসিকতাক সাৰ-পানী দিয়া দেখিলো।

ধুই! শিল্পীৰ দলটোৱে মিছাকে কৈছে হেনো, তাৰ স্থানীয় কোনোবাই ক’লে হেনো তাত তেনেকুৱা একো হোৱা নাছিল। নাম, পৰিচয়বিহীন স্থানীয় কোনোবা!! অহ ফেচবুকৰ যতে ততে দিয়া মহৎলোকৰ কমেণ্টবোৰ আছেই যেনে- ধৰ্ষণটো নহল ন, ইমান হুলস্থুলৰ কি প্ৰয়োজন; চিনেমাত চানী লিয়নী উলাওতেটো প্ৰতিবাদ নকৰে, আমৰ ল’ৰাকেইটাই অলপ এঞ্জয় কৰিব খোজোতে অকল কিয় প্ৰতিবাদ। হায় মোৰ অসম দেশ!!

(১৫) বহুত কিবা লিখিম ভাবিছিলো। লিখিলেনো কি হ’ব, এইচামক কোনেনো সলনি কৰিব, সিহঁতৰ শিক্ষিত এচামেচোন অকল ফেচবুকত তেওঁলোকৰ দোষ দেখাবোৰৰ লগত কাজিয়া কৰে আৰু সিহঁতৰ ভুলবোৰ গাপ দিবলৈ মৰি-পৰি লাগে, তেতিয়াহ’লে কোনে শিকাব সিহঁতক মানুহ হৈ জীয়াই থাকিবলৈ?

চৰকাৰে জানো কিবা পদক্ষেপ ল’ব? এন।আৰ।চি অফিচৰ অদ্ভুত অদ্ভুত জনস্ংখ্যা বিষ্ফোৰণৰ প্ৰমাণ ফটোসহ দেখিছো তথাপিও সিহঁতৰ জনসংখ্যা বৃদ্ধি হোৱাই নাই বুলিও তালফাল লগোৱা কেইটামান উলাব আৰু ধৰ্ষণকাৰীৰ সমৰ্থককেইটাই মিছাতে টাইমলাইনত, ইনবক্সত আহি জাবৰ পেলাই থাকিবহি।

#বিঃদ্ৰঃ– ডবকা কাণ্ডৰ ভূক্তভোগীয়েও কিন্তু বোৰ্খা পৰিধান কৰি আছিল। —মতামতৰ নামত জাবৰ জোথৰ নেপেলাব।

[নৰপিশাচ কেইটাৰ ফটো ছচিয়েল মিডিয়াত দেখিছো। দেখিয়েই ঘৃণা ওপজিছে। মোৰ বৰমাহঁতো মুছলমান। তেওঁলোক অসমীয়া। ইহঁতবোৰ নহয়। আৰু এটা কথা, সেইদিনা কোনোবাই ফেচবুকত হুংকাৰ দিয়া কমেণ্ট এটা দেখিলো যে ১৯৭১ ৰ আগত অহাসকলৰ লগত বাংলাদেশী শব্দটো যেন নলগাই কোনেও। অসম আন্দোলনত ৮৫৫ জন শ্বহীদে প্ৰাণ দিছিল, তেওঁলোকৰ বলিদানৰ শপত, কেতিয়াও মানি নলওঁ যে ‘৭১ আগত আহিল বুলিয়েই যে তেওঁলোক বাংলাদেশী নহয়।]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: ধৰ্ষণকাৰী
PAHARI BARUAH

PAHARI BARUAH

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
June 6, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

June 4, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 31, 2026
Is this the value of the human being? Passing breaking news?

Is this the value of the human being? Passing breaking news?

May 30, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 28, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
বজালী আৰু বজেইলা ৰাজনৈতিক ফুটবল নহয়!

Building a Climate-Resilient Future: World Environment Day 2026 and the Rise of a Green Campus Revolution

June 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

June 5, 2026
Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

June 5, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    33992 shares
    Share 13596 Tweet 8498
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15167 shares
    Share 6067 Tweet 3792
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    644 shares
    Share 258 Tweet 161
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    532 shares
    Share 213 Tweet 133
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3508 shares
    Share 1403 Tweet 877
  • মাধৱদেৱৰ সাহিত্যকৃতি

    694 shares
    Share 278 Tweet 174
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1012 shares
    Share 405 Tweet 253
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3801 shares
    Share 1520 Tweet 950
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6594 shares
    Share 2638 Tweet 1649
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d