–তনয় চক্ৰৱৰ্তী |
জুৰিখৰ পৰা পোৱা বাতৰি অনুসৰি জুৰিখৰ ইমিউনোলজিস্ট, ভাৰত উপমহাদেশ বংশোদ্ভূত বিজ্ঞানী সাই ৰেড্ডীয়ে কোভিড-১৯-অৰ সলনি কোভিড-২২ নামে “চুপাৰ ভেৰিয়েন্ট”ৰ বিষয়ে সদৰি কৰিছে। ভাইৰোলজিস্ট ডা° ৰেড্ডীয়ে যোৱা প্ৰায় দুই দশক ধৰি বিভিন্ন ভাইৰাছৰ গতি-প্ৰকৃতিক লৈ কাম কৰি আহিছে। একাধিকবাৰ তেওঁৰ গৱেষণাই আন্তৰ্জাতিক স্বীকৃতিও পাইছে। তেওঁ হঠাৎ কোভিড-২২-অৰ বিষয়ে কোৱাৰ পিছত চিন্তাৰ উদ্ৰেক হৈছে বিভিন্ন দেশত। কাৰণ ইতিমধ্যে কৰ’নাৰ ডেল্টা ভেৰাইটিয়ে যি নাকনি-কাননি কৰিছে, সেয়া এতিয়াও বাহাল আছে। তৃতীয় ঢৌৰ বিষয়ে ভাৰতবৰ্ষত ইতিমধ্যে বিশদ চৰ্চা হৈ আছে। এনে অৱস্থাত কোভিড-২২ !!
ডা° ৰেড্ডীয়ে তেওঁৰ গৱেষণাৰ জৰিয়তে কৈছে যে ‘কৰ’নাৰ মিউটেন্টসমূহে যদি কোনোপ্ৰকাৰে পুনৰ শক্তি সঞ্চয় কৰি পুৰণি ৰূপেৰে প্ৰত্যাৱৰ্তন কৰে, তেনেহ’লে আলফা, বিটা, ডেল্টা ষ্ট্ৰেইনতকৈও বহুত বেছি ভয়ংকৰ হৈ পৰিব সেই মিউটেন্ট।’ কোভিডে যে সহজে বিদায় গ্ৰহণ নকৰে, সেই সম্পৰ্কে বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশক টেড্ৰচ আধানাম গেব্ৰিয়াচুচ-এ আগতেই জনাইছিল। তেওঁ কৈছিল যে বিশ্বৰ কোনো এটা প্ৰান্তৰ মানুহেও যদি টিকা নোপোৱাকৈ থাকে, তাৰে ফল সমগ্ৰ বিশ্বই ভুগিব লাগিব। টেড্ৰচ-অৰ সেই সুৰ এইবাৰ ৰেড্ডীৰ কন্ঠতো শুনা গ’ল। ডা° ৰেড্ডীয়ে তীব্ৰ আশংকা কৰি কৈছে যে এতিয়াও ভাৰতৰ গাওঁ অঞ্চলত আৰু দুৰ্গম স্থানসমূহত টিকাকৰণৰ কামেই আৰম্ভ হোৱা নাই। সেইবাবে টিকা নোলোৱাকৈ থকা সকলতকৈও টিকা লোৱাসকলৰ জীৱনৰ সংশয় বাঢ়িছে। কাৰণ কৰ’নাৰ ভেৰিয়েন্ট মানৱশৰীৰত এন্টিবডি হিচাপে থকা সময়ত শক্তি আহৰণ কৰি পেলাইছে। এই পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ হ’লে টিকাকৰণৰ কাম সচেতনভাৱে সম্পূৰ্ণ কৰিবই লাগিব। কাৰণ ভাইৰাছৰ কৰ্মই হ’ল অৱস্থা আৰু সময়ৰ লগে লগে নিজৰ চৰিত্ৰ পৰিৱৰ্তন কৰা। যি ডেল্টা ষ্ট্ৰেইনক আমি ভয় কৰি আছো, সেই ডেল্টা ষ্ট্ৰেইনে নিজৰ চৰিত্ৰ ইতিমধ্যে সলনি কৰি পেলাইছে – মিউটেশ্বনৰ কাৰণে। এতিয়া সি মাথো শক্তি সঞ্চয়ৰ অপেক্ষা কৰি আছে।
কোভিড-১৯-অৰ তুলনাত কোভিড-২২ কিয় ইমান অধিক ঘাতক হৈ পৰিব, সেই বিষয়ে ব্যাখ্যা দিছে অইন এজন ভাইৰোলজিস্ট ডা° গৌতম জোৱাৰদাৰ-এ। তেওঁ কৈছে,’কোভিড-১৯ যেতিয়া আহিছিল, তেতিয়া কোভিডৰ কোনোধৰণৰ মিউটেশ্বন হোৱা নাছিল। কিন্তু এতিয়া কোভিড সম্পূৰ্ণৰূপে হৈ পৰিছে মিউটেন্ট জিন! আৰু মিউটেন্ট জিন কেতিয়াও তাৰ পুৰণি জিনৰ দৰে নহয়। পৰিৱেশৰ লগত খাপ খাই খাই মিউটেন্ট জিন-এ অধিকতৰ শক্তি সঞ্চয় কৰি লয়।’
এই সম্পৰ্কে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ক্ৰিচ্ স্মিথ-এ কৈছে যে কৰ’না মহামাৰী এতিয়াও শেষ হোৱা নাই, সংক্ৰমণ কমিলেও নতুন ৰূপত বাৰম্বাৰ উভতি আহিয়েই আছে কৰ’না, গতিকে সাৱধান!