• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, August 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

ASSAMESE SECTION / Medical

by Dr. MUKUL SARMA
March 8, 2026
in Health, ASSAMESE SECTION, Lifestyle, Medical
Reading Time: 4 mins read
0
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?
Share on FacebookShare on TwitterShare on LinkedIn

কোষ্ঠকাঠিন্য– এটি ৰোগ নে?

ডা. মুকুল শৰ্মা

Dr Mukul Sarma
ডা. মুকুল শৰ্মা

কিছুমান স্বাস্থ্য সমস্যা প্ৰত্যক্ষ ভাবে আমাৰ জীৱনশৈলী আৰু খাদ্যাভাসৰ লগত জড়িত।

এই সমস্যাবিলাকৰ ভিতৰত কোষ্ঠকাঠিন্যও এটা।

আমাৰ শৰীৰৰ বেছিভাগ বেমাৰ আমাৰ পেটৰ পৰাই আৰম্ভ হয় আৰু আমি যিবিলাক খাদ্য সেৱন কৰো তাৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ স্বাস্থ্যৰ ওপৰত পৰে। কিন্তু আমি বেছিভাগ মানুহে এই কথাতো ভাবি নাচায় যিহকে পাওঁ তিহকে খাই ফুৰো। বৰ্তমান আমাৰ সমাজত প্ৰাশ্চাত্য সভ্যতাৰ প্ৰভাৱ বাৰুকৈয়ে পৰা দেখা গৈছে আৰু ইয়াৰ সকলোতকৈ অধিক তথা ভয়ানক প্ৰভাৱ পৰিছে আমাৰ খাদ্যাভাসৰ ওপৰত।

আজিকালি আমি বেছিভাগ লোকেই বাহিৰত খাদ্য খোৱা পছন্দ কৰো আৰু ৰেষ্টোৰেণ্ট, হোটেল ইত্যাদিত গৈ আমাৰ অৰ্ডাৰ হয় বাৰজাৰ, পিজ্জা, চাওমিন, ফ্ৰেন্চ ফ্ৰাই ইত্যাদি। যিহেতু এই খাদ্যবোৰ অধিক কেলৰিযুক্ত হয় আৰু আঁহযুক্ত নহয় ফলত এই খাদ্য নিয়মিত ৰূপে সেৱনৰ ফলত শৰীৰত বিভিন্ন ধৰণৰ ৰোগ তথা সমস্যা হোৱা দেখা যায়।

কোষ্ঠকাঠিন্যৰ বিষয়ে সকলোৱে জ্ঞাত। কোষ্ঠকাঠিন্য

সাধাৰণতে ভাৰতীয় মানুহে দৈনিক মলত্যাগ কৰে। আনহাতে ইউৰোপীয় মানুহৰ সপ্তাহত তিনিবাৰ মলত্যাগ কৰাতো এটা স্বাভাৱিক অৱস্থা।

যদিও কোষ্ঠকাঠিন্য এটা সুকীয়া বেমাৰ নহয় অন্য বেমাৰৰ ফলত লক্ষণ হিচাপে দেখা দিয়ে কিন্তু বৰ্তমান সময়ত ই এটা সচৰাচৰ দেখা পোৱা বেমাৰৰ ৰূপ লৈছে।  প্ৰত্যেক দুজন মানুহৰ ভিতৰত এজনৰ এই সমস্যাটো আজিকালি দেখা পোৱা যায়।

কোষ্ঠকাঠিন্যতা (constipation) এটি ৰোগ নে?
কোষ্ঠকাঠিন্যৰ লক্ষণ

তলত দিয়া লক্ষণসমূহ থাকিব পাৰে:

*কমকৈ পায়খানা হোৱা

*মলত্যাগ কৰিবলৈ কষ্ট হোৱা বা খুব জোৰ লগাব লগা হোৱা

*টান বা অতি কম পৰিমানৰ পায়খানা

*এনেকুৱা অনুভৱ হোৱা যে মলত্যাগৰ পিছতো পেট সম্পূৰ্ণৰূপে খালি হৈ যোৱা নাই।

*পেট ফুলি যোৱা আৰু পেটৰ বিষ

কাৰণ – কোষ্ঠকাঠিন্যৰ কাৰণক মূলতঃ দুই ভাগত ভাগ কৰা হৈছে:

১) যান্ত্ৰিক বা mechanical

আৰু

২) ক্ৰিয়াত্মক বা functional

*যান্ত্ৰিক কাৰণৰ ভিতৰত পাচন নলী বা মলবাহী নলীত হোৱা কোনো বাধাগ্ৰস্ততাৰ ফলত হোৱা কোষ্ঠকাঠিন্যতাক বুজা যায়। এনে বাধাগ্ৰস্ততা বহুতো কাৰণত হব পাৰে মলবাহী নলীৰ ৰাস্তাত থকা anal sphincter muscle ত হোৱা কোনো বাধাগ্ৰস্ততা, অন্ত্ৰত হোৱা যক্ষ্মা ৰোগ, অন্ত্ৰত হোৱা কোনো কৰ্কট ৰোগৰ ফলত হোৱা কোনো বৃদ্ধি (growth), পাইলচ্ বা অৰ্শৰোগৰ ফলতো পায়খানাৰ ৰাস্তা ফুলি উঠি পায়খানা হোৱাত বাধা হব পাৰে।

*ক্ৰিয়াত্মক কাৰণৰ ভিতৰত তলত কেইটামান উল্লেখ কৰা হ’ল –

-খাদ্যাভাসৰ পৰিবৰ্তন বা নিজৰ দৈনন্দিন কাৰ্য্যকলাপৰ পৰিবৰ্তন।

-পৰ্যাপ্ত পানী আৰু আঁহজাতীয় খাদ্য সেৱন নকৰা।

-যথেষ্ট পৰিমাণে গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী খাদ্য সেৱন কৰা।

-শাৰীৰিক সক্ৰিয়তাৰ অভাৱ

-পায়খানাৰ গতি ৰোধ কৰা

-মানসিক চাপ

-জুলাপ (laxative) সৃষ্টিকাৰী ঔষধৰ অধিক প্ৰয়োগ

-কিছুমান ঔষধৰ সেৱনৰ ফলত (বিশেষকৈ বিষ নিবাৰক ঔষধ অপিঅইডছ, নাৰ্কটিক, আইৰণৰ বড়ি, মানসিক বেমাৰৰ কিছুমান ঔষধ ইত্যাদি)

-কেলচিয়াম আৰু এলুমিনিয়াম যুক্ত এন্টাচিড (antacid) বা এচিডিটি নিবাৰক ঔষধৰ অধিক প্ৰয়োগ।

-অত্যধিক গেছ উৎপন্নকাৰী খাদ্য সেৱন

-Irritable bowel syndrome

-পাচনতন্ত্ৰৰ মাংসপেশী বা স্নায়ুৰ সমস্যা

-গৰ্ভাৱস্থা

-কিছুমান স্নায়ুৰোগ যেনে-পাৰ্কিনচন, Multiple sclerosis

-হাইপোথাইৰয়ডিজম

-বৃদ্ধাৱস্থা ।বৃদ্ধাৱস্থাত অন্ত্ৰৰ ভিতৰত থকা শ্লেষ্মাৱৰন শুকাই যায় যাৰ ফলত পায়খানা ওলাই অহাত অসুবিধা হয়।

কোষ্ঠকাঠিন্যতা (constipation) এটি ৰোগ নে?

কোষ্ঠকাঠিন্য নিৰুপনৰ মাপকাঠী –

এজন মানুহৰ কোষ্ঠকাঠিন্য নিৰ্ণয় কৰিবলৈ সাধাৰণতে তলত দিয়া লক্ষণ বা স্বৰ্ত সমূহ প্ৰযোজ্য হোৱাতো দৰকাৰ।

তলৰ লক্ষণ সমূহৰ দুটা বা ততোধিক লক্ষণ অতি কমেও তিনি মাহ ধৰি উপস্থিত থাকিলে সেই মানুহ জনৰ কোষ্ঠকাঠিন্যতা হোৱা বুলি ধৰা হয়।

*স্বাভাৱিক মলত্যাগৰ সময়ত দিব লগা জোৰ বা হেচাতকৈ অতি কমেও ২৫ % বেছি জোৰ দিব লগীয়া হোৱা।

*স্বাভাৱিক পায়খানাতকৈ অতিকমেও ২৫% টান পায়খানা হোৱা।

*মলত্যাগ কৰাৰ পিছতো অতি কমেও ২৫% পায়খানা ৰৈ যোৱাৰ নিচিনা অনুভৱ হোৱা।

*সপ্তাহত তিনি বাৰতকৈ কম পায়খানা হোৱা।

*অতি কমেও ২৫% পায়খানা মলবাহী নলীত বাধাপ্ৰাপ্ত হৈ অৱৰুদ্ধ হৈ থকা।

#প্ৰতিৰোধ :- বহু ক্ষেত্ৰত কোষ্ঠকাঠিন্যতা তলত দিয়া নিয়মবোৰৰ পালনৰ দ্বাৰা প্ৰতিৰোধ কৰিব পৰা যায়।

*সদায় সমতুল্য আহাৰ গ্ৰহণ কৰিব লাগে। লগতে আঁহযুক্ত খাদ্য বেছিকৈ সেৱন কৰিব লাগে। যেনে- ফলমূল, শাক পাচলি, মাহজাতীয় শস্য ইত্যাদি।

*পৰ্যাপ্ত কুহুমীয়া গৰম পানী সেৱন কৰিব লাগে।

*কেফেইনযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে।

*ময়দাৰ দ্বাৰা বনোৱা খাদ্য, বেকাৰীৰ খাদ্য, পেকেটৰ খাদ্য, বাহী খাদ্য, অধিক পৰিমাণৰ গাখীৰৰ দ্বাৰা বনোৱা খাদ্য সেৱন কৰিব নালাগে ।

*দৈনিক  ব্যায়াম কৰা উচিত।

*যেতিয়াই মলত্যাগৰ প্ৰবৃত্তি আহে মলত্যাগ কৰিব লাগে।

*বজাৰত উপলব্ধ কিছুমান বিৰেচক বা জুলাপ উৎপন্নকাৰী ঔষধ চিকিৎসকৰ পৰামৰ্শ নহোৱাকৈ অধিক দিন খোৱা অনুচিত।

আয়ুৰ্বেদিক দৃষ্টিভংগী :-

আয়ুৰ্বেদত কোষ্ঠকাঠিন্যতা মূখ্যতঃ দুটা কাৰণত হোৱা বুলি কোৱা হৈছে। অগ্নিবল বা হজম শক্তি কমি যোৱাৰ ফলত আৰু যিকোনো কাৰণত অন্ত্ৰত বায়ু প্ৰকূপিত হোৱাৰ ফলত। আমাৰ শৰীৰৰ অগ্নিবল বা হজম শক্তি কমি যায় মূখ্যতঃ চাৰিটা অনিয়মৰ ফলত।

যেনে – সঠক গুণাগুণ সম্পন্ন খাদ্য নখোৱাৰ ফলত। আজিৰ মানুহে প্ৰাকৃতিক বা জৈৱিক খাদ্য খাবলৈ পাহৰি গৈছে । তাৰ পৰিবৰ্তে সংশ্লেষিত ৰাসায়নিক পদাৰ্থযুক্ত খাদ্য সেৱন কৰাৰ ফলত হজম শক্তিৰ বাধাগ্ৰস্ততা হয়।

দ্বিতীয়তে খাদ্য যদি সঠিক পৰিমানত খোৱা নাযায় ইও হজম শক্তিৰ হানি বিঘিনি ঘটায়। যদি কোনো খাদ্যবস্তু খুব সোৱাদযুক্ত হয় তেন্তে তাক পাৰ্য্যমানে খাবলৈ চেষ্টা কৰো আৰু খাদ্যবস্তু সোৱাদযুক্ত নহ’লে শৰীৰৰ প্ৰয়োজন অনুপাতেও সেৱন নকৰো যাৰ ফলত হজম শক্তিৰ হানি হয়।

তৃতীয়তে খাদ্যৰ মিশ্ৰণ বা একেলগে খোৱা খাদ্যৰ প্ৰকাৰৰ ওপৰতো হজম শক্তি হানি বা বৰ্দ্ধন নিৰ্ভৰ কৰে। যেনে- গৰিষ্ঠ ভোজন কৰি উঠিয়েই শীতল পানীয় সেৱন কৰা, কোনো আমিষ খাদ্য খাই উঠি গাখীৰৰ সেৱন কৰা, বিয়া আদি পাৰ্টীবোৰত ২০-৩০ ধৰণৰ খাদ্য একেলগে সেৱন কৰা ইত্যাদি কাৰণত আমাৰ হজম শক্তি কমি যায় কাৰণ এনেকুৱা খাদ্যৰ মিশ্ৰণক মাৰাত্মক মিশ্ৰণ বা killing combination বুলি কোৱা হয়।

চতুৰ্থতে আমি সথিক সময়ত খাদ্য গ্ৰহণ নকৰিলেও আমাৰ হজম শক্তিত প্ৰভাৱ পৰে। আজিৰ এই ব্যস্ততাপূৰ্ণ জীৱনত মানুহে সময় অনুযায়ী খাদ্য খোৱাৰ অভ্যাস নহোৱা হৈ গৈছে। কিন্তু আমাৰ শৰীৰৰ পাচন তন্ত্ৰৰ পৰা এটা নিৰ্দিষ্ট সময়ৰ অন্তৰালত এটা জৈৱিক ঘড়ীৰ নিচিনা পাচক ৰস সমূহ ক্ষৰণ হয় আৰু ফলত এটা নিৰ্দিষ্ট সময়ৰ অন্তৰালত আমাৰ ভোক লাগে আৰু তেতিয়াই আমি খাদ্য খোৱা উচিত।

যদি সেই নিৰ্দিষ্ট সময়ত আমি খাদ্য সেৱন নকৰো নিঃসৰিত পাচক ৰস তথা হাইড্ৰক্লৰিক এচিডৰ প্ৰভাৱত পাকস্থলীৰ শ্লেষ্মাৱৰন আক্ৰান্ত হৈ গেষ্ট্ৰাইটিচৰ সৃষ্টি হয়।

খাদ্য খোৱাৰ এই অনিয়মিতাৰ বাবে অকল যে কোষ্ঠকাঠিন্যতাৰ সৃষ্ট হব তেনে নহয় আমাৰ শৰীৰৰ প্ৰায়ভাগ বেমাৰ ইয়াৰ পৰাই সৃষ্টি হয়।

ইয়াৰ উপৰিও অশুদ্ধ জীৱনশৈলী তথা বাত প্ৰকোপক আহাৰৰ বাবে আমাৰ অন্ত্ৰত বায়ু প্ৰকূপিত হৈও কোষ্ঠকাঠিন্যতাৰ সৃষ্টি কৰিব পাৰে।

আয়ুৰ্বেদিক চিকিৎসা :-

যিহেতু কোষ্ঠকাঠিন্য এটা নিজেই বেমাৰ নহয় ই অন্য বেমাৰৰ এটা লক্ষণ হিচাপেহে দেখা দিয়ে। গতিকে যিটো বেমাৰৰ বাবে ইয়াৰ সৃষ্টি হৈছে সেই বেমাৰৰ চিকিৎসা কৰা উচিত। তথাপি কিছুমান ক্ষেত্ৰত লক্ষণ অনুযায়ী কিছুমান ঔষধ প্ৰয়োগ কৰা হয়।

যেনে- অভয়াৰিষ্ট, কুমাৰীআসৱ, অবিপত্তিকৰ চূৰ্ণ, অভয়া চূৰ্ণ, হৰিতকী চূৰ্ণ, স্বাদিষ্ট বিৰেচন চূৰ্ণ, ত্ৰিফলা চূৰ্ণ তথা ৰস, এলোভেৰা ৰস, ইচবগোল, পঞ্চসকাৰ চূৰ্ণ, এৰণ্ড তেল ইত্যাদি ।কিন্তু এই সকলোবোৰ ঔষধ চিকিৎসকৰ পৰামৰ্শ অনুসৰি সেৱন কৰা উচিত।

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: কোষ্ঠকাঠিন্যতা
Dr. MUKUL SARMA

Dr. MUKUL SARMA

Related Posts

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ
Climate Change

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

by Jharna Sarma Dev Choudhury
August 16, 2026
0

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ ঝৰ্ণা শৰ্মা দেৱচৌধুৰী এনে এখন দেশ, যিখন দেশ হয়তো আৰু কেইবছৰমানৰ...

Read moreDetails
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

August 14, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
কচু শাকৰ গুণাগুণ

কচু শাকৰ গুণাগুণ

August 10, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d