• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 8, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ক্লেপ্ট’মেনিয়া : এক অনিয়ন্ত্ৰিত হেঁপাহ !!

Special Report

by Sanghamitra Kashyap
November 2, 2024
in Special Report
Reading Time: 4 mins read
0
ক্লেপ্ট’মেনিয়া : এক অনিয়ন্ত্ৰিত হেঁপাহ !!
Share on FacebookShare on TwitterShare on LinkedIn

ক্লেপ্ট’মেনিয়া(kleptomania) : এক অনিয়ন্ত্ৰিত হেঁপাহ

সংঘমিত্ৰা কাশ্যপ

Sanghamitra kashyap
সংঘমিত্ৰা কাশ্যপ

আমাৰ সমাজৰ বেছিভাগ মানুহেই ক্লেপ্ট’মেনিয়া শব্দটোৰ সৈতে পৰিচিত। ই  এক বিৰল, মানসিক স্বাস্থ্যৰ অৱস্থা।

ক্লেপ্ট’মেনিয়া হৈছে এনে এক মানসিক অৱস্থা য’ত ব্যক্তি এজনে বস্তু চুৰি কৰাৰ অনিয়ন্ত্ৰিত হেঁপাহ অনুভৱ কৰে।

ক্লেপ্ট’মেনিয়াৰ মূল বৈশিষ্ট্য হ’ল বস্তুবোৰৰ প্ৰয়োজন নহ’লেও বস্তু চুৰি কৰিবলৈ বাৰে বাৰে ইমপালছৰ ওপৰত হৈ থকা ক্ৰিয়া।

ক্লেপ্ট’মেনিয়াৰ লগত জড়িত অনুভৱ বোৰ হৈছে চুৰি কৰাৰ হেঁপাহ, চুৰি কৰাৰ আগতে উত্তেজনা আৰু চুৰি কৰাৰ সময়ত বা তাৰ লগে লগে সকাহ পোৱা। বিশেষজ্ঞসকলে ক্লেপ্ট’মেনিয়াক ইম্পলছ কণ্ট্ৰল ডিছঅৰ্ডাৰ হিচাপে শ্ৰেণীভুক্ত কৰিছে। ইয়াৰ চিকিৎসা প্ৰায়ে ঔষধ, থেৰাপী বা দুয়োটাৰে দ্বাৰা কৰা হয়।
ক্লেপ্ট’মেনিয়া : এক অনিয়ন্ত্ৰিত হেঁপাহ

  এই কথা আমি জনা উচিত যে ক্লেপ্ট’মেনিয়া ৰোগীয়ে ইচ্ছাশক্তিৰ অভাৱ, আত্মনিয়ন্ত্ৰণৰ অভাৱ বা চৰিত্ৰৰ ত্ৰুটিৰ বাবে চুৰি নকৰে। বৰঞ্চ এইটো এনে এক চিকিৎসাজনিত অৱস্থা য’ত এজন ব্যক্তিৰ চুৰি কৰাৰ ইচ্ছাক প্ৰতিহত কৰাৰ ক্ষমতা নাথাকে। ক্লেপ্ট’মেনিয়া ৰোগীয়ে চুৰি কৰাৰ বাবে অপৰাধবোধ, লাজ বা মানসিক চাপ অনুভৱ কৰাটো সাধাৰণ কথা।

বহুতে ইয়াৰ ক্ষতিপপূৰণ হিচাপে বস্তু নিজে উভতাই দিবলৈ চেষ্টা কৰা বা কৰবাত দান কৰি দিয়া দেখা যায়। ক্লেপ্ট’মেনিয়াৰ আৰম্ভণিৰ বয়স সকলোৰে বাবে বেলেগ বেলেগ হয়। ই শৈশৱ, কৈশোৰ বা প্ৰাপ্তবয়স্ক যিকোনো কালৰ পৰা আৰম্ভ হ’ব পাৰে। কিছু কিছু ক্ষেত্ৰত ই প্ৰাপ্তবয়স্কৰ শেষৰ ফালেও আৰম্ভ হ’ব পাৰে।

  ডি এছ এম-৫ৰ মতে ক্লেপ্ট’মেনিয়া ৰোগীয়ে সাধাৰণতে চুৰি কৰাৰ ইচ্ছাক প্ৰতিহত কৰিবলৈ চেষ্টা কৰে, আৰু তেওঁলোক সচেতন যে এই কাৰ্য্য ভুল আৰু অৰ্থহীন। ইয়াত ব্যক্তিজনে সঘনাই গ্ৰেপ্তাৰ হোৱাৰ আশংকা অনুভৱ কৰে আৰু প্ৰায়ে চুৰিৰ বাবে হতাশ বা নিজকে দোষী বুলি ভাৱে। সাধাৰণ জনসংখ্যাৰ প্ৰায় ০.৩–০.৬ শতাংশ লোকৰ ক্ষেত্ৰত ক্লেপ্ট’মেনিয়া দেখা দিয়ে।

 ক্লেপ্ট’মেনিয়া ৰোগীয়ে সাধাৰণতে চুৰিৰ পূৰ্ব পৰিকল্পনা নকৰে আৰু আনৰ লগত গোটত কাম নকৰে। তেওঁলোকে চুৰি কৰা বস্তুবোৰৰ সাধাৰণতে মূল্য কম আৰু ব্যক্তিজনে প্ৰায়ে সেইবোৰ নিজে ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকে।

  ক্লেপ্ট’মেনিয়াৰ মূল লক্ষণত এজন ব্যক্তিয়ে বস্তু বা বস্তু চুৰি কৰাৰ অপ্ৰতিৰোধ্য হেঁপাহ বা প্ৰয়োজন দেখা যায় । সেইটোত প্ৰায়ে তলত দিয়া এটা বা ততোধিক বিষয় জড়িত হৈ থাকে:

১) অপ্ৰয়োজনীয় বস্তুবোৰ চুৰি

২) চুৰি কৰাৰ আগতে এজন ব্যক্তিয়ে অদ্ভুত উত্তেজনা বা প্ৰত্যাশা অনুভৱ কৰা, তাৰ পিছত লগে লগে আনন্দ, সকাহ বা অন্যান্য ইতিবাচক আৱেগ অনুভৱ কৰা।

৩) ইতিবাচক আৱেগবোৰ এবাৰ ম্লান হৈ গ’লে ব্যক্তি জনে অপৰাধবোধ, লাজ বা অনুশোচনা অনুভৱ কৰা।

৪)  চুৰি হোৱা বস্তু পেলাই দিয়া, বা দান-বৰঙণি দিয়া।

৫) চুৰি কৰাটো অপৰিকল্পিত আৰু হঠাৎ সংঘটিত হোৱা। ক্লেপ্ট’মেনিয়া ৰোগত আক্ৰান্ত সকলে সদায় অকলেই  এই কাম কৰে।

৬) ক্লেপ্ট’মেনিয়া ৰোগী বেছিভাগ মানুহেই ৰাজহুৱা স্থান, যেনে দোকানৰ পৰা চুৰি কৰে। কিছুমানে বন্ধু বা চিনাকি মানুহৰ ঘৰৰ পৰা সৰু সুৰা বস্তু যেনে ফুলদানিৰ ফুল পাহ, ঘৰত ব্যৱহাৰ কৰা প্লেট আদি চুৰি কৰিব পাৰে আৰু লগতে নিজৰ কৰ্মক্ষেত্ৰত আনৰ ব্যৱহৃত বস্তু যেনে ৰুমাল, কলম  আদি সদায়েই চুৰ হয়টো এনে ৰোগী সকলে কৰিব পাৰে।

ক্লেপ্ট’মেনিয়া : এক অনিয়ন্ত্ৰিত হেঁপাহ

 ক্লেপ্ট’মেনিয়াৰ অন্তৰ্নিহিত কাৰণৰ  বাবে বিশেষজ্ঞ সকলে এতিয়াও গৱেষণা কৰি আছে। কিন্তু তেওঁলোকৰ মতে মগজুৰ জৈৱ ৰাসায়নিক আৰু স্নায়ুজনিত অস্বাভাৱিকতাৰ ফলত ইয়াৰ সৃষ্টি হয়। ক্লেপ্ট’মেনিয়া ৰোগী এজনৰ নিউৰ’ট্ৰান্সমিটাৰ চেৰ’টনিন আৰু ড’পামিনৰ ভাৰসাম্যহীনতা হ’ব পাৰে বুলি এতিয়া লৈকে ধাৰণা কৰা হৈছে। এই সম্ভাৱ্য কাৰণসমূহ সম্পূৰ্ণৰূপে বুজিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন। বিশেষজ্ঞৰ মতে আন কিছুমান কাৰণ হৈছে :

১) মগজুৰ অপিঅ’ইড ব্যৱস্থা : এই ক্ষেত্ৰত চুৰিৰ প্ৰতি আসক্তি আৰ্থিক বা বস্তুগতভাৱে লাভ কৰাৰ ইচ্ছাতকৈ মানসিক অৱস্থাৰ ওপৰত বেছি নিৰ্ভৰ কৰে। কাৰণ যেতিয়া এজন ব্যক্তিৰ  মগজুৰ অপিঅ’ইড ব্যৱস্থাটো ভাৰসাম্যহীন হয়, তেতিয়া ই চুৰি কৰাৰ প্ৰবল আগ্ৰহৰ সৃষ্টি কৰিব পাৰে, যাৰ লগে লগে উদ্বেগ, আৰু উত্তেজনাও বৃদ্ধি হয়।

২) আৱেগৰ মিশ্ৰণ:  এই ৰোগী সকলে চুৰি কৰাৰ পিছত লাভ কৰা আনন্দ আৰু সকাহ তেওঁলোকৰ বাবে এক বিশেষ আবেগ হৈ উঠে। সেয়েহে তেওঁলোকে বাৰে বাৰে এই কাম কৰিব বিচাৰে। কেতিয়াবা হয়টো ব্যক্তি এজনে কাৰ্য্যৰ পিছত অপৰাধবোধ বা অনুশোচনা অনুভৱ কৰিব পাৰে, কিন্তু তথাপিও মনৰ মাজত থকা চুৰি কৰাৰ সেই হেঁপাহ নিয়ন্ত্ৰণ কৰিবলৈ ই অক্ষম।

৩) নিচাযুক্ত বিকাৰ : চুৰি কৰিলে মগজুত ড’পামিন নামৰ ট্ৰেন্সমিটাৰ নিৰ্গত হ’ব পাৰে যিয়ে আনন্দদায়ক অনুভৱৰ সৃষ্টি কৰে। চুৰি কৰিলে এটা সুখদায়ক অনুভূতি উদ্দীপিত হয় ,  যিয়ে ব্যক্তি জনক সেই কাম বাৰে  বাৰে কৰিবলৈ আৱেগিক বা মানসিক ভাৱে প্ৰস্তুত কৰি  দিয়ে। চুৰিৰ লগত অহা হুলস্থুল তেওঁ যিমানেই উপভোগ কৰে সিমানেই তেওঁৰ জীৱনৰ কিছু আৱেগিক বা শাৰীৰিক শূন্যতা পূৰ্ণ হৈ উঠে ।

৪) পাৰিবাৰিক ইতিহাস: এই ক্ষেত্ৰত কিন্তু যদি পৰিয়ালৰ কোনো ব্যক্তিৰ আন কিছু মানসিক ৰোগ যেনে  অব্ছেছিভ-কম্পলচিভ ডিছঅৰ্ডাৰ, ক্লেপ্ট’মেনিয়া, বা দ্ৰব্য ব্যৱহাৰৰ বিকাৰত আছে তেনেহ’লে ঘৰৰ আন ব্যক্তিৰ বিশেষকৈ নিজৰ সন্তানৰ  ক্লেপ্ট’মেনিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।

kleptomaniac

 ক্লেপ্ট’মেনিয়া হোৱাৰ আন কাৰণ হৈছে নিজৰ ওপৰত কম আত্মবিশ্বাস , ঈৰ্ষা, হতাশা, খাদ্যাভ্যাসৰ বিকাৰ, আৰু সমনীয়াৰ হেঁচা। বিচ্ছিন্নতা আৰু বৰ্জনৰ দৰে সামাজিক বিষয়বোৰেও আৱেগিক শূন্যতাৰ সৃষ্টি কৰিব পাৰে,  যাৰ ফলত হয়টো নিজৰ স্বাধীনতা প্ৰমাণ কৰিবলৈ বা কাৰ্য্যৰ পৰা আনন্দ লাভ কৰিবলৈ এজন ব্যক্তি ইম্পলচিভ আচৰণৰ ফালে চাব পাৰে আৰু এই পৰিস্থিতি মোকাবিলা কৰাৰ ই এক পন্থা বুলি ভাবি ল’ব পাৰে ।

ক্লেপ্ট’মেনিয়াৰ চিকিৎসাত মনোচিকিৎসা আৰু মনোঔষধবিজ্ঞানৰ সংমিশ্ৰণ আছে। কাঞ্চেলিং বা চিকিৎসা কেতিয়াবা  এজন এজনকৈ হ’ব পাৰে বা কেতিয়াবা গোটৰ পৰিৱেশত হ’ব পাৰে। ই  ব্যক্তি বিশেষে বেলেগ বেলেগ হয়। কিন্তু যিকোনো পদ্ধতিৰ  ক্ষেত্ৰতে,  ক্লেপ্ট’মেনিয়াত থকা ব্যক্তি এজনক অন্তৰ্নিহিত মানসিক সমস্যাৰ সৈতে মোকাবিলা কৰাটোৰ ওপৰতেই অধিক গুৰুত্ব দিয়া হয়।

kleptomaniac

ইয়াৰে ভিতৰত জ্ঞানমূলক আচৰণ চিকিৎসা হৈছে আটাইতকৈ সাধাৰণ চিকিৎসা পদ্ধতি যদিও কিছুমান চিকিৎসকে মনোগতিশীল চিকিৎসা ব্যৱহাৰ কৰে। তাৰ বাহিৰে মগজুত চেৰ’টনিনৰ মাত্ৰা বৃদ্ধি কৰা চেলেক্টিভ চেৰ’টনিন ৰিআপটেক ইনহিবিটাৰ (SSRI) ক্লেপ্ট’মেনিয়াৰ চিকিৎসাৰ বাবেও ব্যৱহাৰ কৰিব পাৰি। 

ক্লেপ্ট’মেনিয়াৰ চিকিৎসাৰ বাবে কেতিয়াবা এভাৰচন থেৰাপী ব্যৱহাৰ কৰা হয়। সাধাৰণতে ব্যক্তিজনক ইচ্ছাকৃতভাৱে চুৰি কৰাৰ হেঁপাহৰ সৈতে অপ্ৰীতিকৰ কিবা এটা জড়িত কৰিবলৈ কোৱা হয়, যেনে চুৰি কৰাৰ হেঁপাহ আহিলেই ঘৃণনীয় কিবা এটা চিন্তা কৰিবলৈ নিজকে প্ৰশিক্ষণ দিয়া যেনে লেতেৰা জাবৰৰ গোন্ধ আদি।

kleptomaniac in a jewelry store

তাৰ বাহিৰেও এই চিকিৎসাত কেতিয়াবা প্ৰয়োজন অনুসৰি ঔষধ দিয়াৰো ব্যৱস্থা আছে কিন্তু সেয়া ব্যক্তি জনৰ পৰিস্থিতি আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব দি কৰা হয়।

ক্লেপ্ট’মেনিয়া এক মানসিক স্বাস্থ্যজনিত বিকাৰ। সেয়েহে যদি আপুনি কেতিয়াবা সন্দেহ কৰে যে আপোনাৰ কোনো ঘনিষ্ঠ বন্ধু বা পৰিয়ালৰ সদস্যৰ ক্লেপ্ট’মেনিয়া হ’ব পাৰে, তেন্তে সেই ব্যক্তিজনৰ আগত আপোনাৰ উদ্বেগ লাহে লাহে উত্থাপন কৰক। তেওঁক এই বিষয়ত সজাগ কৰি তোলক।

মনত ৰাখিব যে ক্লেপ্ট’মেনিয়া এজন ব্যক্তিৰ , চৰিত্ৰৰ ত্ৰুটি নহয়, গতিকে ব্যক্তিজনক কোনো বিচাৰ বা দোষ নিদিয়াকৈ তেওঁক বুজিবলৈ চেষ্টা কৰি সহায় কৰক। উপযুক্ত সময়ত সেই ব্যক্তি জনক উচিত চিকিৎসাৰ ব্যৱস্থা কৰক যাতে তেওঁ পুনৰ সুস্থ অৱস্থালৈ ঘূৰি আহিব পাৰে।

kleptomaniac in a departmental store

সংঘমিত্ৰা কাশ্যপ, মনোবিজ্ঞানী

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Sanghamitra Kashyap

Sanghamitra Kashyap

Related Posts

Soliloquy of a Song: The birth of Buku hom hom kore…
Special Report

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

by Editor
September 6, 2026
0

ভূপেন হাজৰিকা : মই বিধানসভাৰ সদস্য কিয় হৈছিলো ? ড° ভূপেন হাজৰিকা সক্রিয় ৰাজনীতি অর্থাৎ বিধান সভাৰ সদস্য হৈ মন্ত্রী...

Read moreDetails
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 3, 2026
flood

Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

September 2, 2026
Khanikar Puthi

Khanikar Puthi

September 1, 2026
চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

August 29, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026
NEPAL: What if the mud is already here?

NEPAL: What if the mud is already here?

September 7, 2026
The River That Sang Through Bhupen Hazarika

The River That Sang Through Bhupen Hazarika

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40591 shares
    Share 16236 Tweet 10148
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18865 shares
    Share 7546 Tweet 4716
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3994 shares
    Share 1598 Tweet 999
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    950 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    151 shares
    Share 60 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4079 shares
    Share 1632 Tweet 1020
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d