• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 15, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

ASSAMESE SECTION / History /Special Report

by Editor
May 16, 2025
in ASSAMESE SECTION, News
Reading Time: 6 mins read
0
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
Share on FacebookShare on TwitterShare on LinkedIn

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

অৰ্ধেন্দু নাৰায়ণ দেৱ

Ardhendu N Dev
অৰ্ধেন্দু নাৰায়ণ দেৱ

সেই উনবিংশ শতিকাৰ শেষৰ ফালৰ পৰা বিংশ শতিকাৰ মাজভাগলৈ হোৱা ক্ষত্ৰিয় আন্দোলনৰ বিষয়ে অসমত চৰ্চা নায়েই বুলিলেও ভুল কোৱা নহ’ব। সেই সময়ৰ সামাজিক পৰিস্থিতি বা সেই সংগ্ৰামৰ বিষয়ে চৰ্চা হোৱা উচিত। তেতিয়াহে বহু নতুন দিশ উন্মোচিত হ’ব। ৰাজবংশী ক্ষত্ৰিয় সকলৰ সঠিক ইতিহাস চৰ্চাও সম্ভৱপৰ হৈ উঠিব।

উচ্চবৰ্ণৰ ক্ষত্ৰীয়ত্বৰ মৰ্যদা পোৱাৰ লিস্পাত ৰাজবংশী সকলৰ মাজত পাতনি মেলিছিল এটি বৰ্ণ ভিত্তিক সংগ্ৰামৰ। এই পৰ্যায়ৰ দুটা দিশ আছে: এটা হৈছে আৰ্যকৰণ আৰু আনটো হৈছে সাম্প্ৰদায়িকতা। ঔপনিবেশিক বাংলাত ক্ষত্ৰিয় বা ক্ষাত্ৰ আন্দোলন এটি ঐতিহাসিক ঘটনা।

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন
ক্ষত্ৰিয় আন্দোলনৰ মূল নেতা তথা ৰাজবংশী সকলৰ জাতিৰ পিতাৰ প্ৰতিমূৰ্তি। স্থান: গৌৰিপুৰ, ধুবুৰী জিলা, অসম

এই আন্দোলনৰ সুত্ৰপাত হৈছিল ১৮৯১ খ্ৰীষ্টাব্দত, দ্বিতীয় পৰ্যায় আৰাম্ভ হৈছিল ১৯০১ খ্ৰীষ্টাব্দত আৰু তৃতীয় পৰ্যায় ১৯০১ খ্ৰীষ্টাব্দৰ পৰা ১৯১২ খ্ৰীষ্টাব্দৰ ১০ ফেব্ৰুৱাৰীলৈকে। ইয়াৰ আলোচনা পৰ্যায়ক্ৰমে কৰা হৱ।

ৰাজবংশী সকলৰ পৰিচয়ঃ ৰাজবংশী শব্দটো সংস্কৃত মূলৰ। ৰাজবংশী সকল পৌণ্ড্ৰদেশৰ বাসিন্দা আছিল। ৰাজবংশী চৰিত্ৰ পৌণ্ড্ৰ চৰিত্ৰেৰ অনুৰূপ আৰু ভাষা সংস্কৃত মূলক। ৰাজবংশীয়েৰা আত্মপৰিচয় দেন যে ‘আমৰা ক্ষত্ৰিয়’। পৰশুৰামেৰ ভয়ে সংস্কাৰ ত্যাগ কৰিয়া শূদ্ৰ-ভাবাপন্ন হইয়াছি; তজ্জ ন্য আমৰা ‘ভঙ্গক্ষত্ৰি’ এবং উপবীত কোমৰে ঘূঞ্চাৰূপে ব্যবহাৰ কৰিতেছি (অম্বিকাচৰণ চৌধুৰী ৰচনাৱলী, প্ৰথম খণ্ড, সম্পা; হাইদৰ হুছেইন, অসম প্ৰকাশন পৰিষদ, নভেম্বৰ,২০১৩, পৃষ্ঠা-৩১)।

RelatedPosts

Boeing’s Safety Under Scrutiny: Are Its Aircraft Still Reliable After Repeated Incidents?

Boeing’s Safety Under Scrutiny: Are Its Aircraft Still Reliable After Repeated Incidents?

June 13, 2025
Crash of Air India Flight AI171 Ignites Global Concerns Over Aviation Safety

Crash of Air India Flight AI171 Ignites Global Concerns Over Aviation Safety

June 13, 2025
Data breach and masking of data

তথ্য-শোষণ ! আমাৰ তথ্য–আমাৰ অধিকাৰ

June 13, 2025

‘উত্তৰবঙ্গেৰ ৰাজবংশী’ (চাৰুচন্দ্ৰ সান্যাল, অনু: তৃপ্তি সান্ত্ৰা, ডিচেম্বৰ ২০১৭) পৃষ্ঠা-২৫:- ৰাজবংশীদেৰ আদি কেন্দ্ৰ অবশ্যই দ্ৰাবিড়ীয়। ও মেলীৰ মতে- বাঙালী নাৰী এবং বাৰ্মিজ পুৰুষ অথৱা আৰও সাধাৰণ ভাবে বললে আৰাকান মা আৰ বাঙালি বাবাৰ সন্তানৰাই হচ্ছেন ৰাজবংশী। তিনি ৰিপোৰ্টে জানাচ্ছেন, ‘জন্মগত ভাবে ক্ষত্ৰিয় এই দাবিতে উত্তৰ বঙ্গেৰ ৰাজবংশীৰা সবচেয়ে লাগাতাৰ আন্দোলন চালিয়েছিলেন।’ ‘ৰাজবংশী সমাজজীবন ও সংস্কৃতিৰ ইতিহাস’ (ৰণজিৎ দেৱ, তুহিনা প্ৰকাশনী,৩০/৬/২এ, মদন মিত্ৰ লেন, কলকাতা-৭০০০০৬, ০১ অক্টোবৰ ২০২১) পৃষ্ঠা-১৯,২১: ‘বিষ্ণুপন্থী ৰাজবংশীৰা দ্ৰাবিড়ীয়।

১৮৭২ সালে কোচবিহাৰ তদানীন্তন ডেপুটি-কমিশনাৰ ক্যাপ্তান Lewin মন্তব্য কৰেছেন: ভূটান-ডুয়াৰ্স অধিবাসী মেচ উপজাতিৰ সঙ্গে দক্ষিণ ভাৰতীয় হিন্দুদেৰ পাৰস্পাৰিক বৈবাহিক সংমিশ্ৰণেৰ ফলে ৰাজবংশী জাতিৰ উদ্ভৱ।’ ‘উত্তৰবঙ্গেৰ ভাষা প্ৰসঙ্গ’ (ড: নিৰ্মল দাশ, সাহিত্য বিহাৰ ১বি, মহেন্দ্ৰ শ্ৰীমানী স্টিট, কলকাতা-৯, অক্টোবৰ ২০১৬, পৃ-১২৩): ‘অন্যদিকে সৰকাৰি কাগজপত্ৰে দেখা যায়, দক্ষিনবঙ্গেও ৰাজবংশী নামধেয় জাতি আছেন, এঁৰা মূলত মৎস্যজীবী এবং ভাষাৰ দিক থেকে ৰাঢ়ী-উপভাষী।’

ড: মাধৱ চন্দ্ৰ অধিকাৰীৰ ‘ৰাজবংশী সমাজ ও মনীষী পঞ্চানন বৰ্মা’, প্ৰথম খণ্ড (পাইকন পাবলিকেশন, ভেটাগুড়ি, কুচবিহাৰ, ২০২১, পৃ-৩৪, ১২১): ‘ৰাজবংশীৰা ছিলেন দ্ৰাবিড় গোষ্ঠীৰ লোক বা পৌণ্ড্ৰ ক্ষত্ৰিয় যাদেৰ আদি বাসভূমি ছিল পৌণ্ড্ৰবৰ্দ্ধন। তাৰা খ্ৰী.পূ. ৪ৰ্থ শতকেৰ শেষদিকে কামৰূপে বসবাস কৰতে শুৰু কৰে। পঞ্চানন বৰ্মা উল্লেখ কৰেন যে ৰাজবংশীৰা আৰ্যবংশভূত। ‘ৰাজবংশী কুল প্ৰদীপ’ নামক ক্ষুদ্ৰ গ্ৰন্থে ৰাজবংশীদেৰ পৌণ্ড্ৰ ক্ষত্ৰিয় বলে প্ৰমাণ কৰেণ।

‘ History And Culture Of North Bengal, Vol-2 (Chhaya Publication, Kolkata-73, 4th edition-January, 2019, pg-106,130): Rajbanshis belonging to Lunar Race.The Rajbanshis are not Mongoloid. পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জ্যোতি বসুয়ে কৈছে, ৰাজবংশীসকল বঙালী জাতিৰ অবিচ্ছ্যেদ্য অংগ। ৰাজবংশীৰ পৰিচয় সম্পৰ্কে বিভিন্নজনে বিভিন্ন মত দিয়া দেখা যায়।

প্ৰথম পৰ্যায়: ১৮২৮ খ্ৰীষ্টাব্দত প্ৰকাশিত ওয়াল্টাৰ হেমিল্টনৰ ‘ইষ্ট গেজেটিয়াৰ’ৰ ৰংপুৰ আৰু দিনাজপুৰৰ ৰাজবংশীসকলে ক্ষত্ৰিয়ত্ব দাবী কৰাৰ কথা লিখা আছে। উপেন্দ্ৰ নাথ বৰ্মনৰ ‘ৰাজবংশী ক্ষত্ৰিয় জাতিৰ ইতিহাস’ (সম্পা; ননী গোপাল ৰায়, প্ৰকাশক: নন্দগোপাল ৰায়, ষষ্ঠ সংস্কৰণ: ফেব্ৰুৱাৰী ২০১৯) পৃষ্ঠা: ৫৩ লিখা আছে: ১৮৯১ খ্ৰীষ্টাব্দত চেন্সাচ আৰাম্ভ হোৱাত ৰাজবংশী সকলে জাতিৰ ঘৰত ‘ভঙ্গ ক্ষত্ৰিয়’ লিখাৰ দাবী জনাইছিল।

এই দাবী চেন্সাচ অফিচাৰৰ দ্বাৰা মানি লোৱা হোৱা নাছিল যাৰ ফলত ৰংপুৰ জিলাত (বৰ্তমান বাংলাদেশত) প্ৰথমতে এই আন্দোলনৰ সুত্ৰপাত ঘটিছিল। ৰংপুৰৰ ৰাজবংশী সকলৰ বিষয়ে সেই সময়ৰ ডেপুটি মেজিষ্ট্ৰেট বাবুমোহন ৰায়ে উল্লেখ কৰিছে যে ৰংপুৰৰ ৰাজবংশী সকল স্পষ্টভাৱে দ্ৰাবিড়। তেওঁ আকৌ উল্লেখ কৰিছে যে ৰংপুৰৰ ৰাজবংশী সকলে কোচবিহাৰ ৰাজপৰিয়ালক নিম্নমানৰ বুলি গণ্য কৰিছিল (অসমৰ কোচ-ৰাজবংশী জনজাতি, ভকত, পৃ-১২)।

ৰংপুৰ নিবাসী শ্যামপুৰৰ জমিদাৰ হৰমোহন ৰায় (খাজাঞ্চী) সভাপতিত্বত ‘ৰংপুৰ ব্ৰাত্য ক্ষত্ৰিয় জাতিৰ উন্নতি বিধায়ণী সভা’ স্থাপিত হয় আৰু ১৮৯১ খ্ৰীষ্টাব্দৰ ১০ ফেব্ৰুৱাৰী তাৰিখে জিলা ম্যাজিষ্ট্ৰেট F.A. Skyne চাহাবৰ ওচৰত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাবস্ত কৰিছিল। ফলত Skyne চাহাবে পণ্ডিত সমাজৰ পৰা মতামত বিচাৰিছিল। তেতিয়া ৰংপুৰ ধৰ্মসভাৰ সভাপতি মহামহোপাধ্যায় পণ্ডিতৰাজ যাদবেশ্বৰ তৰ্কৰত্ন মহাশয় অভিমত দিছিলঃ

‘কোচ অতি নিকৃষ্ট জাতি। তাহাৰ ব্যৱসায়, আহাৰ, ব্যবহাৰ সমস্তই নিকৃষ্ট’ (ৰাজবংশী ক্ষত্ৰিয় জাতিৰ ইতিহাস, উপেন্দ্ৰনাথ বৰ্মন, সম্পা; ননীগোপাল ৰায়, পৃ-৫৩)।

কোচসকলক বেয়াভাবে কোৱাৰ কাৰণ হিচাপে জনা যায়ঃ ‘ৰাজবংশী ক্ষত্ৰিয়গণ কখনই কোচ ৰাজাদেৰ নিজেদেৰ ৰাজা এবং স্বজাতীয় বলে গ্ৰহণ কৰণ নি। তাৰা বিশ্বাস কৰতেন যে; তাদেৰ ৰাজকীয় ক্ষমতা কোচ ৰাজাদেৰ দ্বাৰা অপহ্ৰত হয়েছে’ (জন্ম সাৰ্ধশতবৰ্ষেৰ আলোকে দৰ্শনে ও পুনৰ্দৰ্শনে মনীষী পঞ্চানন বৰ্মা-ৰ সামাজিক ও ৰাজনৈতিক জীবনদৰ্শন, ডঃ পৰিমল বৰ্মন সম্পাদিত, Published by Minu Barman, Upjanbhui Publisher, Mathabhanga, Cooch Behar, First Published: 25th Dec 2019, পৃষ্ঠা-৫০)। অবশেষত সমগ্ৰ চৰকাৰী নথিৰ ঘৰত ‘ব্ৰাত্য ক্ষত্ৰিয়’ লিখিব পাৰিব বুলি কোৱাত এই আন্দোলনৰ শ্যাম কাটে।

দ্বিতীয় পৰ্যায়ঃ ১৯০১ চনত নগেন্দ্ৰ নাথ বসুৰ বিশ্বকোষত ৰাজবংশী শব্দৰ অৰ্থ ‘ম্লেচ্ছ বা তদ্ৰুপ জাতি’ বুলি লিখাক কেন্দ্ৰ কৰি আৰাম্ভ হৈছিল (ৰাজবংশী ক্ষত্ৰিয় জাতিৰ ইতিহাস,পৃষ্ঠা-৫৬)। এইসময়তেই ক্ষত্ৰিয় আন্দোলনৰ দায়িত্ব গ্ৰহণ কৰে পঞ্চানন সৰকাৰ (বৰ্মা)। ১৯১০ চনৰ ০১ মে তাৰিখে ৰংপুৰ নাট্যমন্দিৰত পঞ্চানন বৰ্মাৰ নেতৃত্বত গঠন হৈছিল ‘ক্ষত্ৰিয় সমিতি’ (০১)।

এই ক্ষত্ৰিয় সমিতিৰ যি জাতীয় মহাসভা অনুষ্ঠিত হৈছিল তাত অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ পৰা হৰিকিশোৰ অধিকাৰী, শশীমোহন ফৌজদাৰ আদিয়ে অংশগ্ৰহণ কৰিছিল। এই সমিতিৰ প্ৰস্তাৱ মৰ্মে কোচবিহাৰ, জলপাইগুড়ি, ৰংপুৰ, দিনাজপুৰ, গোৱালপাৰা আৰু পূৰ্ণিয়া জিলাৰ ৰাজবংশীসকলে ক্ষত্ৰিয় বুলি প্ৰচাৰ কৰি নামৰ শেষত সিংহ, বৰ্মা আদি ক্ষত্ৰিয়োচিত উপাধি লিখাৰ বাবে নিজৰ নিজৰ জিলাৰ সমাহৰ্তাৰ ওচৰত আৱেদন জনায় (০২)। ক্ষত্ৰিয় আন্দোলনৰ আগত ৰাজবংশী সকলে ‘দাস’ উপাধি ব্যবহাৰ কৰিছিল (০৩)।

তৃতীয় পৰ্যায়ঃ ১৯১২ চনৰ জানুৱাৰী মাহত ক্ষত্ৰিয় সমিতিৰ তৃতীয় বাৰ্ষিক সভাত এহেজাৰৰো অধিক সদস্যৰ উপস্থিতত অনুষ্ঠিত হয়। উক্তসভাৰ সিদ্ধান্ত মৰ্মে মিথিলাৰ ব্ৰাহ্মণ পণ্ডিতৰ পৰামৰ্শ আৰু অনুমতি সাপেক্ষে উক্ত বছৰৰে ১০ ফেব্ৰুৱাৰীত আত্মবিস্মৃত সংস্কাৰচূত্য ব্ৰাত্য ক্ষত্ৰিয় ৰাজবংশী সকলৰ শাস্ত্ৰানুযায়ী প্ৰায়শ্চিত্যান্তে উপবীত গ্ৰহণৰ দিন ধাৰ্য্য কৰা হয়। মহামিলনৰ ক্ষেত্ৰ সজাই সভাৰ শেষত তেওঁলোকে উপবীত গ্ৰহণ কৰে।

পবিত্ৰ কৰতোৱা নদীৰ পাৰত মিলন ক্ষেত্ৰ অনুষ্ঠিত হোৱাৰ পিছত ৰাজবংশী সমাজত উপবীত গ্ৰহণৰ দ্বাৰা ক্ষত্ৰিয় আন্দোলন চাৰিওফালে বিয়পি পৰে। উল্লেখ্য যে উক্ত বছৰতে ২৯২ খন মিলনক্ষেত্ৰ সজাই ৰাজবংশী সমাজৰ প্ৰায় ১ লাখ ৮২ হাজাৰ ১০০ শ ৫৪ জন ৰাজবংশী লোকে ক্ষত্ৰিয় বুলি পৰিচয় দিবলৈ উপবীত গ্ৰহণ কৰিছিল (০৪)।

সময়ৰ গতিৰ ছন্দত লাহে লাহে বিভিন্ন মঙ্গোলীয় নৃগোষ্ঠীৰ লোকে ৰাজবংশী জাতিসত্তাৰ লগত মিলিত হয়। তথ্যমতে, হাজং, জলধা, ধীমাল, থাৰু, ৰাভা, মেচ বা বড়ো আদি মঙ্গোলীয় জনগোষ্ঠীৰ বিভিন্ন শ্ৰেণীৰ লোকে ৰাজবংশী বুলি পৰিচয় দিয়ে (০৫)ঃ

হাজং ৰাজবংশীঃ ফ্ৰান্সিছ বুকানন হেমিল্টনে হাজং সকলোক ৰাজবংশী বুলিছে। হেমিল্টনৰ উল্লেখৰ পৰা জনা যায় যে পূৰ্বৰ ৰংপুৰ জিলাৰ ভালেমান হাজঙে নিজকে ৰাজবংশী বুলি পৰিচয় প্ৰদান কৰিছিল (৬)। হাজংসকলৰ বহুতেই নিজকে আৰ্য গোষ্ঠীৰ এটি ঠাল বুলি ক’ব খোজে আৰু ক্ষত্ৰিয় বংশোদ্ভুত বুলি বৰ্ণনা কৰে। তেওঁলোকৰ মতামত অনুযায়ী ১৯৩৭ চনমানৰ পৰা হাজংসকলে উপনয়ন গ্ৰহণ কৰি ক্ষত্ৰিয় বুলি পৰিচয় দিবলৈ যত্ন কৰে।

কাছাৰ বাসী বড়ো-কছাৰী, ডিমাছা সকলে শৰণ লৈ বৰ্মন উপাধি লিখাৰ দৰে হাজং সকলৰ মাজতো এচামে উপনয়ন লোৱাৰ পিছত বৰ্মন উপাধি লিখিবলৈ ধৰে ( হাজং জনগোষ্ঠী আৰু তেওঁলোকৰ ভাষাঃ এক বিশ্লষণাত্মক অধ্যয়ণ, ড্ৰীম পাবলিকেচন, নাওকাটা, অসম, জুলাই’ ২০২২, পৃ-১২, ৫৮)।

জলধা ৰাজবংশীঃ এওঁলোকৰ উপাধি হ’ল সুত্ৰধৰ। ক্ষত্ৰিয় আন্দোলনৰ সময়ত বহুতো জলধা লোকে ৰাজবংশী হৈ যায়। আলিপুৰ দুয়াৰ মহকুমাৰ (প:ব:) জলপাইগুড়ি চাপৰৰ পাৰৰ কালিনাথ দাস (৭৯) পৰা জনা যায় যে চাপৰৰ পাৰ, টটপাৰা, শামুকতোলা অঞ্চলৰ বহুত লোক ক্ষত্ৰিয় হৈ উপবীত গ্ৰহণ কৰি ৰাজবংশী বুলি চিহ্নিত হয় (৭)।

ৰাভাৰ পৰা ৰাজবংশীঃ জগত কামানি সৃষ্টিৰাজি (A Collection of Jagot Kama’s prose and poem creation, collected and edited by Dhrubajyoti Koch and Published by Thanrudhar Rabha, General Secretary, KDC/BRKR, 1st Published-2017) পৃষ্ঠা ১৫ লিখিছেঃ কামাখ্যাগুৰিৰ আজীৱন সমাজসেৱি নেতা দেবেন দাস (ৰাভা) ৰ লগত তেখেতৰ মৃত্যুৰ তিনিদিন আগতে হোৱা সাক্ষাত আলোচনাত লিখকজনে আগ্ৰহৰে ব্যক্ত কৰিছিল যে শ শ ৰাভা মানুহ তেখেতৰ চকুৰ আগতে কোচবিহাৰ জিলাত তুফানগঞ্জৰ ওচৰত ঠাকুৰ পঞ্চানন বৰ্মনৰ ওচৰত দীক্ষিত হৈছিল। সেইদিনা সিহঁতে টপামূৰীয়া হৈ গা ধুই শপত খাব লগা হৈছিল, সিদিনাৰ পৰা গাহৰি, কুকুৰা খোৱা পোহাও নিষিদ্ধ। আকৌ নিষিদ্ধ কৰা হ’ল ৰাভাৰ সাজপোছাক।’

মেচ (বড়ো) ৰ পৰা ৰাজবংশীঃ কিছুমান মেচ বা বড়ো লোক অসমত শৰণীয়া আৰু পশ্চিমবংগত ক্ষত্ৰিয়কৰণৰ দ্বাৰা ৰাজবংশী হৈছিল বুলি জনা যায়। পশ্চিমবংগৰ জলপাইগুড়ি জিলাৰ ধূপগুড়ি অঞ্চলৰ মেচপাৰাৰ মেচসকল, কোচবিহাৰ জিলাৰ মেচটাৰী গাঁওৰ মেচসকল, জলপাইগুড়ি বীৰপাৰা অঞ্চলৰ কাৰ্জিবাৰীৰ কাৰ্জি উপাধিৰ মেচসকল সম্প্ৰতি ৰাজবংশী হৈছে বুলি জনা যায়। নেপালতো (মেচ নগৰ পালিকা) মেচৰ পৰা ৰাজবংশী হোৱাৰ বহুত প্ৰমাণ পোৱা যায় (৮)।

Charu Chandra Sanyal ৰ গ্ৰন্থ ‘The Meches And The Totos Two Sub-Himalayan Tribes Of North Bengal’ (Published by- The North Bengal University, Raja Rammohanpur, Darjeeling, West Bengal, 1973) পৃষ্ঠা ০২ আৰু ০৫ লিখিছেঃ Some of the Mech of Assam call themselves Rajbanshi. The Kacharis, a branch of the Bodos, claim to be Kshatriyas.’

‘ডঃ দীননাথ বসুমতাৰীয়ে ‘গুৱাহাটী তুমি কিমান দূৰ? (প্ৰকাশক-ডডেৰে পাব্লিকেচনছ্, বঙাইগাঁও-৭৮৩৩৮০, ১৬ নবেম্বৰ ২০১৫) পৃষ্ঠা ২১৩ উল্লেখ কৰিছেঃ বহু ৰাজবংশীলোকে ১৯৫১ চনৰ লিগেচী ডাটা উলিৱাবলৈ গৈ থমকি ৰৱলগীয়া হৈছে। কাৰণ তেওঁলোকৰ বহু পৰিয়ালৰ পূৰ্বপুৰুষসকলৰ নামত মেচ, কছাৰী, শৰণীয়া কছাৰী, বড়ো কছাৰী, নাৰ্জাৰী, মুছাহাৰী আদিহে ওলাই পৰিছে।’

Dr. B. Mukherjee দেৱৰ মতে:- ৰাজবংশীসকল সংস্কাৰকৃত ক্ষত্ৰিয়, যিসকল নৃগোষ্ঠীয়ভাৱে মেচ আৰু বড়োমূলীয়। Dr. Ram Ranjan Das দেৱে‌ ৰাজবংশী সম্পৰ্কে এনেদৰে লিখিছে:- The ancentor of the Rajbanshis were Mechs. মেচ আৰু হাজং আদি লোকসকলে নিজকে ৰাজবংশী বুলি চিনাকি দিয়াৰ পৰম্পৰা সৃষ্টি হৈছিল বুলি ড: বিনয় কুমাৰ ব্ৰহ্ময়ে ‘প্ৰাগৈতিহাসিক সভ্যতা-সংস্কৃতিৰ অনুদান’ (ম্লেচ্ছ-কুবাচ বিতৰ্ক, সৃজন প্ৰকাশ, ২০১৫, পৃ-২৩,২৪,৪০,৪১) উল্লেখ কৰিছে।

বঙাইগাঁওৰ বৰপাৰা গাঁওৰ দক্ষিণ সীমাত ভাটিপাৰা গাঁও। ইয়াতেই এটা বৃহৎ যৌথ পৰিয়াল আছিল আৰু আজিও বেগল হৈ আছে। এওঁলোকে দুই পুৰুষ আগ পৰ্য্যন্ত মেচ-কছাৰীৰ পৰাহে ৰাজবংশী হোৱা মানুহ (ৰাংটা গাৰো, ৰাজা মহেন্দ্ৰ নাৰায়ণ আৰু অম্বিকাচৰণ চৌধুৰীৰ জীৱন-কৃতি, সম্পা; ড: যতীন বৰুৱা, ৰত্নপীঠ প্ৰকাশন, বঙাইগাঁও, অসম, ২০০৫, পৃষ্ঠা-২৯)।

‘মেচদেৰ মূলত অসমেৰ একটি অংশ নিজেদেৰ ৰাজবংশী পৰিচয় গ্ৰহণ কৰেন, তখন মেচদেৰ অনেক পৰিবাৰ নিজেদেৰ ‘কুৰি’ (ম্লেচ্ছ) পৰিচয় দেওয়া শুৰু কৰেন (উত্তৰবঙ্গেৰ আদিবাসী মেচ সমাজ, প্ৰমোদ নাথ, প্ৰ: এখন ডুয়াৰ্স, কলকাতা-৭০০০৪২, ডিচেম্বৰ ২০২৪, পৃ-১৩)।

সেয়েহে গৱেষক হীৰাচৰণ নাৰ্জিনাৰীয়ে তেওঁৰ কিতাপ ‘The Saga Of Bodos’ (1st Published March 2014, Kolkata-700039) ত পৃ-১৫৯ ত’ উল্লেখ কৰিছেঃ ‘If we investigate into the land records pertaining to the 19th century and first quarter of 20th century one may be surprised to find that many AKRSU leader’s ancentors bore the family name of Mech. Researchs by enthnographers and linguists clearly corroborate Mech or Bodo affinity of the bulk of the so-called Rajbanshi.’

ধীমালৰ পৰা ৰাজবংশীঃ ক্ষত্ৰিয় আন্দোলন ইমানেই শক্তিশালী আছিল যে নেপালৰ ঝাপা ছিনাৰি সিংহনাথ গাঁওৰ জিতেন ৰাজবংশী (৫০) ৰ পৰা জনা যায় যে ধীমাল লোকসকলৰ কিছুমানে দাঁত প্ৰদান কৰিও ক্ষত্ৰিয় (ৰাজবংশী) হৈছে (গৰিয়সী,ফেব্ৰুৱাৰী,২০২৫, পৃ-৩৫)। ধীমাল সকলৰ ওপৰত গেইটৰ মন্তব্য উল্লেখনীয়ঃ Gait also describes Dhimal of Darjeeling and Nepal Terai as Rajbanshi. They often call themselves Rajbanahis. Their title is Maulik (Mallik).

ৰাজবংশী সকলৰ ভাগঃ ৰাজবংশীসকল কেইবা ভাগত বিভক্ত।‌ জাগাৰ (ঠাইৰ) ভিত্তিত ৰাজবংশী সমাজখনক ঝাডুৱা, ঘুলিয়া, মোৰাঙ্গীয়া, ৰংপুৰীয়া, সূৰ্যপূৰীয়া আৰু চোৰুৱা ৰাজবংশী আদি ভাগকেইটাত ভাগ কৰিছে।‌উল্লেখ্য যে ঘুলীয়াসকলে লগুণ লোৱা প্ৰথা অতি প্ৰাচীন। ঘুলীয়াৰ অৰ্থ নষ্ট হোৱা অৰ্থাৎ ব্ৰাত্য ক্ষত্ৰিয়। ঘুল্লা পৰগনাই সামৰি লয় গৌৰিপুৰ, ধুবুৰী, গোলকগঞ্জ আৰু উত্তৰ ৰংপুৰ (বৰ্তমান বাংলাদেশৰ অন্তৰ্গত)। ঘুলীয়া সমাজত মদ্যসেৱন আৰু গাহৰি ভক্ষণৰ প্ৰচলন নাছিল আৰু এতিয়াও নাই ( বুধবৰীয়া বিশেষ, দৈনিক অগ্ৰদূত, গুৱাহাটী, ২৩ অক্টোবৰ, বুধবাৰ, ২০২৪, পৃষ্ঠা-০৫, উৎপল সিংহ)।

ক্ষত্ৰিয় আন্দোলনৰ মূল নেতা পঞ্চানন বৰ্মাই কোচ সকলক ‘নিচু’ জাতিৰ বুলি প্ৰকাশ্যে অভিহিত কৰাৰ উপৰিও ক্ষত্ৰিয় আন্দোলনৰ নেতা সকলে কোচবিহাৰ ৰাজবংশটোক ‘ভাটিয়া’ (৯) বুলি অভিহিত কৰিছিল। পঞ্চানন বৰ্মায়ে ১৯১৯ চনৰ ২৭ জানুৱাৰী দিনাখন অসমৰ অবিভক্ত গোৱালপাৰা জিলাখন বংগৰ লগত চামিলকৰণৰ বাবে বক্তব্য প্ৰদান কৰিছিল (১০)।

পৰবৰ্তী পৰ্যায়ত মেঘালয়ৰ হাজং, ডালু সমাজ আৰু বিহাৰৰ চুৰলি ইষ্টেটৰ জমিদাৰে এই আন্দোলনৰ পৰা নিজকে দূৰত ৰাখিছিল (মেঘালয়েৰ হাজং, ডালু সমাজ, বিহাৰেৰ চুৰলি ইষ্টেটৰ জমিদাৰবৰ্গ ক্ৰমশঃ ক্ষাত্ৰ আন্দোলন থেকে সৰে আসতে থাকে, যা মনীষী পঞ্চাননেৰ আন্দোলনেৰ একটি উল্লেখযোগ্য অধ্যায়’, ‘মনিষী পঞ্চানন বৰ্মাৰ ক্ষাত্ৰ আন্দোলন: দদ্ধ ও সমন্বয়, দীপক কুমাৰ ৰায়, প্ৰঃ জয়জিৎ মুখাৰ্জি, সপোন, ২০৬ বিধান সৰণি, কলকাতা-০৬, মহালয়া , ২০২৪, পৃষ্ঠা-০৯,১০)। ১৯২১ আৰু ১৯৩১ চনৰ চেন্সাচৰ সময়ত ৰাজবংশী সম্প্ৰদায়ে পুনৰ আন্দোলনত নামি পৰিছিল আৰু চেন্সাচ অফিচাৰৰ আগত ‘ৰাজবংশী ক্ষত্ৰিয়’ৰ পৰিবৰ্তে কেবলমাত্ৰ ‘ক্ষত্ৰিয়’ মৰ্যাদাৰ দাবী কৰে (১১)।

‘ৰাজবংশী কুল-প্ৰদীপ’ঃ ৰাজবংশী সকলৰ প্ৰথম কিতাপ। ক্ষত্ৰিয় আন্দোলনৰ সময়ত ৰাজবংশী সকলক ক্ষত্ৰিয় বুলি প্ৰতিষ্ঠা কৰিবলৈ প্ৰকাশ কৰা ‘ৰাজবংশী কুল-প্ৰদীপ’ নামৰ গ্ৰন্থখন বঙাইগাঁওৰ বইটামাৰী হৰিকিশোৰ অধিকাৰীয়ে ৰচনা কৰিছিল। এশ বছৰতকৈ অধিক কাল পুৰণি এইখন গ্ৰন্থ আকৌ ২০২৩ চনত ৰাজবংশীসকলে নতুনকৈ প্ৰকাশ কৰি উলিয়াইছে বইটামাৰী ক্ষত্ৰিয় সমিতিয়ে। এই গ্ৰন্থখনৰ পৃষ্ঠা নম্বৰ ২১ লিখা আছেঃ-

‘কোচ অতি নিকৃষ্ট জাতি। তাহাদিগেৰ আহাৰ-ব্যৱহাৰ আৰু ৰীতি-নীতি সমস্তই নিকৃষ্ট।’
(ৰাজবংশী কুল-প্ৰদীপ, প্ৰয়াত হৰিকিশোৰ অধিকাৰী প্ৰণীত ও প্ৰকাশিত, তৃতীয় সংস্কৰণ: ১৪২৯, প্ৰকাশকাল: ১০ ফেব্ৰুৱাৰী ২০২৩, বইটামাৰী ক্ষত্ৰিয় সমিতি)।

গোত্ৰ বিষয়ত সমস্যাঃ‌ ক্ষত্ৰিয় আন্দোলনৰ সময়ত সকলোৱে কাশ্যপ গোত্ৰ বুলি প্ৰচাৰ কৰিছিল। কিন্তু বিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ গোত্ৰৰ প্ৰয়োজন হৈছিল ফলত কলিকতা হাইকৰ্টৰ সহায় লৱলগীয়া হৈছিল (পূৰ্বে ৰাজবংশীদেৰ বিয়েৰ ক্ষেত্ৰে গোত্ৰ পৰিচয়েৰ দৰকাৰ না পড়লেও ক্ষত্ৰিয় হিচাবে বিয়েৰ ক্ষেত্ৰে গোত্ৰ বিভাগেৰ প্ৰয়োজনীয়তা দেখা দেয়। তখন কলকাতা হাইকৰ্টেৰ এক ৰুলনিশি জাৰিৰ মাধ্যমে শাণ্ডিল্য, পৰাশৰ, গৌতম, কপিল, ভাৰদ্বাজ, কৌশিক ইত্যাদি বাৰোটি গোত্ৰ ৰাজবংশী সমাজেৰ জন্য নিৰ্ধাৰণ কৰে দেওয়া হয়। ‘বাংলাদেশেৰ ৰাজবংশী: সমাজ ও সংস্কৃতি, অশোক বিশ্বাস, প্ৰকাশক: নেপালচন্দ্ৰ ঘোষ, সাহিত্যলোক, ৩২/৭ বিডন ষ্ট্ৰীট, কলিকতা-৭০০০০৬, ডিচেম্বৰ ২০১৭, পৃষ্ঠা-৩৬)।

ক্ষত্ৰিয় আন্দোলনক বিৰোধিতা তথা বংগত Schedule Cast status গ্ৰহণ আৰু অসমত বিৰোধিতাঃ ক্ষত্ৰিয় আন্দোলন কৰাৰ উপৰিও পঞ্চানন বৰ্মা কৃষক আন্দোলনৰ লগত জড়িত আছিল। সেইকালৰ ইতিহাস অধ্যয়ন কৰি চালে দেখা যায় যে পঞ্চানন বৰ্মাক Regency Council ৰ দ্বাৰা কোচবিহাৰ ৰাজ্যৰ পৰা বহিষ্কাৰ কৰা হৈছিল, অপৰাধ আছিল জাল চহী। কোচবিহাৰ ৰাজ্যত ক্ষত্ৰিয় আন্দোলন কৰিব দিয়া হোৱা নাছিল। চিদলী কোচ ৰাজ্যতো ক্ষত্ৰিয় আন্দোলন নিষিদ্ধ আছিল (১২)।

ইয়াৰ উপৰিও গৌৰিপুৰ জমিদাৰেও ৰাজবংশী সকলৰ ক্ষত্ৰিয় আন্দোলনক সমৰ্থন কৰা নাছিল (১৩)। ১৯৩৫ চনত যেতিয়া ইংৰাজ চৰকাৰে তালিকাভুক্ত জাতিসমূহৰ তালিকা প্ৰকাশ কৰিছিল তেতিয়া সেই তালিকাত ৰাজবংশী সকলৰ নাম নাছিল। তেতিয়া পঞ্চানন বৰ্মায়ে লণ্ডনত টেলিগ্ৰাম কৰি ৰাজবংশী ক্ষত্ৰিয় জাতিক Schedule Cast ৰ অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল (১৪)।

পঞ্চানন বৰ্মায়ে যেতিয়া বংগৰ লেখিয়াকৈ অসমতো অসমৰ ৰাজবংশী সকলক SC লবলৈ অনুৰোধ কৰিছিল তেতিয়া চিদলী ৰাজবংশৰ উত্তৰপুৰুষ আৰু জননেতা অভয় নাৰায়ণ দেৱ অনুসূচীত জাতি হিচাপে তালিকাভূক্ত হোৱাৰ বিৰোধিতা কৰি পঞ্চানন বৰ্মাক তীব্ৰ ভাষাৰে ভৎৰ্সনা কৰিছিল আৰু নিৰুত্তৰ পঞ্চানন অসমৰ ৰাজবংশী সমাজৰ প্ৰতি লক্ষ্য কৰি চকুপানী টুকিছিল বুলি উল্লেখ আছে (কোচ ৰাজবংশী জাতিৰ নৃতাত্ত্বিক ইতিহাস, ভকত, ড: দ্বিজেন্দ্ৰ নাথ, মাৰ্চ, ২০২০, ধুবুৰী, পৃ-৮৫/৮৬)।

ভাষাঃ উত্তৰবংগৰ অন্যান্য ঠাইৰ দৰে গোৱালপাৰা প্ৰধানতঃ ৰাজবংশী সম্প্ৰদায় অধ্যুষিত অঞ্চল। ইয়াৰ কথিত ৰাজবংশী ভাষাক গ্ৰীয়াৰছনে বাংলাৰ এক উপভাষা বুলি অভিহিত কৰিছে। বৰ্তমানে ৰাজবংশী সকল বাংলাৰ এটা উপভাষা বা ৰাজবংশী ভাষাত কথা কয়। (প্ৰান্তবাসীৰ ঝুলি, নীহাৰ বালা বৰুৱা, অনুঃ ডক্টৰ প্ৰতিমা নিয়োগী, প্ৰকাশকঃ চেন্টাৰ ফৰ অওচ ৰাজবংশী ষ্টাডিছ্ এণ্ড ডেভেলপমেন্ট, ২০১৬, পৃ-০৫ আৰু ৰাজবংশী সংস্কৃতিত নাৰী, ডক্টৰ লাৱণ্য ভকত, বনমালী প্ৰকাশন, ধুবুৰী, ৭৮৩৩২৪, ডিচেম্বৰ ২০১৮, পৃ-১৯,২০)।

সাজ-পোছাকঃ ৰাজবংশী মহিলা সকলৰ জাতীয় পোছাক শাৰী। কিন্তু তেওঁলোকে ‘পাটানী’ খনক নিজৰ বুলি দাবী কৰা দেখা যায়। পৌণ্ড্ৰ দেশত পাটানীৰ প্ৰচলন নাছিল। গতিকে পৌণ্ড্ৰ ক্ষত্ৰিয় বুলি দাবি কৰা তথা ২৭ মাঘত ক্ষত্ৰিয় দিবস পালন কৰা ক্ষত্ৰিয় ৰাজবংশী সকলে পাটানী খনক নিজৰ বুলি দাবি কৰা অযুক্তিকৰ। History And Culture Of North Bengal, Vol.2, pg-126: ‘Patani’ is not perhaps Rajbanshi women dress.

‘ৰাজবংশী লোক-সংস্কৃতি’ (লাবণ্য ভকত, বনমালী প্ৰকাশন, ধুবুৰী, জুলাই ২০১৪) পৃ-৯৮ উল্লেখ আছে: কোচ ৰজাসকলৰ দিনৰ পৰা ৰাজবংশী মহিলাসকলে শাৰীৰ ব্যবহাৰ কৰি আহিছে। বাংলাদেশৰ ৰাজবংশী প্ৰধান অঞ্চল লালমনি হাটৰ শাৰী বিখ্যাত আছিল। ফুল, পাতৰ পৰা আৰম্ভ কৰি ৰেলগাড়ী, জাহাজৰ ছবিও সেই সময়ত শিল্পীসকলে ফুটাই তুলিছিল। ৰাজবংশী লোকগীততো শাৰীৰ ব্যবহাৰৰ কথা পোৱা যায়ঃ

১. জাহাজি ছাপা ৰে শাড়ি
লাল পইড়া ময়ুৰ পখী
সেই শাড়িখান কৰেন তৈৰী
সেই শাড়ীখান পিন্ধিয়া গেনুং মুই
গোলকগঞ্জেৰ হাটে
গোলকগঞ্জেৰ প্ৰফুল্ল ব্যাপাৰী মোৰ
আগন ধৰিয়া টানে।

২. সুন্দৰী ৰাধেলো আমাৰ বন্ধু যোৰ বইঠা বায়- ওপৰে তাঁতীয়া বন্ধু কমোৰেৰ শাৰী যাছে লো। -সুন্দৰী ৰাধেলো-

ৰাজবংশী পুৰুষসকলৰ মাজত নেংটিৰ প্ৰচলন আছিল। নেংটি অকল পুৰুষ সকলোহে মুকলিভাবে পিন্ধে। বৰ্তমান নেংটিৰ প্ৰচলন নাইকীয়া হৈ গৈছে (পৃ-৯৬,৯৭)।

সামৰণিঃ ক্ষত্ৰিয় আন্দোলন আছিল কাল্পনিক ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত। ৰাজবংশী সকলক পুৰীৰ মন্দিৰত প্ৰবেশ নিষিদ্ধ কৰিছিল, ইয়াৰ কাৰণ সঠিকভাৱে জনা নাযায়। ( ১৯১১ সালেৰ এই সৰকাৰী ঘোষনাই ৰাজবংশীদেৰ পুৰীৰ মন্দিৰে প্ৰবেশ নিষিদ্ধ কৰা হয়েছিল, ‘বিচ্ছিনতাৰ উৎস সন্ধানে উত্তৰবঙ্গ থেকে উত্তৰপূৰ্বে, সৌমেন নাগ, প্ৰ: প্ৰদোষ ৰঞ্জন সাহা, কলকাতা-৭০০০৪২, এপ্ৰিল ২০২৩, পৃ-১৭৮)।এই আন্দোলনৰ কোনো ঐতিহাসিক ভিত্তি নাই। সেই বেদনাত ক্ষুদ্ধ ৰাজবংশী কবি শ্ৰদ্ধেয় শিক্ষক সন্তোষ সিংহৰ কন্ঠতঃ

‘মানসি হয়া যেদু মানষিৰ না পাই মান
ক্ষত্ৰিয় হয়া কি লাভ হৈল ঠাকুৰ পঞ্চানন?
হামৰা যেন সগায় আজি মাতত্ ঘোঙৰ দিয়া
হাতত পিন্দিচি খাড়ু
যেন হামাৰ ছচায় আজি তিস্তাপাৰেৰ দেবেশ ৰায়েৰ
নেঙটিয়া বাঘাৰু!’
(ঔপনিবেশিক বাঙলায় ৰাজবংশী জনগোষ্ঠীৰ জাতি পৰিচিতি-প্ৰসঙ্গ: ক্ষাত্ৰ আন্দোলন: একটি সমীক্ষণ, দেবেন্দ্ৰ নাথ বৰ্মা, কোচবিহাৰ, ২০ জুন ২০০৯, পৃ-২৩/২৪)।

ক্ষত্ৰিয় আন্দোলনৰ জৰিয়তে ৰাজবংশীসকলে তেওঁলোকৰ নিম্ন সামাজিক স্থিতিক প্ৰত্যাহ্বান জনায়। এই আন্দোলনৰ মূল নেতা আছিল পঞ্চানন বৰ্মা যিয়ে ৩০ লাখ ৰাজবংশী মানুহক উপবীত ধাৰণ কৰাই ‘ঠাকুৰ’ হিচাপে পৰিচিত লাভ কৰিছিল(……. পঞ্চানন ৩০ লক্ষ ৰাজবংশী জাতিকে ব্ৰাত্যত্ব হইতে উদ্ধাৰ কৰিয়া ক্ষত্ৰিয়ত্ব পৰিণত কৰিয়া ‘ঠাকুৰ পঞ্চানন’ হইবেন?, কোচবিহাৰেৰ ইতিহাস, হেমন্ত কুমাৰ ৰায় বৰ্মা, চতুৰ্থ সংস্কৰণ- জানুৱাৰী ২০১৫, কোচবিহাৰ)।

ড: অমলেন্দু গুহয়ে ক্ষত্ৰিয় আন্দোলন সম্পৰ্কে গুৰুত্বপূৰ্ণ লিখনি ‘জমিদাৰকালীন গোৱালপাৰা জিলাৰ আৰ্থ-সামাজিক অৱস্থা’ (প্ৰকাশক: ভৱানী বুকচ্, জুলাই ২০১৯, পৃ-৭৩) ত উল্লেখ কৰিছেঃ ‘১৮৯১ চনৰ পৰা চলি থকা ৰাজবংশী ক্ষত্ৰিয় আন্দোলন স্বজাতীয় জোতদাৰ-জমিদাৰৰদ্বাৰা পৰিচালিত হ’লেও, ইও আছিল ঘাইকৈ অৱহেলিত আৰু অনুন্নত মানুহৰ সামাজিক মৰ্যাদা প্ৰতিষ্ঠাৰ আন্দোলন, তথাকথিত উচ্চ বৰ্ণ মানুহৰ সামাজিক পতিপত্তিৰ বিৰুদ্ধে সেচ্চাৰ প্ৰতিবাদ।

প্ৰচলিত ত্ৰিশ দিনৰ ঠাইত বাৰ দিনত অশৌচান্তৰ আৰু দলে বলে উপবীত ধাৰণৰ সিন্ধান্তৰ যোগেদি ৰাজবংশী কৃষক সমাজ ৰীতিমতে আলোড়িত হৈ উঠিছিল। কিন্তু এনেধৰণৰ আন্দোলনৰ দ্বাৰা দুখীয়া খেতিয়কৰ স্বাৰ্থক বেছি দূৰলৈকে আগবঢ়াই লৈ যাব পৰা নাযায়। কাৰণ, এনেধৰণৰ আন্দোলনৰ দৃষ্টি সন্মুখৰ পিনে প্ৰসাৰিত নহয়। ই পশ্চাৎমুখী, শাস্ত্ৰীয় অনুমোদন প্ৰত্যাশী।’

ক্ষত্ৰিয় আন্দোলনৰ প্ৰভাৱ পশ্চিম অসমতো পৰিছিল যাৰ ফলত চাপৰ-ৰায়ঝাৰত (ধুবুৰী জিলা) ১৯১৪ চনৰ জানুৱাৰী মাহৰ ০৬ তাৰিখে গঠন হৈছিল ক্ষত্ৰিয় সমিতিৰ (১৫)। ৰাজবংশী সকলে প্ৰত্যেক বছৰৰ ২৭ মাঘ তাৰিখে মহামিলন দিবস হিচাপে বংগৰ লগতে পশ্চিম অসমতো অতি ধুম-ধামেৰে পালন কৰে। পশ্চিম অসমত ক্ষত্ৰিয় আন্দোলনৰ স্মৃতিবহন কৰে ধুবুৰী জিলাৰ গৌৰিপুৰৰ গণেশ মন্দিৰৰ গাতে লাগি থকা ৰাজবংশী সকলৰ জাতিৰ পিতা পঞ্চানন বৰ্মাৰ মূৰ্তিটোয়ে।

আনহাতে গৱেষক তথা ৰাজবংশী বুদ্ধিজীবী অৰূপজ্যোতি দাসে লিখিছে যেঃ এতিয়াৰ কামতাপুৰ আন্দোলন যদি সাম্প্ৰতিক সময়ৰ আহ্বান, তেনেহলে ক্ষত্ৰিয় আন্দোলন সেই সময়ৰ আহ্বান আছিল (১৬)।’ গৱেষক অৰূপজ্যোতি দাসৰ কথাটো যদি সত্য হয় তেন্তে কামতাপুৰ আন্দোলন ক্ষত্ৰিয় আন্দোলনৰ চতুৰ্থ পৰ্যায়।

ক্ষত্ৰিয় আন্দোলনৰ যোগেদি ৰাজবংশী সকলে কোচ সকলক তুচ্ছ্য-তাচ্ছিল্য কৰিছিল এতিয়াও কমতাপুৰ আন্দোলনৰ জৰিয়তে ৰাজবংশী সকলে কোচ সকলৰ ইতিহাস ব্যবহাৰ কৰি অসম বিভাজন কৰিব বিচাৰি আছে। কোচ সকল এই কমতাপুৰ আন্দোলনৰ ঘোৰ বিৰোধী। অতীতত কমতাপুৰ নামে কোনো ৰাজ্য নাছিল।

কোচবিহাৰৰ ৰাজ আজ্ঞাত তথা কোচবিহাৰ ষ্টেটপ্ৰেচত মুদ্ৰিত খাঁ চৌধুৰী আমানত উল্লা চৌধুৰীয়ে লিখা ‘কোচবিহাৰেৰ ইতিহাস’ (পৃ-৯০) গ্ৰন্থত স্পষ্ট ভাবে লিখা আছে যে কমতাপুৰ কোচ ৰাজ্যৰ ৰাজধানীৰ নাম আছিল। কোচৰ সকলো বুৰঞ্জীৰ গ্ৰন্থত কমতাপুৰক কোচৰ তৃতীয় ৰাজধানী তথা এখন বৃহৎ নগৰ আছিল বুলি উল্লেখ আছে।

ৰাজবংশী সকলৰ জাতীয় পৰিচয়ৰ বাবে হোৱা সংগ্ৰামৰ বৰ্ণিল ইতিহাসৰ যথাসম্ভৱ সঠিক মূল্যায়ন, বিশ্লেষণ আৰু আলোচনা হোৱাটো সময়ৰ আহ্বান। এই প্ৰবন্ধত তাৰে কিঞ্চিৎ আভাষ দিয়াৰহে প্ৰয়াস কৰা হৈছে। এয়েই আছিল ৰাজবংশী ৰাইজৰ ক্ষত্ৰিয় আন্দোলন।

প্ৰসংগ সুত্ৰঃ

১. উত্তৰবঙ্গেৰ ইতিহাস ও সংস্কৃতি, প্ৰথম খণ্ড, সম্পা; ড: নৰেন্দ্ৰনাথ ৰায় ও অধ্যাপক বিনয় বৰ্মন, ছায়া পাবলিকেশন, কলকাতা-৭০০০৭৩, ২৩ জানুৱাৰী ২০১৭, পৃষ্ঠা-৭১.

২. অসমৰ কোচ-ৰাজবংশী জনজাতি, ড: দ্বিজেন্দ্ৰ নাথ ভকত, প্ৰকাশিকা: অনন্যা ভকত, ফেব্ৰুৱাৰী ২০১৪, পৃষ্ঠা-২১.

৩. গৰিয়সী,দ্বাত্ৰিংশ বছৰ, চতুৰ্থ সংখ্যা, ফেব্ৰুৱাৰী ২০২৫, ‘অসমৰ জনগোষ্ঠীয় সংস্কৃতি’, সম্পাদক; ড: ৰীতা চৌধুৰী, পৃষ্ঠা-৩৫.

৪. অসমৰ কোচ-ৰাজবংশী জনজাতি, পৃষ্ঠা-২১.

৫. ঐ; পৃষ্ঠা-৫৩.

৬. হাজং জনগোষ্ঠী, ২০১২ ইং ড: ইব্বাত আলী, প্ৰকাশকদ্বয়: মোঃ নুৰুল আমিন, এম.বি.এ, গুৱাঃ ৩৫, শ্ৰীমতী আমেনা খাতুন, এম.এ.বি.এড্, গোৱালপাৰা-৭৮৩১২৬, পৃষ্ঠা-৬৭ আৰু ১০৩.

৭. অসমৰ কোচ-ৰাজবংশী জনজাতি, পৃ-৫৫.

৮. ঐ; পৃ-৫৮.

৯. ৰাজবংশী সমাজ ও মনীষী পঞ্চানন বৰ্মা, দ্বিতীয় খণ্ড, ড: মাধৱ চন্দ্ৰ অধিকাৰী, প্ৰকাশক: তন্দ্ৰিতা ভাদুড়ী, কলকাতা-৭০০০৭৫, প্ৰথম প্ৰকাশ-২০২২, পৃষ্ঠা-৪৭.

১০. মনীষী পঞ্চানন ৰচনা সমগ্ৰ, প্ৰথম পৰ্ব, সম্পা; দীপক কুমাৰ ৰায়, বিনয় বৰ্মন, প্ৰকাশক: প্ৰদোষ ৰঞ্জন সাহা, এখন ডুয়াৰ্স, কলকাতা-৭০০১০৭, মে ২০২৩, পৃষ্ঠা- ১২২-১২৪.

১১. ৰাজবংশী সমাজ ও মনীষী পঞ্চানন বৰ্মা, দ্বিতীয় খণ্ড, পৃ-৩৪/৩৫.

১২. গৰিয়সী, জানুৱাৰী, ২০২৫, পৃ-৩৪.

১৩. ৰাজবংশী সমাজ ও মনীষী পঞ্চানন বৰ্মা, দ্বিতীয় খণ্ড, পৃ-৫৫.

১৪. উত্তৰবঙ্গেৰ ইতিহাস ও সংস্কৃতি, প্ৰথম খণ্ড, পৃ-৮৫/৮৬.

১৫. উত্তৰণ, মুখপত্ৰ, চাপৰ-ৰায়ঝাৰ আঞ্চলিক কোচ ৰাজবংশী সন্মিলনী ১১৪ সংখ্যক বহলপুৰ অধিবেশন-২০২৫, সম্পাদক-তিলক চন্দ্ৰ ৰায়, পৃ-০৪.

১৬. কোচ ৰাজবংশীৰ কামতাপুৰ সপোন, দিঠক নে মাথোঁ ইতিহাস, অৰূপজ্যোতি দাস, প্ৰকাশক: ব্লুস্পেৰ’বুকচ্, ২০১৫, পৃষ্ঠা-৮৭.

১৭. Identity Crisis A Study of the Rajbanshis of North Eastern India (1891-1979), Madhab Chandra Adhikary, AAYU PUBLICATIONS, New Delhi-110086, 1st Ed; 2015.

১৮. কোচ ৰাজবংশী সংস্কৃতি, সুভাষ চৌধুৰী, কোচ ৰাজবংশী কালচাৰেল ছ’চাইটি, ডিমলগাঁও, কোকৰাঝাৰ, ফেব্ৰুৱাৰী ২০২১, পৃষ্ঠা-০৬.

১৯. কোচবিহাৰেৰ ইতিহাস, প্ৰথম খণ্ড, খাঁ চৌধুৰী আমানত উল্লা আহমেদ,১৯৩৬, মডাৰ্ণ বুক এজেন্সী প্ৰাইভেট লিমিটেড, ২০১৯.

২০. অসমৰ কোচ-ৰাজবংশীঃ সংগ্ৰাম, পটভূমি আৰু ভৱিষ্যত, পৃ-৫৫, অৰূপজ্যোতি দাস, ব্লু ষ্পেৰ’ বুকচ্, পাঠশালা, বজালী, অসম, ২০২২.

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Editor

Editor

Related Posts

Boeing’s Safety Under Scrutiny: Are Its Aircraft Still Reliable After Repeated Incidents?
News

Boeing’s Safety Under Scrutiny: Are Its Aircraft Still Reliable After Repeated Incidents?

by Kakali Das
June 13, 2025
0

Boeing’s Safety Under Scrutiny: Are Its Aircraft Still Reliable After Repeated Incidents? KAKALI DAS Kakali Das The recent crash of...

Read moreDetails
Crash of Air India Flight AI171 Ignites Global Concerns Over Aviation Safety

Crash of Air India Flight AI171 Ignites Global Concerns Over Aviation Safety

June 13, 2025
Data breach and masking of data

তথ্য-শোষণ ! আমাৰ তথ্য–আমাৰ অধিকাৰ

June 13, 2025
icebergs floating in the water near a body of water

Greenland Ice Sheet Melted 17 Times Faster During May Heatwave

June 13, 2025
A “Nice Wake-Up Call” for Plastics Pollution Treaty

A “Nice Wake-Up Call” for Plastics Pollution Treaty

June 13, 2025
Air India Flight AI171 Crashes near Ahmedabad with 242 Onboard

Air India Flight AI171 Crashes near Ahmedabad with 242 Onboard

June 12, 2025
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d