ক্ষুদ্ৰ জাতিসত্ত্বাৰ ভাষা-সংস্কৃতিগত সংকট আৰু হলিউদী ভ্ৰাতৃত্ববোধৰ আখৰা
মানৱ জাতিৰ বুৰঞ্জীয়েই হ’ল আদর্শগত সংঘাতৰ বুৰঞ্জী৷
সভ্যতাৰ পাতনিৰে পৰাই এচামে পৃথিৱীৰ সমস্ত সম্পদ কুক্ষিগত কৰিবলৈ যত্ন কৰি আহিছে আৰু এচামে ইয়াৰ বিৰূদ্ধে সংগ্ৰাম অব্যাহত ৰাখিছে৷
মানুহ নৰবান্দৰৰ পৰা পৃথক হোৱাৰ প্ৰথম খোজ আছিল নিজৰ বাবে আজৰি সময়ৰ সৃষ্টি৷ মানুহৰ পাকস্থলীয়ে কেইবিধমান খাদ্যহে পোনপটীয়াকৈ হজম কৰিব পাৰে ৷ গতিকে জুইক নিয়ন্ত্ৰণৰ ক্ষমতা আয়ত্বৰ আগলৈকে আদিম মানুহৰ জীৱনৰ সৰহখিনি সময় গুছি গৈছিল খাব পৰা নির্দিষ্ট খাদ্যদ্ৰব্য কেইবিধ বিচাৰি বিচাৰি সংগ্ৰহ কৰোতে আৰু সংগৃহীত খাদ্যদ্ৰব্য খিনি চোবাই থাকোতে ৷
উদাহৰণ স্বৰূপে চিম্পাঞ্জী এটাই দিনটোৰ ৫ ঘন্টা সময় খাদ্য চোবাই থাকোতেই পাৰ হৈ যায়৷ এনে পৰিস্থিতিত খোৱাৰ বাহিৰে অন্য একো কথা ভাবিবৰ অৱকাশ নাথাকে৷ সেয়েহে বান্দৰে ছবি অঁকা বা সিংহই বেঞ্জো বজোৱাৰ পর্যায়লৈ ক্ৰমবিকাশ হোৱাৰ সম্ভাৱনা নাথাকে৷ জুইক নিয়ন্ত্ৰণৰ ক্ষমতা মানুহে আয়ত্ব কৰাৰ লগেলগে মানুহৰ খাদ্যদ্ৰব্যৰ পৰিসীমা হঠাতে বহুত বাঢ়ি গ’ল৷
আগতে মানুহৰ পাকস্থলীয়ে হজম কৰিব নোৱাৰা খাদ্যও জুইত সিদ্ধ কৰাৰ পাচত খাদ্যৰ যোগ্য হ’ল৷ লগতে চোবোৱাৰ বাবে প্ৰয়োজন হোৱা সময়ো কমি গ’ল৷ প্ৰাচীন পৃথিৱীৰ মানুহৰ সেই অৱস্থাতো আজিৰ আফ্ৰিকাৰ কালাহাৰি মৰুভূমিৰ আদিবাসী সকলে কমবেচি পৰিমাণে প্ৰতিনিধিত্ব কৰে৷ সেই সময়তে মানুহৰ হাতলৈ প্ৰথমবাৰৰ বাবে আজৰি সময় আহিছিল৷
এই আজৰি সময়ে মানুহৰ মনৰ সুকুমাৰ অনুভূতিবোৰ বিকাশ হ’বৰ বাবে অৱকাশ দিলে৷ সেয়ে সেই সময়ৰ আদিম মানুহে জুইক কেন্দ্ৰ কৰি নাচিছিল আৰু গুহাৰ বেৰত ছবি আঁকিছিল৷ সেই সময়ত মানুহৰ একমাত্ৰ সম্পত্তি আছিল জনসংখ্যা৷ সেয়া আছিল চিকাৰী আৰু সংগ্ৰাহকৰ সময় (Hunter and Gatherer)৷ জনসংখ্যা যিমানেই বাঢ়িব সিমানেই একো একোদল মানুহৰ নিৰাপত্তা আৰু সংগৃহীত আহাৰৰ পৰিমাণ বৃদ্ধি হ’ব ৷
সেয়া আছিল মাতৃতন্ত্ৰৰ সময়৷ সেই সময়ত সকলোৱে কেৱল সন্তানৰ মাতৃক চিনি পাইছিল, পিতৃ পৰিচয়ৰ কোনো মূল্য নাছিল৷ মানুহে কৃষিকর্ম কৰিবলৈ লোৱাৰ পাচতহে সমাজখন পুৰুষতান্ত্ৰিক হ’ল৷ সেয়া অন্যএক কাহিনী ৷
“মেঘালয় চৰকাৰে আজিলৈকে কোনো সংখ্যালঘূ বিভাগৰ সৃষ্টি কৰা নাই ৷ তথাপিও নীৰৱে চেংখাচী আন্দোলনে গতি লাভ কৰিছে ৷ আমাকো ধানখেৰৰ জুইৰ দৰে ক্ষণস্থায়ী ৰাষ্টাৰ চিঞৰবাখৰ কৰা আন্দোলন অথবা হাবিত লুকাই কৰা আন্দোলনতকৈ চেংখাচী আন্দোলনৰ দৰে নীৰৱ কিন্তু শতাধিক বছৰ জুৰি চলি থকা আন্দোলনৰহে প্ৰয়োজন ৷”
লাহে লাহে কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি হৈ ৰাহি হোৱাৰ এটা পৰ্যায় পোৱাৰ পাচতে সামন্ততান্ত্ৰিক সমাজ এখনৰ সূচনা হ’ল৷ ঠিক এই সময়ৰ পৰাই পৃথিৱীৰ বিভিন্ন ঠাইত বিশেষ ব্যক্তি বা ব্যক্তিগোটৰ প্ৰয়োজন মতে সমাজ সমূহৰ কায়িক গঠন প্ৰক্ৰিয়া আৰম্ভ হ’ল৷ সামন্ততন্ত্ৰৰ আগমণৰ পাচত সমাজ একোখনৰ আকৃতি আৰু প্ৰমূল্য সমূহ সামন্তবাদৰ প্ৰয়োজন অনুসৰিয়েই গঢ় দিয়াৰ কাম চলিবলৈ ধৰিলে ৷
একোটা সামন্ততন্ত্ৰ তিস্থি থাকিবলৈ অবিৰত ভাৱে উদ্বৃত্তৰ যোগাৰ ধৰিব পৰাখৈ এখন সুস্থিৰ কৃষক সমাজৰ অতি প্ৰয়োজন৷ সুস্থিৰ কৃষক সমাজ এখন তিস্থি থাকিবলৈ প্ৰয়োজন একগোট সুস্থিৰ মানুহৰ৷ সেয়ে সমাজত যৌথ পৰিয়ালৰ সৃষ্টি হ’ল ৷
মুদ্ৰা অর্থনীতিবিহীন আহোম ৰাজ্যৰ বাদে সমগ্ৰ পৃথিৱীৰ বিভিন্ন পর্যায়ৰ সামন্ততন্ত্ৰ বোৰত আমি যৌথ কৃষক পৰিয়ালকে দেখা পাওঁ৷ আহোম ৰাজ্যত পাইক প্ৰথাৰ বাবে উপযোগীকৈ একক পৰিয়ালকে প্ৰধান্য দিয়া হৈছিল৷ পৰিয়ালৰ মুৰব্বী পিতৃৰ বিয়োগৰ লগে লগে ককাইভাই বেলেগে ঘৰ কৰি থাকিবলৈ লৈছিল৷
ইউৰোপত উদ্যোগ বিপ্লৱৰ পাচত ধ্ৰুপদী সামন্ততন্ত্ৰৰ পতন ঘটিল আৰু সমাজৰ গতি প্ৰকৃতি আৰু প্ৰমূল্যবোৰৰ নিয়ন্ত্ৰণকাৰী হিচাপে পুঁজিবাদে দেখা দিলে৷ সেই সময়ৰ পৰা আজিলৈকে পুঁজিবাদেই সময়ে সময়ে তাৰ প্ৰয়োজন মতে সমাজ গঢ়ি বা ভাঙি লৈছে৷ সামন্ততন্ত্ৰৰ পতনৰ পাচত নতুন নতুনকৈ গঢ়ি উঠা উদ্যোগ বোৰত কাম কৰিবৰ বাবে মাটিৰ লগত সম্পর্কহীন এচাম শ্ৰমিকৰ প্ৰয়োজন হ’ল৷
যৌথ পৰিয়ালৰ বান্ধোনৰ মাজত থকা কৃষক সকল কাৰখানাৰ শ্ৰমিকৰ বাবে উপযোগী নহয়৷ গতিকে পুঁজিবাদৰ স্বার্থত যৌথ পৰিয়াল বোৰ ভাঙি একক পৰিয়াল সমূহ গঢ়ি তোলা হ’ল৷ সেই সময়ত সামাজিক পৰিস্থিতি এনেকুৱা কৰি পেলোৱা হ’ল যে খেতিয়কৰ হাতৰ পৰা ভূমি হেৰাই অসংখ্য ভূমিহীন লোকৰ সৃষ্টি হ’ল৷ ভূমিহীন লোকৰ সৃষ্টিৰ লগেলগে যৌথ পৰিয়ালবোৰ ভাঙি গ’ল৷
যৌথ খেতিয়ক পৰিয়ালবোৰ ভাঙি কৃষক সকলক একক পৰিয়ালযুক্ত শ্ৰমিক হিচাপে গঢ়ি তোলা হ’ল৷ পৰিয়ালৰ সকলোৱেই এডোখৰ ভূমিত একেলগে উৎপাদনৰ কামত ৰত হ’লেহে যৌথ পৰিয়ালবোৰ টিকি থকা সম্ভৱ৷ যৌথ পৰিয়ালৰ সদস্য সকলৰ মাজত যোগসূত্ৰ হ’ল ভূমি৷ কৃষকৰ হাতৰ পৰা ভূমিৰ দখল যোৱাৰ লগেলগে উমৈহতীয়া যোগসূত্ৰৰ অভাৱত যৌথ পৰিয়াল ভাগি একক পৰিয়াল বোৰৰ সৃষ্টি হ’ল৷
জীৱিকাৰ তাড়ণাত মানুহে বেলেগ বেলেগ ঠাইলৈ প্ৰব্ৰজন কৰি নতুন নতুন ঠাইত একক পৰিয়াল বোৰৰ সৃষ্টি কৰিলে৷ এই একক পৰিয়াল পৰিয়াল সমূহৰ মূলব্যক্তি জনৰ শ্ৰমৰ ওপৰত বাকী সকলে জীৱন ধাৰণ কৰিছিল৷ এজনে শ্ৰমিক হিচাপে কাম কৰি কোনোমতেহে গোটেই পৰিয়ালটোৰ বাবে জীৱিকা উলিয়াব পাৰিছিল৷
ডঃ হীৰেণ গোঁহায়ে তেখেতৰ “লষ্ট লাগিজ” গ্ৰন্থত (পৃষ্ঠা ৩০) ওঠৰ শতিকাৰ ইংলণ্ডত পুঁজিবাদে কেনেকৈ কৃষক সকলক দুর্ভগীয়া অঘৰী শ্ৰমিকলৈ পৰিবর্তন কৰিছিল তাক বৰ্ণনা কৰিছে৷ পুঁজিবাদেই এদিন জাতিৰাষ্ট্ৰ ধাৰণাটোৰ সৃষ্টি কৰিছিল৷
উত্তৰ আধুনিক যুগত পুঁজিবাদৰ ধৰণ কিছু সলনি হ’ল৷ এই সময়ত পুঁজিবাদৰ প্ৰথম লক্ষ্য আছিল এচাম পৰিয়াল বিহীন মানুহৰ সৃষ্টি কৰা৷ যান্ত্ৰিক বিজ্ঞানৰ অভাৱনীয় অগ্ৰগতিৰ লগেলগে একক পৰিয়াল বিশিষ্ট সাধাৰণ অদক্ষ শ্ৰমিকৰো প্ৰয়োজন কমি আহিল৷ গতিকে শ্ৰমিকৰ সংজ্ঞাই সলনি কৰি পেলোৱা হ’ল৷
শ্ৰমিক আইনৰ পৰিধিত নপৰাকৈ এতিয়া উদ্যোগিক প্ৰতিষ্ঠান সমূহত “প্ৰৱন্ধক” নামধাৰী এবিধ নতুন ধৰণৰ শ্ৰমিকৰ সৃষ্টি কৰা হৈছে৷ কিছুমান প্ৰতিষ্ঠানত এতিয়া ৮০% কর্মচাৰীয়েই তথাকথিত “প্ৰৱন্ধক”৷ প্ৰকৃততে এই সময়ত বৃহৎ পুঁজিয়ে আকৌ এবাৰ সমাজখন নিজৰ স্বার্থমতে নতুনকৈ সজ্জিত কৰি ল’ব বিচাৰিছিল৷ পৰিয়ালৰ ধাৰণাটো সমাজৰ পৰা নোহোৱা কৰি দিবৰ কাৰণে যত্ন কৰা হৈছিল৷
সেয়ে অনা হ’ল বিবাহৰ যোগেদি পৰিয়াল ৰচনাৰ পৰিবর্তে বিবাহ অবিহনে একেলগে বাস কৰাৰ ধাৰণাটো৷ আচলতে ৮ ঘন্টা কাম কৰি বাকী সময়খিনি পৰিয়ালক দিয়াটো মুনাফাৰ পিচত দৌৰি ফুৰা সকলৰ বাবে এক হজম কৰিব নোৱাৰা ধৰণৰ কথা ৷ যদি মানুহৰ পৰিয়াল নাথাকে তেন্তে দায়িত্বও কমি যাব সেই সময় খিন অধিক উৎপাদনৰ কামত ব্যৱহাৰ কৰিব পৰা যাব৷
“আজিৰ অসমত এনে পৰিবেশৰ সৃষ্টি কৰা হৈছে য’ত মানুহে ধাৰণা কৰিবলৈ বাধ্য হৈছে যে কৃষি এতিয়া আৰু লাভদায়ক বৃত্তি হৈ থকা নাই৷ অসমৰ বিভিন্ন গাঁও বোৰৰ ডেকাবোৰে খেতিবাতি বাদ দি নগৰবোৰলৈ ধাপলি মেলিছে ৷ অসমৰ গাঁৱৰ ডেকা সকলগৈ বাংগালুৰু, চেন্নাই, আহমেদাবাদ আদিত শ্ৰমিক হিচাপে কাম কৰিবলৈ ভিৰ কৰিছেগৈ৷ খেতিপথাৰ বোৰ চন পৰি ৰৈছে৷ বিহু পাতিবলৈ গাঁওবোৰত ডেকা ল’ৰা নোহোৱা হ’ল৷”
এই ধাৰণাৰে ফল হ’ল লাহে লাহে অৱলুপ্তি হ’বলৈ আৰম্ভ কৰা পৰিয়ালৰ ধাৰণা৷ তথাকথিত কর্ম সংস্কৃতিৰ নামত মানুহক বৌদ্ধিক সংস্কৃতি বিহীন কৰি আগতে উল্লেখ কৰি অহা নৰবান্দৰৰ পর্যায়লৈ লৈ যাবলৈ সকলো বন্দোৱস্ত ইতিমধ্যে কৰি পেলোৱা হৈছে৷ বর্তমান এখন উন্নত দেশত মানুহে সপ্তাহত ৪০-৪৫ ঘন্টা কাম কৰিব লাগে৷ সেইদৰে উন্নয়নশীল দেশবোৰত মানুহে সপ্তাহত ৬০-৮০ ঘন্টা পর্যন্ত কাম কৰিব লাগে৷
আনহাতে কালহাৰি মৰুভূমিৰ অঘৰী সকলে সপ্তাহত ৩০-৩৫ ঘন্টা কাম কৰিলেই হয়৷ অর্থাৎ তেওঁলোকে দিনটোত খাদ্যৰ নামত ৩-৬ ঘন্টা খৰচ কৰিলেই হয়৷ মানুহে খাদ্য ৰন্ধনৰ নামত আচলতে ১ ঘন্টা ব্যয় কৰিলেই হয়৷ এতিয়া ব্যৱসায় প্ৰতিষ্ঠান সমূহে কর্মসংস্কৃতিৰ নামত মানুহৰ সময়ো অপহৰণ কৰিবলৈ আৰম্ভ কৰিছে৷ দিনটো পৰিশ্ৰম কৰি (শাৰিৰীক বা মানসিক) ৰাতি ভাগৰুৱা ব্যক্তিজনে কোনো সুকুমাৰ চিন্তা কৰিবলৈ সক্ষম নহয়গৈ৷
এইদৰে বৃহৎ পুঁজিৰ পৃষ্ঠপোষকতাত এনে এখন যান্ত্ৰিক সমাজ লাহে লাহে গঢ়ি তোলা হৈছে য’ত কিছুমান যন্ত্ৰ সদৃশ মানুহে উদয়াস্ত পৰিশ্ৰম কৰিব এচামৰ অতত পৃথিৱীৰ সমস্ত সম্পদ তুলি দিবলৈ৷ অৱশ্যে পৰিয়ালবিহীন পৃথিৱীৰ সৃষ্টি কৰিৰ বিচৰা খেলটোৱে দুমুখীয়া তৰোৱালৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰিছে৷
সময় আাৰু পৰিয়ালবিহীন মানুহ বোৰে সন্তান জন্ম দিবলৈ অনীহা প্ৰকাশ কৰা আৰম্ভ কৰাত চীন, জাপান জার্মানী আদি উন্নত দেশবোৰ যুৱশক্তিৰ অভাৱত ভূগিবলৈ আৰম্ভ কৰিছে৷ গতিকে পৰিয়ালৰ গুৰুত্ব হয়তো বৃহৎ পুঁজিয়েই এদিন পুণৰ ওভোটাই আনিব৷
সংস্কৃতি জীয়াই থাকিলেই মানুহ আত্মপৰিচয়ৰ প্ৰতি সচেতন হ’ব৷ আত্মপৰিচয়ৰ প্ৰতি সচেতন হ’লেই বিভিন্নতা বর্তি থাকিব৷ এই বিভিন্নতা বহুজাতিক প্ৰতিষ্ঠান সমূহৰ ব্যৱসায়ৰ বাবে অনুকুল নহয়৷ মাটিৰ লগত সম্পর্ক থকা খেতিয়ক ৰাইজেহে সংস্কৃতি ৰক্ষা কৰিব পাৰে৷ গতিকে মাটিৰ লগত সম্পর্ক নথকা কোনো সংস্কৃতিগত বৈচিত্ৰ্যহীন এচাম মানুহৰ বাবে বিশ্বজুৰি প্ৰচেষ্টা লোৱা হৈছে৷
কিন্তু সকলো ঠাইতে বৃহৎ পুঁজিৰ বিকাশ সমপর্যায়ৰ নহয়৷ গতিকে যিবোৰ ঠাইত বৃহৎ পুঁজিৰ বিকাশ কম তেনে ঠাইত সস্তীয়া শ্ৰমিক সৃষ্টিৰ আশাৰে ওঠৰ শতিকাৰ ইংলণ্ডৰ দৰে আকৌ এচাম মাটিবিহীন লোকৰ সৃষ্টি কৰাৰ প্ৰয়াস চলিছে৷ এনে প্ৰয়াস বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমতো চলিছে৷ আজি কৃষকে কৃষিকর্মৰ উপযুক্ত মূল্য নাপাই কৃষিকর্ম ত্যাগ কৰিছে৷
“এসময়ত হলিউদৰ তথাকথিত “কাওবয়” বোলছবি সমূহত খলনায়ক আছিল ‘ৰেড ইণ্ডিয়া’ নামেৰে অভিহিত স্থানীয় আমেৰিকান সকল আৰু ত্ৰাণকর্তা আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ অশ্বাৰোহী সেনাবাহিনী৷ সেয়া আছিল স্থানীয় আমেৰিকান সকলৰ বিৰূদ্ধে পমুৱা শ্বেতাংগ আমেৰিকান সকলৰ আগ্ৰাসনৰ সময়৷ শ্বেতাংগ আমেৰিকান সকলে স্থানীয় আমেৰিকান সকলৰ বিৰূদ্ধে সম্পন্ন কৰা অসংখ্য যুদ্ধ অপৰাধত ঢাকনি মাৰিবলৈ “কাওবয়” বোলছবি সমূহতকৈ উপযুক্ত অন্য একো নাছিল৷”
আজিৰ অসমত এনে পৰিবেশৰ সৃষ্টি কৰা হৈছে য’ত মানুহে ধাৰণা কৰিবলৈ বাধ্য হৈছে যে কৃষি এতিয়া আৰু লাভদায়ক বৃত্তি হৈ থকা নাই৷ অসমৰ বিভিন্ন গাঁও বোৰৰ ডেকাবোৰে খেতিবাতি বাদ দি নগৰবোৰলৈ ধাপলি মেলিছে ৷ অসমৰ গাঁৱৰ ডেকা সকলগৈ বাংগালুৰু, চেন্নাই, আহমেদাবাদ আদিত শ্ৰমিক হিচাপে কাম কৰিবলৈ ভিৰ কৰিছেগৈ৷ খেতিপথাৰ বোৰ চন পৰি ৰৈছে৷ বিহু পাতিবলৈ গাঁওবোৰত ডেকা ল’ৰা নোহোৱা হ’ল৷
গাঁওবোৰত খেতিয়কে মাটি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে৷ আমাৰ সংস্কৃতিৰ ঘাইখুটা হ’ল খেতিয়ক ৰাইজ৷ আমাৰ উৎসৱ পার্বনো মূলতঃ কৃষিভিত্তিক৷ এই কৃষক সমাজখন শ্ৰমিক সমাজলৈ ৰূপান্তৰণ সম্পূর্ণ হোৱাৰ লগেলগে কৃষি-সংস্কৃতি হৈ পৰিব সম্পূর্ণ অপ্ৰাসঙ্গিক৷
ইয়াৰ পিচৰ পর্যায়ত কৃষকৰ পৰা সকলো ভূমি ক্ৰয় কৰি লৈ লোৱা হ’ব ৷ “মাটিৰ কোনো মূল্য নাই”-এনে এটি ধাৰণা ইতিমধ্যে কৃষক ৰাইজৰ মনত সোমাই গৈছেই৷ কাৰখানাত কাম কৰিবলৈ মাটিৰ প্ৰতি মোহ থকা খেতিয়কৰ প্ৰয়োজনীয়তা অতি কম৷ গতিকে অসমৰ মানুহক মাটি বিক্ৰী কৰিবলৈ বাধ্য কৰাৰ দৰে পৰিৱেশৰ সৃষ্টি কৰা হৈছে৷
ইয়াৰ পাচৰ পর্যায়ত কি হ’ব তাৰ ধাৰণা আমি পাওঁ হলিউদী চলচিত্ৰত হোৱা পৰিবর্তন বোৰৰ পৰা৷ আজিৰ পৃথিৱীত সকলো বৃহৎ পুঁজিৰ ভিতৰত আমেৰিকান সাম্ৰাজ্যবাদেই সকলোতকৈ শক্তিশালী আৰু সুসংগঠিত৷ আমেৰিকান পুঁজিবাদৰ সকলোতকৈ শক্তিশালী মুখপাত্ৰ হ’ল হলি্উদ নামেৰে জনপ্ৰিয় বোলছবি উদ্যোগটো৷
হলিউদৰ বোলছবি বোৰ সূক্ষভাৱে নীৰীক্ষণ কৰিলে আমেৰিকান সাম্ৰাজ্যবাদৰ তথা গোলকীয় পুঁজিবাদৰ শেহতীয়া গতিবিধি আৰু দিশ সম্পর্কে পূর্বানুমান কৰিব পাৰি৷ “হলিউদ”ৰ বোলছবি বোৰৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন নীতি বোৰক বিপনন কৰি অহাৰ এক পুৰণি ইতিহাস আছে৷
আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথম বিশ্বযুদ্ধত অংশলোৱাৰ সপক্ষে জনমত গঠন কৰিবলৈ ১৯১৭ চনত আমেৰিকান ৰাষ্ট্ৰপতি উদ্ৰু উইলচনে গঠনকৰি দিয়া “জনতথ্য সমিতি” (Committee on Public Information) নামৰ সংস্থাটোৰ সভাপতি জর্জ ক্ৰীল (George Creel) নামৰ ব্যক্তি জনে হলিউদৰ বোলছবি সমূহৰ ভূমিকাৰ বিষয়ে সবিশেষ লিপিবদ্ধ কৰি গৈছে৷ ক্ৰীলৰ ভাষাত এই বোলছবি সমূহে “carrying the gospel of Americanism to every corner of the globe”|
হলিউদৰ লগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগ, CIA আৰু অন্য চৰকাৰী বিভাগ সমূহৰ সহযোগিতাৰ কথা বিভিন্ন সময়ত পোহৰলৈ আহিয়েই আছে৷ ২০১৩ চনত বেন আফ্লেক (Ben Affleck’s) নামৰ লোকজনে পৰিচালনা কৰা বোলচবি “আৰ্গো”লৈ অস্কাৰ প্ৰদানৰ ঘোষণাই পুণৰাই “হোৱাইট হাউচ” আৰু “হলি্উদ” কিমান নিকট তাক পুণৰাই স্পষ্ট কৰিছে৷
“এই পৰিস্থিতিত আবিৰ্ভাৱ হ’ল এবিধ সম্পূর্ণ নতুন ধৰণৰ খলনায়কৰ৷এইবাৰ এই দু্ই উদ্যোগৰ বাবে জনপ্ৰিয় খলনায়ক হ’ল কোনো বর্হিঃপার্থিৱ জীৱ, কোনো আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী গোট, সমগ্ৰ পৃথিৱীৰ বিৰূদ্ধে যুদ্ধ ঘোষণা কৰা কোনো ধনী ব্যৱসায়ী, মিডিয়া বেৰণ অথবা কোনো একনায়কত্ববাদী শাসক৷ এই সামূহিক শত্ৰুৰ বিৰূদ্ধে আমেৰিকাৰ সৈন্যবাহিনী বা জেমচ্ বণ্ডৰ নেতৃত্বত সমষ্ট পৃথিৱীয়ে একগোট হৈ যুদ্ধ কৰে৷ এক কথাত বিশ্বভ্ৰাতৃত্ববোধৰ জয়গান৷ দেখাত এক সুন্দৰ আদর্শ ৷”
উল্লেখযোগ্য যে “আর্গো” আছিল এখন ইৰাণ বিৰোধী ছবি আৰু সেই ছবিখনলৈ অস্কাৰ ঘোষণা কৰিছিল মিছেল ওবামাই৷
আমেৰিকা সাম্ৰাজ্যবাদৰ সমকালীন নীতি হলিউদৰ বোলছবি বোৰত সদায়েই প্ৰতিফলিত হয়৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতিবোৰ প্ৰকৃততে নির্দেশ কৰে হলিউদৰ বোলছবি বোৰৰ খলনায়ক সকলে৷ সেয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতিৰ সলনিৰ লগে লগে হলিউদৰ বোলচবিৰো খলনায়ক বোৰ সলনি হয়৷
এসময়ত হলিউদৰ তথাকথিত “কাওবয়” বোলছবি সমূহত খলনায়ক আছিল ‘ৰেড ইণ্ডিয়ান’ নামেৰে অভিহিত স্থানীয় আমেৰিকান সকল আৰু ত্ৰাণকর্তা আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ অশ্বাৰোহী সেনাবাহিনী৷ সেয়া আছিল স্থানীয় আমেৰিকান সকলৰ বিৰূদ্ধে পমুৱা শ্বেতাংগ আমেৰিকান সকলৰ আগ্ৰাসনৰ সময়৷
শ্বেতাংগ আমেৰিকান সকলে স্থানীয় আমেৰিকান সকলৰ বিৰূদ্ধে সম্পন্ন কৰা অসংখ্য যুদ্ধ অপৰাধত ঢাকনি মাৰিবলৈ “কাওবয়” বোলছবি সমূহতকৈ উপযুক্ত অন্য একো নাছিল৷ দ্বিতীয় বিশ্বযুদ্ধৰ ঠিক আগতে বা চলি থকাৰ সময়ত হলিউদৰ লক্ষ আছিল জার্মান সাম্ৰাজ্যবাদ৷১৯৩৯ চনত মুক্তি পোৱা Confessions of a Nazi Spy বা ১৯৪০ চনত মুক্তি পোৱা The Great Dictator আছিল এনেধৰণৰ ছবি৷
দ্বিতীয় বিশ্বযুদ্ধৰ পাচত হলিউদৰ বোলছবিত খলনায়কৰ স্থান ল’লে কমিউনিষ্ট বিশ্বই৷ এই বোলছবি বোৰক বর্তমান Cold war Film বোলা হয়৷
১৯৮৯ চনত ছোভিয়েট ইউনিয়নৰ পতনৰ পাচত বিশ্বত শক্তিৰ ভাৰসাম্য বিনষ্ট হ’ল৷ তেতিয়াৰ পৰা হলিউদৰ বোলছবি বোৰত সূক্ষ পৰিবর্তনে দেখা দিলে৷ কাৰণ হলিউদ আৰু ইয়াৰ টেমেকা বিট্ৰিচ চলচিত্ৰ উদ্যোগৰ বাবে শক্তিশালী আদর্শগত প্ৰতিদ্বন্দ্বী নোহোৱা হ’ল৷ আনহাতে হলিউদ আৰু বিট্ৰিচ চলচিত্ৰ উদ্যোগৰ বাবে নতুন খলনায়ক লাগেই ৷ এই পৰিস্থিতিত আবিৰ্ভাৱ হ’ল এবিধ সম্পূর্ণ নতুন ধৰণৰ খলনায়কৰ ৷
এইবাৰ এই দু্ই উদ্যোগৰ বাবে জনপ্ৰিয় খলনায়ক হ’ল কোনো বর্হিঃপার্থিৱ জীৱ, কোনো আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী গোট, সমগ্ৰ পৃথিৱীৰ বিৰূদ্ধে যুদ্ধ ঘোষণা কৰা কোনো ধনী ব্যৱসায়ী, মিডিয়া বেৰণ অথবা কোনো একনায়কত্ববাদী শাসক৷ এই সামূহিক শত্ৰুৰ বিৰূদ্ধে আমেৰিকাৰ সৈন্যবাহিনী বা জেমচ্ বণ্ডৰ নেতৃত্বত সমষ্ট পৃথিৱীয়ে একগোট হৈ যুদ্ধ কৰে৷
এক কথাত বিশ্বভ্ৰাতৃত্ববোধৰ জয়গান৷ দেখাত এক সুন্দৰ আদর্শ৷ কাৰণ এই আদর্শই এক মানৱ জাতি, এক ভাষা আৰু এক সংস্কৃতিৰ পোষকতা কৰে৷ অর্থাৎ বিশ্বভ্ৰাতৃত্ববোধৰ কাৰণে ক্ষুদ্ৰ ক্ষু্দ্ৰ ভাষা, সংস্কৃতি আৰু জাতি সমূহ এক বৃহৎ সংস্কৃতিত জীন যাব লাগিব৷ কাৰণ এনে এক সমাজেহে বৃহৎ পুঁজিৰ স্বার্থ বেচি ভালকৈ পুৰণ কৰিব পাৰে৷
এই প্ৰস্তাৱিত বৃহৎ সংস্কৃতিৰ গতিপ্ৰকৃতি একো একোখন অদৃশ্য হাতে নিয়ন্ত্ৰণ কৰিব৷ এয়া হ’ল এক নতুন ধৰণৰ বিশ্বভ্ৰাতৃত্ববোধৰ আখৰা৷
এইখিনিতে উল্লেখ কৰিব লাগিব যে বানিজ্যৰ সূচল প্ৰসাৰৰ যোগেদি পৃথিৱীৰ সমস্ত সম্পদ কুক্ষিগত কৰিবলৈ যত্ন কৰি থকা বৃহৎ পুঁজিৰ মাজতো আমি তাত্ত্বিক দ্বন্দ্ব লক্ষ্য কৰিছোঁ৷ এচামে সদায়েই ক্ষুদ্ৰজাতীয়তাবাদক পৃষ্ঠপোষকতা কৰি মৌলিক অর্থনৈতিক সমস্যাবোৰৰ পৰা সাধাৰণ মানুহৰ দৃষ্টি আঁতৰাই ৰাখিবলৈ যত্ন কৰে৷
ক্ষুদ্ৰ জাতিসত্বা সমূহক এটা বাহ্যিক আত্মপৰিচয় প্ৰতিষ্ঠাৰ সংগ্ৰামত ব্যস্ত ৰাখি মৌলিক অর্থনৈতিক সমস্যাবোৰৰ পৰা সাধাৰণ মানুহৰ দৃষ্টি আঁতৰাই ৰাখিবলৈ যত্ন কৰে৷ ক্ষুদ্ৰ জাতিসত্ত্বা সমূহক এটা বাহ্যিক আত্মপৰিচয় প্ৰতিষ্ঠাৰ সংগ্ৰামত ব্যস্ত ৰাখি মৌলিক অর্থনৈতিক প্ৰশ্নবোৰৰ পৰা দৃষ্টি আঁতৰাই ৰাখিবলৈ এই শ্ৰেণীৰ অর্থনৈতিক সাম্ৰাজ্যবাদী সকল সদায়েই সচেষ্ট হৈ থাকে ৷
কিন্তু এই প্ৰক্ৰিয়াত সামাজিক অস্থিৰতাৰ সৃষ্টি হয়৷ যাৰফলত দীর্ঘদিনীয়া অর্থনৈতিক কার্যকলাপ বাধাগ্ৰস্ত হ্য়৷ তদুপৰি এনেধৰণৰ ৰোমান্টিক বিষয় সমূহলৈ মানুহক দীর্ঘদিনৰ বাবে অর্থনৈতিক প্ৰশ্ন সমূহৰ পৰা দুৰত ৰখাও সম্ভৱ নহয়৷
অসমত ভাষা আন্দোলন, বিদেশী বহিষ্কৰণ আন্দোলন (প্ৰথমে বহিৰাগত বিৰোধী আন্দোলন), বিচ্ছিন্নতাবাদী আন্দোলন আদি বিভিন্ন সময়ত হোৱা আন্দোলনবোৰ অসাৰ প্ৰতিপন্ন হোৱাৰ কাৰণটো হ’ল প্ৰতিটোৱেই মানুহৰ মৌলিক অর্থনৈতিক প্ৰশ্নবোৰক সম্বোধন কৰাৰ ব্যর্থ হৈছিল ৷ বৃহৎ পুঁজিৰ একাংশই এনেধৰণৰ আন্দোলনৰ পৃ্ষ্ঠপোষকতা কৰিলেও গৰিষ্ঠসংখ্যকে সামাজিক অস্থিৰতাৰ পৰিবর্তে সুস্থিৰভাৱে সম্পদ আহৰণ কৰাতহে গুৰত্ব দিয়ে৷
সেয়ে অর্থনৈতিক সাম্ৰাজ্যবাদে উদ্যোগ বিপ্লৱৰ পাচৰে পৰাই সাংস্কৃতিক সমসত্বকৰণ প্ৰক্ৰিয়াক নানা ৰূপত পৃষ্ঠপোষকতা কৰি আহিছে৷
সমগ্ৰ পৃথিৱীৰ সাংস্কৃতিক আৰু ভাষিক বৈচিত্ৰক নাশ কৰি এক সমসত্ব সমাজ গঢ়াৰ বাবে অভিযান কেতিয়াবাই আৰম্ভ হৈ গৈছে৷ আমি এতিয়াই সাংস্কৃতিক আৰু ভাষিকভাৱে বৈশিষ্টহীন জাতিলৈ ৰূপান্তৰ হ’বলৈ বেচি সময় নালাগে৷ এই ধাৰা ৰোধ কৰিবলৈ হ’লে আমি প্ৰথমে আমাৰ কৃষক সমাজখন ৰক্ষা কৰিবই লাগিব৷ ইয়াকে কৰাৰ প্ৰথম চর্ত হ’ল খিলঞ্জীয়া ৰাইজে কোনো পৰিস্থিতিতে বহিৰাগতক মাটি বিক্ৰি নকৰাৰ পণ ল’ব লাগিব৷
ইতিমধ্যে অসমৰ গাঁৱেভূঞে মাটিৰ দালালে উচ্চমূল্যত বহিৰাগতক ভূমি বিক্ৰি কৰি অহাৰ খবৰ কাকতেপত্ৰই পাই আহিছোঁ৷ ই নিশ্চয় শুভলক্ষণ নহয়৷ সাংস্কৃতিক আৰু ভাষিক বৈচিত্ৰক ৰক্ষাৰ অভিযানত আমি সহযাত্ৰীৰ সন্ধান কৰাটো অতি প্ৰয়োজনীয়৷
কাৰণ অৰ্থনৈতিক সাম্ৰাজ্যবাদৰ সমান্তৰালকৈ সাংস্কৃতিক সাম্ৰাজ্যবাদৰ বিৰূদ্ধে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্বা সমূহে ক্ষুদ্ৰ শক্তিৰে যি সংগ্ৰাম চলাই আহিছে তাক সাম্ৰাজ্যবাদী শক্তি সমূহৰে প্ৰতিনিধি স্বৰূপ বৃহৎ প্ৰচাৰ মাধ্যম সমূহে কেতিয়াও পোহৰলৈ আহিবলৈ দিয়া নাই ৷
আমাৰ উত্তৰপূৱ ভাৰততে সাংস্কৃতিক সাম্ৰাজ্যবাদৰ বিৰূদ্ধে নিজৰ ধর্ম আৰু সংস্কৃতি ৰক্ষাৰ উদ্দে্শ্যে শতিকা জুৰি আমাৰ চুবুৰীয়া এচাম খাচী লোকে যি আপোচ বিহীন সংগ্ৰাম চলাই আহিছে সি এতিয়াও প্ৰায় অন্ধকাৰতে আছে৷
খ্ৰীষ্টান ধর্মৰ আগ্ৰাসনে খাচী সকলৰ প্ৰাচীন ধর্ম আৰু সংস্কৃতি বিলুপ্তিৰ পর্যায়লৈ লৈ যোৱাৰ সময়তে ১৮৯৯ চনৰ ২৩ নৱেম্বৰত খাচী নেতা ‘উ বাবু জীৱন ৰয়’ নামৰ ব্যক্তি জনে আৰম্ভ কৰিছিল “চেংখাচী” নামৰ ধর্মীয় সাংস্কৃতিক আন্দোলনটোৰ ৷ যোৱা ১০০ বছৰে অতি প্ৰতিকূল পৰিস্থিতিত কোনো পৃষ্ঠপোষকতা অবিহনে খ্ৰীষ্টান সকলৰ অসহিষ্ণুতা আৰু অপপ্ৰচাৰৰ মাজেৰে এই আন্দোলনটো চলি আছে ৷
আজিও মেঘালয়ৰ বিদ্যালয় কিছুমানত “চেং খাচী” সকলৰ বিৰূদ্ধে অপপ্ৰচাৰ চলোৱাত খ্ৰীষ্টান মিচনেৰী সকলৰ নীৰৱ সমর্থন এই লেখকে নিজ চকুৰে প্ৰত্যক্ষ কৰাৰ অভিজ্ঞতা হৈছে ৷ বিট্ৰিচ সকলৰ দিনত আনকি চেংখাচী সকলৰ কিছুমান ধর্মীয় অনুষ্ঠান নিষিদ্ধও কৰা হৈছিল ৷ আজিও সংখ্যালঘূ চেংখাচী সকল সংখ্যাগৰিষ্ঠ খ্ৰীষ্টান সকলৰ বৈষম্যৰ বলি হৈ আহিছে (The Telegraph, Monday, January 6 , 2014 )৷
আনকি মেঘালয় চৰকাৰে আজিলৈকে কোনো সংখ্যালঘূ বিভাগৰ সৃষ্টি কৰা নাই ৷ তথাপিও নীৰৱে চেংখাচী আন্দোলনে গতি লাভ কৰিছে ৷ আমাকো ধানখেৰৰ জুইৰ দৰে ক্ষণস্থায়ী ৰাষ্টাৰ চিঞৰবাখৰ কৰা আন্দোলন অথবা হাবিত লুকাই কৰা আন্দোলনতকৈ চেংখাচী আন্দোলনৰ দৰে নীৰৱ কিন্তু শতাধিক বছৰ জুৰি চলি থকা আন্দোলনৰহে প্ৰয়োজন ৷
এনে আন্দোলনহে একোটা জাতিক জীৱনীশক্তি যোগোৱাৰ লগতে আমাৰ সংস্কৃতি আৰু মাটি ৰক্ষা কৰিব৷ হলিউদী সমসত্ব পৃথিৱীতকৈ আমাক এখন বৈচিত্ৰময় পৃথিৱীৰহে বেচি প্ৰয়োজন৷
তথ্য সূত্ৰ:
১. লষ্ট লাগিজ, ডঃ হীৰেণ গোঁহাই, জ্যোতি প্ৰকাশন, গুৱাহাটী-১, ১৯৯৬
২. Hollywood, The American Image and The Global Film Industry, Andrew Ali Ibbi, CINEJ Cinema Journal, Volume 3.1 (2013)
৩.Sapiens: A brief History of Human Kind, Yuval Harari, Harper Collins, 2014
Images from different sources
Dr. Raktim Ranjan Saikia, Author, and Assistant Professor of J.B. College, Assam (India)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)