• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, May 20, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Tech Science

ক্ষুধার্ত্ত কৃষ্ণ গহ্বৰে কাষৰ গ্ৰহক ৰিক্ত কৰিব পাৰে

-ড০ ৰাস্না ৰাজখোৱা

by Anjan Sarma
June 27, 2021
in Science, Tech
Reading Time: 1 min read
0
ক্ষুধার্ত্ত কৃষ্ণ গহ্বৰে কাষৰ গ্ৰহক ৰিক্ত কৰিব পাৰে
Share on FacebookShare on TwitterShare on LinkedIn

-ড০ ৰাস্না ৰাজখোৱা |

বিজ্ঞানীসকলে পৃথিৱীৰ উপৰিও আন গ্ৰহত জীৱৰ অস্তিত্ব আৰু বাসোপযোগী স্থান বিচাৰি গৱেষণা কৰি থকাৰ সময়তে আন এটা গুৰুত্বপূৰ্ণ পৰিঘটনাৰ বিষয়ে অৱগত হৈছে। জ্যোৰ্তিবিদসকলে অতি শেহতীয়াকৈ কৰা গৱেষণাৰ ফলত হাতীপটি তাৰকাৰাজ্য আৰু বিশ্বব্ৰহ্মাণ্ডৰ আন আন তাৰকাৰাজ্যসমূহৰ বাসোপযোগী গ্ৰহসমূহক কৃষ্ণ গহ্বৰে (Black holes) অনুপযোগী কৰিব পাৰে সেই তথ্য পোহৰলৈ আহিছে।

RelatedPosts

Is Artificial Intelligence a Friend or Foe to the Environment?

Is Artificial Intelligence a Friend or Foe to the Environment?

May 18, 2025
Alvin Toffler’s Books and the AI Era

Alvin Toffler’s Books and the AI Era

May 18, 2025
ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

May 5, 2025

          যিকোনো তাৰকাৰাজ্যৰ কেন্দ্ৰভাগ অতি বিপদজনক। কেন্দ্ৰভাগত সংঘটিত হোৱা চুপাৰন’ভা বিস্ফোৰণৰ কাৰণে কাষৰ গ্ৰহেবাৰলৈ যথেষ্ট পৰিমাণে এক্স ৰশ্মি আৰু গামা ৰশ্মিৰ বিকিৰণ হৈ থাকে। এনেকৈয়ো ক’ব পাৰি যে কাষৰ গ্ৰহসমূহে  এক্স ৰশ্মি আৰু গামা ৰশ্মিৰে গা-ধুই থাকে। অতিবেঙুনীয়া ফ’টনে গ্ৰহত থকা অ’জন গেছৰ যিকোনো স্তৰকে ধবংস কৰি পেলায়। গামা ৰশ্মিৰ বিস্ফোৰণ প্ৰঘাতী তৰংগতকৈও (shock waves) বেছি ক্ষতিকাৰক, যিকোনো পৰিস্থিতি তন্ত্ৰক পাহৰণিৰ গৰ্ভলৈ লৈ যাব পাৰে। ‘আমেৰিকান চায়েন্স ডেইলী’নামৰ আলোচনীখনত প্ৰকাশ পোৱা মতে,  ওচৰৰ কোনো গ্ৰহৰ লগত গামা ৰশ্মিৰ সংঘাত হ’লে গ্ৰহটোক তাৰ বাসস্থানৰ পৰা আনকি আতঁৰাই পঠাবও পাৰে। হাভাৰ্ড-স্মিথচনিয়ান চেণ্টাৰ ফৰ এষ্ট্ৰ’ফিজিক্সৰ বিজ্ঞানী আব্ৰাহম ল’বে কয়, ‘হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰভাগৰ পৰা এক কিলো পাৰচেক ( ১ পাৰচেক = ৩.৬ আলোক বৰ্ষ) ভিতৰত জীৱন ইমান সহজ হ’ব বুলি আশা নকৰো। কিন্তু এতিয়া আমি তালিকাৰ শীৰ্ষস্থানত আৰু এটা ভয়লগা কাৰক অৰ্ন্তভুক্ত কৰিব পাৰো। সেইয়া হ’ল বেছি ভৰৰ কৃষ্ণ গহ্বৰসমূহ।’

       যিকোনো ডাঙৰ তাৰকাৰাজ্যৰ কেন্দ্ৰভাগত অতিশয় ভৰযুক্ত বৃহৎ একোটা কৃষ্ণ গহ্বৰে অৱস্থান কৰে। বিভিন্ন গৱেষণা আৰু অধ্যয়নৰ পিছত জ্যোৰ্তি বিজ্ঞানীসকলে মত প্ৰকাশ কৰে যে, তাৰকাৰাজ্যৰ কেন্দ্ৰত থকা অত্যাধিক ভৰৰ কৃষ্ণ গহ্বৰটোৰ কাৰণে কোৱাছাৰ সৃষ্টি হয়। কৃষ্ণ গহ্বৰটোৰ অত্যাধিক ভৰৰ কাৰণে মহাকৰ্ষণো অত্যাধিক হয় আৰু ইয়াৰ ওচৰে পাজৰে থকা নক্ষত্ৰ, গ্ৰহেবাৰ সহজে  আকৰ্ষিত হৈ কৃষ্ণ গহ্বৰটোৰ ফালে গতি কৰে। এই গ্ৰহ-নক্ষত্ৰেবাৰ প্ৰবলভাৱে আকৰ্ষিত হৈ কৃষ্ণ গহ্বৰটোৰ ফালে আহি থকা সময়ত প্ৰচণ্ড ঘৰ্ষণৰ কাৰণে আৰু আন কিছুমান পৰিঘটনাৰ বাবে কৃষ্ণ গহ্বৰটোৰ চাৰিওফালে এখন কাঁহী সদৃশ বস্তুৰ সৃষ্টি হয়। ইয়াকেই কোৱাছাৰ বুলি কোৱা হয়। আকৌ অত্যাধিক ভৰৰ কৃষ্ণ গহ্বৰটোৰ প্ৰচণ্ড মহাকৰ্ষণে এটা নক্ষত্ৰক আকৰ্ষণ কৰি টানি আনোতে কৃষ্ণ গহ্বৰটোৰ দুই মেৰুৰ পৰা বিপৰীত দিশত টানি থোৱা ৰছী এডালৰ দৰে শক্তিশালী বিকিৰণ নিৰ্গত হয়। ইয়াকে মহাজাগতিক জেট বা ঝৰণা (cosmic jet) বুলি কোৱা হয়। কোৱাচাৰে যথেষ্ট পৰিমাণে ৰেডিঅ’ তৰংগ বিকিৰণ কৰে। তাৰোপৰি কাষৰ যিকোনো গ্ৰহক প্ৰতিশোধ লোৱা ধৰণে বিনাশ কৰিব পাৰে। অৱশ্যে বৰ্তমানলৈকে কোনেও এই দৃশ্য প্ৰত্যক্ষ কৰা নাই।

      শেহতীয়াকৈ কৰা এটা অধ্যয়নত আব্ৰাহম ল’ব আৰু তেওঁৰ সহযোগী গৱেষক জন ফৰ্বছে গণনা কৰি দেখুৱাইছে কেতিয়া, ক’ত, কেনেকৈ আৰু কিমান পৰিমাণে গ্ৰহ এটাক কোৱাচাৰে ক্ষতি কৰিব পাৰে। এই ক্ষতিৰ পৰিমাণ আচৰিত ধৰণে বেছি। প্ৰৱল বতাহ আৰু মহাজগতিক বস্তুৰ ঝৰণাৰ কাৰণে কোৱাচাৰ জনাজাত, যিবোৰ অতি বিপদজনক। আব্ৰাহম ল’ব আৰু জন ফৰ্বছে অন্য দিশেবাৰ বাদ দি কেৱল সিহঁতৰ পোহৰে কিমান ক্ষতি কৰিব পাৰে তাৰে এটা তুলনামূলক অধ্যয়ন কৰিছিল।

         গ্ৰহটোৱে তাৰ সকলো বায়ুমণ্ডল হেৰুৱালে, তাত থকা জীৱৰ কাৰণে ই বিনাশকাৰী হ’ব। কাৰণ বায়ুমণ্ডলৰ কাৰণেই তৰল অৱস্থাত পানীয়ে আৱৰি থাকিব পাৰে। বায়ুমণ্ডলে কেৱল কঠিন অৱস্থাত থকা পানীক অৰ্থাৎ বৰফক প্ৰত্যক্ষভাৱে বাষ্পীভৱন হৈ উদ্বায়ী হোৱাত বাধা প্ৰদান নকৰে, সিহঁতে গ্ৰহটোক ক্ষতিকাৰক বিকিৰণৰ পৰা ৰক্ষা কৰে আৰু পৃষ্ট ভাগৰ উষ্ণতা স্থিৰ পৰিসৰৰ ভিতৰত ৰাখিবলৈ সক্ষম হয়। এই কাৰণসমূহৰ বােবই মঙ্গল গ্ৰহত জীৱৰ অস্তিত্ব নাই, যিহেতু  নিযুত নিযুত বছৰৰ আগতেই তাৰ সকলো বায়ুমণ্ডল নোহোৱা হ’ল। ক’লৰডো ব’ল্ডাৰ বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ডেড ব্ৰেইন, যদিও এই অধ্যয়নৰ অৰ্ন্তভুক্ত নহয় কয় যে — কেতিয়াবা কেতিয়াবা বায়ুমণ্ডলৰ বিনাশে জীৱজগতক সহায় কৰে। উদাহৰণস্বৰূপে পৃথিৱীৰ কথা উল্লেখ কৰিব পাৰি।  পৃথিৱীখনৰ বায়ুমণ্ডল প্ৰথমতে হাইড্ৰজেন আৰু হিলিয়ামৰে পৰিপূৰ্ণ আছিল।  যি দুটা পদাৰ্থই জীৱ জগত জীয়াই থকাত সহায় নকৰে। সৌভাগ্যক্ৰমে, সূৰ্যই সেই বায়ুমণ্ডল আৰু আগ্নেয়গিৰিসমূহ, সংলিষ্ট জৈৱিক ক্ৰিয়া কলাপসমূহ গ্ৰাস কৰি বৰ্তমান আমি যিটো বায়ুমণ্ডল পাই আছো, জীৱৰ উপযোগী গেছীয় সংমিশ্ৰণৰে পূৰ্ণ কৰে। তথাপি ব্ৰেইনে ভাবে, বায়ুমণ্ডলৰ বিনাশ লাভজনক হোৱাটো বিৰল পৰিঘটনা।  নতুন প্ৰাপ্ত তথ্যমতে, বায়ুমণ্ডলৰ পৰিবৰ্তন জীৱৰ অস্তিত্বৰ বাবে হানিকাৰক।

    আমাৰ সৌভাগ্য যে হাতীপটি তাৰকা ৰাজ্যৰ অতি ভৰৰ কৃষ্ণ গহ্বৰ Sagittarius A, মঙ্গল আৰু পৃথিৱীৰ বায়ুমণ্ডলৰ কাৰণে বহু বেছি পৰিমাণে বিনাশকাৰী নহয়। তাৰকাৰাজ্যৰ কেন্দ্ৰৰ পৰা আমাৰ সৌৰমণ্ডল নিৰাপদজনক দূৰত্বত অৱস্থিত।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: কৃষ্ণ গহ্বৰতাৰকাৰাজ্য
Anjan Sarma

Anjan Sarma

Related Posts

Is Artificial Intelligence a Friend or Foe to the Environment?
Climate Change

Is Artificial Intelligence a Friend or Foe to the Environment?

by Kakali Das
May 18, 2025
0

Is Artificial Intelligence a Friend or Foe to the Environment ! KAKALI DAS KAKALI DAS One AI search consumes as...

Read moreDetails
Alvin Toffler’s Books and the AI Era

Alvin Toffler’s Books and the AI Era

May 18, 2025
ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

May 5, 2025
Live Shopping Market: Is this the future of E-commerce?

Live Shopping Market: Is this the future of E-commerce?

April 30, 2025
UK’s AI ‘Murder Prediction Tool’: A Step Toward a ‘Minority Report’ Future?

UK’s AI ‘Murder Prediction Tool’: A Step Toward a ‘Minority Report’ Future?

April 13, 2025
Engineer ourself and nature: CRISPR

Engineer ourself and nature: CRISPR

April 8, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
My Enemy’s Enemy: India in Afghanistan from the Soviet Invasion to the US Withdrawal

My Enemy’s Enemy: India in Afghanistan from the Soviet Invasion to the US Withdrawal

May 19, 2025
Empowering India: Unleashing the Potential of Multilingual Voice AI in Digital Transformation

Empowering India: Unleashing the Potential of Multilingual Voice AI in Digital Transformation

May 19, 2025
close up photo of a person holding a sphygmomanometer gauge

উচ্চ ৰক্তচাপ : এক নীৰৱ ঘাতক

May 19, 2025
Bhavartha Swarup Memorial Symposium : Book Release, Awards Announcement, Talks on Climate Action

Bhavartha Swarup Memorial Symposium : Book Release, Awards Announcement, Talks on Climate Action

May 19, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    11265 shares
    Share 4506 Tweet 2816
  • দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

    718 shares
    Share 287 Tweet 180
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    6978 shares
    Share 2791 Tweet 1745
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    963 shares
    Share 385 Tweet 241
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5324 shares
    Share 2130 Tweet 1331
  • মিচিং সমাজ আৰু সংস্কৃতি

    2830 shares
    Share 1132 Tweet 708
  • চাহ জনগোষ্ঠীয় গীত মাত, উৎসৱ-পাৰ্ৱণ, এটি পৰ্যালোচনা

    2146 shares
    Share 858 Tweet 537
  • বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

    347 shares
    Share 139 Tweet 87
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3019 shares
    Share 1208 Tweet 755
  • তাই আহোম সমাজত  বিহুৰ আৰম্ভনিৰ কিছু আভাস

    455 shares
    Share 182 Tweet 114
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d