-অসীম তালুকদাৰ |
মোৰ পৰিচয় – মই এখন ডায়েৰি ৷ মানুহৰ সুখ দুখ মই লিপিবদ্ধ কৰো ৷ আন কাকো কব নোৱাৰা কথাবিলাক মোক মানুহে কয় ৷ নকবই বা কিয় ? মই যে কাকো বিশ্বাসঘাটকতা নকৰো ৷ বাহিৰৰ পৰা সম্ভ্ৰান্ত যেন লগা বহুত ঘৰৰ ভিতৰত আচলতে কি চলি থাকে মই জানো ৷ সংসাৰৰ চাপত কোঙা হৈ পৰা নাইবা নিজৰ পৰিয়ালৰে কাৰোবাৰ প্ৰভাৱত দুৰ্বিসহ জীৱন নিৰ্বাহ কৰা বহুতেই মোক তেওঁলোকৰ দুখৰ সমভাগী হবলৈ সুযোগ দিয়ে ৷ ফেচবুক, ইনষ্টাগ্ৰাম নাইবা ৰঙীণ ৰাতিৰ ‘পাৰ্টি জীৱনৰ’ বাহিৰত বহুতৰে পৰিয়ালত আচলতে কি চলি থাকে মই ভালকৈয়ে জানো ৷ তাহানিতে নাজী জাৰ্মানীৰ গেস্তাপু পুলিচৰ পৰা হাত সাৰিবলৈ হলেণ্ডত লুকাই থকা ইহুদী পৰিয়ালটোৰ এন ফ্ৰাংক নামৰ সৰু ছোৱালীজনীৰ সংগী আছিল মোৰ দৰেই ডায়েৰি এখন ৷ বিচাৰিলে এনে উদাহৰণ ইতিহাসত আৰু বহুত পোৱা যাব ৷
অৱশ্যে মোক বিশ্বাসত লৈ উপযাচি কোৱা কথা বিলাকহে মই কব পাৰো ৷ আজি মই কাহিনী এটা কম ৷ কাহিনীটোত চৰিত্ৰ তিনিটা ৷ এটা চৰিত্ৰৰ নাম জিৰি ৷ বাকী দুটা চৰিত্ৰৰ নাম জিৰিয়ে চিনাকি কৰি দিয়া মতে মা আৰু দেতা বুলি কম ৷ মই জিৰিৰ হাতলৈ অহাৰ আগতে কেইবছৰমান মাৰ গডৰেজ আলমাৰীটোৰ ভিতৰত কাপোৰৰ মাজত আবদ্ধ হৈ আছিলো ৷ বছৰত দুই এবাৰ তেওঁ মোক খুলি চায় ৷ কিন্তু একো নকয় মোক – মানে একো নিলিখে ৷ এতিয়া ২০২০ চলি আছে বুলি গম পাইছো ৷ মোৰ বেটুপাত লিখা আছে ২০১৬ চন বুলি ৷ মোক তৃতীয় চৰিত্ৰটোৰ হাতত গটাই দিয়াৰ পাছতেই তাই গোট গোট আখৰেৰে বেটুপাতৰ পাছৰ পৃষ্ঠাটোত লিখিছিল “জিৰি – ২/মাৰ্চ/২০২০” ৷ তেনেকৈয়ে মই নামটো গম পাওঁ ৷ এতিয়া মই পৰিয়ালটোৰ কাহিনী কম ৷ জিৰিয়ে কিন্তু তাৰিখবিলাক নিলিখিলে ৷ গতিকে ঘটনাবিলাক সঠিককৈ কেতিয়া হৈছিল মই কব নোৱৰিম ৷
(১)
মায়ে কৈছে ডাঙৰ ডাঙৰ মানুহ বিলাকে হেনো ডায়েৰি লিখে ৷ ভবেন্দ্ৰ নাথ শইকীয়াই দেৱেও ডায়েৰি লিখিছিল ৷ ময়ো লিখিম ৷ মাই কৈছে মই ভৱিষ্যতে ভাল মানুহ হব লাগিব ৷ আজি সন্ধিয়া আমাৰ ঘৰলৈ লিপিকা আৰু আংকল-আণ্টী আহিছিল ৷ লিপিকা আৰু মই বহুত খেলিলো ৷ মোৰ কাৰণে চকলেট আনিছিল ৷ মই লিপিকাক ৰাতি থাকি যাবলৈ কৈছিলো ৷ আণ্টীয়ে থাকিব নালাগে বুলি কলে ৷ দেতাহঁতে ভাত খাই থাকোতে কিবা কৰ’ণা ভাইৰাছৰ কথা পাতিছিল ৷
(২)
আজি বাতৰিত কৰ’ণা ভাইৰাছৰ কথা কৈছিল ৷ মাৰ মতে সেইটো বৰ বেয়া বেমাৰ ৷ এইটো বেমাৰত পৰিলে হেনো নিস্তাৰ নাই ৷ চীনত বেমাৰটো আৰম্ভ হৈছে ৷ মই চীনক বেয়া পাওঁ ৷ সিহঁতে চব সস্তীয়া আৰু বেয়া বস্তু ভাৰতক বিক্ৰী কৰে ৷ দিৱালীৰ ফটকাও বিক্ৰী কৰে ভাৰতক ৷ ফটকা ফুটোৱাটো চৰাই-চিৰিকিটিৰ কাৰণে বেয়া ৷ চীনৰ মানুহৰ নাক ফেঁচা হয় আমাৰ স্কুলৰ বৈশালীৰ দৰে ৷ বৈশালী চীনৰ নেকি ?
(৩)
আমাৰ স্কুল হেনো অহা সোমবাৰৰ পৰা কৰ’ণা ভাইৰাছৰ কাৰণে বন্ধ হব ৷ মায়ে কৈছে বন্ধ নিদিলে বেমাৰটো বিয়পি পৰিব সকলোতে ৷ মই কিন্তু স্কুললৈ গৈ বৰ ভাল পাওঁ ৷ বন্ধ হলে ফ্ৰেণ্ড বিলাকক বৰ মিছ কৰিম ৷ মাই বাৰে বাৰে কৈছে বন্ধ বুলি বেছিকৈ টিভি চাব নোৱাৰিম ৷ তৃতীয় শ্ৰেণীৰ কথাবিলাক ভালকৈ নুবুজিলে চতুৰ্থ শ্ৰেণীৰ পাঠবোৰ হেনো বৰ টান পাম ৷ দেতাই মোক অংক পঢ়াই দিম বুলি কৈছে ৷ দেতাই অংক পঢ়ালে মই ভালকৈ বুজি পাওঁ ৷
(৪)
আমাৰ আজিৰ পৰা স্কুল বন্ধ ৷ দেতাৰো অফিচ বন্ধ ৷ কালি দেউতাই বহুত বজাৰ কৰি আনিছে ৷ মোৰ কাৰণে মেগি আৰু চকলেটো আনিছে ৷ এইকেইদিন দেতা ভালেই আছে ৷ মোক আৰু মাক একো গালি পৰা নাই ৷ দেতাই বেয়া বস্তু খায় মাজে মাজে ৷ তেতিয়া দেতা খুব খঙাল হৈ পৰে আৰু কেতিয়াবা মাক মাৰে ৷ মোকো খং কৰি মাৰে ৷ কিয় যে খায় বেয়া বস্তু বোৰ ৷ মাৰ মতে দেতাই বেয়া বাস্তু খোৱা বাদ দিলে আমাৰ ঘৰখন বৰ ভাল হব ৷ চৰকাৰে বেয়া বস্তু বিলাক নিষিদ্ধ কৰিব লাগে ৷
(৫)
আজি দিনটো বৰ ভাল আছিল ৷ আমি ৰাতিপুৱা লুডু খেলিছো, মা-দেতা আৰু মই একেলগে ৷ মোৰ লাক বেয়া আছিল ৷ মোক চাৰিবাৰ আঠান্নবৈত সাপে খালে ৷ দেতাকো খালে দুবাৰ ৷ মাক এবাৰো খোৱা নাই ৷ ৰাতি আজি দেতাই ভাত বনাইছে ৷ দেতাই বৰ ভাল চিকেন বনায় ৷ ভাত খাই উঠি আমি চিনেমা চাইছো – বজৰংগি ভাইজান ৷ চলমান খানক ইমান ভাল লাগে ৷
(৬)
বিহুলৈ বেছি দিন নাই ৷ আজি আমি ঘৰত বিহু গাইছো ৷ ওৱান্দাৰ-চিষ্টাৰ্চৰ বহাগী বুলি নতুন গানটোত ৷ মাই মোক শিকাইছে ৷ মাই খুব ভালকৈ বিহু নাচে ৷ আমি নাচোতে দেতাই ভিডিও কৰিছে ৷ দেতায়ো নাচিছে দুবাৰ মান ৷ দেতাই ইমান বেয়া নাচে – হি: হি: হি: ৷
(৭)
আমি তৃতীয় মহলাৰ ফ্লেট এটাত থাকো ৷ ফ্লেটটোত দুটা বেডৰুম আৰু এটা হল ৷ হলটোত টিভিটো আছে আৰু আলহী আহিলে তাতে বহে ৷ ডাঙৰটো বেডৰুমত মা আৰু মই থাকো ৷ দেতা কেতিয়াবা আমাৰ লগত আৰু কেতিয়াবা গেষ্ট ৰুমত ৰাতি শোৱে ৷ কালি ঘটনা এটা হ’ল ৷ দেতা ঘৰত থাকি থাকি ব’ৰ হৈ ওলাই গৈছিল তললৈ ৷ চৰকাৰে হেনো ওলাবলৈ মানা কৰিছে ৷ পুলিচে হেনো কোবাইছে ৷ দেতাকো পালে ৷ দেতাৰ বিৰাট খং উঠিছে ৷ মাই কিবা মলম লগাই দিম বুলি কৈছিল ৷ মাক বেয়াকৈ গালি পাৰিছে ৷
ৰাতিপুৱা মায়ে শাৰী পিন্ধি ফটো উঠিছিল ৷ ৰঙা আৰু গুলপীয়া ৰঙৰ শাৰী পিন্ধি ৷ মাক বৰ ধুনীয়া দেখিছিল ৷ ফেচবুকত ফটো দিম বুলি আছিল ৷ মাৰ ফ্ৰেণ্ড কিছুমানে হেনো কিবা ফেচবুক চেলেঞ্জ দিছিল ৷ মাৰ মনটো বেয়া লাগি নিদিলে ফটো ৷
ময়ো ব’ৰ হৈছো ঘৰত থাকি থাকি ৷ স্কুললৈ যাব মন গৈছে ৷
(৮)
দেতা আকৌ আগৰ দৰে হৈছে ৷ এই কেইদিন দেতা ওলাই গৈ কৰবাৰ বেয়া বস্তু খাই আহে আৰু আমাক বহুত গালি পাৰে ৷ সিদিনা মোক অংক পঢ়াইছিল ৷ মই কিবা এটা ভুল কৰোতে মোক তিনি চৰ মাৰিছে ৷ মই হেনো মনোযোগ দিয়া নাই ৷ সঁচাই বুজি পোৱা নাছিলো ৷ মই বহুত কান্দিলো ৷ মাই মোৰ মূৰটো খালে বুলি বেয়া বেয়া কথা কৈ মাক গালি পাৰিছে ৷ কিয় জানো দেতাই মাক ‘মাছমৰীয়া জাত’, ‘এছ ছি’ আদি বুলি কৈ গালি পাৰি থাকে ৷ গুৱাহাটীত থাকিব পাই মা হেনো বেছিকৈ উৰিছে ৷ ভয় লাগিছে দেতাই আকৌ মাক মাৰপিট কৰা আৰম্ভ কৰে নেকি ?
(৯)
চৰকাৰে হেনো বেয়া বস্তুৰ দোকান খুলি দিছে ৷ দেতাই গৈ বহুত কিনি আনিছে ৷ বেছিকৈ খাইছে দেউতাই ৷ কালিৰে পৰা অকল টিভি চাইছে আৰু খাই আছে ৷ আজি দিনত দাইলত অলপ নিমখ বেছি হৈছিল ৷ দেতাই ভাতৰ কাঁহীখন দলিয়াই দিলে ৷ মাৰ মনটো ভাল লাগক বুলি মই দুবাটি দাইল খাইছো ৷ মাই ভাতেই নাখালে দিনত ৷
(১০)
আজি আবেলি মই শুই আছিলো ৷ মাৰ চিঞৰত সাৰ পালো ৷ দৌৰি গৈ দেখিছো দেউতাই মাৰ চুলিত ধৰি মূৰটো বেৰত খুন্দিয়াই দিছে ৷ তেজ ওলাইছে ৷ মোক সাবটি ধৰি বহুত সময় কান্দিলে ৷ ময়ো কান্দিলে ৷ দেতাই মাক ঘৰৰ পৰা ওলাই যাবলৈ কৈছে ৷ মা কলৈ যাব ? আমাৰ ককা আইতা কোনো নাই ৷ গোৱালপাৰাত মামা আছে ৷ মামা বৰ দুখীয়া ৷ গুৱাহাটীত মাৰ পেহীয়েকৰ জীয়েক সীমা মাহী থাকে ৷ কিন্তু সিহঁতে মাক আৰু মোক কিয় ৰাখিব ?
(১১)
মোৰ ডায়েৰি লিখিব মন নোহোৱা হৈছে ৷ এই কেইদিন বৰ অশান্তি হৈ আছে ঘৰত ৷ বেয়া বস্তু বিলাক খাই খাই দেতা পাগলৰ দৰে হৈছে ৷ আজি দিনত কোনোবা নীৰেণৰ কথা কৈ দেতাই মাক গালি পাৰাৰ উপৰিও মাৰিছে বেয়াকৈ ৷ আজি কোনেও আমি ভাত নাখালো ৷ মায়ো এবাৰ কোনোবা সন্ধ্যা আৰু বিনীতাৰ কথা কৈছিল ৷ নাজানো কিয় দেতাৰ ইমান খং উঠিল ৷ মেচিদা খন লৈ দেতাই মাক কাটিব আহিছিল ৷ মই দেতাৰ ভৰিত পৰিলো ৷ তেতিয়াহে শান্ত হল ৷
(১২)
একে ধৰণে চলি আছে ৷ আই হেট দেতা ৷ ইমান বেয়া মানুহ আমাৰ দেতা ৷ কালি দিনত ফুলদানি এটা মাৰ গালৈ মাৰি পঠিয়াইছিল ৷ মূৰত লাগি মাই বহুত দুখ পালে ৷ আমি দুইটাকে কাটিম বুলি কেবাবাৰো কৈছে ৷ বাৰে বাৰে ঘৰত পাপ থাকিব নালাগে বুলি কৈ আছিল ৷ মই মাক কৈছিলো আমি গুচি যাওঁ কৰবালৈ ৷ “মোৰ যাবলৈ কোনো ঠাই নাই” বুলি মাই কান্দিলে ৷ ময়ো কান্দিলো ৷ মই ডাঙৰ হলে সদায় মাক লগত ৰাখিম ৷ মই বিয়া চিয়া নহওঁ কেতিয়াও ৷
ৰাতি মা আৰু মই শুই আছিলো ৷ হঠাতে দেতা আহি মাক চুলিত ধৰি সেইটো বেডৰুমলৈ লৈ টানি লৈ গল ৷ মাই ডাঙৰৰ ডাঙৰকৈ কান্দিছিল ৷ দেতাই দুৱাৰখন বন্ধ কৰি দিছিল ৷ মোৰ ভয় লাগিছিল দেতাই মাক মাৰি পেলায় বুলি ৷ মই দুৱাৰত কান্দি কান্দি ঢকিয়ালো ৷ দেতা এবাৰ ওলাই আহি মোক কেইবা চৰো মাৰিলে আৰু গতিয়াই দিলে ৷ তাৰ পাছত মোক টানি আনি এইটো ৰুমত বন্ধ কৰি থৈ গল ৷ দেতাৰ চিঞৰৰ মাজে মাজে মাৰ কান্দোন আৰু কাকুতি মিনতিৰ শব্দ ভাহি আহিছিল ৷ মই অকল ভগৱানক খাটিছো ৷ এটা সময়ত মা আহিল ৷ মাৰ গাল আৰু বুকুৰ পৰা তেজ নিগৰি আছিল ৷ বেলেগ কেইটামান দাগো দেখিলো ৷ মাই কলে একো নহয় বুলি ৷ কিন্তু মই জানো সেইকেইটা চিগাৰেটৰ দাগ ৷ সিদিনা দেতাই হুপি থকা চিগাৰেটতো মাৰ গাত লগাই দিয়া মই নিজেই দেখিছো ৷ ভগৱান আমাক ৰক্ষা কৰা ৷ মোকো যদি তেনে কৰে দেতাই ?
(১৩)
কালিৰ দিনটোৱো তেনেকৈয়ে গৈছে ৷ মই গোটেই দিনটো ৰুমত সোমাই থাকিলো ৷ দেতা এবাৰ তললৈ যাওতে মই সুযোগ বুজি কেৰাচিনৰ গেলনটো আনি কেৰাচিনখিনি বাথৰুমত পেলাই দিলো ৷ দেতাই মাক বাৰে বাৰে জ্বলাই দিম বুলি কৈ আছিল ৷ মোৰ বৰ ভয় লাগিছিল ৷ গোটেই দিনটো দেতাই বেয়া বস্তু খাই থাকিল ৷ আবেলি মাই মোৰ কাৰণে মেগি বনাইছিল ৷ মই মাক খুৱাই দিলো ৷ মই জানো মায়ো একো খোৱা নাছিল ৰাতিপুৱাৰ পৰা ৷
ৰাতি একে ঘটনাৰ পুনৰাবৃত্তি ৷ দেতা আহি মাক চুলিত ধৰি টানি লৈ গল ৷ দেতাৰ গালি চিঞৰ আৰু মাৰ কান্দোনৰ শব্দ আহি আছিল ৷ মই সাৰে আছিলো কিন্তু এটা সময়ত মোৰ টোপনি আহিল ৷ সাৰ পাওঁতে ৰাতিপুৱাই হ’ল ৷ দেখিলো মা মোৰ কাষত বহি মোৰ ফালে চাই আছে ৷ মোৰ চুলিত হাত বুলাই দি আছিল ৷ আজি মাই ইমান ৰাতিপুৱাই গা ধুইছে ! দেতা হেনো শুই আছে ৷ মোক হাত-মুখ ধুবলৈ দি মাই মোৰ কাৰণে ব্ৰেকফাষ্ট বনালে ৷ কিয় জানো মাৰ চকু দুটা চলচলীয়া ৷ মাই কেইটামান ফোন কৰিলে ৷ মাই ফোন কৰি থাকোতে মই গৈ সিটো বেডৰুমৰ দুৱাৰখন খুলি চালো ৷ দেতা বিচনাত পৰি আছে ৷ বিচনাখন ৰঙা হৈ আছে ৷ মা আহি দুৱাৰখন বন্ধ কৰি দিলে ৷
আমাৰ ঘৰলৈ পুলিচ আহিব হেনো ৷ মাই এয়াও কলে যে এতিয়াৰ পৰা মই সীমা মাহীৰ ঘৰত থাকিম ৷ কিন্তু কিয় ? সীমা মাহীক মোৰ ভালেই লাগে ৷ কিন্তু মহাক একেবাৰে ভাল নালাগে ৷ সেইবাৰ তেওঁলোকৰ ঘৰলৈ যাওতে মোক এবাৰ অকলে পাই মোৰ বুকুত খামুচি ধৰি ফ্ৰকৰ তলত হাত সুমুৱাই দিছিল ৷ মই দৌৰিছিলো ৷
মা আৰু মই বহি আছো ৷ এতিয়া পুলিচ আৰু সীমা মাহীৰ কাৰণে বাট চাই আছো ৷
উপসংহাৰ
জিৰিৰ বিষয়ে মই ইমানেই জানো ৷ তাৰ পাছত জিৰি আৰু মা-দেতাৰ কি হ’ল মই নাজানো ৷ মোক কিবা দৰকাৰী নথি বুলি গণ্য কৰি থানালৈ লৈ আহিছে আৰু প্লাষ্টিকৰ বেগ এটাত ভৰাই আলমাৰীত থৈ দিছে ৷ মাজে মাজে মোক উলিয়াই নি সিহঁতে জিৰিৰ কথাখিনি পঢ়ে নাইবা ফটো লয় ৷ মোৰ জানিবৰ মন গৈছে জিৰিৰ কি হ’ল ৷ কোনোবাই মোক জিৰিৰ ওচৰলৈ লৈ যাবনে ?