• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 11, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News World

কৰ’নাঃ পুনৰ এক ভয়ংকৰ সংকেত

-মৃণাল কুমাৰ মিশ্ৰ

by Admin
June 18, 2021
in National, Opinion, Special Report
Reading Time: 1 min read
0
mother putting a face mask on her daughter

Photo by August de Richelieu on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

-মৃণাল কুমাৰ মিশ্ৰ |

নিৰ্বাচনী মহোৎসৱ বৰ ধামখুমীয়া পৰিৱেশত সমাপ্ত কৰি আমি অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ মহোৎসৱত দলেদলে যোগদান কৰিলোঁ। এই মহোৎসৱৰ সমাপ্তি এতিয়াও হ’বৰ হোৱা নাই যদিও সুবুদ্ধিসম্পন্ন বিহু কমিটিসমূহৰ ফালৰ পৰা এইবাৰৰ বাবে সমাপ্তি ঘোষণা কৰা হৈছে। ইয়াৰ কাৰণ স্বৰূপে ক’ব লাগিব অসমীয়াৰ পদূলিত আৰু এটা মহোৎসৱৰ উপস্থিতিৰ আগজাননী দেখা গৈছে। এই মহোৎসৱ ভালদৰে পাতিবলৈ হ’লে কিন্তু অসমীয়াৰ সকলো আনন্দ নিৰানন্দতহে পৰিণত হোৱাৰ পূৰ্ণ সম্ভাৱনা বিৰাজমান। কাৰণ এই উৎসৱ আন উৎসৱ নহয়, নহয় ই বহাগী বিদায়। ই হ’ল ‘কৰ’ণা আদৰণি’ উৎসৱ ! আৰু কৰ’ণাক আদৰি আনি বৰপীৰা পাৰি দিয়াৰ মুৰ্খামী আমি নকৰাই ভাল হ’ব যেন লাগে। ইতিমধ্যেই পৰিস্থিতি জটিল যেন অনুভৱ হৈছেই। চৰকাৰী মুখপাত্ৰৰ কথা শুনি আস্বস্ত হ’বলগীয়া একো নাই। কোৱা কথা আৰু বাস্তৱ পৰিস্থিতিৰ মাজত আকাশ পাতাল পাৰ্থক্য। মোৰ নিজৰেই অভিজ্ঞতাই বহু কথা শিকাইছে। নিৰ্বাচনৰ সময়ত ক’ভিড টেষ্ট কৰিবলৈ গৈছিলোঁ, নিতান্তই পৰিস্থিতিগত তাড়ণাত। মেঘালয়লৈ গ’লে ক’ভিড টেষ্ট কৰি প্ৰমাণপত্ৰ লগত লৈ যোৱাটো বাধ্যতামূলক। এই নিয়ম তেওঁলোকে যোৱাবছৰৰ পৰাই নিৰৱচ্ছিন্ন ভাবে মানি আহিছে। অথচ আমাৰ অসমত নিৰ্বাচনৰ সময়ত একপ্ৰকাৰ চৰকাৰী ভাবেই কৰ’ণাক বিদায় দিয়া হ’ল। ক’তো চৰকাৰী ভাবে কৰ’ণাৰ প্ৰতি নিম্নতম সাৱধানতা খিনিও লোৱা দেখা নগ’ল। এফালৰ পৰা ক’ভিড কেয়াৰ চেন্টাৰসমূহ বন্ধ কৰি চৰকাৰী ভাবেই ঢাক-ঢোল কোবাই নিজৰ সন্তুষ্টি প্ৰকাশ কৰাৰ প্ৰতিযোগিতা দেখা গ’ল সকলোফালেই। একমাত্ৰ ভেকচিন প্ৰদান কৰাৰ আনুষ্ঠানিকতাখিনিৰ বাহিৰে আন ক’তো ক’ভিডৰ প্ৰতি চৰকাৰৰ নূন্যতম সাৱধানতাখিনিও দেখা নগ’ল নিৰ্বাচন শেষ হোৱালৈ। আনহাতে মেঘালয়ে একেই গুৰুত্বৰে ক’ভিডৰ প্ৰতি থকা যুঁজ চলাই থাকিল। তেওঁলোকৰ সীমাত ক’ভিড চিনাক্তকৰণৰ বাবে দিনেৰাতি টেষ্ট চেন্টাৰ সক্ৰিয় কৰি ৰাখিলে গোটেই সময়খিনি। ক’ভিডৰ যুঁজত জয়ী হ’বলৈ উপযুক্ত সা-সুবিধা নাথাকিলেও ল’বলগা গুৰুত্বপূৰ্ণ সাৱধানতাখিনি তেওঁলোকৰ মাজত একেই গতিত চলি থাকিল। যোৱা সময়খিনিত মই শ্বিলঙলৈ কেবাবাৰো যাবলগীয়া হৈছিল আৰু প্ৰতিবাৰেই ইয়াত ক’ভিড টেষ্ট কৰিহে মেঘালয়ৰ ভিতৰত সোমাব পাৰিছিলোঁ। ৰাজধানীৰ নিচেই কাষৰ দিছপুৰৰ চৰকাৰী স্বাস্থ্যকেন্দ্ৰৰ ক’ভিড টেষ্টৰ নমুনা দেখি সঁচাকৈয়ে আচৰিত হোৱাৰ বাহিৰে আন উপায় নাছিল। ৰাতিপুৱা দহটাৰ আগত আপুনি গৈ একো লাভ নাই। বাৰটাৰ পাছত গৈয়ো টেষ্ট কৰাম বুলি ভাবিলে হতাশ হৈ উভতিব লাগিব। এই কেন্দ্ৰত অৰ্থাৎ দিনে মাত্ৰ দুঘন্টাৰ বাবেহে চৰকাৰী ক’ভিড পৰীক্ষাৰ বাবে সময় দিয়া হয়। পৰীক্ষাৰ পাছতো ৰিপোৰ্ট ল’বলৈ আপুনি বোন্দাপৰ দি ৰৈ থাকিব লাগিব, দায়িত্বত থকা ডক্টৰজনৰ চহীটো হোৱালৈ। অৰ্থাৎ আপুনি যদি ভাবিছে যে ৰাতিপুৱা পৰীক্ষাটো কৰি দুপৰীয়া শ্বিলঙলৈ যাম, নহ’ব। এটা দিন তেওঁলোকৰ বাবে সংৰক্ষিত কৰি ৰাখিবই লাগিব। নিৰ্বাচনৰ আগতে  এটাও ক’ভিড পোজিটিভ নোপোৱা এই চেন্টাৰত এতিয়া ক’ভিড পোজিটিভৰ ভিৰ লাগিছে। কালি আমি আকৌ টেষ্ট কৰিবলৈ গৈ ১২-১৫ বজাত পায়ো টেষ্ট নকৰাকৈ ঘূৰি আহিব লগা হ’ল। অৰ্থাৎ চাৰিওঁফালে পৰিস্থিতি গুৰুতৰ হোৱাৰ পাছতো এইসকল চৰকাৰী কৰ্মচাৰীৰ এতিয়াও গা লৰা নাই। অৱশ্যে বেচৰকাৰী ভাবে পইছা ভৰি আপুনি যেতিয়াই মন যায় টেষ্ট কৰিব পাৰে। মুঠতে ক’ভিডক  চৰকাৰে এতিয়াও গুৰুত্ব সহকাৰে নোলোৱা যেনেই লাগে। বাকী এইবাৰ সৰ্বসাধাৰণে ক’ভিডৰ চিকিৎসাৰ বাবদ কেনেদৰে পইছা ভৰিব লাগিব সেইবিষয়ে স্বাস্থ্যমন্ত্ৰীৰ এক দীঘলীয়া আৰু সাৰুৱা বক্তব্য কালি আমি দেখিছোঁ। মধ্যবিত্তৰ বাবে সকলোতেই যে ভৰণিৰ দুৱাৰখন খোলা সেইটো আকৌ এবাৰ প্ৰমাণিত হ’ল।

RelatedPosts

Are Controversies Produced in Bollywood?

Are Controversies Produced in Bollywood?

August 11, 2022
Politics Around Population Explosion In INDIA

Politics Around Population Explosion In INDIA

August 11, 2022
১১ আগষ্টঃ কেইটামান খবৰ

১১ আগষ্টঃ কেইটামান খবৰ

August 11, 2022

চৰকাৰে নিজেই স্বীকাৰ কৰামতে দেশত অক্সিজেনৰ অভাৱ ঘটিছে। যোৱা বছৰটো চৰকাৰে তেনেহ’লে একো শিক্ষাই ল’ব নোৱাৰিলে কিয় ? যিসময়ত অন্য দেশত কৰ’ণাৰ দ্বিতীয় ঢৌ চম্ভালিবলৈ সকলো ব্যস্ত হৈ পৰিছিল ভাৰতত নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ‍্যসমূহত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ব‍্যস্ত আছিল নিৰ্বাচনী প্ৰচাৰত। হাজাৰ হাজাৰ নিৰ্বোধ লোকক সন্মুখত লৈ ৰেলী কৰি কৰ’ণাৰ সকলো সাৱধানতাক জলাঞ্জলি দি, মুখত মাক্স এখনো নোহোৱাকৈ তেওঁলোকৰ প্ৰচাৰ এইমুহূৰ্তলৈকে পূৰ্ণ গতিত অব্যাহত আছে। কুম্ভমেলাৰ দৰে ধৰ্মীয় অনুষ্ঠানৰ কথা নকলোৱেইবা! এই সকলোবোৰেই কিন্তু চৰকাৰৰ নিৰ্বুদ্ধিতাহে প্ৰকাশ কৰে। সৰ্বসাধাৰণৰ জীৱনকলৈ এনেদৰে হেতালি খেলা আন দেশত সততে দেখিবলৈ পোৱা নাযায়। এহোবাহ‍্য ! এই বকলা এবাৰ মেলিলে শেষ হোৱাৰ নাম নাই। আপোনালোক সকলোৱেই সাৱধানতাৰে নিজৰ চিন্তা নিজেই কৰক, কৰ’ণাক দূৰত ৰাখিবলৈ পৰাখিনি নিজে চেষ্টা কৰক।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Are Controversies Produced in Bollywood?
Entertainment

Are Controversies Produced in Bollywood?

by Admin
August 11, 2022
0

Bollywood KAKALI DAS After attempting to boycott – Amazon, Zomato, Swiggy, Tanishq, Netflix etc., now we are all geared up...

Read more
Politics Around Population Explosion In INDIA

Politics Around Population Explosion In INDIA

August 11, 2022
১১ আগষ্টঃ কেইটামান খবৰ

১১ আগষ্টঃ কেইটামান খবৰ

August 11, 2022
Bhupinder Singh: A Legendary singer with deep and soulful voice

Bhupinder Singh: A Legendary singer with deep and soulful voice

August 11, 2022
বিহাৰৰ ঘটনাই ভাৰতৰ ৰাজনীতিত কিমান প্ৰভাৱ পেলায়!

বিহাৰৰ ঘটনাই ভাৰতৰ ৰাজনীতিত কিমান প্ৰভাৱ পেলায়!

August 10, 2022
১০ আগষ্টঃ কেইটামান খবৰ

১০ আগষ্টঃ কেইটামান খবৰ

August 10, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022

শৰাইঘাটৰ যুদ্ধৰ পটভূমিত আলাবৈ ৰণ

June 22, 2021
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
Kharkiv School Graduate In Her Graduation Dress!

Kharkiv School Graduate In Her Graduation Dress!

June 9, 2022

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
Are Controversies Produced in Bollywood?

Are Controversies Produced in Bollywood?

August 11, 2022
Politics Around Population Explosion In INDIA

Politics Around Population Explosion In INDIA

August 11, 2022
১১ আগষ্টঃ কেইটামান খবৰ

১১ আগষ্টঃ কেইটামান খবৰ

August 11, 2022
Bhupinder Singh: A Legendary singer with deep and soulful voice

Bhupinder Singh: A Legendary singer with deep and soulful voice

August 11, 2022

Popular Stories

  • OPEN LETTER FROM MYANMAR PEOPLE TO CIVIL SOCIETY ORGANIZATIONS AND POLITICAL PARTIES OF INDIA

    OPEN LETTER FROM MYANMAR PEOPLE TO CIVIL SOCIETY ORGANIZATIONS AND POLITICAL PARTIES OF INDIA

    108 shares
    Share 43 Tweet 27
  • বিহাৰৰ ঘটনাই ভাৰতৰ ৰাজনীতিত কিমান প্ৰভাৱ পেলায়!

    9 shares
    Share 4 Tweet 2
  • ১০ আগষ্টঃ কেইটামান খবৰ

    8 shares
    Share 3 Tweet 2
  • 6 Simple Self-Care Hacks For Women

    7 shares
    Share 3 Tweet 2
  • নীতিশ কুমাৰৰ পদত্যাগ আৰু বিজেপিৰ সঙ্গত্যাগঃ বিহাৰত ৰাজনীতি উত্তপ্ত

    12 shares
    Share 5 Tweet 3
  • Statement on Arrest of VOA Freelance Journalist in Juba, South Sudan

    6 shares
    Share 2 Tweet 2
  • Politics Around Population Explosion In INDIA

    6 shares
    Share 2 Tweet 2
  • ৯ আগষ্টঃ কেইটামান খবৰ

    9 shares
    Share 4 Tweet 2
  • Ukraine: Evil cannot win

    87 shares
    Share 35 Tweet 22
  • ১১ আগষ্টঃ কেইটামান খবৰ

    5 shares
    Share 2 Tweet 1
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: